প্ৰাকৃতিক পৰিৱেশঃ
আমাৰ চৌপাশৰ প্ৰকৃতিত থকা বা প্ৰকৃতি সৃষ্ট পৰ্বত-পাহাৰ, নদ-নদী, সাগৰ, ৰ'দ, বতাহ, মাটি, উদ্ভিদ, প্ৰাণী আদিয়ে যি স্বাভাৱিক অৱস্থাৰ সৃষ্টি কৰিছে সেয়াই প্ৰাকৃতিক পৰিৱেশ। আনহাতে, মানুহে নিজৰ সুবিধামতে প্ৰকৃতিৰ
বুকুৰ পৰা সমল সংগ্ৰহ কৰি নিজৰ প্ৰয়োজন পূৰণ কৰে। নিজৰ বাবে লাগতিয়াল সকলোখিনি সৃষ্টি কৰি লওঁতে প্ৰাকৃতিক পৰিৱেশৰ পৰিৱৰ্তন (ৰূপান্তৰ) বা পৰিশোধন হয়। মানুহে নিজ নিজৰ বাবে সৃষ্টি কৰি লোৱা অৱস্থাটোকে মানৱ পৰিৱেশ বা মানৱ সৃষ্টি পৰিৱেশ বুলি কোৱা হয়। ইয়াৰ আটাইবোৰ উপাদানৰে পৰস্পৰৰ মাজত সম্পৰ্ক আছে।
মানুহে সকলো কাৰ্যৰ বাবেই পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় আৰু সেয়ে পৰিৱেশৰ পৰিৱৰ্তন হয়। সুব্যৱহাৰ নহ'লে পৰিৱেশ ধ্বংস বা বিনিষ্ট হয়। সামান্য বেজীটোৰ পৰা মহাকাশ যানখনলৈকে মানুহক লগা সকলোবোৰ সামগ্ৰী মানুহে নিজৰ দক্ষতাৰে প্ৰকৃতিত পোৱা সমলৰ পৰাই সৃষ্টি কৰি লৈছে। মানুহ পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল। মানুহ বাচি থাকিবলৈ হ'লে পৰিৱেশকো বচাই ৰাখিব লাগিব।
Class 7 Social Science
Type: Nayan Moni Deka
