Chapter: 12

১৮৫৭-ৰ বিদ্ৰোহ, ইয়াৰ স্বৰূপ

(Rebellion of 1857 Its Representations)

প্ৰশ্নাৱলী


◻️ ১০০-১৫০ শব্দৰ ভিতৰত উত্তৰ লিখাঃ ( ৩ নম্বৰ) 


১। কি পৰিস্থতিত ১৮৫৭-ৰ বিদ্ৰোহৰ সূত্রপাত হৈছিল?

উত্তৰঃ ১৮৫৭ চনত ইংৰাজৰ ঠাইত দেশীয় শাসন প্ৰতিষ্ঠাৰ বাবে ভাৰতত এক বিদ্ৰোহ সংঘটিত হৈছিল। এই বিদ্ৰোহ আৰম্ভ কৰিছিল ভাৰতীয় সৈনিকসকলে তেওঁলোক আছিল বৃটিছ সৈন্য়বাহিনী নিয়োজিত লোক। গৱৰ্ণৰ জেনেৰেল লৰ্ড ডেলহাউছি আছিল সম্প্ৰসাৰণবাদী। বৃটিছ চৰকাৰে দেশীয় ৰজাৰ তোলনীয় পুত্ৰক স্বীকৃতি দিবলৈ অস্বীকাৰ কৰাৰ কাৰণে নিঃসন্তানৰ ৰজাবোৰে ৰাজ্য় এৰি যাব লগা হৈছিল। 

    উপনিৱেশিক চৰকাৰে ভাৰতৰ পৰা কম দামত কেঁচামাল সংগ্ৰহ কৰিছিল। ইংলেণ্ডত নিৰ্মাণ কৰা বস্তুসমূহ অধিক দামত আনি উপনিৱেশত বিক্ৰী কৰি দিছিল। ৰাজহৰ বোজাত সাধাৰণ লোকসকল কোঙা হৈছিল, চৰকাৰে কৃষি উন্নতিৰ কাৰণে কোনো ধৰণৰ চেষ্টা কৰা নাছিল। কেইসেৰ মান ধানৰ কাৰণে কৃষকে নিজৰ আ-অলংকাৰ লগতে নিজৰ ল'ৰা-ছোৱালীক বিক্ৰী কৰি দিব লগা হৈছিল। অসমৰ বাহিৰৰ পৰা ধান-চাউল আনি বাগানৰ বনুৱা সকললে খাব লগা হৈছিল। ১৮৫৩ চনত অসমত এপুৰা মাটিত ২ৰ পৰা ৩ টকা মূল্য় ২০ পৰা ২৫ মোন ধান পাইছিল। সেই মাটিসমূহৰ পৰা তেওঁলোকে খাজনা লৈছিল ১.২৫ টকা। তেওঁলোকে কোনো ধৰণে খাজনা দিব নোৱাৰিলেও বিদেশী চৰকাৰে খাজনা ল'ব গৈছিল। বৃটিছৰ শাসন পাহাৰীয়া অঞ্চললৈ সম্প্ৰসাৰিত হৈছিল।বৃটিছ ভাৰতীয় সৈন্য়-বাহিনীয়ে ৬/১ ভাগ অংশহে ইউৰোপীয়ৰ। সেই কথাই ভাৰতৰ সৈনিকক বৃটিছৰ বিৰুদ্ধে যাবলৈ উৎসাহিত কৰিছিল। বিদেশত যুদ্ধ কৰিবলৈ যোৱাতো ধৰ্মবিৰোধী কথা বুলি হিন্দুসকলে বিশ্বাস কৰিছিল। ইয়াৰ ফলত ১৮৪৪, ১৮৪৯, ১৮৫০ আৰু ১৮৫২ চনত ভাৰতত বিদ্ৰোহ হৈছিল।এনেবোৰ কাৰণতে ১৮৫৭ চনত বিদ্ৰোহৰ সূত্ৰপাত হৈছিল।


২। বিদ্রোহী চিপাহীসকলে কিয় আৰু কোন কোন দেশীয় শাসকক বিদ্ৰোহৰ নেতৃত্ব দিছিল?

