সম্পদ

আমাৰ দৈনন্দিন জীৱনৰ প্রয়ােজন পূৰাবলৈ বিভিন্ন সামগ্রী বা দ্ৰব্যৰ প্ৰয়ােজন। মানুহৰ এনে প্রয়ােজন পূৰাবলৈ কোনাে উৎসৰ পৰা আহৰণ কৰিব পৰা দ্রব্য সামগ্ৰীসমূহেই সম্পদ। বায়ু, পানী, মাটি, সূৰ্যৰ শক্তি, উদ্ভিদ, কয়লা আদি সকলাে একো একোটা সম্পদ। আমি বাস কৰা পৃথিৱীখন বিভিন্ন প্রকাৰৰ সম্পদেৰে ভৰপূৰ হৈ আছে। প্রকৃতিত পােৱা সম্পদসমূহৰ সদ্ব্যৱহাৰৰ ওপৰতে মানৱজাতিৰ প্ৰগতি আৰু ভৱিষ্যত নিৰ্ভৰ কৰে। এইখিনিতে প্রশ্ন উঠিব পাৰে— আমি দেখা পােৱা সকলােবােৰ দ্রব্য সামগ্ৰীয়ে সম্পদ নে? আমি প্রকৃতিত পােৱা সকলােবােৰ দ্ৰব্য বা সামগ্ৰীয়ে সম্পদ নহয়। আমি নজনা বা ব্যৱহাৰ নকৰা বহুত দ্রব্য বা সামগ্রী আছে, যিবােৰ আমাৰ প্রয়ােজন পূৰাবলৈ ব্যৱহাৰ কৰা হােৱা নাই। সেইবাবে এনেবােৰ দ্রব্যসামগ্রী সম্পদ হিচাপে পৰিগণিত হােৱা নাই। আমাৰ বিভিন্ন প্রয়ােজনসমূহ দ্রব্যসামগ্ৰীয়ে পূৰণ কৰে আৰু ইয়াৰ উপযুক্ত ব্যৱহাৰে দ্রব্যসামগ্ৰীসমূহক সম্পদলৈ ৰূপান্তৰ কৰে ৷ উদাহৰণ হিচাপে, অসমৰ চাহ শিল্পৰ কথাকে ক'ব পাৰি। ব্রিটিছসকল অসমলৈ অহাৰ আগতে চাহগছবােৰ সম্পদ হিচাপে বিবেচিত নহৈ এবিধ প্রাকৃতিক উদ্ভিদ বা প্রকৃতিৰ সামগ্ৰী বুলিহে ধৰি লােৱা হৈছিল। ব্রিটিছসকল অসমত থকা কালত চাহগছক উপযুক্তভাৱে প্রতিপালন কৰি আৰু চাহপাত উৎপাদন কৰি ইয়াক এবিধ প্রয়ােজনীয় সম্পদলৈ ৰূপান্তৰ কৰিলে। গতিকে কোনাে দ্রব্য সম্পদ হ’বলৈ হ'লে- ই আমাৰ প্রয়ােজন পূৰাব লাগিব, ই ব্যৱহাৰৰ উপযােগী হ’ব লাগিব আৰু ভৱিষ্যতৰ বাবে কামত অহা হ'ব লাগিব।


Class 7 Social Science

Type: Nayan Moni Deka