কাৰিকৰী জীৱবিজ্ঞান আৰু ইয়াৰ প্ৰয়োগ সমূহ | অধ্যায় ১২ | Chapter 12 | Class 12  Biology Solution Assamese Medium | HS 2nd Year Biology Assam | Biotechnology And its Applications Chapter Answer

কাৰিকৰী জীৱবিজ্ঞান আৰু ইয়াৰ প্ৰয়োগ সমূহ

প্ৰশ্নমালা

A. চমু উত্তৰৰ প্রশ্নঃ

1. জীৱ কাৰিকৰী বিজ্ঞানৰ মূল ভেটি কি কি?

2. কি কি দিশত জীৱকাৰিকৰী বিজ্ঞানে অগ্রগতি লাভ কৰিছে উল্লেখ কৰো

3. কৃষি বিজ্ঞানত কাৰিকৰী জীৱবিজ্ঞানৰ ভূমিকাৰ এটি চমু আলোচনা কৰা

4. শস্যৰ আনুবংশিক ৰূপান্তৰণ মানে কি বুজায়? এনে ৰূপান্তৰণৰ মূল উদ্দেশ্য কি কি?

5. Bt Cotton-Bt-ৰ মানে কি?

6. Bt Cotton সৃষ্টি কৰাৰ উদ্দেশ্য কি?

7. Bacillius thuringiensis-য়ে, উৎপন্ন কৰা বিষাক্ত দ্রব্যই বেক্টেৰিয়াটোৰ ক্ষতি নকৰি কীটৰ ক্ষতি কিয় কৰে?

8. Cry জিন কি? ইয়াৰ কাম কি?

9. আনুবংশিক অভিযন্ত্ৰণৰ যোগাদি ইনচুলিন উৎপাদন প্রক্রিয়াৰ মূলতত্ত্ব কি?

10. জিনীয় চিকিৎসা কাক বোলে? ইয়াৰ উদ্দেশ্য কি?

11. আনৱিক বিশ্লেষণৰ দ্বাৰা ৰোগ নির্ণয় সম্পর্কে অতি চমু ব্যাখ্যা দিয়া

12. বংশান্তৰিত প্ৰাণী কাক বোলে? এই বিলাকৰ প্ৰয়জনীয়তা কি?

13. ট্রেন্সজেনিক শস্যৰ আৰু সাধাৰণভাবে সংকৰণ কৰা শস্যৰ প্ৰণালীৰ মাজত প্রভেদ সমূহ কি?

14. ট্রেন্সজেনিক জীৱ-জন্তু কি?

15. বংশান্তৰিত উদ্ভিদসমূহ কি? উদাহৰণ দিয়া

16. চমু টোকা লিখাঃ

(a) আনুবংশিক ভাবে ৰূপান্তৰিত জীৱ।

(b) Bt Cotton.

(C) জিনীয় অভিযন্ত্ৰণৰ যোগে প্রস্তুত ইনসুলিন

(d) জিনীয় চিকিৎসা

(e) জৈৱ গেছ

17. আনুবংশিক ভাবে ৰূপান্তৰিত শষ্যৰ খেতি কৰাৰ বিৰুদ্ধে বহুতে কিয় প্রতিবাদ কৰি আছে?

18. GEAC বুলিলে তুমি কি বুজা? ইয়াৰ ভূমিকা কি?

19. বেক্টেৰিয়া/ভাইৰাচৰ দ্বাৰা সংক্ৰমিত ৰোগৰ লক্ষণ দেখা দিয়াৰ বহু পূর্বে চিনাক্ত কৰিব পৰা দুটা পদ্ধতি উল্লেখ কৰা

20. জীৱপ্ৰৱলীকৰণ বুলিলে কি বুজাই?

21. ঔষধৰ জৈৱ প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগৰ এটা উদাহৰণ বর্ণনা কৰা

সম্ভাব্য প্ৰশ্নাৱলী

A. এক নম্বৰৰ প্ৰশ্নঃ

(A) অতি চমু উত্তৰৰ প্রশ্নঃ

1. ট্রেন্সজিনীক বা বংশাস্তৰিত জীৱ কি? বংশান্তৰিত একোটা উদ্ভিদ আৰু প্ৰাণীৰ উদাহৰণ দিয়া

2. জিনীয় চিকিৎসা কি? ইয়াৰ ব্যৱহাৰৰ এটি উদাহৰণ দিয়া

3. এটা ছিটাৰ নাম উল্লেখ কৰা যি বংশান্তৰিত ইষ্টৰ পৰা প্ৰস্তুত কৰা হয়

4. জৈৱ স্বত্বাপহৰণ কি?

