কাৰিকৰী জীৱবিজ্ঞানঃ মূলনীতি আৰু প্ৰণালী | অধ্যায় ১১ | Chapter 11 | Class 12 Biology Solution Assamese Medium | HS 2nd Year Biology Assam | Biotechnology : Principles And Processes Chapter Answer
কাৰিকৰী জীৱবিজ্ঞানঃ মূলনীতি আৰু প্ৰণালী
প্ৰশ্নমালা
(ক) অতি চমু প্রশ্নোত্তৰ:
১। PCR মানে কি?
উত্তৰঃ PCR মানে Polymerase chain reaction। এই পদ্ধতিৰ যোগেদি DNA ব কোনো অংশৰ সংখ্যা বৃদ্ধি কৰা
যায়।
২। জীৱকাৰিকৰী বিদ্যা কি?
উত্তৰঃ জীৱবিজ্ঞানৰ তত্ত্বৰ ঔদ্যোগিক ব্যৱহাৰৰ যোগেদি প্রয়োজনীয় সামগ্রী উৎপাদন কৰাকে কাৰিকৰী
জীৱবিজ্ঞান বোলে।
৩। পুনগঠিত DNA কৌশলৰ সংজ্ঞা দিয়া। ইয়াৰ উজু শব্দ কি?
উত্তৰঃ DNA ৰ পুনগঠন কৰাকে DNA পুনগঠন কাৰিকৰী কৌশল বোলা হয়। DNA ৰ পুনগঠনক জিন ক্লনিং
বুলিও কোৱা হয়।
8। ৰাসায়নিক চুৰি বা আণৱিক কেঁচি কি আৰু ইয়াৰ কি কাম?
উত্তৰ: Restriction endonuclease নামৰ উৎসেচক।
৫। বায় ৰিয়েক্টৰ বুলিলে কি বুজা?
উত্তৰঃ জীৱবিকাৰক এক ধৰণৰ সঁজুলি য'ত জীৱাণু বৰ্দ্ধনৰ বাবে সকলো ধৰণৰ পৰিৱেশ সৃষ্টি কৰা হয়।
৬। ক্লনিং পৰিবাহক কি?
উত্তৰঃ কুনিঙৰ সময়ত অন্য জীৱৰ পৰা বিচ্ছিন্ন কৰি অনা নির্দিষ্ট জিন থকা DNA ৰ অংশ আন এটি জীৱৰ DNA
ৰ লগত সংযোগ কৰিবৰ বাবে কিছুমান পৰিবাহক ব্যবহাৰ কৰা যায়। এনে পৰিবাহক কোনো ভাইৰাছ বা প্লাজমিড
হ'ব পাৰে। এই বিলাকক পৰিবাহক বোলে।
৭। Ori, EcoRI পদৰ ব্যাখ্যা দিয়া।
উত্তৰ: Ori এক ধৰণৰ প্লাজমিড যাৰ অনুকৃত্তায়ন 'মডিউল' এটি খাদ্য যাৰ দ্বাৰা E. Coli tet জিনক অনুকৃত্যায়ন
কৰে।
EcoRI এক ধৰণৰ ৰেষ্ট্ৰিকচন এনড' নিউক্লিয়েজ যাক E. Coli Ry 13 নামৰ বেক্টেৰিয়াৰ পৰা সংগ্ৰহ কৰা হয়।
ই GIAA TTC ক্ৰম চিনাক্ত কৰিব পাৰে।
৮। 'জিন' গান মানে কি?
উত্তৰঃ পুনগঠনৰ বাবে জিন কোষত সুমুৱাই দিবৰ বাবে বহু পন্থা গ্রহণ কৰা হয়। বন্দুকৰ গুলিৰ নিচিনাকৈ
কোষবোৰ ভেদ কৰি জিন সুমুৱাই দিবৰ বাবে এক বিশেষ পদ্ধতি গ্রহণ কৰা হয় যাক gene gun বোলে।
৯। DNA ligase মানে কি?
উত্তৰ: Ligase নামৰ উৎসেচকে টুকুৰা DNA ৰ কটা অংশ জোৰা লগায়।
১০। ক্রিয়া কৰা হিচাপে কেনেকৈ exonuclease ক endonuclease ৰ পৰা পৃথক কৰিবা?
উত্তৰঃ Endonuclease য়ে DNA ৰ মাজৰ পৰা নিউক্লিয়াটাইড ক্রম বিচ্ছিন্ন কৰে কিন্তু Exoundease য়ে DNA ৰ
মূৰৰ পৰা নিউক্লিয়টাইড ক্রম বিচ্ছিন্ন কৰে। দুয়োটাই restriction enzymes |
১১। কম্পিটেন্ট কোষ কি?
উত্তৰঃ জীৱ প্রযুক্তিৰে উৎপাদন কৰা কোষবোৰকে কমপিটেন্ট কোষ বোলে।
১২। চিকম্বিনেন্ট DNA অনু প্রথমে কোনে উলিয়ায়?
উত্তৰঃ ষ্টেনলি ক'হেন আৰু হার্বাট ব'য়েৰ।
১৩। জিন ক্ল'নিং কি?
উত্তৰঃ জিন এটাক আহৰণ কৰি কোনো বাহকৰ দেহত প্রতিস্থাপন কৰি ইয়াৰ সংখ্যা বৃদ্ধি কৰাকে জিন ক্ল'নিং
বোলে।
শূন্যস্থান পূৰণ কৰাঃ
১। প্রত্যেক restriction endonuclease য়ে DNA ত এক বিশেষ চিনাক্ত কৰে।
উত্তৰঃ Pallidromic ক্রম।
২। উদ্ভিদত পুনর্গঠিত DNA কোষত স্থাপন কৰা হয় তাক কৌশলৰ বোলা হয়।
উত্তৰঃ জিন গান।
৩। Ri আৰু Ti প্লাজমিড পোৱা যায় ত।
উত্তৰ: Agrobacterium
8। PCR মানে ।
উত্তৰ: Polymerase Chain Reaction.
