তাপ 

তাপৰ সঞ্চালন ঃ

    তোমালোকে বোধহয় লক্ষ্য় কৰিছা যে জুইৰ এপৰত থোৱা তাৱা উত্তপ্ত হৈ পৰে। জুইৰপৰা তাৱালৈ তাপৰ সৰবৰাহ হোৱা বাবে এনে হয়। তাৱাখন জুইৰপৰা আঁতৰাই আনিলে ই লাহে লাহে চেঁচা হ'বলৈ ধৰে। ই কিয় চেঁচা হয়? তাৱাখনৰপৰা তাপ চৌপাশলৰৈ সঞ্চালিত হয়। গতিকে তোমালোকে বুজি পালা যে, উভয় ক্ষেত্ৰতে গৰম বস্তৰ পৰা চেঁচা বস্তুৰপাৰা চেঁচা বস্তুলৈ তাপ সঞ্চালিত হৈছে। বাস্তৱিকতে, সকলো ক্ষেত্ৰতে গৰম বস্তুৰপৰা চেঁচা বস্তুলৈ তাপ সঞ্চালিত হয়। 

    তাপৰ কেনেকৈ সঞ্চালন হয়। অনুসন্ধান কৰোঁ আহা।

ক্ৰিয়াকলাপ-৪.৬

    এলুমিনিয়াম বা লোৰ দৰে ধাতুৰ দণ্ড এডাল অথবা চেপেটা পটি এচটা যোগাৰ কৰা। দণ্ডডালৰ গাত মমৰ সৰু সৰু টুকুৰা কিছুমান লগোৱা। টুকুৰাবোৰ প্ৰায় সমান অন্তৰালত থকাটো বাঞ্ছনীয় (চিত্ৰ-৪.৭)। দণ্ডডাল এডাল ষ্টেণ্ডত সংলগ্ন কৰা। ষ্টেণ্ড সহজলভ্য নহ'লে দণ্ডডালৰ আনটো মূৰ গৰম কৰা আৰু নিৰিক্ষন আৰম্ভ কৰা।

        মমৰ টুকুৰাবোৰ কি অৱস্থা হ'ল? এই টুকুৰাবোৰ গলি তলত পৰিবলৈ আৰম্ভ কৰিছেনে? কোনটো টুকুৰা আগতে পৰিছে? তোমাৰ ভাব হৈছে নেকি যে দণ্ডডালৰ জুইৰ শিখাৰ ওচৰত থকা মূৰটোৰপৰা আনটো মূৰলৈ তাপৰ সঞ্চলন হৈছে ?

    কোনো এটা বস্তুৰ গৰম প্ৰান্তৰ পৰা চেঁচা প্ৰান্তলৈ তাপৰ সঞ্চালন হোৱা প্ৰক্ৰিয়াক পৰিবহণ (conduction) বোলে। কঠিন পদাৰ্থত সাধাৰণতে পৰিবহণ প্ৰক্ৰিয়াৰেই তাপৰ সঞ্চালন ঘটে। 

    সকলো পদাৰ্থই সহজতে তাপ সঞ্চালন কৰেনে? তোমালোকে নিশ্চয় দেখা পাইছা যে ৰন্ধা-বঢ়াৰ বাবে ব্য়ৱহাৰ কৰা ধাতৱ তাৱাৰ প্লাষ্টিক বা কাঠৰ নাল থাকে। কোনো যন্ত্ৰণা নোপোৱাকৈ তোমালোকে নালডালত ধৰি গৰম তাৱাখন দাঙিব পাৰেণে?

ক্ৰিয়াকলাপ ৪.৭

 সৰু কেৰাহী বা বিকাৰ এটাত পানী গৰম কৰা। ষ্টীলৰ চামুচ, প্লাষ্টিকৰ স্কেল, পেঞ্চিল আৰু কাটাকম্পাছৰ দৰে কেইপদমান বস্তু গােটাই লােৱা । প্রতিবিধ বস্তুৰ এটা মূৰ গৰম পানীত ডুবােৱা (চিত্র -৪.৮)। কেই মিনিটমান সময় অপেক্ষা কৰা। বস্তুবােৰৰ আন মূৰবােৰ স্পৰ্শ কৰি চোৱা। তালিকা ৪.৩ ত তােমালােকৰ নিৰীক্ষণবােৰ লিপিবদ্ধ কৰা৷ যিবােৰ বস্তুৱে সিহঁতৰ মাজেৰে অনায়াসে তাপৰ সঞ্চালন হ’ব দিয়ে সেইবােৰ তাপৰ পৰিবাহী (conduc tor)। উদাহৰণস্বৰূপে এলুমিনিয়াম, লাে আৰু তাম।

