জীৱ আৰু আবাদী | অধ্যায় ১৩ | Chapter 13 | Class 12 Biology Solution Assamese Medium | HS 2nd Year Biology Assam | Organisms And Population Chapter Answer
জীৱ আৰু আবাদী
প্ৰশ্নাৱলী
(ক) অতি চমু প্রশ্নোত্তৰ:
১। আৱাদী বুলিলে কি বুজা?
উত্তৰঃ কোনো এক নির্দিষ্ট ভৌগোলিক অৱস্থাত সম্পদৰ ভাগ-বটোৱা কৰা অথবা সম্পদৰ আহৰণৰ বাবে কৰা অথবা সম্পদৰ আহৰণৰ বাবে প্রতিযোগিতা কৰা জীৱসমূহৰ সমষ্টিকে আৱাদী বোলে।
২। জীৱ মানে কি?
উত্তৰঃ উদ্ভিদ, প্রাণী আৰু অণুজীৱ যিবোৰৰ বৃদ্ধি আৰু বিকাশ হৈ বংশ বৃদ্ধি কৰিব পাৰে তাকেই জীৱ বোলে।
৩। সমুদায়ৰ অৰ্থ বহলাই লিখা।
উত্তৰঃ যেতিয়া এটা পৰিৱেশত বহু প্ৰকাৰৰ আৱাদী পৰস্পৰে অতি ঘনিষ্ঠভাৱে বাস কৰে তেতিয়া সিহঁতে
একেলগে এটা সমুদায় গঠন কৰে।
8। আৱাদীত প্ৰভাৱ পেলোৱা দুটা কাৰকৰ নাম লিখা।
উত্তৰঃ আৱাদীত প্ৰভাৱ পেলোৱা দুটা কাৰক হ'ল- (ক) প্রব্রজন (খ) বহিঃ প্রব্রজন।
৫। পৰিস্থিতিতন্ত্র এটাত থকা জৈৱিক পদার্থসমূহৰ নাম লিখা।
উত্তৰঃ পৰজীৱী, পৰভক্ষক, ৰোগজনক জীৱাণু আৰু প্রতিযোগী জীৱসমূহ।
৬। জেৰোফাইট বা মৰুজ উদ্ভিদ মানে কি?
উত্তৰঃ মৰুভূমিৰ শুকান পৰিবেশত জন্ম হোৱা কাইটীয়া গছবোৰকে জেৰোফাইট বা মৰুজ উদ্ভিদ বোলে।
৭। মেজ 'ফাইট কি?
উত্তৰঃ মধ্যম জলজ অৱস্থাৰ যি অধিক শুকানো নহয় আৰু অধিক জলজ অৱস্থাও নহয়, তেনে পৰিৱেশত হোৱা
গছক মেচ 'ফাইট বোলে।
৮। মেচ 'ফাইটবোৰে কেনেকুৱা ধৰণৰ বসতি স্থান পছন্দ কৰে?
উত্তৰঃ মধ্যম জলজ অৱস্থা মানে যি অধিক আর্দ্রও নহয় আৰু শুকানে নহয়।
৯। জলজ উদ্ভিদ বা হাইড্র 'ফাইট কি?
উত্তৰঃ পানীত হোৱা গছবোৰক জলজ উদ্ভিদ বা হাইড্র'ফাইট বোলে।
১০। পৰিৱেশ যদি শুকান হয় তেন্তে সেই ঠাইত কেনে ধৰণৰ গছ গজিব?
উত্তৰ: মৰুজ উদ্ভিদ বা জেৰোফাইট।
১১। 'এই বসতিস্থলৰ বহন ক্ষমতা মানে কি বর্ণনা কৰা।
উত্তৰঃ প্ৰকৃতিত থকা কোনো আবাসস্থলীৰ সম্পদখিনি আবাদীৰ সৰ্বোচ্চ বৃদ্ধিৰ বাবে সুচল কিন্তু এই সীমা
অতিক্রম কৰিলেই বৃদ্ধি অসম্ভৱ হৈ পৰে। এইটোকে নির্দিষ্ট আবাসস্থলীত নির্দিষ্ট প্রজাতি বহন ক্ষমতা বোলা হয়।
১২। পৰিভ্ৰমণ বুলিলে কি বুজা?
