মানৱ কল্যাণত জীৱাণুৰ ভূমিকা | অধ্যায় ১০ | Chapter 10 | Class 12 Biology Solution Assamese Medium | HS 2nd Year Biology Assam | Role of Microorganisms in Human Welfare Chapter Answer
মানৱ কল্যাণত জীৱাণুৰ ভূমিকা
প্ৰশ্নমালা
অতি চমু প্রশ্নোত্তৰঃ
১। জীৱসাৰ কি? ইয়াৰ উৎস কি কি?
উত্তৰঃ জীৱিত জীৱাণু যিবিলাকে উদ্ভিদৰ বিশেষ প্রয়োজনীয় পুষ্টি ক্ষৰণ কৰি মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে সেই বিলাকক জীৱসাৰ বোলা হয়। বিভিন্ন ধৰণৰ মাটিত বাস কৰা জীৱাণু কিছুমান জীৱাণুসাৰ।
২। জৈৱ কীটনাশক কি? নিমৰ পৰা প্ৰস্তুত এক কীট নাশকৰ নাম লিখা।
উত্তৰঃ যিবিলাক জৈৱিক বস্তু উদ্ভিদ, জীৱাণু আদি জীৱিত বা মৃত অৱস্থাত ব্যৱহাৰ কৰি নাশক জীৱক মাৰিব পাৰি বা নিয়ন্ত্ৰণ কৰিব পাৰি তাক জৈৱনিয়ন্ত্রক বোলা হয়। Azadirachitin নামৰ ৰাসায়নিক পদার্থ নিমৰ পৰা নিষ্কাশন কৰি অনেক ধৰণৰ কীটনাশক প্রস্তুত কৰা হয়। বজাৰত পোৱা তেনে এবিধ - Trishal.
৩। জীৱ বিকাৰক বিলাক কি?
উত্তৰঃ জীৱ বিকাৰক এক ধৰণৰ সঁজুলি য'ত জীৱাণু কৰ্ষণ কৰি ভিন ভিন ধৰণৰ উৎপাদন পাব পাৰি। এনে বিকাৰত জীৱাণুৰ বাবে প্ৰয়োজনীয় পুষ্টি, তাপ, আর্দ্রতা, অম্লতা আদি বজায় ৰখাৰ ব্যৱস্থা আছে।
8। জীৱাণু ব্যৱহাৰ কৰি উৎপাদন কৰা প্ৰথম জৈৱ এচিড কি আছিল?
উত্তৰঃ লেক্ট্রিক এচিড।
৫। TPA সম্পূর্ণকৈ লিখা।
উত্তৰ: Tissue Plasminogen Activator.
৬। মানুহৰ খাদ্য হিচাপে ব্যৱহাৰ হোৱা নীল-সেউজ শেলাইক নাম লিখা আৰু ইয়াৰ গুৰুত্ব কি?
উত্তৰঃ Spirulina নামৰ নীলা-সেউজ শেলাই যথেষ্ট প্রটিন থকাৰ বাবে ইয়াক খাদ্য়ৰ লগত বিভিন্ন ভাৱে ব্যৱহাৰ
কৰা হয়।
৭। পৃথিৱীৰ আটাইতকৈ সমস্যা পুষ্টিকাৰী পানীত গজা অপতৃণ কি? কি অৱস্থাত ইয়াৰ বেছিকৈ বৃদ্ধি
পায়?
উত্তৰঃ পানী-মেটেকা। পানীত যেতিয়া নাইট্র'জেন, পছফেট আদিৰ পৰিমাণ অধিক হৈ 'ইউট্রফিকেছন' অৱস্থাৰ সৃষ্টি কৰে।
৮। যিবিলাক জীবাণু গোষ্ঠীয়ে জৈব গেছ উৎপাদন কৰে সেই বিলাকৰ নাম লিখা আৰু কি ধৰণৰ বস্তুৰ
ওপৰত ক্ৰিয়া কৰে?
