পৰিৱেশতন্ত্ৰ | অধ্যায় ১৪ | Chapter 14 | Class 12 Biology Solution Assamese Medium | HS 2nd Biology Assam | Ecosystem Chapter Answer  

পৰিৱেশতন্ত্ৰ

প্ৰশ্নমালা

A. চমু উত্তৰৰ প্ৰশ্নঃ

1. জীৱৰ পৰিৱেশ বুলিলে কি বুজা?

2. পৰিৱেশত উপাংশসমূহ কি কি?   

3. পৰিৱেশৰ বিভিন্ন কাৰকসমূহ কি কি?

4. স্ব-পোষী পৰিৱেশতন্ত্ৰ বুলিলে কি বুজা?

5. খাদ্যৰ শৃংখল মানে কি বুজা? উদাহৰণ দি ব্যাখ্যা কৰা।

6. পৰিৱেশ সম্পৰ্কীয় সংখ্যা আৰু ভৰৰ পিৰামিডৰ উদাহৰণ সহ ব্যাখ্যা কৰা।

7. সূৰ্য্য যে পৰিৱেশতন্ত্ৰৰ সকলো শক্তিৰ উৎস বুজাই লিখা।

8. পৰিৱেশতন্ত্ৰই থাৰ্মোডাইনামিক্সৰ নিয়ম কেনেকৈ মানি চলে বৰ্ণনা কৰা।

9. পৰিৱেশতন্ত্ৰত শক্তিৰ ক্ৰমিক অবনতি হয় এই কথা কেনেকৈ বুজাবা?

10. শক্তিৰ ট্ৰাফিক লেভেল মানে কি? 

11. সুষম পৰিৱেশতন্ত্ৰ বুলিলে কি বুজা যায়?

12. পৃথিবীৰ প্ৰধান পৰিৱেশতন্ত্ৰসমূহৰ নাম লিখা আৰু এইবিলাক ক’ত পোৱা যায় লিখা।

13. পৰিবেশতন্ত্রৰ অণুক্রম কি?

14. পৰিস্থিতিৰ বিপর্যয় হলে মানুহৰ কি পৰিণতি হব পাৰে লিখা।

15. পৰিৱেশতন্ত্রত জৈৱিক আৰু অজৈৱিক উপাদানসমূহ কি?

16. প্রাথমিক উৎপাদন ক্ষমতা কি? কি কি কাৰকে ইয়াক প্রভাবিত কৰে তাৰ চমু বিৱৰণ দিয়া।

17. পুখুৰী যে এটা স্বয়ংসম্পূর্ণ পৰিৱেশতন্ত্র বুজাই লিখা।

18. খাদ্যশৃংখলৰ লগত খাদ্য উৎপাদক, উপভোক্তা আৰু বিয়োজক কেনেকৈ জড়িত ব্যাখ্যা কৰা।

19. পৰিৱেশতন্ত্রত শক্তি প্রবাহ সম্পর্কে বর্ণনা কৰা।

20. পৰিস্থিতিতন্ত্র কি? এটা পুখুৰী পৰিস্থিতিতন্ত্ৰত থকা জীৱৰ প্রত্যেকৰে এটাকৈ উদাহৰণ দিয়া যিঃ-

(i) এটা উৎপাদক, (ii) এটা প্রাথমিক উপভোক্তা।

21. বিয়োজন মানে কি? ইয়াৰ প্ৰক্ৰিয়া আৰু উৎপাদন বর্ণনা কৰা।

22. পৰিৱেশতন্ত্রত কার্বন-চক্ৰৰ এটি চমু আভাস দিয়া।

B. অতি চমু উত্তৰৰ প্ৰশ্নঃ

1. পৰিৱেশতন্ত্র বুলিলে কি বুজায়?

2. ভাৰসাম্য পৰিৱেশৰ অর্থ কি?

3. পৰিৱেশত বিয়োজকৰ গুৰুত্ব ইমান বেছি কিয়?

4. কোন শ্রেণীৰ জীৱক উপভোক্তা বোলা হয়?

5. খাদ্য শিকলি আৰু খাদ্য জালৰ ভিতৰত কি পার্থক্য?

6. পৰিৱেশতন্ত্র চালিকা শক্তি কি? পৰিৱেশতন্ত্ৰৰ সকলো জীৱগোষ্ঠীয়ে এই শক্তিৰ ভাগ সমানে পায় নে?