উত্তৰঃ প্রতিকূল পৰিবেশৰ পৰাকোনো জীৱই অনুকূল স্থানলৈ গতি কৰাকে পৰিভ্ৰমণ বোলে।
খালী ঠাই পূৰণ কৰাঃ
১। এটা ডাঙৰ জৈৱ ভৌগোলিক অঞ্চলৰ নির্দিষ্ট বাতাবৰণত থকা প্ৰধান গছ-গছনি বা উদ্ভিদৰ প্ৰকাৰ আৰু তাৰ লগত জড়িত প্রাণীক বোলে।
উত্তৰঃ বায়'ম।
২। এটা প্ৰজাতিৰ প্ৰত্যেকটো প্রাণীকে বুলি কোৱা হয়।
উত্তৰঃ Organism
৩। পৃথিবীৰ যিকোনো ঠাই, বিষুৱ অঞ্চলৰ পৰা মেৰু অঞ্চললৈ যিকোনো এখন বিশেষ ঠাই, গৰম পানীৰ উঁহ, পচন গাঁত আৰু আনকি মানুহৰ অন্ত প্রাণীৰ ।
উত্তৰঃ আবাসস্থল।
8। জৈৱিক বস্তুৰ পচন ঘটাবৰ বাবে মৃত গছ-গছনি, প্ৰাণীৰ ওপৰত বাস কৰি থকা জীৱক
বোলে।
উত্তৰঃ মৃতজীবী।
৫। জলজ উদ্ভিদে বসতিস্থল পছন্দ কৰে।
উত্তৰঃ জলজ।
৬। মাটি হৈছে জীৱৰ বাবে প্রয়োজনীয় সকলো পদাৰ্থৰ উৎস।
উত্তৰঃ দৰকাৰী।
৭। আৰু অংশই সূৰ্য্যই ৰশ্মি অধিক পৰিমাণে পায় আৰু সেয়ে তাৰ উষ্ণতাও অধিক।
উত্তৰঃ বিষুৱ আৰুট্ৰ'পিকেল (গ্রীষ্মপ্রধান)
৮। উচ্চতা, হেলনীয়া, চাপ খোৱা আৰু পৃথিৱীৰ আন ভৌতিক কাৰকসমূহক বোলা হয়।
উত্তৰঃ ভৌগোলিক কাৰক।
৯। প্ৰক্ৰিয়াত জীবদেহৰ উষ্ণতা বাহ্যিক উষ্ণতাৰ লগত সলনি হয়।
উত্তৰঃ তাপ নিয়ন্ত্রণ।
১০। এটা সালোক সংশ্লেষণৰ পথ য'ত পত্ৰৰদ্ৰ দিনৰ সলনি ৰাতিৰ ভাগত খোলা থাকে।
উত্তৰঃ CAM
১১। শেলাই আৰু ভেঁকুৰৰ সম্বনধ দেখুৱায়।
উত্তৰঃ সহোপকাৰিতাই।
১২। বেক্টেৰিয়াই পৰিবেশৰ পৰা নাইট্ৰ 'জেন সংগ্ৰহ কৰি মাহ জাতীয় শস্যত জমা কৰে।
উত্তৰঃ Rhizobium
১৩। এটা একে জাতিৰ অন্তৰ্গত আন্তঃপ্রজননকাৰী জীৱ যিয়ে একে ভৌগোলিক ঠাইত থাকি পৰস্পৰৰ মাজত আৰু পৰিস্থিতি তন্ত্ৰৰ আৱাদীৰ আনবোৰৰ লগতো সম্পৰ্ক ৰাখি চলে।
উত্তৰঃ প্রজাতি।
১৪। আৱাদীৰ বৃদ্ধি যিয়ে নির্দিষ্ট বসতিস্থল এটাৰ বহন ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰে আৰু ইয়াক লঘু গণকীয়, পাশ্চাত্য স্তৰ আৰু স্থিৰ স্তৰৰ বৃদ্ধিৰে দেখুৱাই সৃষ্টি কৰা লঘু গণকীয় বৃদ্ধিৰ এডাল
ৰেখা ৰেখাডালক ৰেখা বোলে।
উত্তৰঃ বক্র বা Signoid.
শুদ্ধ আৰু অশুদ্ধ উক্তি বাছি উলিওৱা:
১। নেটেলিটি মানে জন্মৰ হাৰ।
উত্তৰঃ শুদ্ধ।
২। সেউজীয়া উদ্ভিদৰ বাহিৰে বাকী সকলো জীৱই নিজৰ খাদ্য নিজে প্রস্তুত কৰিব পাৰে?
