জৈৱবৈচিত্ৰ্য আৰু সংৰক্ষণ | অধ্যায় ১৫ | Chapter 15 | Class 12 Biology Solution Assamese Medium | HS 2nd Year Biology Assam | Biodiversity And Conservation Chapter Answer 

জৈৱবৈচিত্ৰ্য আৰু সংৰক্ষণ 

প্ৰশ্নমালা

অতি চমু প্রশ্নোত্তৰ:

খালী ঠাই পূৰ কৰা: 

১। IUCN (2004) ৰ মতে                নিযুতত সামন্য অধিক উদ্ভিদ আৰু প্ৰাণী প্রজাতিক বর্ণনা কৰা হৈছে।


উত্তৰ: 1.5 নিযুত।

২। প্রজাতি বৈচিত্র                যেতিয়া কোনো এজন বিষুবীয় অঞ্চলৰ পৰা মেৰুলৈ গতি কৰে।

উত্তৰঃ কমে।


৩। বৃষ্টি অৰণ্যই শতকৰা                 ৰ বেছি স্থান আগুৰি নাথাকে।

উত্তৰঃ 6

৪। আণৱিক বংশগতি আৰু প্ৰজাতিৰ স্তৰৰ বৈচিত্ৰক অর্থনৈতিক উৎপাদনৰ বাবে অন্বেষণ কৰাক                     বোলে।


উত্তৰঃ বায়'এছপেক্টিং।


৫। ভাৰতবৰ্ষত                টা জীৱমণ্ডল আছে। 


উত্তৰঃ 15

সত্য অসত্যঃ

১। যি ঠাইত অধিক সংখ্যক প্রজাতি থাকে তাত মঠ জীৱভৰ বছৰ বছৰ হেৰফেৰ কম হয়।


উত্তৰঃ সত্য।


২। পানী মেটেকা ভাৰতবৰ্ষৰ স্থানীয়।


উত্তৰঃ অসত্য।


৩। ক্রান্তীয় অঞ্চলত অধিক উৎপাদনতাৰ কাৰণ অধিক সৌৰশক্তি পোৱা বাবে। 


উত্তৰঃ সত্য।


8। অসমত দুটা জীবমণ্ডল আছে।


উত্তৰঃ সত্য।


৫। অসমৰ ভৌগোলিক সীমাৰ 50% বননীয়ে আবৰি আছে।


উত্তৰঃ অসত্য।


৬। কাজিৰঙা নল গাহৰিৰ বাসস্থান।


উত্তৰঃ অসত্য।


অতি চমু উত্তৰৰ প্ৰশ্নঃ 


১। প্রজাতি বিতৰণৰ ক্ষেত্ৰত 'এণ্ডেমিছম' বা স্থায়ী বাসিন্দাৰ সম্বন্ধ।


উত্তৰঃ এন্ডেমিক প্রজাতি বিস্তাৰিত নহৈ একোটা নির্দিষ্ট স্থানত ৰৈ গৈছে। এই বিলাকৰ প্ৰজাতিৰ সংখ্যা সীমিত

আৰু বিশেষ বিশেষ অঞ্চলত পোৱা যায়।


২। আক্ৰমণকাৰী দুবিধ অপতৃণৰ উদাহৰণ দিয়া যি দুটাই আমাৰ স্থানীয় প্রজাতিসমূহক ভীত কৰিছে।


উত্তৰঃ (ক) পার্থেনিয়াম আৰু (খ) মেটেকা


৩। পৃথিৱীৰ জীৱন আৱির্ভাব হোৱাৰে পৰা কিমান বাৰ সমূহ ধ্বংসৰ ঘটনা ঘটিছে। 


উত্তৰঃ পাঁচটা।


8। লগাৰিথম অনুমাপত প্রজাতি- স্থান সমীকৰণ লিখা।


উত্তৰঃ লগ্ S = লগ্ C + Z লগ্ A


ইয়াত S = প্রজাতি প্ৰচুৰতা, Z = ৰেখাৰ ঢাল 


         C = Y ছেদাংশ


৫। জৈৱ বৈচিত্র্যৰ গুৰুত্বপূর্ণ উপাদান লিখা।


উত্তৰঃ জিন, প্রজাতি, আৰু পৰিৱেশতন্ত্র।


৬। উত্তৰ-পূৰ্বাঞ্চলৰ জৈৱ বৈচিত্র 'হটস্পট' যিটোৱে অত্যন্ত বেছি জৈব বৈচিত্র দেখুৱায় তাৰ নাম লিখা।


উত্তৰঃ ইন্দো-মায়েনমাৰ ইট্‌স্পট্।


৭। পৱিত্র বনাঞ্চল কাক বোলে?


উত্তৰঃ প্রাচীনকালৰ পৰা ভাৰতবৰ্ষত ধর্মীয় বা সাংস্কৃতিক কাৰণত কোনো কোনো অৰণ্য বা তাৰ অংশক পবিত্ৰ

অঞ্চল হিচাপে সংৰক্ষণ কৰা হৈছিল। এতিয়াও এনে সংৰক্ষিত অঞ্চল আমাৰ দেশৰ বিভিন্ন অঞ্চলত আছে।

এনে সংৰক্ষিত বনাঞ্চলক পবিত্র বনাঞ্চল বোলা হয়।


৮। প্ৰাণীৰ ভিতৰত কোন শ্রেণী বিভাগ প্রজাতি হিচাপে অত্যন্ত চহকী?