৫। এক ধৰণৰ আণৱিক কেঁচি।
উত্তৰ: Endonuclease
৬। প্রথম চিনাক্ত কৰা endonuclease টো আছিল।
উত্তৰঃ Hind III
৭। -ই (জীৱিত) জীৱ কোষ আৰু উৎসেচকৰ বৃহৎ পৰিমাণৰ উৎপাদন আৰু প্রবর্দ্ধন সম্পর্কে
লেন-দেন কৰে।
উত্তৰঃ Blotechnology
৮। বেছিকৈ ব্যৱহাৰ হোৱা বয়ৰিয়েক্টৰ বিলাক ।
উত্তৰ: membrane bioreactor
৯। DNA ৰ টুকুৰা এটি পোষক বেক্টেৰিয়াত প্রৱিষ্ট কৰা হয় যোগেদি।
উত্তৰঃ plasmid
১০। জেল ইলেক্টফৰ ছিছ চাবি ব্যৱহাৰ কৰা হয়।
উত্তৰঃ টুকুৰা কৰা DNA ক আওঁৰাই দিয়াৰ বাবে।
১১। এক ক্রাউনবল বেক্টেবিয়া যাক উদ্ভিদৰ প্ৰাকৃতিক জিনীয় অভিঘন্টা বোলে।
উত্তৰঃ এগ্র'বেক্টেৰিয়াম টুমিফেছিয়েনছ
১২। জিনীয় অভিষন্ত্রাক DNA প্রযুক্তিবিদ্যা বুলিও কোৱা হয়।
উত্তৰঃ অনুকৃত্যায়ন।
১৩। জৈৱ প্ৰযুক্তিৰে বহুতো মাত্ৰাত উৎপাদন বঢ়োৱা কৌশলক বোলে
উত্তৰঃ ক্ল'নিং
সত্য আৰু অসত্য উক্তি চিনাক্ত কৰাঃ
১। বেক্টেৰিয়া তাৰ নিউক্লিয়ডক এগুনিউক্লিয়েজৰ পৰা ৰক্ষা কৰে 'মিথাইলেনৰ' যোগেদি।
উত্তৰঃ সত্য।
২। বংশান্তৰিত উদ্ভিদ সৃষ্টি কৰা হয় সম্পৰ্ক নথকা নিজ প্রবিষ্ট কৰায়।
উত্তৰঃ সত্য।
৩। বেছট্ৰিকছন উৎসেচকৰ কাম হ'ল DNA ক মূৰৰ ফালৰ পূৰা বিচ্ছিন্ন কৰা।
উত্তৰঃ অসত্য।
8। DNA ৰ টুকুৰা বিলাক পলিমাৰেজ উৎসেচকে যোৰা দিয়ে।
উত্তৰঃ অসত্য।
৫। বেক্টেৰিয়াই ভাইৰাছৰ পৰা নিজকে ৰক্ষা কৰে ভাইৰাছৰ DNA ব এগুনিউক্লিয়েজৰ দ্বাৰা টুকুৰা কৰি।
উত্তৰঃ সত্য।
৬। বেছট্রিকছন এনজাইমচ আণবিক চিহ্ন হিচাপেও জনা যায়।
উত্তৰঃ অসত্য।
৭। এন্টিবায়টিক প্ৰতিৰোধী জিন এটি পৰিবাহক যি সাধাৰণতে পৰিৱৰ্তন হোৱা কোষ নিৰ্বাচন কৰাত
সহায় কৰে।
উত্তৰঃ সত্য।
৮। সাধাৰণ বেক্টেৰিয়াৰ ভিতৰত বংশগতি অভিযন্ত্ৰত আটাইতকৈ অধিক ব্যৱহাৰ হোৱা বেক্টেৰিয়া
হ'ল Eschericia.
উত্তৰঃ সত্য।
৯। PCR উদ্ভাবন কৰাৰ বাবে হৰগোবিন্দ খোৰানাক নোবেল বঁটা দিয়া হৈছিল।
উত্তৰঃ অসত্য।
১০। বংশগতি অভিযন্ত্রণ এনে এক কৌশল যি ইচ্ছাকৃতভাবে জিনক সুকৌশলে একে প্ৰজাতিৰ বা
ভিন্ন প্রজাতিৰ মাজত বিনিময় কৰে।
উত্তৰঃ সত্য।
১১। বেক্টেৰিয়াৰ DNAত থকা অতিৰিক্ত ঘূৰণীয়া ক্ৰম 'জমীয় DNA ক প্লাজমিত বোলে।
উত্তৰঃ সঁচা।
১২। DNA অনুৰকৃত্যায়নত DNAলিগেজ ব্যৱহাৰ কৰা হয়।
উত্তৰঃ মিছা।
১৩। ভাইৰেল DNAক অণ্ড নিউক্লিয়োজৰ দ্বাৰা খণ্ডীকৰণত বেক্টেৰীয়াই ভাইৰাছৰ পৰা বচাই ৰাখে।
উত্তৰঃ সঁচা।
(খ) চমু প্রশ্নোত্তৰ:
১। DNA লাইগেছ কি?
উত্তৰঃ ই এক ধৰণৰ উৎসেচক। ই DNA ৰ কটা অংশ যোৰা দিয়ে।
২। বংশগতি অভিযন্ত্ৰণৰ সংজ্ঞা দিয়া। বংশগতি অভিযন্ত্ৰণৰ আহিলা উল্লেখ কৰা।
উত্তৰ: কোনো এটা জীৱদেহত কৃত্রিম উপায়েৰে অন্য এটা জীৱৰপৰা বা কৃত্রিম উপায়েৰে তৈয়াৰ কৰা উপযোগী
জিন সংযোগ কৰা অথবা দোষমুক্ত জিন আঁতৰ কৰা বা মেৰামতি কৰি তাৰ জিন বা প্রপৈত্রিক পৰিৱৰ্তন কৰা
ক্ৰিয়াক জিনীয় বা আণুবংশিক অভিযান্ত্রিকবিদ্যা বোলে।
জিনীয় অভিযন্ত্ৰণৰ আহিলা- (ক) ৰেষ্ট্রিকচন এনজাইম (খ) PCR (গ) পৰিবাহক।
৩। 'জিনগান' কি? ইয়াৰ কাৰ্য্য পদ্ধতিৰ মূল তত্ত্ব উল্লেখ কৰা।
উত্তৰঃ প্লাজমিড বা ভাইৰাচক পৰিবাহক হিচাপে ব্যৱহাৰ নকৰি গুলিৰ নিচিনা চট্ মাৰি কোষত DNA ৰ কোনো
অংশ প্ৰৱেশ কৰোৱা।
ই এক ধৰণৰ কৌশল। এটি ইলেক্ট্রডৰ সহায়ত অন্য অণুজীৱৰ পৰা সংগ্ৰহ কৰা DNA ৰ অংশ নির্দিষ্ট অন্য এক
অণুজীৱৰ কোষত বন্দুকৰ গুলিৰ নিচিনা সুমুৱাই দিয়াৰ কৌশল।
8। বংশান্তৰিত উদ্ভিদবিলাক কি? উদাহৰণ দিয়া।
উত্তৰঃ ভিন্ন প্রজাতিৰ জিন DNA ত সংযোগ কৰি সেই প্রজাতিত কেতিয়াও নথকা কে সন্নিবিষ্ট কৰাই যি উদ্ভিদ
সৃষ্টি কৰা হয় তাক বংশান্তৰিত উদ্ভিদ বােলে।
Bt কলাহ এক ধৰণৰ বংশান্তৰিত কপাহ। এনে কপাহত Bacillus thuringiens নামৰ বেক্টেৰিয়াৰ কীটনাশক গুণ
প্রদান কৰা হৈছে।
৫। বেক্টেৰিয়াৰ কোষৰ পৰা বিশুদ্ধ DNA কেনেকৈ উলিয়াই অনা হয়?
উত্তৰঃ DNA ব নির্দিষ্ট অংশ অন্য জীৱৰ কোষৰ DNA পৰা Restriction endonunclease নামৰ উৎসেচৰ দ্বাৰা পৃথক
কৰি উলিয়াই আনি বিশুদ্ধ কৰা হয়। অন্যান্য লাগি থকা কোষৰ অণুসমূহ আঁতৰোৱা হয়। ইয়াৰ পিছত gel
electrophorosis ৰ সহায়ত DNA ৰ অংশসমূহ পৃথক কৰি বিশুদ্ধ কৰি চিনাক্ত কৰা হয়। পৃথক কৰা DNA ৰ নিৰ্দ্দিষ্ট
অংশ PCR ৰ যোগেদি সংখ্যা বৃদ্ধি কৰি পৰীক্ষাৰ বাবে বা প্রয়োগৰ বাবে সংৰক্ষণ কৰা হয়।
৬। পূর্নগঠিত DNA কি? এণ্ড নিউক্লিয়েজ নামৰ বেছট্রিকছন এনজাইমে কেনেকৈ ইয়াৰ সৃষ্টিত সহায়
কৰে?