উত্তৰঃ ভাৰতীয় চিপাহীবিলাকে বিদ্ৰোহটো ঘোষণা কৰিছিল যদিও কেইবাজনো বো-সামৰিক নেতাই বিদ্ৰোহটোত আগভাগ লৈছিল। বিদ্ৰোহ সফল কৰা কাৰণে কিছুমান নেতাই এই বিদ্ৰোহৰ নেতৃত্ব দিয়াৰ কাৰণে বাছনি কৰিছিল। মাৰাঠা পেছোৱা দ্বিতীয় বাজীৰাওৰ উত্তৰাধিকাৰী নানা চাহিব আৰু ঝান্সী ৰাণী লক্ষ্মীবাইয়ে জনসাধাৰণৰ হেঁচাত পৰি বিদ্ৰোহৰ নেতৃত্ব দিয়ে। বিহাৰৰ জগদীশপুৰৰ ৰাজপুত জমিদাৰ কোঁৱৰ সিং আৰু বিৰজিচ কাদিৰ নিজ নিজ প্ৰজাগণৰ তাগিদাত নিজৰ এলেকাত বিদ্ৰোহৰ নেতৃত্ব লৈছিল। বৃটিছ শাসনকালত বিত্তীয় সংকটত পৰি জমিদাৰী হেৰুৱাব লগা হোৱা কোঁৱৰ সিঙে আৰাৰ বিদ্ৰোহীৰ লগ লাগি ছাহাবাদৰ ৰজা হিচাপে ঘোষণা কৰিছিল। নানা চাহেব আৰু লক্ষ্মৌত বিৰজীচ কাদিৰৰ লগ লাগি আজম গঢ় দখল কৰিছিল আৰু ২৩ এপ্ৰিলৰ যুদ্ধত তেওঁলোকে বৃটিছক পৰাস্ত কৰে। 

    ৭৫ বছৰ বয়সতো অতি বিক্ৰমেৰে যুদ্ধ দিয়া কোঁৱৰ সিঙৰ পিছত তেওঁ ভাতৃ অমৰ সিঙে বিদ্ৰোহ অব্য়াহত ৰাখে। 


৩। বিদ্রোহীসকলৰ সাংগঠনিক সবলতা আৰু দুৰ্বলতাৰ বিষয়ে লিখা।

উত্তৰঃ বিদ্ৰোহীসকলৰ সাংগঠনিক সবলতা আৰু দুৰ্বলতাৰ বিষয়ে তলত আলোচনা কৰা হ'ল

 সবলতাঃ ১। বিদ্ৰোহীসকলে সামগ্ৰিভাৱে গোটেই ভাৰততে বিদ্ৰোহৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল।

 ২। বিদ্ৰোহৰ বেছ নেতাই শক্তিশালী ভূমিকা পালন কৰিছিল। 

৩। এই বিদ্ৰোহৰ পৰাই ভাৰতবাসী মাজত একতা গা কৰি উঠিছিল। 

৪। সৰ্বভাৰতীয় সংগঠন এটাৰ পিছত আন এটাকৈ গঢ়ি উঠিছিল। 

৫। ১৮৮৫ চনত কংগ্ৰেছৰ জন্ম হৈছিল।

দুৰ্বলতাঃ ১। বেছিভাগ নেতাই ব্য়ক্তিগত স্বাৰ্থপূৰণৰ কাৰণে এই বিদ্ৰোহত যোগদান কৰিছিল।

২। সেই স্বাৰ্থক লৈ আৰম্ভণিৰ পৰাই সন্দেহ ঘনীভূক্ত হৈ আছিল। 

৩। সেই সময়ত গোৱালিৰ আৰু হায়দৰাবাদ আদি দেশীয় ৰাজ্য়বোৰ ইংৰাজক সমৰ্থন কৰাৰ পৰা আন ৰাজ্য়বোৰৰ মাজত একতা নাছিল। 

৪। নেতৃত্ব দিব পৰা সৰ্বভাৰতীয় ব্য়ক্তিৰ অভাৱ ইয়াৰ আন এটা দুৰ্বলতা আছিল। 

৫। ভাৰতৰ বহুতো ৰাজ্য়ই নিজৰ স্বাৰ্থ বিঘ্নিত হ'ব বুলি ভাৱিছিল। 


৪। ১৮৫৭-ৰ বিদ্ৰোহৰ বাবে বিশেষভাৱে কোন কিজন গৱৰ্ণৰ জেনেলে কিয় দায়ী আছিল বুলি ভাবা?

