নলিনীবালা দেৱীৰ গীতসমূহ



কাৰ পৰশত নিজান বনত

ফুলিলে হিয়াৰ ফুলবোৰ।।

ঘুমটি ভাঙিল পুৱতি নিশা

ঊষাৰ ৰাঙলী বুকুৰ নীলিমা

পখিলা পাখি ৰহণ চৰি

ফুলিলে হিয়াৰ ফুলবোৰ।।

পাখিয়ে জগালে বননি

পুৱতিৰ অৰুণে ৰঙা হাঁহি সানি

পাখিলা ৰহণ চৰি

ফুলিলে হিয়াৰ ফুলবোৰ।।





Post ID : DABP006682