অঘৰী সাম্ৰাজ্য (Nomadic Empires) | অধ্যায় ৫ | Lesson 5 | Class 11 History Solution Assam | HS 1st Year History Solution | উচ্চতৰ মাধ্যমিক বুৰঞ্জী  ড° অজিত কুমাৰ দত্ত | Higher Secondary First Year History Notes


অধ্যায় ৫

অঘৰী সাম্ৰাজ্য

অনুশীলনী

১। অতি চমু উত্তৰ দিয়া 


(ক) জুৱাইনি কোন আছিল?

উত্তৰঃ জুৱাইনি আছিল এয়োদশ শতিকাৰ শেষৰ ইৰাণৰ মঙ্গোল শাসকসকলৰ এজন পাৰ্চী বুৰঞ্জী লেখক।  


(খ) কোন শতিকাত চীনৰ প্ৰাচীৰ নিৰ্মাণ হৈছিল?

উত্তৰঃ ১২২০ শতিকাৰত চীনৰ প্ৰাৰ্চীৰ নিৰ্মাণ হৈছিল। 


(গ) চেংঘিজ খাঁৰ মৃত্যু কেতিয়া হৈছিল?

উত্তৰঃ চেংগিছ খাঁৰ ১২২৭ চনত মৃত্য়ু হৈছিল। 


(ঘ) মঙ্গোলীয়া গণতন্ত্ৰৰ প্ৰতিষ্ঠা কেতিয়া হৈছিল

উত্তৰঃ ১৯২১ খ্ৰীঃত মঙ্গোলীয় গণতন্ত্ৰৰ প্ৰতিষ্ঠা হৈছিল। 


(ঙ) মঙ্গোলসকলৰ শ্ৰেষ্ঠতম নেতা বুলি কাক কোৱা হয়?

উত্তৰঃ চেংগিজ খাঁক মঙ্গোলসকলৰ শ্ৰেষ্ঠতম নেতা বুলি কোৱা হয়। 


(চ) ঘাজান খাঁ কোন আছিল?

 উত্তৰঃ ঘাজান খাঁ ইছলাম ধৰ্মৰ দীক্ষিত হোৱা প্ৰথম ইলখানিদ পৰিয়ালৰ শাসক আছিল। 


২।চমু উত্তৰ  লিখা ঃ


(ক) মোগলসকলৰ বাবে বাণিজ্য কিয় ইমান তাৎপৰ্য্যপূৰ্ণ আছিল?

উত্তৰঃ মঙ্গোল আৰু মধ্য় এছিয়া অঘৰী জনজাতি দুয়োপক্ষৰ মাজত বেপাৰ-বাণিজ্য় কৰিবলৈ প্ৰৰোচিত কৰিছিল। বাণিজ্য়ত অধিক লাভ হোৱা বাবে ইটোপক্ষই সিটোপক্ষৰ ওপৰত  হেঁচা প্ৰয়োগ কৰিছিল। তাৰ ফলত উত্তেজনাৰ সৃষ্টি হৈছিল। মঙ্গোল লোকসকলে একত্ৰিত হৈ চীনাসকলৰ পৰা ব্য়ৱসায় পথ কাঢ়ি আনিছিল। সেই কাৰণে মঙ্গোল সকলৰ বাণিজ্য় তাপৰ্য্য়পূৰ্ণ আছিল। 


(খ) কিয় চেংগিজ খাঁই মোগল জনজাতিবোৰক সামাজিক আৰু সামৰিক গোটত বিভক্ত কৰাৰ প্ৰয়োজনীয়তা অনুভব কৰিছিল?

উত্তৰঃ চেংগিজ খাঁই মোগল জনজাতিবোৰক সামাজিক আৰু সামৰিক গোটত বিভক্ত কৰাত প্ৰয়োজন বুলি ভাবিছিল কাৰণ মোগল শাসকসকলে সকলোবোৰ জনগোষ্ঠী আৰু ধৰ্মীয় লোকৰ মাজৰ পৰা প্ৰশাসনিক আৰু সেনা বাহিনীৰ বাবে সৈনিক নিয়োগ কৰিছিল আৰু  মোগলসকলে এক সু-সংহত শাসন ব্য়ৱস্থা গঢ়ি তুলিছিল। 


(গ) কেনেকৈ শেষৰ ফালৰ মঙ্গোলসকলৰ য়াছাৰ ওপৰত প্ৰতিক্ৰিয়াই কি ধৰণে চেংগিজ খাঁৰ স্মৃতিৰ সৈতে জড়িত হোৱা তেওঁলোকৰ উদ্বেগপূৰ্ণ সম্বন্ধক জাগ্ৰত কৰে?

উত্তৰঃ মঙ্গোলবিলাকে সংস্কৃতি আৰু আইন কানুনেৰে এখন অতি জটিল নগৰীয়া সাম্ৰাজ্য় গঢ়ি তুলিছিল। য়াছাৰ মঙ্গোল জনজাতিৰ পুৰণি ৰীতি-নীতি ঐতিহ্য়ৰ সংকলিত ৰূপ। ইয়াক চেংগিজ খাঁৰ বিধি বুলি মঙ্গোল সকলে তেওঁক মছেছ আৰু চল'মন'ৰ দৰে আইনৰ শাৰীলৈ নিয়ে।


(ঘ) 'যদিহে ইতিহাসে নগৰভিত্তিক লেখকৰ ৰেকৰ্ডৰ ওপৰত নিৰ্ভৰ কৰে, তেনেহ'লে ঐতিহাসিক অঘৰী সমাজবিলাকক সদায়ে শত্ৰু ভাৱাপন্ন (যুযুৎসু) হিচাপে জনা যাব' 一তুমি এই উক্তি মানি লোৱানে? এই কথাই কিয় পাৰ্চীয়ান বুৰঞ্জীলেখকে মঙ্গোল অভিযানবিলাকত মৃত্যু হোৱা লোকৰ সংখ্যা বঢ়াই লিখে তাৰ কাৰণ ব্যাখ্যা কৰেনে?

উত্তৰঃ


৩। ৰচনাধৰ্মী প্ৰশ্ন ঃ


(ক) মঙ্গোল আৰু বেদুইন সমাজৰ অঘৰী উপাদানবোৰৰ কথা মনত ৰাখি লিখা তেওঁলোকৰ নিজ নিজ ঐতিহাসিক অভিজ্ঞাতাবোৰ পৃথক হয়নে? এই ভিন্নতাৰ কাৰণ কি বুলি ব্যাখ্যা কৰিবা?

উত্তৰঃ মঙ্গোল আৰু বেদুইন সমাজৰ অঘৰী উপাদানবোৰ তেওঁলোকৰ নিজৰ ঐতিহাসিক অভিজ্ঞতাবোৰ বিষয়ে উল্লেখ কৰা হ'ল 

    মঙ্গোলবিলাকে চেংগিজ খাঁৰ নেতৃত্বত তেওঁলোকৰ পৰম্পৰাগত সামাজিক আৰু ৰাজনৈতিক ৰীতি-নীতি অভিযোজন কৰি জটিল শাসন ব্য়ৱস্থা আৰু এক ভয়ানক সামৰিক যন্ত্ৰ উদ্ভাৱন কৰিছিল। মানুহৰ ধৰ্মীয় ব্য়ৱস্থা আৰু অৰ্থনৈতিক ব্য়ৱস্থাই এখন দেশক শাসন কৰিছিল। ইয়াৰ অৰ্থ হ'ল মঙ্গোল সকলে অলপতে জয় কৰা। তেওঁলোকে বাস কৰা ষ্টেপ অঞ্চলৰ ঐতিহ্য় পৰম্পৰা তেওঁলোকে জোৰ কৰি জাপি দিব পৰা নাছিল। সেই কাৰণে তেওঁলোকে এক নতুন ব্য়ৱস্থা কৰে আৰু আপোচৰ পথেৰে এখন অঘৰী সাম্ৰাজ্য় গঠন কৰিছিল। ইউৰেচিয়াৰ ইতিহাসত এই সাম্ৰাজ্য় গভীৰ ভাবে প্ৰভাৱিত হৈছিল। সমাজ ব্য়ৱস্থা আৰু চৰিত্ৰ সৰ্বতোকালৰ বাবে মঙ্গোল সকল পৰিৱৰ্তিত হৈ পৰিছিল। 

     অঘৰী সমাজ প্ৰধানকৈ নগৰভিত্তিক সাহিত্য়কৰ্মীৰ সৃষ্ট পূৰাবৃত, ভ্ৰমণ কাহিনী ওপৰত নিৰ্ভৰশীল আছিল। কাৰণ, তৃণভূমি অঞ্চলৰ লোকসকলে নিজেই কোনো সাহিত্য় সৃষ্টি কৰা নাছিল। তৃণভূমি অঞ্চলৰ বাসিন্দাসকলে অঘৰী সকলৰ বিষয়ে একপক্ষীয় প্ৰতিবেদন দাঙি ধৰিছিল। তেওঁলোকৰ কিছুমানে মঙ্গোল সম্ৰাটৰ ৰাজসভাত দায়িত্ব পালন কৰিছিল। সেই লোকসকল তুৰ্কী, মুছলমান, কনফুচিয়ান, বৌদ্ধ আৰু খ্ৰীষ্টান লোক আছিল।  

    মহাদেশৰ পৰা ইউৰোপলৈকে সম্প্ৰসাৰিত মঙ্গোল সাম্ৰাজ্য়ৰ ঐতিহাসিক সমলক বেলেগ বেলেগ ভাষাত লিখা হৈছিল। সেই ভাষাবোৰ আছিল- মঙ্গোলীয়, চীনদেশীয়, আৰবী আৰু পাৰ্চী ভাষাৰ। তেওঁলোকে একেখন কিতাপকে দুটা ভাষাত লিখিছিল যদিও তেওঁলোকৰ মত অমিল আছিল। যেনে চেংগিজ খাঁৰ বিষয়ে প্ৰাচীনতম লেখা Mongol-un niuea tobea' an (The secret History of the Mongols) নামৰ গ্ৰন্থখন মঙ্গোলীয় আৰু চীনদেশীয় সংস্কৰণত অমিল আছিল। যিহেতু মঙ্গোলসকলৰ নিজা সাহিত্য় সৃষ্টি সীমিত আছিল। সেইবোৰ বিদেশী সাংস্কৃতিক পৰিৱেশত থকা পণ্ডিতে লিখিছিল। পণ্ডিত ইগ'ৰ দ্য় ৰাছউইজ (Igor de Rachewiltz)-ৰ The secret History of the Mongois  আৰু গাৰ্হাৰ্ড দুৱাৰ্ফাবৰ (Gerhard Doerfer)  মঙ্গোল আৰু তুৰ্কী শব্দৰ আছিল। মধ্য় এছিয়াৰ অঘৰী সকলৰ ইতিহাস অধ্য়য়নৰ লগত জড়িত  অসুবিধাবোৰ তেখেতে দেখুৱাই দিছিল।