উত্তৰঃ অশুদ্ধ।
৩। মৃত্যুহাৰ হৈছে জনসংখ্যাৰ বৃদ্ধি হোৱা।
উত্তৰঃ অশুদ্ধ।
8। জীৱই নিজৰ দেহৰ দৰকাৰী উষ্ণতা ধৰি ৰাখিবলৈ তাপ উৎপন্ন কৰিব লাগে যাক তাপ নিয়ন্ত্রণ
বোলা হয়।
উত্তৰঃ অশুদ্ধ।
৫। কিছুমান জীৱই পৰিৱেশৰ অত্যন্ত শীতৰ পৰা নিজক লুকুৱাবলৈ শীতনিদ্রা কৰে।
উত্তৰঃ শুদ্ধ।
৬। এখন ঠাইৰ পৰা আন এখন ঠাইলৈ জীৱই পৰিভ্ৰমণ কৰাৰ ফলত হোৱা জনসংখ্যা বৃদ্ধিকে
বহিঃপ্রব্রজন বোলে।
উত্তৰঃ অশুদ্ধ।
৭। এটা নির্দিষ্ট সংখ্যক জীবক কোনো এটা আবাসস্থলত ধৰি ৰাখিব পৰা ক্ষমতাকে সেই বসতিস্থল
বহন ক্ষমতা বোলে।
উত্তৰঃ শুদ্ধ।
৮। ভেঁকুৰ আৰু উচ্চ শ্ৰেণীৰ উদ্ভিদৰ শিপাৰ সহযোগিতকা মাইক্র'হাইজা বোলে।
উত্তৰঃ শুদ্ধ।
৯। গছৰ কাৰণে পৃষ্ঠভাগৰ পানীয়েই হৈছে প্ৰচুৰ মাটিৰ পৰা লোৱা পানী।
উত্তৰঃ অশুদ্ধ।
১০। আবাদীৰ সূচকীয় বৃদ্ধি হৈছে d Ndt=rn
উত্তৰঃ অশুদ্ধ।
খ) চমু প্রশ্নোত্তৰ:
১। তীব্র বতাহে গছৰ কেনে ধৰণে ক্ষতি সাধন কৰে?
উত্তৰঃ তীব্র বতাহে গছৰ প্রস্বেদন প্রক্রিয়া বৃদ্ধি কৰি পানীৰ বাষ্পীভৱনৰ হাৰ বঢ়ায়, ফলত গছত বেছি পৰিমাণৰ পানীৰ প্ৰয়োজন হয়।
ইয়াৰ উপৰিও বতাহে গছৰ পাত ডাঙৰ হ'লে সেইবোৰ ফালি চিঙি পেলায়, ফলত উদ্ভিদৰ সালোক সংশ্লেষণত সহায় কৰে।
২। সূচকীয় বৃদ্ধি বা লগ স্তৰ আৰু লেগ স্তৰ কি?
উত্তৰঃ লগ স্তৰ বা সূচকীয় বৃদ্ধি স্তৰ: কোনো এটা আৱাদীত যদি সম্পদ অপর্যাপ্ত হয়, তেতিয়া প্রতিটো প্ৰজাতিৰ ক্ষেত্ৰতে বৃদ্ধিৰ দক্ষতা দেখা যায়।
লেগ বা পশ্চতা স্তৰঃ কোনো আবাসত সীমিত সম্পদেৰে আবাদীৰ বৃদ্ধি ঘটিলে ই প্ৰাৰম্ভিক অৱস্থাত পাশ্চ্যতা
স্তৰ দেখুৱায়। ইয়াত বৃদ্ধি প্রায় নহয়েই বাবে ইয়াক অনুসৰণ কৰে মন্থৰণ স্তৰে।
৩। সহভোজিতা কি? সহভোজিতা উদাহৰণ দিয়া?
উত্তৰঃ সহভোজিতা এনে এটা প্রণালী য'ত দুটা প্ৰজাতিৰ এটা উপকৃত হয় আৰু আনটোৰ উপকাৰ বা অপকাৰ
একো নহয়।
উদাহৰণস্বৰূপে, সামুদ্রিক এনিমুন আৰু ক্লাউন মাছৰ মাজৰ সহভোজিতা। ইয়াত সামুদ্রিক এনিমুনবোৰে ইয়াৰ
দংশন শুং বা স্পৰ্শকৰ সহায়ত ক্লাউন মাছবোৰৰ শৰীৰত লাগি নিজক আন পৰভক্ষীৰ পৰা ৰক্ষা কৰে। ইয়াত
মাছবোৰ আশ্রয়দাতা আৰু সামুদ্রিক এনিমুনৰ পৰা কোনো উপকাৰ নাপায়।
৪। এন্টিবায়'চিছ আৰু এলিলো 'পেথী পদ্ধতি কি?
উত্তৰঃ এন্টিবায় চিছ হৈছে দুটা বা ততোধিক প্ৰাণীৰ মাজৰ সংযোগ য'ত এটা অনিষ্ট হয়। এলিলোপেথী হৈছে
এনে এটা পদ্ধতি য'ত এবিধ গছৰ প্ৰজাতিয়ে উৎপন্ন কৰা ৰাসায়নিক দ্রব্য (হ'র্মন) আন এটা প্রজাতিৰ গছৰ বৃদ্ধি
নিয়ন্ত্ৰণ কৰিবলৈ ব্যৱহাৰ কৰা হয়।
৫। পৰোপকাৰিতা কি? পৰোপকাৰিতাৰ উদাহৰণ দিয়া।
উত্তৰঃ পৰোপকাৰিতাত দুটা প্রজাতিৰ এটা প্ৰজাতিৰ অনিষ্ট সাধন হয় আৰু আনটোৰ ওপৰত কোনো বিৰূপ
প্রতিক্রিয়া নহয়।
৬। জৈৱিক আৰু অজৈৱ উপাদান কোনবোৰ?
