Chapter: 16

ভাৰতীয় সংবিধানৰ ৰচনাঃএক নতুন যুগৰ সূচনা 

(The Making of the Constitution : The Beginning of a New Era) 

প্ৰশ্নাৱলী


◻️ ১০০-১৫০ শব্দৰ ভিতৰত উত্তৰ লিখা ঃ (৩ নম্বৰকৈ) 


১। ভাৰতৰ সমসাময়িক ৰাজনৈতিক পৰিস্থিতিয়ে সংবিধান ৰচনাত কেনে প্রভাৱ পেলাইছিল?

উত্তৰঃ ভাৰতৰ সমসাময়িক ৰাজনৈতিক পৰিস্থিতিয়ে সংবিধান ৰচনা কৰাত প্ৰভাৱ পেলাইছিল। সেই সমূহৰ বিষয়ে তলত আলোচনা কৰা হ'ল 

    প্ৰথম বিশ্বযুদ্ধৰ মাজতে ভাৰতৰ ৰাজনীতিত মহাত্মা গান্ধীয়ে প্ৰৱেশ কৰিছিল। তেওঁ ১৯১৭ চনত ভাৰতীয় জাতীয় কংগ্ৰেছত যোগ দিছিল। তেওঁ ভাৰতৰ জাতীয় সংগ্ৰামৰ প্ৰধান নেতা আছিল। ১৯১৯ চনত ভাৰত চৰকাৰ আইনে কেন্দ্ৰত দুখন সদনযুক্ত বিধানমণ্ডলৰ ব্য়ৱস্থা কৰিছিল। 


২। সংবিধান ৰচনাৰ সমল হিচাপে প্রাক্ স্বাধীন কালৰ বৃটিছ পদক্ষেপবিলাক বিশ্লেষণ কৰা।

উত্তৰঃ ১৯২২ চনত গান্ধীজীয়ে, ১৯২৪ চনত স্ব-ৰাজ্য় দলে, ১৯২৮ চনত মতিলাল নেহেৰু সমিতিয়ে দাবী উত্থাপন কৰিছিল। কেবিনেট মিছনৰ প্ৰস্তাৱ মতে সংবিধান সভাৰ গঠনৰ বাবে দেশ আগবাঢ়িল। সংবিধান সভাৰ মুঠ সদস্য় সংখ্য়া আছিল ৩৮৯ জন। সংবিধান সভাৰ প্ৰথমখন বৈঠক ১৯৪৬ চনৰ ৯ ডিচেম্বৰত দিল্লীত অনুষ্ঠিত কৰা হৈছিল। মুছলিম লীগৰ সদস্য়সকলে পৃথক সংবিধান সভাৰে পাকিস্তানৰ দাবী তুলি ভাৰতীয় সংবিধান সভা বৰ্জন কৰিছিল। 


৩। সংবিধানৰ লক্ষ্য সম্পর্কত নেহেৰুৱে আগবঢ়োৱা বক্তব্য ব্যাখ্যা কৰা।

উত্তৰঃ সংবিধানৰ লক্ষ্য় সম্পৰ্কত নেহেৰুৱে আগবঢ়োৱা বক্তব্য় সমূহ হৈছে 

    এই লক্ষ্য়ৰ ভিত্তিত সংবিধানৰ বাকীবোৰ ধাৰা নিৰ্ণয় কৰা হৈছিল। ভাৰতক 'স্বাধীন সাৰ্বভৌম ৰাষ্ট্ৰ' ৰূপে দেখুৱা হৈছিল। ভাৰতৰ নাগৰিকসকলৰ সমতা, ন্য়ায় আৰু স্বাধীনতা নিশ্চিত কৰিবলৈ জনজাতি লগতে দলিতসকলৰ স্বাৰ্থৰ সুৰক্ষাৰ আশ্বাস দিবলৈ বিচৰা হৈছিল। এই লক্ষ্য়সমূহ স্থিৰ কৰোতে নেহেৰুৱে ভাৰতৰ অভিজ্ঞতাত গুৰুত্ব দিছিল। নেহেৰুয়ে কৈছিল যে অধিকাৰ লাভৰ বাবে অতীতৰ মানুহে কৰা প্ৰচেষ্টাৰ কথা তেওঁ মনত ৰাখিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ পিতৃপুৰুষ সকলে দুশৰো অধিক বছৰ আগতে তেওঁলোকৰ দীৰ্ঘদিনীয়া সংগ্ৰামত অভিজ্ঞতাৰ ভিত্তিত যিখন সংবিধান প্ৰণয়ন কৰিছিল সেইসমূহৰ বিষয়ে ভাৰতৰ সংবিধান প্ৰণেতাসকলে মনত ৰাখিছিল।  ভাৰতীয় সংবিধানৰ উদ্দেশ্য় হৈছে গণতান্ত্ৰিক আদৰ্শ আৰু সমাজবাদী অৰ্থনৈতিক ন্য়ায় ভাৰতীয় জীৱন ধাৰাৰ লগত খাপ খুৱাই ইয়াক প্ৰৱৰ্তন কৰিব লাগে। নেহেৰুৱে কামনা কৰিছিল যে ভাৰতৰ লগত খাপ খোৱা ব্য়ৱস্থাৰ প্ৰয়োগৰ বাবে সংবিধান সভাই গঠনমূলক চিন্তা কৰাটো। 

