পৰিৱেশতন্ত্ৰ | অধ্যায় ১৪ | Chapter 14 | Class 12 Biology Solution Assamese Medium | HS 2nd Biology Assam | Ecosystem Chapter Answer  

পৰিৱেশতন্ত্ৰ

প্ৰশ্নমালা

অতি চমু প্রশ্নোত্তৰ:


খালী ঠাই পূৰ কৰা: 


১। এটা পজাতিৰ অনেক ঠাইত বাস কৰিলে এটি                সৃষ্টি কৰে।


উত্তৰঃ জীৱগোষ্ঠী।

২। অবশিষ্ট প্রাথমিক উৎপাদকতা (NPP) =                  শ্বসন (R)।

উত্তৰঃ GPP.

৩। অপৰদকক ভাঙি সৰু সৰু টুকুৰা কৰাক                   বোলে।

উত্তৰঃ খণ্ডন।


8। বেক্টেৰিয়া আৰু ভেঁকুৰ অপৰদক উৎসেচকৰ সহায়ত অৱনমিত কৰা প্ৰক্ৰিয়াক

               বোলে।

উত্তৰঃ খনিজীভৱন।

৫। এটা ট্রফিক স্তৰত এটা নির্দিষ্ট সময়ত অৱস্থান কৰা জীৱিত এটি গোটক               বোলে।


উত্তৰঃ ষ্টেন্ডিংক্রপ।


৬। সাগৰৰ জীৱভৰৰ পিৰামিড সাধাৰণতে                


উত্তৰঃ ওলোটা।

৭। পৰিৱেশতন্ত্ৰৰ সকলো বিলাক সেৱাৰ ভিতৰত মত্তিকা সৃষ্টি কৰা প্রক্রিয়া প্ৰায়  

            শতাংশ।


উত্তৰঃ ৫০।

সত্য বা অসত্য (এক নম্বৰ প্রত্যেকতে)

১। সথালিকৈ বিস্তাৰ হোৱা বিভিন্ন প্ৰজাতি বিভিন্ন স্তৰত অৱস্থান কৰাকে স্তৰণ বোলা হয়।


উত্তৰঃ অসত্য।


২। পুখুৰীৰ কাষত থকা উদ্ভিদবিলাক পৰিবেশতন্ত্র সভোজী উপাদান।


উত্তৰঃ সত্য।


৩। বিয়োজনৰ সময়ত খণ্ডন, নিক্ষালন আৰু অপচয় এটাৰ পিছত এটা চলি থাকে।

উত্তৰঃ সত্য।

8। পৰিৱেশতন্ত্ৰৰ শক্তিৰ গতি একমুখী।

উত্তৰঃ সত্য।


৫। সালোক সংশ্লেষণত ব্যৱহাৰ হোৱা বিকিৰণ পতিত সৌৰশক্তিৰ 50% তকৈ কম।


উত্তৰঃ সত্য।


৬। প্রাথমিক অনুক্রমত ঘাঁহ হ'ল প্ৰাৰম্ভিক প্রজাতি।


উত্তৰঃ অসত্য।


৭। DNA লাইগেছ কি? ব্রাজেইন আৰু ইয়াৰ সংকেত বহনকাৰী জিন USA পেটেন্ট কৰা হৈছিল।


উত্তৰঃ সত্য


৮। Bt কপাহত দুটা অন্য বংশৰ দুটা জিন থাকে।


উত্তৰঃ অসত্য।


৯। জৈৱ সম্পদৰ আইনগত দিশ।


উত্তৰ: অসত্য।


১০। নিমৰ পেটেল্ট ভাৰতবর্ষই পাইছে।


উত্তৰঃ সত্য।


১১। মধুমেহ ৰোগৰ প্ৰতিকাৰৰ বাবে কি ইনচুলিন তাক আনুবংশিকভাৱে ৰূপান্তৰিত জীৱৰ পৰা প্ৰস্তুত

হয়।


উত্তৰঃ সত্য।


১২। দুটা ভিটামিন, ভিটামিন B12 আৰু ভিটামিন B2 জীৱ প্ৰযুক্তিবিদ্যাৰ যোগেদি উৎপাদন কৰা হয়।

