স্বদেশী আন্দোলন (১৯০৫-১১)

      

      বংগবাসীৰ ইচ্ছাৰ বিপৰীতে ব্ৰিটিছ চৰকাৰে বংগ বিভাজনৰ পৰিকল্পনা হাতত লৈছিল। বংগদেশৰ কৃতী সন্তান সুৰেন্দ্ৰনাথ বন্দোপাধ্যায় (১৮৪৮-১৯২৫), বিপিনচন্দ্ৰ পাল (১৮৫৮-১৯৩২), অৰবিন্দ ঘোষ (১৮৭২-১৯৫০),ৰবীন্দ্ৰনাথ ঠাকুৰ (১৮৬১-১৯৪১), ৰাসবিহাৰী বসু (১৮৪৫-১৯২১), ৰামেন্দ্ৰ সুন্দৰ ত্ৰিবেদী (১৮৬৪-১৯১৯) আদি বিখ্যাত চিন্তানায়কসকলে ব্ৰিটিছ চৰকাৰৰ বংগ বিভাজনৰ কুটিল চক্ৰান্ত বুজি পাইছিল আৰু তেওঁলোকে জনতাৰ মাজত এই চক্ৰান্ত প্ৰচাৰ কৰি বংগ বিভাজনৰ বিৰুদ্ধে জনজাগৰণ গঢ়ি তুলিবলৈ সক্ষম হৈছিল। বংগচ্ছেদ কাৰ্জকৰী কৰিলে বঙালী জাতিৰ ঐতিহ্যত আঘাত হেৱাৰ লগতে হিন্দু-মুছলমানৰ মাজৰ সম্প্ৰীতি বিনষ্ট হোৱাৰ আশংকা কৰি তেওঁলোকে লিখনি আৰু সভা-সমিতিৰ মাধ্যমেৰে জনতাৰ মাজত বংগ বিভাজনৰ বিৰুদ্ধে প্ৰচাৰ চলাইছিল। বংগ বিভাজনৰ বিদ্ধে জনমত গঠনৰ হেতু তেওঁলোকে পোনপ্ৰথমে জনতাৰ পৰা স্বাক্ষৰ সংগ্ৰহৰ অভিযান হাতত লৈছিল। প্ৰায় সত্তৰ হাজাৰ স্বাক্ষৰ সম্বলিত প্ৰতিবাদপত্ৰ ভাৰত সচিবৰ হাতত অৰ্পণ কৰা হৈছিল। কিন্তু ইমানৰ পিছতো ব্ৰিটিছ চৰকাৰে আত্মপক্ষ সমৰ্থন কৰি ভাল প্ৰশাসনৰ কথা কৈ এন্দ্ৰু ফ্ৰেজাৰৰ বংগ ভংগৰ আঁচনিৰ যুক্তিযুক্ততা প্ৰচাৰ কৰাত বংগদেশৰ জনতা ক্ষব্ধ হৈছিল।