 আনহাতে যিবােৰে সিহঁতৰ মাজেৰে অনায়াসে তাপৰ সঞ্চালন হ’ব নিদিয়ে সেইবােৰ তাপৰ কুপৰিবাহী। প্লাষ্টিক আৰু কাঠ তাপৰ কু পৰিৱাহী। কুপৰিবাহীবােৰক অপৰিবাহী (Insulator) বােলে। পানী আৰু বায়ু তাপৰ কুপৰিবাহী। তেনেহ'লে এনে পদার্থবােৰৰ মাজেৰে তাপৰ সঞ্চালন কেনেকৈ হয়? আলােচনা কৰোঁ আহা।

 ক্রিয়াকলাপ ৪.৮ ঘূৰণীয়া তলিৰ এটা ফ্লাস্ক যােগাৰ কৰা (যদি ফ্লাস্ক সহজলভ্য নহয় তেন্তে এটা বিকাৰ ল'লেও হ'ব)। ইয়াৰ তিনিভাগৰ দুভাগ পানীৰে পূৰ কৰা। এটা ত্রিপদ (tripod) ৰ ওপৰত ইয়াক স্থাপন কৰা অথবা এনে ব্যবস্থা কৰা যাতে ফ্লাস্কটোৰ তলত মম এডাল জুলাই তাক গৰম কৰিব পাৰি। ফ্লাস্কটোৰ ভিতৰৰ পানীখিনি সুস্থিৰ নােহােৱালৈকে অপেক্ষা কৰা। পটাছিয়াম পাৰমাংগানেটৰ স্ফটিক এটা ষ্ট এডালৰ সহায়ত ফ্লাস্কৰ তলিত সাৱধানে থােৱা। স্ফটিকটোৰ তলতে জ্বলি থকা মমৰ শিখাটো ৰাখি পানীখিনি গৰম কৰা। তােমাৰ নিৰীক্ষণবােৰ টোকাবহীত লিপিবদ্ধ কৰা আৰু লগতে তুমি কি দেখা পালা তাক ফুটাই তুলি এটা চিত্র আঁকা (চিত্র ৪.৯)।

 পানীখিনি গৰম কৰোঁতে জুইশিখাৰ ওচৰতে থকা পানীখিনি পােনতে গৰম হয়। গৰম পানীখিনি ওপৰলৈ উঠি যায়। দাঁতিৰ চেঁচা পানীখিনি তাপৰ উৎসৰ পিনে নামি যায়। এইখিনি পানীও গৰম হয় আৰু ওপৰলৈ উঠে আৰু দাঁতিৰ পানী তললৈ নামে। গােটেইখিনি পানী গৰম নােহােৱালৈকে এই প্রক্রিয়াটো চলি থাকে। তাপ সঞ্চালনৰ এই প্রক্রিয়াক পৰিচলন (convection) বােলে।




বায়ুৰ মাজেৰে তাপৰ সঞ্চালন কেনেকৈ ঘটে? কোন দিশলৈ ধোঁৱাবোৰ যায়?

        তাপৰ উৎসৰ নিকটৱৰ্তী বায়ু গৰম হয় আৰু ওপৰলৈ উঠি যায়। কাষৰ বায়ু আহি খালী হোৱা ঠাই পূৰ্ণ কৰে। এনেদৰে বায়ু গৰম হয় তলৰ ক্ৰিয়াকলাপটোৱে এই ধাৰণাটো সাব্য়স্ত কৰে 

ক্ৰিয়াকলাপ ৪.৯

মম এডাল জ্বলোৱা। এতিয়া এখন হাত শিখাৰ ওপৰত আৰু আনখন হাত শিখাৰ কাষত ধৰা । তোমাৰ হাত দুখনে সমানে গৰম অনুভৱ কৰিছেনে? যদি কৰা নাই তেন্তে কোনখনে বেছি গৰম অনুভৱ কৰিছে? আৰু কিয়? 