উত্তৰঃ কীট-পতঙ্গ।


৯। অনা স্থানত সংৰক্ষণ কি?


উত্তৰঃ কোনো জীৱ উৎপত্তি স্থলত বা তাৰ বিশেষ প্রাকৃতিক পৰিৱেশত সংৰক্ষণ কৰিব নোৱাৰিলে তাক অন্য

স্থান বিশেষ কৰি উদ্ভিদ/প্রাণী উদ্যান, বন্যপ্রাণী দৰ্শনৰ উদ্যান আদিত সংৰক্ষণ কৰাকে অন্যস্থানত সংৰক্ষণ

বুজায়।


১০। যেতিয়া প্রাণী নিজৰ স্থানত সংৰক্ষণ কৰা হয় তেতিয়া তাক কি বোলে?


উত্তৰঃ স্বস্থানত সংৰক্ষণ বোলে।


১১। জৈৱ বৈচিত্ৰৰ এটি গুৰুত্বপূৰ্ণ দিশ লিখা।


উত্তৰঃ জৈৱ বৈচিত্র্যৰ ওপৰত পৰিৱেশততন্ত্ৰৰ গঠন, স্থিতি আৰু সেৱা নিৰ্ভৰ কৰে।


১২। প্রজাতি বৈচিত্র কি?


উত্তৰঃ প্ৰজাতি বৈচিত্র মানে অধিক প্রজাতি থকা বুজায়। কোনো অঞ্চলত মাত্র কেইবিধমান প্রজাতি থাকিব পাৰে

কিন্তু অন্য এটি অঞ্চলত বিভিন্ন ধৰণৰ প্ৰজাতিৰ বাস দেখা যায়। শেষৰ অঞ্চলত প্রজাতি বৈচিত্র অধিক।


চমু প্রশ্নোত্তৰ:


১। জীৱ বৈচিত্ৰৰ তিনিটা স্তৰৰ সম্পৰ্কে চুটিকৈ লিখা।


উত্তৰঃ জৈৱ বৈচিত্ৰ জীৱদেহৰ অণু পৰমাণুৰ পৰা আৰম্ভ কৰি পৰিবেশততন্ত্ৰলৈ বিস্তৃত। জৈৱ বৈচিত্ৰ প্ৰকাৰ

হিচাপে আমি তলত উল্লেখ কৰা ভাগত ভগাব পাৰোঁ


(ক) অণুবংশীয় বৈচিত্র্যঃ একোটা প্ৰজাতিৰ ভিতৰত অসংখ্য ধৰণৰ অনুবংশীয় বৈচিত্র্য থকা যায়। প্ৰজাতিৰ

ফালৰ পৰা যদিও এইবিলাক দেখাত একেই কিন্তু এই বিলাকৰ মাজত সূক্ষ্ম আনুবংশিক পার্থক্য থাকে যাৰ বাবে

সূক্ষ্ম গুণগত পার্থক্যও থাকে। উদাহৰণ হিচাপে Rauwlfia vomitoria নামৰ ঔষধি গছ হিমালয়ৰ বিভিন্ন অঞ্চলত

পোৱা যায় কিন্তু এই বিলাকৰ ঔষধী গুণৰ তাৰতম্য লক্ষ্য কৰা যায় সূক্ষ্ম পৰীক্ষাৰ দ্বাৰা। Reserpine নামৰ ৰাসায়নিক দ্রব্য যি ঔষধ হিচাপে এই গছৰ পৰা আহৰণ কৰা হয় তাৰ ঘনত্ব আৰু ঔষধৰ মান সকলোতে একে নহয়। এনে ধৰণৰ পাৰ্থক্যৰ মূল কাৰণ একে প্ৰজাতিৰ উদ্ভিদ হ'লেও বিভিন্ন পৰিৱেশত অৱস্থান কৰাৰ বাবে পৰিৱেশৰ লগত খাপ খুৱাবৰ বাবে সামান্য হ'লেও কিছু আনুবংশিক পৰিৱৰ্তনে দেখা দিয়ে আৰু ইয়াৰ ফলত এটা প্ৰজাতিৰ মাজতেই অনেক প্ৰকাৰ সৃষ্টি হয়। উদাহৰণ হিচাপে ধানৰ আৰু আমাৰ কথা ধৰা যাওক। ধানৰ প্ৰায় 50,000 আৰু আমৰ প্ৰায় 1000 প্ৰকাৰ আমাৰ দেশত পোৱা যায়।


(খ) প্রজাতি বৈচিত্র্য: পৃথিৱীৰ বিভিন্ন অঞ্চলত আনকি এখন দেশত বা এখন পর্বতত বা এখন বনানিত বিভিন্ন

ধৰণৰ প্ৰজাতিৰ উদ্ভিদ আৰু প্রায় দেখা যায়। পