Chapter: 14

মহাত্মা গান্ধী আৰু জাতীয় আন্দোলন 

(Mahatma Gandhi and National Movement)

প্ৰশ্নাৱলী

◻️ ১০০-১৫০টা শব্দৰ ভিতৰত উত্তৰ লিখাঃ

১। কিয় গান্ধীজীয়ে দক্ষিণ আফ্রিকাৰ পৰা আহি ভাৰতীয় জনসাধাৰণৰ লগত নিজকে জড়িত কৰিছিল?

উত্তৰঃ গান্ধীজীৰ ভাৰতৰ স্বাধীনতা সংগ্ৰামত ভাগলোৱা সকলো নেতাতকৈ সৰ্বাধীক প্ৰভাৱশালী আৰু সন্মানিত ব্য়ক্তি আছিল। ভাৰতীয় সমাজৰ বিভিন্ন জনগোষ্ঠীৰ লগত তেওঁ সম্পৰ্ক আছিল। গান্ধীয়ে ১৯১৫ চনত দুই দসক কাল তেওঁ বাহিৰত অধ্য়য়ন আৰু কৰ্ম ক্ষেত্ৰত ব্য়স্ত থাকি স্বদেশলৈ ঘূৰি আহিছিল। তেওঁ বিদেশত থকা সময়খিনিত  দক্ষিণ আফ্ৰিকাতে থাকি সেই ঠাইতে উকীল হিচাপে কাৰ্য নিৰ্বাহ কৰিছিল। ইয়াৰ উপৰিও তেওঁ ভাৰতীয় সকলো নেতৃত্ব বহন কৰিছিল। তেওঁক দক্ষিণ আফ্ৰিকাত 'মহাত্মা' বুলি কৈছিল।কাৰণ তেওঁ সেই ঠাইতে 'সত্য়াগ্ৰহ' নামৰ বৈশিষ্ট্য়পূৰ্ণ অহিংস আন্দোলনৰ কৌশল প্ৰয়োগ কৰিছিল। 

    গান্ধীৰ ২২ বছৰৰ মূৰত ভাৰতলৈ ঘূৰি আহিছিল। তেওঁ ভাৰতলৈ অহাৰ পিছত দেশত বহুতো পৰিৱৰ্তন দেখা পাইছিল। ১৯০৫-০৭ স্বদেশী আন্দোলনৰ পিছত শিক্ষিত মধ্য়বিত্ত শ্ৰেণীৰ মাজত তেওঁ থিতাপি লৈছিল। ইয়াৰ মাজৰে পৰা তিনিজন নেতা ওলাই আহিছিল। তেওঁলোক আছিলবঙ্গৰ বিপিন চন্দ্ৰ পাল, বাল গঙ্গাধৰ তিলক আৰু লাজপট ৰায়।  লাল-বাল-পাল নামে খ্য়াত তেওঁলোকক ত্ৰিমূৰ্ত্তি বুলিও কোৱা হয়। তেওঁলোকে ঔপনিবেশিক শাসনৰ বিৰুদ্ধে উগ্ৰ আন্দোলন সমৰ্থন কৰিছিল। আন এটা দলে অতি সহজতে আবেদন নিবেদনৰ জৰিয়তে ভাৰতৰ ৰাজনৈতিক সমস্য়া সমাধান হোৱাটো বিচাৰিছিল। তেওঁলোকৰ ভিতৰত আছিল গান্ধীজীৰ ৰাজনৈতিক পৰামৰ্শদাতা মহম্মদ আলি জিন্না আৰু গোপালকৃষ্ণ গোখল। মহম্মদ আলি জিন্না আছিল গান্ধীজাৰ দৰে লণ্ডনত প্ৰশিক্ষিত গুজৰাটৰ উকীল। গান্ধীয়ে বেনাৰস হিন্দু বিশ্ববিদ্য়ালয়ত দিয়া মূল কথাবোৰ হৈছে- ভাৰতীয় জাতিয়তাবাদ কেৱল ভাৰতৰ উকীল, চিকিৎক আৰু ভূ-স্বামীৰ সৃষ্টি আছিল। এই জাতিয়তাবাদৰ ধ্বজা কঢ়িয়াব লাগিব সকলো ভাৰতীয় লোকে।    

২। খেদা আৰু চাম্পাৰণৰ কৃষক-শ্রমিকৰ সমস্যা গান্ধীজীয়ে কেনেকৈ সমাধা কৰিছিল?

উত্তৰঃ খেদা আৰু চাম্পাৰণৰ কৃষক-শ্ৰমিকৰ সমস্য়া গান্ধীজীয়ে কেনেদৰে সমাধান কৰিছিল ইয়াৰ বিষয়ে তলত আলোচনা কৰা হ'ল

    ভাৰতীয় জাতীয়তাবাদ কেৱল ভাৰতৰ উচ্চ মধ্য়বিত্তৰ যেনে- উকীল, চিকিৎসক আৰু ভূ-স্বামীৰ সৃষ্টি। এই বোৰ সকলো ভাৰতীয় লোকে কঢ়িয়াব লগা হৈছিল। সেই সভাৰ আন এক গুৰুত্ব হ'ল গান্ধীজীৰ প্ৰতি কৃষকৰ আকৰ্ষণ। ১৯১৬ চনত ডিচেম্বৰ মাহত লক্ষ্মৌত বহা কংগ্ৰেছ অধিবেশনত গান্ধীজীক বিহাৰৰ চাম্পাৰণ জিলাৰ এজন কৃষকে তেওঁলোকৰ বিষয়ে কৈছিল, যে কেনেদৰে তাৰ বৃটিছ নীল খেতিয়কে তেওঁৰ খেতিত কাম কৰা কৃষকক শোষণ কৰিছিল। 

    ১৯১৭ চনত গান্ধীজীয়ে বেছিভাগ সময় চাম্পাৰণৰ খেতিয়ক সকলৰ স্বাৰ্থ সুৰক্ষাৰ অৰ্থে কটাইছিল। গান্ধীয়ে পিছৰ বছৰত তেওঁ নিজ ৰাজ্য় গুজৰাটৰ আহমেদাবাদত শ্ৰমিকসকলে কাম কৰিব বাবে এটা কাপোৰৰ মিল সুষ্ঠ পৰিৱেশে দাবী কৰিছিল। ইয়াৰ পিছতে খেতি ভাল নোহোৱা খেদাৰ কৃষকসকলক খাজনা ৰেহাই দিব বাবে গান্ধীয়ে ৰাজ্য় চৰকাৰক আহবান জনায়। এনেদৰে তেওঁ আহমেদাবাদ খেদা আৰু চাম্পাৰণত লোৱা পদক্ষেপত তেওঁ দৰিদ্ৰজনৰ ত্ৰানকৰ্তা জাতীয়তাবাদী নেতা হিচাপে চিহ্নিত কৰা হয়। এনেধৰণৰ কাম কৰিয়ে গান্ধীজীয়ে খেদা আৰু চাম্পাৰণৰ কৃষক-শ্ৰমিকৰ সমস্য়া সমাধানত সহায় কৰিছিল। 

৩। অসহযােগ আন্দোলন কিয় কৰিব লগা হৈছিল?