7. পৰিৱেশতন্ত্রত সেউজীয়া উদ্ভিদক কি বুলি কোৱা হয়?

8. পৰিৱেশতন্ত্রত মাটিৰ অণুজীৱক কি বোলে?

9. খাদ্য উৎপাদকৰ পৰা ক্ৰমে স্তৰে স্তৰে প্রৱাহিত হৈ বিয়োজকৰ দেহ পায় গৈ। খাদ্যৰ এনে গতিক কি বুলি কোৱা হয়?

10. পৰিৱেশতন্ত্রত শক্তি প্রৱাহৰ ফলত ক্রমে ওপৰৰ স্তৰবিলাকত স্থিতিশক্তি কমি গৈ থাকে। এনে স্তৰবিলাকক কি বোলে?

11. বহন ক্ষমতা মানে কি?

12. শিলাখণ্ডত প্রাথমিক অনুক্রমণৰ প্ৰাৰম্ভিক প্রজাতিবিধৰ নাম লিখা।

(C) বহু বিকল্পী উত্তৰ প্ৰশ্নঃ

1. মাটিত থকা অণুজীৱবিলাক—

(a) উপভোক্তা, (b) উৎপাদক, (c) বিয়োজক, (d) মৃত জৈৱ পদাৰ্থ?

2. কৰপৰা খাদ্যৰ অনুক্ৰমণ আৰম্ভ হয়ঃ

(a) উপভোক্তা, (b) উৎপাদক, (c) বিয়োজক, (d) মৃত জৈৱ পদাৰ্থ।

3. শক্তিৰ পিৰামিডত সৌৰশক্তি আটাইতকৈ বেছি পৰিমাণে গ্ৰহণ কৰোতা হল—

(a) উপভোক্তা, (b) উৎপাদক, (c) বিয়োজক, (d) সৰ্বোচ্চ স্তৰৰ উপভোক্তা।

4. পৰিৱেশতন্ত্ৰ গঠিত হয়—

(a) বায়ু আৰু পানীৰ দ্বাৰা, (b) বায়ু, পানী আৰু মৌলৰ দ্বাৰা, (c) বায়ু, পানী, মৌল আৰু জৈৱিক উপাদানৰ দ্বাৰা, (d) বায়ু, পালী, মৌল জৈৱিক উপাদান আৰু সৌৰশক্তিৰ দ্বাৰা।

5. প্ৰথমিক স্তৰৰ উপভোক্তা—

(a) শিয়াল, (b) গৰু, (c); ভেঁকুলী, (d) বাঘ।

6. পৰিৱেশতন্ত্ৰৰ বাবে কোনটো প্ৰযোজ্য নহয়—

(a) শক্তি উভয়মুখী, (b) শক্তিৰ ক্ৰম অবনতি হয়, (c) শক্তিৰ বিনাশ নাই, (d) সূৰ্য্যই একমাত্ৰ শক্তিৰ উৎস।

(c), 2(b), 3(b), 4(d), 5(c), 6(a).



উত্তৰঃ

D. পাৰ্থক্য় দেখুওৱাঃ

1. উৎপাদন আৰু পচন

2. পৰিৱেশত জৈৱিক প্ৰভাৱ আৰু অজৈৱিক প্ৰভাৱ।

3. চৰণীয়া পথাৰৰ খাদ্যসৃংখল আৰু পচনক্ৰিয়াৰলগত জড়িত খাদ্যশৃংখল।

4. প্ৰথমিক অণুক্ৰমণ আৰু গৌণ অণুক্ৰমন।

5. খাদ্য প্ৰৱাহ আৰু শক্তি প্ৰবাহ।

6. খাদ্য শিকলি আৰু খাদ্য জাল।

7. প্ৰথমিক উৎপাদন আৰু দ্বিতীয়স্তৰ উৎপাদন।

8. থিয় পিৰামিড আৰু ওভোতা পিৰামিড।

E. ৰচনাধৰ্মী প্ৰশ্নঃ

1. পৰিৱেশতন্ত্ৰৰ উৎপাদন সমূহ ব্যাখ্যা কৰা।

2. পৰিৱেশতন্ত্ৰ বুলিলে কি বুজা? ইয়াৰ কাৰকসমূহ কি কি বুজাই লিখা।

3. এটা সুশ্থ পৰিৱেশতন্ত্ৰত যি যি উপাদান থাকিব লাগে সেইবিলাক থকা এটা পৰিৱেশতন্ত্ৰৰ বৰ্ণনা দিয়া।