উত্তৰঃ উত্তাপ, পানী, পোহৰ আৰু মাটি হৈছে অজৈৱ উপাদানৰ অন্তর্ভক্ত, আনহাতে পৰজীৱী, পৰভক্ষক
ৰোগজনক জীৱাণু আৰু প্ৰতিযোগী জীৱসমূহ জৈৱ উপাদান।
৭। উদ্ভিদৰ বৃদ্ধি আৰু বিকাশত পোহৰে কেনেদৰে সহায় কৰে?
উত্তৰঃআমি সকলোৱে জানো যে উদ্ভিদে সালোক সংশ্লেষণ প্রক্ৰিয়াৰে খাদ্য প্রস্তুত কৰে আৰু এই প্রক্রিয়াটো
তেতিয়াহে সম্ভৱ যেতিয়া সূৰ্য্যৰ ৰশ্মি বা সৌবশক্তি শক্তিৰ উৎস হিচাপে ব্যৱহৃত হয়। আৰু এই খাদ্যই উদ্ভিদৰ
বৃদ্ধি আৰু বিকাশৰ বাবে অতি প্রয়োজনীয়।
৮। স্থিতিৰক্ষণশীলতাই কি বুজায়?
উত্তৰঃ জীৱই বাহ্যিক পৰিপাৰ্শ্বৰ তাৰতম্যৰ মাজতো আভ্যন্তৰীণ পাৰিপার্শ্বৰ স্থিৰতা বজাই ৰাখিবৰ বাবে কৰা
প্ৰচেষ্টাকে স্থিতিৰক্ষণশীলতা বোলে।
৯। ইউৰিথাৰ্মেল আৰু ষ্টেনোথার্মেল বুলিলে কি বুজা? প্রত্যেকটোৰে উদাহৰণ দিয়া।
উত্তৰঃ কিছুমান জীৱই বিস্তৃত পৰিসৰত তাপৰ তাৰতম্য সহ্য কৰিব পাৰে। এনে ধৰণৰ জীৱক বিবিধ তাপ
সহনশীল বা ইউৰিথাৰ্মেল বোলা হয়। যেনেঃ পইতাচোৰা। আনহাতে বেছি বা গৰিষ্ঠ সংখ্যক জীৱই তাপৰ এক
সংকীর্ণ পৰিসৰত অৰ্থাৎ খুব কম তাৰতম্যহে সহ্য কৰি জীয়াই থাকিব পাৰে। সিহঁতক ষ্টেনোথার্মেল বোলে যেনেঃ
তুনা মাছ।
১০। বায় 'ম কি? বায় 'মৰ উদাহৰণ দিয়া।
উত্তৰঃ এটা বায়'ম হৈছে এক প্ৰকাৰ ডাঙৰ সমুদায় য'ত বিভিন্ন ধৰণৰ উদ্ভিদ আৰু প্রাণী থাকে। যেনেঃ তুন্দ্রা
বায়'ম।
১১। গজ'ৰ প্ৰতিযোগিতাত বহিগৰ্মন নীতিৰ আধাৰ বৰ্ণনা কৰা।
উত্তৰঃ গ'জৰ প্ৰতিযোগিতাত বহিগর্মন নীতিয়ে কয় যে দুটা ওচৰ সম্বন্ধীয় প্রতিযোগীয়ে অনির্দিষ্টকাললৈ
সহ-অবস্থান কৰিব নোৱাৰে। ইহঁতৰ মাজৰ নিম্নমানৰ প্ৰতিযোগী নাইকিয়া হ'বই। যদিহে সম্পদৰাজি সীমিত
এই পৰিঘটনা হ'বই অন্যথাই না নহয়। উদাহৰণস্বৰূপে, মেক আৰ্থাৰে দেখুৱাইছিল যে একেডাল গছত বাস কৰা
পাঁচটা প্রজাতিৰ warbler বা টিপচী জাতীয় চৰায়ে প্রতিযোগিতা এৰাই চলিবলৈ ভক্ষণৰ বেলেগ আচৰণ কৰে।
১২। পার্থক্য লিখাঃ
(ক) শীতনিদ্রা আৰু গ্রীষ্ম নিষ্ক্রিয়তা।
উত্তৰঃ শীতনিদ্ৰাকৰণঃ
১) শীতনিদ্ৰাকৰণ হৈছে এনে এক প্রক্রিয়া য'ত কিছুমান জীৱই শীতকালত নিজৰ বিপাক ক্রিয়া বন্ধ কৰি ৰাখে বা
কমাই দিয়ে।
২) শীত অঞ্চলত বাস কৰা ভালুক আৰু কেৰ্কেটুৱা হৈছে ইয়াৰ উদাহৰণ।
