আহঁৰ পৰা কাপোৰলৈ 

প্ৰাণীৰ আঁহ-ঊণ আৰু পাটঃ

৩.১ ঊণঃ

ঊণবিলাক ভেড়া, ছাগলী, য়াক, আৰু আন কিছুমান প্ৰাণীৰ পৰা পোৱা যায়। এই ঊণ উৎপাদন কৰা প্ৰাণীৰ শৰীৰত নোম বা চুলি থাকে। তোমালোকে জানানে এই প্ৰাণীবোৰৰ শৰীৰত কিয় ডাঠ নোমৰ আৱৰণ থাকে?নোমবোৰ বহুত বায়ু ধৰি ৰাখিব। বায়ু হৈছে তাপৰ কু পৰিবাহী, যাক তোমালোকে অধ্য়ায় ৪ত পঢ়িবলৈ পাবা। সেইকাৰণে নোম এই প্ৰাণীবোৰৰ গা গৰম কৰি ৰাখে। ঊণ এই নোমল আঁহৰপৰাই পোৱা যায়।

ক্ৰিয়াকলাপ ৩.১

তোমাৰ গাৰ বাহুৰ নোম আৰু মূৰৰ চুলি চোৱা। কিবা পাৰ্থক্য় পাইছানে? কোনবিলাক খহটা আৰু কোনবিলাক মিহি?

        আমাৰ দৰে ভেড়াৰ নোমাল অংশ গঠিত হৈছে ঃ (১) খহটা ডাঢ়ি (coarse beard hair) আৰু (২) ছালৰ ওচৰৰ মিহি কোমল অধঃস্থ নোম। এই মিহি নোমবিলাকেই ঊণ বনাবৰ বাবে আঁহৰ যোগান ধৰে। কিছুমান প্ৰজাতিৰে ভেড়াৰ কেৱল মিহি অধঃস্থ নোম (fine soft under hair) থাকে। এনে প্ৰজাতিৰ ভেড়াৰ জন্ম দিবলৈ মতা-মাইকী ভেৰাবোৰ বিশেষভাৱে বাছনি কৰা হয়। মিহি অধঃস্থ নোম থকা পূৰ্ণ ভড়া পোৱালী জন্ম দিবলৈ মতা-মাইকী ভেড়া বাছনি কৰা পদ্ধতিটোক নিৰ্বাচিত প্ৰজনন (selective breeding) বুূলি কোৱা হয়।

ঊণ উৎপাদন কৰা প্ৰাণীবোৰঃ

আমাৰ দেশৰ বিভিন্ন অংশত বহুত প্ৰজাতিৰ ভেড়া পোৱা যায়। অৱশ্যে যদিও বজাৰত সাধৰণতে পোৱা ঊণবোৰ ভেড়াৰে ঊম তথাপি ভেড়াৰ নোমেই ঊণৰ একমাত্ৰ উৎস নহয়। তিব্বত আৰু লাডাখত য়াকৰ ঊণ সাধাৰণতে পোৱা যায়। এংগোৰা ঊণ এংগােৰা নামৰ ছাগলীৰপৰা আহৰণ কৰা হয় (চিত্র ৩.৩)। এনে প্ৰজাতিৰ ছাগলীবােৰ জন্ম আৰু কাশ্মীৰৰ নিচিনা পাহাৰীয়া অঞ্চলবােৰতহে কেৱল পােৱা যায়। 

        ছাগলীৰ নােমৰপৰাও উণ পােৱা যায় (চিত্র ৩.৪)। কাশ্মীৰী ছাগলীৰ নােমবােৰ কোমল। এনে মিহি নােমবােৰ শ্বল বা আলােৱান ববলৈ ব্যৱহাৰ কৰা হয়, এই শ্বলবােৰক পছমিনা শ্বল বুলি কোৱা হয়। 

উটৰ শৰীৰৰ নােমবােৰে ঊণ চাপে ব্যৱহাৰ কৰা হয় (চিত্র ৩.৫)। দক্ষিণ আমেৰিকাত পােৱা লামা (Llama) আৰু আলপাকা (Alpaca) ৰ পৰাও ঊণ । উৎপাদন কৰা হয় (চিত্র ৩.৬ আৰু ৩.৭)।

 ক্রিয়াকলাপ ৩.২ 

যিবিলাক প্রাণীৰ নােমৰ পৰা উণ উৎপাদন কৰা হয় সেইবিলাক প্রাণীৰ ছবি সংগ্রহ কৰা। তোমালােকৰ খালী পৃষ্ঠা থকা বহীত (scrap book) সেইবােৰ আঠা লগােৱা। যদি ছবিবােৰ পােৱা নাই তেনেহলে এই ছবিবােৰ কিতাপৰপৰা চাই আঁকিবলৈ যত্ন কৰা।

 ক্রিয়াকলাপ ৩.৩

ভাৰত আৰু পৃথিৱীৰ মানচিত্র সংগ্রহ কৰা। মানচিত্ৰখনত ঊণ যােগান ধৰা প্রাণীবােৰ কোন কোন ঠাইত পােৱা যায় বিচাৰি উলিওৱা আৰু চিন দিয়া। ঊণ যােগান ধৰা বিভিন্ন প্রাণীবােৰৰ অৱস্থান বুজাবলৈ বেলেগ বেলেগ ৰং ব্যৱহাৰ কৰা। 


 Type : Ankur Raj Deka

Class 7