পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীত


১/  লুইতৰ চাপৰিত কৰে নাৱৰীয়া 

লুইতৰ চাপৰিত কৰে নাৱৰীয়া

  বালিত ভাতে ৰান্ধি খায়

সাউদৰ ডিঙৰা বগা পালে তৰা 

উজনি দেশলৈ যায়।

হে’ৰ নাৱৰীয়া মেলি দে ডিঙৰা 

  তৰি দে শুকুলা পাল, 

পশ্চিমৰ দিশৰে পছোৱা  আহিছে

  বতাহ বলিছে ভাল।

পালতে লাগিব পশ্চিমৰ পছোৱা 

  তুল বুল কৰিব নাও 

ঢৌউ চেৱে চেৱে নামে লগাই দিবি 

  হালিব জালিব গাৱ।।


২/  গৰখীয়া হেৰ’ গৰখীয়া 

গৰখীয়া হেৰ’  গৰখীয়া 

  কি সুৰ বজালি দুপৰীয়া ।

পথাৰৰ বাজতে আঁহতৰ তলতে 

  ম’হৰ শিঙৰ পেঁপাটি বাই 

দুপৰৰ আকাশত কি সুৰ মেলিলি

   জগত নিজান পৰি যায়।

আঁহতৰ পাততে লাগিছে সুৰ 

   বতাহ বলিছে জুৰ জুৰ জুৰ।

সুৰৰ ধ্বনি শুনি কৱিজাত কঁপনি 

   ৰঙত ঘনে ঘনে লাগে 

কোনোবা কাহানিৰ ল’ৰালিৰ কাহিনী

   মনত মনে মনে জাগে।।


৩/ নোবোল তোক সোণৰ অসম 

নোবোল তোক সোণৰ অসম

   মাটিৰ অসম আই,

সোণতকৈও চৰা এই মাটি 

  এয়ে মোৰ ওপজা ঠাই।

অতীতত তোৰ কি ধন আছিলে 

  কেলৈ লাগিছে মোক 

এতিয়া যে তই নিচেই নিচলা 

  দুবেলা নুগুচে ভোক।

দুখীয়া হ’লেও নিচলা হ’লেও

  আই মোৰ মৰমৰ

আইতকৈ নো বাৰু আছেনে আপোন 

  আছেনে কোনোবা বৰ।।


৪/ তোৰ নাই যে বন্ধোৱা বাট

তোৰ-নাই যে বন্ধোৱা বাট,

তোৰ-পদে পদে আছে কতনো উজুটি

          কত ঘাত প্ৰতিঘাত।

সৌ-উচ্চ টিঙত বহি আছে তোৰ 

          ৰুদ্ৰ যি মহাদেৱ,

তই-কৰিব লাগিব সেৱ।

এই-গিৰি পৰ্বত লঙঘন কৰি

           উঠিব লাগিব বাট।

হেৰ-নিৰ্ভীক তই বীৰ।

তই-ভাঙিব লাগিব পৰ্বত শিলা

           কাতিব লাগিব বাট।

তোৰ-নাই যে ভন্ধোৱা বাট।

তই-জিনিব লাগিব ভয়;

তই-আনিব লাগিব জয়।

তই-ভাঙিব লাগিব সকলো বান্ধোন 

              ছিঙিব লাগিব জাল;

এই-মিছাৰ মোহিনী জাল।

তই- চলাব লাগিব সাৰথি-বিহীন

           জীৱনৰ মহীৰথ

তোৰ-কণ্টকময় পথ।

নাই-তোৰ হৈ কৰো উৎসাহ বাণী

           সহানুভুতিৰ মাত।।

তোৰ-নাই যে বন্ধোৱা বাট।।


৫/ পূজো আহা আই মাতৃ

পূজো আহা আই মাতৃ

   চৰণ কমল 

উঠক বাজি জয়ৰ ধ্বনি 

   পৰম মংগল।

পূজোৰ দৌলৰ চন্দন চৰা 

বন্তি জ্বলাই উজ্বল কৰা 

  সুপবিত্ৰ কৰা ঢালি

   শান্তিয়নি জল।

কি আছে কি দিম আমি 

 দুখিত আঁতুৰ

আই মাতৃৰ চৰণ সেৱি

 হৃদয় কৰো জুৰ।

সমল মাথো চকুৰ পানী 

 চৰণ ধুৱাওঁ তাকে আনি 

  বুকুৰ তেজৰ অৰ্ঘ ঢালি 

   বুৰাওঁ পদতল।


৬/ সেউজী পাৰৰ তোমাৰ নিৰলা ঘৰত

সেউজী পাৰৰ তোমাৰ নিৰলা ঘৰত

বিদায় পৰত উচুপি যি কথা কলা 

জানোছা পাহৰি গ’লা২।

 সেউজী পাৰৰ....

মাথো এটি ৰাতি প্ৰেমৰ সফুৰা

 সমুলি দিছিলা মেলি 

মন ভাল লগা গীতৰ সোৱাদ ধালি।

নিশা পুৱতি তোমাৰ বাটেদি 

যেতিয়া আঁতৰ হ’লা 

জানোছা পাহৰি গ’লা।

সেউজী পাৰৰ.....

তোমাৰ খোপাত সৰি পৰা এটি 

ৰঙা কৰবী পাহী

তাৰো আজি হাই 

পাপৰি গ’ল মৰহী

তেনেকৈ হাই শুকালে যেতিয়া 

পিন্ধালে যি ধাৰি মালা 

জানোছা পাহৰি গ’লা।২

সেউজী পাৰৰ....।।


৭/ বজালে আহিনে বাঁহী নে বীণ

বজালে আহিনে বাঁহী নে বীণ

 সুৰত পালা নে চিন?

শুকুলা ডাৱৰ ঐ কঁহুৱা ফুল 

 সুৰত গ’লা নে ভোল?

চিনো যেন চিনো যেন লাগে 

 মাটিত মেঘৰ সুৰ জাগে 

বাঁহীৰ সুৰত যেন মিলিছে বীণ।।

৮/ অ’চিত পখিলী কছোন

অ’ চিত পখিলী কছোন কত পাই

সৰু পাখি দুখিলি

কোন দূৰ দূৰণীত পাৰিজাত ফুৱনিত 

আঁৰে আঁৰে উৰি তই কি ছবি দেখিলি।

পোহৰৰ গুণ গাই ফুটুকাৰ মৌ খাই 

তোৰ দৰে ঘূৰি ঘূৰি উৰিবৰ মন যায়।

ৰ’দালিয়ে বীণ বাই।

জিলিয়ে জুৰণি গাই 

ছেঁৱে ছেঁৱে নাচি তাই 

কি সুৰ শিকিলি।




Post ID: DABP006666