4. সকলো জীৱ কোনো নিৰ্দ্দিষ্ট খাদ্য শৃংখলৰ দ্বাৰা সংযুক্ত হৈ আৰু এই খাদ্য শৃংখলৰ কোন ব্যাঘাতে জীৱসমূহক প্ৰভাৱিত কৰে। এটা উদাহৰণ সহায়ত ইয়াক ব্যাখ্যা কৰা।

5. এটা পৰিৱেশতন্ত্ৰৰ অজৈৱিক কাৰকসমূহ কি কি? প্ৰাণী সমূহৰ জীৱন প্ৰক্ৰিয়াত পোহৰ আৰু উষ্ণতাৰ প্ৰভাৱ আলোচনা কৰা।

6. পৰিস্থিতিতন্ত্ৰৰ সংজ্ঞা দিয়া। পুখুৰী যে পৰিস্থিতিন্ত্ৰৰ এটি উত্তম উদাহৰণ তাক প্ৰতিপাদন কৰা।

7. এটা খাদ্য শৃংখল ব্যাখ্যা কৰা। খাদ্য শৃংখল এটাৰ লগত পৰিৱেশীয় পিৰামিডৰ প্ৰয়োজনীয় চিত্ৰৰ সৈতে ব্যাক্যা কৰা।

F. টোকা লিখাঃ

1. সংখ্যাৰ পিৰামিড, 2. ট্ৰাফিক স্তৰ, 3. পৰিৱেশতন্ত্ৰত শক্তিৰ একমুখী গতি,

4. পাৰিস্থিতিক অণুক্ৰমণ, 5. পৰিস্থিতিৰ বিপৰ্যয়।

সম্ভাব্য প্ৰশ্নাৱলী

A. শূন্যস্থান পূৰণ কৰাঃ

1. এটা প্রজাতিৰ অনেক জীৱ একে ঠাইত বাস কৰি এটি ______ সৃষ্টি কৰে।

2. অৱশিষ্ট প্রাথমিক উৎপাদকতা (NPP) = ______ শ্বসন (R)

3. অপদকক ভাঙি সৰু সৰু টুকুৰা কৰাক ______ বোলে।

4. বেক্টেৰিয়া আৰু ভেঁকুৰ অপৰদক উৎসেচকৰ সহায়ত অৱনমিত কৰা প্রক্রিয়াক ______ বোলে।

5. এটা ট্রফিক স্তৰত এটা নির্দিষ্ট সময়ত অৱস্থান কৰা জীৱিত এটি গোটক ______ বোলে।

6. সাগৰৰ জীৱভৰৰ পিৰামিড সাধাৰণতে ______

7. পৰিৱেশতন্ত্রৰ সকলো বিলাক সেৱাৰ ভিতৰত মৃত্তিকা সৃষ্টি কৰা প্রক্রিয়া প্রায় ______ শতাংশ।

৪. থিয়কৈ বিস্তাৰ হোৱা বিভিন্ন প্রজাতি বিভিন্ন স্তৰত অৱস্থান কৰাকে ______ বোলে।

9. পৃথিৱীত বিকিৰিত হোৱা সূৰ্য্যৰ কিৰণৰ 50 % তকৈ কম ক ______ বোলে।

[B] সত্য বা অসত্য (এক নম্বৰ প্রত্যেকতে)ঃ

1. বিভিন্ন প্রজাতি অনুভূমিক বিস্তাৰণৰ দ্বাৰা বিভিন্ন স্থানত অৱস্থান কৰাকে স্তৰণ বোলা হয়।

2. পুখুৰীৰ কাষত থকা উদ্ভিদ বিলাক পৰিবেশতন্ত্রৰ স্বভোজী উপাদান।

3. বিয়োজনৰ সময়ত খণ্ডন, নিক্ষালন আৰু অপচয় এটাৰ পিছত এটা চলি থাকে।

4. পৰিৱেশতন্ত্রৰ শক্তিৰ গতি একমুখী।

5. সালোকসংশ্লেষণত ব্যৱহাৰ হোৱা বিকিৰণ, পতিত সৌৰশক্তিৰ 50 % তকৈ কম।

6. প্রাথমিক অনুক্ৰমত ঘাঁহ হ'ল প্ৰাৰম্ভিক প্রজাতি।

7. অপদ খাদ্য শৃংখল মৃত জৈৱিক পদাৰ্থৰ পৰা আৰম্ভ হয়।

C. অতি চমু উত্তৰৰ প্ৰশ্ন (এক নম্বৰৰ) ঃ

1. পৰিস্থিতিতন্ত্র কি?

