কাৰিকৰী জীৱবিজ্ঞান আৰু ইয়াৰ প্ৰয়োগ সমূহ | অধ্যায় ১২ | Chapter 12 | Class 12  Biology Solution Assamese Medium | HS 2nd Year Biology Assam | Biotechnology And its Applications Chapter Answer

কাৰিকৰী জীৱবিজ্ঞান আৰু ইয়াৰ প্ৰয়োগ সমূহ

প্ৰশ্নমালা

অতি চমু প্রশ্নোত্তৰঃ


১। বংশাংন্তৰিত জীৱ কি? বংশাংন্তৰিত একোটা উদ্ভিদ আৰু প্ৰাণীৰ উদাহৰণ দিয়া। 2013


উত্তৰঃ যিবিলাক জীৱৰ শৰীৰত অন্য প্ৰজাতিৰ পৰা বিশেষ গুণৰ সংকেত থকা জিন সংগ্রহ কৰি আনি স্থাপন কৰা হয় যাতে জীৱটোৱে আগতে নথকা বিশেষ গুণ লাভ কৰে, তেতিয়া সেই জীৱক বংশাংন্তৰিক জীৱ বোলা হয়।


উদাহৰণ (উদ্ভিদ): Bt কপাহ


(প্রাণী): ৰজি (Rosie) নামৰ গাই।


২। জিনীয় চিকিৎসা কি? ইয়াৰ ব্যৱহাৰৰ এটি উদাহৰণ দিয়া।


উত্তৰঃ বংশগত ৰোগ চলিত চিকিৎসা পদ্ধতিৰে ভাল কৰিব নোৱাৰি। ইয়াৰ বাবে বংশগত ৰোগৰ কাৰকযি দোষযুক্ত জিন তাক আঁতৰাই প্রকৃত জিন স্থাপন কৰি চিকিৎসা কৰাৰ কথা ভবা হৈছে। ইয়াকে জিনীয় চিকিৎসা বোলে। Adenosine deami-nase deficiency এনে এটি বংশগত ৰোগ যাক জিনীয় পদ্ধতিত চিকিৎসা কৰা যায়। 1990 চনত প্রথম এই চিকিৎসা কৰা হৈছিল।


৩। এটা চিতাৰ নাম উল্লেখ কৰা যি বংশান্তৰিক ইষ্টৰ পৰা প্ৰস্তুত কৰা হয়?


উত্তৰঃ Hipatitis B Virus.


৪। জৈৱ অপহৰণ কি?


উত্তৰঃ কোনো দেশৰ পৰা চোৰাংভাৱে বিশেষ গুণ থকা উদ্ভিদ বা প্ৰাণীৰ সঁচ লৈ গৈ নিজৰ দেশত স্থাপন

কৰাকে জৈৱ অপহৰণ বোলা হয়। সাধাৰণতে এখন দেশৰ জীৱ সম্পদ অন্যদেশলৈ সন্মতি নিদিয়াকৈ লৈ

যোৱা আইন বিৰুদ্ধ।


৫। মানৱ ইনচুলিনত কিমানটা পলিপেপ্টাইড থাকে?


উত্তৰঃ দুটা।


৬। এটা জনপ্রিয় কৌশলৰ নাম উল্লেখ কৰা যাৰ দ্বাৰা দেহত বীজাণু বা ভাইৰাছ থকাৰ প্রমাণ পোৱা যায়?


উত্তৰঃ ELISA (Enzyme Linked Immono-sorbent Assay)


৭। DNA ৰ নাটনি কি? কোন ৰোগৰ লগত ই জড়িত?


উত্তৰঃ DNA নষ্ট হ'লে পুনৰ মেৰামতি হ'ব নোৱাৰিলে অনেক ধৰণৰ ৰোগ হয় আৰু কোনো চিকিৎসা নাই। মস্তিষ্ক ৰোগ তাৰ ভিতৰত অন্যতম।


৮। 'প্রৱ' মানে কি?


উত্তৰঃ 'প্ৰৱ 'বিলাক সৰু নিউক্লিয়টাইড ক্রম থকা। ইয়াৰ দ্বাৰা নিউক্লিক এচিডৰ সম্পূৰক ক্রম আছেনে নাই নিৰ্ণয় কৰা যায়। এই বিলাকত তেজস্ক্রিয় পদার্থ থাকিব পাৰে বা নাথাকিব পাৰে। এই বিলাক তেজ বা অণু নমুনাত ৰোগৰ বীজাণু আছে নে নাই পৰীক্ষা কৰিবলৈ ব্যৱহাৰ কৰা হয়।


৯। GEAC সম্পূর্ণ ভাবে লিখা।


উত্তৰ: Genetic Engeneering Approval Committee.


১০। বংশান্তৰিত প্ৰাণী কি?