গ্রীষ্ম নিষ্ক্রিয়তাঃ
১) নিষ্ক্রিয়তা হৈছে এনে এক প্রক্রিয়া য'ত কিছুমান জীৱই গ্রীষ্মকালত শুষ্কতা আৰু গৰমৰ পৰা ৰক্ষা পাবলৈ নিজৰ বিপাক ক্রিয়া বন্ধ কৰে।
২) মাছ আৰু শামুক হৈছে ইয়াৰ উদাহৰণ।
খ) শীতলৰক্তী আৰু উষ্ণৰক্তী।
উত্তৰঃ এক্ট'থাৰমছঃ (১) এক্ট'থাৰমছবোৰ শীতল ৰক্তীপ্ৰাণী। ইহঁতৰ পৰিৱেশৰ সৈতে খাপ খাই উষ্ণতাৰ
পৰিৱৰ্তন হৈ থাকে।
২) মাছ, উভচৰ, সৰীসৃপ হৈছে এক্টথাৰমেল প্রাণী।
এণ্ড'থাৰমছঃ (১) এণ্ড 'থাৰমছবোৰ উষ্ণৰক্তী প্রাণী। ইহঁতৰ দেহৰ উষ্ণতাৰ পৰিৱৰ্তন নহয়।
২) চৰাই আৰু স্তন্যপায়ী প্রাণীবোৰ এণ্ডথাৰমেল প্রাণী।
১৩। তলৰ উক্তিখিনি ব্যাখ্যা কৰা।
(ক) পৰভক্ষিতা
উত্তৰঃ পৰভক্ষীবোৰে খাদ্যৰ বাবে সম্পূৰ্ণকৈ বা আওপকীয়াভাৱে নিৰ্ভৰ কৰা প্ৰক্ৰিয়াটোকে পৰভক্ষিতা বোলে।
ইহঁতে শক্তি স্থানান্তৰকৰণৰ বাহক ৰূপে কাম কৰে। ইয়াৰ উপৰিও ইহঁতে চিকাৰ'ৰ আৱাদীক নিয়ন্ত্ৰণ কৰি ৰাখে।
যদি কোনো পৰভক্ষী অত্যধিক সক্রিয় হয় তেনেহ'লে ই সেই পৰিস্থিতিতন্ত্ৰত থকা তাৰ সকলো চিকাৰ ভক্ষণ কৰি
বিলুপ্ত কৰে আৰু ফলত ই নিজেও বিলুপ্ত হৈ যায়।
উদাহৰণস্বৰূপে - বাঘ আৰু হৰিণা।
(খ) বর্ণিল বা কেম 'ফ্লেজ।
উত্তৰঃ এই ধৰণৰ ক্ৰিয়া-কলাপ চিকাৰ হ'ব লগা প্রজাতিয়ে চিকাৰীৰ পৰা ৰক্ষা পাবলৈ প্ৰদৰ্শন কৰে। জীৱবোৰ
বিভিন্ন বৰণযুক্ত হোৱাৰ ফলত পৰিস্থিতিৰ সৈতে খাপ খুৱাই সহজে ৰং বা আকৃতিৰ পৰিৱৰ্তন ঘটাই চিকাৰীৰ পৰা
হাত সাৰিব পাৰে। ভেকুলী আৰু পতংগৰ বহুকেইটা প্রজাতিয়ে পৰিস্থিতিৰ সৈতে খাপ খুৱাই কেম'ফ্লেজ ধৰ্ম
প্ৰদৰ্শন কৰে যাতে নিজকে চিকাৰীৰ পৰা ৰক্ষা কৰিব পাৰে।
(গ) পৰোপকাৰিতা।
উত্তৰঃ এই প্রক্রিয়াত দুটা একেলগে বা ওচৰা উচৰিকৈ থকা প্ৰজাতিৰ এটাৰ অনিষ্ট সাধন হয় যদিও আনটোৰ
ওপৰত কোনো বিৰূপ প্রতিক্রিয়া নহয়।
(খ) ৰচনাধৰ্মী প্রশ্নোত্তৰ:
১। প্রতিযোগিতা মানে কি? অন্তঃপ্রজাতি আৰু আন্তঃ প্রজাতি প্রতিযোগিতা কি বর্ণনা কৰা।
উত্তৰঃ প্রতিযোগিতা হৈছে দুটা একে বা বেলেগ প্ৰজাতিৰ জীৱসমূহৰ মাজত খাদ্য, বাসস্থান আৰু প্ৰজননৰ বাবে
হোৱা সংঘাত।
আন্তঃপ্রজাতিক সংগ্রাম: যেতিয়া একে প্ৰজাতিৰ জীৱসমূহৰ মাজত খাদ্য, বাসস্থান আৰু প্ৰজননৰ বাবে