উত্তৰঃএটা নির্দিষ্ট জিনে DNA লিগেজৰ সহায়ত প্লাজমিড ভেক্টৰ বা বাহকন লগত সংযোগ হয়। এই নতুন
গোলাকাৰ গঠনটোৱে ভিট্রত স্বতঃস্ফূতভাবে অনুকৃত্যায়িত সৃষ্টি কৰে যাক ৰিকম্বিনেণ্ট DNA হিচাবে জনা যায়।
জিনীয় অভিযন্ত্রনত DNA অণুৰ একাংশ কাটি আনিবৰ কাৰণে 'ৰেষ্ট্ৰিশ্যন এগুনিউক্লিয়েজ' নামৰ এবিধ উৎসেচক
ব্যৱহাৰ কৰা হয়। ই DNA অণুৰ একোট নির্দিষ্ট অংশ ছিঙি আনে আৰু লগতে ছিগা মূৰ দুটা আঠালেতীয়া কৰি ৰাখে।
৭। যি জীৱৰ পৰা T1 প্লাজমিড সংগ্ৰহ কৰা হয় সেই জীৱৰ নাম লিখা। জীবকাৰিকৰ বিজ্ঞানত
ইয়াৰ প্ৰয়োগ সম্পর্কে ব্যাখ্যা কৰা।
উত্তৰঃ Agrobacterium tumifacians ইয়াৰ প্লাজমিড T1 DNA পুনর্গঠনৰ বাবে পৰিবাহক হিচাপে কাম কৰে।
কোষৰ ভিতৰত প্রবিষ্ট কৰিবলগীয়া DNA ৰ অংশ এইপ্লাজমিডৰ লগত সংযোগ কৰি দিয়া হয়।
প্লাজমিডটোৱে DNA ৰ অংশ বাঢ়িয়াই নি কোষৰ ভিতৰলৈ লৈ যায় আৰু কোষৰ DNA লগত লগত লাগি যায়।
৮। যেতিয়া বাহক DNA আৰু অপৰিচিত DNA ৰ খাপখুৱা মূৰ লগ লাগে। খাপখুৱ মূৰ কেনেকৈ সৃষ্টি হয়
ব্যাখ্যা কৰা।
উত্তৰঃ Endonuclease য়ে DNA তত্ত্বৰ উভয় palidrome ক্রম এনে ঠাইত কাটে যে দুটা DNA তত্ত্বৰ যি অংশ
কটা যায় তাত উভয় বস্তু খাপ খাই পৰাকৈ কাটে যে এটা
DNA অংশৰ ক্ৰম যদি 5' 3' হয় আনটোৰ 3' 5' ক্রম হয়। গতিকে এনে দুটা তত্ত্ব, উৎসেচক আঠা লগাবৰ সময়ত
আপোনা আপুনি খাপ খাই পৰে।
৯। নির্বাচনাত্মকৰ মাৰ্কাৰ বিলাক কি? বংশগতি অভিযন্ত্ৰণত এইবিলাকৰ কি ব্যৱহাৰ হয়?
উত্তৰঃ বহিৰাগত DNA দ্বাৰা পোষক কোষৰ পৰিবৰ্তন নিৰীক্ষণ কৰিবলৈ ৰিপ'ৰ্টাৰ জিন ব্যৱহাৰ কৰা হয়।
ইহঁতে বহিৰাগত জিনটো কোষত আছেনে নাইবা পোষক কোষটোরে বহিৰাগত DNA গ্রহণ কৰিছে নাই এয়া
নিৰ্ধাৰিত কৰিবলৈ চিলেক্টৰল মার্কাৰ বা নির্বাচনক্ষম চিহ্ন হিচাবে ক্রিয়া কৰে। গৱেষকসকলে ৰিপ টাৰ জিন আৰু
বহিৰাগত জিনক একে DNA গঠনত ৰাখি ইয়াক কোষৰ ভিতৰত প্ৰৱেশ ঘটোৱাইছে। ইয়াত বহিৰাগত জিন
চিনাক্তকৰণৰ বাবে ৰিপ 'টাৰ জিনক বাছনিযুক্ত চিহ্ন হিচাবে ব্যৱহাৰ কৰা হয়। ৰিপ 'টাৰ জিনৰ এটা উদাহৰণ হৈছে
Z জিন। যিয়ে জেলী ফিচত সেউজীয়া ৰঙৰ এবিধ প্ৰ'টিন সৃষ্টি কৰে।
১০। Agrobacterium ৰদ্বাৰা বংশগতি পৰিৱৰ্তন কৰাক প্রাকৃতিক বংশগতি অভিযন্ত্রণ কিয় বোলা হয়?
উত্তৰঃ বিজ্ঞানীসকলে আগতে ভবা নাছিল যে প্রকোষকেন্দ্রীয় কোষৰ পৰা সংকোষকেন্দ্ৰীয়বোৰৰ মাজত জিন
বিনিময় হয়। Agrobacterium tumifaciens নামক বেক্টেৰিয়াই কিন্তু সংকোষকেন্দ্রীয় উদ্ভিদ কোষত এক বিশেষ
ৰোগ সৃষ্টি কৰিবৰ জিন সুমুৱাই দিব পাৰে। বেক্টেৰিয়াৰ এই বিশেষ জিন উদ্ভিদত বেক্টেৰিয়াৰ বাবে খাদ্য আৰু
বাসৰ পৰিবেশ সৃষ্টি কৰে ৰোগ সৃষ্টি কৰে)। Agrobactrium য়ে যি পদ্ধতিত উদ্ভিদৰ DNA ক পুনর্গঠিত কৰে তাক
চাই বিজ্ঞানীসকলেও এই পদ্ধতিত DNA ৰ পুনর্গঠনৰ কৰা কাম আৰম্ভকৰিলে। যিহেতু Agrobacterium য়ে
প্রকৃতিত এনে অভিনব উপায়ে বংশগতি অভিযন্ত্রণ সকলৰ নিচিনা কাম কৰিব পাৰে সেইবাবে ইয়াক উদ্ভিদৰ
বংশগতি অভিযন্ত্রণত ব্যৱহাৰ কৰা হয়। এই পদ্ধতিক প্রাকৃতিক বংশগতি অভিযন্ত্রণ বোলা হয়।
১১। PCR কৰিবৰ সময়ত যদি 'ডিনেচাৰ' কৰা স্তৰবাদ পৰি যায় তেতিয়া প্রক্রিয়াটোত কি হ'ব?
উত্তৰঃ পলিমেৰেজ শৃংখল বিক্রিয়া হৈছে আণৱিক জীৱবিজ্ঞানৰ এটা প্রক্রিয়া য'ত এটা জিন বা এটুকুৰা DNA ৰ
বহুতো প্রতিলিপি পাবৰ বাবে ইয়াক বিবর্ধন কৰা হয়। ইয়াক জিনৰ অংশসমূহ ৰূপান্তৰ কৰিবলৈ বহুল পৰিমাণে
ব্যৱহাৰ কৰা হয়। এই প্রক্রিয়াটোত এটা আদি দ্রব্য, এটা টেমপ্লেট সূত্ৰ আৰু এটা বেক্টেৰিয়ামৰ
(যাক Thermus aquaticus বোলে) তাপস্থিৰ DNA পলিমেৰেজ এনজাইম ব্যৱহাৰ কৰি ইন-ভিট্ট সংশ্লেষণৰ
অনুক্ৰম পোৱা যায়। আদি দ্রব্যখিনি প্ৰসাৰিত হ'বলৈ এনজাইমটোৱে গাঁঠনিৰ সজ্জা dNTP (ডিঅক্সিনিউক্লিয়টচাইড)
ব্যৱহাৰ কৰে প্ৰথমে দ্বৈত সূত্র থকা DNA অণুক উচ্চ উষ্ণতা প্রয়োগ কৰা হয় যাতে সূত্র দুডাল ভাঙি এডাল এডাল
হৈ পৰে। এই প্রক্রিয়াটোক বিকৃতিকৰণ বোলে। ইয়াৰ পাছত এই ssDNA অণুক এটা টেমপ্লেট সূত্র হিচাবে ব্যৱহাৰ
কৰা হয়, DNA পলিমেৰেজ এনজাইমৰ দ্বাৰা নতুন সূত্র সংশ্লেষণৰ ক্ষেত্ৰত আৰু এই প্রক্রিয়াটোক এনিলিং বোলে।
ইয়াৰ ফলস্বৰূপে পূৰ্বৰ DNA অণুবোৰ দুগুণ হয়। এই প্রক্রিয়াটো বিভিন্ন চক্ৰত কেইবাবাৰো পুনৰাবৃত্তি ঘটি থকাৰ
ফলস্বৰূপে rDNA অংশৰ বহু প্ৰতিলিপি বা টুকুৰা উৎপন্ন হয়।
১২। চেলুলেজ উৎসেচকক কিয় উদ্ভিদ জিনীয় পদাৰ্থৰ পৃথকীকৰণত ব্যৱহাৰ কৰা হয়, প্ৰাণীৰ ক্ষেত্ৰত
ব্যৱহাৰ নহয়?