উত্তৰঃ ১৯১৯ চনত খিলাফট কনফাৰেঞ্চলৈ গান্ধীক নিমন্ত্ৰন কৰিছিল। গান্ধীয়ে আশা কৰিছিল যে হিন্দু আৰু মুছলমান ভাৰতীয় এই দুই প্ৰধান ধৰ্মীয় সম্প্ৰদায়ৰ মাজত ঐক্য় সম্প্ৰীতি প্ৰতিষ্ঠা কৰি ঔপনিৱেশিক শাসনৰ ওৰ পেলাব পাৰিব। ১৯২০ চনৰ ১ আগষ্টত আনুষ্ঠানিকভাৱে অসহযোগ আন্দোলন আৰম্ভ কৰা হৈছিল। আন্দোলনৰ আগতে গান্ধীজীয়ে চৰকাৰক অৱগত কৰি লৈছিল যে আগৰে পৰা অপশাসন কৰা শাসকক জনসাধাৰণে বৰ্জন কৰি আহিছে। আন্দোলনৰ কাৰ্য্য়সূচীমতে সকলো চৰকাৰী পদ আৰু উপাধি, বৃটিছ চৰকাৰে পতা চৰকাৰী বিদ্য়ালয়, সভা-সমিতি, স্বদেশী বস্তু ব্য়ৱহাৰ কৰিব লাগে, লগতে সমগ্ৰ দেশতে অহিংসা নীতি গ্ৰহণ কৰিব লাগে। গান্ধীজীৰ পৰামৰ্শ মতে কংগ্ৰেছৰ সাংগঠনিক সংস্কাৰ অনা হৈছিল। ইয়াক অধিক গণভিত্তিক কৰিবৰ বাবে গাঁও গঠন কৰা হ'ল। দুখীয়া লোকসকল সদস্য় হ'ব পৰাকৈ ভৰ্ত্তি মাচুল হ্ৰাস কৰা হ'ল। 

    অসহযোগ আন্দোলনটো আৰম্ভ কৰোতে চৰকাৰে আন্দোলনকাৰী ওপৰত কঠোৰ হোৱা নাছিল। কাৰণ চৰকাৰে ভাৱিছিল যে তেনে কৰিলে আন্দোলনটোৱে অধিক গুৰুত্ব পাব। তেওঁলোকে ডিচেম্বৰলৈ গম পাইছিল যে আন্দোলনটো অধিক তীৱতৰ হৈছে। সেইবাবে আন্দোলনকাৰী স্বেচ্ছাসেৱক বাহিনীক বে আইনী ঘোষণা কৰি তাৰ সদস্য়সকলক আটক কৰা ব্য়ৱস্থা কৰিলে। তেওঁলোকক ১৯২২ চনৰ ফেব্ৰুৱাৰী মাহত আটক কৰা হ'ল। 

৪। অসহযােগ আন্দোলনৰ গুৰুত্ব ব্যাখ্যা কৰা।

উত্তৰঃ অসহযোগ আন্দোলনৰ গুৰুত্বঃ ১৯১৭ চনত গান্ধীজীয়ে বেছিভাগ সময় চাম্পাৰণৰ খেতিয়ক সকলৰ স্বাৰ্থ সুৰক্ষাৰ অৰ্থে কটাইছিল। গান্ধীয়ে পিছৰ বছৰত তেওঁ নিজ ৰাজ্য় গুজৰাটৰ আহমেদাবাদত শ্ৰমিকসকলে কাম কৰিব বাবে এটা কাপোৰৰ মিল সুষ্ঠ পৰিৱেশে দাবী কৰিছিল। ইয়াৰ পিছতে খেতি ভাল নোহোৱা খেদাৰ কৃষকসকলক খাজনা ৰেহাই দিব বাবে গান্ধীয়ে ৰাজ্য় চৰকাৰক আহবান জনায়। এনেদৰে তেওঁ আহমেদাবাদ খেদা আৰু চাম্পাৰণত লোৱা পদক্ষেপত তেওঁ দৰিদ্ৰজনৰ ত্ৰানকৰ্তা জাতীয়তাবাদী নেতা হিচাপে চিহ্নিত কৰা হয়। এনেধৰণৰ কাম কৰিয়ে গান্ধীজীয়ে খেদা আৰু চাম্পাৰণৰ কৃষক-শ্ৰমিকৰ সমস্য়া সমাধানত সহায় কৰিছিল। 

    ১৯১৪-১৮ চনৰ প্ৰথম বিশ্ব যুদ্ধ সময়ত বৃটিছ চৰকাৰে প্ৰেছ চেঞ্চৰ আৰু সন্দেহৰ ভিত্তিত যি কোনো লোককে আটক কৰা চেষ্টা কৰিছিল, চাৰ চিদনী ৰাইলাটৰ নেতৃত্বত গঠন হোৱা এখন সমিতিৰ পৰাৰ্মশত কঠোৰ ব্য়ৱস্থায়লী বাহাল ৰখাকে ৰাউলাট আইন বোলে। গান্ধীজীয়ে ইংৰাজসকলক এটা সভ্য় জাতি বুলি বিশ্বাস কৰিছিল। হৰতালৰ প্ৰভাৱ বিশেষকৈ পঞ্জাবত বেছিকৈ পৰিছিল। ইয়াৰ কাৰণ ড° চাইফুদ্দিন কিছলোৱে পঞ্জাৱৰ যুৱকসকলক একত্ৰিত কৰিছিল। আৰু তেওঁক সহযোগ কৰি গৈছিল ড° সত্য়পালে। হৰতালৰ সময়ত ইয়াত বহুতো ইংৰাজক হত্য়া কৰা হৈছিল।  

৫। আইন অমান্য আন্দোলনৰ স্বৰূপ কি? গান্ধীজীয়ে কিয় এই আন্দোলন কৰিছিল?

উত্তৰঃ আইন অমান্য় আন্দোলন অতি গুৰুতপূৰ্ণ আছিল। এই আন্দোলনৰ যোগে ভাৰতীয় সমস্য়া প্ৰতি বিশ্ববাসীক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল ভাৰতীয় জাতীয়ত্ব লাভৰ বাবে চিহ্নিত। এই আইনত প্ৰথম বাৰৰ বাবে বহুতো মহিলাই যুগ দিছিল। 

   গান্ধীজীয়ে আইন অমান্য় আন্দোলন কৰিছিল। অসহযোগ আন্দোলনৰ পিছত চৰকাৰে ভাৰতৰ সমস্য়াবোৰ সমাধানৰ পথ উলিয়াবৰ বাবে চাইমন কমিচনত নিযুক্তি দিছিল। কিন্তু ভাৰতীয়সকলৰ সপক্ষে নোযোৱাত কমিচনক বৰ্জন কৰা হয়। চৰকাৰে স্বায়ত্ত শাসনৰ বাবেও পৰামৰ্শ গ্ৰহণ কৰা নাছিল। ইয়াৰ বাবে লাহোৰ কংগ্ৰেছে চৰকাৰৰ ওপৰত পূৰ্ণ স্বৰাজ দাবী কৰিছিল। এই সমূহ দাবী মানি নোলোৱাত গান্ধীজীয়ে পূৰ্বতে উল্লেখ কৰা দৰে আইন অমান্য় আন্দোলন পূৰ্ব দৰে আৰম্ভ কৰিছিল। এই আন্দোলনৰ কৰ্মীসকলে শান্তিপূৰ্ণ অহিংস উপায়ে কংগ্ৰেছৰ কৰ্মীসকলে স্বৰাজ পালন কৰিব আৰু শাস্তি ল'বলৈ সাজু থাকিব। ১৯৩০ চনৰ ২৬ জানুৱাৰীত স্বাধীনতা দিৱস পালন কৰা হয়। সেই দিনটোত জাতীয় পতাকা উত্তোলন কৰা হয়। ইয়াত অংশগ্ৰহণ কৰা লোকসকলে পতিজ্ঞা কৰিছিল যে সকলোৱে নিজৰ পৰিশ্ৰমৰ উচিত মূল্য় পাব লাগে আৰু স্বাধীনতা সকলো ব্য়ক্তিৰ জন্ম স্বত্ব। 

