Page no 6
১.৩ আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰাসংগিকতা ঃ
আঞ্চলিক ৰাজনৈতিক দলৰ জন্ম ভাৰতৰ দলীয় ব্য়ৱস্থাৰ এটা উল্লেখযোগ্য় দিশ। যোৱাটো শতিকাৰ ষাঠিৰ দশকত ভাৰতবৰ্ষৰ প্ৰথমটো আঞ্চলিক দল ডি. এম. কে (দ্ৰাবিড় মুন্নেতা কাজাগম)ৰ জন্মৰ লগে লগেই আঞ্চলিকতাবাদী চিন্তাধাৰাৰে পুষ্ট আন কিছুমান আঞ্চলিক ৰাজনৈতিক দলে দেশখনত আত্ম প্ৰকাশ কৰে। বিশেষকৈ যোৱা শতিকাৰ আশীৰ দশকত বহু বেছি সংখ্য়ক আঞ্চলিক দলৰ জন্ম হোৱা বাবেই সেই দশকটোক আঞ্চলিক ৰাজনৈতিক দলৰ সোণালী দশক বুলি কোৱা হয়।
ভাষা, ধৰ্ম, সংস্কৃতিৰ বৈচিত্ৰ্য়ৰে ভৰা ভাৰতবৰ্ষত, বিভিন্ন অঞ্চল আৰু জাতি-জনগোষ্ঠীয়ে স্বকীয় আৰু স্বাৰ্থ অক্ষুণ্ণ ৰাখিবৰ বাবে কৰা প্ৰচেষ্টাৰ বাবে বহিটো আঞ্চলিক দলে দেশখনত আত্মপ্ৰকাশ কৰে। তদুপৰি সাংস্কৃতিক ভিন্নতাৰে পৰিপূৰ্ণ এইখন দেশত এটা অখণ্ড জাতীয়তাবাদী ভাৱধাৰা দীৰ্ঘদিন ধৰি ৰখাটো কিছু জটিল। বিশেষকৈ চতুৰ্থ সাধাৰণ নিৰ্বাচন (১৯৬৭)ৰ পিছৰ পৰা ভাৰতবৰ্ষত ক্ৰমাৎ আঞ্চলিকতাবাদী চিন্তাধাৰা বেছি প্ৰকট হোৱা পৰিলক্ষিত হয়।
আঞ্চলিক ৰাজনৈতিক দলৰ জন্মৰ মূল কাৰণ হিচাপে চিনাক্ত কৰিব পৰা বিষয়সমূহ থোৰতে এনেধৰণৰ一 (ক) সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ বৈষম্য়মূলক নীতি, (খ) দেশখনৰ বিভিন্ন ভাষিক আৰু ধৰ্মীয় গোষ্ঠীৰ মাজত থকা ভিন্নতা, (গ) সংখ্য়ালঘুসকলৰ মাজত থকা নিৰাপত্তাহীনতাৰ ভাৱ, (ঘ) কেন্দ্ৰীয় চৰকাৰৰ অধিক কেন্দ্ৰীকৰণৰ প্ৰৱনতা আৰু ৰাজ্য়িক সম্পদ সমূহৰ ওপৰত অধিক কৰ্তৃত্ব লাভৰ প্ৰচেষ্টা, (ঙ) সকলো ৰাজ্য়ৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ সমদৃষ্টিৰ অভাৱ, (চ) ৰাষ্ট্ৰীয় দলৰ বা কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্য়িক নেতাৰ দুৰ্বলতা আদি।
বৰ্তমান ভাৰতবৰ্ষত থকা উল্লেখযোগ্য় আঞ্চলিক ৰাজনৈতিক দলবিলাক হ'ল 一 ডি.এম. কে., এ. আই, ডি. এম. কে. (তামিলনাডু), আকালি দল (পাঞ্জাৱ), তেলেগু দেশম (অন্ধ্ৰপ্ৰদেশ), নেচনেল কনফাৰেঞ্চ (জম্মু কাশ্মীৰ), অসম গণ পৰিষদ (অসম), মিজো নেচনেল ফ্ৰণ্ট (মিজোৰাম), শিৱসেনা (মহাৰাষ্ট্ৰ), নাগালেণ্ড পিপুল্চ কনফাৰেঞ্চ (নাগালেণ্ড), ঝাৰখণ্ড মুক্তি মৰ্চা (ঝাৰখণ্ড) আদি। উপৰোক্ত দলবিলাকৰ ভিতৰৰ
Page no 7
কেইবাটাও আঞ্চলিক দলে ৰাজ্য়ত চৰকাৰৰ গঠন কৰিবলৈ সক্ষম হোৱাৰ লগতে কেন্দ্ৰত চৰকাৰ গঠনৰ ক্ষেত্ৰতো অংশীদাৰ হ'ব পাৰিছে।
Bidyut Thakuria