        চৰকাৰৰ ফালৰ পৰা বংগচ্ছদ কাৰ্যত পৰিণত কৰাৰ মনোভাব স্পষ্টকৈ প্ৰকাশ পোৱাৰ পিছত বংগদেশত চৰকাৰবিৰোধী জনজাগৰণ ত্ৰমান্বয়ে বৃদ্ধি হ'বলৈ আৰম্ভ কৰিছিল। জাতীয় জনমতক উপেক্ষা কৰাৰ লগতে বঙালী জাতীয়তাবাদক ধ্বংস কৰি হিন্দু-মুছলমানৰ মাজত বিভেদ সৃষ্টি কৰিবলৈকে চৰকাৰে গ্ৰহণ কৰিব বিচৰা বংগ বিভাজনৰ বিৰুদ্ধে সমগ্ৰ বংগদেশত বিশাল জাতীয় আন্দোলনৰ সূচনা হৈছিল। লৰ্ড কাৰ্জনে ভাৰতীয়সকলক শিক্ষা, সংবাদপত্ৰ, স্থানীয় স্বায়ত্তশাসন আদি অঝিকাৰৰ ওপৰত হস্তক্ষেপ কৰি ইতিমধ্যে সমগ্ৰ ভাৰতীয়ৰ মনত অসন্তুষ্টিৰ ভাব জগাই তুলিছিল। তেওঁৰ বংগ বিভাজন পৰিকল্পনাও আছিল প্ৰতিক্ৰিয়াশীল। গতিকে বংগ ভংগৰ অসন্তুষ্টিৰ উত্তাপে প্ৰবল বিক্ষোভৰ কৰিছিল। ১৯০৩ খ্ৰীষ্টাব্দৰ ৬ ডিচেম্বৰ তাৰিখে বংগ দ্বিখণ্ডিত কৰাৰ প্ৰস্তাৱ উত্থাপিত হোৱাৰ পৰা ১৯০৫ খ্ৰীষ্টাব্দৰ ১৯ জুলাই তাৰিখে বংগ বিভাজনৰ পৰিকল্পনাটো চৰকাৰীভাৱে প্ৰকাশ কৰালৈকে পূৰ্ব বংগ, উত্তৰ বংগ আৰু পশ্চম বংগৰ বিভিন্ন ঠাইত অনুষ্ঠিত প্ৰতিবাদী সভাৰ যোগেদি প্ৰবল জনসংগ্ৰামৰ জোনাৰ উঠিছিল। জাতি-বৰ্ণ নিবিশেষে সকলো মানুহেই এই গণ সংগ্ৰামত জঁপিয়াই পৰিছিল। বংগচ্ছেদৰ পৰিণতি হিচাপে সংঘবদ্ধভাৱে বিদেশী বস্তু (বিদেশত প্ৰস্তুত কৰা পণ্য) বৰ্জন আৰু স্বদেশী বস্তু (নিজ দেশত ভাৰতীয়ৰ হাতেৰে প্ৰস্তুত কৰা) গ্ৰহণৰ সিদ্ধান্ত জনসভাত অনুমোদিত হোৱাৰ পিছত এই আন্দোলন 'স্বদেশী আন্দোলন'নামে জনাজাত হয়।


        সঞ্জীৱনী পত্ৰিকাত (সম্পাদক--- কৃষ্ণকুমাৰ মিত্ৰ ১৮৫২-১৯৩৬) প্ৰকাশিত (৬ জুলাই ১৯০৪ খ্ৰীষ্টাব্দ) 'বংগৰ সৰ্বনাশ'নামৰ নিূন্ধটোৱে বংগ দেশৰ জনতাৰ মাজত তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছিল। প্ৰস্তাৱিত বংগদেশ বিভাজনৰ বিৰুদ্ধাচৰণ কৰাৰ উদ্দেশ্যে প্ৰথমখন প্ৰতিবাদী সভা ১৪জুলাই, ১৯০৫ খ্ৰীষ্টাব্দত খুলনাত (বাগেৰবাৰী) অনুষ্ঠিত হৈছিল। সুৰেন্দ্ৰনাথ বন্দোপাধ্যায়, মতিলাল ঘোষ, দ্বিজেন্দ্ৰলাল মিত্ৰ প্ৰমুখ্যে নেতাসকলে জন্মভূমিক খণ্ড-বিখণ্ড কৰিব বিচৰা ইংৰাজৰ কূটিল চক্ৰান্তৰ বিৰুদ্ধে সজাগ হ'বলৈ সকলোকে আহ্বান জনাইছিল। ১৬আৰু ১৭ জুলাই তাৰিখে (১৯০৫ খ্ৰীষ্টাব্দ) অনুৰূপ সভা ক্ৰমে কিশোৰগঞ্জ আৰু পাবনাত অনুষ্ঠিত হৈছিল। বংগ ভংগৰ পৰিকল্পনাটো চৰকাৰীভাৱে প্ৰকাশ হোৱাৰ পিছদিনা (২০জুলাই, ১৯০৫) দিনাজপুৰত দ্বিতীয়খন বিশাল সভা অনুষ্ঠিত হৈছিল। দিনাজপুৰৰ মহাৰাজৰ পৌৰোহিত্যত অনুষ্ঠিত এই সভাত নতুন কৰ্মপন্থাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি বিদেশী বস্তু বৰ্জন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। জিলা পৰ্যায়ত সভা-সমিতি আয়োজন কৰি তৃণমূল পৰ্যায়ৰ পৰা প্ৰতিবাদী আন্দোলন গঢ়ি তোলাৰ আঁচনি লোৱা হৈছিল।