    আইন অমান্য় আন্দোলনৰ কালত লোণ আইনৰ উপৰিও বন আইনো ভঙ্গ কৰা হৈছিল। চৰকাৰে লোণৰ দৰে বনগাঁওবোৰৰ ৰাইজক পৰম্পৰাগতভাৱে হাবিত গৰু-ম'হ ৰাখিবলৈ সুবিধা পৰা বঞ্চিত কৰিছিল। কাৰখানা শ্ৰমিকে কৰ্মবিৰতি পালন কৰিছিল। ছাত্ৰই চৰকাৰী শিক্ষানুষ্ঠান ত্য়াগ কৰি আন্দোলনক কৃতকাৰ্য কৰিছিল আৰু উকীলে ওকালতি কৰিবলৈ বাদ দিছিল। তেওঁলোকে এইবোৰ কৰাত চৰকাৰে তেওঁলোকক আটক কৰি আন্দোলন বন্ধ কৰিবলৈ যত্ন কৰিছিল। সেই আন্দোলনত গান্ধীজীকে ধৰি ৬,০০০ লোকক আটক কৰা হৈছিল। অসমত লোণ আইন ভঙ্গ কৰিবলৈ সাগৰীয় উপকূল নাছিল। অসমৰ শিক্ষাধিকাৰ কানিংহামৰ বাধা নিষেধ কৰি ছাত্ৰসকলে আন্দোলনত যোগ দিছিল। এইসমূহৰ বাবে অসমৰো কিছুমান প্ৰধান নেতাক আটক কৰিছিল। এনেবোৰ কাৰণতে গান্ধীজীয়ে আন্দোলন কৰিছিল। 

৬। দাণ্ডী যাত্ৰাৰ তাৎপৰ্য ব্যাখ্যা কৰা।

উত্তৰঃ স্বাধীনতা দিৱস পালন কৰা পিছত গান্ধীজীয়ে চৰকাৰৰ লোণ আইন ভঙ্গ কৰিছিল। এই আইনে চৰকাৰক ভাৰতীয়সকলৰ অতি প্ৰয়োজনীয় লোণ তৈয়াৰ আৰু বিক্ৰী কৰাত একচেতীয়া স্বত্ব দিছিল। মানুহে নিজে অতি সহজতে লোণ তৈয়াৰ কৰিব পাৰে। চৰকাৰে ইয়াক নিজৰ নিয়ন্ত্ৰণত ৰাখি অধিক দামত বিক্ৰী কৰিছিল। সেইবোৰত দাম কম পালে বা লাভ কম হ'লে সেইবোৰ নষ্ট কৰি দিছিল। উপকূল অঞ্চলৰ স্থানীয় ৰাইজে নিজৰ ব্য়ৱহাৰ কাৰণে লোণ সংগ্ৰহ কৰাৰ কথা জানিব পাৰিলে চৰকাৰী বিষয়াই সেইবোৰ নষ্ট কৰি দিছিল। এনেদৰে মানুহৰ মূখৰ পৰা প্ৰাকৃতিক সম্পদ কাঢ়ি আনি দেশৰ ধনেৰে সেইবোৰ নষ্ট কৰিছিল। ইয়াৰ ফলত লোণকেন্দ্ৰীক গ্ৰাম্য় উদ্য়োগ্য় ধ্বংস কৰি সেইবোৰ উদ্য়োগৰ লগত জড়িত গাওঁবাসীক মৃত্য়ুৰ মূখলৈ ঠেলি দিছিল। চৰকাৰে ইয়াৰ গুৰুত্ব ভালকৈ অনুধাৱন কৰিব পৰা নাছিল। গান্ধীজীয়ে এইবোৰ বিষয়ে আগতীয়াকৈ জনোৱা পিছতো চৰকাৰে কোনো ধৰণৰ তৎপৰতা দেখুৱা নাছিল।   

    আইন অমান্য় আন্দোলনৰ কালত লোণ আইনৰ উপৰিও বন আইনো ভঙ্গ কৰা হৈছিল। চৰকাৰে লোণৰ দৰে বনগাঁওবোৰৰ ৰাইজক পৰম্পৰাগতভাৱে হাবিত গৰু-ম'হ বিচৰণৰ সুবিধাৰ পৰা বঞ্চিত কৰে। শ্ৰমিকে কৰ্মবিৰতি পালন কৰি, ছাত্ৰই চৰকাৰী শিক্ষানুষ্ঠান ত্য়াগ কৰি আন্দোলনক কৃতকাৰ্য্য় কৰিছিল আৰু কাৰখানাৰ শ্ৰমিকে কৰ্মবিৰতি পালন কৰিছিল। এই আন্দোলনত  গান্ধীজীকে ধৰি প্ৰায় ৬,০০০ লোকক আটক কৰিছিল। অসমত লোণ আইন ভঙ্গ কৰিবলৈ সাগৰীয়া উপকূল নাছিল। অসমৰো বহুতো নেতাক আটক কৰিছিল। 

৭। ভাৰত ত্যাগ আন্দোলন গান্ধীজীয়ে কিয় কৰিব লগা হৈছিল?

উত্তৰঃ গান্ধীজীয়ে যুক্তি আগবঢ়াইছিল যে ইংৰাজ শত্ৰু হোৱা বাবে জাপানে বৃটিছ উপনিৱেশ ভাৰত আক্ৰমণ কৰিছিল। গতিকে তেওঁলোকে ভাৰত ত্য়াগ কৰিলে জাপানৰ ভাৰত আক্ৰমণৰ কাৰণ নাইকিয়া হ'ব। ১৯৪২ চনৰ ৮ আগষ্টত বম্বেত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভা অনুষ্ঠিত কৰি বিখ্য়াত ভাৰত ত্য়াগ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। ইয়াৰ বাবে চৰকাৰী চাকৰীয়ালে মুকলিকৈ কংগ্ৰেছৰ প্ৰতি আনুগত্য় প্ৰদৰ্শন কৰিব, ছাত্ৰসকলে প্ৰয়োজন হ'লে স্বাধীনতা যুদ্ধত জঁপিয়াই পৰিব লাগিব, প্ৰস্তাৱ গ্ৰহণৰ লগে লগে আন্দোলন অংকুৰতে বিনষ্ট কৰিবৰ বাবে চৰকাৰে গান্ধী প্ৰমুখ্য়ে সকলো কংগ্ৰেছী নেতাক আটক কৰে। কিন্তু চৰকাৰৰ ধাৰণা ভূল প্ৰমাণিত হ'ল। নেতাসকলক বন্দী কৰিলে। চৰকাৰে কঠোৰ হাতেৰে বিদ্ৰোহ দমন কৰিলে। গোলাঘাটত কোশল কোঁৱৰক ৰেল বগৰোৱা অভিযোগত যোৰহাট জেলত ফাঁচী দিছিল। কোশল কোঁৱৰেই প্ৰথম ভাৰতীয় লোক আছিল যিয়ে ভাৰত ত্য়াগ আন্দোলনত ফাঁচী কাঠত ওলমিব লগা হৈছিল। 