উত্তৰঃ কোনো এটা প্রাণীত যদি পূর্বে নথকা জিন অন্য এটি জীৱৰ পৰা সংগ্ৰহ কৰি স্থাপন কৰা হয় তেতিয়া এই প্রাণীটো বিশেষ গুণৰ অধিকাৰী হয়। এনে ধৰণৰ প্ৰাণীক বংশান্তৰিত প্ৰাণী বোলা হয়।


১১। বংশান্তৰিত প্ৰাণীৰ পৰা যিকোনো দুটা সুবিধা উল্লেখ কৰা।


উত্তৰঃ (ক) এইবিলাক প্রাণী ব্যৱহাৰ কৰি বিভিন্ন জিনৰ ক্ৰিয়া পৰীক্ষা কৰিব পৰা যায়। 


(খ) প্ৰাণীৰ জৈৱিক ক্ৰিয়া আৰু গাখীৰ, মাংস আদি উৎপাদনত বিশেষ জিনৰ ক্ৰিয়া অধ্যয়ন কৰিব পৰা যায়।


১২। ৰাসায়নিক দ্ৰব্যৰ নির্বিঘ্নতা পৰীক্ষা মানে কি?


উত্তৰঃ বংশান্তৰিক প্ৰাণীক ৰাসায়নিক দ্ৰব্যৰ নির্বিঘ্নতাৰ পৰীক্ষাত ব্যৱহাৰ কৰা যায়। কাৰণ, বংশান্তৰিত প্ৰাণী অন্য সাধাৰণ প্ৰাণীতকৈ বিষক্রিয়া বা ৰাসায়নিক দূষণৰ প্ৰতি বেছি সংবেদনশীল। এনে জীৱৰ পৰা বিষক্ৰিয়াৰ ফল কম সময়ত জনা যায়।


১৩। জৈৱ অপহৰণৰ সংজ্ঞা দিয়া।


উত্তৰঃ কোনো দেশৰ পৰা চোৰাংভাৱে বিশেষ গুণ থকা উদ্ভিদ বা প্ৰাণীৰ সঁচ লৈ গৈ নিজৰ দেশত স্থাপন

কৰাকে জৈৱ অপহৰণ বোলা হয়। সাধাৰণতে এখন দেশৰ জীৱ সম্পদ অন্যদেশলৈ সন্মতি নিদিয়াকৈ লৈ

যোৱা আইন বিৰুদ্ধ।


১৪। ট্রেনজেনিক গাই গৰু ৰ'জিৰ গাখীৰ উৎপাদনত বিশেষত্ব কি?


উত্তৰঃ ৰ'জি নামৰ ট্রেনজেনিক গাই গৰুটো ১৯৯৭ চনত উৎপন্ন কৰা হৈছিল মাথো গাখীৰ উৎপাদনৰ কাৰণে।

ইয়াৰ গাখীৰত মানুহৰ শিশুৰ কাৰণে আৱশ্যক হোৱা আলফালেক্টেবুমিন নামৰ প্ৰ'টিন বিধ থাকে।


১৫। দুটা চুটি চুটি বহুপেপটাইড চেইনে ইনচুলিনত কেনেদৰে লগ লাগে?


উত্তৰঃ মানুহৰ দেহত পোৱা ইনচুলিনৰ A শৃংখল আৰু B শৃংখলে দুডাল ডাই ছালফাইড বন্ধনৰ দ্বাৰা যুক্ত

হৈ থাকে।


১৬। সোণালী ধান কি?


উত্তৰঃ সোণালী ধানক প্ৰফেছাৰ ইংণ্ড প্ৰউকুছ আৰু ডঃ পিটাৰ বেয়াৰে জিনীয় অভিযন্ত্ৰণাৰ দ্বাৰা উৎপন্ন কৰিছে।

ইয়াত যথেষ্ট পৰিমাণৰ ভিটামিন-A থাকে আৰু তিনিটা জিনে কেৰ'টিনয়দ সংশ্লেষণ ঘটাব পাৰে। ধাৰণৰ বৰণ সামান্য হালধীয়া হোৱা বাবে ইয়াক সোণালী ধান বোলে।


শূন্যস্থান পূৰণ কৰাঃ


১। ELISA পৰীক্ষা নিৰ্ভৰ কৰে                  ৰ পৰস্পৰ ক্ৰিয়াৰ তত্ত্বৰ ওপৰত।


উত্তৰঃ এন্টিজেন-এন্টিবডি।


২। বিলাহীত ফল কোমল হোৱা কাৰ্য্যত উৎসেচক                   ই বর্ধন কৰে যি পেক্টিনক

