বানপানীৰ সৈতে সহাৱস্থানঃ

ব্ৰহ্মপুত্ৰ, বৰাক আৰু ইয়াৰ উপনৈসমূহেৰে অসম পৰিপূৰ্ণ। বাৰিষাকালত দক্ষিণ-পশ্চিম মৌছুমীৰ প্ৰভাৱত ইয়াত প্ৰচুৰ বৃষ্টিপাত হয়। এই সময়ছোৱাত অসমৰ বিভিন্ন স্থানত এক ততোধিক বাৰ বানপানী হোৱাটো এটা স্বভাৱিক পৰিঘটনা। তোমালোকে অসমৰ বানপানীৰ ৰূপটো নিশ্চিয় দেখিবলৈ পাইছা। অসমত বানপানী হোৱাৰ কেতবোৰ কাৰণ জানি লওঁ আহা

一অসমৰ নদীসমূহে পাহাৰীয়া উৎপত্তি অঞ্চলত হোৱা ভূমি ক্ষয়ৰ মাটি, শিল, বালিবোৰ বোৱাই আনি সমভূমি অংশৰ তলি ভাগত জমা কৰে। এই ধৰণে নদীসমূহ বাম হৈ পৰিছে আৰু পানী বহন ক্ষমতা হ্ৰাস পাইছে। ইয়াৰ বাবে সঘনাই বানপানীৰ সৃষ্টি হয়। 

一 ব্ৰহ্মপুত্ৰ আৰু ইয়ৰ উত্তৰ পাৰে থকা উপনৈসমূহে বাৰিষা বৰষুণৰ পানীৰ উপৰিও হিমালয়ৰ বৰফ গলা অতিৰিক্ত পানী বহন কৰে, যাৰ বাবে দুয়ো পাৰ উপচি পৰি বানুানীৰ সৃষ্টি হয়।

অসমৰ বহুতো মানুহ বান অধ্যূষিত অঞ্চলত বসবাস কৰে। এইসকল লোক বানপানীৰ দ্বাৰা সহজে আক্ৰান্ত হয়। বানপানীয়ে পৰিৱেশ আৰু মানুহৰ বিস্তৰ ক্ষতিসাধন কৰে।

অসমত বানপানীৰ সমস্যাটোৰ নিয়ন্ত্ৰণ কৰিব পাৰিলেও স্থায়ী সমাধান এতিয়াও সম্ভৱ হোৱা নাই। বান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰী আচঁনিসমূহ কাৰ্যকৰী কৰাৰ বাবে 'ব্ৰহ্মপুত্ৰ ব'ৰ্ড' নামৰ এটি বিভাগ আছে। বানাক্ৰান্ত অঞ্চলৰ বাসিন্দাসকলে বানপানীৰ সৈতে সহাৱস্থানৰ ব্যৱস্থা ল'লে ক্ষয়-ক্ষতি বহু পৰিমাণে হ্ৰাস কৰিব পাৰে। ইয়াৰ বাবে অৱলম্বন কৰিব পৰা কেতবোৰ ব্যৱস্থা উল্লখে কৰা হ'ল一

一বানাক্ৰান্ত অঞ্চলত বানপানী নোহোৱা সময়ত কৰিব পৰা কৃষি ব্যৱস্থাত গুৰুত্ব দিয়া। ইয়াৰ উৎপাদনৰ উপাৰ্জনেৰে প্ৰয়োজনীয় ধন-চাউল ক্ৰয় কৰাৰ ব্যৱস্থা কৰা।

一 ওখ স্থানত বাসগৃহ নিৰ্মাণ কৰি সা-সম্পত্তি সুৰক্ষিত কৰাৰ ব্যৱস্থা। অন্যথা বানপানীৰ সময়ত মানুহ আৰু পোহনীয়া জীৱ-জন্তুৰে সৈতে ওখ সুৰক্ষিত স্থানত গৈ অস্থায়ীভাৱে আশ্ৰয় গ্ৰহণ কৰা।

一 পোহনীয়া জীৱ-জন্তু আৰু মানুহৰ খাদ্য সামগ্ৰী বানপানীত ডুব নোযোৱাকৈ ওখ চাংঘৰ সাঁজি তাত ৰাখৰ ব্যৱস্থা।

一 বানপানীৰ সময়ত ব্যৱহাৰ কৰিবৰ কাৰণে পৰিষ্কাৰ পানীৰ সু-ব্যৱস্থা ৰখা।

一 বানপানী হোৱাৰ আগতে প্ৰয়োজনীয় ঔষধ, খাদ্য সামগ্ৰী, অস্থায়ী গৃহ নিৰ্মাণৰ সামগ্ৰী, বীজাণুনাশক দ্ৰব্য মজুত কৰি ৰখা।

一 ব্যৱহাৰৰ কাৰণে ব্যক্তিগতভাৱে নাওঁ বা ভূঁৰ ৰখা।

一 কৰ্তৃপক্ষৰ নিয়ন্ত্ৰণ কক্ষৰ ফোন নম্বৰ ৰখা। 

一 বানপানীৰ সম্ভাৱ্য বিপদৰ পৰা হাত সাৰিবৰ বাবে সাঁতুৰিবলৈ শিকা। 

一 বিভিন্ন প্ৰচাৰ মাধ্যমযোগে প্ৰচাৰিত বতৰৰ বাতৰি সম্পৰ্কে প্ৰয়োজনীয় খবৰ ৰখা। 


Class 7 Social Science 

Type: Nayan Moni Deka