উত্তৰঃ ১৮৫৭ চনৰ বিদ্ৰোহৰ বাবে সেই সময়ৰ গভর্নৰ জেনেৰেল লর্ড ডেলহাউচি আৰু লর্ড কেনিং দায়ী আছিল বুলি কব পাৰি।

    লর্ড ডেলহাউচিৰ দ্বাৰা প্ৰবৰ্ত্তিত স্বত্ত্ব বিলোপ নীতি আছিল চিপাহী বিদ্ৰোহৰ অন্যতম কাৰণ আছিল। স্বত্ত্ববিলোপ নীতিৰ ফলত সেই সময়ত দেশীয় ৰজা, জমিদাৰ, কোঁৱৰ আদি সকলো নেতাই সকলো ক্ষমতা আৰু অধিকাৰৰ পৰা বঞ্চিত হব লগা হৈছিল। সেয়ে লর্ড ডেলহাউচিক চিপাহী বিদ্ৰোহৰ কাৰণে অন্যতম দায়ী আছিল বুলি কোৱা হয়। 

    লর্ড ডেলহাউচিৰ পিছৰ গভর্নৰ জেনেৰেল হ'ল লর্ড কেনিং। উল্লেখযোগ্য লর্ড কেনিঙৰ দিনত এই বিদ্রোহ আৰম্ভ হয়। কেনিঙ বিদ্রোহী চিপাহী আৰু নেতাসকলৰ মনৰ প্ৰকৃত ক্ষোভৰ কাৰণ উপলব্ধি কৰাৰ বিপৰীতে ইয়াক কঠোৰভাৱে দমনৰ কাৰণেহে চেষ্টা কৰিছিল।


৫। ১৮৫৭-ৰ বিদ্রোহীসকলৰ পৰাজয় বিদ্রোহ স্বাভাৱিক পৰিণতি বুলি ভাবানেকি?

উত্তৰঃ ১৮৫৭ চনৰ বিদ্ৰোহৰ পৰাজয় বা বিফলতা স্বাভাৱিক ঘটনা বা পৰিণতি বুলি কব পাৰি- কাৰণ-

(ক) এই বিদ্রোহ সৰ্বভাৰতীয় ৰূপত সংঘটিত হোৱা নাছিল।

(খ) ইংৰাজৰ সামৰিক শক্তিৰ তুলনাত বিদ্রোহীসকলৰ সামৰিক শক্তিৰ তুলনা কৰিব নোৱাৰি।

(গ) এই বিদ্রোহত সমাজৰ সকলো লোকে অংশ গ্রহণ কৰা নাছিল।

(ঘ) ইংৰাজসকলৰ বিভাজন নীতিৰ ফলত এই বিদ্রোহ আৰম্ভণিতে দুৰ্বল কৰি তুলিছিল।

৬। বিদ্রোহীসকলৰ মাজত একতা বজাই ৰাখিবৰ বাবে কি কি ব্যৱস্থা গ্ৰহণ কৰা হৈছিল?

উত্তৰঃ

৭। বিদ্রোহটো দমন কৰিবলৈ চৰকাৰে কি কি পদক্ষেপ গ্রহণ কৰিছিল?

উত্তৰঃ  ১৮৫৭ চনৰ বিদ্ৰোহ যদিও কৃতকার্য্য নহল তাক দমন কৰিবলৈ বৃটিছ সকলে বহুতো ব্যৱস্থা ল'বলগাত পৰিছিল। উত্তৰ ভাৰতত বিদ্রোহ দমন কৰিবলৈ চৰকাৰে বহুতো আইন প্রণয়ন কৰিছিল। ১৮৫৭ চনৰ মে' আৰু জুন মাহত তেনেকুৱা আইন প্রয়োগ কৰি বিষয়াসকলে বহুতো বিদ্রোহীক দমন কৰিছিল- আৰু লগতে সামৰিক আইন প্রয়োগ কৰি বহুতকে গভীৰ শাস্তি বিহিছিল। আনকি বহুতকে মৃত্যু দণ্ডও বিহিছিল। সাধাৰণভাৱে প্রচলিত নিয়মবোৰ কাৰ্য্যক্ষম কৰাৰ সলনি, সেইবোৰক কাৰ্য্যকৰী নকৰাকৈ ৰাখিছিল। বহুতকে মৃত্যুদণ্ড দি ৰাইজৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। 