    ছাত্ৰ-ছাত্ৰীয়ে স্কুল কলেজ এৰি আন্দোলনত অংশগ্ৰহণ কৰিছিল। সেই বাবে জেললৈ যাব লগা হৈছিল। ভাৰত ত্য়াগ আন্দোলনক প্ৰকৃততে গণ আন্দোলন বুলিও কোৱা হয়। অসম, বঙ্গদেশ, বোম্বাই, বিহাৰ, আদি ঠাইত কৃষক আৰু শ্ৰমিকে বিভিন্ন কাৰণত বিদেশী চৰকাৰৰ বিৰুদ্ধে জাতীয় স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিছিল। কৃষক সকলৰ অসন্তুষ্টিৰ মূল কাৰণ আছিল খাজনা বৃদ্ধি। গান্ধীজীয়ে ভাৰতত তেওঁ আন্দোলনৰ আৰম্ভণিয়ে পৰা কৃষকৰ সমস্য়া সমাধানৰ বাবে পদক্ষেপ গ্ৰহম কৰিছিল। 

৮। ১৯৪২ৰ জাতীয় আন্দোলনক কিয় গণ আন্দোলন বুলি কোৱা হয়?

উত্তৰঃ ১৯৪২ চনক জাতীয় আন্দোলনক গণ আন্দোলন বুলিও কোৱা হয়। গান্ধীয়ে কৈছিল যে ইংৰাজ শত্ৰু হোৱা বাবেহে জাপানে বৃটিছ উপনিবেশ ভাৰত আক্ৰমণ কৰিছিল। যদি তেওঁলোকে ভাৰত ত্য়াগ কৰে তেতিয়াই জাপানে ভাৰত আক্ৰমণ কৰা কাৰণ নাইকীয়া হ'ব। ইয়াৰ বাবে ১৯৪২ চনত ৮ আগষ্টত বম্বেত নিকিল ভাৰত কংগ্ৰেছ কমিতি সভা অনুষ্ঠিত কৰি ভাৰত ত্য়াগৰ প্ৰস্তাৱ গ্ৰহণ কৰা হ'ল। বৃটিছ ভাৰতীয় বাহিনীৰ হিন্দুস্তানী সৈনিকসকলে স্বাধীনতা কৰ্মীসকলৰ ওপৰত গুলি চলাবলৈ অমান্তি হ'ল। ছাত্ৰসকলে প্ৰয়োজনত স্বাধীনতা যুদ্ধত জঁপিয়াই পৰিব লাগিব। এই প্ৰস্তাৱ গ্ৰহণৰ লগে লগে আন্দোলন বিনষ্ট কৰিব বাবে চৰকাৰে গান্ধীৰ প্ৰমুখ্য়ে সকলো কংগ্ৰেছী নেতাক আটক কৰিছিল আৰু লগতে কংগ্ৰেছ সমিতিসমূহ বে-আইনী ঘোষণা কৰিছিল। এনেবোৰ কৰাত চৰকাৰৰ ধাৰণা ভূল বুলি প্ৰমাণিত হ'ল আৰুআন্দোলন যুৱ শক্তি হাতলৈ যায়। চাতৰা, অসমৰ চাৰি গাঁও, হাতীগড় আৰু মিদিনীপুৰ আদি ভাৰতৰ বিভিন্ন ঠাইত প্ৰতীক হিচাপে স্বাধীন ৰাষ্ট্ৰ গঠন কৰা হ'ল। ইয়াৰ পিছত চৰকাৰে কঠোৰ হাতেৰে বিদ্ৰোহ দমন কৰিলে। কোশল কোঁৱক ৰেল বগৰোৱা অভিযোগত যোৰহাটত ফাঁচি দিয়া হৈছিল। কোশল কোঁৱৰই ভাৰত ত্য়াগ আন্দোলনত প্ৰথমে ফাঁচি কাঠত উলমিব লগা হৈছিল।   

    এই আন্দোলনত ছাত্ৰ-ছাত্ৰীয় সকলোৱে স্কুল-কলেজ এৰি ভাৰত ত্য়াগ আন্দোলনত অংশগ্ৰহণ কৰিছিল। সেই আন্দোলনত অংশ গ্ৰহণ কৰাৰ বাবে তেওঁলোক জেললৈ যাব লগা হৈছিল। কৃষক সকলৰ অসন্তুষ্টিৰ মূল কাৰণ আছিল খাজনা বৃদ্ধি। গান্ধীয়ে ভাৰতত তেওঁ আন্দোলনৰ আৰম্ভণিয়ে পৰা কৃষকসকলৰ সমস্য়া সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছিল। তেওঁ ১৯৩৬ চনত অখিল ভাৰত কিষান সভা গঠন কৰিছিল।  এনেদৰে তেওঁ জাতীয় আন্দোলনৰ সকলো কাৰ্য্য়সূচীত তেওঁ ভাৰতীয় কৃষকৰ সমৰ্থন আদায় কৰিছিল। কৃষক শ্ৰমিকৰ যোগদানে ভাৰত ত্য়াগ আন্দোলনত গণবিপ্লৱলৈ উন্নিত কৰিছিল। 

৯। ভাৰতৰ স্বাধীনতা আন্দোলনত গান্ধীজীৰ স্থান নির্ণয় কৰা।

উত্তৰঃ গান্ধীজীয়ে যুক্তি আগবঢ়াইছিল যে ইংৰাজ শত্ৰু হোৱা বাবে জাপানে বৃটিছ উপনিৱেশ ভাৰত আক্ৰমণ কৰিছিল। গতিকে তেওঁলোকে ভাৰত ত্য়াগ কৰিলে জাপানৰ ভাৰত আক্ৰমণৰ কাৰণ নাইকিয়া হ'ব। ১৯৪২ চনৰ ৮ আগষ্টত বম্বেত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভা অনুষ্ঠিত কৰি বিখ্য়াত ভাৰত ত্য়াগ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। ইয়াৰ বাবে চৰকাৰী চাকৰীয়ালে মুকলিকৈ কংগ্ৰেছৰ প্ৰতি আনুগত্য় প্ৰদৰ্শন কৰিব, ছাত্ৰসকলে প্ৰয়োজন হ'লে স্বাধীনতা যুদ্ধত জঁপিয়াই পৰিব লাগিব, প্ৰস্তাৱ গ্ৰহণৰ লগে লগে আন্দোলন অংকুৰতে বিনষ্ট কৰিবৰ বাবে চৰকাৰে গান্ধী প্ৰমুখ্য়ে সকলো কংগ্ৰেছী নেতাক আটক কৰে। কিন্তু চৰকাৰৰ ধাৰণা ভূল প্ৰমাণিত হ'ল। নেতাসকলক বন্দী কৰিলে। চৰকাৰে কঠোৰ হাতেৰে বিদ্ৰোহ দমন কৰিলে। গোলাঘাটত কোশল কোঁৱৰক ৰেল বগৰোৱা অভিযোগত যোৰহাট জেলত ফাঁচী দিছিল। কোশল কোঁৱৰেই প্ৰথম ভাৰতীয় লোক আছিল যিয়ে ভাৰত ত্য়াগ আন্দোলনত ফাঁচী কাঠত ওলমিব লগা হৈছিল। 

◻️ চমু ৰচনা কৰা

১০। গান্ধীজীয়ে খিলাফট আন্দোলন কিয় ভাৰতৰ জাতীয় আন্দোলনৰ লগত চামিল কৰিছিল?