        আন্দোলনমুখৰ পৰিৱেশে ছাত্ৰ সমাজক আকৰ্ষণ কৰিছিল। ৰিপন কলেজৰ (বৰ্তমান সুৰেন্দ্ৰেনাথ কলেজ) ছাত্ৰসকলে পোনপ্ৰথমে শ্ৰেণীকোঠা ত্যাগ কৰি আন্দোলনত (১৮ জুলাই, ১৯০৫) ভাগ লৈছিল। ৩১ জুলাই তাৰিখে (১৯০৫ খ্ৰীষ্টাব্দ) ৰিপন কলেজৰ ছাত্ৰসকলৰ নেতৃত্বত কলিকতাৰ সমগ্ৰ স্কুল-কলেজৰ ছাত্ৰই বিশাল ছাত্ৰ সমাৰোহ আয়োজন কৰি বংগ বিভাজনৰ পতিবাদ সাব্যস্ত কৰিছিল। ছাত্ৰসকলে কেন্দ্ৰীয় সংগ্ৰাম সমিতি গঠন কৰি বংগ বিভাজনৰ বিৰুদ্ধে আন্দেলন কৰাৰ সংকল্প লৈছিল। ৭ আগষ্ট তাৰিখে (১৯০৫ খ্ৰীষ্টাব্দ)মহাৰাজা মণীন্দ্ৰচন্দ্ৰ নন্দীৰ অধ্যক্ষতাত কলিকতাৰ কাছিম বজাৰৰ টাউন হলত এখন বিশাল জনসভা অনুষ্টিত হয়। বিভিন্ন ঠাইৰ পৰা উপস্থিত হোৱা প্ৰতিনিধিৰ আহবান মৰ্মে এইখন সভাই বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰিছিল। ছাত্ৰসকলে সেইদিনা মুকুন্দ দাসৰ 'হে বংগ জননী, স্বৰ্ণ প্ৰসবিনী... শিখেছি সবাই কৰিতে ভাবনা, বিলাতি পোশাকে আৰ সাজিব না, বিলাতি আহাৰ, বিলাতি আচাৰ ত্যাজিত কৰিব...' গীতটি পৰিৱেশন কৰিছিল। সুৰেন্দ্ৰনাথ বন্দ্ৰ্যোপাধ্যায়ৰ নেতৃত্বচ 'ছাত্ৰ সংসদ' গঠন হৈছিল। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে উদাত্ত ভাষণেৰে বংগবাসীক সাম্প্ৰদায়িক ঐক্য বজাই ৰাখিবলৈ আহবান জনাইছিল। বিদেশী সামগ্ৰীৰ বেচা-কিনা বন্ধ কৰিবলৈ ছাত্ৰসকলে ৱ্যবসায়িক প্ৰতিষ্ঠানত পিকেটিং কৰাৰ সিদ্ধান্ত লৈছিল। সভাস্থলীত বিদেশী বস্ত্ৰ আৰু বিদেশী সা-সামগ্ৰী দাহ কৰা হৈছিল। 


    ২৩ ছেপ্টম্বৰ তাৰিখে (১৯০৫ খ্ৰীষ্টাব্দ) উত্তৰ কলিকতাৰ ৰাজাবজাৰত আয়োজিত বিশাল জনসভাই বংগ ভংগ আঁচনিৰ তীব্ৰ বিৰোধিতা কৰিছিল। আব্দুল ৰছুলৰ পৌৰোহিত্যত অনুষ্ঠিত এইখন সভাত হালিম গজনবী, লিয়াকৎ হুছেইন, মহম্মদ ইছমাইল চৌধুৰী প্ৰমুযখ্যে ভালেকেইজন মুছলমান নেতা উপস্থিত আছিল। বংগ ভংগবিৰোধী আন্দোলনটো সক্ৰিয়তাৰে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এই সভাখনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। সাম্প্ৰদায়িক একতাৰ চিনস্বৰুপে সেইদিনা কলিকতাৰ বিশাল ঐতিহাসিক পদযাত্ৰাত জাতি-বৰ্ণ নিৰ্বিশেষে সকলোৱে অংশগ্ৰহণ কৰিছিল। 