উত্তৰঃ মিথেইন উৎপাদনকাৰী বেক্টেৰিয়া। গোবৰ-জাৱৰৰ ওপৰত ক্ৰিয়া কৰে।
৯। জলজ এবিধ ঢেকীয়াৰ লগত সহবাস কৰা এক ধৰণৰ নাইট্ৰ'জেন সংস্থাপনকাৰী জীৱৰ নাম লিখা।
উত্তৰঃ এজলা নামক জলজ ঢেকীয়াৰ লগত সহযোগ কৰি বাস কৰে।
১০। মাইকৰহাইজা কাক বোলে?
উত্তৰঃ উচ্চ শ্ৰেণীৰ উদ্ভিদৰ শিপাত বাস কৰি উদ্ভিদৰ লগত সহযোগ কৰা এক ধৰণৰ ভেঁকুৰ।
১১। দৈ প্ৰস্তুত কৰা বেক্টেৰিয়াৰ নাম লিখা। কি তাপমাত্ৰাতই গাখীৰক দৈ লৈ ৰূপান্তৰ কৰে?
উত্তৰ: Lactobacillus bulgaricus, 25°C-30°C.
১২। SCP কি?
উত্তৰ: Single Cell Protein.
১৩। কিয় পেক্টিনেজ আৰু প্ৰটিয়েজ ফলৰ ৰসৰ লগত মিহলোৱা হয়?
উত্তৰঃ ফলৰ ৰসৰ লগত মিহলি হৈ থকা ফলৰ সৰু সৰু অংশসমূহ এই উৎসেচকসমূহে গলাই পৰিষ্কাৰ কৰে।
১৪। জৈৱিক কৃষি কি?
উত্তৰঃ ৰাসায়নিক সাৰ, ৰাসায়নিক কীটনাশক আদি ব্যৱহাৰ নকৰাকৈ স্বাভাৱিক পদ্ধতিত কৰা খেতি য'ত প্রয়োজন অনুসৰি জৈৱ সাৰ জৈৱ কীট নিৰোধক আদি ব্যৱহাৰ কৰা হয় তাক জৈৱ কৃষি বোলা হায়।
শূন্যস্থান পূৰণ কৰাঃ
১। ইষ্টক প্রস্তুতৰ বাবে ব্যৱহাৰ কৰা হয়।
উত্তৰঃ সুৰা।
২। জৈৱ গেছত প্রধানত থাকে আৰু ইয়াক ৰন্ধাৰ বাবে ব্যৱহাৰ কৰা হয়।
উত্তৰঃ মিথেইন।
৩। এলকহলৰ পৰা ভিনেগাৰ প্ৰস্তুত কৰা হয় নামৰ জীৱৰ সহায়ত।।
উত্তৰঃ Acetobacter SP
৪। সুৰা আৰু ব্ৰেণ্ডিৰ বাবে পোষক দ্রব্য হিচাপে ৰ ৰস ব্যৱহাৰ কৰা হয়।
উত্তৰঃ ফলৰ।
৫। ৰাসায়নিক সাৰ আৰু সুদূৰ প্ৰসাৰী দূষণৰ বাবে দায়ী।
উত্তৰঃ কীটনাশক।
৬। এক কোষ প্রটিনে (এছ চি পি) মানুহৰ খাদ্যৰ মূল্যৱান সম্পূৰক হিচাপে কাম কৰে।
উত্তৰঃ প্রটিন।
৭। পুতিজল বিকাৰণ কৰা হয় যিমান সময় BDO ৰ মাত্রা পোৱা নহয়।
উত্তৰঃ কম।
৮। এবিধ প্রতি জৈৱিক বস্তু যাক ভেঁকুৰৰ বিৰুদ্ধে কাম কৰে।
উত্তৰ: Trichostain
৯। ট্রাইকডাৰ্মা প্রজাতি সম্ভাৱনাযুক্ত হিচাপে ব্যৱহাৰ হয়।
উত্তৰঃ উদ্ভিদ ৰোগৰ জীৱাণু ধ্বংস কৰিবলৈ।
সত্য আৰু অসত্য নিৰ্ণয় কৰা:
১। মাৰছেলিয়া এক ধৰণৰ জীৱসাৰ।
উত্তৰঃ অসত্য।
