বতাহ, ধুমুহা আৰু ঘূৰ্ণিবতাহ 


বায়ুয়ে চাপ দিয়ে ঃ

ক্ৰিয়াকলাপ ৮.১

তাপৰ সৈতে জড়িত ক্ৰিয়াকলাপ সম্পন্ন কৰোঁতে সতৰ্ক হবা। ঘৰত ডাঙৰৰ উপস্থিতিত আৰু বিদ্যালয়ত শিক্ষক-শিক্ষয়িত্ৰীৰ উপস্থিতিতহে এনেদৰে ক্ৰিয়াকলাপ সম্পন্ন কৰিবা।



 তলৰ ক্রিয়াকলাপটোৰ বাবে তুমি পানী উতলাব লাগিব। 

    প্রথমতে , সাঁফৰ থকা টিনৰ টেমা এটা লােৱা। টেমাটোৰ প্রায় আধাভাগ পানীৰে পূৰ কৰা। মমৰ শিখাত টেমাটো গৰম কৰি পানীখিনি উতলােৱা। কিছুসময়ৰ বাবে পানীখিনি উতলিবলৈ দিয়া। তাৰ পিছত মমবাতিল নুমাই দিয়া। ততাতৈয়াকৈ টেমাৰ সাফৰখন টানকৈ বন্ধ কৰি দিয়া। গৰম টেমাটো হাতেৰে ধৰোঁতে সতর্ক হ’বা। এতিয়া সাৱধানে ধাতুৰ চৰিয়া বা বেচিন এটাত টেমাটো থােৱা। তাৰ পিছত টেমাটোৰ ওপৰত ঠাণ্ডা পানী ঢালা।

টেমাটোৰ আকৃতিৰ কি পৰিৱৰ্তন হ'ল?

     টেমাটোৰ আকৃতি বিকৃত হােৱাৰ কাৰণ দর্শাব পাৰিবানে?

     যদি টিনৰ টেমা নােপােৱা তেন্তে এটা কোমল প্লাষ্টিক বটল লােৱা।ইয়াক গৰম পানীৰে পূৰ্ণ কৰা। এতিয়া বটলটো খালী কৰি ততাতৈয়াকৈ সফৰখন টানকৈ মাৰি দিয়া। বটলটো বােৱঁতী পানীত ৰাখা।

     এতিয়া তােমালােকৰ অভিজ্ঞতা কিছুমান মনত পেলােৱাচোন।

     চিলা উৰুৱাওতে তােমালােকৰ পিছফালৰপৰা অহা বতাহে সহায় কৰেনে?

     নৌকা ভ্রমণত তােমাৰ পিছফালৰপৰা বতাহ আহিলে ব’ঠা বাবলৈ সুচল হৈ নপৰেনে?

     বতাহৰ বিপৰীতে চাইকেল চলাবলৈ অসুবিধা নহয়নে?

     তােমালােকে জানা যে চাইকেলৰ টিউব টান কৰি ৰাখিবলৈ আমি টিউবত বায়ু ভৰাওঁ। এইটোও জানা যে। চাইকেলৰ টিউবত মাত্রাধিক বায়ু ভৰালে টিউবটো ফাটি যাব পাৰে। টিউবৰ ভিতৰত বায়ুয়েনাে কি কাম কৰে? 

    চাইকেলৰ টিউবত থকা বায়ুয়ে কেনেকৈ টিউবৰ আকৃতি বজাই ৰাখে, তাৰ বিষয়ে বন্ধুৰ লগত আলােচনা কৰা।

     এইবােৰ অভিজ্ঞতাই দেখুৱায় যে বায়ুৱে চাপ প্রয়ােগ কৰে । বায়ুৰ চাপৰ বাবেই বতাহত গছৰ পাত , বেনাৰ বা পতাকা লৰচৰ কৰে । বায়ুৰ চাপ প্রদর্শন কৰা আৰু কিছুমান অভিজ্ঞতা তুমি উল্লেখ কৰা ।

     এতিয়া টেমাটো ( বা বটলটো ) ৰ আকৃতি পৰিৱৰ্তনৰ ব্যাখ্যা দিবলৈ প্ৰয়াস কৰোঁ আহা । টেমাটোৰ ওপৰত ঠাণ্ডা পানী ঢালি দিলে টেমাটোৰ অভ্যন্তৰৰ কিছু বাষ্প পানীলৈ ঘনীভূত হােৱাৰ পৰিণতিত টেমাৰ অভ্যন্তৰত বায়ুৰ পৰিমাণ কিছু হ্রাস পায় । ফলত টেমাৰ অভ্যন্তৰৰ বায়ুৰ চাপ টেমাৰ বহির্ভাগৰ বায়ুৰ চাপতকৈ কমি যায় । এই কাৰণেই টেমাটো সংকুচিত হৈ পৰে । এইটো ক্রিয়াকলাপৰপৰা পুনৰ প্রতিপন্ন হ’ল যে বায়ুৱে চাপ প্রয়ােগ কৰে ।


 Type Ankur Raj Deka

Class 7