5. মানৱ ইনচুলিনত কিমানটা পলিপেটাইড থাকে?

6. এটা জনপ্রিয় কৌশলৰ নাম উল্লেখ কৰা যাৰ দ্বাৰা দেহত বীজাণু বা ভাইৰাছ থকাৰ প্ৰমাণ পোৱা যায়

7. দুটা ঔষধৰ নাম লিখা যি পূর্বে প্রাণী বধ কৰি তৈয়াৰ কৰাৰ পৰিৱর্তে বর্তমান জীৱপ্রযুক্তি বিদ্যাৰ সহায়ত প্রস্তুত কৰা হয়

8. DNA ৰ নাটনি কি? কোন ৰোগৰ লগত ই জড়িত?

9. প্রব মানে কি?

10. GEAC সম্পূৰ্ণ ভাবে লিখা।  

11. ট্রেন্সজিনীক বংশান্তৰিত প্রাণী কি?

12. বংশান্তৰিত প্ৰাণীৰ পৰা পাব পৰা যিকোনো দুটা সুবিধা উল্লেখ কৰা

13. ৰাসায়নিক দ্ৰৱৰ নির্বিঘ্নতা পৰীক্ষা মানে কি?

14. জৈৱ স্বত্বাপহৰণৰ সংজ্ঞা দিয়া

15. ট্রেন্সজেনিক গাইগৰু ৰোজিয়ে উৎপন্ন কৰা গাখীৰৰ বিশেষ কি?

16. ইনচুলিনৰ দুডাল চুটি পলিপেপটাইড শিকলি কেনেদৰে সংযোজিত হৈ থাকে?

17. সোণালী ধান কি?

(B) শূন্যস্থান পূৰণ কৰাঃ

1. ELISA পৰীক্ষা নিৰ্ভৰ কৰে ______ ৰ পৰস্পৰ ক্রিয়া তত্ত্বৰ ওপৰত

2. বিলাহীত ফল কোমল হোৱা কাৰ্য্য ______ উৎসেচকে ই সহায় কৰে যি যে পেক্টিনক অবমূল্যায়ননা কৰে

3. মাটিত বাস কৰা বেক্টেৰিয়া ______ য়ে স্ফটিক (cry) প্রটিন উৎপাদন কৰে

4. এখন দেশৰ জীৱসম্পদৰ চুৰি, ডকাইতি আৰু অনধিকাৰ লাভ উঠোৱা কাৰ্য্যক ______ বাোলে

5. ______ল এক নির্দিষ্ট মানদণ্ড যাক জীৱজগতৰ লগত আমাৰ ক্ৰিয়াক নিয়ন্ত্রিত কৰাত প্ৰয়োগ কৰিব পাৰি

6. মানুহকে ধৰি স্তন্যপায়ীত ইনচুলিন ______ হিচাপে সংশ্লেষণ হয়

7. লসীকা কোষক আৰু টেমুনা কোষৰ লগত মিলিত কৰাক ______ বোলে

8. DNA ৰ নমুনাৰ আণৱিক বিশ্লেষণ কৰাক ______ বোলে

9. কৃত্রিম ভাবে প্রথম হৰমন উৎপাদন কৰিছিল ______ বেক্টেৰিয়াক কৰ্ষণ কৰি

10. এন্টিবায়টিক এক ধৰণৰ ঔষধ যাক ______ ৰোগৰ নিৰাময়ৰ বাবে ব্যৱহাৰ হয়

11. বংশান্তৰিত গাইৰ গাখীৰত মানৱ ______ থাকে।

12. উৎপাদিত সামগ্ৰীৰ পুনঃপ্রাপ্তি ইয়াৰ শোধন আৰু কার্যকাৰিতাক ______ কাৰ্যপ্ৰণালী বোলে।

