Page no 19

 ২.১.৩ এককেন্দ্রীয় চৰকাৰ    ঃ

      ক্ষমতাৰ কেন্দ্ৰীকৰণ আৰু বিতৰণৰ ওপৰত ভিত্তি কৰি চৰকাৰক  এককেন্দ্রীয় আৰু যুক্তৰাষ্ট্ৰীয় এই দুই শ্রেণীত ভাগ কৰা হয়। যি পদ্ধতিৰ চৰকাৰত সকলাে ক্ষমতা একমাত্র কেন্দ্রীয় চৰকাৰৰ হাতত কেন্দ্রীভূত হৈ থাকে অর্থাৎ মাত্র এটা কেন্দ্ৰৰ পৰাই শাসন চলে, তেনে চৰকাৰক একেকেন্দ্রীয় চৰকাৰ আখ্যা দিয়া হয়। এই চৰকাৰত শাসনৰ সুবিধাৰ বাবে স্থানীয় প্রশাসনিক গােট থাকে যদিও সেইবিলাক সাংবিধানিক নহয়। সেই গােটবিলাক সম্পূৰ্ণৰূপে কেন্দ্রীয় চৰকাৰৰ নেতৃত্বাধীন। ব্রিটেন, ফ্রান্স, জাপান, ইটালী, নেদাৰলেণ্ড আদি দেশত এই চৰকাৰ আছে।
        

এককেন্দ্রীয় চৰকাৰৰ বৈশিষ্ট্য : 

১ । শক্তিশালী কেন্দ্রীয় চৰকাৰ   ঃ এনে চৰকাৰত সংবিধানে সকলাে ক্ষমতা কেন্দ্রীয় চৰকাৰৰ ওচৰত ন্যস্ত কৰে। ফলত ইয়াত কেন্দ্রীয় চৰকাৰৰ স্থিতি অতি শক্তিশালী।

২। লিখিত অথবা অলিখিত সংবিধান   ঃ এককেন্দ্রীয় চৰকাৰত সংবিধানখন লিখিত বা অলিখিত হ'ব পাৰে। উদাহৰণস্বৰূপে ইংলেণ্ডৰ সংবিধানখন অলিখিত আৰু নেদাৰলেণ্ডৰ সংবিধানখন লিখিত।

৩। একক নাগৰিকত্ব   ঃ একক নাগৰিকত্ব এককেন্দ্ৰীয় চৰকাৰৰ প্রধান বৈশিষ্ট্য। যুক্তৰাষ্ট্ৰত থকাৰ দৰে দ্বি - নাগৰিকত্বৰ ব্যৱস্থা ইয়াত নাই।

৪। দুর্বল ন্যায়পালিকা   ঃ এককেন্দ্রীয় চৰকাৰত আইন সভাৰ প্রাধান্য পৰিলক্ষিত হয়। আইন সভাই প্রস্তুত কৰা আইন সমগ্র দেশৰ বাবে প্রযােজ্য হয় আৰু তেনে আইনৰ ওপৰত ন্যায়িক পুনৰীক্ষাৰ ব্যৱস্থা নাথাকে। আইন সভাই প্রণয়ন কৰা আইনক ন্যায়পালিকাই অসাংবিধানিক বুলি ঘােষণা কৰিব নােৱাৰে।

৫। নমনীয় সংবিধান   ঃ এককেন্দ্রীয় চৰকাৰৰ সংবিধান সাধাৰণতে নমনীয় হয়। কেন্দ্রীয় চৰকাৰে নিজৰ প্ৰয়ােজনত সংবিধানখন সংশােধন কৰিব পাৰে।

এককেন্দ্ৰীয় চৰকাৰৰ গুণ    ঃ

১। এককেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশৰ বাবে একেধৰণৰ প্ৰশাসনৰ ব্য়ৱস্থা প্ৰয়োগ আৰু কাৰ্যকৰী কৰাৰ বাবে প্ৰশাসন শক্তিশালী হয়। ইয়াত জটিলতা নাথাকে।

Page no 20

২। যিহেতু কেন্দ্রীয় চৰকাৰেই সমগ্ৰ দেশৰ শাসন চলায় সেইবাবে যিকোনাে ভুলৰ বাবে কেন্দ্রীয় চৰকাৰ দায়ী হয় । কেন্দ্রীয় চৰকাৰে স্থানীয় চৰকাৰক নিজৰ ভুলৰ বাবে জগৰীয়া কৰিব নােৱাৰে।

৩। এককেন্দ্রীয় চৰকাৰত চৰকাৰ পৰিচালনাৰ ব্যয় কম । ফলত উন্নয়নমূলক কামত অধিক ধন ব্যয় কৰাৰ সুযােগ থাকে । 

৪।জৰুৰীকালীন অৱস্থাত এককেন্দ্রীক চৰকাৰ বিশেষ উপযােগী । অতি ক্ষীপ্রভাৱে এনে চৰকাৰ যিকোনাে অৱস্থাৰ সন্মুখীন হ'ব পাৰে ।

৫। এনে চৰকাৰৰ সংবিধানখন নমনীয় চৰিত্ৰৰ হােৱা বাবে পৰিৱেশ আৰু পৰিস্থিতি সাপেক্ষে সহজে সংশােধন কৰিব পৰা যায় ।

৬।কেন্দ্রীয় চৰকাৰৰ প্রাধান্য থকাত আঞ্চলিক চৰকাৰ আৰু কেন্দ্রীয় চৰকাৰৰ মাজত সংঘাত অথবা বিৰােধৰ সম্ভাৱনা কম ফলত চৰকাৰখন শক্তিশালী হয় । 

এককেন্দ্রীয় চৰকাৰৰ দোষ     ঃ

১ । এক বৃহৎ আকাৰৰ ৰাষ্ট্ৰৰ বাবে এই চৰকাৰ উপযুক্ত নহয়। 

২। এককেন্দ্রীয় চৰকাৰত জনসাধাৰণে সক্রিয়ভাৱে দেশৰ শাসন কাৰ্য্যত অংশগ্রহণ সুযােগ নাপায়। ফলত জনসাধাৰণৰ ৰাজনৈতিক সক্রিয়তা কম হয়।

৩। এখন মাত্র চৰকাৰ থকা বাবে কেন্দ্রীয় চৰকাৰৰ ওপৰত অধিক কামৰ বােজা পৰে । ফলত আঞ্চলিক সমস্যাসমূহে গুৰুত্ব নাপায়। যদিও স্থানীয় প্রশাসনিক গােট থাকে তথাপি এই গােটবিলাকে স্বতন্ত্রতাৰ অভাৱত সমস্যা সমাধানত ব্যর্থ হয়। 

৪। এককেন্দ্রীয় চৰকাৰ অধিক আমােলাতান্ত্রিক। এনে চৰকাৰত আমােলাসকলেই প্রকৃততে শাসন চলায়। 

৫। এককেন্দ্রীয় চৰকাৰ স্বেচ্চাচাৰী হােৱাৰ আশংকা প্ৰৱল। যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ দৰে এনে চৰকাৰত কেন্দ্ৰ আৰু অংগ চৰকাৰৰ মাজত ক্ষমতাৰ বিতৰণ ব্যৱস্থা নথকাত এনে চৰকাৰে নিজ ইচ্ছাৰে শাসন চলায়।






Bidyut Thakuria




Post ID : DABP004461