মনিক আৰু শিলা
-প্ৰশ্নাৱলী-
১। শুদ্ধ উত্তৰ বাছি উলিওৱা -
(i) গ্ৰেনাইট গঠনৰ মূল উপাদান কোন দুবিধ ?
(ক) লৌহ আৰু নিকেল (খ) চিলিকা আৰু এলুমিনিয়াম
(গ) লৌহ আৰু ৰূপ (ঘ) লৌহ আৰু অয়স্ক আৰু প'টাছিয়াম
উত্তৰঃ (খ) চিলিকা আৰু এলুমিনিয়াম।
(ii) তলত উল্লেখ কৰা - কোনটো ৰূপান্তৰিত শিলাৰ স্পষ্ট বৈশিষ্ট্য ?
(ক) পৰিৱৰ্তনশীল (খ) স্ফটিকযুক্ত
(গ) ফ'লিয়েচন (ঘ) স্থিৰতা
উত্তৰঃ (গ) ফ'লিয়েচন।
(iii) কোনবিধ খনিজদ্ৰব্য একক উপাদানেৰে গঠিত নহয় ?
(ক) সোণ, (খ) অভ্ৰ
(গ) ৰূপ (ঘ) গ্ৰাফাইট/খনিজ ক'লা মাটি ।
উত্তৰঃ (খ) অভ্ৰ।
(iv) আটাইতকৈ কঠিন খনিজদ্ৰব্য কোনবিধ ?
(ক) ট'পাজ (খ) কোৱাৰ্জ
(গ) হীৰা (ঘ) ফেলছপাৰ
উত্তৰঃ (গ) হীৰা।
(v) তলত উল্লেখ কৰা কোনবিধ গেদীয় শিলা নহয় ?
(ক) টিলাইট (খ) ব্ৰেচিয়া
(গ) বোৰাক্স (ঘ) মাৰ্বল
উত্তৰঃ (ঘ) মাৰ্বল।
২) উত্তৰ লিখা (৩০ টা শব্দৰ ভিতৰত)
(i) শিলা বুলিলে কি বুজা ? তিনিপ্ৰকাৰৰ শিলা কি কি ?
উত্তৰঃ যিবোৰ কঠিন পদাৰ্থৰে ভূত্বক গঠিত সেইবোৰক সামগ্ৰিক শিলা বুলি কোৱা হয়। পৃথিৱীৰ এই স্তৰটো গোটা আৰু কঠিন পদাৰ্থৰে গঠিত।
তিনিপ্ৰকাৰৰ শিলা নাম হ'ল-
(১) আগ্নেয় বা প্ৰাথমিক শিলা।
(২) গেদীয় বা স্তৰীভূত শিলা।
(৩) ৰূপান্তৰিত শিলা।
(ii) আগ্নেয় শিলা কি? ই কেনেকৈ গঠন হয় ? আগ্নেয়শিলাৰ বৈশিষ্ট্য কি ?
উত্তৰঃ যি শিলা আগ্নেয়গিৰি উদগীৰনৰ ফলত সৃষ্টি হয় তেনে শিলাক আগ্নেয়শিলা বোলা হয় অথবা ভূত্বক সৃষ্টিৰ আদিতে যিবিধ শিলা গঠিত হৈছিল সেই বিধক প্ৰাথমিক শিলা বোলা হয়। পৃথিৱীৰ উপৰিভাগ কঠিন আৰু গোটা হলেও ইয়াৰ অন্তৰভাগ যথেষ্ট গৰম অৱস্থাত আছে বুলি আমি বিভিন্ন তথ্যৰ পৰা জানিব পাৰিছো। গৰম অৱস্থাৰ বাবে পদাৰ্থবোৰ গলিত অৱস্থাত আছে। সেয়ে সুবিধা পালেই অন্তৰ ভাগৰ গলিত পদাৰ্থবোৰ নিৰ্গত হৈ যি বিধ শিলাৰ গঠন কৰে তেনে বিধ শিলাই আগ্নেয়শিলা।
আগ্নেয়শিলাৰ বৈশিষ্ট্য হ'ল-
(১) আগ্নেয় শিলা অত্যন্ত ক্ষয়ৰোধী।
(২) ই স্ফটিকীয়।
(৩) ই স্তৰবিহীন।
(iii) গেদীয় শিলা কি ? গেদীয় শিলা কেনেকৈ গঠন হয় ?
