লিখনি আৰু নগৰীয়া জীৱন | অধ্যায় ২ | Lesson 2 | Class 11 History Question Answer Assam | HS 1st Year History Solution | উচ্চতৰ মাধ্যমিক বুৰঞ্জী  ড° অজিত কুমাৰ দত্ত | Higher Secondary First Year History Notes


অধ্যায় ২ 

 লিখনি আৰু নগৰীয়া জীৱন 


অতি চমু প্ৰশ্নঃ 


ক) মেছোপটেমীয়া মানে কি ?

উত্তৰঃ মেছোপটেমীয়া মানে হল নদীৰ মাজৰ ঠাই । 



খ) মেছোপটেমীয়াত কিমান খ্ৰীঃৰ পৰা কিমান খ্ৰীঃৰ ভিতৰত কৃষিকাৰ্য আৰম্ভ হৈছিল ।

উত্তৰঃ ৭,০০০ -৬,০০০ খ্ৰীঃপূৰ্বৰ ভিতৰত কৃষিকাৰ্য আৰম্ভ হৈছিল ।



গ) মেছোপটেমীয়াসকলৰ প্ৰথম ভাষা কি আছিল ।

উত্তৰঃ মেছোপটেমীয়াসকলৰ প্ৰথম ভাষা আছিল চুমাৰ্টান । 



ঘ) চুমাৰ ইটাৰে নিৰ্মিত নগৰৰ দেশ বুলি কাক উল্লেখ কৰা হৈছে ।

উত্তৰঃ  মেেছোপটেমীয়াক চুমাৰ ইটাৰে নিৰ্মিত নগৰৰ দেশ বুলি উল্লেখ কৰা হৈছে । 



ঙ) কিমান খ্ৰীঃত আলেকজেণ্ডাৰে বেবিলন আক্ৰমণ কৰিছিল ।

উত্তৰঃ ৩৩১ খ্ৰীঃপূঃত আলেকজেণ্ডাৰে বেবিলন আক্ৰমণ কৰিছিল ।



চ)  ৱাৰ্খা শিৰ মূৰ্ত্তিটো কিমান খ্ৰীঃৰ আগতে উৰোকত বগা মাৰ্বলত খোদিত কৰা হৈছিল ।

উত্তৰঃ ৩০০০ খ্ৰীঃপূৰ্বৰ আগতে বাৰ্খা শিৰ মূৰ্ত্তিটো উৰোকত বগা মাৰ্বলেৰে খোদিত কৰা হৈছিল ।