অবমূল্যায়নো কৰে।


উত্তৰঃ পেক্টেট লায়েজেছ।


৩। এটি মাটিত বাস কৰা বেক্টেৰিয়া                  ই স্ফটিক প্রটিন উৎপাদন কৰে।


উত্তৰঃ Bacillus thuringiensis


8। এখন দেশৰ জীৱসম্পদৰ চুৰি, ডকাইতি আৰু অনধিকাৰ লাভ উঠোৱা               বোলে।


উত্তৰঃ জৈৱ অপহৰণ।


৫।                 এক নিৰ্দ্দিষ্ট মানদণ্ড যাক জীৱজগতৰ লগত আমাৰ ক্ৰিয়াক নিয়ন্ত্রিত কৰে।


উত্তৰঃ নৈতিকতা।


৬। মানুহকে ধৰি স্তন্যপায়ীত ইনচুলিন সংশ্লেষণ হয়                  হিচাপে।


উত্তৰঃ c পেপ্টাইড।


৭। লসিকা কোষ আৰু টেমুনা কোষৰ সংলগ্ন কৰাক                 বোলে।


উত্তৰ: Polyclonal antibody


৮। DNA ৰ নমুনাৰ আণবিক বিশ্লেষণ কৰাক                   বোলে।


উত্তৰঃ PCR


৯। কৃত্রিমভাবে প্রথম হৰ'মন উৎপাদন কৰিছিল                 বেক্টেৰিয়াক কষণ কৰি।


উত্তৰঃ ইনচুলিন।


১০। এন্টিবায়টিক এক ধৰণৰ ঔষধ যাক                ৰোগৰ নিৰাময়ৰ বাবে ব্যৱহাৰ হয়।


উত্তৰঃ বীজাণু।


১১। বংশাংন্তৰিত গাইৰ গাখীৰত মানৱ                থাকে।


উত্তৰঃ প্রটিন।


১২। উৎপাদন লাভ, পৰিশোধন আৰু প্ৰচেছিং আদিক                প্রক্রিয়া বোলে।


উত্তৰঃ বায়'ৰিয়েক্টৰ।


১৩। জীৱঅনু এটা                  য়ে উৎপাদন কৰা যৌগ।


উত্তৰঃ জিন


১৪। প্রথম ট্রেনজেনিক শস্য হ'ল                   


উত্তৰঃ বাচমতি ধান।


সত্য আৰু অসত্য লিখাঃ


১। ব্রাজ্জেইন আৰু ইয়াৰ সংকেত বহনকাৰী জিন USA ত পেটেন্ট কৰা হৈছিল।


উত্তৰঃ সত্য।


২। Bt কপাহত দুটা অন্য বংশৰ দুটা জিন থাকে।


উত্তৰঃ অসত্য।


৩। জৈৱ অপহৰণ জীৱসম্পদৰ আইনগত দিশ।


উত্তৰঃ অসত্য।


8। নিমৰ পেটেন্ট ভাৰতবৰ্ষই পাইছে।


উত্তৰঃ সত্য।


৫। মধুমেহ ৰোগৰ প্ৰতিকাৰৰ বাবে যি ইনচুলিন তাক আনুবংশীকভাৱে ৰূপান্তৰিত জীৱৰ পৰা প্ৰস্তুত হয়।


উত্তৰঃ সত্য।


৬। দুটা ভিটামিন, ভিটামিন B12 আৰু B2 ভিটামিন জীৱ প্ৰযুক্তিবিদ্যাৰ যোগেদি উৎপাদন কৰা হয়।


উত্তৰঃ সত্য।


৭। আলেকজেণ্ডাৰ ফ্লেমিংয়ে 'এন্টিবায়টিক' শব্দ প্রথম দিছিল।


উত্তৰঃ অসত্য।


৮। কৃষিজীৱ প্রযুক্তিবিদ্যাত কলা কর্ষণেই মূল কৌশল।


উত্তৰঃ সত্য।


৯। প্লাজমিড যাক "জিনটেক্সি" বোলা হয় তাক জিন ক্লনিঙত ব্যৱহাৰ কৰা হয়।


উত্তৰঃ সত্য।


১০। স্বর্ণ চাউল এবিধ বনৰীয়া চাউলৰ সঁচ যাৰ ৰং সোণালী।


উত্তৰঃ অসত্য।


১১। ট্রেনজেনিক ব্রেছিকা নেপাছৰ বীজে এন্টিকোয়াগুলেন্ট হিৰুদিন উৎপন্ন কৰে।


উত্তৰঃ সঁচা।


১২। Bt কটন নামৰ ট্রেনজেনিক উদ্ভিদত... শব্দটোৱে বায়টেকন'ল'জিক বুজাইছে।


উত্তৰঃ মিছা।


১৩। আদ্যপ্রাণীয়ে উৎপন্ন কৰা বিষাক্ত পদার্থবিধ প্রট 'ক্সিন।


উত্তৰঃ সঁচা।


চমু প্রশ্নোত্তৰ:


১। বংশাংন্তৰিত বেক্টেৰিয়া বিলাক কি? এটি উদাহৰণৰ দ্বাৰ বৰ্ণনা কৰা।


উত্তৰঃ ট্রেন্সজিনীক বেক্টেৰিয়াৰ জিনমৰ (Genome) ভিতৰত ইচ্ছামূলকভাৱে বহিৰাগত জিনৰ প্ৰৱেশ ঘটোৱা হয়। ইহঁতৰ আৱশ্যকীয় জিনটো প্রকাশ পাবলৈ সুবিধামতে ৰূপান্তৰ (Manipulate) কৰা হয়,যাতে বাণিজ্যিকভাৱে গুৰুত্বপূর্ণ দ্রব্যবোৰৰ উৎপাদন বৃদ্ধি পায়।


ট্রেন্সজিনীক বেক্টেৰিয়াৰ এটা উদাহৰণ হৈছে E. Coli. E. Coli ৰ প্লাজমিডত দুডাল DNA অনুক্রম যি A আৰু B শৃংখল মানৱ দেহত পোৱা ইনছুলিনৰ A আৰু B শৃংখলৰ দৰে আৰু সেই ইনছুলিন বান্ধনি প্রস্তুত কৰিবলৈ প্ৰৱেশ কৰোৱা হয়। ইয়াৰ ফলত ই নির্দিষ্ট মানৱ ইনছুলিনৰ শিকলি উৎপন্ন কৰে। এতেকে, ইনচুলিন জিনটো বেক্টেৰিয়াত প্ৰৱেশ ঘটোৱাৰ পাছত ই ট্রেন্সজিনীক হৈ পৰে আৰু মানৱ ইনছুলিন শৃংখল উৎপন্ন কৰিবলৈ আৰম্ভ কৰে। পাছলৈ এই শৃংখলবোৰ E. Coli ৰ পৰা বাহিৰলৈ অনা হয় আৰু শৃংখলবোৰ সংযোগ কৰাই মানৱ ইনছুলিন প্রস্তুত কৰা হয়।


২। ভাৰতীয় জীৱসম্পদৰ কোন দুটা পেটেন্ট উঠাই লোৱা হৈছে?


উত্তৰঃ বাচমতি চাউল আৰু নিম।


৩। আনুবংশিকভাৱে ৰূপান্তৰিত শস্য মানে কি? আনুবংশীকভাৱে ৰূপান্তৰিত খাদ্য় শস্য কেনেকৈ প্রচলিত পদ্ধতিত উন্নত কৰা খাদ্য শস্যতকৈ কিভাবে পৃথক।


উত্তৰঃ আনুবংশীয়ভাৱে উত্তৰণ ঘটাই কৰা উদ্ভিদৰ বা ট্রেন্সজিনীক উদ্ভিদৰ উৎপাদনৰ ক্ষেত্ৰত যথেষ্ট সুবিধা আছে-


(ক) গৰিষ্ঠসংখ্যক জিনীয়ভাৱে উত্তৰণ ঘটোৱা শস্যৰ, কীট-পতংগক প্ৰতিৰোধ কৰিব পৰা ক্ষমতা থাকে। যাৰ ফলত শস্যৰ উৎপাদন বৃদ্ধি পায় আৰু পথাৰত ৰাসায়নিক সাৰৰ প্ৰয়োগৰ পৰিমাণ কমি আহে।


(খ) জিনীয়ভাৱে উত্তৰণ ঘটোৱা বহু সংখ্যক খাদ্য সংখ্যক বিকাশ ঘটোৱা হৈছে যত পুষ্টিকৰ উপাদানৰ পৰিমাণ যথেষ্ট আছে। উদাহৰণস্বৰূপে সোণালী ধান হৈছে এবিধ ট্রেন্সজিনীক উদ্ভিদ য'ত ভিটামিন A ৰ পৰিমাণ যথেষ্ট আছে।


(গ) এই ধৰণৰ উদ্ভিদে মাটিৰ সাৰুৱা শক্তি নাশ হোৱাত বাধা দিয়ে আৰু খনিজাত মৌলবোৰৰ পৰিমাণ বৃদ্ধি কৰে।


(ঘ) ইহঁতৰ যিকোনো প্রাকৃতিক পৰিৱেশত জীয়াই থকাৰ দক্ষতা বেছি।


(ঙ) জিনীয়ভাবে উত্তৰণ ঘটোৱা শস্যৰ খেতি কৰিলে শেষত লাভ কৰা শস্যৰ পৰিমাণ তুলনামূলকভাবে