13. জৈৱ অণু এবিধ যৌগ যি ______ ৰ পৰা উৎপন্ন হয়

14. প্রথম ট্রেন্সজেনিক শস্য আছিল ______

B শুদ্ধ অশুদ্ধ বিচাৰ কৰাঃ

1. ব্রাজ্জেইন আৰু ইয়াৰ সংকেত বহনকাৰী জিন USA ত পেটেন্ট কৰা হৈছিল

2. Bt কপাহত দুটা ট্রেন্স জিন থাকে

3. জৈৱ স্বত্বাপহৰণ জীৱসম্পদৰ আইনগত দিশ

4. নিমৰ পেটেন্ট ভাৰতবৰ্ষই পাইছে

5. মধুমেহ ৰোগৰ প্ৰতিকাৰৰ বাবে আৱশ্যকীয় ইনচুলিন আনুবংশীকভাবে ৰূপান্তৰিত জীৱৰ পৰা প্রস্তুত হয়

6. Vitamin B12 আৰু Vitamin B12 নামৰ ভিটামিন দুবিধ জীৱপ্রযুক্তিবিদ্যাৰ যোগেদি উৎপাদন কৰা হয়

7. আলেকজেণ্ডাৰ ফ্লেমিংয়ে এন্টিবায়টিকশব্দ প্রথমে দিছিল

৪. কৃষিজীৱপ্রযুক্তি বিদ্যাত কলা কর্ষণেই মূল কৌশল

9. জিনটেক্সিবোলা প্লাজমিদবিধ জিন ক্লনিত ব্যৱহাৰ কৰা হয়

10. স্বর্ণ চাউল এবিধ বনৰীয়া চাউলৰ সঁচ যাৰ ৰং সোণালী

11. এন্টিকোৱাগুলেন্ট হিডিন ট্রেন্সজেনিক উদ্ভিদ ব্রেচিকা নেপাচৰ গুটিৰ পৰা উৎপন্ন হয়

12. Bt কপাহ এবিধ ট্রেন্সজেনিক উদ্ভিদ যত Bt য়ে জৈৱপ্রযুক্তিবিদ্যা বুজায়

13. প্ৰ'টক্সিন হৈছে এবিধ প্রটজৱাই উৎপন্ন কৰা বিষাক্ত পদার্থ

II. ২ নম্বৰৰ চমু প্রশ্নঃ

1. বংশান্তৰিত বেক্টেৰিয়া বিলাক কি? এটি উদাহৰণৰ দ্বাৰা বৰ্ণনা কৰা

2. ভাৰতীয় জীৱসম্পদৰ কোন দুটা পেটেন্ট উঠাই লোৱা হৈছে?

3. আনুবংশীক ভাবে ৰূপান্তৰিত শস্য মানে কি? আনুবংশীক ভাবে ৰূপান্তৰিত খাদ্য শস্য কেনেকৈ প্রচলিত পদ্ধতিত উন্নত কৰা খাদ্য শস্যতকৈ কি ভাবে পৃথক?

4. টেন্সজিন কি? টেন্সজিনীয় উদ্ভিদ কি?

5. বায়ৰিয়েকৰ কি? আশাকৰা উৎপাদনৰ বাবে বায়ৰিয়েক্টৰে দিয়া অন্ততঃ দুটা বৃদ্ধিকাৰক অৱস্থা উল্লেখ কৰা

6. প্রচলিত উদ্ভিদ প্রজনন পদ্ধতি কেনেকৈ শস্য বংশান্তৰিত কৰা কৌশলতকৈ ভিন্ন?

7. শৰীৰত উপসর্গ দেখা দিয়াৰ আগতেই শৰীৰত বেক্টেৰিয়া/ভাইৰাচৰ আক্ৰমণৰ সংকেত দিয়া যি কোনো দুটা কৌশলৰ পৰামর্শ দিয়া

8. ELISA ক সম্পূর্ণকৈ লিখাELISA পদ্ধতিৰে চিনাক্তকৰণ কৰা দুবিধ ৰোগৰ নাম লিখা

9. আণবিক নিদান পদ্ধতি কি? পৰম্পৰাগত পদ্ধতিতকৈ এই পদ্ধতিৰ সুবিধা সমূহ কি কি?

10. এন্টিজেন আৰু এন্টিবডিৰ সংজ্ঞাসহ প্রত্যেকৰে উদাহৰণৰে সৈতে লিখা

11. টেন্সজেনিক প্রাণীৰ বিষয়ে এটি চমুটোকা লিখা

III.