উত্তৰঃ উদ্ভিদকোষত অনুবংশীয় পদাৰ্থক পৃথক কৰাৰ কাৰণে চেলুলজ নামৰ উৎসেচক বিধক ব্যৱহাৰ কৰা হয়।
কাৰণ এই উৎসেচকে কোষবেৰখন ভাঙিব পাৰে আৰু তাৰ ভিতৰত থকা বংশগত পদার্থখিনিক মুক্ত কৰে।
১৩। জিন ক্ল'নিং প্ৰক্ৰিয়াত অনুসৰণ কৰা পদক্ষেপ সমূহ লিখা।
উত্তৰঃ জিন ক্ল'নিং প্রক্রিয়াত কোনো নিদিষ্ট DNA ক বাহকৰ DNA ত প্রতিস্থাপন কৰা হয় আৰু বাহকৰ লগত
গুণন কৰি একাধিক DNA সৃষ্টি কৰা হয়। জিন ক্লনিং তিনিটা পৰ্যায়ৰ মাজেৰে সম্পন্ন হয়-
(ক) জিন আহৰণ আৰু প্ৰস্তুতকৰণ: DNA ৰ কোনো এটা নির্বাচিত অংশৰ গুণাগুণ নষ্ট নোহোৱাকৈ ৰিষ্ট্ৰকচন
অণ্ড 'নিউক্লিয়েজ উৎসেচকৰ সহায়ত কাটি লোৱা হয়।
(খ) বাহকৰ দেহত প্রতিস্থাপন: বেক্টেৰিয়াৰ দেহত থকা প্লাজমিতবোৰক বাহক হিচাপে ব্যৱহাৰ কৰা হয়।
প্লাজমিডবোৰ আকাৰত সৰু হোৱা কাৰণে কোষত প্রতিস্থাপন কৰা সহজ আৰু সেয়ে এইবোৰক বাহকহিচাপে
ব্যৱহাৰ কৰা হয়। জৈৱিক কেচিব ৰেষ্ট্রিকচন এগুনিউক্লিয়েজৰ সহায়ত প্লাজমিত DNA কাটি লোৱা হয় আৰু তাত
নির্দিষ্ট DNAৰ সৰু সৰু খণ্ড এটা প্রতিষ্ঠা কৰা হয়। এতিয়া DNA লাইগেড উৎসেচকৰ সহায়ত বাহক DNA আৰু
প্ৰতিস্থাপন কৰা DNA ৰ মূৰ দুটা যোন লগাই দিয়া হয়। এইদৰেই ৰিকম্বিনেন্ট প্লাজমিড পোৱা যায় আৰু
প্ৰক্ৰিয়াটোক ৰিকম্বিনেন্ট DNA প্রয়োগবিদ্যা বোলে।
(গ) প্লাজমিডক বেক্টেৰিয়া কোষত প্রতিষ্ঠাপন: ৰিকম্বিনেন্ট প্লাজমিডবোৰ ইয়াৰ পিছত কোনো বেক্টেৰিয়াৰ
দেহত প্ৰতিষ্ঠাপন কৰি তাৰ প্ৰতিলিপি সৃষ্টি কৰা হয়। এইদৰে জিন ক্ল'নিং প্রক্রিয়া সম্পাদন কৰা হয়।
১৪। আনবিক কেছি কি? ইয়াৰ দুটা উদাহৰণ দিয়া।
উত্তৰঃ ৰেষ্ট্ৰিকচন উৎসেচকবোৰক অনুজৈৱিক কেচি বোলে।
ৰেষ্ট্ৰিকচন উৎসেচকৰ উদাহৰণ হ'ল Eco RV আৰু EcoRI
ৰচনাধৰ্মী প্রশ্নোত্তৰ:
১ا এটা জীৱৰ বংশগত ৰূপান্তৰ কৰিবৰ বাবে কি কি পদক্ষেপ লব লাগে লিখা।
উত্তৰঃ সংকৰণ প্ৰণালীৰে উন্নত জাতৰ প্ৰাণী আৰু উদ্ভিদৰ সৃষ্টি কৰা হৈছে। বর্তমান কালত কৃত্রিম উপায়েৰে
সংশ্লেষণ কৰা DNA তথা জিনৰ উদ্ভাৱনে এই দিশত এক নতুন ক্ষেত্ৰ মুকলি কৰিছে। 1960-70 দশকত
নিৰেনবার্গ, খোৰাণা, আঁকোৱা আদিৰ গৱেষণাই এনে সূক্ষ্ম কামৰ বাবে কেতবোৰ নতুন আহিলা, পদ্ধতি আৰু
কাৰিকৰী কৌশলৰ সম্ভেদ দিছে। এই প্রক্রিয়াত বেক্টেৰিয়া, ভাইৰাছ আদি অণুজীৱ আৰু কেতবোৰ উৎসেচক
আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছে। DNA শিকলিডালত ইচ্ছানুসাৰে জিন সাল-সলনি কৰিবলৈ ব্যৱহাৰ হোৱা
অভিযান্ত্রিক পদ্ধতিত তলত দিয়া প্রক্রিয়াসমূহ প্রধানকৈ জড়িত-
(ক) আণুবংশিক দ্রব্য পৃথকীকৰণঃ কোষৰ পৰা বিশুদ্ধ DNA পৃথক কৰা। আমেৰিকাৰ বেকউইথ আৰু তেওঁৰ
সংগীবৃন্দই একেৰিচিয়া ক'লি নামৰ এবিথ বেনেয়াৰ DNA ৰ পৰা এক বিশেষ অংশ বিশুদ্ধ অৱস্থাত সংগ্ৰহ কৰাৰ
উপায় উদ্ভাৱন কৰে।
(খ) DNA ৰ কৃত্রিম সংশ্লেষণ: প্রয়োজনীয় জিন (DNA) কৃত্রিমভাবে সংশ্লেষণ কৰা। নিৰেনবার্গ, খোৰাণা,
কৰ্ণবাৰ্গ আৰু তেওঁৰ সহকৰ্মীসকলে কৃত্রিম DNA সৃষ্টি কৰাত কৃতকার্য হৈছে। তেওঁলোকে ডি-অক্সিৰিব'
নিউক্লিঅ'টাইড, উৎসেচক, আয়ন আৰু এটা প্রাথমিক DNA মিহলি কৰি এটা নতুন DNA অণু তৈয়াৰ কৰে।
এনে কৃত্রিম DNA পৰীক্ষা নলীৰ ভিতৰত স্বাভাৱিক DNA ৰ দৰেই দ্বৈতিকৰণ বা অনুকৃত্যায়ণ হয়। নিৰেনবার্গ,
খোৰাণা আৰু হলিয়ে সংশ্লেষণ কৰা ছিষ্ট্ৰেনে 'টাইৰছিন' সংকেতিকা বহন কৰা RNA সৃষ্টি কৰিব পাৰে।