বৃদ্ধি পায়।


এনে ধৰণৰ শস্যৰ ব্যৱহাৰে স্থানীয় জৈৱ-বৈচিত্র্যতাৰ ওপৰত প্ৰভাৱ পেলাব পাৰে।


উদাহৰণস্বৰূপে Bt টক্সিন ব্যৱহাৰৰ ফলত কীট-পতংগৰ সংখ্যা কমি যায় যদিও, পৰাগযোগৰ ক্ষেত্ৰত অহিৰণা যোগোৱা মৌমাখিৰ ক্ষেত্ৰত ই বিৰূপ প্রভাৱ পেলায়। যদিহে Bt টক্সিনৰ জিন পৰাগৰেণুত থাকে তেন্তে ই মৌমাখিক পোনপটীয়াকৈ ক্ষতি কৰে। ফলস্বৰূপে মৌমাখিৰ জৰিয়তে হোৱা পৰাগযোগ প্রক্রিয়াত বাধা জন্মে। ইয়াৰোপৰি জিনীয়ভাৱে উত্তৰণ ঘটোৱা শস্যই মানুহৰ স্বাস্থ্যত বিৰূপ প্রভাৱ পেলায় কিয়নো ই দেহত এলার্জেন দিয়ে এন্টিবায়টিক ৰোধকাৰী দ্ৰব্যৰ সৃষ্টি কৰে। ইয়াৰ বাদেও ই উদ্ভিদৰ বন্য প্রজাতিবোৰৰ ক্ষেত্ৰত জিনীয় প্ৰদূষণৰ এক কাৰণো হ'ব পাৰে। সেইবাবে উদ্ভিদৰ জিনীয় উত্তৰণে আমাৰ প্ৰাকৃতিক পৰিৱেশৰ ওপৰত প্রভাৱান্বিত কৰিছে।


৪। ভিন্ন প্রজাতিৰ জিন কি আৰু বংশাংন্তৰিত উদ্ভিদ কি?


উত্তৰঃ কোনো এক প্ৰজাতিৰ নিজৰ জিনৰ পৰিপ্ৰেক্ষিতত অন্য প্রজাতিৰ জিন যদি আনি তাৰ DNA ত

স্থাপন কৰা হয় তেতিয়া তেনে অন্য প্রজাতিৰ জিনক ট্রেন্সজিন বোলে।


অন্য প্ৰজাতিৰ জিন আনি যি উদ্ভিদক বংশাংন্তৰিত কৰা হয় তাক বংশান্তৰিত উদ্ভিদ বোলে।


৫। বায় ৰিয়েক্টৰ কি? আশা কৰা উৎপাদনৰ বাবে বায়ৰিয়েক্টৰে দিয়া অন্ততঃ দুটা বৃদ্ধি কাৰক অবস্থা উল্লেখ কৰা।


উত্তৰঃ প্রয়োজনীয় অণুজীৱ যথেষ্ট পৰিমাণে উৎপন্ন কৰিবলৈ এটি সঁজুলি ব্যৱহাৰ কৰা হয় য'ত অণুজীৱটোৰ

বংশবৃদ্ধিৰ বাবে প্রয়োজনীয় সকলো পৰিৱেশ সৃষ্টি কৰা হয়। এনে সঁজুলিক বায়'ৰিয়েক্টৰ বোলে।


ইয়াত অণুজীৱৰ বৃদ্ধিৰ বাবে উপযুক্ত PH, তাপ, আর্দ্রতা, পুষ্টি আদি নিয়ন্ত্রিত অৱস্থাত ৰখা হয়।


৬। প্রচলিত উদ্ভিদ প্রজনন পদ্ধতি কেনেকৈ শস্য বংশান্তৰিত কৰা কৌশলতকৈ ভিন্ন?


উত্তৰঃ বংশান্তৰিত শস্যক আণুবংশিক অভিযন্ত্ৰণৰ দ্বাৰা জিনীয় ৰূপান্তৰ ঘটোৱা হয়। তাৰ মানে অন্য প্রজাতিত

থকা বিশেষ গুণ বহন কৰা জিন সংগ্ৰহ কৰি আনি পুনগঠন কৌশলৰ দ্বাৰা শস্যৰ DNA ত স্থাপন কৰা হয়। তাৰ

ফলত শস্যটো নতুন বিকে গুণ অধিকাৰী হয়।


আনফালে চলিত প্রজনন পদ্ধতিত একে প্রজাতিৰ বিশেষ গুণ থকা অন্য উল্লি পৰাগৰেণু আনি নিযেচন কৰি

গৰ্ভধান কৰা হয়।


৭। যিকোনো দুটা কৌশলৰ পৰামৰ্শ দিয়া যি শৰীৰত উপসর্গ দেখা দিয়াৰ আগতে এ শৰীৰত বেক্টেৰিয়া/

ভাইৰাচৰ আক্ৰমণৰ সংকেত দিয়ে।


উত্তৰঃ PCR (Polymerase Chain Reaction) আৰু ELISA (Enzyme Linked Immunosorbant Assay)


৮। ELISA ক সম্পূর্ণকৈ লিখা।


উত্তৰঃ ELISA (Enzyme Linked Immunosorbant Assay)