সংঘাত হয় তেতিয়া তেনে ধৰণৰ সংঘাতক আন্তঃ প্রজাতির সংগ্রাম বোলে। যেনে - এটা পৰিস্থিতিতন্ত্ৰত বাঘৰ
আবাদী বৃদ্ধি হ'লে সিহঁত নিজৰ মাজত হোৱা সংগ্রাম।
আন্তঃপ্রজাতিক সংগ্রাম: যেতিয়া দুটা ভিন ভিন প্ৰজাতিৰ মাজত এটা কাৰণ যেনে খাদ্য বা বাসস্থানৰ বাবে
সংগ্রাম হয় তেতিয়া তেনে সংগ্রামক অন্তঃপ্রজাতিক সংগ্রাম বোলে। যেনে- আমেৰিকাৰ অগভীৰ হ্ৰদত থকা মাছ
আৰু ফ্লেমিংগবোৰৰ মাজত একে ধৰণৰ প্লাৱক প্রাণীসমূহৰ বাবে হোৱা সংঘাত।
২। পৰিভ্ৰমণ প্ৰক্ৰিয়াটো বৰ্ণনা কৰা। প্ৰব্ৰজন আৰু বহিঃপ্ৰব্ৰজন কি?
উত্তৰঃ যেতিয়া কোনো এটা জীৱই এখন ঠাইৰ পৰা আন এখন ঠাইলৈ প্রতিকূল পৰিৱেশ বা খাদ্য আদি কাৰণত এটা নির্দিষ্ট সময়সীমাৰ কাৰণে গতি কৰি পুনৰ নিজৰ ঠাইলৈ ঘূৰি আহে তাকে পৰিভ্ৰমণ বোলে।
প্ৰব্ৰজন হৈছে এখন ঠাই এৰি এটা জীৱ যেতিয়া আন এখন ঠাইলৈ গুচি যাব তেনে অৱস্থা। ইয়াৰ ফলত এখন নির্দিষ্ট ঠাইৰ জনসংখ্যা বৃদ্ধি হয়।
আনহাতে বহিঃ প্রব্রজনত এখন ঠাইৰ পৰা আন এখন ঠাইলৈ গুচি যায়। এই বহিঃ প্ৰব্ৰজনৰ ফলত এখন ঠাইৰ বা এটা আৱাদীৰ জনসংখ্যা হ্রাস হয়।
৩। জৈৱিক সংগঠনবোৰ কি কি?
উত্তৰঃ প্ৰকৃততে চাৰি প্ৰকাৰৰ জৈৱিক সংগঠন আছে। সেই কেইটা হ'ল- জীৱ, আবাদী (জনসংখ্যা), জীৱ
সম্প্রদায় আৰু বায়'ম।
৪। অভিযোজন কি? পৰিৱেশৰ চৰম অৱস্থাৰ সৈতে কৰা জীৱৰ অভিযোজনৰ বিষয়ে লিখা।
উত্তৰঃ পৰিৱেশৰ চৰম অৱস্থাৰ সৈতে খাপ খাই বৰ্ত্তি থাকিবৰ বাবে জীৱসমূহে ভালেমান বিকল্প ব্যৱস্থাৰ আশ্রয়
লয় যাক অভিযোজন বোলে।
পৰিবেশৰ চৰম অৱস্থাৰ সৈতে কৰা জীৱৰ কেইটামান অভিযোজন প্ৰক্ৰিয়াৰ বিষয়ে তলত উল্লেখ কৰা হ'ল-
(ক) বহুতো মৰুজ উদ্ভিদে প্রস্বেদন কাৰ্য্যত ত্যাগ কৰা পানীৰ পৰিমাণ কম কৰিবৰ বাবে পাতসমূহ কাঁইটলৈ
ৰূপান্তৰিত হয় আৰু ইহঁতৰ চেপেটা কাণ্ডই সালোক সংশ্লেষণ কাৰ্য্য সম্পন্ন কৰে।
(খ) শীত প্রধান ঠাইৰ স্তন্যপায়ী প্রাণীসমূহৰ কাণ আৰু বাহু বা ঠেং চুটি হয় তাপ ক্ষয় ৰোধ কৰিবৰ বাবে।
(গ) কিছুমান প্রাণীয়ে মাটিৰ ওপৰৰ তাপৰ পৰা আঁতৰি থাকিবলৈ মাটিৰ তলত গাত কৰি লুকাই থাকে।
৫। এটা একুৱাৰিয়ামত দুটা তৃণভোজী প্ৰজাতিৰ মাছ ৰখা হৈছে যিয়ে উদ্ভিদ প্লাংকটৰ খাই জীয়াই আছে। গ'জৰ তত্ত্ব মতে সমযৰ লগে লগে এটা প্রজাতি নোহোৱা হৈ যাব লাগিছিল। কিন্তু দেখা যায় যে একুৱাৰিয়ামত দুয়োটা প্রজাতিয়েই জীয়াই আছে। সম্ভাব্য কাৰণ দর্শোৱা।