উত্তৰঃ পৃথিৱীৰ খোলাত বা ভূ-ত্বকত যিবোৰ শিলা তৰপে তৰপে পোৱা যায় অথবা বিভিন্ন গেদ জমাহোৱাৰ ফলত শিলাৰ সৃষ্টি হয় তেনেবিধ শিলাক গেদীয় শিলা বোলা হয়।
আগ্নেয়শিলা অথবা গেদীয় শিলা শীত, তাপ, বায়ুৰ চাপ, বৰষুন আদিৰ ভৌতিক আৰু ৰাসায়নিক ক্ৰিয়াৰ ফলত দূৰ্বল হৈ ভাগি খণ্ড-বিখণ্ড হৈ সৰু সৰু শিলৰ টুকুৰা, বালি, ধূলি আদিত পৰিনত হয়। এই সৰু সৰু বিভিন্ন উপাদান সমূহ বোৱতী পানী, বতাহ, হিমবাহ আদিয়ে দ ঠাই যেনে- সাগৰৰ তলি বা হ্ৰদ নাইবা কোনো ভূ-অভিনতিত স্তৰে স্তৰে জমা কৰে। কোটি কোটি বছৰৰ পাছত এই গেদবোৰ কঠিন হৈ শিলাত পৰিণত হয়। আৰু এনেকৈয়ে গেদীয় শিলাৰ গঠন হয়।
(iv) শৈল চক্ৰ কি ? চিত্ৰসহ বুজাই লিখা ।
উত্তৰঃ পৃথিৱীত পোৱা বিভিন্ন শিলা বিলাক সদায় একে ধৰনে থকা দেখা নাযায়। বিভিন্ন প্ৰাকৃতিক কাৰকৰ বাবে পুৰনি শিলা বিলাক নতুন ৰূপলৈ পৰ্যবসতি হয়। আগ্নেয় শিলা হল প্ৰাথমিক শিলা। ইয়াৰ পৰাও বিভিন্ন প্ৰকাৰে গেদীয় আৰু ৰুপান্তৰিত শিলাৰ সৃষ্টি হয়। ঠিক তেনেদৰে আগ্নেয় আৰু ৰূপান্তৰিত শিলাৰ পৰা উপজাত পদাৰ্থৰে গেদীয় শিলাৰ সৃষ্টি হব পাৰে। আনকি গেদীয় শিলাও বিচুৰ্নীভূত হৈ পুনৰ নতুন গেদীয় শিলাৰ সৃষ্টিৰ উৎস হব পাৰে। সেয়ে- যি প্ৰক্ৰিয়াৰ জৰিয়তে পুৰনি শিলা সমূহ নতুন ৰূপলৈ পৰ্যবসতি হয়,তাকে শৈল চক্ৰ বোলে। শিলাসমূহ প্ৰাৰম্ভিক অৱস্থাত যেনেদৰে আছিল পৰৱৰ্তী কালত বিভিন্ন কাৰক আৰু প্ৰক্ৰিয়াৰ ফলত পৰিবৰ্তন ঘটিব পাৰে। শৈলচক্ৰ হৈছে এটা নিৰবিচ্ছিন্ন প্ৰক্ৰিয়া য'ত পুৰণি শিলাসমূহ বিভিন্ন কাৰকৰ প্ৰভাৱত নতুন ৰূপলৈ পৰ্যবসতি হয়। আগ্নেয় শিলা হ'ল প্ৰথমিক শিলা।
৩) উত্তৰ লিখা (১৫০ টা শব্দৰ ভিতৰত)
(i) খনিজ দ্ৰব্য বুলিলে কি বুজা ? বিভিন্ন প্ৰকাৰৰ খনিজ দ্ৰব্যৰ নাম উল্লেখ কৰি সেইবোৰৰ বৈশিষ্ট্য লিখা ।
উত্তৰঃ পৃথিৱীৰ গঠনৰ আমি বিভিন্ন প্ৰকাৰৰ পদাৰ্থ দেখিবলৈ পাওঁ। সেইসমূহৰ ভিতৰত অক্সিজেন, চিলিকন, এলুমিনিয়াম, লৌহ, কেলছিয়াম, ছডিয়াম, পটাছিয়াম, মেগনেছিয়াম, হাইড্ৰজেন, ফচফৰাচ, মেংগানিজ, গন্ধক, কাৰ্বন আদিয়েই প্ৰধান। এই পদাৰ্থবোৰৰ কোনো এবিধেই শুদ্ধ ৰূপত পোৱা নাযায় অৰ্থাৎ এই বিলাক অন্যান্য উপাদানৰ সতে যৌগ হৈ থাকে। এই উপাদানবোৰকে খনিজ দ্ৰব্য বোলা। পৃথিৱীৰ খোলাত বৰ্তমানলৈকে কেইবা হাজাৰ খনিজ দ্ৰব্য চিনাক্তকৰন কৰি নামকৰন কৰা হৈছে যদিও ৬ বিধমান অতি গুৰুত্বপূৰ্ণ। কেইবিধমান প্ৰধান খনিজ দ্ৰব্যৰ নাম আৰু বৈশিষ্ট তলত উল্লেখ কৰা হল-