৯। আনবিধ চিকিৎসা কৌশল কি? পৰম্পৰা গড় পদ্ধতিৰ তুলনাত ইয়াৰ সুবিধা সমূহ লিখা।


উত্তৰঃ বর্তমানে কোনো বেমাৰ অথবা শৰীৰবৃত্তীয় কোনো কাৰ্যৰ কাৰণে PCR পদ্ধতি ব্যৱহাৰ কৰা হয়। ELISA

ক্ল'ন জিনবোৰ ব্যৱহাৰ কৰি অনুকৃত্যায়িত প্ৰ'টিনৰ প্ৰতি সংবেদনশীল প্র'টিনে চিকিৎসাবিষয়ক লক্ষণসমূহ প্রদর্শন

কৰে।


আগৰ পৰম্পৰাগত প্ৰক্ৰিয়াৰ তুলনাত এই প্রক্ৰিয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো যে ই জিন বিশেষক আৰু

নির্দিষ্টকৈ চিকিৎসা কৰিব পাৰো।


১০। প্রতিদেহ আৰু প্ৰতিকণাৰ প্ৰত্যেকৰে উদাহৰণ দি সংজ্ঞা লিখা।


উত্তৰঃ আমাৰ দেহলৈ যিবোৰ বাহিৰৰ প্ৰ'টিন আহে তাকে প্রতিকণা বোলে। এই প্রতিকণাৰ কাৰণে আমাৰ দেহে

যিবোৰ কোষ উৎপন্ন কৰে তাকে প্রতিদেহ বোলে।


উদাহৰণস্বৰূপে ৰোগৰ কাৰক ভাইৰাছ, বেক্টেৰিয়া আমাৰ দেহত প্ৰৱেশ কৰিলে এইবোৰক প্ৰতিকণা বোলে। এই

কাৰক বা বাহকবোৰৰ কাৰণে যি কোষৰ সৃষ্টি কৰে তাক প্রতিদেহ বোলে। প্রতিদেহবোৰ সাধাৰণতে WBC বা

শ্বেতৰক্ত কণাই উৎপন্ন কৰে।


১১। ট্রেনজেনিক প্ৰাণীৰ ওপৰত চমুটোকা লিখা।


উত্তৰঃ অন্য প্ৰাণীৰ জিন প্ৰতিষ্ঠাপন কৰি সৃষ্টি কৰা প্ৰাণীবোৰক ট্রেনছজেনিক প্রাণী বোলে। উদাহৰণস্বৰূপে

১৯৯৭ চনত স্কটলেণ্ডত গৱেষকসকলে পলি আৰু মলি নামৰ দুটা ক্ল'ন ভেৰাৰ সৃষ্টি কৰিছিল। ডলিৰ সৈতে এই

ভেৰা দুজনীৰ পাৰ্থক্য হ'ল যে পলি আৰু মলিৰ গাত মানুহৰ দেহৰ প্ৰ'টিন সৃষ্টিকাৰী জিন প্রতিস্থাপন কৰা হৈছিল।


ৰচনাধৰ্মী প্রশ্নোত্তৰ:


১। জীৱ প্ৰযুক্তিবিদ্যাৰ বাবে প্লাজমিড আর্শীবাদ স্বৰূপ। জীৱপ্ৰযুক্তি বিদ্যাৰ আৱিষ্কাৰৰ উল্লেখ কৰি ইয়াৰ যথার্থতা দেখুওৱা।


উত্তৰঃ প্লাজমিড হ'ল বেক্টেৰিয়াৰ কোষত থকা অতিৰিক্ত গোলাকাৰ ক্ষুদ্র DNA। জীৱ প্রযুক্তি বিদ্যাত ইয়াৰ গুৰুত্ব

অসীম। জীৱৰ অনুবংশীক ৰূপান্তৰ কৰণত ইয়াক ব্যৱহাৰ কৰা হয়। আনুবংশীক ৰূপান্তৰৰ বাবে জীৱৰ DNA ৰ

পুনর্গঠন হোৱা প্রয়োজন। এই কাৰ্য্যৰ বাবে অন্য জীৱৰ পৰা সংগ্ৰহ কৰা জিন পৰিবাহকৰ যোগেদি পোষক কোষত

প্রৱিষ্ট কৰা প্ৰয়োজন। প্লাজমিডে এনে পৰিবাহকৰ কাম কৰে। প্লাজমিডৰ কোনো এক নির্দিষ্ট ক্ৰমৰ নিউক্লিয়টাইড আঁতৰাই তাৰ ঠাইত সংগ্ৰহ কৰা জিন সংযোজন কৰাই তাক পোষক দেহত প্রবিষ্ট কৰোৱা হয়। পোষক দেহত সুমুৱাই পিছত প্লাজমিডৰ পৰা জিনটো গৈ পোষকৰ DNA ত যোৰা লাগি পোষকৰ DNA ক পুনর্গঠিত কৰে।