 সোমনাথ লাহিড়ীয়ে সকলো সদস্য়কে সাম্ৰাজ্য়বাদী বৃটিছৰ প্ৰভাৱ মুক্ত হ'বলৈ আহবান জনাইছিল। জৱাহৰলাল নেহেৰুৰ নেতৃত্বত অন্তবৰ্তী চৰকাৰ বৃটিছ ভাইচৰয়ৰ নিৰ্দেশত চলিছিল। নেহেৰুৱে সংবিধান সভাত গুৰুত্ব দি কৈছিল যে ইয়াৰ সদস্য়সকল, ৰাইজৰ প্ৰতিনিধিসকলে দলৰ মততকৈ ৰাইজৰ আশা-আকাংখ্য়া ক্ষেত্ৰত পতিফলিত কৰিব লাগে। ভাৰতীয় জাতীয় আন্দোলনে বৃটিছৰ শাসন শোষণৰ বিৰুদ্ধে গৈ প্ৰকৃততে নাগৰিক তত্ত্ব, গণতন্ত্ৰ আৰু সমতা প্ৰতিষ্ঠাৰ স্বাৰ্থতে কাম কৰিছিল।  


৪। পৃথক ভােটাধিকাৰ সম্পৰ্কত সংবিধান সভাত হােৱা আলােচনা পর্যালােচনা কৰা।

উত্তৰঃ ১৯৩৪ আৰু ১৯৩৬-ত কংগ্ৰেছ অধিৱেশনে প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত এখন সংবিধান সভা আহবানৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল। সেই সভাত কেবিনেট মিছনৰ প্ৰস্তাৱৰ মতে সংবিধান সভাৰ গঠনৰ বাবে দেশ আগবাঢ়িল। সভাখনত মুঠ সদস্য় সংখ্য়া আছিল ৩৮৯ জন। ইয়াৰে প্ৰাদেশিক বিধানসভাই নিৰ্বাচন কৰিব ২৯৬ জন আৰু ৯৩ জন দেশীয় ৰাজ্য়বোৰে পঠাব। ১৯৪৬ চনৰ জুলাই মাহত বিধান সভাবোৰে সদস্য়সকলক নিৰ্বাচন কৰে। সেই সভাত মুঠ আসন আছিল ২৯৬ খন। ইয়াৰ ভিতৰত কংগ্ৰেছে ২১১ খন আসন লাভ কৰিছিল আৰু ৭৩ খন মুছলীম লীগে। গান্ধী আৰু জিন্না সংবিধান সভাৰ বাহিৰত থাকিল। আন সকলোবোৰ স্বাধীনতা যুঁজৰ নেতা সংবিধান সভালৈ নিৰ্বাচিত হৈ আহিল। তেওঁলোক আছিল- ড° ৰাজেন্দ্ৰ প্ৰসাদ, চৰ্দাৰ বল্লভভাই পেটেল, জৱাহৰলাল নেহৰু আৰু মৌলান আবুল কালাম এইসকল লোক প্ৰধান কংগ্ৰেছৰ সদস্য় আছিল।

    ১৯৪৬ চনৰ ৯ ডিচেম্বৰত সংবিধান সভাৰ প্ৰথমখন বৈঠক দিল্লীত অনুষ্ঠিত হৈছিল।মুছলিম লীগৰ সদস্য়সকলে পৃথক সংবিধান সভাৰে পাকিস্তানত দাবী তুলি ভাৰতীয় সংবিধান সভাৰ বৰ্জন কৰিছিল। সভাৰখনৰ ৮২% সদস্য়ই কংগ্ৰেছ দলৰ আছিল। বাতৰি কাকত আদিৰ মাধ্য়মেৰে প্ৰকাশিত ৰাজহুৱা মতেও সংবিধান সভাৰ আলোচনাত ঠাই পাইছিল। ভাষা, ধৰ্মীয় সংখ্য়ালঘু আৰু দলিতসকলে নিজ নিজ স্বাৰ্থ ৰক্ষণাবেক্ষণৰ অৰ্থে কৰা সভাত গুৰুত্ব পাইছিল। জৱাহৰলাল নেহৰুৱে সংবিধানৰ প্ৰস্তাৱনাত ৰাষ্ট্ৰীয় পতাকাৰ, চক্ৰ আৰু ৰং আদি বিষয়ে মন্তব্য় আগবঢ়াইছিল। ৰিপ'ৰ্ট আৰু মতবোৰ চৰ্দাৰ বল্লভভাই পেটেলে পৰীক্ষা নিৰীক্ষা কৰিছিল। সেই সংবিধান সভাৰ সভাপতি হিচাপে আলোচনাত গুৰি ধৰিছিল ড° ৰাজেন্দ্ৰ প্ৰসাদে। 


৫। এন. জি. ৰঙ্গই সংখ্যালঘুৰ সংজ্ঞা কেনেদৰে দিছিল?

