জলসম্পদঃ

পানী এক অমূল্য সম্পদ। উদ্ভিদ আৰু জীৱ- জন্তু সকলােৰে বাবে পানী অতি প্রয়ােজনীয়। মানুহে খােৱা আৰু অন্যান্য ঘৰুৱা কাম - কাজৰ উপৰি জলসিঞ্চন, মীনপালন, পশুপালন আৰু ঔদ্যোগিক কাম কাজত পানী ব্যৱহাৰ কৰে। অসমত পৃষ্ঠজল ( surface water ) আৰু ভূ- তলজল ( underground water ) দুয়ােটাই উভৈনদী। অসমৰ নৈ, উপনৈ আৰু আৰ্দ্ৰভূমিসমূহেই হ'ল পৃষ্ঠজলৰ ভাণ্ডাৰ।

অসমত মৌচুমী বতাহৰ প্ৰভাৱত প্ৰতিবছৰে প্রায় ১০০ ছেণ্টিমিটাৰৰ পৰা ২০০ ছেণ্টিমিটাৰ বৰষুণ হয়। জুন মাহৰ পৰা অক্টোবৰ মাহৰ ভিতৰত অসমত হােৱা মুঠ বৰষুণৰ প্রায় ৯০ শতাংশ বৰষুণ হয়। এই বৰষুণৰ পানীৰ ওপৰত নিৰ্ভৰ কৰিয়েই অসমৰ কৃষকসকলে বিভিন্ন প্ৰকাৰৰ খাৰিফ শস্যৰ খেতি কৰে।

অসংখ্য নদী- উপনদীয়ে ভৰি থকা বাবে অসমক এখন নদীমাতৃক দেশ বােলে। ব্ৰহ্মপুত্ৰ আৰু বৰাক হ’ল অসমৰ প্রধান নৈ। ব্রহ্মপুত্র নদীৰ উত্তৰপাৰৰ প্ৰধান উপনৈসমূহ ক্রমে সােৱণশিৰি, জীয়াভৰলী, জীয়াধনশিৰি, পুঠিমাৰি, পাগলা দিয়া, মানাহ আৰু চম্পাৱতী। একেদৰে দক্ষিণপাৰৰ উপনৈসমূহ ক্রমে বুঢ়ীদিহিং, দিখৌ, ধনশিৰি, কপিলী, দুধনৈ আৰুকৃষ্ণাই। ৰাক নৈত জিৰি, জাতিংগা, সােণাই, ধলেশ্বৰী আদি ৯ খন উপনৈ মিলিত হৈছে (চিত্র ৭.২ )। ব্রহ্মপুত্র, বৰাক আৰু ইয়াৰ উপনৈসমূহ বাৰিষাকালত বৰষুণৰ পানীৰে উপচি পৰে। আনহাতে, উত্তৰ পাৰৰ কেইখনমান উপনৈয়ে হিমালয়ৰ পৰা পােৱা বৰফগলিত পানী ব্ৰহ্মপুত্ৰলৈ কঢ়িয়াই আনে। নদীৰ বুকুত ওফন্দি উঠা পানীভাগে নৈৰ দাঁতিকাষৰীয়া অঞ্চলত বানপানীৰ সৃষ্টি কৰে। ইয়াৰ উপৰি ঠায়ে ঠায়ে নিম্নভূমি অঞ্চলত বৰষুণৰ পানী জমা হৈ বাৰিষা কালত জলমগ্ন হৈ পৰে। এনেবােৰ সমস্যাৰ উপশম ঘটাবলৈ অসমত বৈজ্ঞানিক ভিত্তিত এক প্রবাহমান জল পৰিচালনা আঁচনিৰ (Running water Management Scheme) প্রয়ােজন। এই জলৰাশিয়ে অসমৰ ভূমিক জীপাল কৰি ৰখাৰ লগতে ইয়াৰ বাসিন্দাসকলৰ ব্যৱহাৰৰ বাবে পানী যােগান ধৰে। পৰিবহণৰ ক্ষেত্ৰত ব্ৰহ্মপুত্ৰ আৰু বৰাক নৈয়ে গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে। ডিব্ৰুগড়ৰ পৰা বাংলাদেশ হৈ কলকাতালৈ জাহাজ পৰিবহণৰ ব্যৱস্থা আছে। এই পথেৰে গধুৰ যন্ত্রপাতি আৰু অন্যান্য সামগ্রী কঢ়িওৱা হয়। পাণ্ডু আৰু ধুবুৰী হ’ল ব্ৰহ্মপুত্ৰৰ প্ৰধান বন্দৰ। ইয়াৰ উপৰি পলাশবাৰী, খাৰুপেটীয়া, তেজপুৰ, বিশ্বনাথ ঘাট, নিমাতীঘাট আদিব্ৰহ্মপুত্ৰৰ উল্লেখযােগ্য জাহাজঘাট। অসমৰ নৈ- উপনৈসমূহত বান্ধ দি জলবিদ্যুৎ উৎপাদন কৰাৰ প্ৰচুৰ সম্ভাৱনীয়তা আছে। ভাৰতবৰ্ষৰ জলবিদ্যুৎ উৎপাদনৰ মুঠ সম্ভাৱনীয়তাৰ ২৮ ভাগ অসমতে আছে। বর্তমানলৈ কপিলী, কার্বি লাংপি জলবিদ্যুৎ প্রকল্পৰ জৰিয়তে অতি সামান্য পৰিমাণৰ বিদ্যুৎ শক্তি উৎপাদন কৰা হৈছে। এইবােৰে আমাৰ চাহিদা পূৰণ কৰিব পৰা নাই। বর্তমানে নতুন নতুন জলবিদ্যুৎ প্রকল্প নির্মাণৰ কাম চলি আছে।