1. জীৱপ্রযুক্তিবিদ্যাৰ বাবে প্লাজমিড আশীর্বাদ স্বৰূপজীৱপ্রযুক্তি বিদ্যাৰ আৱিষ্কাৰৰ উল্লেখ কৰি ইয়াৰ যথার্থতা দেখুউৱা

2. ADA নামৰ উৎসেচৰ সম্পূর্ণ নামটো লিখামানুহৰ শৰীৰত এই উৎসেচক কিৰ ইমান আৱশ্যক? এটা জিনীয় চিকিৎসাৰ উল্লেখ কৰা যাৰ দ্বাৰা ইয়াৰ চিকিৎসা হয়

3. ক্রাই-প্রটিন কি? ইয়াক উৎপাদন কৰা জীৱৰ নাম লিখামানুহে কেনেকৈ ইয়াৰ সুবিধা আদায় কৰিছে নিজৰ লাভৰ বাবে?

4. GMO বিলাক কি? আনুবংশীক ভাবে ৰূপান্তৰিত শস্য উৎপাদনৰ অন্ততঃ চাৰিটা উদ্দেশ্য উল্লেখ কৰা

5. GEAC মানে কি বুজা? ইয়াৰ ভূমিকা কি?

6. Bt কপাহৰ বেক্তেৰিয়াই উৎপন্ন কৰা বিষাক্ত কীটনাশী প্রটিনে, বিষাক্ত প্রটিন তৈয়াৰ কৰিব নোৱাৰে যদিও অনিষ্টকাৰী কীট কেনেকৈ নাশ কৰিব পাৰে

7. এন্টিবায়টিকছ কাক বোলে? বিভিন্ন এন্টিবায়টিকছৰ নামৰ লগত এই বিলাক প্রস্তুত কৰা অনুজীৱৰ নাম লিখা

8. টেন্সজেনিক শস্য কি? প্রজনন কার্যতকৈ ট্রেন্সজেনিক শস্য উৎপাদনত এই পদ্ধতিৰ উপকাৰিতা উল্লেখ কৰা

9. এটা কীটৰ নাম লিখা যাক Cry 1AC জিনৰ উৎপাদিত সামগ্ৰীৰ দ্বাৰা মাৰিব পাৰিকেনেকৈ এই জিনটোৱে উদ্ভিদক কীটৰোধী কৰি তোলে ব্যাখ্যা কৰা

10. আণুবংশিকভাবে ৰূপান্তৰিত উদ্ভিদ ব্যৱহাৰ কৰি শস্যৰ মুঠ বৃদ্ধিত হোৱা বিভিন্ন উপকাৰিতাৰ বিষয়ে লিখা

IV. Long Questions for 5 marks:

1. চমু টোকা লিখাঃ

(a) জিন চিকিৎসা (b) জৈৱপ্ৰযুক্তিৰ নৈতিক সমল (c) জিনীয় অভিযন্ত্ৰণৰ দ্বাৰা ইনচুলিন

2. PCR ৰ মূল তত্ত্ব কি? আণৱিক ৰোগ নির্ণয়ত ইয়াৰ ভূমিকা উল্লেখ কৰা

3. জীৱসম্পদ কি? শিল্পায়নত উন্নত দেশ বিলাকে কেনেকৈ ইয়াৰ লাভ উঠাইছে?

4. জীৱপ্রযুক্তিবিদ্যাই মানৱ কল্যাণত ডাঙৰ অৰিহণা যোগাব পাৰে, কিন্তু ইয়াক অপব্যৱহাৰ কৰাৰ সম্ভাৱনাও যথেষ্ট, যাৰ ফলত মানুহৰ দুৰ্দশা বৃদ্ধি পাব।এই বক্তব্যৰ উপযুক্ত উদাহৰণেৰে ব্যাখ্যা কৰা

5. প্রচলিত কৃষি প্রথা আৰু আধুনিক কৃষি প্ৰথাৰ মাজত কি কি পার্থক্য আছে উদাহৰণ দি লিখা

6. জৈৱ প্ৰযুক্তিবিদ্যাৰ এটা উদ্দেশ্য হৈছে শস্য পথাৰত পতংগ নাশকৰ ব্যৱহাৰ কম কৰাজৈৱ প্রযুক্তি বিদ্যাৰ কৌশল ব্যৱহাৰ কৰি কেনেকৈ পতংগৰোধী শস্য বিকশিত কৰা হৈছে বর্ণনা কৰা

Type Himanku Bora