(গ) গ্রাহক কোষলৈ আণুবংশিক দ্ৰব্যৰ স্থানান্তৰ আৰু হস্তকৌশল: এটা জীৱৰ পৰা সংগ্ৰহ কৰা কৃত্রিম
উপায়ে প্রস্তুত কৰা জিন (DNA) পৰীক্ষা নলীৰ পৰা অন্য এটা গ্রাহক জীৱৰ কোষত সংযোজন কৰা। দুটা প্ৰক্ৰিয়াৰে
নতুন জিন গ্রাহক কোষত সংযোজন কৰা হয়।
(i) ৰূপান্তৰণ: বাহিৰৰ পৰা স্থানান্তৰ হোৱা DNA বা জিনৰ অংশটো গ্রাহক কোষ, কলা বা জীৱটোৱে গ্ৰহণ কৰা
প্ৰক্ৰিয়াটোক ৰূপান্তৰ বুলি কোৱা হয়। এই কাৰ্যত স্থানান্তৰ কৰিবলগীয়া জিনটো পোনপটীয়াকৈ গ্রাহক কোষৰ
ভিতৰত সোমাব পাৰে। গ্রাহক কোষত প্রবেশ কৰাৰ পাছত নতুন জিনটোৱে গ্রাহক কোষৰ আণুবংশিক পদাৰ্থৰ
লগ লাগি প্রয়োজনীয় আণুবংশিক সংকে তৈয়াৰ কৰে। এই প্রক্রিয়াৰে নতুন জিন গ্রাহক কোষত সংযোজন কৰোতে
বেক্টেৰিয়াৰ কোষত থকা প্লাজমিড আহিলা হিচাপে লোৱা হয়। ই বাহর হিচাপে কাম কৰে।
(ii) পৰাবেশণ: এই প্রক্রিয়াত বেক্টেৰিঅ'ফাজৰ মাধ্যমেৰে নতুন জিনটো (DNA) গ্রাহক কোষত সুমুৱাই দিয়া হয়।
২। বেক্টেৰিয়া, উদ্ভিদ আৰু ভেঁকুৰ কোষ ভাঙি DNA ৰ লগত বৃহৎ অণু মুক্ত কৰা বাবে যি উৎসেচক
ব্যৱহাৰ কৰা হয় তাৰ নাম লিখা।
উত্তৰঃ বেক্টেৰিয়াৰ বাবে লাইছ 'জাইম উদ্ভিদ কোষৰ বাবে চেলুলেজ আৰু ভেঁকুৰৰৰ বায়ে চিটিনেজ উৎসেচক
ব্যৱহাৰ কৰা হয়।
৩। পার্থক্য লিখাঃ
(ক) প্লাজমিড DNA আৰু ক্ৰমজমীয় DNA
(খ) এক্সনিউক্লিয়েড আৰু এণ্ড নিউক্লিয়েজজ।
উত্তৰঃ (ক) প্লাজমিড DNA আৰু ক্রম' জমেল DNA: প্লাজমিড DNA হৈছে বেক্টেৰিয়াত থকা অতিৰিক্ত
ক্রম'জীয় DNA অণু, যি স্বতন্ত্র ক্রম'জমীয় DNA নোহোৱাকৈও অনুকৃত্যায়ন কৰিব পাৰে।
আনহাতে ক্রম'জমীয় DNA হৈছে এটা জীৱৰ দেহত থকা ক্ৰম'জমৰ ভিতৰত থকা গোটেই DNA বোৰ।
(খ) এক্সনিউক্লিয়েজ আৰু এগুনিউক্লিয়েজ: এক্সনিউক্লিয়েজ ধৰণৰ বাধাযুক্ত এনজাইমবোৰে DNA অণুৰ
5 বা 3 অংশৰ পৰা নিউক্লিয়টাইডবোৰ আঁতৰাই আনে।
আনহাতে এগুনিউক্লিয়েজ এনজাইমবোৰে DNA ৰ ভিতৰতে এক নির্দিষ্ট অংশত ছেদন কৰি লাঠিৰ দৰে অংশৰ
সৃষ্টি কৰে।
8। Recognition sequence মানে কি বুজা? EcoRI ৰ recognition আম ই ক'ত ক বিচ্ছেদ কৰে লিখা।
উত্তৰঃ বেষ্ট্ৰিছন উৎসেচক আৰু ডি এন এ বেক্টিক্ছন উৎসেচকবোৰ হৈছে আণবিক জীৱবিজ্ঞানত ব্যৱহাৰ কৰা
এবিধ আণৱিক কেচি যাৰ সহায়ত DNA অনুক্রমন এক নির্দিষ্ট অংশ ছেদন কৰাত ব্যৱহাৰ কৰা হয়। ই জিনৰ
অংশবোৰৰ আদান-প্রদানত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই এনজাইমবোৰে এক নির্দিষ্ট হন। বাকচৰ
দৰে যুৰীয়া অনুক্ৰমক স্বীকৃতি দিয়ে যাক স্বীকৃতি অনুক্রম বোলে আক নির্দিষ্ট অংশত অনুক্ৰমৰ ছেদন কৰে।
উদাহৰণস্বৰূপে EcoRI এনজাইম বিধৰ বাবে স্বীকৃত অংশটো তলত দিয়া দৰে হ'বঃ
ৰেক্টিক্ছন উৎসেচকবোৰ দুভাগত বিভক্ত কৰিব পাৰি -
(ক) এক্সনিউক্লিয়েজ: এই বেক্টিক্ছন উৎসেচকবিধে অণুটোৰ বা অংশৰ পৰা নিউক্লিয়টাইডটো আঁতৰাই আনে।
(খ) এগুনিউক্লিয়েজঃ এই ধৰণৰ ৰেক্টিন উৎসেচকবিধে DNA ভিতৰৰ এক নির্দিষ্ট অংশত ছেদন কৰে। জিনীয়
অভিযন্ত্রণত এই উৎসেচকবিধে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। ইয়াক সাধাৰণতে DNA টুকুৰাৰ লাঠিৰ দৰে
অংশটো পাবলৈ, অনুক্ৰমৰ নির্দিষ্ট অংশত ছেদনৰ বাবে ব্যৱহাৰ কৰা হয়। পৰৱৰ্তী পৰ্যায়ত ইয়াক এনজাইম DNA
লাইগেজৰ দ্বাৰা সংযোগ কৰা হয়।
৫। জীৱকাৰিকৰী বিজ্ঞানত ভটিয়নী পদ্ধতি কি?