উত্তৰঃ এন.জি.ৰঙ্গই সংখ্য়ালঘুৰ অৰ্থই অৰ্থনৈতিক সংখ্য়ালঘুকহে বুজাব লাগে বুলি সংজ্ঞা দাঙি ধৰিছিল। প্ৰকৃততে সংখ্য়ালঘু হৈছে দুখীয়া নিঃস্বসকল। তেওঁলোক এমান শোষিত, বঞ্চিত আৰু অৱদমিত যে তেওঁলোকে সাধাৰণ নাগৰিক অধিকাৰেই সাব্য়স্ত কৰিব নোৱাৰে। জনজাতিসকলৰ নিজা নিয়ম-কানুন পৰম্পৰা থাকে। তেওঁলোকৰ ভূমি লগত সম্পৰ্ক আছে। সেই ভূমিসমূহ নগৰীয়া ব্য়ৱসায়ী মহাজনে সাধাৰণতে গ্ৰামাঞ্চলত থকা তেওঁলোকৰ ভূমি কাঢ়ি লৈছে আৰু জনজাতিসকলক দাস হিচাপে ব্য়ৱহাৰ কৰিছে। সুদখোৰ মহাজনে তেওঁলোকৰ মাটি-বাৰীলৈ জনজাতিসকলক সৰ্বস্বান্ত কৰিছে। সেই কাৰণে এন.জি.ৰঙ্গই প্ৰত্য়েক নাগৰিকক আইনৰ সুৰক্ষা দিয়াটো তেওঁ কামনা কৰিছিল যদিও তেওঁ সীমাবদ্ধতাৰ কথা উল্লেখ কৰিছিল। শিক্ষা-স্বাস্থ্য়ৰ সুবিধা দি সচেতন নাগৰিক হিচাপে তেওঁলোকক গঢ় দিব লাগিব। ইয়াৰ বাবে তেওঁলোকক লাগিব সাংবিধানিক ৰক্ষা কবচ। তেওঁলোকৰ হৈ কথা কোৱা সকল সেই শ্ৰেণী লোক নাছিল। তেওঁলোকৰ হৈ চিনাতা কৰা লোক এন.জি.ৰঙ্গই আছিল তেওঁ সংখ্য়ালঘু বিষয়ে মাত মাতিছিল। 


৬। জনজাতিসকলৰ স্বার্থ সুৰক্ষাৰ অৰ্থে কি কি পৰামৰ্শ আগবঢ়োৱা হৈছিল?

উত্তৰঃ সংবিধান সভাত ভাৰতৰ বিভিন্ন ক্ষুদ্ৰ জাতিসত্ত্বা জীয়াই ৰাখিব বাবে দাবী উত্থাপিত কৰা হৈছিল। পকাৰ বাহাদুৰে এক যুক্তি কৰিছিল যে মুছলমানসকলৰ অভাৱ অভিযোগসমূহ হৃদয়ঙ্গৰ কৰি এজন মুছলমান প্ৰতিনিধিয়ে সদনত উত্থাপন কৰিব পাৰিব। অনা-মুছলমানজনে সদন কৰিব পৰা নাছিল। সেই বাবে পৃথক ভোটাধিকাৰ সজোৰে দাবী কৰিছিল। সেই ৰাজনৈতিক দাবীয়ে জাতীয়তাবাদী সদস্য়সকলক ক্ষুণ্ণ কৰিছিল। ইয়াৰ বাবে সভাত উত্তেজনা বৃদ্ধি হৈছিল। ভাৰতৰ মানুহক ৰাজনৈতিকভাৱে বিভক্ত কৰি শক্তিশালী জাতিয় আন্দোলনটোক তেওঁলোকে দুৰ্বল কৰিব বিচাৰিছিল আৰু তেওঁলোকে ভাবিছিল যে তেনে কৰিলে অতি সহজতে ভাৰত শাসন কৰিব পৰা যাব। ইয়াৰ বাবে ভোটাধিকাৰ দাবী প্ৰত্য়াহাৰ কৰিব লাগে বুলি আৰ.বি.ধূলেকাৰে পকাৰ বাহাদুক বুজনি দিছিল।  

     ভাৰত বিভাজনে জাতীয়তাবাদী শিবিৰক অধিক শক্তিশালী কৰি তুলিছিল। সেই বিভাজনৰ ফলত হোৱা বিদ্ৰোহ, হিংসা, নিৰ্যাতন আৰু প্ৰব্ৰজনৰ দৰে পৰিস্থিতি সৃষ্টি কৰিব বুলি ভবা হৈছিল। চৰ্দাল বল্লভ ভাই পেটেলে কৈছিল যে এই ব্য়ৱস্থাই এটা সম্প্ৰদায়ক আনটোৰ সম্প্ৰদায় বিৰুদ্ধে উচটাব। ইংৰাজে এৰি যোৱা ভাৰত বিভাজনৰ বীজ ধ্বংস কৰিব লাগে বুলি তেওঁ দাবী কৰিছিল। জাতীৰ ঐক্য়ৰ বাবে দেশৰ প্ৰত্য়েক নাগৰিকেই ৰাষ্ট্ৰৰ স্বাৰ্থৰ লগত একাত্মবোধ কৰিব লাগে। ৰাজনৈতিকভাবে সকলো নাগৰিকে সমান হ'ব লাগিব। সাংস্কৃতিক অধিকাৰ ভোগ কৰিব লাগিব। প্ৰত্য়েক সম্প্ৰদায়কেই সাংস্কৃতিক স্বীকৃতি সংবিধানে দিব লাগিব। জাতীয়তাবাদীসকলে এখন শক্তিশালী ভাৰতৰাষ্ট্ৰ গঢ়ি উঠাত ই হেঙ্গাৰ ৰূপে থিয় দিব বুলি ভাবিছিল।  


