Page no 8 

 ১.৪ গণতন্ত্ৰত বিৰোধী দলৰ ভূমিকা ঃ

        গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত বিৰোধী দলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। শক্তিশালী বিৰোধী দল অবিহনে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰই প্ৰকৃত সফলতা লাভ কৰিব নোৱাৰাৰ লগতে জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰিব নোৱাৰে। ভাৰতবৰ্ষত চতুৰ্থ সাধাৰণ নিৰ্বাচনৰ সময়ললৈকে স্বীকৃতি কোনো বিৰোধী দল নাছিল (যিহেতু ভাৰতীয় জাতীয় কংগ্ৰেছক বাদ দি কোনো দলেই ৫০ খন সন লাভ কৰা নাছিল।) ক্তু পৰৱৰ্তী কালত বিৰোধী দলৰ স্থিতি লাভ কৰিবলৈ কেইবাটাও দল সক্ষম হ'ল। প্ৰকৃততে ১৯৭৭ চনৰ পিছৰ পৰাহে আমাৰ দেশত বিৰোধী দলৰ ভূমিকা কিছু স্পষ্ট ৰূপত দৃষ্টিগোচৰ হয়। পৃথিৱীৰ প্ৰত্য়েকখন গণতান্ত্ৰিক ৰাষ্ট্ৰতে বিৰোধী দলে লোৱা বলিষ্ঠ ভূমিকাই গণতন্ত্ৰক জনপ্ৰিয় চৰকাৰ ৰূপে প্ৰতিষ্ঠা কৰাত সহায় কৰিছে। বিৰোধী দলৰ ভূমিকা থকা দুখন উল্লেখযোগ্য় ৰাষ্ট্ৰ হ'ল一 আমেৰীকা যুক্তৰাষ্ট্ৰ আৰু ইংলেণ্ড (গ্ৰেট ব্ৰিটেইন)।

        এখন গণতান্ত্ৰিক দেশত শাসনত থকা দলটোৰ বিপৰীতে বিৰোধীৰ আখনত থকা বিৰোধী দলৰ ভূমিকা কেনে হ'ব লাগে এই লৈ ৰাজনৈতিক পণ্ডিতসকলে বহুতো পৰামৰ্শ আগবঢ়াইছে। প্ৰধানতঃ বিৰোধী দলৰ কৰণীয় এনেধৰণৰ一

১। জনসাধাৰণৰ আৰু দেশৰ স্বাৰ্থক সুৰক্ষা দিয়াত আৰু সংবিধানৰ পবিত্ৰতা ৰক্ষা কৰাত বিৰোধী দলে অতন্দ্ৰ প্ৰহৰীৰ দৰে কাম কৰিব লাগে।

২। শাসনত থকা দলটোৱে যাতে জাতীয় স্বাৰ্থৰ বিপৰীতে গৈ কোনো কাৰ্য্য় কৰিব নোৱাৰে তাৰ প্ৰতি চকু ৰখা।

৩। চৰকাৰৰ আঁচনি আৰু পৰিকল্পনাবিলাক পৰ্য্য়বেক্ষণ কৰি প্ৰয়োজন হ'লে চৰকাৰক সংসদৰ মজিয়াত সমালোচনা কৰা।

৪। জনসাধাৰণৰ অভাৱ-অভিযোগ, আশা-আকাংক্ষাক সংসদৰ মজিয়াত দাঙি ধৰা। 

৫। প্ৰয়োজন সাপেক্ষে বিকল্প চৰকাৰ গঠনৰ বাবে সাজু থকা।

৬। জনমত গঠন কৰা।

৭। চৰকাৰ আৰু জনসাধাৰণৰ মাজত থকা পাৰ্থক্য় দূৰ কৰা।

৮। জনগণক ৰাজনৈতিক শিক্ষা প্ৰদানেৰে ৰাজনৈতিক সজাগতা বৃদ্ধি কৰা।

৯। জনমতৰ প্ৰতি চৰকাৰক সজাগ, দায়বদ্ধ আৰু জবাবদিহী কৰা।

১০। চৰকাৰে যাতে স্বেচ্চাচাৰীভাৱে শাসন চলাব নোৱাৰে সেইক্ষেত্ৰত চোকা নজৰ ৰখা।

১১। প্ৰয়োজন সাপেক্ষে উচিত দিহা পৰামৰ্শ আৰু গঠনমূলক সমালোচনাৰে চৰকাৰৰ কাম- কাজক গতিশীলতাক প্ৰদান কৰা।




Bidyut Thakuria