বতৰ, জলবায়ু আৰু জলবায়ুৰ লগত প্ৰাণীৰ আভিযোজন


৭.১ বতৰ 

     চিত্র ৭.১৩ বাতৰি কাকতৰ বতৰ বিৱৰণৰ নমুনা এটা দিয়া হ'ল ।

     আমি জানাে যে, প্রতি দিনৰ বতৰৰ বিৱৰণীয়ে, পাৰ হৈ যােৱা ২৪ ঘণ্টাৰ উষতা, আদ্ৰতা আৰু বৰষুণৰ বিষয়ে তথ্য দাঙি ধৰে। লগতে ই দিনটোৰ বতৰৰ আগজাননীও দিয়ে। তােমালােকে নিশ্চয় জানা, আর্দ্রতা হ’ল বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণৰ জোখ।

চৰকাৰৰ বতৰ বিজ্ঞান বিভাগে এই বতৰৰ বিৱৰণীযুগুতায়। এই বিভাগে উষ্ণতা, বতাহ আদিৰল তথ্য সংগ্ৰহ কৰে আৰু বতৰৰ আগজাননী প্ৰকাশ কৰে।



 ক্রিয়াকলাপ ৭.১

    যিকোনাে বাতৰি কাকতৰপৰা যােৱা সপ্তাহটোৰ বতৰৰ বিৱৰণী থকা অংশটো কাটি লােৱা। যদি তােমালােকৰ ঘৰত বাতৰি কাকত নােপােৱা তেন্তে ওচৰ চুবুৰীয়া বা বন্ধুৰপৰা বিচাৰি আনা আৰু টোকা বহীত বিৱৰণীটো লিপিবদ্ধ কৰা। তােমালােকে পুথিভঁড়ালৰপৰাও বতৰৰ বিৱৰণী সংগ্রহ কৰিব পাৰা। এখন বগা কাগজত বা চার্ট পেপাৰত কাটি লােৱা অংশবােৰ আঠা লগােৱা।

 বিৱৰণীবােৰৰ তথ্যখিনি লিপিবদ্ধ কৰা । প্রথম শাৰীটো নমুনাহে । তুমি সংগ্রহ কৰা তথ্যৰে তালিকাৰ স্তম্ভসমূহ পূর্ণ কৰা।

 

বৃষ্টিমান বা ৰেইনগজ যন্ত্রৰ দ্বাৰা বৰষুণৰ পৰিমাণ জোখা হয়। ই মূলতঃ বৰষুণৰ পানী সংগ্রহ কৰিব পৰাকৈ ওপৰ ভাগত চুপি এটাৰ লগত সংলগ্ন থকা এটা পৰিমাপক চুঙা বা চিলিণ্ডাৰ।

 


     সাতদিনৰ গােটেই কেইদিনতে উচ্চতম আৰু নিম্নতম উষ্ণতা, আদ্রর্তা আৰু বৰষুণৰ পৰিমাণ একেনে? কেইদিন মানৰ বাবে লিপিবদ্ধ কৰা উচ্চতম আৰু নিম্নতম উষ্ণতা একে হ'ব পাৰে। অৱশ্যে, যিকোনাে দুদিনৰ বাবে এই আটাইবােৰ তথ্যৰ মান একে নহ'বও পাৰে। সপ্তাহ এটাৰ ভিতৰতে উল্লেখযােগ্য পৰিৱৰ্তন হ'ব পাৰে। উষ্ণতা, আদ্রতা, বৰষুণৰ পৰিমাণ, বতাহৰ গতি আদিয়ে একোখন ঠাইৰ দৈনন্দিন বায়ুমণ্ডলত যি অৱস্থাৰ সৃষ্টি কৰে তাকে সেই ঠাইখনৰ বতৰ বুলি কোৱা হয়। উষ্ণতা , আর্দ্রতা আৰু আন কাৰকবােৰ বতৰৰ উপাদান বােলে। এখন ঠাইৰ বতৰ প্রতি দিনে বা প্রতি সপ্তাহে সলনি হয়। সেই বাবেই আমি প্রায়ে কওঁ , “ আজিৰ বতৰটো বৰ সেমেকা ” বা “ যােৱা সপ্তাহত বতৰ গৰম আছিল”।।