উত্তৰঃ সত্য।

১৩। আলেকজেণ্ডাৰ ফ্লেমিংয়ে 'এন্টিবায়টিক' শব্দ প্রথম দিছিল।


উত্তৰঃ অসত্য।


১৪। কৃষিজীব প্রযুক্তি বিদ্যাত কলা কর্ষণেই মূল কৌশল।


উত্তৰঃ সত্য।


১৫। প্লাজমিড থকা 'জিনটেক্সি' বোলা হয় তাক জিন ক্লনিংত ব্যৱহাৰ কৰা হয়।


উত্তৰঃ সত্য।


১৬। স্বর্ণ চাউল এবিধ বনৰীয়া চাউলৰ সঁচ যাৰ ৰং সোণালী।


উত্তৰঃ অসত্য।


১৭। পৰিস্থিতিতন্ত্র কি?


উত্তৰঃ পৰিস্থিতিতন্ত্র বুলিলে এনে একোটা পৰিৱেশ বুজায় য'ত তাত থকা জৈৱ আৰু অজৈৱ কাৰকসমূহে

পৰস্পৰ এনেভাৱে ক্ৰিয়া কৰে যে তাৰ ফলত সকলো জীৱৰ জীৱন ধাৰণৰ বাবে ই এটা যৌথ সম্পদ ৰূপে

পৰিগণিত হয় আৰু সম্পূৰ্ণৰূপে আত্মনিৰ্ভৰশী আৰু স্বয়ংচালিত প্রণালী বোলা হয়।


১৮। পৰিবেশতন্ত্ৰৰ মূল দুটা ভাগ কি কি?


উত্তৰঃ স্থলজ আৰু জলজ পৰিবেশতন্ত্র।


১৯। পৃথিৱীৰ পৰিৱেশতন্ত্ৰৰ স্বভোজী উপাদান কি কি?


উত্তৰঃ শেলাইকে ধৰি সকলো সেউজীয়া উদ্ভিদ।


২০। পুখুৰী পৰিৱেশতন্ত্ৰৰ কোন ঠাইত বিয়োজক বেছিকৈ পোৱা যায়?


উত্তৰঃ পুখুৰীৰ তলৰ মাটিত।


২১। মুঠ প্রাথমিক উৎপাদকতাৰ সংজ্ঞা দিয়া।


উত্তৰঃ সালোক সংশ্লেষণৰ যোগেদি আহৰণ কৰা মুঠ উৎপাদনক মুঠ প্রাথমিক উৎপাদন বোলে।


২২। অৱশিষ্ট প্রাথমিক উৎপাদকতা কি?


উত্তৰঃ মুঠ প্রাথমিক উৎপাদনৰ পৰা উদ্ভিদে শৰীৰ ক্ৰিয়াৰ বাবে (শ্বসন) খৰচ কৰা অংশ বাদ দি যি সর্বশেষত থাকে গৈ তাকে অৱশিষ্ট প্রাথমিক উৎপাদকতা বোলে।


২৩। বিয়োজনৰ সময়ত নিক্ষালনৰ কৌশল ব্যাখ্যা কৰা।


উত্তৰঃ বিয়োজন প্ৰক্ৰিয়াৰ প্ৰথম স্তৰত জৈৱিক বস্তু মাটিত থকা কেঁচু আৰু অন্য প্রাণীয়ে খণ্ড খণ্ড কৰে। তাৰ

পিছত পানীত দ্রৱিত হোৱা অজৈৱ বস্তুবিলাক নিলাক্ষয় হৈ মাটিত মিহলি হয়।


২৪। বিয়োজনৰ সময়ত হোৱা খনিজীভৱনৰ সংজ্ঞা দিয়া।


উত্তৰঃ বিয়োজনৰ সৰ্বশেষ স্তৰত মাটিৰ বাস কৰা অনুজীৱই জৈৱ পদাৰ্থৰ খনিজীভৱন কৰি অজৈব পদার্থলৈ

ৰূপান্তৰ কৰে।

২৫। সাগৰত কোন ধৰণৰ খাদ্য শৃংখল অধিক প্রভাবী?