ছ) গিলগামেছ কোন আছিল ।

উত্তৰঃ গিলগামেছ আছিলএজন জনজাতীয় যোদ্ধা ।



জ) কিমান খ্ৰীঃত ইৰাণৰ অকামেনিদসকলে বেবিলন ৰাজ্য জয় কৰিছিল ।

উত্তৰঃ ৫৩৯ খ্ৰীঃপূৰ্বত ইৰাণৰ অকামেনিদসকলে বেবিলন ৰাজ্য জয় কৰিছিল । 



ঝ) নেবুপুলাছ কোন আছিল ।

উত্তৰঃ  দক্ষিণৰ জলাহ অঞ্চলৰ এজন মানুহ আছিল ।



ঞ) কিমান খ্ৰীঃপূঃত কিউনিফৰ্ম লিপি লিখাৰ আৰম্ভ হৈছিল ।

উত্তৰঃ  প্ৰায় ২৬০০ খ্ৰীঃপূঃত কিউনিফৰ্ম লিপি লিখাৰ আৰম্ভ হৈছিল । 



চমু প্ৰশ্ন লিখা ঃ 


১। কিমান খ্ৰীঃপূঃত আক্কাদীয় ভাষাৰ প্ৰচলন হৈছিল ।

উত্তৰঃ ২৪০০ খ্ৰীঃপূৰ্বত আক্কাদীয় ভাষাৰ প্ৰচলন হৈছিল ।



২। দুখন লিপিৰ নাম লিখা ।

উত্তৰঃ দুখন লিপিৰ নাম হল 

ক) খাৰোষ্ঠী লিপি ।

খ) কিউনিফৰ্ম লিপি ।


৩। মেছোপটেমীয়া কোন দুখন নদীৰ মাজত অনুষ্ঠিত ।

উত্তৰঃ মেছোপটেমীয়া ইউফ্ৰেটিছ আৰু টাইগ্ৰীছ নদীৰ মাজত অৱস্থিত । 



৪। মেছোপটেমীয়াৰ দুখন নদীৰ নাম লিখা ।

উত্তৰঃ  মেছোপটেমীয়াৰ দুখন নদীৰ নাম হল 

ক) ইউফ্ৰেটিছ নদী ।

খ) টাইগ্ৰীছ নদী । 


৫। কিমান খ্ৰীঃপূঃত এছিৰীয়ান ৰাজ্য স্থাপন কৰা হৈছিল ।

উত্তৰঃ ১১০০ খ্ৰীঃপূঃত এছিৰীয়ান ৰাজ্য স্থাপন কৰা হৈছিল । 



চমুটোকা লিখা 


ক) লিপিৰ ব্যৱহাৰ 

উত্তৰঃ উৰোকৰ পেৰথম শাসকসকলৰ এজন এনমাৰ্কাৰৰ বিষয়ে লিখা এটা দীঘল মহাকাব্যিক চুমেৰীয় কবিতাত নগৰীয়া জীৱন বাণিজ্য আৰু লেখকৰ মাজৰ সম্পৰ্কৰ কথা উল্লেখ আছে । মেছোপটেমীয়া ঐতিহ্যমতে উৰোক এখন অতি উত্তম নগৰ আছিল আৰু মহানগৰ বুলিয়ে ই জনাজাত আছিল ।

এনমাৰ্কাৰ চুমেৰৰ প্ৰাৰম্ভিক বাণিজ্যিক সংগঠনৰ লগত জড়িত আছিল । মহাকাব্যখনত লিখা আছে যে অতীতত বাণিজ্য কৰা হোৱা নাছিল ।  এনমাৰ্কাৰে নগৰত এক মন্দিৰ সজাবলৈ নীলাম পাথৰ আৰু মূল্যৱান ধাতু বিচাৰি দূৰৈৰ আৰাট্টা ৰাজ্যলৈ দূত পঠাইছিল । কিন্তু দূতে আৰাৰ শাসকক লগ নাপালে । ইফালে উৰোকৰ ৰজাই নীলম পাথৰ আৰু ৰূপ লাভৰ বাবে তেওঁক ভয় দেখুৱালে । অঙ্গীকাৰ কৰিও দূত বিফল হল, খালী হাতে তেওঁ ঘুৰি আহিব লগা হল । শেষত, দূতজন ইমানেই বিমৰ্ষ হৈ পৰিল যে তেোঁ নিজৰ কথা ভালদৰে ব্যক্ত কৰিব নোৱাৰা হল , এনমাৰ্কাৰ বাৰ্তাকে খেলিমেলি কৰিলে । তেতিয়া ৰজা এনমাৰ্কাৰে নিজহাতে বোকামাটি লৈ ফলি বনাই তাত কথাবোৰ লিখিলে । সেই সময়ত মাটিত আখৰ লিখাৰ অভ্যাস নাছিল । যেতিয়া লিখিত ফলি আৰাট্টীৰ ৰজাক দূতে দিয়ে, তেওঁ তেতিয়া তাক ভালদৰে পৰীক্ষা কৰিলে আৰু দেখিলে তাত কিছুমান গজালহে পোতা আছে । 