৭। কেন্দ্রীয় চৰকাৰক ক্ষমতাশালী কৰাৰ যুক্তিবােৰ কোন আছিল?

উত্তৰঃ সংবিধান সভাত কেন্দ্ৰীয় চৰকাৰ সম্পৰ্কে আলোচনা কৰিছিল। নেহেৰুৱে দেশৰ অখণ্ডতাৰ আৰু নিৰাপত্তা নিশ্চিত কৰিব কাৰণে কেন্দ্ৰীয় চৰকাৰৰ হাতত অধিক ক্ষমতাৰ পোষকতা কৰিছিল। দুৰ্বল কেন্দ্ৰীয় চৰকাৰ এখনে ৰাষ্ট্ৰৰ শান্তি নিশ্চিত কৰিব নোৱাৰে। আন্তৰ্জাতিক ক্ষেত্ৰতো সমগ্ৰ দেশখনৰ স্বাৰ্থ ৰক্ষা কৰাৰ অসুবিধা হৈছিল। খচৰা সংবিধানত শাসনৰ ক্ষমতা তিনিখন তালিকাত প্ৰস্তুত কৰা হয় আৰু প্ৰথমখন হৈছে কেন্দ্ৰীয় তালিকাৰ অন্তৰ্ভূক্ত কেন্দ্ৰীয় চৰকাৰ। কেন্দ্ৰক শক্তিশালী কৰিবৰ বাবে কেন্দ্ৰীয় তালিকাত অধিক বিষয় অন্তৰ্ভূক্ত কৰা হয়। কেন্দ্ৰীয় চৰকাৰে সমৱৰ্তী তালিকাভূক্ত বিষয়বোৰতো ই প্ৰভাৱ পেলাব পাৰে। খচৰা সংবিধানৰ ৩৬৫ নং নিবন্ধই গবৰ্ণৰৰ চুপাৰিছ মতে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য়িক চৰকাৰৰ শাসন নিজৰ হাতলৈ নিব পাৰে। 

     কেন্দ্ৰীয় চৰকাৰে বিত্তীয় ক্ষেত্ৰতো অধিক সুবিধা লাভ কৰিছিল। কোম্পানী কৰ আৰু বাণিজ্য়িক শুল্ক আদি ৰাজহ কেন্দ্ৰীয় চৰকাৰৰ হাতলৈ গৈছিল। কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য়িক চৰকাৰ মাজত আয়কৰ আৰু আবকাৰী কৰ ক্ষমতা ভাগ কৰা হয়। মাদ্ৰাজৰ কে সন্থানমে কৈছিল যে কেন্দ্ৰৰ ক্ষমতা অধিক হ'লেহে ই শক্তিশালী হ'ব। অধিক দায়িত্বৰ বোজা দিলে কেন্দ্ৰীয় চৰকাৰে কাম চলাব নোৱাৰিব। সন্থানমে পুনৰ কৈছিল যে কেন্দ্ৰীয় পুঁজিলৈ অধিক ৰাজহৰ ব্য়ৱস্থা কৰিলে ৰাজ্য়বিলাকে নিজস্ব ভাৱে উদ্য়োগ গ্ৰহণ কৰিব নোৱাৰিব। প্ৰদেশবিলাকে নিজৰ উন্নতিৰ বাবে কেন্দ্ৰীয় চৰকাৰ উচৰত বাবে বাৰে কাবৌ-কোকালি কৰি থাকিব লগা হোৱাটো উচিত নহয়। তেওঁ সেই কথাত বেছি ভাগ লোকে হয়ভয় দিলে। কেন্দ্ৰক শক্তিশালী কৰা যুক্তি দাঙি ধৰি ভীমৰাও আম্বেদকাৰে কৈছিল যে দেশৰ চুকে-কোণে সঘনাই ঘটি থকা আন্দোলন আৰু বিদ্ৰোহ সেই হিংসাত্মক ঘটনাবোৰ কথা মনত ৰখা উচিত। গোপালস্বামী আয়েঙ্গাৰে যিমান সম্ভৱ সিমান ক্ষমতা দিয়া সপক্ষে কেন্দ্ৰীয় চৰকাৰক কৈছিল। ইউনাইটেদ প্ৰবিন্সৰ বালকৃষ্ণ শৰ্মাই কৈছিল যে এক শক্তিশালী কেন্দ্ৰইহে দেশৰ সামূহিক স্বাৰ্থ ৰক্ষা কৰিব পাৰে। এইদৰে বহুতো দীঘলীয়া বিতৰ্কৰ সৃষ্টি হৈছিল।  


৮। প্রদেশবিলাকক কিয় সবল কৰিব লাগে বুলি কোৱা হৈছিল?