    এয়োদশ শতিকাৰ প্ৰথম দশকত চেংগিজ খাঁই মঙ্গোলীয় সকলক একত্ৰিত কৰিছিল। চেংগিজক জগতখন শাসন কৰিবলৈ ঈশ্বৰে নিৰ্দ্দেশ দিছিল যদিও চেংগিজৰ জীৱনকাল মঙ্গোল জনজাতি ওপৰত আধিপত্য় প্ৰতিষ্ঠাৰ কৰিছিল। আফগানিস্তান, পূৱ ইৰাণ, উত্তৰ চীন, ৰুচিয়াৰ আৰু ট্ৰেন্সচাক্সিয়ানা এইবোৰ ষ্টেপ অঞ্চললৈ মাজে-সময়ে অভিযান চলোৱাত অতিবাহিত হৈছিল। চেংগিজ খাঁই সপোন বাস্তবায়িত কৰা পিছত এক বৃহৎ সাম্ৰাজ্য় প্ৰতিষ্ঠা কৰিছিল। সেই বৃহৎ সাম্ৰাজ্য় খনে হ'ল বিশ্বৰ প্ৰথমখন সাম্ৰাজ্য়।   


(খ) ত্ৰয়োদশ শতিকাৰ মাজভাগত মঙ্গোলসকলে প্ৰতিষ্ঠা কৰা পেক্স মঙ্গোলিকাৰ (Pax Mongolica) চাৰিত্ৰিক বৈশিষ্ট্যৰ বিষয়ে তলৰ টোকাৰ পৰা কিমান দূৰ বহলাই জানিব পাৰি?

উত্তৰঃ এয়োদশ শতিকাৰ মাজভাগত মঙ্গোলসকলে প্ৰতিষ্ঠা কৰা পেক্স মঙ্গোলিকাৰ (Pax Mongolica) চাৰিত্ৰিক বৈশিষ্ট্য়ৰ বিষয়ে তলত আলোচনা কৰা হ'ল 

     মঙ্গোলীয় সম্প্ৰসাৰণ দুটা ভাগত ভাগ কৰা হৈছে আৰু সেই ভাগ কেইটা হ'ল  (১) ১২৩৬-৪২ খ্ৰীঃৰ সময়ছোৱাত ৰুছ- ষ্টেপ অঞ্চল, পোলেণ্ড, বুলঘাৰ, হাঙ্গেৰীয়া আৰু কিয়েভলৈ সম্প্ৰসাৰিত হৈছিল। (২) ১২৫৫-১৩০০ খ্ৰীঃৰ সেই সময় ছোৱাত সমগ্ৰ চীন (১২৭৯), চিৰিয়া, ইৰাক আৰু ইৰাণ জয় কৰিছিল। 

   মঙ্গোল অধ্য়ুষিত নতুন অঞ্চল বিলাকৰ পৰা অঘৰী জীৱনৰ স্থায়ীবাসৰ বাবে হেঁচা বেছিকৈ পৰিছিল। এয়োদশ শতিকাৰ মাজভাগৰ পৰা সকলো ককাই-ভাই অংশ থকা পিতৃ উমৈহতীয়া সম্পত্তিৰ ক্ৰমান্বৰে আঁতৰি গৈছিল আৰু একোটা পৰিয়ালে ভাগে ভাগে ওলুচ শাসন কৰা ব্য়ৱস্থাৰ গুৰুত্ব পাইছিল। অঘৰী পৰম্পৰা মধ্য় এছিয়া আৰু ৰুছিয়াৰ ষ্টেপ অঞ্চলৰ অধিবাসী সকলৰ মাজত বেছি দিন ধৰি চলি আছিল। চেংগিজ খাঁৰ বংশধৰ সকলক বেলেগ বেলেগ কুলত ভাগ কৰি অতীতৰ বংশ পৰম্পৰালৈ পৰিৱৰ্তন আনিছিল।সেইবোৰ চেংগিজ খাঁৰ মূল বংশৰ পৰা কেইবা জন পুৰুষ আঁতৰি অহা কুলবিলাকৰ মাজৰ প্ৰতিযোগিতা ফল আছিল। 

    এয়োদশ শতিকাৰ মাজভাগৰলৈকে মঙ্গোলসকলে সংগঠিত ৰূপত আত্মপ্ৰকাশ কৰিছিল। তেওঁলোকে পৃথিৱীৰ বৃহত্তম সাম্ৰাজ্য়খন গঠন কৰিছিল। সংস্কৃতি আৰু আইন কানুনেৰে এখন জটিল নগৰীয়া সমাজ গঢ়ি তুলিছিল। অঞ্চলটো ৰাজনৈতিক আধিপত্য় প্ৰতিষ্ঠা কৰিছিল মঙ্গোলবিলাকে। মঙ্গোলবিলাক আছিল সংখ্য়া লঘিষ্ট। মঙ্গোলসকলে উপৰি পুৰুষৰ পৰা পোৱা গোপন বিধিয়ে তেওঁলোকৰ নিজৰ চিনাকি আৰু বৈশিষ্ট্য় ৰক্ষা কৰাত সহায় কৰিছিল। অঘৰী জীৱন পদ্ধতিৰ বিপৰীতে স্থায়ী জীৱন শৈলীৰ বিভিন্ন দিশ সামৰি লোৱাত পৰিচয় ৰক্ষা কৰা আৰু নিজৰ নিয়ম-নীতি পৰাজিত হোৱাত প্ৰজাৰ ওপৰত জাপি দিব কাৰণে সুবিধা পাইছিল। 