উত্তৰঃ ভাৰতীয় মুছলমানৰ সমৰ্থন আদায়ৰ কৰাৰ বাবে বৃটিছ চৰকাৰে যুদ্ধৰ প্ৰতি কোমল ভাৱ পোষণৰ আশা দিছিল। যুদ্ধ অন্তত স্বাক্ষৰিত চেভাৰ্চৰ চুক্তিমতে তুৰষ্কৰ ওপৰত ইংলেণ্ডে কিছুমান বাধা নিষেধ আৰোপ কৰিছিল। কিছুমান পৱিত্ৰ অঞ্চল খলিফাৰ নিয়ন্ত্ৰনৰ বাহিৰত ৰখা হৈছিল। খলিফাৰ সমৰ্থনত খিলাফত আন্দোলন গঢ়ি তুলিছিল। ভাৰতৰ এই আন্দোলনৰ নেতা আছিল মহম্মদ আলি আৰু চৌকত আলি তেওঁলোক দুয়োজন ককাই-ভাই আছিল। গান্ধীৰৰ খিলাফট নেতাসকলৰ লগত ভাল সম্পৰ্ক গঢ়ি তুলিছিল। গান্ধীজীয়ে আশা কৰিছিল যে হিন্দু আৰু মুছলমান ভাৰতৰ এই দুই প্ৰধান ধৰ্মীয় সম্প্ৰদায়ৰ মাজত ঐক্য় সম্প্ৰীতি প্ৰতিষ্ঠা কৰি ঔপনিৱেশিক শাসনৰ ওৰ পেলাব পাৰিব। সেই বাবে গান্ধীজীয়ে খিলাফট আন্দোলনক ভাৰতীয় জাতীয় আন্দোলনৰ লগত চামিল কৰিছিল।  

১১। জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ কাৰণ আৰু ফলাফল ব্যাখ্যা কৰা।

উত্তৰঃ জালিয়ানৱালাবাগ হত্য়াকাণ্ডৰ কাৰণ আৰু ফলাফলৰ বিষয়ে তলত আলোচনা কৰা হ'ল

    লৰ্ড কাৰ্জনৰ বঙ্গ বিভাজনৰ জনসাধাৰণৰ মনত অশান্তি বীজ ৰোপন কৰিছিল। ইয়াৰ ফলত ভাৰতবৰ্ষত সন্ত্ৰাসবাদী আন্দোলন গঢ় লৈ উঠিছিল। ইংৰাজ চৰকাৰে এই সন্ত্ৰাসবাদী দমন কৰাৰ বাবে কিছুমান ব্য়ৱস্থা গ্ৰহণৰ উদ্দেশ্য় ৰাওলাট চাহাবৰ নেতৃত্বত এটা আয়োগ গঠন কৰে।

    চাৰ চিদনী ৰাউলাটৰ নেতৃত্বত গঠিত এখন সমিতিৰ পৰামৰ্শমতে কঠোৰ ব্য়ৱস্থাৱলী বাহাল ৰখাৰ উদ্দেশ্য়ে আইন প্ৰণয়ন কৰে। ইয়াকে ৰাউলাট আইন বোলে। জঙ্গী পঞ্জাবীসকলৰ বিৰুদ্ধেই ৰাউলাট আইন প্ৰণয়ন কৰা হৈছিল। হৰতালৰ সময়ত বহুতো ইংৰাজক হত্য়া কৰা হৈছিল। চৰকাৰে সমদল যাত্ৰা আৰু সভা-সমিতি নিষিদ্ধ কৰিছিল। বৈশাখী দিৱস আছিল ১৩ তাৰিখে। সেই তাৰিখে চৰকাৰৰ নিষেধাজ্ঞা ভঙ্গ কৰি অমৃতচৰৰ জানিয়ানৱালাবাগত ৰাউলাট আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্য়ন্ত কৰিবলৈ কেইবাহাজাৰ লোক সমবেত হৈছিল। ব্ৰিগেদিয়াৰ জেনেৰেল ডায়াৰে গণতান্ত্ৰিক উপায়েৰে প্ৰতিবাদ সাব্য়স্ত কৰা জনতাৰ ওপৰত নিবিৰ্বচাৰ গুলী চালনাৰ আদেশ দিছিল। গুলী কৰোতে চাৰিশতকৈ অধিক লোকৰ মৃত্য়ু হৈছিল। এই যুুদ্ধৰ বাবে কুখ্য়াত জালিয়ানৱালাবাগ হত্য়াকাণ্ডই ভাৰতবাসীক অধিক বৃৃটিছ বিৰোধী কৰি তুলিছিল। তেওঁলোকে ভাৱিছিল বৃটিছ চৰকাৰে নিজৰ ভূল স্বীকাৰ কৰিব। কিন্তু ইয়াৰ পৰিবৰ্তে জেনেৰেল ডায়াৰক উচ্চ আসনতহে বহুৱালে। 

১২। অসহযােগ আন্দোলনৰ বিষয়ে বহলাই আলােচনা কৰা।

উত্তৰঃ অসহযোগ আন্দোলনৰ বিষয়ে তলত আলোচনা কৰা হ'ল

   ১৯১৭ চনত গান্ধীজীয়ে বেছিভাগ সময় চাম্পাৰণৰ খেতিয়ক সকলৰ স্বাৰ্থ কাৰণে কটায়ছিল। পিছত তেওঁ নিজ ৰাজ্য় গুজৰাট আহমেদাবাদত এটা কাপোৰ দাবি কৰিছিল শ্ৰমিক সকলে কাম কৰাৰ বাবে। ইয়াৰ পিছত  ইয়াৰ পিছতে খেতি ভাল নোহোৱা খেদাৰ কৃষকসকলক খাজনা ৰেহাই দিব বাবে গান্ধীয়ে ৰাজ্য় চৰকাৰক আহবান জনায়। এনেদৰে তেওঁ আহমেদাবাদ খেদা আৰু চাম্পাৰণত লোৱা পদক্ষেপত তেওঁ দৰিদ্ৰজনৰ ত্ৰানকৰ্তা জাতীয়তাবাদী নেতা হিচাপে চিহ্নিত কৰা হয়। এনেধৰণৰ কাম কৰিয়ে গান্ধীজীয়ে খেদা আৰু চাম্পাৰণৰ কৃষক-শ্ৰমিকৰ সমস্য়া সমাধানত সহায় কৰিছিল।