উত্তৰঃ সাগৰত খাদ্য শৃংখল ক্ষুদ্র শেলাইৰ পৰা আৰম্ভ হৈ বৃহৎ মাছত শেষ হয়। ইয়াত আয়তনত শেলাইৰ ওজন

কম আৰু মাছৰ ওজন বেছি। কিন্তু শেলাই দ্রুত গতিত বৃদ্ধি পায় বাবে খাদ্য শৃংখল চলি থাকে। ইয়াত খাদ্যৰ

পিৰামিড ওলোটা। 


শেলাই ক্ষুদ্র কীট সৰু মাছ মজলীয়া আকৃতিৰ মাছ বৃহৎ আকৃতিৰ মাছ

২৬। কিমানখিনি সালোক সংশ্লেষণৰ বাবে সক্রিয় বিকিৰণ (শতকৰা) উদ্ভিদে গ্রহণ কৰে।

উত্তৰ: 2-10%


২৭। গভীৰ সাগৰক বাদ দি সকলো পৰিৱেশতন্ত্ৰৰ বাবে কোনটো একমাত্র শক্তিৰ উৎস।


উত্তৰঃ সৌৰশক্তি।


২৮। জীৱভৰ জোখোতে কিয় শুকান ভৰ জোখা আটাইতকৈ নিৰ্ভৰযোগ্য?


উত্তৰঃ জীৱিত বা কেঁচা বস্তুৰ জীৱভৰ ললে প্রকৃত জীৱভৰ পোৱা নাযায়। কাৰণ শৰীৰত পানী আৰু তেনেকুৱা

বাষ্পীভবন হোৱা অনেক পনীয়া অংশ থাকে। জীৱভৰ বুলিলে যি স্থায়ী উৎপাদন তাকে বুজায়। গতিকে বস্তুটো

শুকাই ললে প্রকৃত স্থায়ী উৎপাদন পোৱা যায়।


২৯। সেউজীয়া উদ্ভিদক কি বুলি জনা যায়?


উত্তৰঃ উৎপাদক।

৩০। পৰিৱেশতন্ত্ৰত ভেঁকুৰৰ ভূমিকা কি?

উত্তৰঃ বিয়োজক হিচাপে জৈৱ বস্তুৰ পচন ঘটায়।


৩১। ট্রফিক স্তৰ কি?


উত্তৰঃ পুষ্টি বা খাদ্যৰ উৎসৰ ওপৰত নিৰ্ভৰ কৰি জীৱই খাদ্য শৃংখলৰ যি বিশেষ স্থানত অৱস্থান কৰে তাকেই

ট্রফিক স্তৰ বোলে।


৩২। পৰিৱেশতন্ত্র অনুক্ৰমক কি?


উত্তৰঃ কোনো ঠাইত একে ধৰণৰ উদ্ভিদ অনন্তকা বাস কৰিব নোৱাৰে। এক ধৰণৰ উদ্ভিদৰ ঠাইত অন্য ধৰণৰ

উদ্ভিদ আহি বসবাস কৰি প্ৰথম বাস কৰা উদ্ভিদক আঁতৰাই বসবাস কৰিবলৈ লয়। পিছত ইও আঁতৰ হৈ অন্য

ধৰণৰ উদ্ভিদক স্থান কৰি দিয়ে। ইয়াক অণুক্রমণ বোলা হয়। অনুক্ৰমণ দুই ধৰণৰ- হাইড্ৰাকৰ পৰা জেৰাক আৰু

জেৰাকৰ পৰা হাইড্রাক।


৩৩। কি কি ধৰণৰ অনুক্ৰম হয়?