    বংগ ভংগ কাৰ্যকৰী হোৱাৰ দিনা (১৬ অক্টোবৰ, ১৯০৫) বংগবাশীয়ে 'জাতীয় শোক দিৱস পালন কৰিছিল। ৰামেন্দ্ৰসুন্দৰ ত্ৰিবেদীৰ প্ৰস্তাৱমৰ্মে বংগদেশৰ প্ৰত্যেক ঘৰ মানুহে সেইদিনা ৰান্ধনি ঘৰত পাক বন্ধ ৰাখিছিল। কবিগুৰুৰ আহবান ক্ৰমে কলিকতাৰ জনতাই বঙালী জাতিৰ অখণ্ডতাৰ প্ৰতীক হিচাপে সেইদিনা ৰাখীবন্ধন পালন কৰিছিল। ৰবীন্দ্ৰনাথ ঠাকুৰ ৰছিত ৰাখী সংগীত 'বাঙালিৰ প্ৰাণ, বাঙালিৰ মন, হওক হে ভগৱান...'গীতটি গাই  গাই  হিন্দু-মুছলমানৰ মাজত যুগমীয়া সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এনাজৰী সুদৃঢ় কৰাৰ হেতু পথচাৰীৰ হাতত ৰাখী পিন্ধাইছিল।কবিগুৰুৰ নেতৃত্বত হাজাৰ হাজাৰ জনতাই কালুতোলী আৰু চীৎপুৰ বৰ মছজিদত উপস্থিত হৈ মৌলবী আৰু অন্যান্য মুছলমান লোকসকলৰ ৰাখীবন্ধন কৰিছিল। বংগদেশৰ জিলাই জিলাই প্ৰতিবাদী সভা অনুষ্ঠিত কৰি সেইদিনাৰ পৰা স্বদেশী বস্তু ব্যৱহাৰৰ প্ৰস্তাৱ আখৰে পালন কৰাৰ সিদ্ধান্ত লৈছিল। ছাত্ৰ সংগ্ৰাম সমিতিৰ নিৰ্দশমৰ্মে ছাত্ৰসকলে বংগ ভগং উঠাই নোলোৱাপৰ্যন্ত খালী ভৰিৰে বিদ্যালয়লৈ অহা-যোৱা কৰাৰ সংকল্প লৈছিল। 


    ১৬ অক্টোবৰৰ (১৯০৫) আবেলি সমগ্ৰ কলিকতাত বংগ ভংগৰ বিৰুদ্ধে হৰতাল পালন কৰা হয়। দোকান-পোহাৰ, অনুষ্ঠান-প্ৰতিষ্ঠান, বাছ-ট্ৰাম আদি বন্ধ হৈ পৰে। আনন্দমোহন বসুৱে ( কংগ্ৰেছৰ চতুৰ্দশ মাদ্ৰাছ অধিৱেশন, ১৮৯৮ৰ সভাপতি) বংগ ভূমিৰ একতা আৰু ঐতিহ্যৰ প্ৰতীক হিচাপে 'ফেডাৰেল হল'ৰ আধাৰশিলা স্থাপন কৰি বিশাল জনতাক ফদ্দেশ্যি সকলোকে বংগ ভংগবিৰোধী আন্দোলনত জঁপিয়াই পৰিবলৈ আহবান জনাইছিল। বংকিমচন্দ্ৰ চট্টোপাধ্যায়ৰ 'বন্দে মাতৰম 'গীতেৰে মুখৰিত কলিকতাৰ জনতাই দেশপ্ৰেমৰ শ্লোগান আৰু কবিতাৰে আকাশ-বতাহ কঁপাই তোলে। বংগদেশৰ জনতাই সেইদিনাৰ পৰা শোক দিৱস বছৰজোৱাকৈ পালন কৰে। 