    বৃটেইনৰ পৰা অধিক সৈন্য অনা হৈছিল, লগতে আইনবোৰ কঠোৰ ভাৱে প্ৰচলন কৰি ভাৰতৰ বিদ্ৰোহীসকলক দমন কৰিছিল। বিদ্রোহী সকলৰ নিচিনাকৈ চৰকাৰেও ৰাজধানী দিল্লী চহৰখনক অধিকাৰ কৰাত গুৰুত্ব দিছিল। সেয়ে দিল্লী দখলৰ বাবে দুইপিনৰ পৰা সৈন্য পঠাইছিল। এটা দল কলিকতাৰ পৰা আৰু ২য় দলটো পাঞ্জাৱৰ পৰা সৈন্য বাহিনীক পঠিয়াই দিল্লী দখলৰ পৰিকল্লনা কৰিছিল। এনেকুৱা যন্তৰ ফলত ১৮৫৭ চনৰ জুন মাহত দিল্লী দখল সম্পূৰ্ণ হৈছিল।

৮। ভাৰতৰ মানচিত্র আঁকি ১৮৫৭ চনৰ বিদ্ৰোহৰ চাৰিটা প্রধান কেন্দ্র দেখুওৱা

উত্তৰঃ 

◻️ চমু ৰচনা লিখাঃ (৫ নম্বৰ)


৯। ১৮৫৭-ৰ বিদ্রোহ অৱধত কিয় অধিক জনপ্রিয় হৈছিল? কিয় ইয়াৰ তালুকদাৰ আৰু জমিদাৰসকলে বিদ্রোহত যােগ দিছিল?

উত্তৰঃ


১০। ১৮৫৭-ৰ বিদ্ৰোহৰ গুৰুত্ব আৰু প্রকৃতি বর্ণনা কৰা।

উত্তৰঃ ১৮৫৭ চনৰ বিদ্ৰোহৰ গুৰুত্ব আৰু প্ৰকৃতি বিষয়ে তলত বৰ্ণনা কৰা হ'ল 

    ১৮৫৭ চনত বিদ্ৰোহীসকলে মূল লক্ষ্য়ত উপনীত হ'ব নোৱাৰা কাৰণে ১৮৫৭ চনৰ বিদ্ৰোহত বিফল হৈছিল।

১১। বিদ্রোহটোৰ হ্রস্ব আৰু দীর্ঘম্যাদী ফলাফল ব্যাখ্যা কৰা।

উত্তৰঃ

১২। মিৰাট, দিল্লী আৰু গােৱালিয়ৰত হােৱা বিদ্ৰোহৰ বৰ্ণনা দিয়া

উত্তৰঃ ১৮৫৭ চনৰ ১০ মে'ৰ দিনা মীৰাটৰ সৈন্যবাহিনীৰ প্ৰথমে বিদ্ৰোহ আৰম্ভ হয় প্রথমতে নেটিভ ইনকেন্ট্ৰীৰ চিপাহীসকলে বিদ্রোহ আৰম্ভ কৰে, আৰু তাৰ লগে লগে চহৰৰ পিনে বিদ্রোহী সকলে আগবাঢ়ে। চহৰৰ সাধাৰণ শ্ৰেণীৰ লোকে চিপাহীসকলৰ লগত লগ লাগে। চহৰৰ লগতে চবুৰীয়া গাওঁৰ লোক সকলেও তাত যোগদান কৰে। লগতে বন্দুক বাৰুদেৰে ঠাহ খাই থকা মীৰাটৰ অস্ত্ৰভাণ্ডাৰ লুট কৰে। চাহাববোৰক দেখিলেই আক্ৰমণ কৰে- চিপাহীসকলে।

১৩। ১৮৫৭ চনৰ বিদ্ৰোহৰ ব্যাখ্যা বিভিন্নজনে কেনেদৰে কৰে লিখা।

১৪। দৃশ্য সমলবােৰ ১৮৫৭-ৰ বিদ্ৰোহৰ ইতিহাসবিদসকলে ব্যৱহাৰ কৰে আলােচনা কৰা।

১৫। ১৮৫৭-ৰ বিদ্ৰোহৰ ছবিবােৰে ইংৰাজসকলৰ মতামতৰ ওপৰত কেনেদৰে প্ৰভাৱ পেলাইছিল?