অসমৰ জিলাসমূহত খাল, বিল আদি জলাশয়বােৰ বিস্তৃত হৈ আছে। এই জলাশয়সমূহেও বিভিন্ন প্ৰকাৰৰ জলজ উদ্ভিদ আৰু প্ৰাণীৰ বাসস্থান হিচাপে এক সুকীয়া পৰিৱেশৰ সৃষ্টি কৰিছে। পৰিৱেশ সুস্থিৰ কৰি ৰখাৰ উপৰি জলাশয়সমূহে কিছু পৰিমাণে মাছৰ চাহিদা পূৰণ কৰি আহিছে। অসমত পােৱা কেইবিধমান মাছে আলংকাৰিক মাছ হিচাপে বিদেশৰ বজাৰত আদৰ পাইছে। অসমৰ নৈ- উপনৈ আৰু জলাশয়সমূহত কিছু বছৰ আগলৈ প্ৰচুৰ পৰিমাণে মাছ পােৱা গৈছিল যদিও সম্প্রতি এই মাছৰ সংখ্যা দ্রুতভাৱে কমি যাবলৈ ধৰিছে। মানুহে যধে- মধে মাছ ধৰা, জলাশয় দখল কৰি খেতি বাতি কৰা, ঘৰ সজা, জাবৰ জোথৰ পেলােৱা আদিয়েই ইয়াৰ মূল কাৰণ। তাৰােপৰি এনেবােৰ কাৰ্যই জলাশয়ৰ পৰিমাণে কমাই আনিছে। পৰিৱেশ সুস্থিৰ কৰি ৰখাৰ স্বাৰ্থত এই জলাশয়বােৰৰ সংৰক্ষণ অতি প্রয়ােজন। অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ উপৰি কিছুসংখ্যক জলাশয়ৰ পৰা পানী বিশুদ্ধ কৰি জনসাধাৰণৰ বাবে খােৱা পানীৰ যযাগান ধৰা হৈছে। অসমৰ বিলসমূহৰ প্ৰাকৃতিক সৌন্দর্য আৰু তালৈ অহা পৰিভ্রমী পক্ষীক কেন্দ্ৰ কৰি উক্ত স্থানসমূহত পৰিৱেশ পর্যটন ( Eco Tourism ) উদ্যোগ গঢ়াৰ প্ৰচুৰ সম্ভাৱনীয়তা আছে।

পৃষ্ঠ জলভাগৰ উপৰি অসম ভূ- তলজলত সমৃদ্ধ। অসমৰ ভূ- গৰ্ভত সঞ্চিত পানী মানুহে খােৱাপানী, জলসিঞ্চন আৰু ঔদ্যোগিক কাম কাজত ব্যৱহাৰ কৰে। অসমৰ ভূগৰ্ভৰ পানী কৃষি কার্যত ব্যৱহাৰ কৰা হয়।

Class 7 Social Science 

Type: Nayan Moni Deka