২। অত্যাধিক ৰাসায়নিক সাৰ ব্যৱহাৰে ওচৰৰ জলাওয়ত 'ইউট্র ফিকেছন' সৃষ্টি কৰে।
উত্তৰঃ সত্য।
৩। দীঘলীয়া অসুস্থতাৰ পিছত খাদ্যৰ লগত স্পিৰুলিনা মিহলাই খাবলৈ উপদেশ দিয়া হয়; কাৰণ, ই খাদ্য সহজে হজম হোৱাত সহায় কৰে।
উত্তৰঃ অসত্য।
8। বাচন ধোৱা পাউদাৰত এমাইলেজ নামৰ এক উৎসেচক থাকে।
উত্তৰঃ সত্য।
৫। পুতিজলৰ প্ৰাথমিক বিকাৰণ এক জৈৱিক পদ্ধতি।
উত্তৰঃ অসত্য।
৬। মুক্তভাৱে জীয়াই থকা ভেঁকুৰ 'ট্রাইক'ডাৰমা'ক পতঙ্গ নাশ কৰিবৰ বাবে ব্যৱহাৰ কৰা যায়।
উত্তৰঃ সত্য।
৭। জীৱাণুৰ আটাইতকৈ প্ৰয়োজনীয় ভূমিকা হ'ল পুতিজল বিকাৰণ।
উত্তৰঃ অসত্য।
৮। জৈৱ গেছ উৎপাদন হয় প্রাণী আৱৰ্জনাৰ ওপৰত সবাত বেক্টেৰিয়াৰ কাৰ্য্যৰ ফলত।
উত্তৰঃ অসত্য।
৯। Saccharomyces cerevisiae এক 'বেকাৰ ইষ্ট'।
উত্তৰঃ সত্য।
১০। ই প্রথম কীটনাশক ব্যবসায়িক ভিত্তিত প্ৰস্তুত কৰি উলিওৱা হৈছে।
উত্তৰঃ সত্য।
ৰচনাধৰ্মী প্রশ্নোত্তৰ:
১। জৈৱ কৃষি কাক বোলে? অন্য ধৰণৰ খেতিৰ পৰিৱৰ্তে জৈব কৃষিলৈ ওলটি যাবলৈ কিয় পৰামৰ্শ দিয়া হয়?
উত্তৰঃ যি খেতিত কোনো ধৰণৰ ৰাসায়নিক সাৰ, ৰাসায়নিক কীটনাশক আদি ব্যৱহাৰ নকৰি জৈৱসাৰ, জীৱসাৰ আৰু জৈৱ কীটনাশক আদি ব্যৱহাৰ কৰি খেতি কৰা হয় তাক জৈৱকৃষি বোলে।
অন্য ধৰণৰ খেতিৰ পৰিৱৰ্তে জৈৱ কৃষিলৈ ওলটি যাবলৈ দিয়া মূল কাৰণবোৰ তলত দিয়া হ'ল-
(ক) অজৈৱিক সাৰত বিশেষ কেইটামান মৌলৰ যোগান দিয়া হয়। কিন্তু জৈৱিক সাৰত উদ্ভিদৰ প্ৰয়োজনীয় সকলোবিলাক মৌল কম-বেছি পৰিমাণে থাকে। ইয়াৰ উপৰি উদ্ভিদৰ বাবে প্রয়োজনীয় ভিটামিন, হৰম'ন আদিও থাকে।
(খ) জৈৱিক সাৰ মাটিৰ বিভিন্ন ধৰণৰ জীৱাণু বৃদ্ধিৰ সহায়ক। এই জীৱাণুবিলাকে জৈৱিক বস্তুৰ পচন ঘটাই মাটি সাৰুৱা কৰে।
(গ) মাটিৰ পানী ধৰি ৰাখিব পৰা ক্ষমতা বৃদ্ধি কৰে।
(ঘ) মাটিৰ সৰন্ধু (Porous) ৰাখে। ইয়াৰ ফলত মাটিৰ আভ্যন্তৰত বায়ু আৰু পানীয়ে চলাচল কৰিব পাৰে।
(ঙ) মাটিৰ এছিড আৰু ক্ষাৰৰ সমতা ৰক্ষা কৰে।
২। জৈৱগেছ কি? ইয়াৰ গঠন কি? কিয় জৈৱ গেছ অন্যান্য ইন্ধনতকৈ পছন্দ কৰা হয়?