১৬। অৱধত হােৱা বিদ্ৰোহৰ কাৰণ আৰু তাৎপর্য ব্যাখ্যা কৰা।

উত্তৰঃ অৱধত হোৱা বিদ্ৰোহৰ কাৰণ আৰু তাৎপৰ্য

    লক্ষ্মৌৰ ওচৰৰ অৱধ ৰাজ্য় নিজ হাতলৈ নিবলৈ বৃটিছসকলে বহু আগৰে পৰা বিচাৰি আছিল। কৃষিৰ ক্ষেত্ৰত অৱধৰ পৰা বৃটিছ সৈন্য়বাহিনী বহুতো লোক আহিছিল। ইয়াক ১৮০১ চনত কৰদ মৈত্ৰী ব্য়ৱস্থাৰ গৱৰ্ণৰ জেনেৰেল লৰ্ড ৱেলেচলিয়ে প্ৰৱৰ্তন কৰিছিল। ইয়াৰ কাৰণে ৰাজ্য়খনত বৃটিছ সৈন্য়-বাহিনী এটা ভৰণ-পোষণ দি ৰাখিব লগা হৈছিল আৰু ৰাজ্য়খনে বৈদেশিক পৰিক্ৰমাৰ ক্ষেত্ৰত কোম্পানীয়ে অনুমতি ল'ব লাগে। নিজৰ সৈন্য়-বাহিনী ঠাইত বিদেশী বৃটিছ সৈন্য়-বাহিনী ৰাজ্য়ত থকাৰ অৱধৰ নবাবৰ স্বাধীনতা হ্ৰাস পাইছিল। 

    নীল আৰু কপাহ খেতিৰ অৱধক বৃটিছ চৰকাৰে ক্ৰমানৰে নিজৰ হাতলৈ নিয়াৰ যত্ন অব্য়াহত থাকিল। ১৮৫৬ চনত নবাৱ ৱাজিদ আলি খানক ভালদৰে শাসন কৰিবৰ নোৱাৰা বাবে বিদেশী শাসকে সিংহাসন চ্য়ুত কৰিছিল। ১৮৫৬ চনত ৰাজহ ব্য়ৱস্থাৰ দলত আগতে ৬৭% ভাগ গাওঁ নিজৰ নিয়ন্ত্ৰণত ৰখা  তালুকদাৰ সকলৰ হাতত ৩৮% ভাগ জমা আছিল। বৃটিছ শাসনকালত কৃষকে অতিৰিক্ত খাজনা সন্মুখীন হ'ব লগা হৈছিল। কৃষকসকল চৰকাৰী সংগ্ৰাহকৰ কঠোৰতাৰ বলি হ'ব লগা হৈছিল। ইয়াৰ বাবে ১৮৫৭ চনত বিদ্ৰোহত অৱধৰ তালুকদাৰ আৰু কৃষকে বৃটিছৰ বিৰুদ্ধে অস্ত্ৰ হাতত লৈছিল। 


১৭। অধ্যায়টোত দেখুৱা ছবিবােৰে কেনেদৰে চিত্র শিল্পীসকলৰ মনােভাব প্রকাশ কৰে?

◻️ চমু টোকা লিখাঃ (৩ নম্বৰ)