ইনচুলিন উৎপাদন কৰা বেক্টেৰিয়া সৃষ্টিৰ বাবে প্লাজমিড ব্যৱহাৰ কৰা হৈছিল এন্দুৰৰ ইনচুলিন উৎপাদনৰ বাবে

সংকেত বহন কৰা জিন বেক্টেৰিয়াৰ DNA ত স্থাপনৰ বাবে।


গৰুৰ ভৰি আৰু মুখৰ ভাইৰাছজনিত অসুখ অতি মাৰাত্মক। ইয়াৰ বেজী প্রস্তুত কৰোতে ভাইৰাছটোৰ VPI জিন

প্লাজমিডৰ যোগেদি E. Coli বেক্টেৰিয়াত সুমুৱাই দিয়াৰ পিছত এই বেক্টেৰিয়াই ৰোগ সৃষ্টি কৰা ভাইৰাছটোক

প্রতিহত কৰিবলৈ এন্টিবডি সৃষ্টি কৰিবলৈ সক্ষম হ'ল, যাৰ পৰা এনে ভাইৰাছৰ বিৰুদ্ধে বেজি সৃষ্টি কৰা সম্ভৱ হ'ল।


২। ADA নামক উৎসেচক সম্পূৰ্ণভাবে লিখা। মানুহৰ শৰীৰত এই উৎসেচক কিয় ইমান আৱশ্যক? এটা

জিনীয় চিকিৎসাৰ উল্লেখ কৰা যাৰ দ্বাৰা ইয়াৰ চিকিৎসা হয়?


উত্তৰঃ জিন থেৰাপী হৈছে এটা কৌশল যাৰ সহায়ত দোষযুক্ত জিন এটাক কৌশলগতভাবে ৰূপান্তৰিত কৰি নতুন

শুদ্ধ জিন একোটা পাব পাৰি। ইয়াত সাধাৰণতে এটা দোষযুক্ত জিন আঁতৰাই তাত এটা সাধাৰণ জিন স্থাপন কৰিব

পাৰি। উদাহৰণস্বৰূপে ADA অভাৱ থকা এটা একক জীৱৰ দেহত এডিন'চাইন ডিয়ামিনেজ জিনৰ প্ৰৱেশ ঘটোৱা

হয়।


দেহৰ সাধাৰণ বা স্বাভাৱিক কার্যক্ষমতাৰ বাবে এডিন 'ছাইন ডিয়ামিনেজ এনজাইমবিধ অপৰিহাৰ্য। এই ধৰণৰ

ৰোগত ভুগি থকা একক জীৱবিধৰ আৰোগ্যৰ বাবে অস্থিমজ্জা কোষৰ ট্রেন্সপ্লানটেছনৰ প্ৰয়োজন। প্রাথমিক

অৱস্থাত ৰোগীৰ দেহৰ অস্থিমজ্জা পাৰ লিম্‌ফছাইট বাহিৰ কৰা হয়। ইয়াৰ পাছত ADA ৰ বাবে একোটা কার্যক্ষম

জিন, ট্ৰিভাইৰাছৰ সহায়ত লিম্‌ফছাইটত প্ৰৱেশ ঘটোৱা হয়। এতিয়া জিন থকা T লিম্ ফছাইট উৎপন্ন কৰে যাৰ

ফলত ৰোগীৰ দেহলৈ পুনৰ আগৰ অসংক্ৰাম্য অৱস্থা ঘূৰি আহে।


৩। Cyr- প্রটিন কি? যি জীৱই ইয়াক উৎপাদন কৰে তাৰ নাম লিখা। মানুহে কেনেকৈ ইয়াৰ সুবিধা আদায়

কৰিছে নিজৰ লাভৰ বাবে?


উত্তৰঃ ক্ৰাই প্ৰ'টিনবোৰৰ ভিতৰত ক্ৰাই জিনবোৰ সংকেত হিচাবে আৱদ্ধ হৈ থাকে। এই ধৰণৰ প্ৰ'টিনবোৰ টক্সিন

আৰু ইয়াক বেছিলাছ থুৰিণজিয়েনছিচ নামৰ বেক্টেৰিয়াবিধে উৎপন্ন কৰে। বেক্টেৰিয়ামৰ ভিতৰত এই প্ৰ'টিনবোৰ

নিক্ৰিয় গঠনত থাকে। যেতিয়া এই নিষ্ক্রিয় প্ৰ'টিন পোক, পৰুৱাৰ দেহত প্ৰৱেশ কৰে, ই এলকেলাইন pH- ৰ

প্রভাৱত সক্রিয় অৱস্থালৈ আহে। ফলস্বৰূপে পতংগটোৰ আৱৰণী কলাৰ ভাঙোন ঘটি ক্রমান্বয়ে ইয়াৰ মৃত্যু হ'ব