    ১২২১ খ্ৰীঃত বুখাৰা দখল কৰি চেংগিজ খাঁই চহকী মুছলমান আবাসী সকলক উৎৱৰ পতা স্থানত সকলোকে গোট খুৱাই তেওঁলোকৰ সৰ্তক বাণী ছেংগিজ খাঁই শুনালে। চেংগিজ খাই তেওঁলোকক পাপি বুলি কলে আৰু তেওঁক গোপন সম্পদ দি পাপ মোচন কৰিবলৈ কৈছিল। সেই ঘটনাটো দীৰ্ঘকাল ধৰি মানুহৰ মাজত আলোচনা হৈ আছিল।

     এয়োদশ শতিকাৰ মোগল সাম্ৰাজ্য়ৰ আকাৰ আৰু ইয়াৰ অন্তৰ্গত বিভিন্ন জাতি আৰু ধৰ্মৰ মানুহৰ কথা আলোচনা কৰা হৈছে। মঙ্গোল সকল বিভিন্ন ধৰ্মাৱলম্বী লোক আছিল। সেই বোৰ আছিল- বৌদ্ধ, খ্ৰীষ্টান, শমন আৰু শেষত ইছলাম। মঙ্গোল সকলে কেতিয়াও নিজৰ ধৰ্মক ৰাজহুৱা কৰ্মত প্ৰভাৱ পেলোৱা নাছিল। তেওঁলোকৰ ধৰ্ম ব্য়ৱস্থাই বহুটো নৃ-গোষ্ঠী, ধৰ্মীয় আৰু ভাষা-ভাষিক লোক গঠন হৈছিল। মোগল সাম্ৰাজ্য়ৰ শেষৰ সময়ত বিভিন্ন পৰিৱেশত পৰিৱৰ্তন ঘটিছিল।


(গ) অঘৰী সমাজত ৰাষ্ট্ৰগঠন কেনেকৈ সম্ভৱ হয় বৰ্ণনা কৰা।

উত্তৰঃ অঘৰী সমাজৰ ৰাষ্টগঠন অঘৰী লোকসকল একে ঠাইতে থকা নাছিল। চীনদেশত প্ৰতিষ্ঠিত সাম্ৰাজ্য়ৰ ওচৰ-চুবুৰীয়া মঙ্গোলীয় অঘৰীসকল সাধাৰণ লোক আছিল। তেওঁলোক সামাজিক, সহজ-সৰল আৰু অৰ্থনৈতিক ভাৱে জীৱন-যাপন কৰিছিল। মধ্য় এছিয়া অঘৰী সমাজবোৰ ঐতিহাসিক পৰিৱৰ্তনে সাগৰৰ মাজত অকলশৰীয়াৰ দ্বীপৰ দৰে আছিল। সেই সমাজবোৰেও ইখনে সিখনৰ লগত ভাব বিনিময় কৰিছিল। 

     মঙ্গোলসকলে নতুন উপায় উদ্ভাৱন কৰি আপোচৰ পথেৰে এখন অঘৰী সাম্ৰাজ্য় গঠন কৰিছিল। সেই সাম্ৰাজ্য় খনত ইউৰেচিয়াৰ ইতিহাসত গভীৰ প্ৰভাৱ পৰিছিল। তৃণভূমি অঞ্চলৰ বাসিন্দাসকলে নিজে কোনো সাহিত্য় সৃষ্টি কৰা নাছিল। সেই কাৰণে অঘৰী সমাজৰ কাৰণে নগৰভিত্তিক সাহিত্য়কৰ্মীৰ সৃষ্ট পূৰাবৃত ভ্ৰমন কাহিনী আৰু নথিৰ ওপৰত নিৰ্ভৰশীল আছিল। মঙ্গোল সম্ৰাটসকলৰ কৃতকাৰ্য্য়তাই বহুতো বিদ্বান লোকক আকৰ্ষণ কৰিছিল। তৃণভূমি অঞ্চলৰ এই অঘৰী সকলৰ বিৰুদ্ধে ইউৰেচিয়াৰ চহৰত সৃষ্ট কাহিনীক প্ৰত্য়াহ্বান জনাইছিল। এনে পৰিস্থিতিত অঘৰী মঙ্গোলসকলৰ ছবি অধিক জটিল হৈ পৰিছিল। ইতিহাসত মঙ্গোল অঘৰীসকলক 'আদিম বৰ্বৰ' বুলি কোৱা হয়। বৰ্বৰ শব্দটো গ্ৰীক Barbaros শব্দ। ইয়াৰ অৰ্থ অনাগ্ৰীক (Non-Greek) যাৰ ভাষাৰ কৰ্কশ শব্দ যেন লাগিছিল। 

    অঘৰীবিলাক কৃষি অৰ্থনীতিৰ, সামাজিক আৰু ৰাজনৈতিক সংগঠনবোৰ বেলেগ আছিল যদিও দুয়োখন সমাজেই ওচৰ সম্পকীয় লগত মিল আছিল। ষ্টেপ অঞ্চলৰ সামান্য় সম্পদে মধ্য় এছিয়া আৰু মঙ্গোল অঘৰী জনজাতিবোৰক স্থায়ী বসতি কৰা লোকসকলক চুবুৰীয়া চীনৰ লগত বেপাৰ-বাণিজ্য় কৰিবলৈ অনুমতি দিছিল। মঙ্গোল আৰু মধ্য় এছিয়া এই দুয়োপক্ষৰ বাবে বেপাৰ অতি প্ৰয়োজন আছিল। ব্য়ৱসায় সহজ নাছিল- কাৰণ ইটোপক্ষই সিটোপক্ষৰ ওপৰত অধিক লাভৰ বাবে হেঁচা প্ৰয়োগ কৰিছিল। মঙ্গোল ব্য়ৱসায়ীয়ে চীনত লুটপাত চলাইছিল। 


(ঘ) চেংগিজ খাঁৰ ঘটনাবহুল জীৱন পৰিক্ৰমা বৰ্ণনা কৰা।

ফ্ৰেন্সিকান ভিক্ষু ৰুব্ৰুকৰ (Rubruck) উইলিয়ামক ফ্ৰান্সৰ নৱম লুইয়ে মহানখানৰ ৰাজসভালৈ কটকী হিচাপে পঠাইছিল। তেওঁ ১২৫৪-ত মংকেৰ ৰাজানী কাৰাকোৰাম পালেগৈ আৰু তাত লৰেইনব (ফ্ৰান্সৰ) পেকেট (Paquette) নামৰ এগৰাকী তিৰোতাক লগ পালে। তেওঁক হাঙ্গেবীৰ পৰা অনা হৈছিল আৰু ৰাজকুমাৰৰ পত্নী এগৰাকীৰ সেৱাত নিযুক্ত কৰিছিল। এই পত্নীগৰাকী আছিল নেষ্টৰিয়ান খ্ৰীষ্টান। ৰাজসভাত উইলিয়ামে গুইলম বাউচাৰ (Guillaume Boucher) নামৰ এজন পেৰিচৰ স্বৰ্ণকাৰকো লগ পাইছিল। বাউচাৰৰ ভায়েকে পেৰিচৰ গ্ৰেণ্ড পণ্টত কাম কৰিছিল। এই লোকজন প্ৰথমে ৰাণী চৰঘাক্টানী (Sarghaqtani) আৰু পিছত মংকেৰ ভায়েকে নিযুক্তি দিছিল। ৰুব্ৰুকৰ উইলিয়ামে দেখিছিল যে ৰাজসভাৰ বিশাল উৎসৱত প্ৰথমে নেষ্টাৰিয়ান পুৰোহিত সকলক ৰাজমৰ্য্যাদাৰে মহান খাঁক আশীৰ্বাদ দিবলৈ নিমন্ত্ৰণ জনায়। তেওঁলোকৰ পিছতহে মুছলমান, বৌদ্ধ আৰু টাওপন্থী ভিক্ষুক আশীৰ্বাদ দিবলৈ আহ্বান জনায়।

উত্তৰঃ চেংগিজ খাঁৰ ঘটনাবহুল জীৱন পৰিক্ৰমা 

    চেংগিজ খাঁৰ এজন নগৰ ধবংসকাৰী, দিগ্বীজয়ী বীৰ আৰু সহস্ৰলোকৰ হত্য়াকাৰী বুলি জনা যায়। মঙ্গোল বিলাকৰ বাবে তেওঁ সৰ্ব্বকালৰ শ্ৰেষ্ঠতম নেতা আছিল। ইৰাণ, চীন আৰু পূৱ ইউৰোপৰ এয়োদশ শতিকাৰ তৃণভূমি অঞ্চলৰ পৰা অহা অঘৰী জনজাতিবিলাকক ঘৃণাৰে চাইছিল।  

    চেংগিজ খাঁৰ ১১৬২ খ্ৰীঃত জন্ম হৈছিল মংগোলীয়ৰ উত্তৰ অনন নদীৰ ওচৰত। কিয়াত নামৰ এক পৰিয়াল-সমষ্টিৰ প্ৰধান নেতা আছিল। চেংগিজ খাঁৰ মাকৰ নাম য়েছুগীৰ (Yesugei) আছিল। চেংগিজৰ সৰু কালৰ নাম আছিল টেমুজিন। চেংগিজ সৰুতেই দেউতাকক কোনোৱাই হত্য়া কৰিছিল। য়েছুগীৰ মাতৃৰ অলুন একে ভাতৃ আৰু সতীয়া ভাতৃবিলাকক কষ্টৰে ডাঙৰ-দীঘল কৰিছিল। ইমানবোৰৰ দূখ-কষ্টৰ ওপৰতো তেওঁক সমস্য়াই লগ এৰা নাছিল। 