উত্তৰঃ ভটিয়নী পদ্ধতিটোত জৈৱ সংশ্লেষিত দশা সম্পূৰ্ণ হোৱাৰ পাছত বহিৰাগত জিনৰ পৃথিকীকৰণ আৰু
বিশুদ্ধিকৰণ কৰা হয়। এই পদ্ধতিত পদার্থখিনি পৃথক আৰু বিশুদ্ধ কৰিবলৈ বিভিন্ন পদ্ধতি অৱলম্বন কৰা হয়।
নামনিমুৱা পদ্ধতিৰ পাছত উৎপাদিত পদার্থখিনিৰ উৎকৃষ্টতা নিয়ন্ত্ৰণ আৰু অন্যান্য পৰীক্ষাৰ বাবে পৰীক্ষাগাৰত
বিভিন্ন ধৰণৰ পৰীক্ষা-নিৰীক্ষা চলোৱা হয়।
৬। জিন ক্লনিঙৰ লগত জড়িত মুখ্য পদক্ষেপ কি কি লিখা।
উত্তৰ: DNA ক পুনর্গঠন কৰা হয় অস্ত্রেপচাৰৰ যোগেদি। তাৰ বাবে প্ৰথমতে লাইছ'জাইম নামৰ উৎসেচকৰ দ্বাৰা
জীৱকোষৰ বেৰ গলাই DNA উলিয়াই অনা হয়। উলিয়াই অনা DNA ৰ বিশেষ অংশ চিনাক্ত কৰি বেছট্রিকশন্
এণ্ড'নিউক্লিয়েজ নামৰ উৎসেচকৰ দ্বাৰা DNA ৰ বিশেষ অংশত এনেভাবে কটা হয় যে জোৰা লাগিব পৰা আগ
ওলাই থাকে। চিত্রত দেখা যায় যে, এনেধৰণৰ উৎসেচকে DNA ৰ নিউক্লিয় টাইডৰ এনে ক্রম বাছি লয়, যিটো দুই
ফালৰ পৰা পঢ়ি গ'লে একেই হয়। যেনে- চিত্ৰত দেখুৱা ধৰণে G আৰু A ৰ মাজত ছেদ হৈছে। প্রায় এশটামান
এনে উৎসেচক চিনাক্ত কৰা হৈছে- যিবিলাকে নিউক্লিয় টাইডৰ বিভিন্ন ক্ৰম চিনাক্ত কৰি ছেদ কৰিব পাৰে। ইয়াৰ
পিছত ভাইৰাছ DNA ৰ বাওঁফালৰ অংশ আৰু প্লাজমিডৰ সোঁফালৰ অংশ লাইগেজ নামৰ উৎসেচকৰে জোৰা দিয়া
হৈছে। জোৰা দিয়াৰ পিছত পুনর্গঠিত DNA বেক্টেৰিয়াৰ দেহত স্থাপন কৰা যায়। ইয়াৰ ফলত বেক্টেৰিয়াটোৰে নতুন
গুণ লাভ কৰে। এনেধৰণে জিন জোৰা দিয়া কার্যক জিন ক্লনিং বোলা হয়।
৭। ক অংশৰ লগত খ অংশ মিলোৱা:
Column A Column B
(i) বংশগতি অভিযন্ত্রণ (a) পৰিবাহৰ ইনছাৰট
(ii) ষ্টিকি এন্ড (b) ৰেষ্ট্রিকচন এণ্ড নিউক্লিয়েজ
(iii) ইলেক্ট্রন পচন (c) বেছিকৈ উৎপাদন
(iv) বাহক DNA (d) বাহক শূন্য জিন বদল
(v) rDNA (e) DNA পুনর্গঠন কৌশল
(vi) বায়ৰিয়েক্টৰ (f) ক্লনিং কৰা বাহক
উত্তৰঃ (i) (e), (ii) (b), (iii) (d), (iv) (f), (v) (a) (vi) (c)
৮। পুনর্গঠিত DNA ৰ বাবে কি দুটা ভিন্ন DNA ৰ প্ৰয়োজন।
উত্তৰঃ কোনো এটা DNA ত অন্য DNA ৰ পৰা সংগ্ৰহ কৰা বিশেষ গুণৰ জিন সন্নিৱিষ্ট কৰি DNA পুনর্গঠিত
কৰা হয়। গতিকে সদায় পুনর্গঠিত DNA ৰ দুটা DNA প্রয়োজন।
৯। 'জেল'ইলেকট্ৰফৰ'ছিছৰ তত্ত্বৰ উল্লেখ কৰা আৰু জীৱকাৰিকৰী বিজ্ঞানত ইয়াৰ দুটা ব্যৱহাৰ
উল্লেখ কৰা।
উত্তৰঃ DNA-ৰ টুকুৰাবোৰ ঋণাত্মক টুকুৰাযুক্ত সেইবাবে মেট্রিক্সৰ জৰিয়তে (সাধাৰণতে আগাৰ'জ বৈদ্যুতিক
ক্ষেত্ৰত ইহঁতে এন'ডৰ ফালে গতি কৰে। এই মেট্রিক্স জে'লবোৰে চালনী হিচাবে ক্রিয়া কৰে আৰু DNA ৰ টুকুৰাবোৰ
গলি ক্রমান্বয়ে নিজৰ আকৃতি লাভ কৰে।
ৰচনাধৰ্মী প্রশ্নোত্তৰ:
১। EcoRI ক ভিন্ন DNA ক ছেদ কৰিবলৈ ব্যৱহাৰ কৰা হয় পুনর্গঠিত DNA সৃষ্টি কৰিবলৈ এটি নক্সাৰ
সহায়ত দেখুওৱা।
উত্তৰঃ
২। পলিমাৰেজ চেইন ৰিয়েকচন্ কি আৰু কেনেকৈ ইয়াক জিনৰ সংখ্যা বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰিব পৰা
যায়?
উত্তৰ: পলিমেৰেজ শৃংখল বিক্রিয়া হৈছে আণবিক জীৱবিজ্ঞানৰ এটা প্ৰক্ৰিয়া য'ত এটা জিন বা এটুকুৰা DNA ৰ
বহুতো প্রতিলিপি পাবৰ বাবে ইয়াক বিৱৰ্ধন কৰা হয়। ইয়াক জিনৰ অংশসমূহ ৰূপান্তৰ কৰিবলৈ বহুল পৰিমাণে
ব্যৱহাৰ কৰা হয়। এই প্রক্রিয়াটোত এটা আদি দ্রব্য, এটা টেমপ্লেট সূত্ৰ আৰু এটা বেক্টেৰিয়ামৰ (যাক Thermus
aquaticus বোলে) তাপস্থিৰ DNA পলিমেৰেজ এনজাইম ব্যৱহাৰ কৰি ইন-ভিট্ট সংশ্লেষণৰ অনুক্ৰম পোৱা যায়।
আদি দ্রব্যখিনি প্ৰসাৰিত হ'বলৈ এনজাইমটোৱে গাঁঠনিৰ সজ্জা dNTP (ডিঅক্সিনিউক্লিয়টচাইড) ব্যৱহাৰ কৰে
প্ৰথমে দ্বৈত সূত্র থকা DNA অণুক উচ্চ উষ্ণতা প্রয়োগ কৰা হয় যাতে সূত্র দুডাল ভাঙি এডাল এডাল হৈ পৰে।
এই প্রক্রিয়াটোক বিকৃতিকৰণ বোলে। ইয়াৰ পাছত এই ssDNA অণুক এটা টেমপ্লেট সূত্র হিচাবে ব্যৱহাৰ কৰা হয়,
DNA পলিমেৰেজ এনজাইমৰ দ্বাৰা নতুন সূত্র সংশ্লেষণৰ ক্ষেত্ৰত আৰু এই প্রক্রিয়াটোক এনিলিং বোলে।
ইয়াৰ ফলস্বৰূপে পূৰ্বৰ DNA অণুবোৰ দুগুণ হয়। এই প্রক্রিয়াটো বিভিন্ন চক্রত কেইবাবাৰো পুনৰাবৃত্তি ঘটি থকাৰ
ফলস্বৰূপে rDNA অংশৰ বহু প্রতিলিপি বা টুকুৰা উৎপন্ন হয়।
৩। আণবিক কেঁচি কি? DNA পুনগঠন কৌশলত এইবিলাকৰ ভূমিকা ব্যাখ্য কৰা।
উত্তৰঃ Restriction উৎসেচকক আণৱিক কেঁচি বুলিব পাৰি। দুই ধৰণৰ এনে উৎসেচক আছে। এবিধক কোৱা হয়