উত্তৰঃ পৰিস্থিতিক অনুক্ৰমণৰ ফলত সৰ্বশেষত যি জীৱগোষ্ঠীস্থায়ীভাৱে বাস কৰিবলৈ লয় তাকে চৰম

সম্প্রদায় বোলে।


চমু প্রশ্নোত্তৰ:


১। লম্ব স্তৰণৰ সংজ্ঞা দিয়া।

উত্তৰঃ পৰিৱেশতন্ত্ৰত বিভিন্ন স্তৰত থকা বিভিন্ন প্রজাতিৰ লম্বভাৱে থকা বিতৰণক স্তৰণ বোলা হয়। অৰণ্যত বিভিন্ন ধৰণৰ গছে বিভিন্ন স্তৰত অৱস্থান কৰে। কিছুমান অতি ওখ হয়, আকৌ কিছুমান এইবিলাকৰ তলত আৰু কিছুমান একেবাৰে তলখাপত প্রায় মাটিত বাস কৰে। সূৰ্য্যৰ পোহৰৰ চাহিদা অনুসৰি এনে ধৰণে বিভিন্ন স্তৰত অৱস্থান কৰে।

২। পৰিৱেশতন্ত্ৰৰ কাৰ্য্যকৰ উপাদান সম্পর্কে লিখা।


উত্তৰঃ পৰিৱেশতন্ত্র অজৈৱ আৰু জৈৱ উপাদানসমূহৰ দ্বাৰা গঠিত।


অজৈৱ উপাদানসমূহ হ'ল- বায়ু, পানী, মাটি আৰু সৌৰশক্তি।


জৈৱ উপাদানসমূহ হ'ল - উৎপাদক (সেউজীয়া উদ্ভিদ), খাদক (জীৱজত্ত) আৰু বিয়োজক (অনুজীৱ আৰু ক্ষুদ্ৰ

মাটিত বাস কৰা প্ৰাণী)


৩। প্ৰাথমিক উৎপাদনতা কি কি ধৰণৰ? এইবিলাকৰ পৰস্পৰ সম্পৰ্ক সম্বন্ধে লিখা।


উত্তৰঃ দুই ধৰণৰ প্ৰাথমিক উৎপাদকতা আছে

(ক) মুঠ প্রাথমিক উৎপাদকতা আৰু (খ) অৱশিষ্ট প্রাথমিক উৎপাদকতা।

মুঠ প্রাথমিক উৎপাদকতা হৈছে পৰিস্থিতিতন্ত্ৰত সালোক সংশ্লেষণৰ ফলত উৎপন্ন হোৱা মুঠ জৈৱ পদার্থ।

অৱশিষ্ট প্রাথমিক উৎপাদকতা হৈছে উৎপন্ন জৈৱ পদার্থ উদ্ভিদে শৰীৰ ক্রিয়ার বাবে (শ্বসনত) ব্যৱহাৰৰ পিছত ৰৈ যোৱা অৱশিষ্ট উৎপাদন যিটো উদ্ভিদ শৰীৰত স্থায়ী হৈ ৰয়।

8। কেঁচুক কিয় কৃষকৰ বন্ধু বোলা হয়?


উত্তৰঃ কেঁচুৱে জৈৱ পদাৰ্থ ভাঙি টুকুৰা টুকুৰা কৰি দি জৈৱ পদাৰ্থ পচনত সহায় কৰে। তাৰোপৰি মাটিৰ তলত

নলা খান্দি বায়ু চলাচলৰ সুবিধা কৰি দিয়ে। যি ডৰা মাটিৰ কেঁচু থাকে সেই ডৰা মাটি খেতিৰ বাবে উত্তম। যিহেতু

কেঁচুৱে মাটি সাৰুৱা ৰখাত সহায় কৰে; সেই বাবে কেঁচুক খেতিয়কৰ বন্ধু বোলা হয়।


৫। বিয়োজনৰ কেঁচামাল কি? এই বিলাৰ কি কি উপাদান?