     ১৯১৪-১৮ চনৰ প্ৰথম বিশ্ব যুদ্ধ সময়ত বৃটিছ চৰকাৰে প্ৰেছ চেঞ্চৰ আৰু সন্দেহৰ ভিত্তিত যি কোনো লোককে আটক কৰা চেষ্টা কৰিছিল, চাৰ চিদনী ৰাইলাটৰ নেতৃত্বত গঠন হোৱা এখন সমিতিৰ পৰাৰ্মশত কঠোৰ ব্য়ৱস্থায়লী বাহাল ৰখাকে ৰাউলাট আইন বোলে। গান্ধীজীয়ে ইংৰাজসকলক এটা সভ্য় জাতি বুলি বিশ্বাস কৰিছিল। হৰতালৰ প্ৰভাৱ বিশেষকৈ পঞ্জাবত বেছিকৈ পৰিছিল। ইয়াৰ কাৰণ ড° চাইফুদ্দিন কিছলোৱে পঞ্জাৱৰ যুৱকসকলক একত্ৰিত কৰিছিল। তেওঁক সহযোগ কৰি গৈছিল ড° সত্য়পালে। হৰতালৰ সময়ত ইয়াত বহুতো ইংৰাজক হত্য়া কৰা হৈছিল।  ১৩ তাৰিখে চৰকাৰৰ নিষেধাজ্ঞা ভঙ্গ কৰি অমৃতচৰৰ জালিয়ানৱালাবাগত ৰাউলাট আইনৰ  বিৰুদ্ধে প্ৰতিবাদ সাব্য়ন্ত কৰিবলৈ কেইবাহাজাৰো লোক সমবেত হৈছিল। ব্ৰিগেদিয়াৰ জেনেৰেল ডায়াৰে গণতান্ত্ৰিক উপায়েৰে প্ৰতিবাদ সাব্য়স্ত কৰা জনতাৰ ওপৰত নিবিৰ্বচাৰ গুলিচালনৰ আদেশ দিছিল। সেই গুলি চালনাত দলৰ চাৰিশতকৈ অধিক লোকৰ মৃত্য়ু হৈছিল। গান্ধীজীয়ে বৃটিছৰ ওপৰত আস্থা হেৰুৱাই পেলাইছিল আৰু তেওঁ জাগৃত ভাৰতীয়ক লৈ এক নতুন সবল জাতীয় আন্দোলনৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছিল।  

    অসহযোগ আন্দোলনৰ কাৰ্যসূচী ভাৰতীয় জাতিয় কংগ্ৰেছৰ নাগপুৰ অধিৱেশনে গ্ৰহণ কৰিলে। কংগ্ৰেছেৰো ভাৰতীয় সমস্য়া সমাধানৰ উপায় হিচাপে সাংবিধানিক পথৰ ওপৰত আস্থা হেৰুৱাই পেলাইছিল। 

১৩। ঘূৰণীয়া মেজ-মেল সমূহ কিয় আহবান কৰা হৈছিল ? ইবিলাকৰ বিফলতাৰ কাৰণ আৰু গুৰুত্ব ব্যাখ্যা কৰা।

উত্তৰঃ ভাৰতীয় জাতীয় লাভৰ এক নতুন পথ চিহ্নিত। এই আন্দোলনৰ যোগে ভাৰতীয় সমস্য়া প্ৰতি বিশ্ববাসীক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। এই আইনত প্ৰথমে বহুতো মহিলাই যোগ দিছিল। এইবোৰে বৃটিছ চৰকাৰক বুজায় দিছিল যে তেওঁলোকে ভাৰতত আৰু বেছিদিন শাসন কৰিব নোৱাৰে। তেওঁলোক তাত থাকিবলৈ ভাৰতবাসীক কিছু ক্ষমতা দিব লাগিব। সেই কাৰণে ঘূৰণীয়া মেজ-মেল আহবান কৰিছিল। 

    প্ৰথম ঘূৰণীয়া মেজ-মেল লণ্ডনত অনুষ্ঠিত হৈছিল ১৯৩০ চনৰ নবেম্বৰ মাহত। কোনো উল্লেখযোগ্য় ভাৰতীয়ই ইয়াত যোগ নিদিয়া বাবে ই বিফল হ'ল। ১৯৩১ চনৰ জানুৱাৰীত গান্ধীজীক জেইলৰ পৰা মুক্তি দিয়া হয়। গান্ধীজীয় মুক্তি হোৱাৰ পিছতে গান্ধী আৰউইন চুক্তি স্বাক্ষৰিত হয়। সেই চুক্তি মতে গান্ধীজীয়ে আইন অমান্য় আন্দোলন উঠাই লয় । গান্ধী-আৰউইন চুক্তি হ'লেও দেশৰ স্বাধীনতা সুদূৰ পৰাহত হোৱাত গান্ধীজী সমালোচিত হৈছিল। ১৯৩১ চনৰ নবেম্বৰত দ্বিতীয় ঘূৰণীয়া মেজ-মেল আৰম্ভ হৈছিল। সেই সভাত গান্ধীজীয়ে কংগ্ৰেছ হৈ যোগ দিয়ে। দ্বিতীয় ঘূৰণীয়া মেজ-মেলত কোনো সিন্ধান্ত ল'ব পৰা নাছিল। কাৰণ গান্ধীজীয়ে দাবী কৰিছিল যে কংগ্ৰেছৰ সকলো ভাৰতীয় প্ৰতিনিধিত্ব কৰিব লাগে বুলি কৈছিল। সেই দাবী মুছলিম লীগ আৰু দলিতসকলৰ নেতা আম্বেদকাৰে মানি লোৱা নাছিল। গান্ধীজীয়ে ভাৰতলৈ ঘূৰি আহি পুনৰ আইন অমান্য় আন্দোলন আৰম্ভ কৰিছিল। 

১৪। জাতীয় আন্দোলন ১৯৩৫ৰ ভাৰত চৰকাৰ আইনৰ ভূমিকা নির্ণয় কৰা?

উত্তৰঃ আইন অমান্য় আন্দোলনৰ কালত লোণ আইনৰ উপৰিও বন আইনো ভঙ্গ কৰা হৈছিল। চৰকাৰে লোণৰ দৰে বনগাঁওবোৰৰ ৰাইজক পৰম্পৰাগতভাৱে হাবিত গৰু-ম'হ বিচৰণৰ সুবিধা পৰা বঞ্চিত কৰিছিল। উকীলে ওকালতি কৰিবলৈ বাদ দিছিল, ছাত্ৰ-ছাত্ৰীসকলে স্কুল-কলেজ বন্ধ কৰি আন্দোলনত জড়িত হৈছিল। চৰকাৰে আনেবোৰ লোকক আটক কৰি আন্দোলন বন্ধ কৰিবলৈ চেষ্টা কৰিছিল। সেই আন্দোলনত গান্ধীজীকে ধৰি আন বহুতো লোক আছিল। আন্দোলনত প্ৰায় ৬,০০০ লোকক আটক কৰা হৈছিল। সেই আন্দোলনত বিদেশী বস্তু বৰ্জন কৰি প্ৰতিবাদী সভাৰ পাতিছিল আৰু চৰকাৰৰ লগত অসহযোগ কৰি আন্দোলনটো চলাই নিছিল। অসমৰ ছাত্ৰ-ছাত্ৰীৰ সকলে কানিংহামৰ বাধা নেওচি আন্দোলনত যোগ দিছিল। ইয়াৰ কাৰণে অসমৰো বহুতো নেতাকে আটক কৰা হৈছিল।   