Exomulease আৰু আন বিধক কোৱা হয় Endonuclase। প্রথম বিধে DNA ৰ নিউক্লিয়টাইড ক্ৰম মূৰৰ পৰা কাটে
আৰু দ্বিতীয় বিধে মাজৰ পৰা বিশেষ ক্ৰমত কাটে। এনে কাৰ্য অতি জটিল পৰ্য্যায়ৰ। কিন্তু উক্ত উৎসেচকে নির্দিষ্ট
ঠাই DNA ক বিচ্ছেদ কৰে। ইয়াৰ প্ৰণালী এনে ধৰণৰ - বিশুদ্ধ ডি এন এ-ৰ অণুবিলাক বেষ্ট্ৰিকছন উৎসেচকৰ সৈতে
ই্নকিউবেট কৰি ৰেষ্ট্ৰিক্ছন উৎসেচক পাচনকার্য সম্পাদন কৰা হয়। উৎসেচকৰ কাৰণে প্রয়োজনীয় আৰু
সর্বশ্রেষ্ঠ পৰিবেশ বা অৱস্থাতহে এই কার্য্য সম্পন্ন কৰা হয়। ৰেষ্ট্ৰিক্ছন উৎসেচক পাচনকাৰ্য্য ৰ অগ্রগতি ৰুধিবলৈ
এগাৰোজ জেল ইলেক্ট্রফ'ৰেচিছৰ সহায় লোৱা হয়। ডি এন এ এটা ঋণাত্মকভাৱে আহিত অণু। গতিকে ই ধনাত্মক
বিদ্যুত মূৰ বা ধনমূৰ লৈ গতি কৰে। এই প্রণালী বাহক ডি এন এৰ ক্ষেত্ৰতো পুনৰাবৃত্তি হয়।
ডি এন এ-ৰ সংযোগীকৰণৰ বিভিন্ন পদ্ধতি আছে। এটা নির্দিষ্ট ৰেষ্ট্ৰিছন উৎসেচকৰ সহায়ত মূল ডি এন এ আৰু
বাহক ডি এন এৰ কটাৰ পিছত মূল ডি এন এৰ পৰা কাটি উলিওৱা মনে বিচৰা জিন আৰু কাটি উলিওৱা বাহকৰ
মিশ্ৰণ কৰা হয় আৰু তাত লাইগেজ উৎসেচক কৰা হয়। ইয়াৰ ফলস্বৰূপেই ৰিকম্বিনেন্ট ডি এন এ-ৰ অধঃক্ষেপণ
পোৱা যায়।
এই উৎসেচকবিলাকে DNA ৰ জিন যিবিলাকক সাধাৰণ অণুবীক্ষণ যন্ত্ৰত দেখা না যায় সেই বিলাকক অতি
সূক্ষ্মভাবে কাটে যে এই পদ্ধতিক জিন চাৰজাৰিও বোলা হয়।
৪। যিকোনো DNA পুনর্গঠন য'ত বিচৰা জিন থাকে তাৰ নিযুত সংখ্যক প্রতিলিপি ব্যৱসায়িক ভিত্তিত
কেনেকৈ প্রস্তুত কৰা যায়? কেনেকৈ ইয়াৰ বৰ্ধন কৰা হয়? ব্যাখ্যা কৰা।
উত্তৰঃ ওপৰৰ ২ নং প্রশ্নোত্তৰ চোৱা।
৫। বংশগতি অভিযন্ত্ৰণৰ কল্পনা কেনেকৈ বিকাশ ঘটিল আলোচনা কৰা।
উত্তৰ: আনুবংশিক প্রযুক্তিবিজ্ঞান হ'ল কোনো বিশেষ জিনৰ চিনাক্তকৰণ, প্রয়োজন অনুসৰি তাৰ দূৰীকৰণ,
জিনৰ গঠনৰ সংশোধন, এবিধ জীৱৰ জিন অন্য় এবিধ জীৱৰ জিনলৈ ৰূপান্তৰিত কৰা আৰু আবশ্যকবোধে
এক বিশেষ জিনৰ গঠন আর্হিত বিজ্ঞানাগাৰত কৃত্রিম জিনৰ সংশ্লেষণ কৰি, তাক জীৱদেহত স্থাপন কৰা ইত্যাদি,
ইত্যাদি।
জিন গৱেষণাৰ ফলত উক্ত প্রশ্নসমূহতে সমাধান ওলালে, ইয়াৰ সম্ভাব্য পৰিণতি সম্বন্ধেও বিজ্ঞানীসকলৰ মাজত
বর্তমান নানা আলোচনা-বিলোচনা, মতানৈক্য আদিৰ সৃষ্টি হৈছে। জিনৰ ওপৰত যুগান্তকাৰী গৱেষণাই সমাজৰ
যিদৰে নানান কল্যাণ সাধিব পাৰে বুলি আশা কৰা হৈছে, সেইদৰে ই আওপকীয়াভাবে নানা বিপর্যয়ো আনিব পাৰে
বুলি বহুতো আশংকা কৰিছে। অৱশ্যে তেওঁলোকে ইয়াৰ প্ৰতিবিধানৰ ব্যৱস্থাও কৰিছে।
জিন গৱেষণাৰ সম্ভাব্য সুফলসমূহ এনেধৰণৰ- জিন গৱেষকসকলৰ মতে এনে গৱেষণাই অদূৰ ভৱিষ্যতে সেউজ
বিপ্লৱৰ যুগান্তৰ আনিব। মানর সমাজত যাৰ ফল হ'ব সুদূৰপ্ৰসাৰী। লগতে হয়তো হ'ব কৃষিজাত উদ্ভিদৰ গুণগত
আৰু পৰিমাণগত উন্নয়ন।
জিন গৱেষণাৰ আন এটি বহুমূলীয়া সম্ভাবনা হ'ল ৰক্তক্ষৰণ, বহুমূত্ৰত্র আদি বংশগত ৰোগ নিৰাময় আৰু জন্মগত
শাৰীৰিক ত্রুটি-বিচ্যুতি দূৰ কৰাৰ উপায় উদ্ভাৱন কৰা।
এই গৱেষকসকলৰ মতে ইয়াৰ অন্য এক গুৰুত্বপূর্ণ সম্ভাবনা এই যে ইয়াৰ ফলত অদূৰ ভবিষ্যতে মানুহ বা আন
জীৱৰপৰা কোনো বিশেষ জিন উলিয়াই নি, সেয়া কেতবোৰ বেক্টেৰিয়াৰ দেহত স্থাপন কৰি, সেইবোৰক ক্ষুদ্রাকাৰ
কাৰখানা হিচাপে ব্যৱহাৰ কৰি ব্যৱসায়িক ভিত্তিত কিছুমান মূল্যৱান জৈব ৰাসায়নিক পদার্থ (প্ৰতিৰক্ষী, অন্তঃক্ষৰণ
ৰস আদি) সংশ্লেষণ কৰিব পৰা যাব।
জিন গবেষণাই ভৱিষ্যতে পৰিয়াল পৰিকল্পনা এনেকুৱা- জিন গৱেষণাৰ ফলস্বৰূপে অদূৰ ভৱিষ্যতে বিজ্ঞানাগাৰত
কৃত্রিম উপায়েৰে মানুহ তৈয়াৰ কৰাও হ'ব পাৰে বুলি বিজ্ঞানীসকলে ভাবিছে। এই প্রক্রিয়াত অদূৰ ভবিষ্যতে কোনোবা
ই যদি ইচ্ছা কৰি বা চখ কৰিয়ে এনেদৰে কৃত্রিমভাৱে মানুহ সৃষ্টি কৰে, তেন্তে সমাজত তাৰ প্রতিক্রিয়া কেনে হ'ব,
সেয়া চিন্তা কৰিবলগীয়া কথা। এনে মানুহৰ তথাকথিত পিতৃ-মাতৃ, আত্মীয়-স্বজন আদি থাকিবনে। তদুপৰি তেনে
মানুহৰ মানসিকতা, কাম-কাজ আদি কেনে হ'ব? তেনে মানুহ প্রকৃতাৰ্থত মানুহ নে যন্ত্র মানৱ হ'ব? যদিও এইবোৰ
কাৰ্যক্ষেত্ৰত বৰ্তমানলৈকে প্রয়োগ কৰিব পৰা হোৱা নাহ। এনেবোৰ প্রশ্নই ইতিমধ্যে বিজ্ঞনীসকলক ব্যতিব্যস্ত কৰি
তুলিছে। কাৰণ এটি ভয়ৰ কথাও আছে যে, পৰমাণু বোমাক ৰাজনৈতিক উদ্দেশ্যত অপব্যৱহাৰ কৰাৰ দৰে, এই
প্রক্রিয়াকো যদি ৰাজনৈতিক স্বার্থ পৰণাৰ্থে 'ডাঙৰ নেতা', সোনধ্যক্ষ আদি তৈয়াৰ কৰা কামত বৱহাৰ কৰা হয়,
তেতিয়া?