উত্তৰঃ জৈৱ পদার্থ বিশেষকৈ উদ্ভিদজাত পদার্থত বিয়োজনৰ কেঁচা মাল। এনে জৈৱ পদাথত চেলুল'জ,

হেমিলুেল'জ লিগনিন আৰু জইলিন থাকে।


৬। হিউমাছ কি? ইয়াৰ গুৰুত্ব সম্পর্কে লিখা।


উত্তৰঃ হিউমাছ হ'ল এনে এক বস্তু যি বিয়োজনৰ ফলত উৎপন্ন হয়। জৈৱ পদার্থ বিয়োজনৰ সর্বশেষ

পর্য্যায়ত হিউমাছ উৎপন্ন হয়। ই অতি ধীৰ গতিত বিয়োজন হয়।


হিউমাছৰ গুৰুত্ব হ'ল ইয়াত উদ্ভিদৰ বাবে প্রয়োজনীয় সকলো পোষক দ্রব্য সঞ্চিত থাকে বাবে সাৰুৱা। হিউমাছত অনেক উপকাৰী অণুজীৱই বাস কৰে।


৭। চৰণীয়া/খাদ্য শৃংখল আৰু অপৰদ খাদ্য শৃংখলৰ পাৰ্থক্য লিখা।


উত্তৰঃ চৰণীয়া খাদ্য শৃংখল সেউজীয়া উৎপাদকৰ পৰা আৰম্ভ হয় যেনে


ঘাঁহ ছাগলী মানুহ।


অপৰদ খাদ্য শৃংখল মৃত জৈৱ পদাৰ্থৰ পৰা আৰম্ভ হয় যেনে


মৃত গছৰ অংশ কেঁচু অণুজীৱ।


৮। উৎপাদক স্তৰতকৈ সৌৰস্তৰত শক্তি কিয় কম থাকে?


উত্তৰঃ শক্তি উৎসৰ পৰা বিতৰিব হ'বৰ সময়ত ক্ৰমাৎ আৱনমিত হয়। কাৰণ প্ৰতি স্তৰত ইয়াৰ ব্যৱহাৰ হয়।

উৎপাদকে উৎপাদন কৰা শক্তিৰ কিছু নিজে ব্যৱহাৰ কৰে শাৰীৰিক ক্ৰিয়াৰ বাবে। গতিকে প্রাথমিক ভোক্তাই

উৎপন্ন সকলো শক্তিৰ ভাগ নাপায়। প্রাথমিক ভোক্তাইও মজুত কৰা সকলো সহায় নকৰি নিজে কিছু ব্যৱহাৰ

কৰে। গতিকে দ্বিতীয় স্তৰৰ ভোক্তাই প্রতম স্তৰৰ ভোক্তাতকৈ কম শক্তি আহৰণ কৰিব পাৰে।


৯। খাদ্যজাল কি?


উত্তৰঃ খাদ্য শৃংখল সদায় এক নাথাকে আৰু ইমান সহজতে ব্যাখ্যাও কৰিব নোৱাৰি কাৰণ, এটা নির্দিষ্ট জীৱই

সদায় একে খাদ্য শৃংখলৰ একোটা জীৱকেই ভক্ষণ কৰে এনে নহয়। ই অন্য খাদ্য শৃংখলৰ জীৱত খাদ্য হিচাপে

গ্রহণ কৰে। অৰ্থাৎ ঘাঁহ কেৱল ফৰিঙে না খায়, সাপে কেৱল বেং নাখায় আৰু চিলনীয়ে সদায় সাপ নেখাই অন্য

খাদ্য শৃংখলৰ খাদ্যও গ্রহণ কৰে। দেখা যায় যে অনেক খাদ্য শৃংখল এটাৰ লগত আনটো লগ লাগি থাকি এক বৃহৎ

খাদ্য শৃংখল তৈয়াৰ কৰে। এনে বৃহৎ আৰু জটিল খাদ্য শৃংখলক খাদ্যজাল বোলে।


১০। স্টেনডিং ক্রপ কি?