খ) নগৰীয়া জীৱন 

উত্তৰঃ  আমি দেখিলো যে এটি শাসক -মুখিয়াল শ্ৰেণীৰ আৱিৰ্ভাৱ হৈছিল ঃ কম সংখ্যক মানুহৰ হাতত অধিকাংশ সম্পদ আছিল । উৰত কোনো কোনো ৰজা আৰু ৰাণীৰ লগতে সমাধিস্থ কৰা অধিক পৰিমাণৰ  মূল্যৱান সা-সম্পদ আৱিস্কাৰে  এই কথা স্পষ্টভাৱে প্ৰমাণ কৰে । কিন্তু সাধাৰণ মানুহৰ অৱস্থা কেনে আছিল । যদিও বিবাহিত পুত্ৰ আৰু তেওঁৰ পৰিয়াল প্ৰায়ে পিতৃ-মাতৃৰ লগত থাকিব পাৰে, আমি জনাত আইনমতে মেছোপটেমীয়া সমাজত  পৰিয়ালৰ ক্ষুদ্ৰতম গোটটো বা আদৰ্শ পৰিয়ালটো এহাল পতি-পত্নী আৰু তেওঁলোকৰ সন্তানেৰে গঠিত হৈছিল ।  পিতৃজনেই এই পৰিয়ালৰ মুৰব্বী । বিবাহ প্ৰক্ৰিয়াৰ বিষয়ে বিশেষ জনা নাযায় । বিয়াৰ প্ৰস্তাৱ দিয়া হয় আৰু কন্যাৰে পিত-মাতৃয়ে ইয়াত সন্মতি জনায় । ইয়াৰ পিছত দৰাৰ ফালৰ মানুহে কন্যাৰ পক্ষক উপহাৰ প্ৰদান কৰে । বিয়াত দুয়ো পক্ষই এটা মন্দিৰত সমবেত হৈ দেৱতালৈ দ্ৰব্য অৰ্পণ কৰে । নিজৰ মাজতো উপহাৰ বিনিময় কৰে, শাহুয়েকে বোৱাৰীক নিবলৈ আঁহোতে পিতৃয়ে কন্যাৰ উত্তৰাধিকাৰী অংশ লগত দিয়ে । পিতৃৰ গৃহ, গৰু-ম'হৰ পাল, পথাৰ আদি পুত্ৰইহে উত্তৰাধিকাৰী সূত্ৰে পায় । আৱিস্কাৰ হোৱা নগৰ বিলাকৰ ভিতৰত প্ৰাচীনতম উৰ নগৰকে চোৱা যাওক । ১৯৩০ চনত আৱিস্কৃত উৰৰ সাধাৰণ বাসভৱনবোৰ  পদ্ধতিগতভাৱে খান্দি উলিওৱা হৈছে । ৰাস্তাবোৰ অকোৱা-পকোৱা আৰু ঠেক হোৱালৈ চাই সিবিলাক থকা ঘৰলৈ গাধৰে বস্তু অনা-নিয়া কৰিবৰ বাবে ব্যৱহাৰ কৰিছিল যেন লাগে । 


গ) আখৰৰ বিকাশ 

উত্তৰঃ সকলো লোক বা সমাজৰেই একোটা ভাষা থাকে । ইয়াত উচ্চাৰণ কৰা শব্দই একোটি নিৰ্দিষ্ট অৰ্থ যেনহে লাগে । ই মৌখিক ভাৱ বিনিময় কৰিও কিছু পাৰ্থক্যও থাকে । আমি যেতিয়া হস্তলিপিৰ কথা কওং তেতিয়া উচ্চাৰিত শব্দক দৃশ্যমান চিনত প্ৰকাশ কৰা বুজোঁ ।