১৮। ( ক ) মঙ্গল পাণ্ডে

উত্তৰঃ মঙ্গল পাণ্ডেঃ মঙ্গল পাণ্ডে এজন ভাৰতীয় সৈনিক আছিল। ভাৰতীয় চিপাহী বিদ্ৰোহত আৰম্ভণিতে মঙ্গল পাণ্ডে মূখ্য় ভূমিকা পালন কৰিছিল। তেওঁ বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ চিপাহি আছিল। মঙ্গল পাণ্ডে এজন সেনা বিষয়াক গুলি মাৰিছিল। মঙ্গল পাণ্ডেৰ গুলীত আহত হোৱা বিষয়াজনৰ ওচৰলৈ সহায় কৰিবলৈ পাণ্ডেৰ লগত কোনো চিপাহী আগবাঢ়ি অহা নাছিল। পিছত মঙ্গল পাণ্ডেক সামৰিক আইনৰ মতে ফাঁচী দিয়া হৈছিল। ইয়াৰ পিছৰে পৰা ভাৰতীয় চিপাহীসকলে এনফিল ৰাইফল ব্য়ৱহাৰ কৰিবলৈ অসন্মতি প্ৰকাশ কৰিছিল। এই কথাই পাণ্ডেৰ কামত হিন্দুস্থানী চিপাহীৰ সহমতৰ কথা প্ৰকাশ কৰিছিল।   


( খ ) ৰাণী লক্ষ্মী বাই

উত্তৰঃ ৰাণী লক্ষ্মী বাইঃ ৰাণী লক্ষ্মী বাই জন্ম হৈছিল বাৰাণসীত। তেওঁ ৰজা গঙ্গাধৰ ৰাওৰ পত্নী আছিল। তেওঁ স্বামী মৃত্য়ু পিছত ঝান্সী ৰাজ্য়ত অভিভাৱক শাসন কৰিছিল। বৃটিছৰ লোকসকলে ৰাণী লক্ষ্মী বাই আৰু তেওঁ পুত্ৰ দামোদক কোনো ধৰণে স্বীকৃতি দিয়া নাছিল। সেই বাবে তেওঁ ১৮৫৭ চনত বিদ্ৰোহত যুগ দিছিল আৰু ঝান্সী পৰা বৃটিছক বহিষ্কাৰ কৰিছিল। ৰাণীয়ে মৌৰালীপুৰ গড়তো পৰাস্ত কৰিছিল। ৰাণী লগত বানপুৰ আৰু ছাহ গড়ৰ ৰজাই মিত্ৰ হৈছিল সেই সময়ত তেওঁ শক্তি বৃদ্ধি হৈছিল। গোৱালিয়ৰৰ কটাৰ কি চৰাইৰ যুদ্ধত আহত হৈ ৰাণীৰ মৃত্য়ু হৈছিল। বৃটিছৰ সামৰিক বিষয়া হাগ ৰজে ৰাণীৰ সাহস দেখি তেওঁ কৈছিল, "Best and the bravest military leader of the rebels"। 


( গ ) তান্তীয়া টোপী

উত্তৰঃ তান্তীয়া টোপীঃ মধ্য় ভাৰতত তান্তীয়া টোপিৰ নেতৃত্বত বিদ্ৰোহ সংঘটিত হৈছিল। তান্তীয়া ওৰফে ৰামচন্দ্ৰ পাণ্ডুৰাং নানা চাহাবৰ সহযোগী আছিল। তেওঁ বিৰল বিক্ৰমেৰে উত্তৰ প্ৰদেশ আৰু মধ্য় প্ৰদেশত বৃটিছক আক্ৰমণ কৰিছিল। তান্তীয়া শেষত সহযোগী নাৰুৱাৰৰ ৰজা মান সিঙহ বিশ্বাসঘাটকতাৰ বাবে বৃটিছৰ হাতত বন্দী হ'ব লগা হৈছিল। তেওঁক ১৮৫৯ চনৰ ১৮ এপ্ৰিলত ফাঁচী দিয়া হৈছিল। 


( ঘ ) নানা চাহেব

উত্তৰঃ নানা চাহেবঃ চিপাহী বিদ্ৰোহৰ অগ্ৰনী শক্তি আছিল নানা চাহেব। নানা চাহেব গৱৰ্ণৰ  জেনেৰেল লৰ্ড ডেলহাউচিৰ স্বত্ববিলোপ নীতিৰ বলি হৈছিল। কানপুৰত চিপাহী বিদ্ৰোহে গাৰ কৰি উঠাৰ সময়ত নানা চাহেবে তাত গৈ বিদ্ৰোহৰ নেতৃত্ব গ্ৰহণ কৰিছিল। নানা চাহেবে বহুত দিন ধৰি হেডলাৰক এটা কোঠাতে বন্দী কৰি ৰাখিছিল। শেষত তেওঁ হেডলাৰৰ লগতে অন্য় সৈন্য়ক অতি কৌশলেৰে গুলীয়াই হত্য়া কৰিছিল। হেজলাৰক মৃত্য়ু কৰা বাবে ইংৰাজ বাহিনীৰ সন্মূখত নানা চাহেব থাকিব নোৱাৰি পলাই গৈছিল। তেতিয়াই তেওঁ আন এজন বিদ্ৰোহী তান্ত্ৰিয়া টোপী লগ হৈ কানপুৰ উদ্ধাৰৰ চেষ্টা কৰিছিল।   