উত্তৰঃ প্রতিটো ট্রফিক স্তৰত একোটা নির্দিষ্ট সময়ত একোটা নির্দিষ্ট আয়তনৰ জীৱগোষ্ঠী থাকে যাক

Standing Crops বোলে। তলৰ ট্রফিক স্তৰত সদায় ওপৰৰ ট্রফিক স্তৰতকৈ অধিক Standing Crops থাকে।

যিমানেই ট্রফিক স্তৰৰ ওপৰৰ ফালে যোৱা যায় Standing Crops ৰ সংখ্যা বা ওজন কমি গৈ থাকে কাৰণ, ই 10

শতাংশ নিয়ম মানি চলে।


১১। শক্তিৰ 10% নিয়মৰ সংজ্ঞা দিয়া। চৰণীয়া খাদ্য শৃংখলত কিয় স্তৰৰ সংখ্যা সীমিত?


উত্তৰঃ ট্রফিক স্তৰবিলাক লক্ষ্য কৰিলে দেখা যায় যে ওপৰৰ প্ৰতি স্তৰত জীৱৰ সংখ্যা বা ওজন কমি গৈ থাকে।

তাৰ কাৰণ প্ৰতি স্তৰৰ জীৱই তলৰ স্তৰৰ পৰা যি শক্তি আহৰণ কৰে সেই শক্তিৰ 90% নিজে ব্যৱহাৰ কৰে অৰ্থাৎ

শ্বসনত ব্যয় হয়। গতিকে মাত্র 10% শক্তি হে তাৰ ওপৰৰ স্তৰৰ জীৱৰ বাবে থাকেগৈ। প্রতি স্তৰত এনেকৈ প্রাপ্ত

শক্তিৰ 90% শৰীৰ ক্ৰিয়াত ব্যৱহাৰ হয় আৰু 10% শক্তিহে ওপৰৰ স্তৰৰ জীৱ গোষ্ঠীয়ে গ্ৰহণ কৰে। ইয়াকে শক্তিৰ

10% নিয়ম বোলে।


চৰণীয়া খাদ্য শৃংখলত ট্রফিক স্তৰ সীমাবদ্ধ। কাৰণ, ইয়াত উৎপাদকৰ পৰা ক্ৰমে প্রাথমিক উপভোক্তা দ্বিতীয়

শৰীৰ উপভোক্তা আৰু তৃতীয় শাৰীৰ উপভোক্তাতেই খাদ্য শৃংখল বা ট্রফিক স্তৰ শেষ হৈ যায়। জলজ খাদ্য

শৃংখলত কিন্তু ট্রফিক স্তৰ সীমিত নহয় কাৰণ, কেবাটাও স্তৰৰ ভোক্তা থাকে।


১২। কোন ধৰণৰ পিৰামিড থিয় আৰু কিয়?


উত্তৰঃ স্থলজ খাদ্য শৃংখল লগত জড়িত পিৰামিড সদায় থিয়। ইয়াত আটাইতকৈ তলৰ ফালে থকাট্রফিক

স্তৰতসমূহ জীৱৰ সংখ্যা, ওজন আৰু আয়তন তাৰ ওপৰৰ প্ৰতি ট্রফিক স্তৰককৈ অধিক। সেইবাবে ট্রফিক

স্তৰবিলাক সজালে পিৰামিডটো থিয় হৈ থাকে।


১৩। প্রাথমিক আৰু গৌণ অনুক্ৰমৰ পাৰ্থক্য লিখা।


উত্তৰঃ প্রাথমিক অনুক্রম সদায় এনে স্থানত হয় য'ত কেতিয়াও কোনো উদ্ভিদ নাছিল। যেনে আগ্নেয়গিৰিৰ পৰা

উৎপন্ন হোৱা স্থান, প্রকাণ্ড শিলাভূমি ইত্যাদি। এনে স্থানত অনুক্ৰমণ অতি ধীৰ গতিত আগবাঢ়ে। প্রথমে সদায়

লাইকেন জাতীয় উদ্ভিদ যাদ কাৰণে মাটি নালাগে উৎপন্ন হয়। পিছত যেতিয়া ক্রমে ক্রমে জৈৱ পদার্থ গোট খায়

অন্যান্য উদ্ভিদ জন্মে আৰু শেষত অটব্য হাবিলৈ ৰূপান্তৰ হয়।


দ্বিতীয় বা গৌণ অনুক্রম সদায় প্রাকৃতিক বা অন্যান্য কাৰণত ধ্বংস হোৱা কোনে পৰিস্থিতিতন্ত্ৰত নতুনকৈ উদ্ভিদ