উত্তৰঃ গোবৰ আৰু জাবৰৰ সহযোগত ইন্ধন গেছ উৎপাদন প্রক্রিয়া জীৱকাৰিকৰী বিজ্ঞানৰ এটি সহজ উদাহৰণ। বায়ুশূন্য অৱস্থাত কিছুমান জীৱাণুৱে জৈৱ যৌগসমূহৰ অপঘটন কৰি মিথেন, হাইড্র'জেন আৰু কার্বন-ডাই-অক্সাইড উৎপাদন কৰে। মিথেনৰ পৰিমাণ 50-70% থকা বাবে এই গেছ ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। বন্ধনৰ কামত ব্যৱহাৰৰ উপৰি ঘৰ আলোকিত কৰিবৰ বাবেও ইয়াক ব্যৱহাৰ কৰা হয়। গেছ উৎপাদনৰ পাছত ৰৈ যোৱা পচা গোবৰ-জাৱৰ উৎকৃষ্ট সাৰ হিচাপেও ব্যৱহাৰ কৰা হয়।
জীৱইন্ধনৰ ব্যৱহাৰৰ সুবিধাসমূহ:
(ক) যিহেতু জীৱইন্ধনৰ পুনৰ সৃষ্টি কৰিব পাৰি আৰু এইবোৰ যথেষ্ট পৰিমাণে পাব পাৰি সেয়েহে ইয়াক ব্যৱহাৰ কৰিব পাৰি।
(খ) জীৱইন্ধনে যথেষ্ট পৰিমাণে তাপ দিব পাৰে।
(গ) জীৱইন্ধনৰ পৰা কোনোধৰণৰ দুষিত গেছ বা গোন্ধ নোলায়।
(ঘ) জীৱইন্ধনৰ পৰা কোনোধৰণৰ উৎপাদক সামগ্রী (অপ্রয়োজনীয়) নোলায়।
৩। লেকটিক এচিড বেক্টেৰিয়াই কি ধৰণৰ খাদ্যত বাস কৰে? কেইটামান ইয়াৰ প্রয়োজনীয়তা ব্যৱহাৰ উল্লেখ কৰা।
উত্তৰঃ লেকটিক এচিড বেক্টেৰিয়া গাখীৰ জাতীয় বস্তু, গুড়, মল্ট, লেকট্ছ, মালট্ছ আৰু কিছুমান শ্বেতসাৰ জাতীয় বস্তুত বৃদ্ধি পায়। দৈ উৎপাদনকাৰী বেক্টেৰিয়াটো গাখীৰত প্রধানতে বৃদ্ধি পায়।
ব্যৱহাৰঃ (ক) দৈ জাতীয় বস্তু প্রস্তুতৰ বাবে।
(খ) পাতল দ্রাবক হিচাপে।
(গ) পলিমাৰ উৎপাদনত।
(ঘ) চামড়া শিল্পত।
(ঙ) প্লাষ্টিক শিল্পত।
৪। জীৱসাৰ কেনেকৈ NPK আদি সাৰতকৈ যিবিলাক কিনিবলৈ পোৱা যায় সেই বিলাকতকৈ পৃথক? জীবসাৰ হিচাপে ৰাইজবিয়ামৰ' গুৰুত্ব আলোচনা কৰা।
উত্তৰঃ সাৰ হিচাপে অজৈৱিক আৰু জৈৱিক সাৰ ব্যৱহাৰ কৰা হয় যদিও এই সাৰ ব্যৱহাৰৰ খৰচ যথেষ্ট, লগতে
ইহঁতে মাটিৰ স্বাভাৱিক গুণ নষ্ট কৰাৰ আশংকা নথকাও নহয়। সেয়েহে আজিকালি জীৱাণু সাৰ, শৈৱাল সাৰ,
মাহ গছৰ সাৰ আদি জীৱ সাৰ হিচাপে ব্যৱহাৰ কৰা হয়। অর্থাৎ জীৱ সাৰ হ'ল এবিধ বিশেষ ধৰণৰ সাব, যিবিধ