উত্তৰঃ গ'জৰ তত্ত্ব মতে একুৱাৰিয়ামটোৰ পৰা এটা সময়ত এটা প্রজাতি নোহোৱা হৈ যাব লাগিছিল যদিও
প্রকৃততে তেনে হোৱা দেখা নাযায়। কিয়নো, গ'জৰ তত্ত্বতেই আৰু এটা কথাৰ উল্লেখ আছিল যে তেওঁৰ তত্ত্বটো
নিৰ্ভৰ কৰিব সম্পদৰাজিৰ ওপৰত। যদি সম্পদৰাজি সীমিত এই পৰিঘটনা হ'বই, নহ'লে নহয়।
আমি জানো যে একুৰিয়াম এটা কৃত্ৰিম পৰিস্থিতিতন্ত্ৰ আৰু সেয়ে উদ্ভিদ প্লাংকটনো নিজে নিজে সৃষ্টি হ'ব নোৱাৰে।
মাছৰ আৱাদীৰ ওপৰত নিৰ্ভৰ কৰি ইয়াক বাহিৰৰ পৰা যোগান ধৰিব লাগে। গতিকে ইয়াত দুয়োটা প্রজাতিৰ মাজত
সংগ্ৰাম নহয় আৰু দুয়োটা প্রজাতিয়েই জীয়াই থাকে।
৬। 'চিকাৰে' পৰভক্ষীৰ পৰা হাত সাৰিবলৈ লোৱা পদ্ধতিসমূহ কি কি?
উত্তৰঃ চিকাৰে পৰভক্ষীৰ পৰা হাত সাৰিবলৈ লোৱা পদ্ধতিসমূহ হ'ল-
(ক) কিছুমান পতংগ আৰু ভেকুলী প্ৰজাতি নিজক লুকুৱাব পৰাকৈ বর্ণিল-ইয়াৰ কাৰণ হৈছে ইহঁতে পৰভক্ষীৰ পৰা
লুকাই থাকিব বিচাৰে।
(খ) যিহেতু উদ্ভিদে আন প্ৰাণীৰ নিচিনাকৈ পৰভক্ষীৰ পৰা পলাই যাব নোৱাৰে, সেয়েহে ইহঁতে নিজৰ দেহত
আশ্চর্যজনকভাৱে ৰূপান্তৰ ঘটাই অথবা ৰাসায়নিক দ্ৰব্যৰ নিঃসৰণ ঘটাই প্ৰতিৰক্ষাৰ উপায় অৱলম্বণ কৰে।
যেনে- সাগৰ ফেনাৰ কাঁট আৰু কলচী উদ্ভিদৰ পাতৰ ৰূপান্তৰকৰণ; যিয়ে ৰাসায়নিক পদার্থ নিঃসৰণ কৰে আৰু
পৰভক্ষী পোক পতংগ আঠা লগাই ধৰি ৰাখে অথবা ভক্ষণ কৰে।
(গ) ম'নাৰ্ক পখিলাৰ দেহত থকা বিশেষ ৰাসায়নিক দ্ৰব্যৰ বাবে ইহঁত স্বাদবিহীন হৈ পৰে- সেয়েহে পৰভক্ষী (চৰাই)
বোৰে ইহঁতক নাখায়।
৭। পৰজীৱিতা কি? অন্তঃপৰজীৱী আৰু বহিঃপৰজীৱীৰ বিষয়ে উদাহৰণসহ লিখা
উত্তৰঃ পৰজীৱী প্রাণীয়ে আশ্রয় দাতাৰ দেহত বাস কৰি তাৰ পৰা খাদ্য আহৰণ কৰা পদ্ধতিকেই পৰজীৱিতা
বোলে। এই পৰজীৱীবোৰ সাধাৰণতে দুই প্ৰকাৰৰ -
(ক)অন্তঃপৰজীৱী: যিবোৰ পৰজীৱীয়ে আশ্রয় দাতাৰ শৰীৰৰ ভিতৰৰ বিভিন্ন স্থানত বসবাস কৰে আৰু
তাৰ পৰাই খাদ্য আহৰণ কৰে তাকেই অন্তঃপৰজীৱী বোলে। যেনেঃ চৰাইৰ ঘুমনি লগা পৰজীৱিতা য'ত পৰজীৱী
চৰাইবোৰে তাৰ আশ্রয় দাতাৰ চৰাইৰ বাহত কণী পাৰে।
(খ) বহিঃপৰজীৱী: যিবোৰ পৰজীৱীয়ে আশ্রয় দাতাৰ শৰীৰৰ বাহিৰৰ বিভিন্ন স্থানত বসবাস কৰে আৰু তাৰ