2. পৰিস্থিতিতন্ত্ৰৰ মূল দুটা ভাগ কি কি?

3. পুখুৰীৰ পৰিস্থিতিতন্ত্ৰৰ স্বভোজী উপাদান কি কি?

4. পুখুৰী পৰিস্থিতিতন্ত্ৰৰ কোন ঠাইত বিয়োজক বেছিকৈ পোৱা যায়?

5. মুঠ প্রাথমিক উৎপাদকতা সংজ্ঞা দিয়া।

6. অৱশিষ্ট প্রাথমিক উৎপাদকতা কি?

7. বিয়োজনৰ সময়ত নিক্ষালনৰ কৌশল ব্যাখ্যা কৰা।

8. বিয়োজনৰ সময়ত হোৱা খনিজীভৱনৰ সংজ্ঞা দিয়া।

9. সাগৰত কোন ধৰণৰ খাদ্যশৃংখল অধিক প্ৰভাৱী?

10. কিমানখিনি সালোকসংশ্লেষণৰ বাবে সক্রিয় বিকিৰণ (শতকৰা) উদ্ভিদে গ্রহণ কৰে।

11. গভীৰ সাগৰক বাদ দি সকলো পৰিৱেশতন্ত্রৰ বাবে কোনটো একমাত্র শক্তিৰ উৎস?

12. জীৱ ভৰ জোখোতে কিয় শুকান ভৰ জোখা আটাইতকৈ নিৰ্ভৰযোগ্য?

13. সেউজীয়া উদ্ভিদক কি বুলি জনা যায়?

14. পৰিস্থিতিতন্ত্ৰত ভেঁকুৰৰ ভূমিকা কি?

15. ট্রফিক স্তৰ কি?

16. পৰিস্থিতিতন্ত্ৰৰ অণুক্রমন কি?

17. কি কি ধৰণৰ অনুক্রম হয়?

18. চৰম সম্প্রদায় কি?

19. গৌণ অনুক্রমনত অণুক্রমনৰ হাৰ কিয় হৈছে প্রবল?

D. চমু উত্তৰৰ প্ৰশ্ন দুই নম্বৰঃ

1. উলম্ব স্তৰণৰ সংজ্ঞা দিয়া।

2. পৰিৱেশতন্ত্ৰৰ কাৰ্য্যকৰী উপাদান সম্পর্কে লিখা।

3. প্রাথমিক উৎপাদনতা কি কি ধৰণৰ? এই বিলাকৰ পৰস্পৰ সম্পর্ক সম্বন্ধে লিখা।

4. কেঁচুক কিয় কৃষকৰ বন্ধু বোলা হয়?

5. বিয়োজনৰ কেঁচামাল কি? এই বিলাকৰ কি কি উপাদান?

6. হিউমাছ কি? ইয়াৰ গুৰুত্ব সম্পর্কে লিখা।

7. চৰণীয়া খাদ্যশৃংখল আৰু অপদ খাদ্যশৃংখলৰ পার্থক্য লিখা।

8. উৎপাদক স্তৰতকৈ উপভোক্তাস্তৰত শক্তি কিয় কম থাকে?

9. খাদ্যজাল কি?

10. ষ্টেনডিং ক্রম কি?

11. শক্তিৰ 10 % নিয়মৰ সংজ্ঞা দিয়া। চৰণীয়া খাদ্যশৃংখলত কিয় স্তৰৰ সংখ্যা সীমিত?

12. কোন ধৰণৰ পিৰামিড থিয় আৰু কিয়?

13. প্রাথমিক আৰু গৌণ অণুক্রমনে পার্থক্য লিখা।

14. হাইড্রাক আৰু জেৰাকৰ মাজত পার্থক্য দেখুউৱা।

15. পৰিস্থিতিতন্ত্রৰ সেৱা কেনেকৈ সংক্ষেপে সংজ্ঞা দিবা?

16. পাললিক দশা কাক বোলে?

17. উপভভাক্তাৰ বিভিন্ন স্তৰবোৰ কি কি? চৰণীয়া খাদ্য শৃংখলত ছাগলীৰ স্থান কি?