     বতৰ এটা এনে জটিল পৰিঘটনা যে ই অতি কম সময়ৰ ভিতৰতে সলনি হ'ব পাৰে। কেতিয়াবা এনে হ’বও পাৰে যে পুৱাৰ ভাগত ৰ'দ দিছে কিন্তু হঠাতে ক'ৰবাৰ পৰা ডাৱৰ আহি প্রচণ্ড বৰষুণ দিছে। নাইবা এক মিনিটৰ ভিতৰতে প্রচণ্ড বৰষুণ নােহােৱা হৈ উজ্জ্বল ৰ'দৰ পােহৰে দেখা দিয়ে। তােমালােকৰ নিশ্চয় এনে ধৰণৰ বহু অভিজ্ঞতা হৈছে। এনে ধৰণৰ অভিজ্ঞতা মনত পেলাবলৈ চেষ্টা কৰা আৰু তােমালােকৰ বন্ধুৰ লগত মত বিনিময় কৰা। যিহেতু বতৰ এটা জটিল পৰিঘটনা সেয়ে ইয়াৰ আগলি বতৰা দিয়াতাে সহজ নহয়। 

    সিপিঠিত দিয়া লেখ বা গ্রাফখনলৈ চোৱা যত ২০০৬ চনৰ ৩ আগষ্টৰ পৰা ২০০৬ চনৰ ৯ আগষ্টলৈ শ্বিলঙৰ ( মেঘালয় ) উচ্চতম উষ্ণতাৰ নিৰিখ দেখুওৱা হৈছে ( চিত্র ৭.২ )। 

    যিকোনাে বতৰৰ বিৱৰণীৰপৰা এইটো স্পষ্ট হয় । যে প্রত্যেক দিনাই নিম্নতম আৰু উচ্চতম উষ্ণতা লিপিবদ্ধ কৰা হয়। উষ্ণতাৰ নিৰিখ কেনেদৰে লিপিবদ্ধ কৰা হয় তোমালোকে জানানে? তোমালোকে তোমালোকে ৪ৰ্থ অধ্য়ায়ত শিকিছিলা যে ইয়াৰ বাবে এটা বিশেষ ধৰণৰ তাপমান যন্ত্ৰ আছে যাক উচ্চতম আৰু নিম্নতম যন্ত্ৰ বা তাপমেতা বােলে। দিনটোৰ কেতিয়া উচ্চতম উষ্ণতা আৰু কেতিয়া নিম্নতম উষ্ণতা পায় তুমি অনুমান কৰিব পাৰানে? 

    সাধাৰণতে পিছবেলা উচ্চতম উষ্ণতা আৰু পুৱাৰ ভাগত নিম্নতম উষ্ণতা পােৱা যায় । তােমালােকে এতিয়া বুজি পালানে কিয় গৰমৰ দিনত আমি পুৱাৰ ভাগতকৈ আবেলি বা পিছবেলা বেছিকৈ অস্বস্তি অনুভৱ কৰোঁ ? 

    সূর্য উদয় হােৱা আৰু সূর্য অস্ত যােৱাৰ সময়ৰ বিষয়ে কি জানা? তােমালােকে জানা যে শীতকালত সােনকালে আন্ধাৰ হয় আৰু তােমালােকে খেলিবলৈ বেছি সময় নোপোৱা। শীতকালত দিনবোৰ গ্ৰীষ্মকালৰ দিনতকৈ চুটি নেকি? এই অধ্য়ায়ৰ শেষত দিয়া প্ৰকল্পটো সম্পূৰ্ণ কৰি তোমালোকে নিজে উত্তৰ উলিয়াবলৈ চেষ্টা কৰা ।

     

বতৰৰ এই পৰিৱৰ্তনবােৰ সূৰ্যৰ বাবেই হয়। উচ্চ উষ্ণতাযুক্ত গৰম গেছেৰে গঠিত সুর্যটো এটা প্রকাণ্ড গােলক। সূর্যটো আমাৰ পৰা বহু দূৰৈত অৱস্থিত। তথাপিও সূর্যই পঠিওৱা শক্তি ইমান বিশাল যে ইয়ে পৃথিৱীৰ সকলাে তাপ আৰু পােহৰৰ উৎস। সেয়ে , সূর্য হল শক্তিৰ প্ৰাথমিক উৎস , যাৰ কাৰণে বতৰ সলনি হয়। পৃথিৱীৰ উপৰিভাগ , সমুদ্র আৰু বায়ুমণ্ডলে শােষণ আৰু প্ৰতিফলন কৰা শক্তিয়ে এখন ঠাইৰ বতৰ নিৰূপণ কৰাত গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰে

 




Type: Ankur Raj Deka

Class 7