(ক) ফেলচপাৰঃ পৃথিৱীৰ খোলাটোৰ প্ৰায় আধামান অকল ফেলচপাৰেৰে গঠিত। ইয়াত চিলিকন আৰু অক্সিজেন থকাৰ উপৰিও ছডিয়াম, পটাছিয়াম, কেলছিয়াম আদিও পোৱা যায়। ইয়াৰ ৰং পাতল ক্ৰীম সদৃশ আৰু কেতিয়াবা গুলপীয়া হোৱাও দেখা যায়।
(খ) কোৱাৰ্জঃ বালি আৰু গ্ৰেনাইটৰ এবিধ অতি প্ৰয়োজনীয় উপাদান কোৱাৰ্জ। ই এবিধ কঠিত পদাৰ্থ আৰু পানীত দ্ৰৱীভূত নহয়। ইয়াক শ্বেত বা বৰ্ণহীন অৱস্থাত পোৱা যায়।
(গ) পাইৰস্কিনঃ কেলছিয়াম, এলুমিলিয়াম, লো, মেগনেছিয়াম আৰু চিলিকাৰে গঠিত খনিজ দ্ৰব্যটোৰ নাম পাইৰস্কিন। ভূত্বক গঠনত ইয়াৰ অৱদান ১০ শতাংশ। ইয়াৰ ৰং সেউজীয়া অথবা কৃষ্ণবৰ্ণ।
(ঘ) এমফিবলঃ কেলছিয়াম, চিলিকা, লৌহ, মেগনেছিয়াম আৰু এলুমিনিয়াম উপাদানৰ সমষ্টিৰে এমফিবল গঠিত হৈছে। ভূ-ত্বক গঠনত ইয়াৰ বৰঙনি প্ৰায় ৭ শতাংশ। ইয়াৰ ৰং সেউজীয়া অথবা কৃষ্ণবৰ্ণ
(ঙ) অভ্ৰ বা বালিচন্দাঃ পটাচিয়াম, এলুমিনিয়াম, মেননেছিয়াম, লৌহ, চিলিকা আদি পদাৰ্থৰে অভ্ৰ বা বালিচন্দা গঠিত হৈছে। পৃথিৱীৰ খোলাটোত প্ৰায় ৪ শতাংশ অভ্ৰ পোৱা যায়।
(চ) ওলিভিনঃ ওলিভিনৰ গঠন মূল উপাদান হল মেগনেচিয়াম, লৌহ আৰু চিলিকা।
(ii) ভূ-পৃষ্ঠত বিভিন্ন প্ৰকাৰৰ শিলাৰ উৎপত্তি সম্বন্ধে লিখা । সেইবোৰৰ পাৰ্থক্য কেনেদৰে কৰিবা বুজাই লিখা ।
উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ সকলোবোৰ গোটা কঠিন পদাৰ্থকে শিলা বুলি কোৱা হয়। এই কঠিন আৰু গোটা পদাৰ্থবিধ নানা ধৰনেৰে উৎপত্তি হব পাৰে। সেয়ে উত্তপত্তিৰ ধৰনৰ ওপৰত নিৰ্ভৰ কৰি ভূ-পৃষ্ঠৰ এই গোটা বা কঠিন পদাৰ্থ (শিলা) বিধক তিনিটা ভাগত বিভক্ত কৰিব পাৰি। সেই কেইবিধ হল-
(ক) আগ্নেয় বা প্ৰাথমিক শিলা
(খ) গেদীয় বা স্তৰীভূত শিলা
(গ) ৰূপান্তৰিত শিলা।