উত্তৰঃ সংবিধান সভাত কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰদেশবোৰৰ ক্ষমতা সম্পৰ্কে আলোচনা কৰিছে। দুৰ্বল কেন্দ্ৰীয় চৰকাৰ এখনে ৰাষ্ট্ৰৰ শান্তি নিশ্চিত কৰিব নোৱাৰে। কেন্দ্ৰক শক্তিশালী কৰিব বাবে কেন্দ্ৰীয় তালিকাত অধিক বিষয় অন্তৰ্ভূক্ত কৰা হয়। প্ৰাদেশিক চৰকাৰৰ ক্ষমতা বৃদ্ধিত গুৰুত্ব দি মাদ্ৰাজৰ কে সন্থানমে কৈছিল যে কেন্দ্ৰৰ ক্ষমতা অধিক হ'লেহে ই শক্তিশালী হ'ব পাৰিব এইটো এটা ভ্ৰান্ত ধাৰণাৰ। অধিক দায়িত্বৰ বোজা দিলে কেন্দ্ৰীয় চৰকাৰে সুচাৰুৰূপে কাম চলাব নোৱাৰিব। তেওঁ কৈছিল যে কেন্দ্ৰীয় পুঁজিলৈ অধিক ৰাজহৰ ব্য়ৱস্থাৰ কৰিলে ৰাজ্য়বোৰে নিজস্ব ভাৱে উদ্য়োগ গ্ৰহণ কৰিব নোৱাৰিব। 

    কেন্দ্ৰক শক্তিশালী কৰাৰ যুক্তি দাঙি ধৰি ভীমৰাও আম্বেদকাৰে কৈছিল যে দেশৰ চূকে-কোণে সঘনাই ঘটি থকা বিদ্ৰোহ আৰু ঘটনাবোৰ কথা মনত ৰখা উচিত। সেই ঘটনাৰ সমূহে দেশখনক বহু দূৰ পিছুৱাই নিছে। শৰ্মাই কৈছিল যে শক্তিশালী কেন্দ্ৰইহে দেশৰ সামূহিক স্বাৰ্থ ৰক্ষা কৰিব পাৰে। 


৯। গান্ধীজীয়ে কিয় হিন্দুস্তানীক ৰাষ্ট্রভাষা হিচাপে গ্ৰহণ কৰাটো বিচাৰিছিল?

উত্তৰঃ ভাৰতৰ বিভিন্ন অঞ্চলত বিভিন্ন ধৰণৰ ভাষা কোৱা লোক আছে। এনেবোৰ কাৰণতে এটা অঞ্চলৰ মানুহে আন এটা অঞ্চলৰ মানুহৰ লগত ভাৱ বিনিময় কৰিব লোৱাৰে। ঐক্য়বদ্ধ ভাৰতৰ বাবে নাগৰিকসকলৰ মাজত ভাৱ বিনিময় আৰু যোগাযোগ কৰাতো অপৰিহায্য়। ১৯৪৭ চনত ভাৰত বিভাজনৰ পিছত ভাৰতৰ একতাৰ অধিক প্ৰয়োজনীয় হৈছিল। কংগ্ৰেছে সকলোৰে গ্ৰহণযোগ্য় কৰি এটা হিন্দুস্তানী ভাষাক ৰাষ্ট্ৰীয় ভাষাৰ হিচাপে গ্ৰহণ কৰিছিল। ইয়াত গান্ধীজীয়ে মত দিছিল যে জনসাধাৰণে ভালদৰে বুজি পোৱাকৈ এটা ভাষাকে সকলোৱে ব্য়ৱহাৰ কৰিব লাগে। হিন্দুস্তানী হিন্দী আৰু উৰ্দুৰ সংমিশ্ৰিত ভাষা। এই ভাষাৰ ভাৰতৰ বহুতো লোকে ব্য়ৱহাৰ কৰিছিল। সাংস্কৃতিক সম্পৰ্ক উপৰিও ভাৰতৰ বিভিন্ন জনগোষ্ঠীয়ে ব্য়ৱহাৰ কৰা শব্দবোৰ ইয়াত সোমাই পৰিছে।  হিন্দু-মুছলমান উত্তৰ আৰু দক্ষিণ ভাৰতৰ মাজত ব্য়ৱধান হ্ৰাস পোৱাত সহায় কৰিব বুলি গান্ধীয়ে ভাৱিছিল। হিন্দু আৰু উৰ্দুৰ মাজত ব্য়ৱধান বাঢ়িল। হিন্দীত সংস্কৃত ভাষাৰ প্ৰভাৱ বাঢ়িল, পাৰ্চী আৰু আৰৱী শব্দৰ প্ৰভাৱ কমিল। ইয়াত হিন্দী হিন্দু ৰাজনীতি আৰু উৰ্দুৰ মুছলিম ৰাজনীতিৰ লগত সম্পৰ্কিত হ'ল। গান্ধীয়ে কৈছিল যে হিন্দুস্তানী ভাষালৈ সংস্কৃত গন্ধী হিন্দু উৰ্দুৰ নহয়, দুয়োটাৰে সুবিধাজনক। হিন্দুস্তানী ভাষাত বিভিন্ন আঞ্চলিক ভাষা আৰু বিদেশী ভাষাৰ সংমিশ্ৰিত কৰিব লাগে। ইয়াৰ কাৰণ এই ভাষাটোৱে জাতীয় ভাষালৈ উন্নিত হ'ব পাৰে।