    ভাৰতীয় জাতীয়ত্ব লাভৰ এক নতুন পথ হিচাপে চিহ্নিত এই আন্দোলনৰ যোগে ভাৰতীয় সমস্য়াৰ প্ৰতি বিশ্ববাসীক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। দাণ্ডীযাত্ৰাৰ বাতৰি ইউৰোপ আৰু আমেৰিকাৰ বাতৰি কাকতে গুৰুত্ব সহকাৰে ছপা কৰা হৈছিল। সেই আইনত প্ৰথম বাৰৰ কাৰণে বহুতো মহিলাই যোগ দিছিল। ঘূৰণীয়া মেজ-মেল প্ৰথমে লণ্ডনত অনুষ্ঠিত হৈছিল। সেই মেজ-মেলত কোনো উল্লেখযোগ্য় ভাৰতীয় ইয়াত যোগদান দিয়া নাছিল ইয়াৰ বাবে তেওঁলোক বিফল হৈছিল। ইয়াৰ ফলত গান্ধীজীৰ গুৰুত্ব বাঢ়ে। সেই বাবে ১৯৩১ চনৰ জানুৱাৰী মাহত গান্দীজীক জেনৰ পৰা মুক্তি কৰি দিছিল। জেলৰ পৰা ওলোৱা পিছতে গান্ধীজীয়ে আৰউইন চুক্তি স্বাক্ষৰিত কৰে। ১৯৩১ চনৰ নৱেম্বৰ মাহত দ্বিতীয় ঘূৰণীয়া মেজ-মেল আৰম্ভ হৈছিল। সেই সভাত গান্ধীজীয়ে কংগ্ৰেছ হৈ যোগ দিছিল। তেওঁ দাবী কৰিছিল যে কংগ্ৰেছে সকলো ভাৰতীয়ৰে প্ৰতিনিধিত্ব কৰিব লাগিব। কিন্তু সেই কথা মুছলিম লীগ আৰু দলিতসকলৰ নেতা আম্বেদকাৰে মানি লোৱা নাছিল। এনেবোৰ পৰিস্থিতি বাবে দ্বিতীয় ঘূৰণীয়া মেজ-মেলে কোনো ধৰণৰ সিদ্ধান্ত ল'ব পৰা নাছিল। পিছত গান্ধীজীয়ে ভাৰতলৈ ঘূৰি আহি পুনৰ আইন অমান্য় আন্দোলন আৰম্ভ কৰিছিল। এবোৰ কাৰণতে চৰকাৰে সাংবিধানিক সংস্কাৰলৈ আগবাঢ়ি আহিবলৈ বাধ্য় হৈছিল আৰু তেতিয়াই ১৯৩৫ চনৰ চৰকাৰৰ আইন প্ৰণয়ন কৰা হৈছিল।  

১৫। ভাৰত বিভাজনৰ কাৰণ বর্ণনা কৰা। 

উত্তৰঃ ভাৰত বিভাজনৰ মূখ্য় কাৰণ আছিল ইংৰাজসকলৰ বিভাজনৰ নীতি। 

১৬। ভাৰত বিভাজনে কি কি সমস্যাৰ সৃষ্টি কৰিছিল? বিভাজনৰ লগত গান্ধীজীয়ে কেনেদৰে মােকাবিলা কৰিছিল?

উত্তৰঃ 

১৭। গান্ধীজীয়ে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত প্ৰকাশ কৰা মত কেনেদৰে বাস্তৱায়িত কৰিছিল?

উত্তৰঃ গান্ধীজীয়ে বেনাৰস হিন্দু বিশ্ববিদ্য়ালয়ত প্ৰকাশ কৰা মতে তেওঁ কৈছিল যে ভাৰতীয় জাতীয়তাবাদ কেৱল ভাৰতৰ উচ্চ মধ্য়বিত্ত যেনে উকীল, চিকিৎসক আৰু ভূ-স্বামীৰ সৃষ্টি। সেই সভাৰ অন্য় এক গুৰুত্ব হ'ল গান্ধীজীৰ প্ৰতি কৃষকৰ আকৰ্ষণ। তেওঁক বিহাৰৰ চাম্পাৰণ জিলাৰ এজন কৃষকে জানিবলৈ দিছিল যে কেনেকৈ তাৰ বৃটিছ নীল খেতিয়কে খেতিৰ কাম কৰা কৃষকক শোষণ কৰিছিল। 

১৮৷ এজন ব্যক্তি যিমানেই মহান নহওক কিয় তেওঁ ইতিহাসৰেই সৃষ্টি আৰু তেওঁ ইতিহাস সৃষ্টি কৰে’—ব্যাখ্যা কৰা।

উত্তৰঃ

১৯। আইন অমান্য আন্দোলন সম্পর্কীয় চৰকাৰী প্রতিবেদন বিলাকে ঘটনাৰ প্রকৃত ছৱি দাঙি ধৰেনে? কিয় চৰকাৰে আইন অমান্য কৰা বাবে গান্ধীজীক আটক কৰা নাছিল?

উত্তৰঃ

২০। কিয় গৃহ বিভাগে দাণ্ডী যাত্রা ফলপ্রসূ নহৈছিল বুলি ক'ব খােজে আৰু বিষয়াসকলে গান্ধীক আটক কৰিব খােজা নাছিল?

উত্তৰঃ অসহযোগ আন্দোলনৰ পিছত চৰকাৰে ভাৰতৰ সমস্য়াসমূহ সমাধান কৰিব কাৰণে চাইমন কমিচনক নিযুক্তি দিছিল। কমিচনে ভাৰতীয় সকলৰ সপক্ষে নোযোৱাৰ বাবে বৰ্জন কৰা হ'ল। এইসমূহৰ উপৰিও স্বায়ত্ত শাসনৰ বাবে দিয়া পৰামৰ্শ চৰকাৰে গ্ৰহণ কৰা নাছিল। চৰকাৰে এই দাবী মানি নোলোৱাত গান্ধীজীয়ে আইন অমান্য় আন্দোলন আগতে উল্লেখ কৰা ধৰণে আৰম্ভ কৰিছিল। সেই আন্দোলনৰ কৰ্মীসকলে শান্তিপূৰ্ণ অহিংস উপায়েৰে কংগ্ৰেছৰ কৰ্মীসকলে স্বাৰাজ পালন কৰিছিল আৰু তেওঁলোকে শাস্তি লব'লৈ সাজু আছিল। ১৯৩০ চনৰ ২৬ জানুৱাৰীত স্বাধীনতা দিৱস পালন কৰা হয়। সেই দিনটোত সকলো ঠাইতে পতাকা উত্তোলন কৰে। 

    স্বাধীনতা দিৱস পালন কৰাৰ পিছত গান্ধীজীয়ে চৰকাৰৰ লোণ আইন ভঙ্গ কৰিছিল। মানুহে অতি সহজতে নিজে লোণ তৈয়াৰ কৰিব পাৰে কিন্তু চৰকাৰে ইয়াক নিজৰ নিয়ন্ত্ৰণত ৰাখি অধিক দামত বিক্ৰী কৰিছিল। লোণ বিক্ৰী কৰোতে তেওঁলোকে সেই লোণত দাম কম পালে বা লাভ কম হ'লে সেইবোৰ নষ্ট কৰি পেলাইছিল। উপকূল অঞ্চলৰ স্থানীয় ৰাইজে নিজৰ ব্য়ৱহাৰৰ কাৰণে লোণ তৈয়াৰ কৰিছিল।  চৰকাৰী লোকসকলে সেই কথা জানিব পাৰি সেই লোণসমূহ নষ্ট কৰিছিল। এইদৰে মানুহৰ মূখৰ পৰা প্ৰাকৃতিক সম্পদ কাঢ়ি আনি দেশৰ ধনেৰে সেইবোৰ নষ্ট কৰি দিছিল। আইন অমান্য় আন্দোলনৰ কালত লোণ আইনৰ উপৰিও বন আইনো ভঙ্গ কৰা হৈছিল। 

◻️ এটা শব্দ বা বাক্যত উত্তৰ দিয়া

২১। ভাৰতীয় জাতীয় আন্দোলনৰ সর্বাধিক প্রভাৱশালী ব্যক্তি কোন আছিল?