    ১১৮০ আৰু ১১৯০ -ৰ দশকত টেমুজিনৰ এসময়ৰ বন্ধু জেমুকাক পৰাস্ত কৰিছিল। জেমুকাক পৰাভূত কৰাৰ পিছতে টেমুজিনে আত্মবিশ্বাস লাভ কৰি আনবোৰ জনজাতি বিৰুদ্ধে সংগ্ৰাম কৰিবলৈ আগবাঢ়ি গৈছিল। ১২০৩ খ্ৰীঃত তেওঁৰ পিতৃহন্তা শক্তিশালী টাটাৰ কেৰেইট আৰু অংখানক পৰাস্ত কৰিছিল। ১২০৬ খ্ৰীঃত জামুকাক আৰু নাইমানসকলক পৰাস্ত কৰি টেমুজিন তৃণভূমি অঞ্চলৰ ৰাজনীতিক একছত্ৰী হৈছিল। টেমুজিনক চেংগিজ খান, বিশ্বজনীন শাসক বা সামুদ্ৰিক খান উপাধি দিয়ে। প্ৰথমে চেংগিজে চীন জয় কৰা আঁচনি হাতত লৈছিল। চীন তিনিখন ৰাজ্য়ত বিভক্ত আছিল। সেই কেইখন আছিল-

    ১) তিব্বতী মূলৰ চি-চিয়াৰসকলৰ উত্তৰ-পশ্চিম ৰাজ্য়বিলাক,

  ২) পিকিঙৰ পৰা জুৰাচন হুচ চীন বংশই শাসন কৰা উত্তৰ চীন   আৰু

   ৩) চাং বংশই শাসন কৰা দক্ষিণ চীন ৰাজ্য়।

    ১২০৯ খ্ৰীঃলৈ চি-চিয়াসকলক পৰাস্ত কৰা হ'ল। ১২১৩ খ্ৰীঃত বিখ্য়াত শক্তিশালী চীনৰ প্ৰাচীৰ ভাঙি ১২১৫ খ্ৰীঃত পিকিং অৱৰোধ কৰা হ'ল, চীনসকলৰ লগত মংগোলসকলৰ দীঘলীয়া ৰণ চলি আছিল ১২৩৮  চনলৈকে। চেংগিজ খাঁ তেওঁৰ সফল অভিযানবোৰত সন্তুষ্ট হৈ  অঞ্চলটো সামৰিক অভিযান তেওঁৰ উত্তৰৰাধিকাৰী লৈ ৰাখি ১২১৬-ত মাতৃভূমি মংগোলীয়লৈ  উভতি আহিছিল। 

   জুৱাইনীয়ে উল্লেখ কৰিছিল যে চেংগিজ খাঁই মাৰ্ভত ১,৩০০,০০০ লোকক হত্য়া কৰিছিল। গোটেই জীৱনটো তেওঁ সামৰিক অভিযানতেই ব্য়স্ত আছিল। তেওঁ সামৰিক কৃতিত্বও আছিল চমকপ্ৰদ। ১২২৭ খ্ৰীঃত চেংগিজ খাঁৰ মৃত্য়ু হয়। 


৪। চমু টোকা লিখাঃ


ক) বুখাৰা জয়

উত্তৰঃ বুখাৰা জয়ঃ  জুৱাইনি এয়োদশ শতিকাৰ শেষৰ ফালৰ ইৰাণৰ মঙ্গোল শাসকসকলৰ এজন পাৰ্চী বুৰঞ্জী লেখক আছিল। ১২২০ চনত তেওঁ বুখাৰজয়ৰ এক বৃত্তান্ত লিখিছিল। নগৰ জয় কৰা পিছত জুৱাইনিৰ প্ৰতিবেদনৰ মতে চেংগিজ খাঁ নগৰৰ উৎসৱ ময়দানলৈ গৈছিল। তেওঁ সেই ঠাইত গৈ আঢ্য়ৱন্ত লোকসকলক কৈছিলঃ হে মানুহবোৰ  তোমালোকে পাপ কৰিছা আৰু তোমালোকৰ মাজৰ শ্ৰেষ্ঠজনে আৰু অধিক পাপ কৰিছে। এই কথাটোৰ যদি তোমালোকে প্ৰমাণ বিচাৰা তেনেহ'লে মই ক'ম যে পাপ এইটো কাৰণে হ'ল ময়ে ভগৱানৰ দণ্ড। 

    তেওঁলোকক শাস্তি দিব কাৰণে চেংগিজ খাঁক অনুমতি দিছিল। আঢ্য়ৱন্ত লোকসকলৰ মাজৰ পৰা এজন মানুহ বুখাৰা দখলৰ পিছত পলাই সাৰিল তেওঁ খুৰচানলৈ গ'ল। তেওঁক ধৰি আনিলে আৰু তেওঁক নগৰখনৰ বিষয়ে সোধাত তেওঁ কলে, তেওঁ লোকে মানুহ মাৰিছিল, জুই লগাইছিল,আৰু লুটপাত কৰি আঁতৰি গৈছিল।      