মেছোপটেমীয়াত প্ৰথমে পোৱা টেৱলেটবোৰ প্ৰায় ৭০০০ খ্ৰীঃপূৰ্বৰ, ইবিলাকত চিত্ৰৰ আৰু সংখ্যাৰ দৰে চিন আছিল । ষাঁড়, মাছ, ৰুটি আদিৰ প্ৰায় ৫০০০ তালিকা পোৱা গৈছে । এইবোৰ দক্ষিণ মেছোপটেমীয়াৰ উৰোক নগৰৰ মন্দিৰলৈ অনা অথবা তাৰ পৰা বিতৰণ কৰা সামগ্ৰীৰ তালিকা হব পাৰে । এইটো স্পষ্ট যে লিপিৰ আৰম্ভ হয়, যেতিয়া সমাজত আদান-প্ৰদান , অনা-নিয়া বস্তুৰ ৰেকৰ্ড ৰখাটো অতি প্ৰয়োজন হৈ পৰে । কিয়নো নগৰীয়া ব্যৱস্থাত বিভিন্ন সময়ত বিভিন্নজনৰ লগত বিভিন্ন বস্তুৰ লেনদেন কৰিব লগা হয় । মেছোপটেমীয়নসকলে কুমাৰ মাটিৰে বনোৱা ফলিত আখৰ লিখিছিল । এজন লেখকে কুমাৰ মাটি হাতেৰে চেপেটা কৰি নিজৰ এখন হাতত ধৰি ৰাখিব পৰা জোখত ফলিবোৰ বনাই সাবধানেৰে সেইবোৰ মিহি কৰে । নল-খাগৰিৰ এঢলীয়াকৈ কটা মুৰেৰে তেতিয়াও সেমেকি থকা টেবলেটৰ পিঠিত হেচা দি V আকাৰৰ চিন বহুৱায় । ৰদত শুকুৱাৰ পিছত এই টেবলেটবোৰ মাটিৰ পাত্ৰৰ নিচিনাকৈ টান হৈ পৰে । টেবলেটৰ লিখনিৰ প্ৰয়োজন শেষ হলে তাক পেলাই দিয়া হয় । 


ঘ) লেখন কলাৰ পৰম্পৰা 

উত্তৰঃ   বহুতো কাহিনী মানুহৰ মুখে-মুখে চলি আহে যদিও লিখিত পুথিৰ প্ৰয়োজন যাতে পুৰুষানুক্ৰমে পণ্ডিতসকলে সেই পুথি অধ্যয়ন কৰিব পাৰকে আৰু তাৰ ভিত্তিত নতুন নতুন উদ্ভাৱন কৰিব পাৰে । সম্ভবতঃ মেছোপটেমীয়াই বিশ্ববাসীলৈ এৰি থৈ যোৱা সৰ্বশ্ৰেষ্ঠ সম্পদ হল সময়ৰ হিচাপ আৰু গণিতৰ ঐতিহ্য ।  প্ৰায় ১৮০০ খ্ৰীঃপূঃৰ টেবলেট কিছুমানত পূৰণ-হৰণৰ কিছুমান টেবুল, বৰ্গ আৰু বৰ্গমূলৰ টেবুল আৰু চক্ৰবৃদ্ধিৰ সুত্ৰৰ টেবুল পোৱা গৈছে ।  চন্দ্ৰই পৃথিৱীক প্ৰদক্ষিণ কৰা মতে বছৰক বাৰ মাহত বিভক্ত কৰণ, ১ মাহক ৪ সপ্তাহত বিভক্তকৰণ আৰু দিনক ২৪ ঘন্টাত বিভক্তকৰণ আৰু ঘন্টাক ৬০ মিনিটত বিভক্তকৰণ ব্যৱস্থাটো মেছোপটেমীয়া বাসীৰ পৰা আহিছিল । সময়ৰ  এই বিভাজন আলেকজেণ্ডাৰৰ উত্তৰাধিকাৰীসকলে গ্ৰহণ কৰিছিল । তেওঁলোকৰ পৰা ৰোমাণ সাম্ৰাজ্য, তাৰ পৰা ইছলামী দেশসমূহলৈ আৰু তাৰোপিছত মধ্যযুগীয় ইউৰোপলৈ সম্প্ৰসাৰিত হৈছিল । যেতিয়াই সূৰ্য বা চন্দ্ৰ গ্ৰহণ দেখা যায়, তেতিয়াই এই ঘটনাবোৰ কোন বছৰ,  মাহ আৰু তিথিত কি ঘটিছিল তাক লিখি থোৱা হৈছিল । সেইদৰে ৰাতিৰ আকাশত ওলোৱা তৰা আৰু তৰাপুঞ্জৰ স্থানো ৰেকৰ্ড কৰি ৰখা হৈছিল । 

