Page no 14

২.১.১ সংসদীয় পদ্ধতিৰ চৰকাৰ    ঃ

        বৰ্তমান সময়ত বহু সমাদৃত চৰকাৰ হৈছে সংসদীয় পদ্ধতিৰ চৰকাৰ। প্ৰকৃততে কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ সম্পৰ্কৰ ওপৰত ভিত্তি কৰি এই চৰকাৰক সংসদীয় 

Page no 15

পদ্ধতিৰ চৰকাৰ বোলা হৈছে। এই শ্ৰেণী চৰকাৰৰ জন্মস্থান হৈছে ইংলেণ্ড। সেইবাবে এই চৰকাৰক ৱেষ্ট মিনিষ্টাৰ মডেল চৰকাৰ বুলিও কোৱা হয়।

    সংসদীয় পদ্ধতিৰ চৰকাৰৰ প্ৰধান বৈশিষ্ট্য়সমূহ হ'ল এনেধৰণৰ一

১।    দুজন মুৰব্বী    ঃ এই চৰকাৰৰ দুজন মুৰব্বীৰ ব্য়ৱস্থা আছে। এজন প্ৰকৃত কাৰ্যপালিকা আৰু আনজন নামমাত্ৰ কাৰ্যপালিকা। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত মন্ত্ৰী পৰিষদখন হ'ল প্ৰকৃত কাৰ্যপালিকা আৰু ৰাষ্ট্ৰপ্ৰধানজন (ৰজা/ ৰাণী/ ৰাষ্ট্ৰপতি) নামমাত্ৰ কাৰ্যপালিকাহে

২।    কাৰ্যপালিকাৰ সদস্য়সকল বিধনমণ্ডলৰো সদস্য়    ঃ এই চৰকাৰত কাৰ্যপালিকা অৰ্থাৎ মন্ত্ৰীপৰিষদৰ সদস্য়সকল বিধানমণ্ডলৰো সদস্য়।

৩।     বিধানমণ্ডল আৰু কাৰ্যপালিকাৰ ওচৰ সম্বন্ধ    ঃ সংসদীয় পদ্ধতিৰ চৰকাৰৰ বিধানমণ্ডল আৰু কাৰ্যপালিকাৰ সম্পৰ্ক নিবিড়।

৪।    মন্ত্ৰী পৰিষদ বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ    ঃ সংসদীয় পদ্ধতিৰ চৰকাৰত কাৰ্যপালিকা সকলো কাম কৰাৰ বাবে বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ থাকে। বিধানমণ্ডলে অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰিলে মন্ত্ৰীপৰিষদে পদত্য়াগ কৰিবলৈ বাধ্য় হয়।

৫।    মন্ত্ৰীপৰিষদৰ সামূহিক দায়বদ্ধতা    ঃ এই চৰকাৰত মন্ত্ৰী পৰিষদখন সামূহিকভাৱে বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ হয়। মন্ত্ৰীপৰিষদৰ এজন সদস্য়ৰ ব্য়ৰ্থতাৰ বাবে সকলো সদস্য় দায়বদ্ধ হয়।


সংসদীয় পদ্ধতিৰ চৰকাৰৰ গুণ    ঃ

১। সংসদীয় পদ্ধতিৰ চৰকাৰত কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ মাজত সু-সম্পৰ্ক আৰু সহযোগিতা থাকে। ফলত যিকোনো সমস্য়া আইনৰ সহায়ত সহজে সমাধান কৰিব পাৰি।

Page no 16

২। এই চৰকাৰ বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ হোৱা বাবে দেশ আৰু জনগণৰ স্বাৰ্থৰ বিপৰীতে যোৱা কোনো কাম চৰকাৰখনে কৰিব নোৱাৰে।

৩। সংসদীয় পদ্ধতিৰ চৰকাৰত কাৰ্যপালিকাই (মন্ত্ৰীপৰিষদ) স্বেচ্চাচাৰীভাৱে কাম কৰিব নোৱাৰে। ক্ষমতাত থকা ৰাজনৈতিক দলে যদি স্বেচ্চাচাৰীভাৱে কাম কৰে তেতিয়া বিধানমণ্ডলে অনাস্থা প্ৰস্তাৱযোগে তেনে চৰকাৰক ক্ষমতাৰ পৰা আঁতৰ কৰিব পাৰে। 

৪। সংসদীয় পদ্ধতিৰ চৰকাৰে জনমতক সদায় গুৰুত্ব দি কাৰ্য সম্পাদন কৰে। অন্য়থা বিৰোধী পক্ষৰ কঠোৰ সমালোচনাৰ সন্মুখীন হয়।

৫। এই চৰকাৰ নমনীয় চৰিত্ৰৰ। এই চৰকাৰত কাৰ্যপালিকা পৰিৱৰ্তনৰ প্ৰক্ৰিয়া সহজ।

সংসদীয় চৰকাৰৰ দোষ    ঃ

১। সংসদীয় পদ্ধতিৰ চৰকাৰত যদি কোনো এটা ৰাজনৈতিক দলেও বিধানমণ্ডলত সংখ্য়াগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিব নোৱাৰে, তেতিয়া মৰ্চা চৰকাৰ গঠিত হয়। মৰ্চা চৰকাৰ অস্থায়ী আৰু যিকোনো সময়তে ৰাজনৈতিক সংকট সৃষ্টি হ'ব পাৰে।

২। এই চৰকাৰত মন্ত্ৰীসকল বিভাগীয় কাম-কাজত প্ৰায়েই অনভিজ্ঞ হোৱাৰ বাবে বহু সময়ত আমোলাসকলৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়। ফলত চৰকাৰৰ কাম-কাজত আমোলসকলৰ প্ৰভাৱ বেছি হয় আৰু চৰকাৰখনে আমোলাতান্ত্ৰ চৰকাৰৰ ৰূপ লয়।

৩। ক্ষমতাৰ পৃথকীৰণ নীতি নথকাৰ বাবে সংসদীয় পদ্ধতিৰ চৰকাৰত মন্ত্ৰী পৰিষদে একনায়কত্ববাদী শাসন চলোৱাৰ সম্ভাৱনা থাকে।

৪। সংসদীয় পদ্ধতিৰ চৰলকাৰৰ বিৰুদ্ধে উত্থাপিত হোৱা অনা এটা অভিযোগ হ'ল一 এনে চৰকাৰত বিধানমণ্ডলৰ সদস্য়সকল এবাৰ নিৰ্বাচিত হৈ অহাৰ পিছত তেওঁলোকে জনস্বাৰ্থ অৱজ্ঞা কৰিলেও পুনৰ নিৰ্বাচন নহালৈকে ভোটাৰসকলে কোনো কাৰ্যকৰী ব্য়ৱস্থা হাতত ল'ব নোৱাৰে।ফলত ভোটাৰসকলে তেওঁলোকৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধিসকলৰ কুকৰ্ম বহুদিন ধৰি সহ্য় কৰিবলৈ বাধ্য় হয়।









Bidyut Thakuria





Post ID : DABP004460