জন্মিবলৈ ধৰে। ইয়াত প্ৰথমৰ পৰাই মাটি থকা বাবে অনুক্রমণ প্রথম বিধতকৈ দ্রুত হয়। কিন্তু কেতিয়াও আগৰ

নিচিনা পৰিস্থিতিতা নহয়গৈ।


১৪। হাইড্ৰাক আৰু জেৰাকৰ মাজত পাৰ্থক্য দেখুওৱা।


উত্তৰঃ উদ্ভিদৰ অনুক্ৰম দুই ধৰণৰ হয়।


(ক) হাইড্ৰাকৰ পৰা মেছিকঃ এনে অনুক্ৰমত জলভূমিত আৰম্ভ হয়। জলজ পৰিস্থিতিৰ পৰা ক্ৰমে আর্দ্র

(মেছিক) পৰিৱেশত উপনীত হয়। জলজ উদ্ভিদ কমি গৈ থাকে। কাৰণ, জলাহ ঠাই ক্রমে পোত খায়। যিমানেই

জলাহৰ আৱদ্ধ প্রাণী পৰিমাণ কমি গৈ থাকে সিমানেই আর্দ্রভূমিৰ উদ্ভিদৰ সংখ্যা বৃদ্ধি পাই আহে।


(খ) জেৰাকৰ পৰা মেছিক : জেৰাক অৱস্থা অর্থাৎ শুকান অৱস্থাৰ পৰা ক্ৰমে আর্দ্র অৱস্থালৈ অণুক্রম হোৱা।

জেৰাক অৱস্থাত থকা উদ্ভিদে মাটিৰ আর্দ্রতা ধৰি ৰাখিবৰ চেষ্টা কৰে। তাৰ ফলত নতুন নতুন উদ্ভিদ জন্মে আৰু

তাৰ ফলত ক্ৰমে মাটিৰ আর্দ্রতা বৃদ্ধি পায়।


১৫। পৰিৱেশতন্ত্ৰৰ সেৱা কেনেকৈ সংক্ষেপে সংজ্ঞা দিবা।


উত্তৰঃ পৰিৱেশতন্ত্ৰৰ সেৱা বুলিলে পৰিৱেশৰ পৰা পোৱা সকলো সেৱা যেনে- বায়ুমণ্ডল আৰু পানী

দূষণমুক্ত কৰা, মাটিৰ সাৰ বৃদ্ধি কৰা, খনিজাত বস্তুৰ চক্রাকাৰ ৰূপান্তৰ, খৰাং বতৰ আৰু বানপানীৰ

পৰা ক্ষয়-ক্ষতি লাঘৱ কৰা, পৰাগ যোগত সহায় কৰা ইত্যাদিক পৰিৱেশতন্ত্ৰৰ সেৱা বোলে।


১৬। পাললিক দশা কাক বোলে?


উত্তৰঃ পৰিৱেশতন্ত্ৰত পদাৰ্থৰ চক্ৰীয় ৰূপান্তৰ ঘটে। এই চক্রত পদার্থ জৈৱ অৱস্থাৰ পৰা অজৈৱ আৰু অজৈৱ

অৱস্থাৰ পৰা জৈৱ অৱস্থালৈ চক্রাকাৰে আৱৰ্তন হয়। এই চক্ৰক দুটা ভাগত ভাগ কৰা হয়। এটাক কোৱা হয়

বায়বীয় দশা আৰু আনটোক কোৱা হয় পাললিক দশা। বায়বীয় দশাত গেছ আৰু পানী চক্রাকাৰে আৱৰ্ত হয়।

পাললিক দশাত ছালফাৰ, ফছফৰাছ আদিৰ আৱৰ্ত হয়। পাললিক দশা এই কাৰণে কোৱা হয় যে এই পদার্থসমূহ

পাললিক শিলাৰ পৰা উৎপন্ন হয়।


Type Himanku Bora


New Update 2026