18. গৌণ অনুক্ৰমনত আক্ৰমণকাৰী প্ৰজাতিৰ কাৰণসমূহ লিখা।

(E) চমু উত্তৰৰ প্ৰশ্ন (তিনি নম্বৰ) ঃ

1. উৎপাদনতা কি? পৰিস্থিতিতন্ত্ৰৰ উৎপাদন কেনেকৈ প্ৰকাশ কৰা হয়?

2. পৰিস্থিতিতন্ত্র প্রাথমিক উৎপাদনতা নিয়ন্ত্ৰণৰ কাৰক সম্পর্কে চমুকৈ লিখা।

3. বিয়োজন নিয়ন্ত্রণ কৰা কাৰক সমূহ ব্যাখ্যা কৰা।

4. নক্সাৰ সহায়ত স্থলজ পৰিস্থিতিতন্ত্রত হোৱা বিয়োজন চক্র বর্ণনা কৰা।

5. “পৰিস্থিতিতন্ত্ৰত শক্তিৰ প্ৰৱাহ তাপগতিবিজ্ঞানৰ নিয়ম মানি চলে। এই উক্তি ব্যাখ্যা কৰা।

6. খাদ্যশৃংখল কাক বোলে? প্রধান দুই ধৰণৰ খাদ্যশৃংখল বর্ণনা কৰা।

7. ওলোটা পিৰামিড কত দেখা যায়? এটি সংখ্যাৰ ওলোটা পিৰামিড সংক্ষেপে বর্ণনা কৰা।

৪. পানীত হোৱা প্রাথমিক অনুক্রম বর্ণনা কৰা।

9. কার্বন চক্র বর্ণনা কৰা।

10. পুষ্টি চক্র কি? কি কি বিভিন্ন ধৰণৰ পুষ্টি চক্র আছে? প্রত্যেকৰে উদাহৰণ দিয়া।

11. ফছফৰাছ চক্র বর্ণনা কৰা।

12. পৰিস্থিতিতন্ত্ৰৰ বিভিন্ন কার্যবোৰ চমুকৈ বর্ণনা কৰা।

(F) দীঘল উত্তৰৰ প্রশ্ন (পাঁচ নম্বৰ) ঃ

1. পুখুৰীক কিয় পৰিস্থিতিতন্ত্ৰৰ উৎকৃষ্ট উদাহৰণ বুলি গণ্য কৰা হয়? পুখুৰী এটি পৰিস্থিতিতন্ত্ৰ হিচাপে আলোচনা কৰা।

2. বিয়োজন কি? বিয়োজনৰ প্রণালী ব্যাখ্যা কৰা।

3. পৰিস্থিতিতন্ত্রত শক্তি কৈনেকৈ প্রবাহিত হয়? উপযুক্ত ৰেখাচিত্রৰ যোগেদি এনে শক্তি প্ৰৱাহ দেখুওৱা।

4. পৰিস্থিতিতন্ত্র মানে কি বুজা? পৰিস্থিতিতন্ত্ৰৰ বিভিন্ন উপাদান বর্ণনা কৰা।

5. ইকলজিকেল পিৰামিড কাক বোলে? চিত্র সহ বিভিন্ন ধৰণৰ পিৰামিডৰ বৰ্ণনা দিয়া।

6. এটি উন্মুক্ত শিলত অনুক্রমণ কেনেকৈ হয় চমুকৈ বর্ণনা কৰা।

7. পৰিস্থিতিতন্ত্রৰ সেৱাৰ বিষয়ে লিখা।

এটা শব্দত উত্তৰ দিয়া (১ নম্বৰ) ঃ

1. এটা প্ৰজাতিৰ জীৱগোষ্ঠী যিয়ে এটি নির্দিষ্ট স্থানত বসবাস কৰে।

2. জীৱগোষ্ঠী আৰু সিহঁতৰ ভৌতিক পৰিৱেশ এটা গোট হৈ পৰস্পৰ ক্রিয়া কৰে।

3. সেউজীয়া সালোকসংশ্লেষণকাৰী জীৱ যিয়ে প্রথম ট্রফিক স্তৰ সৃষ্টি কৰে।

4. শ্বসনৰ পিছত সঞ্চয় থকা শক্তি।

5. ভক্ষণ আৰু ভক্ষিত ক্রম।

6. খাদ্যশৃংখলৰ জাল।

7. সতেজ বা শুকান মুঠ ভৰ।

Type Himanku Bora