সাৰে মাটিৰ স্বাভাৱিক গুণ নষ্ট হ'বলৈ নিদিয়ে বৰঞ্চ অধিক উন্নত কৰি মাটিৰ উৰ্বৰতা বৃদ্ধি কৰাত সহায় কৰে।
মাহ জাতীয় উদ্ভিদৰ শিপাত সৃষ্টি হোৱা টেমুনাবোৰ ৰাইব'জিয়াম নামৰ বেক্টেৰিয়াই বাহ লয়। এই টেমুনাৰ ভিতৰত
থাকি বেক্টেৰিয়াবোৰে বতাহত থকা নাইট্র'জেন শোষণ কৰি নিজ দেহৰ বাবে প্ৰ'টিন সংশ্লেষণ কৰাৰ উপৰিও
যিজোপা মাহ জাতীয় উদ্ভিদত টেমুনাৰ সৃষ্টি কৰে তাকো প্রয়োজনীয় নাইট্ৰ'জেনৰ যোগান ধৰে। মাহ জাতীয়
উদ্ভিদৰ বাবে খেতিডবা সেইবাবে কোনো নাইট্ৰ'জন সাৰ দিব নালাগে। বৰঞ্চ মাহ গছৰ মাটিৰ ওপৰৰ অংশ কাটি
নিয়াৰ পিছত মাটিতে ৰৈ যোৱা শিপাত যি টেমুনাবিলাক থাকে সেইবিলাকৰ ভিতৰত থকা বেক্টেৰিয়াসমূহ মৰি পচি
যোৱাৰ ফলত ইহঁতৰ দেহত আবদ্ধ হৈ থকা নাইট্র'জেন যৌগ মাটিত মিহলি হৈ মাটিৰ নাইট্ৰ'জেনৰ পৰিমাণ বৃদ্ধি
কৰে।
৫। 'ফ্লকছ' কোনবিলাকক বোলে? পুতিজল পৰিষ্কাৰ কৰাত এইবিলাকৰ গুৰুত্ব কি? আৰু পুতিজল পৰিষ্কাৰ কৰা পুখুৰীত এইবিলাকৰ অৱস্থা কি হয়?
উত্তৰঃ পুতিজল পৰিষ্কাৰ কৰিবৰ সময়ত সবাত অৱস্থা ৰাখিবলৈ পৰিষ্কাৰ কৰা পুখুৰীত যান্ত্রিকভাৱে অপৰিষ্কাৰ পানীখিনি সঘনাই চক্রাকাৰে পাকখোৱাই থকা হয়। ইয়াৰ ফলত পানীৰ ওপৰত এটা অপৰিষ্কাৰ বস্তুৰ এক চামনি সৃষ্টি হয়। ইয়াক ‘ফ্লাক্স’ বোলা হয়।
এইবিলাক জীৱাণু প্ৰচুৰ পৰিমাণে থাকে যি অৱক্ষেপণৰ পিছত পচন ক্রিয়াত সহায় কৰে।
এইবিলাক শেষত পচি যায়। কিছু দ্বিতীয় পৰ্য্যায়ৰ বিকাৰণৰ বাবে ব্যৱহাৰ হয়।
৬। VAM ৰ সম্পূৰ্ণ ৰূপ কি? ইয়াৰ ভূমিকা কি? অন্তঃ আৰু বহিঃ মাইকৰহাইজাৰ অন্ততঃ দুটাকৈ উদাহৰণ দিয়া।
উত্তৰ: VAM মানে Vescicular Arbascular Mycorrhiza মাটিৰ ফছফেট দ্রৱিত কৰি উদ্ভিদক যোগান দিয়া ইয়াৰ কাম।
বহিঃমাইকৰহাইজাৰ উদাহৰণঃ
(ক) Pezizella
(খ) Amanita
অন্তঃমাইকৰহাইজাৰ উদাহৰণ:
(ক) Glomas
(খ) Gigaspora
Type Himanku Bora
New Update 2026