     আৰ.ভি.ধূলেকাৰ তেওঁ ইউনাইটেড প্ৰদেশৰ কংগ্ৰেছী সদস্য় আছিল। তেওঁ সংবিধান সভাত হিন্দী ব্য়ৱহাৰ হোৱাটো বিচাৰিছিল। ইয়াৰ বিষয়ে তেওঁ কঠোৰ দৃষ্টিভংগী গ্ৰহণ কৰি কৈছিল যে যিসকল লোকে হিন্দী ভাষা বুজি নাপায় তেওঁলোক সংবিধান সভাৰ সদস্য় বাবে উপযুক্ত নহয়। তেওঁলোকে সভা ত্য়াগ কৰিব লাগে। ইয়াৰ কাৰণে সভাত হুলস্থূল সৃষ্টি হৈছিল আৰু এই বোৰৰ কাৰণতে ৰাষ্ট্ৰ ভাষালৈ বিতৰ্ক হৈছিল সৃষ্টি হৈছিল তিনি বছৰ ধৰি। পিছত উপসমিতিয়ে দাখিল কৰা প্ৰতিবেদন মতে হিন্দীৰ সপক্ষে আৰু বিপক্ষে মীমাংসা কৰি কৈছিল যে প্ৰথমে ১৫ বছৰ ইংৰাজীকে চৰকাৰী কামত ব্য়ৱহাৰ কৰা হ'ব। প্ৰত্য়েকেই নিজৰ আঞ্চলিক ভাষা চৰকাৰী কামত ব্য়ৱহাৰ কৰিব। ইয়াৰ পিছতো আৰ.ভি.ধূলেকাই হিন্দীৰ ভাষাৰ ৰাষ্ট্ৰভাষা ৰূপে গ্ৰহণ কৰিছিল।   


◻️ চমু ৰচনা লিখাঃ (২০০-২৫০ শব্দৰ ভিতৰত) ঃ (৫ নম্বৰকৈ) 

১০। ভাৰতীয় সংবিধানৰ ঐতিহাসিক পটভূমি বিচাৰ কৰা।

উত্তৰঃ ১৯৪৬ চনৰ ৭ ছেপ্টেম্বৰ তাৰিখে সংবিধান সভাৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়। পাকিস্তান গঠনৰ দাবীত লাগি থকাৰ বাবে মুছলিম লীগৰ সদস্য়সকলে যোগদান কৰাৰ পৰা বিৰত আছিল। ডঃ ৰাজেন্দ্ৰ প্ৰসাদৰ সভাপতিত্বত সংবিধান সভাই ভাৰতৰ কাৰণে এখন সংবিধান ৰচনা কৰাৰ বাবে অগ্ৰসৰ হয়। সংবিধান চালিজাৰি চোৱাৰ বাবে ১৩ খন সমিতি গঠন কৰা হৈছিল। ১৯৪৬ চনৰ ২৬ নৱেম্বৰ তাৰিখে সংবিধান সভাই ইয়াক গ্ৰহণ কৰিছিল। ডঃ আম্বেদকাৰক ভাৰতীয় সংবিধানৰ জনক বুলি কোৱা হয়। কাৰণ খচৰা সংবিধানৰ চূড়ান্ত ৰূপ দিয়াৰ বাবে। ১৯৫০ চনৰ ২৬ জানুৱাৰী পৰা বলবৎ কৰি ভাৰতবৰ্ষক এখন সাৰ্বভৌম গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ হিচাপে ঘোষণা কৰিছিল। 


১১। দলিতসকলৰ স্বার্থ সুৰক্ষাৰ হেতু আগবঢ়োৱা যুক্তিবােৰ বিচাৰ কৰা।

উত্তৰঃ 


১২। সংবিধান সভাত ভাৰতৰ ৰাষ্ট্রভাষা সম্পর্কত হােৱা আলােচনা বিশ্লেষণ কৰা।

উত্তৰঃ সংবিধান সভাত বহু ভাষা ভাষিক দেশ ভাৰতৰ এক ৰাষ্ট্ৰীয় ভাষা সম্পৰ্কত সুৰ্দীৰ্ঘ বিতৰ্কৰ সৃষ্টি হৈছিল। ইয়াৰ কাৰণ হৈছে 