শিলাসমূহৰ উৎপত্তিঃ পৃথিৱীৰ সৃষ্টিৰ সময়তে পাৰ্থিব পদাৰ্থ বিলাক শীতলহৈ কঠিন পদাৰ্থলৈ পৰিনত হৈছিল আৰু তেতিয়াই যি শিলা উৎপত্তি হৈছিল সেই বিধ শিলাক আমি প্ৰাথমিক শিলা বোলো। অথবা আগ্নেয়গিৰিৰ পৰা নিৰ্গত হৈ যি শিলাৰ সৃষ্টি কৰে তেনে শিলাক আগ্নেয়গিলা বোলা হয়। আনহাতে প্ৰাথমিক শিলা বা আগ্নেয় শিলাসমূহ বিচূৰ্ণভৱনৰ ফলত খণ্ড বিখণ্ড হয় আৰু সেই খণ্ড-বিখণ্ড সৰু বৰ টুকুৰা বিলাক বতহ,বোৱতি পানী, হিমবাহ, সাগৰৰ ঢৌ আদি বিভিন্ন কৰকে কঢ়িয়াই লৈ গৈ দ ঠাইত বিশেষকৈ সাগৰৰ তলি, হ্ৰদৰ তলি বা কোনো ভূ-অভিনতিত বছৰৰ পিছত বছৰ ধৰি তৰপে তৰপে জমা কৰে। এনে দৰে জমা হোৱা গেদবোৰ ৰাসায়নিক চাপ আৰু তাপৰ প্ৰভাৱত শিলালৈ ৰূপান্তৰিত হয় আৰু এইবিধ শিলকে আমি গেদীয় শিলা বোলো। তৰপে তৰপে গেদ জমাহৈ শিলা হোৱা বাবে ইয়াক স্তৰভূত শিলাও বোলা হয়। তৃতীয় বিধ শিলা হল ৰূপান্তৰিত শিলা। ইয়াৰ গঠন প্ৰণালী কিন্তু সুকিয়া। ভূ-পৃষ্ঠাত থকা আগ্নেয় আৰু গেদীয় শিলা বিলাক যদি ভূ আন্দোলনৰ ফলতেই হওঁক বা আন কিবা কাৰণতেই হওক ভূ-ত্বকত বহুবছৰ ধৰি চেপা খাই থাকে তেন্তে সেইবোৰ শিলাৰ ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন হোৱা দেখা যায় আৰু পিছলৈ এইবোৰ এক নতুন শিলালৈ ৰূপান্তৰিত হয় আৰু এনেকৈ গঠন হোৱা শিলাবিধকে ৰূপান্তৰিত শিলা বোলা হয়। ইয়াৰ কিছুমান পাৰ্থক্য হল-
১. আগ্নেয় শিলাঃ (ক) আগ্নেয়শিলা অতন্ত্য কঠিন আৰু ক্ষয়ৰোধী।
(খ) ই স্ফটিকীয়
(গ) আগ্নেয়শিলাৰ কোনো স্তৰ নাথাকে।
২. গেদীয় শিলাঃ (ক) গেদীয় শিলাবোৰ তৰপে তৰপে থাকে।
(খ) গেদীয় শিলাত বালি শিল, ছেল আদি থাকে।
(গ) এই বিধ শিলাত জীৱাশ্ম পোৱা যায়।
৩. ৰূপান্তৰিত শিলাঃ (ক) এই বিধ শিলা চকচকীয়া।
(খ) ৰূপান্তৰিত শিলা কেতিয়াবা তৰপা-তৰপে পোৱা যায় আৰু কেতিয়াবা কাচ-কাচ ভাৱতও দেখা যায়য
(iii) ৰূপান্তৰিত শিলা কি ? বিভিন্ন প্ৰকাৰৰ ৰূপান্তৰিত শিলাৰ বৰ্ণনা দিয়া । সেইবোৰৰ সম্বন্ধে লিখা ।
উত্তৰঃ আগ্নেয় আৰু গেদীয় শিলা যদি ভূ-আন্দোলন বা আন কিবা কাৰণত ভূ-ত্বকত বহুবছৰ ধৰি চেপা খাই থাকে তেন্তে সিহঁতৰ ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন হয় আৰু একপ্ৰকাৰ নতুন শিলালৈ ৰূপান্তৰিত হয় তাকে ৰূপান্তৰিত শিলা বুলি কোৱা হয়।
প্ৰকল্প কাৰ্যঃ
বিভিন্ন ক্ষেত্ৰৰ পৰা শিলৰ টুকুৰা সংগ্ৰহ কৰি সেইবোৰ চিনাক্ত কৰা আৰু সেইবোৰৰ বৈশিষ্ট্য আৰু গোত্ৰ/কুল নিৰ্ণয় কৰা ।
Type : Priyam Jyoti Patar
Answered By : Leena Kakati
Post ID : DABP006526