জিন গৱেষণাবোৰ ঘাইকৈ বেক্টেৰিয়া জীৱাণু আদিৰ জৰিয়তে কৰা হয়। বহুতো বিজ্ঞানীয়ে সন্দেহ প্রকাশ কৰিছে
যে এনে গৱেষণাৰ ফলত ঘটনাক্রমে কেতিয়াবা কোনো বেক্টেৰিয়া বা জীৱাণুৰ দেহত এনে নতুন জিন, গৱেষকৰ
অজানিতে প্রবেশ কৰিব পাৰে বা এইবোৰৰ দেহত থকা কোনো জিনৰ এনে গুণগত পৰিৱৰ্তন হ'ব পাৰে, যে তাৰ
ফলত ই ভয়াৱহ ৰোগ সৃষ্টিকাৰী বীজাণুত পৰিণত হ'ব। এইক্ষেত্রত এনে আশংকাও কৰা হৈছে যে, আমাৰ বর্তমান
আৱিষ্কৃত কোনো ঔষধ এই নতুন বীজাণুক নিয়ন্ত্রণ কৰিবলৈ অক্ষম হ'ব ইত্যাদি। কিন্তু বিজ্ঞানীসকলে এই
সকলোবোৰ সম্ভাৱনাৰ প্ৰতিবিধানৰ ব্যৱস্থাও ইতিমধ্যে কৰিছে।
৬। ৰিকম্বিনেন্ট DNA প্রযুক্তিবিদ্যা কি। ৰিকম্বিনেন্ট DNA প্রযুক্তিবিদ্যাৰ প্ৰক্ৰিয়াৰ ওপৰত এটা চমু টোকা লিখা।
উত্তৰঃ জিন ক্ল'নিং জিনীয় অভিযন্ত্ৰণৰ প্ৰধান আহিলা। এই প্রক্রিয়াত কোনো বাহকৰ গাত প্রয়োজনীয় DNA
প্রতিষ্ঠাপন কৰি নতুন DNA ৰ সৃষ্টি কৰা হয়। আজিকালি বেক্টেৰিয়া কোষত থকা প্লাজমিডক বাহক হিচাপে
লোৱা হয়। প্লাজমিড বেক্টেৰিয়া কোষত থকা ঘূৰণীয়া আকৃতিৰ DNA। প্লাজমিডৰ DNA বেক্টেৰিয়াৰ মূল জিন
সংহতিৰ ওপৰঞ্চি থকা জিনৰ থুপ। ইয়াত কিছুমান লিংগীক চৰিত্ৰৰ, এন্টিবায়টিক প্রতিৰোধক আদি জিন থাকে।
আকাৰত সৰু হোৱা বাবে প্লাজমিডবোৰক কোষত প্রতিষ্ঠাপন কৰা সহজ আৰু সেয়েহে এইবোৰক বাহক হিচাপে
ব্যৱহাৰ কৰা হয়। ঘূৰণীয়া প্লাজমিড ডি. এন. এ ৰ এটা অংশ কাটি আঁতৰাই তাত আন কোনো কোষৰ প্রয়োজনীয়
চৰিত্ৰযুক্ত DNA ৰ অংশ আনি জোৰা লগাই সংকৰ ডি. এন. এ সৃষ্টি কৰি অন্য কোষত প্রতিষ্ঠাপন কৰা হয়। এই
প্রক্রিয়াটোক ৰিকম্বিনেন্ট ডি.এন.এ প্রয়োগবিদ্যাও বোলে।
ৰিকম্বিনেন্ট ডি. এন. এ প্রয়োগবিদ্যাত প্লাজমিড নাইবা ভাইৰাছ ডি.এন.এ ক বাহক হিচাপে ব্যৱহাৰ কৰা হয়।
বেছট্রিকছন এণ্ড'নিউক্লিয়েজ উৎসেচকৰ দ্বাৰা বাহক DNA ৰ অংশ এটা কাটি পেলোৱা হয় আৰু তাত বেলেগ
কোষৰ পৰা আহৰণ কৰা প্রয়োজনীয় ডি এন. এ ৰ নিৰ্দিষ্ট অংশ প্রতিষ্ঠাপন কৰা হয়। লাইগেজ উৎসেচকে বাহক
DNA ৰ লগত উপস্থাপক প্রয়োজনীয় DNA ৰ মূৰ দুটা লগ লগোৱা কাৰ্যত সহায় কৰে। এনেদৰে সৃষ্টি কৰা এই
সংকৰ DNA কোনো এক বেক্টেৰীয়া কোষত প্ৰতিষ্ঠাপন কৰাৰ পিছত তাৰ প্ৰতিলিপি সৃষ্টি কৰি বিশুদ্ধকৰণ কৰা
হয়। সাধাৰণতে প্রতিলিপি সৃষ্টিৰ বাবে ই কলি বেক্টেৰিয়া ব্যৱহাৰ কৰা হয় কাৰণ ইয়াৰ DNA ৰ আণবিক গঠন
ভালদৰে জনা আছে।
৭। বায় ৰিয়েক্টৰ কি? বায় 'ৰিয়েক্টৰৰ এটা চিহ্নিত চিত্র আকি কার্যবলী বৰ্ণনা কৰা।
উত্তৰঃ বায় ৰিয়েক্টৰ বা ফার্মেন্টাৰ এটা ষ্টিলৰ আহিলা যিটোত প্রায় 500000 dm³ পর্যন্ত পানী জমা কৰিব পৰা যায়।
ইয়াত উষ্ণতা নিয়ন্ত্রণ কৰিব পৰা ব্যৱস্থাও আছে। ইয়াত সকলো পদার্থকে সাৱধানে মিহলি কৰা হয় যাতে
অনুজীৱবোৰে সিহঁতৰ পুষ্টিক আহৰণ কৰিব পাৰে আৰু কিছুমান যাতে তলীত জমা নহয়।
এই আহিলাটোত বিশেষ বায়ুৰ তাপৰ আৰু PH ৰ মাপকৰ দ্বাৰা নিৰ্দিষ্ট কৰি ৰখা হয়। ইয়াৰ উপাংশসমূহ হ'ল-ইন'
কুল'ছন প'ট, নিউট্রিয়েন্ট প'র্ট, এন্টিফম পৰ্ট, আৰু PH প'ৰ্ট। ইয়াৰ চিত্ৰ তলত দিয়া ধৰণৰ
গুৰুত্বঃ এটা নিয়ন্ত্রিত কক্ষত বিচৰা মতে অনুজীৱৰ উৎপাদন বঢ়াব পৰা কৌশলটোকে বায় ৰিয়েক্টৰ বোলে।
গৱেষণাগাৰত সৰু বায় ৰিয়েক্টৰ ব্যৱহাৰ কৰিলেও অনুজীৱৰ কম সময়ত বংশ বৃদ্ধিৰ কাৰণেই ইয়াক ব্যৱহাৰ কৰা
হয়।
Type Himanku Bora
New Update 2026