৫.৩ প্রশমনঃ 

আমি জানিলোঁ যে অশ্লই নীল লিটমাছ ৰঙা কৰে আৰু ক্ষাৰকে ৰঙা লিটমাছ নীলা কৰে। অম্ল এটাক ক্ষাৰকৰ সৈতে মিহলি কৰিলে কি হয়, চাওঁ আহা। 

তােমালােকে এতিয়ালৈকে ব্যৱহাৰ নকৰা এবিধ সূচকক আমি এতিয়া ব্যৱহাৰ কৰিম। ইয়াৰ নাম ফেলথেলিন ( phenolphthalein )।

 ক্রিয়াকলাপ ৫.৫

 শিক্ষকে শ্ৰেণীত প্ৰদৰ্শন কৰিব

      এটা পৰীক্ষানলীৰ চাৰিভাগৰ এক অংশ লঘু হাইড্রক্লৰিক এছিডেৰে পূৰ কৰা আৰু ইয়াৰ বৰণ লিখি লােৱা । ফেনলফথেলিনৰ বৰণাে লিখি লােৱা । অম্লখিনিত ২-৩ টোপাল ফেনলথেলিন সূচক যােগ দিয়া । পৰীক্ষানলীটো লাহেলাহে জোকাৰি দিয়া । অম্লৰ বৰণৰ কিবা পৰিৱৰ্তন হােৱা দেখিলানে? 

    ড্রপাৰৰ সহায়েৰে অম্লখিনিত এটোপাল ছ'ডিয়াম হাইড্রক্সাইড দ্ৰৱ যােগ দিয়া আৰু পৰীক্ষা নলীটো লাহে লাহে লৰাই দিয়া। দ্ৰৱটোৰ বৰণৰ কিবা পৰিবর্তন হ’লনে? পৰীক্ষা নলীৰ দ্ৰৱখিনিত এটোপ এটোপকৈছ’ডিয়াম হাইক্সাইড যােগ কৰি থাকা আৰু দ্ৰৱটো লগে লগে লৰাইও থাকা। এনেদৰে যােগ কৰি থাকোতে দ্ৰৱটো গুলপীয়া ৰং হােৱাৰ লগে লগে ছডিয়াম হাইড্রক্সাইড যােগ কৰা বন্ধ কৰা। তােমালােকে পুনৰ এটোপাল লঘু হাইড্র’ক্লৰিক এছিড দ্ৰৱটোত যােগ দিয়া । কি দেখিলা? দ্ৰৱটো পুনৰ বৰণহীন হৈ পৰিল।

 আকৌ এটোপাল ছডিয়াম হাইড্রক্সাইড যােগ দিয়া । বৰণৰ কিবা পৰিৱৰ্তন হ’লনে ? দ্ৰৱটো আকৌ গুলপীয়া বৰণৰ হৈ পৰিল । ইয়াৰ পৰা এইটো স্পষ্ট হৈ পৰিল যে ক্ষাৰকীয় দ্ৰৱত ফেনলফথেলিনৰ বৰণ গুলপীয়া হয় । আনহাতে আম্লিক দ্ররত বৰণহীন হয় ।

    এটা আম্লিক দ্ৰৱ যেতিয়া এটা ক্ষাৰকীয় দ্ৰৱৰ সৈতে মিহলি কৰা হয় তেতিয়া পৰস্পৰে পৰস্পৰক প্রশমিত কৰে। যেতিয়া এটা আম্লিক দ্ৰৱ আৰু এটা ক্ষাৰকীয় দ্রয় উপযুক্ত পৰিমাণত মিহলােৱা হয়, তেতিয়া অৰ আম্লিক গুণ আৰু ক্ষাৰকৰ ক্ষাৰকীয় গুণ ধ্বংস হয়। এনেদৰে পােৱা লব্ধ দ্ৰৱটো আম্লিকো নহয়, ক্ষাৰকীয়ও নহয়। প্রশমন হােৱাৰ ঠিক লগে লগেই পৰীক্ষা নলীটো চুই চোৱা। তােমালােকে কি দেখিলা? প্রশমন বিক্রিয়াত সদায় তাপ উৎপন্ন বা উদ্ভৱ হয়। উৎপন্ন হােৱা তাপে মিশ্ৰণটোৰ উষ্ণতা বঢ়াই দিয়ে। 

    প্রশমন বিক্রিয়াত এবিধ নতুন দ্রব্য উৎপন্ন হয় । ইয়াক লৱণ ( salt ) বুলি কোৱা হয় । লৱণসমূহ আজিক , ক্ষাৰকীয় বা প্রশম হ'ব পাৰে । গতিকে প্রশমনৰ সংজ্ঞা তলত দিয়া ধৰণে দিব পাৰি ঃ

 অম্ন আৰু ক্ষাৰকৰ মাজত হােৱা বিক্রিয়াক প্রশমন নােলে। এই প্রক্রিয়াত পানী আৰু লৱণ উৎপন্ন হােৱাৰ লগতে তাপে উৎপন্ন হয়। 

অম্ল + ক্ষাৰক⟶  লৱণ + পানী ( তাপ উৎপন্ন হয় )

 তলৰ বিক্রিয়াটো হৈছে এটা উদাহৰণ । 

হাইড্র'ক্ল'ৰিক এছিড ( HCl ) + ছডিয়াম হাই অক্সাইড ( NaOH⟶ 


    ছডিয়াম ক্ল'ৰাইড ( NaCl ) + পানী () প্রজ্ঞানে লঘু হালফিউৰিক এছিড চুশপনীত যােগ দিলে । বিক্রিয়াৰ মিশ্ৰণটো গৰম হ'ব নে ঠাণ্ডা হব ?