    ভাৰতৰ বিভিন্ন অঞ্চলত বিভিন্ন ভাষা-ভাষী লোক আছে আৰু জনজাতীয় দোৱানবোৰ থাকে। এই সমূহৰ ক্ষেত্ৰত এটা অঞ্চলৰ মানুহে আনটো অঞ্চলৰ মানুহৰ লগত ভাৱ বিনিময় কৰাত অসুবিধা হয়। বৃটিছৰ দিনত কেন্দ্ৰীভূত শাসন থাকিলেও ভাৰতীয় ঐক্য়ত ঔপনিৱেশিক কাৰণে বিধি-পথালিৰ দিছিল। ১৯৪৭ চনৰ ভাৰত বিভাজনৰ পিছত ভাৰতৰ একতাৰ অধিক প্ৰয়োজন হ'ল। সকলোৰ লোকৰে গ্ৰহণযোগ্য় ভাষা হিচাপে কংগ্ৰেছে ১৯৩০ দশকৰ পৰাই হিন্দুস্থানী ভাষাক ৰাষ্টীয় ভাষা হিচাপে গ্ৰহণ কৰিছিল। এই ক্ষেত্ৰত গান্ধীজীয়ে মত দিছিল যে জনসাধাৰণে অতি সহজতে বুজিব পৰা এটা ভাষা সকলো লোকে ব্য়ৱহাৰ কৰিব লাগে। হিন্দুস্থানী হিন্দী আৰু উৰ্দুৰ সংমিশ্ৰিত ভাষা। ভাৰতৰ বহুতো লোকে এই ভাষা ব্য়ৱহাৰ কৰিছিল। সাংস্কৃতিক সম্পৰ্কৰ উপৰিও ভাৰতীয় বিভিন্ন জনগোষ্ঠীয়ে ব্য়ৱহাৰ কৰা শব্দও ইয়াত সোমাই পৰিছিল। সেই বাবে ভাৰতীয় বিভিন্ন অঞ্চলৰ লোকে ইয়াক বুজিব পাৰিছিল। হিন্দু-মুছলমানৰ মাজৰ সাম্প্ৰদায়িক সংঘৰ্ষ বৃদ্ধিৰ লগে লগে হিন্দুস্থানী ভাষালৈ পৰিৱৰ্তন আহিছিল। হিন্দুৰ আৰু উৰ্দুৰ মাজত ব্য়ৱধান বাঢ়িল। হিন্দীত সংস্কৃত ভাষা প্ৰভাৱ বাঢ়িল, পাৰ্চী আৰু আৰৱী শব্দৰ প্ৰভাৱ কমিল। ইয়াৰ বাবে হিন্দী হিন্দু ৰাজনীতি আৰু উৰ্দু মুছলিম ৰাজনীতি লগত সম্পৰ্ক হ'ল। 

    গান্ধীজীয়ে কৈছিল হিন্দুস্থানী ভাষাটো সংস্কৃত গন্ধী হিন্দী উৰ্দু নহয়। দুয়োটায়ে সুবিধাজনক সংমিশ্ৰণহে। হিন্দুস্থানী ভাষাত বিভিন্ন আঞ্চলিক ভাষা আৰু বিদেশী ভাষাৰ সংমিশ্ৰিত ৰূপত সোমাব পাৰে। যাতে ই জাতীয় ভাষালৈ উন্নিত হ'ব পাৰে। ইউনাইটেড প্ৰদেশৰ কংগ্ৰেছী সদস্য় আৰ.ভি.ধূলেকাৰে সংবিধান সভাত হিন্দী ভাষা হোৱাটো বিচাৰিছিল। সেই বিষয়ে তেওঁ কঠোৰ দৃষ্টিভংগী গ্ৰহণ কৰি কৈছিল যিসকল লোকে হিন্দী বা হিন্দুস্থানী বুজি নাপায় তেওঁলোকে সংবিধান সভাৰ সদস্য় হোৱা উচিত নহয় আৰু তেওঁলোকে সভা ত্য়াগ কৰিব লাগে। গান্ধীজীৰ সেই কথাই সভাত হুলস্থূল সৃষ্টি কৰিছিল। সেই বাবে ৰাষ্ট্ৰ ভাষালৈ তিনিবছৰ ধৰি বিতৰ্ক চলিছিল। পিছত সংবিধান সভাত ভাষা উপসমিতিয়ে দাখিল কৰা প্ৰতিবেদনৰ মতে হিন্দীৰ সপক্ষ আৰু বিপক্ষ দলৰ মাজত মিমাংসা কৰা হৈছিল যে দেৱনাগিৰি লিপিত হিন্দীয়েই লাহে লাহে ৰাষ্ট্ৰৰ চৰকাৰী ভাষা ৰূপে পৰিগণিত হ'ব। ধূলেকাৰে ৰাষ্ট্ৰভাষা হিচাপে হিন্দীক গ্ৰহণ কৰাত গুৰুত্ব দিছিল।  


১৩। ভাৰতীয় সংবিধানৰ দুটা উল্লেখযােগ্য বৈশিষ্ট্য উল্লেখ কৰা

উত্তৰঃ ভাৰতীয় সংবিধানত দুটা উল্লেখযোগ্য় বৈশিষ্ট্য় হ'ল

    ১। পাপ্তবয়স্ক নাগৰিকলৈ ভোটাধিকাৰ প্ৰদান। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইংলেণ্ডত প্ৰথমে ধনী মানুহকে ভোটাধিকাৰ দিছিল। ইয়াৰ পিছতে শিক্ষিত লোকলৈ এই অধিকাৰ সম্প্ৰসাৰিত কৰিছিল। 