লিখনিৰ অবিহনে মেছোপটেমীয়াৰ এনে অতীত গুৰুত্বপূৰ্ণ কৃতিত্বৰ বিষয়ে জনাটো আজি সম্ভৱ নহলহেতেন । তেনেদৰে নগৰীয়া বিদ্যালয়ৰ দৰে অনুষ্ঠানৰ অভাৱ হোৱাহেতেন । ছাত্ৰই পুৰণি লিপিত পুষ্টিকা পঢ়িছিল আৰু এইবিলাকৰ কপি কৰিছিল । কিছুমান ছাত্ৰক সাধাৰণ প্ৰশাসনিক হিচাপ ৰাখোতা হিচাপে সৃষ্টি নকৰি এনে প্ৰতিভৈৱৈন ব্যক্তিৰূপে সৃষ্টি কৰিলে । তেওঁলোকে নিজৰ উপৰিপুৰুষৰ বৌদ্ধিক উপলব্ধিক অধিক আগদবঢ়াই নিব নোৱাৰিলেহেতেন । এইটো ভূল হব, যদিহে আমি ভাবো যে মেছোপটেমীয়াৰ নগৰবাসী আধুনিক জীৱনৰ লগত পৰিচিত হৈ আছিল ।  তেওঁলোকে দুই ধৰণৰ বা দুই প্ৰকাৰৰ প্ৰাৰম্ভিক ব্যৱস্থাৰে অতীতৰ লেখনি আৰু পৰম্পৰা উদ্ধাৰ আৰু সুৰক্ষিত ৰখাৰ বাবে চেষ্টা কৰিছিল । 


ঙ) মেছোপটেমীয়া আৰু ইয়াৰ ভূগোলৰ বিষয়ে লিখা ।

উত্তৰঃ ইৰাক হৈছে বিভিন্ন প্ৰাকৃতিক পৰিৱেশৰ দেশ । উত্তৰ-পূৱত ডৌ-খেলোৱা সেউজীয়া সমভূমি । ক্ৰমান্বয়ে ই গছ-গছনি , জান-জুৰিৰে ভৰা পৰ্বতমালাৰ লগ হৈ আছে । শস্যৰ বাবে পেৰয়োজনীয় বৰষুণ ইয়াত যথেষ্ট পৰিমাণে হয় । ইয়াত ৭,০০০-৬,০০০ খ্ৰীঃপূৰ্বৰ ভিচতৰত কৃষিকাৰ্য আৰম্ভ হৈছিল । উত্তৰত ষ্টেপ উচ্চভূমি-ইয়াত কৃষিতকৈ পশুপালনৰ অধিক সুবিধাজনক । শীতকালীন বৰষুণৰ পিছত গজিবলৈ ধৰা ছুটি-ছুটি জোপোহা ঘাঁহবোৰত ভেড়া আৰু ছাগলীবোৰে চৰিবলৈ সুবিধা হয় । পূবলৈ টাইগ্ৰীছ নদীৰ উপনৈবোৰে ইৰাণৰ পাহাৰলৈকে যাতায়তৰ সুবিধা কৰি দিয়ে । দক্ষিণে আকৌ মৰুভূমি ---- ইয়াতেই প্ৰথম মহানগৰ আৰু লিখনিৰ আবিভাৰ্ব হয় । এই মৰুভূমিয়ো নগৰসমূহ গঢ়ি উঠাত সহায় কৰিছিল । কাৰণ, ইউফ্ৰেটিছ আৰু টাইগ্ৰীচ নদীয়ে পৰ্বতৰ পৰা সাৰুৱা বোকা কঢ়িয়াই আনে- বানপানীীত এইবোৰে উটি আহি  সমভূমি অঞ্চল ভৰাই দিয়ে । 