উত্তৰঃ ভাৰতীয় জাতীয় আন্দোলনৰ সৰ্বাধিক প্ৰভাৱশালী ব্য়ক্তি হৈছে মহাত্মা গান্ধীৰ। 

২২। গান্ধীজী কেইবছৰৰ মূৰত ভাৰতলৈ ঘূৰি আহিছিল?

উত্তৰঃ গান্ধীজী ২২ বছৰৰ মূৰত ভাৰতলৈ ঘূৰি আহিছিল। 

২৩। লাল-বাল-পাল’ নাম সমষ্টিৰ লালৰ সম্পূর্ণ নাম কি আছিল? 

উত্তৰঃ লাল-বাল-পাল নামে সমষ্টিৰ লালৰ সম্পূৰ্ণ নাম হৈছে লাল লাজপট ৰায়। 

২৪। বেনাৰস হিন্দুবিশ্ববিদ্যালয়ৰ সভালৈ গান্ধীজীয়ে কিয় নিয়ন্ত্রণ কৰিছিল?

উত্তৰঃ বেনাৰস হিন্দুবিশ্ববিদ্য়ালয়ৰ সভালৈ গান্ধীজীক নিমন্ত্ৰণ কৰিছিল কাৰণ তেওঁ দক্ষিণ আফ্ৰিকাত তেওঁ আগবঢ়োৱা বৰঙণিৰ বাবে। 

২৫। বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত দিয়া ভাষণত গান্ধীজীয়ে কি পৰামর্শ দিছিল?

উত্তৰঃ বেনাৰস হিন্দু বিশ্ববিদ্য়ালয়ত দিয়া ভাষণত গান্ধীজীয়ে দিয়া মূল কথা কেইটা হৈছে ভাৰতীয় জাতীয়তাবাদ কেৱল ভাৰতৰ উচ্চ মধ্য়বিত্ত উকীল, চিকিৎসক আৰু ভূ-স্বামীৰ সৃষ্টি। 

২৬। গান্ধীজীয়ে কোনখন কুখ্যাত আইনৰ বিৰুদ্ধে ১৯১৯ত বন্ধৰ আহবান জনাইছিল?

উত্তৰঃ গান্ধীজীয়ে ভাৰত চৰকাৰ আইনৰ বিৰুদ্ধে ১৯১৯ চনত বন্ধৰ আহবান জনাইছিল। 

২৭। ভাৰতৰ খিলাফট আন্দোলনৰ এজন নেতাৰ নাম লিখা ।

উত্তৰঃ মহম্মদ আলি এজন ভাৰতৰ খিলাফট আন্দোলনৰ নেতা। 

২৮। কানিংহাম কোন আছিল?

উত্তৰঃ কানিংহাম সেই সময়ত অসমৰ শিক্ষাধিকাৰ আছিল। 

২৯। দ্বিতীয় মহাসমৰ কোন চনত আৰম্ভ হৈছিল।

উত্তৰঃ দ্বিতীয় মহাসমৰ ১৯৩৯ চনত আৰম্ভ হৈছিল। 

৩০। Peasants and Workers Party কোন চনত গঠিত হৈছিল।

উত্তৰঃ ১৯২৬ চনত Peasants and Workers party গঠন হৈছিল।

৩১। এটলী কোন দলৰ নেতা আছিল?

উত্তৰঃ এটলী বনুৱা দলৰ নেতা আছিল। 

৩২। মাউণ্টবেটেন কোনজন ভাইচৰয়ৰ স্থলাভিষিক্ত হয়?

উত্তৰঃ মাউন্টবেটেন ৱাভেল ঠাইত স্থলাভিষিক্ত হয়। 

৩৩। স্বাধীন ভাৰতৰ প্রথম গৃহমন্ত্রী কোন আছিল?

উত্তৰঃ স্বাধীন ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী আছিল চৰ্দাৰ বল্লভ ভাই পেটেল

৩৪। কোনে গান্ধীজীক লিংকনৰ লগত তুলনা কৰিছিল?

উত্তৰঃ আমেৰিকাৰ টাইমছ নামে গান্ধীজীক লিংকনৰ লগত তুলনা কৰিছিল। 

৩৫। দক্ষিণ আফ্রিকাতে গান্ধীজী ‘ মহাত্মা ’ হৈছিল বুলি কিয় কোৱা হয়?

উত্তৰঃ গান্ধীজীয়ে প্ৰথমে দক্ষিণ অফ্ৰিকাতে 'সত্য়াগৃহ' নামৰ বৈশিষ্ট্য়পূৰ্ণ অহিংসা আন্দোলনৰ কৌশল প্ৰয়োগ কৰিছিল। তেওঁ ইয়াতে বিভিন্ন ধৰ্মৰ মাজত সমন্বয় প্ৰতিষ্ঠা কৰিছিল। সেই বাবে গান্ধীজীক দক্ষিণ আফ্ৰিকাই 'মহাত্মা' হৈছিল বুলি কৈছিল। 

৩৬। সাময়িক বিৰতি এক ৰণকৌশল বুলি কোৱা হয় কিয়?

উত্তৰঃ 

৩৭। স্বাধীন ভাৰতৰ প্ৰথমজন ৰাষ্ট্রপতি কোন আছিল?

উত্তৰঃ ড° ৰাজেন্দ্ৰ প্ৰসাদ আছিল স্বাধীন ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি। 

৩৮। জাতিৰ পিতা হিচাপে কাক জনা যায়?

উত্তৰঃ জাতিৰ পিতা হিচাপে মহাত্মা গান্ধীক জনা যায়। 

৩৯। ৰাউলাট আইন কাক বোলে?

উত্তৰঃ প্ৰথম বিশ্ব যুদ্ধ সময়ত বৃটিছ চৰকাৰে প্ৰেছ চেঞ্চৰ আৰু সন্দেহৰ ভিত্তিত যি কোনো লোককে আটক কৰা চেষ্টা কৰিছিল, চাৰ চিদনী ৰাইলাটৰ নেতৃত্বত গঠন হোৱা এখন সমিতিৰ পৰাৰ্মশত কঠোৰ ব্য়ৱস্থায়লী বাহাল ৰখাকে ৰাউলাট আইন বোলে। 

৪০। দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া আৰম্ভ হৈছিল?

উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধ ১৯৩৯ চনত আৰম্ভ হৈছিল। 


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)



Type: Pallab Jyoti Bora



Post ID : DABP006341