সতৰ্ক হ'বা। জুই শিখাৰ পৰা নিৰাপদ দূৰত্বতহে হাত দুখন ৰাখিবা যাতে জুয়ে নোপেৰে।

 মন কৰিবা যে শিখাৰ ওপৰৰ ফালে পৰিচলনৰ ফলত বায়ু গৰম হয়। সেয়েহে, শিখাৰ ওপৰত ৰখা হাতখনে বেছি গৰম অনুভৱ কৰে। শিখাৰ কাষত অৱশ্যে পৰিচলন ঘটে আৰু তাৰ বায়ুখিনি ওপৰৰ বায়ুৰ দৰে গৰম নহয়।

     সাগৰৰ উপকূল অঞ্চলত বাস কৰা মানুহে এক কৌতূহলােদ্দীপক পৰিঘটনাৰ অভিজ্ঞতা লাভ কৰে। দিনৰ সময়ছােৱাত স্থলভাগ পানীতকৈ সােনকালে গৰম হয়। মাটিৰ ওপৰৰ বায়ু গৰম হৈ ওপৰলৈ উঠি যায়। খালী ঠাই পূৰাবলৈ সাগৰৰ ওপৰৰ শীতল বায়ু স্থলভাগলৈ গতি কৰে। স্থলভাগৰ গৰম বায়ু সাগৰৰ ফালে গতি কৰি চক্ৰটো সম্পূর্ণ কৰে। সাগৰৰপৰা অহা বতাহক জলবতাহ (sea breeze) বােলে। সাগৰৰ জুৰ বতাহ পাবলৈ উপকূল অঞ্চলৰ ঘৰৰ খিৰিকীবোেৰ সাগৰলৈ মুখ কৰি সজা হয়। ৰাতি ইয়াৰ সম্পূর্ণ ওলােটা ঘটনাটো ঘটে (চিত্র -৪.১১)। স্থলতকৈ পানীভাগ ধীৰ গতিৰে শীতল হয়। সেয়েহে স্থলভাগৰপৰা শীতল বতাহ সাগৰলৈ বয়। ইয়াক স্থল বতাহ (land breeze) বােলে। চিত্র ৪.১১ ত এই পৰিঘটনাটো দেখুওৱা হৈছে । 

আমি ৰদলৈ ওলাই আহিলে গৰম অনুভৱ কৰোঁ। সূৰ্যৰ তাপ কেনেকৈ আমাৰ ওচৰ পায়হি? পৰিবহণ অথবা পৰিচলন প্রক্রিয়াৰে ই সম্ভৱ নহয়, কাৰণ পৃথিৱী আৰু

সূৰ্যৰ মাজৰ অধিকাংশ ঠাইতে বায়ুৰ দৰে কোনাে মাধ্যমৰ অৱস্থিতি নাই। বিকিৰণ (radiation) নামৰ আন এটা প্রক্রিয়াৰে সূৰ্যৰ তাপ আমাৰ ওচৰলৈ আহে। বিকিৰণ প্রক্রিয়াৰে তাপৰ সঞ্চালন ঘটিবলৈ কোনাে মাধ্যমৰ প্রয়ােজন হয়। বিকিৰণ প্রক্রিয়া মাধ্যম থাকিলেও হ'ব পাৰে অথবা নাথাকিলেও হ'ব পাৰে। আমি কোঠালী উত্তাপক (room heater) এটাৰ সন্মুখত বহিলে এই প্রক্রিয়াৰেই তাপ পাওঁ। উত্তপ্ত কেৰাহী এটা জুইৰ পৰা আঁতৰাই থলে বিকিৰণৰ দ্বাৰা ইয়াৰ চৌপাশলৈ তাপৰ সঞ্চালন ঘটি ই চেঁচা হয়। আমাৰ শৰীৰেও বিকিৰণৰ দ্বাৰা চৌপাশলৈ তাপ এৰি দিয়ে আৰু একে প্রক্রিয়াৰে চৌপাশৰ তাপ আহৰণ কৰে। 

    সকলাে গৰম বস্তুৱেই তাপ বিকিৰণ কৰে। এই তাপ কোনাে বস্তুৰ ওপৰত পৰিলে তাৰ এটা অংশ প্রতিফলিত হয়, এটা অংশ শােষিত হয় আৰু এটা অংশ সংপ্রেৰিত হ'ব পাৰে। তাপৰ শােষিত অংশই বস্তুৰ উষ্ণতা বঢ়ায়। ৰ'দত বাহিৰলৈ ওলালে তোমালোকক ছাতি এটা লৈ যাবলৈ কিয় কোৱা হয় ?


Type : Ankur Raj Deka

class 7  Science SCERT Book