খ) চেংগিজ খাঁ

উত্তৰঃ ১১৬২ খ্ৰীঃত মংগোলীয়ৰ উত্তৰৰ অনন নদীৰ ওচৰত চেংগিজ খাঁৰ জন্ম হৈছিল। চেংগিজৰ সৰু কালৰ নাম আছিল টেমুজিন। তেওঁ সৰুতে দেউতাকৰ মৃত্য়ু হৈছিল। চেংগিজৰ মাতৃ অলুন একে (Oelun-eke) ভাতৃ আৰু সতীয়া ভাতৃবিলাকক অতি কষ্টেৰে ডাঙৰ দীঘল কৰিছিল। তাৰ পিছটো তেওঁ কোনো সমস্য়াই লগ এৰা নাছিল। চেংগিজে যুদ্ধ কৰিছিল তেওঁ পত্নীক উদ্ধাৰ কৰিব কাৰণে। এই দুৰ্যোগৰ সময়ত তেওঁ কেইজনমান বিশ্বাসী বন্ধুক লগ পাইছিল। তেওঁ প্ৰথম আৰু আজীৱন বন্ধু আছিল ডেকা বঘুৰচু। তেওঁ আন এজন বন্ধু আছিল পৰিয়ালৰ ভাতৃ বঘুচুক। 

 ১২০৬-ৰ কুৰিল্টাই সভাৰ আগে আগে চেংগিজ খাঁই মংগোলসকলক অধিক সুশৃংখল আৰু ফলপ্ৰসু সামৰিক শক্তি হিচাপে সংগঠিত কৰে। তাৰ ফলত তেওঁ ভৱিষ্য়তৰ অভিযানবোৰত কৃতকাৰ্য হ'বলৈ সক্ষম হয়। চেংগিজে প্ৰথমে চীন জয় কৰা আঁচনি লৈছিল। চীন তেতিয়াও তিনিখন ৰাজ্য়ত বিভক্ত আছিল। ১২১৩-ত বিখ্য়াত আৰু শক্তিশালী চীনৰ প্ৰাৰ্চী ভাঙি ১২১৫-ত পিকিং অৱৰোধ কৰা হ'ল। চেংগিজ খাঁ তেওঁৰ সফল অভিযানবোৰত সন্তুষ্ট হৈ তাৰ আগতেই অঞ্চলটো সামৰিক অভিযান তেওঁৰ উত্তৰাধিকাৰী ৰাখি ১২১৬-ত মংগোলীয়লৈ উভতি আহিছিল। খুৱাৰাজ্মৰ শাসক চুলতান মহম্মদে মঙ্গোল সঁজাতিক মৃত্য়ুদণ্ড দিয়াৰ বাবে চেংগিজ খাঁৰ ত্ৰাসৰ বলি হ'ব লগা হৈছিল।

চেংগিজ খাঁ এজন দিগ্বীজয়ী বীৰ আৰু সকলো লোকৰে হত্য়াকাৰী আছিল। চেংগিজ খাঁই ষ্টেপ অঞ্চলৰ পৰা অহা অঘৰী জনজাতিবিলাকক ভয় আৰু ঘৃণাৰে চাইছিল। তথাপি তেওঁ মঙ্গোল বিলাকৰ বাবে চেংগিজ খাঁ সৰ্ব্বকালৰ শ্ৰেষ্ঠতম নেতা আছিল। ১২২৭খ্ৰীঃত চেংগিজ খাঁ মৃত্য়ু হৈছিল। 


গ) মঙ্গোল ধ্বংস খৰচৰ খটিয়ান  

উত্তৰঃ মঙ্গোলবিলাক বিভিন্ন জনগোষ্ঠী লোক আছিল। তেওঁলোকে ভাষাৰ কাৰণে  পূৰ্বৰ টাটাৰ, মাঞ্চ, খিতান আৰু পশ্চিম তুৰ্কী জনজাতিৰ লগত সম্পৰ্ক ৰাখিছিল। মঙ্গোলসকল চিকাৰী আৰু কিছুমান পশুপালক আছিল। পশুপালক সকলে ছাগলী আৰু ঘোঁৰা পুহিছিল। গৰু-ম'হ আৰু উট এইবোৰ পালন কৰিছিল। মঙ্গোলসকলে অঘৰী জীৱন কটাইছিল মধ্য় এছিয়াৰ ষ্টেপ অঞ্চলত। 

    চেংগিজ খাঁনৰ কৰ্তৃত্ব মানি নোলোৱা দেশ বিলাকক তেওঁ জয় কৰিছিল। সেই দেশবোৰ জয় কৰা পাছতে চেংগিজ খাঁনে বৃহৎ সংখ্য়ক লোকক হত্য়া কৰিছিল। সেই কাৰণে সকলো প্ৰতিবেদনেই একমত হৈছিল। ১২২০ চনত নিচাপুৰ জয় কৰোঁতে ১,৭৪৭,০০০ জনক হত্য়া কৰিছিল। আনহাতে, ১২২২ চনত হিৰাট আক্ৰমণত ১,৬০০,০০০ জন আৰু ১২৫৮ চনত তেওঁ বাগদাদ আক্ৰমণ কৰিছিল। বাগদাদত ৮০০,০০০ লোকক নিধন কৰিছিল। নাছাত ৭০,০০০, কুহিস্তান প্ৰদেশৰ টুনত ১২,০০০ আৰু বাইহাক জিলাত ৭০,০০০ লোকক হত্য়া কৰিছিল। 

 পাৰ্চীয়ান বুৰঞ্জীলেখক জুৱাইনীয়ে উল্লেখ কৰিছিল, মাৰ্ভত ১,৩০০,০০০ লোকক হত্য়া কৰা হৈছিল। প্ৰত্য়েক দিনে একলাখকৈ গন্টি কৰি ১৩ দিনত গণনা শেষ কৰিছিল।    