     আৰম্ভণিতে স্বদেশী আন্দোলনটো বিদেশী বস্তু বৰ্জন আৰু স্বদেশী  বস্তু গ্ৰহণৰ মাজতে সীমাবন্ধ আছিল। প্ৰথমটোক নেতিবাচক আৰু দ্বিতীয়টোক ইতিবাচক পন্থা হিচাপে গণ্য কৰি ব্ৰিটিছ শক্তিক অৰ্থনৈতিক দিশত হেঁচা দ্য়াৰ এই কৰ্মপন্থা ৰচনা কৰিছিল। কিন্তু  আন্দোলনৰ পৰিধি ক্ৰমান্বয়ে ব্যাপক হোৱাৰ লগে লগে বৰ্জনৰ পৰিসৰো ব্যাপকতাৰ হৈ পৰিছিল। অৰবিন্দ ঘোষে কৈছিল--'বৰ্জনৰ অৰ্থ স্বদেশীকতা আৰু স্বদেশীকতাৰ মৰ্মাৰ্থ হ'ল ইমৰাজৰ লগত সৰ্বতোপ্ৰকাৰে অসহযোগিতা কৰা।' ঋষি অৰবিন্দৰ এই বৰ্জনৰ মানসিকতাই আন্দোলনকাৰীৰ মনত স্বদেশ-স্বজাতি আৰু দেশপ্ৰেমৰ ভাব বেছি সতেজ আৰু সক্ৰিয় কৰি তুলিছিল। কেৱল বিদেশী বস্তুৰ মাজতে সীমাবদ্ধ নাথাকে ব্ৰিটিছ প্ৰশাসন, চৰকাৰী শিক্ষানুষ্ঠান, বিচাৰায়ল আদিকো আন্দোলনকাৰীয়ে বৰ্জন কৰিবলৈ সিদ্ধান্ত লৈছিল। স্বদেশী সামগ্ৰীৰ আদৰ বাঢ়িছিল। স্বদেশীয়ে স্বদেশী কাৰিকৰৰ দ্বাৰা প্ৰস্তত কৰা সামগ্ৰী ক্ৰয় কৰি জাতীয় স্বাৱলম্বতা অনুভৱ কৰাৰ লগতে স্বদেশী বজাৰ অৰ্থনীতিৰ বুনিয়াদ গঢ়ি তোলাত বিশেষ সহায়ৰ হাত আগবঢ়াইছিল। আনহাতেদি ভাৰতীয় বজাৰ দখল কৰি থকা বিদেশী সামগ্ৰী পৰিহাৰ কৰাৰ প্ৰৱণতা স্বদেশীৰ মনত গঢ়ি উঠিছিল। আনকি চৰকাৰক বিদেশী বুলি গণ্য কৰি খাজনা, চৰকাৰী ঋণ আদি পৰিশোধ নকৰাৰ মানসিকতাও আন্দোলনকাৰীৰ মনত গঢ় লৈ উঠিছিলয। 


    স্বদেশী আন্দোলনৰ কেন্দ্ৰভূমি অবিভক্ত বংগদেশ আছিল যদিও বংগদেশক  কেন্দ্ৰ কৰি গঢ়ি উঠা এই আন্দোলনটোৱে বংগদেশৰ ভৌগোলিক সীমা অতিক্ৰম কৰি এটা সৰ্বভাৰতীয় ৰূপ পৰিগ্ৰহণ কৰিছিল। দক্ষিণ ভাৰত, মহাৰাষ্ট,উত্তৰ-পূব ভাৰতৰ জনগণেও শাসকবিৰোধী এই আন্দোলনটো সমৰ্থন কৰাত স্বদেশী আন্দোলন সৰ্বভাৰতীয়  পৰ্যায়ত উপনীত হৈছিল। সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়, বাল গংগাধৰ তিলক, গোপালকৃষ্ণ গোখলে, আনন্দমোহন বসু লালা লাজপত ৰায়, দাদাভাই নৌৰজী আদি সৰ্বভাৰতীয় নেতাসকলৰ যোগেদি স্বদেশী আন্দোলনে বংগদেশৰ পৰিধি অতিক্ৰম কৰি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰদেশলৈও প্ৰসাৰিত হৈছিল। 


    স্বদেশী আন্দোলনক এটা সফল আৰু সৰ্বাত্মক আন্দোলন হিচাপে গণ্য কৰা হয়। এই আন্দোলনৰ প্ৰতিটো ক্ষণে বংগবাসীক আলোড়িত কৰিছিল আৰু ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ সমগ্ৰ ভাৰতবৰ্ষতে পৰিলক্ষিত হৈছিল। স্বৰূপতে ই এটা ৰাজনৈতিক আন্দোলন আছিল যদিও সাত  বছৰীয়া (১৯০৫-১১) এই আন্দোলনে ভাৰতৰ  সাহিত্য, সমাজ, শিক্ষা, অৰ্থনীতি আদি সকলো দিশতে সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাইছিল।


type - pawan jyoti koch