২। ধৰ্ম নিৰপেক্ষতা। ইয়াৰ ২৫-ৰ পৰা ২৮ অনুচ্ছেদত মৌলিক স্বত্বৰ শিতানত ধৰ্মীয় স্বাধীনতা, ২৯-৩০ সাংস্কৃতিক আৰু শৈক্ষিক অধিকাৰ আৰু ১৪, ১৬, আৰু ১৭ দফাত সমতা অধিকাৰ। সংবিধানে সকলো ধৰ্মীয় লোককে সমান অধিকাৰ দিছে। 


◻️ এটা শব্দ বা বাক্যত উত্তৰ লিখা ঃ(১ নম্বৰকৈ) 


১৪। ১৮৮৫ চনত লাভ কৰা ভাৰতৰ প্ৰথমটো সৰ্বভাৰতীয় জাতীয় অনুষ্ঠানৰ নাম লিখা।

উত্তৰঃ ১৮৮৫ চনত লাভ কৰা ভাৰতৰ প্ৰথমটো সৰ্বভাৰতীয় জাতীয় অনুষ্ঠানৰ নাম হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ। 


১৫। ১৯১৯ চনৰ কোনখন আইনে দ্বিসদনযুক্ত বিধানমণ্ডলৰ ব্যৱস্থা কৰিছিল?

উত্তৰঃ ১৯১৯  চনৰ ভাৰত চৰকাৰ আইন বা মন্টেগো চেমচ্ফৰ্ড আইনে দ্বিসদনযুক্ত বিধানমণ্ডলৰ ব্য়ৱস্থা কৰিছিল। 


১৬। ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনক ভাৰত বিৰােধী আইন ( Anti India Act ) বুলি কোৱাৰ এটা যুক্তি দাঙি ধৰা।

উত্তৰঃ 


১৭। ইংলেণ্ডৰ কোনটো ৰাজনৈতিক দল ভাৰতৰ ৰাজনৈতিক সমস্যাৰ প্রতি সহানুভূতিশীল আছিল।

উত্তৰঃ ইংলেণ্ডৰ বনুৱা দল ভাৰতৰ ৰাজনৈতিক সমস্য়াৰ প্ৰতি সহানুভূতিশীল আছিল। 


১৮। তােমাৰ পাঠ্যপুথিত উল্লেখ থকা ইংলণ্ডৰ ‘লেবাৰ পাৰ্টিৰ’ প্রধানমন্ত্রীজনৰ নাম লিখা।

উত্তৰঃ


১৯। ভাৰতৰ সংবিধান সভাৰ মুঠ সদস্য সংখ্যা কিমান আছিল?

উত্তৰঃ ভাৰতৰ সংবিধান সভাৰ মুঠ সদস্য় সংখ্য়া আছিল ৩৮৯ জন।


২০। সংবিধান খচৰা সমিতিৰ সভাপতিজনৰ নাম লিখা।

উত্তৰ সংবিধানৰ খচৰা সমিতিৰ সভাপতিজনৰ নাম হৈছে ড° ভীমৰাও আম্বেদকাৰ। 


২১। পৃথক ভােটাধিকাৰৰ সপক্ষে এটা যুক্তি দাঙি ধৰা।

উত্তৰঃ ইংৰাজে এৰি যোৱা ভাৰত বিভাজনৰ বীজ ধ্বংস কৰিব লাগে। 


২২। জয়পাল সিং কোন জনগােষ্ঠীৰ লােক আছিল?

উত্তৰঃ জয়পাল সিং আদিবাসী জনগোষ্ঠীৰৰ লোক আছিল।


২৩। আৰ. ভি. ধুলেকাৰ কোন আছিল?

উত্তৰঃ আৰ.ভি.ধুলেকাৰ আছিল ইউনাইটেড প্ৰদেশৰ কংগ্ৰেছী সদস্য়। 


২৪। নিদের্শাত্মক নীতি ভাৰতীয় সংবিধানৰ কোন অধ্যায়ত সন্নিৱিষ্ট আছে?

উত্তৰঃ নিদেৰ্শাত্মক নীতি ভাৰতীয় সংবিধানৰ চতুৰ্থ অধ্য়ায়ত সন্নিৱিষ্ট আছে। 


২৫। ভাৰতৰ সংবিধানে কিয় এক নাগৰিকত্বৰহে ব্যৱস্থা ৰাখে?

উত্তৰঃ


২৬। ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনা কোনটো গুৰুত্বপূৰ্ণ শব্দৰে আৰম্ভ কৰিছে?

উত্তৰঃ ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনা স্বাধীন সাৰ্বভৌম ৰাষ্ট্ৰ শব্দৰে আৰম্ভ কৰিছে। 


২৭। কোনে পাকিস্তান শব্দটো ৰূপ দিছিল?

উত্তৰঃ মহম্মদ আলীয়ে পাকিস্তান শব্দটো ৰূপ দিছিল। 


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)





Type: Pallab Jyoti Bora


Author By: Sayanika Das =


Post ID : DABP006351