পৰাই নিজৰ বাবে খাদ্য সংগ্ৰহ কৰে তাকেই বহিঃ পৰজীৱী বোলে। যেনে- মানুহৰ ওকণি।
৮। গছে পৰভক্ষীৰ পৰা নিজকে বচাবলৈ কৰা বিভিন্ন প্ৰকাৰৰ অভিযোজনৰ বিষয়ে লিখা।
উত্তৰঃ যিহেতু আন প্ৰাণীৰ দৰে পৰভক্ষীবোৰৰ পৰা উদ্ভিদে পলাই সাৰিব নোৱাৰে সেয়েহে উদ্ভিদে নিজৰ দেহৰ
আশ্চৰ্যজনকভাৱে ৰূপান্তৰ ঘটাই প্ৰতিৰক্ষাৰ উপায় অৱলম্বণ কৰে। উদাহৰণস্বৰূপে,
(ক) একাচিয়া আৰু সাগৰফেনাৰ কাঁইট বা কণ্টক যাতে তৃণভোজীয়ে খাব নোৱাৰে।
(খ) বহুতো উদ্ভিদে বিভিন্ন ৰাসায়নিক পদার্থ নিঃসৰণ কৰে বা সঞ্চয় কৰি ৰাখে আৰু দ্রব্যখিনি শোষণ কৰি লয়।
যেনে- কলচী উদ্ভিদ।
(গ) বহুতো উদ্ভিদে কিছুমান বিষাক্ত পদার্থ নিঃসৰণ কৰি দেহত সঞ্চিত কৰি থয় যেনে নিক'টিন, কেফেইন,
কুইনাইন আদি যাৰ বাবে তৃণভোজীবোৰে ইহঁতক এৰাই চলে।
৯। পৰভক্ষীবোৰে পৰিস্থিতিতন্ত্ৰত কেনে ভূমিকা পালন কৰে?
উত্তৰঃ শক্তি স্থানান্তৰকৰণ ৰূপে কাম কৰাৰ উপৰিও পৰভক্ষীসমূহৰ পৰিস্থিতিতন্ত্রত অন্য গুৰুত্বপূৰ্ণ ভূমিকা
আছে। সিহঁতে চিকাৰৰ আবাদীক নিয়ন্ত্ৰণ কৰি পৰিস্থিতিতন্ত্রক ভাৰসাম্য কৰি ৰাখে। ইহঁতে জনসংখ্যা নিয়ন্ত্রণত
এক বিশেষ ভূমিকা পালন কৰে। কৃষিখণ্ডত নাশক জীৱ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰা জৈৱ নিয়ন্ত্রণ কৌশলবোৰ
পৰভক্ষীসমূহৰ চিকাৰ আৱাদী নিয়ন্ত্ৰণ কৰিব পৰা সামথ্যৰ ভিত্তিত নিৰূপণ কৰা হৈছিল। পৰভক্ষীসমূহে চিকাৰ
প্ৰজাতিবোৰৰ মাজত চলা প্রতিযোগিতাৰ প্রাবল্যও হ্রাস কৰে আৰু তেনেদৰে জীৱ সম্প্ৰদায়ৰ একোটা প্রজাতি
বৈচিত্র বর্তি থাকাত সহায় কৰে।
১০। সহোপকাৰিতা প্রক্রিয়াটো উদাহৰণৰ সৈতে বর্ণনা কৰা।
উত্তৰঃ এই প্ৰক্ৰিয়াৰ ফলস্বৰূপে দুয়োটা প্রজাতিয়েই উপকৃত হয়। উদাহৰণস্বৰূপে সালোক সংশ্লেষী শেলাই বা
চায়ান' বেক্টেৰিয়া আৰু ভেঁকুৰৰ নিবিড় সম্বন্ধীয় সহোপকাৰিতাৰ দ্বাৰা উভয় প্রজাতিয়েই উপকৃত হয়। ইয়াত পানী
আৰু প্রয়োজনীয় মণিক শোষণত ভেকুঁৰে সহায় কৰে আৰু ইয়াৰ সহায়ত শেলাইয়ে খাদ্য লাভ কৰে।
তেনেদৰে উদ্ভিদে পৰাগযোগ সাধনকাৰী প্ৰাণীক ৰসাল পৰিপোষক, পুষ্টিকৰ ফল বীজ যোগান ধৰে পৰাগযোগৰ বিনিময়ত।
Type Himanku Bora
New Update 2026