( ঙ ) কোঁৱৰ সিং

উত্তৰঃ কোঁৱৰ সিংঃ কোঁৱৰ সিং বিহাৰৰ জগদীশপুৰৰ ৰাজপুত এজন প্ৰখ্য়াত জমিদাৰ আছিল। অৱধৰ নৱাব ৱাজিদ আলি চাহৰ পুত্ৰ বিৰজিত কাদিৰ নিজ নিজ প্ৰজাগণৰ তাগিদাত নিজ নিজ এলেকাত বিদ্ৰোহৰ নেতৃত্ব লৈছিল। বৃটিছ শাসন কালত বিত্তীয় সংকটত পৰি জমিদাৰী হেৰুৱাব লগা হোৱা বাবে কোঁৱৰ সিঙে আৰাৰ বিদ্ৰোহীৰ লগ লাগি তেওঁ নিজকে ছাহাবাদৰ ৰজা বুলি ঘোষণা কৰিছিল। কোঁৱৰ সিং বুঢ়া বয়সতো বিদ্ৰোহৰ পৰামৰ্শদাতা আৰু সামৰিক নেতা আছিল। কোঁৱৰ সিঙে নানা চাহেবৰ লগ লাগি আযোধ্য়া আৰু মধ্য়প্ৰদেশৰ বহুতো ঠাইত বৃটিছৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। তেওঁ ১৮৫৮ চনৰ ২৩ এপ্ৰিলৰ যুদ্ধত তেওঁলোকে বৃটিছক পৰাস্ত কৰিছিল। কিন্তু কোঁৱৰ সিঙে যুদ্ধত এখন হাত হেৰুৱাব লগা হৈছিল আৰু সেই আঘাততে তেওঁৰ কোঁৱৰ সিঙৰ মৃত্য়ু হৈছিল। তেওঁ ৭৫ বছৰ বয়সলৈ যুদ্ধ কৰি আছিল।  


( চ ) মৌলবী আমাদুল্লাহ ছাহ

উত্তৰঃ মৌলবী আমাদুল্লাহ ছাহঃ উত্তৰ প্ৰদেশৰ ফৈজাবাদৰ আহমদ উল্লাহ ছাহ হাইদৰাবাদৰ দীক্ষা লোৱা এজন মৌলবী আছিল। ছাহ মলে উত্তৰ প্ৰদেশৰ বেৰুত পাৰগানাত আৰু জনজাতীয় কৃষক গনোৱে চোটনাগপুৰৰ চিংভূমৰ বিদ্ৰোহত জনজাতীয়সকলৰ নেতৃত্ব লৈছিল। ১৮৫৬ চনৰ পৰাই আমাদুল্লাহ ছাহে বৃটিছৰ বিৰুদ্ধে ধৰ্মযুদ্ধৰ প্ৰচাৰ চলাইছিল। তেওঁক হেজাৰ হেজাৰ লোকে অনুসৰণ কৰা দেখি বৃটিছ বিষয়াসকল সচকিত হৈছিল। তেওঁক ১৮৫৭ত ফৈজাবাদত বন্দি কৰিছিল। 

    মৌলবী আমাদুল্লাৰ ছাহ মুক্ত হৈ অহা পিছত ২২ নং নেটিভ ইন ফেন্ত্ৰীয় চিপাহীসকলে তেওঁক তেওঁলোকৰ নেতা হিচাপে নিৰ্বাচন কৰিছিল। তেওঁ চিনহাটৰ যুদ্ধত হেনৰী লৰেন্সৰ সৈন্য় বাহিনীক পৰাস্ত কৰে আমাদুল্লাৰ ছাহে লক্ষ্মৌ, ফৈজাবাদ আৰু অৱধ অঞ্চলত বৃটিছ বাহিনীৰ ওপৰত এনেদৰে ত্ৰাসৰ সৃষ্টি কৰিছিল। তেওঁক চৰকাৰে ৫০,০০০ টকা পুৰষ্কাৰ ঘোষণা কৰিছিল। তেওঁক পোৱেইনৰ ৰজাই বিশ্বাসঘাটকতা কৰি আমাদুল্লাক হত্য়া কৰিছিল।  