 ঘ) য়াচ

উত্তৰঃ য়াচ ( Yasa) য়াচাক (Yasaq) বোলা হয়। ইয়াৰ অৰ্থ হ'ল ঘোষণা বা আদেশ। এয়োদশ শতিকাৰ মাজভাগলৈকে মঙ্গোলসকলে সংগঠিত ৰূপত আত্মপ্ৰকাশ কৰিছিল আৰু বৃহত্তম সাম্ৰাজ্য়খন গঠন কৰিছিল। 'য়াচা' মঙ্গোল জনজাতিৰ পুৰণি ৰীতি-নীতি, ঐতিহ্য়ৰ এক সংকলিত ৰূপ। য়াচাৰ চেংগিজ খাঁৰ বিধি বুলি মঙ্গোলসকলে তেওঁক মছেচ আৰু চল'মন'ৰ দৰে আইন প্ৰণেতা শাৰীলৈ নিয়া হৈছিল। ইয়াৰ কাৰণ কিছুমান অঞ্চলৰ লোকসকলৰ মাজত আধিপত্য় প্ৰতিষ্ঠা কৰাত সহজ হৈছিল। 

    'য়াচা'ই মঙ্গোলসকলক বিভিন্ন পৰিৱেশত একত্ৰিত হোৱাত সহায় কৰিছিল। তেওঁলোকে অঘৰী জীৱন পদ্ধতিৰ বিপৰীতে স্থায়ী জীৱন শৈলীৰ বিভিন্ন দিশ সামৰি লৈছিল। ১২২১ত চনত বুখাৰা দখল কৰি চেংগিজ খাঁই ইয়াৰ চহকী মুছলমান আবাসী সকলক এক উৎসৱ পতা স্থানক গোট খুৱাই তেওঁলোকক সৰ্তক বাণী শুনাইছিল। চেংগিজ খাঁই কৈছিল তেওঁলোক পাপী বুলি। তেওঁক গোপন সম্পদ দি পাপমোচন কৰিবলৈ কৈছিল। এই ঘটনাটো নাটকীয় আছিল আৰু সেইবোৰ বিষয়ে দীৰ্ঘকাল ধৰি মানুহৰ মাজত আলোচনা হৈছিল।  



Type: Nayan Moni Deka


Post ID : DABP006457


Important Question Answer 


১) জুৱাইনি কোন আছিল ।

উত্তৰঃ  জুৱাইনি আছিল এজন পাৰ্চী বুৰঞ্জী লিখক ।


২) কিমান খ্ৰীঃত ছেংগিজ খাঁৰ মৃত্যু হৈছিল ।

উত্তৰঃ  ১২২৭ খ্ৰীঃত ছেংগিজ খাঁৰ মৃত্যু হৈছিল । 


৩) কিমান খ্ৰীঃত চীনৰ ফুৰান ৰাজবংশৰ পতন হৈছিল ।

উত্তৰঃ  ১৩৬৮ খ্ৰীঃত ফুৰান ৰাজবংশৰ পতন হৈছিল । 


৪) কিমান খ্ৰীঃত চীনৰ মাঞ্চুসকলে মঙ্গোলীয় ৰাজ্য দখল কৰে ।

উত্তৰঃ  ১৭৬৯ খ্ৰীঃত চীনৰ মাঞ্চুসকলে মঙ্গোলীয় ৰাজ্য দখল কৰে । 


৫) ছেংগিজ খাঁ কোন আছিল ।

উত্তৰঃ  ছেংগিজ খাঁ আছিল মঙ্গোলসকলৰ সৰ্বকালৰ এজন শ্ৰেষ্ঠতম ৰজা ।


৬) কিমান খ্ৰীঃত আৰু কত ছেংগিজ খাই জন্মগ্ৰহণ কৰিছিল ।

উত্তৰঃ ১১৬২ খ্ৰীঃত মংগোলীয়ৰ উত্তৰৰ অনন নদীৰ ওচৰত ছেংগিজ খাই জন্মগ্ৰহণ কৰিছিল । 


৭)  ছেংগিজ খাঁৰ সৰুকালৰ নাম কি আছিল ।

উত্তৰঃ ছেংগিজ খাঁৰ সৰুকালৰ নাম আছিল টেমুজিন । 


৮) কিমান খ্ৰীষ্টাব্দত বাগদাদ জয় আৰু আব্বাছিদ খলিফাৰাজৰ অৱলুপ্তি হৈছিল ।

উত্তৰঃ ১২৫৮ খ্ৰীষ্টাব্দত বাগদাদ জয় আৰু আবাবছিদ খলিফাৰাজৰ অৱলুপ্তি হৈছিল । 


৯) ছেংগিজ খাঁৰ প্ৰথম পত্নীৰ নাম কি আছিল ।

উত্তৰঃ ছেংগিজ খাঁৰ প্ৰথম পত্নীৰ নাম আছিল বৰ্টে । 


১০) মংগোলীয়সকলৰ নতুন সাম্ৰাজ্যৰ কেন্দ্ৰস্থলটোৰ নাম কি আছিল ।

উত্তৰঃ মংগোলীয়সকলৰ নতুন সাম্ৰাজ্যৰ কেন্দ্ৰস্থলটোৰ নাম আছিল কাৰাকোৰাম । 


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)









Answer type  Ali rani Kakati