ইউফ্ৰেটিছ নদীৰ পানী সৰু সৰু নলাৰে মৰুভূমিলৈ সোমায় । বানপানীৰ সময়ত ইবিলাকে কাষৰীয়া অঞ্চল বুৰাই পেলায় আৰু অতীতত এনেদৰে প্ৰাকৃতিকভাৱে  জলসিঞ্চনৰ ব্যৱস্থা কৰিছিল ।  নলাবিলাকৰ পৰা প্ৰয়োজন অনুসৰি যৱ,বাৰ্লি, মটৰমাহ বা মচুৰমাহৰ পথাৰলৈ পানী নিব পৰা হৈছিল । ৰোমান সাম্ৰাজ্যৰ দৰে সকলো প্ৰাচীন ব্যৱস্থাৱলীৰ ভিতৰত দক্ষিণ মেছোপটেমীয়াত সৰ্বাধিক খাদ্য-শস্য কৰা হৈছিল । কৃষিয়েই নহয়, ষ্টেপ অঞ্চল, উত্তৰ-পূৱ সমভূমি অঞ্চল আৰু পৰ্বতৰ হেলনীয়া গাত চৰিবলৈ পোৱা ভেড়া, আৰু ছাগলীৰ মঙহ, গাখীৰ আৰু ঊল পৰ্যাপ্ত পৰিমাণে পোৱা গৈছিল ।  সিফালে নদীত মাছ আৰু গ্ৰীস্মকালত খাজুৰী উভৈনদী হৈছিল । আমি এইটো জানিব লাগিব যে কেৱল গ্ৰামীণ বিকাশেহে নগৰ সৃষ্টি কৰে । 

Important Question 

১) কিমান দশকত মেছোপটেমীয়াত পুৰাতাত্ত্বিক গৱেষণা আৰম্ভ হয় ।

উত্তৰঃ ১৯৪০ৰ দশকত মেছোপটেমীয়াত পুৰাতাত্ত্বিক গৱেষণা আৰম্ভ হয় । 


২) নগৰীয়া জীৱনৰ এটা বৈশিষ্ট্য লিখা ।

উত্তৰঃ নগৰীয়া জীৱনৰ এটা বৈশিষ্ট্য হল শ্ৰমৰ বিভাজন ।


৩) মেছোপটেমীয়াৰ এখন অতি উত্তম মহানগৰৰ বিষয়ে লিখা ।

উত্তৰঃ মেছোপটেমীয়াৰ এখন অতি উত্তম মহানগৰৰৰ নাম হল উৰোক নগৰ ।


৪) গিলগামেছে শাসন কৰা মহানগৰখনৰ নাম কি ।

উত্তৰঃ গিলগামেছে শাসন কৰা নহানগৰখনৰ নাম হল উৰোক । 


৫) বেবিলনৰ শেষৰজন ৰজাৰ নাম কি ।

উত্তৰঃ বেবিলনৰ শেষৰজন ৰজাৰ নাম হল নেব'নিদাচ । 


৬) গিলগামেছে লিখা মহাকাব্যখনৰ নাম কি ।

উত্তৰঃ গিলগামেছে লিখা মহাকাব্যখনৰ নাম হল গিলগামেছ মহাকাব্য ।


৭) এছিৰীয়ানসকলৰ শেষৰজন ৰজাৰ নাম কি আছিল ।

উত্তৰঃ এছিৰীয়ানসকলৰ শেষৰজন ৰজাৰ নাম হল অছবৰ্নিপাল ।


৮) এছিৰীয়ান সাম্ৰাজ্যৰ ৰাজধানীৰ নাম কি আছিল ।

উত্তৰঃ এছিৰীয়ান সাম্ৰাজ্যৰ ৰাজধানীৰ নাম হল নিনেৱেহ ।


৯) কিমান খ্ৰীঃপূঃত ইৰাণৰ অকামেনিদসকলে বেবিলন জয় কৰিছিল । 

উত্তৰঃ ৫৩৯ খ্ৰীঃপূ)ত ইৰাণৰ অকামেনিদসকলে বেবিলন জয় কৰিছিল ।


১০) কিমান খ্ৰীঃপূঃত মেছোপটেমীয়াত কৃষিকাৰ্যৰ আৰম্ভণি হৈছিল । 

উত্তৰঃ প্ৰায় ৭০০০-৬০০০ বছৰ পূৰ্বে মেছোপটেমীয়াত কৃষিকাৰ্যৰ আৰম্ভণি হৈছিল । 


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)








Answer type  Ali rani Kakati