( ছ ) মণিৰাম দেৱান

উত্তৰঃ মণিৰাম দেৱানঃ মণিৰাম দেৱানৰ জন্ম হৈছিল শিৱসাগৰ জিলাৰ চাৰিঙত ১৮০৬ চনৰ ২৭ এপ্ৰিলত।মণিৰাম দেৱানৰ পিতৃ আছিল আহোম স্বৰ্গদেও কমলেশ্বৰ সিংহ দোলাকাষৰীয়া বৰুৱা।মণিৰাম দেৱান ভাৰতৰ প্ৰথম চাহ খেতিয়ক আছিল। মণিৰাম দেৱানে বৃটিছক খেদাই অসমত আহোম শাসন পুনৰ  প্ৰতিষ্ঠা কাৰণে গোপনে সশস্ত্ৰ বিদ্ৰোহৰ প্ৰস্তুতি চলাইছিল। তেওঁ বিহাৰত কোঁৱৰ সিঙৰ লগত যোগাযোগ ৰক্ষা কৰি অসমত থকা হিন্দুস্তানী সৈন্য় বাহিনীৰ সহায় লাভ কৰিছিল। তেওঁ ধৰা পৰাত ১৮৪৮ চনৰ ২৬ ফেব্ৰুৱাৰীত তেওঁ সহযোগী পিয়লী বৰুৱাৰ সৈতে বিদেশী চৰকাৰে যোৰহাটত ফাঁচী দিয়ে।   

( জ ) ডেলহাউচি

উত্তৰঃ 


◻️ এটা শব্দ বা বাক্যত উত্তৰ লিখা ঃ (১ নম্বৰ) 

১৯। ক’ত কোনজন গৱৰ্ণৰ জেনেৰেলৰ দিনত ১৮৫৭-ৰ বিদ্রোহ আৰম্ভ হৈছিল?

উত্তৰঃ বৃটিছত গৱৰ্ণৰ জেনেৰেল লৰ্ড ডেলহাউছি দিনত ১৮৫৭ চনত বিদ্ৰোহ আৰম্ভ হৈছিল।

 

২০। ভাৰতৰ প্রথম ভাইচৰয় কোন আছিল?

উত্তৰঃ ভাৰতৰ প্ৰথম ভাইচৰয় আছিল লৰ্ড কেনিং। 


২১। ১৮৫৭ ৰ বিদ্রোহ প্রকৃততে ইংৰাজী কোন তাৰিখে আৰম্ভ হৈছিল?

উত্তৰঃ ১৮৫৭ চনৰ বিদ্ৰোহ প্ৰকৃততে ইংৰাজী ১০ মে তাৰিখে আৰম্ভ হৈছিল। 


২২। এনফিল্ড ৰাইফলৰ গুলী কিয় হিন্দুস্তানী সৈনিকে ব্যৱহাৰ কৰিব খােজা নাছিল?

উত্তৰঃ মংগল পাণ্ডে নামৰ এই চিপাহীজনৰ গুলীত আহত হোৱা বিষয়াজনক সহায় কৰিবলৈ পাণ্ডেৰ লগত কোনে চিপাহী আগবাঢ়ি অহা নাছিল। ইয়াৰ বাবে পাণ্ডেক সামৰিক আইনৰ মতে ফাঁচী দিয়া হৈছিল। সেই বাবে এনফিল্ড ৰাইফলৰ গুলী হিন্দুস্তানী সৈনিকে ব্য়ৱহাৰ কৰিব খোজা নাছিল।


২৩। বাহাদুৰ ছাহ (২ য়) কোন আছিল?

উত্তৰঃ


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)




Type: Pallab Jyoti Bora


Author By: Sayanika Das


Post ID : DABP006338