পাৰে। সেইবাবে মানুহে ইয়াক নিজৰ স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰি ট্রেন্সজেনীক শস্য উৎপন্ন কৰিছে য'ত ই

পোক-পতংগনাশক হিচাবে থাকে। যেনে, Bt কটন, Bt কর্ণ আদি।


8। GMO বিলাক কি? আনুবংশীকভাৱে ৰূপান্তৰিত শস্য উৎপাদন অন্ততঃ চাৰিট উদ্দেশ্য উল্লেখ কৰা।


উত্তৰঃ আনুবংশীয়ভাৱে উত্তৰণ ঘটাই কৰা উদ্ভিদৰ বা ট্রেন্সজিনীক উদ্ভিদৰ উৎপাদনৰ ক্ষেত্রত যথেষ্ট

সুবিধা আছে-


(ক) গৰিষ্ঠসংখ্যক জিনীয়ভাবে উত্তৰণ ঘটোৱা শস্যৰ, কীট-পতংগক প্ৰতিৰোধ কৰিব পৰা ক্ষমতা থাকে। যাৰ

ফলত শস্যৰ উৎপাদন বৃদ্ধি পায় আৰু পথাৰত ৰাসায়নিক সাৰৰ প্ৰয়োগৰ পৰিমাণ কমি আহে।


(খ) জিনীয়ভাৱে উত্তৰণ ঘটোৱা বহু সংখ্যক খাদ্য সংখ্যক বিকাশ ঘটোৱা হৈছে যত পুষ্টিকৰ উপাদানৰ পৰিমাণ

যথেষ্ট আছে। উদাহৰণস্বৰূপে সোণালী ধান হৈছে এবিধ ট্রেন্সজিনীক উদ্ভিদ য'ত ভিটামিন A ৰ পৰিমাণ যথেষ্ট আছে।


(গ) এই ধৰণৰ উদ্ভিদে মাটিৰ সাৰুৱা শক্তি নাশ হোৱাত বাধা দিয়ে আৰু খনিজাত মৌলবোৰৰ পৰিমাণ বৃদ্ধি কৰে।


(ঘ) ইহঁতৰ যিকোনো প্রাকৃতিক পৰিৱেশত জীয়াই থকাৰ দক্ষতা বেছি।


৫। GEAC মানে কি বুজা? ইয়াৰ ভূমিকা কি?


উত্তৰঃ ট্রেন্সজিনীক প্ৰাণীৰ সৈতে জড়িত হৈ থকা কিছু নৈতিক সমল: ভাৰত চৰকাৰে GEAC(Genetic

Engineering Approval Committee) নামেৰে সংস্থা গঠন কৰিছিল। এই সংস্থাটোৱে GM (জিনীয় ৰূপান্তৰ) গৱেষণাৰ ক্ষেত্ৰত বৈধতা আৰু জনসাধাৰণৰ উপকাৰৰ বাবে ইয়াৰ ব্যৱহাৰ আদিৰ ক্ষেত্ৰত সিদ্ধান্ত গ্রহণ কৰে। পৰিৱৰ্তনৰ ফলস্বৰূপে প্ৰাণীৰ জৈৱিক চৰিত্ৰবোৰ নাইকিয়া হোৱা পৰীক্ষাবোৰ কর্তৃত্বৰ অবিহনে যাব নালাগে। প্রাকৃতিক পৰিৱেশ তন্ত্ৰত যদি এই প্রাণীবোৰৰ প্ৰৱেশ ঘটোৱা হয় তেন্তে কেতিয়াবা নভাবা ফলাফলো দেখিবলৈ পোৱা যায়। এই ট্রেন্সজিনীক প্রকাৰণবোৰৰ কৃতি স্বত্ব কৰাৰ ক্ষেত্ৰত কিছু সমস্যা আছে। কিয়নো বহু ৰাষ্ট্ৰীয় কোম্পানীবোৰে পৰম্পৰাগত সম্পদবিলাক নিজৰ আৱিষ্কাৰ বুলি দাবী কৰে। উদাহৰণস্বৰূপে এবিধ নতুন প্ৰকাৰৰ বাচমতি ধানক আমেৰিকাৰ এটা কোম্পানীয়ে পেটেন্ট কৰি নিজৰ বুলি দাবী কৰিছিল। কিন্তু এই নতুন প্ৰকাৰটো প্রকৃততে ভাৰতীয় কৃষকে, ভাৰতীয় বাচমতিৰ সৈতে এবিধ অৰ্দ্ধ চাপৰ প্ৰকাৰৰ সংকৰণ ঘটাই উদ্ভাৱন কৰিছিল। একেদৰে নিম আৰু হালধি, যাক ভাৰতীয়সকলে ঔষধৰ ক্ষেত্ৰত ব্যৱহাৰ কৰে তাকো পেটেণ্টৰ ক্ষেত্ৰত যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈ আছে।



Type Himanku Bora     


New Update 2026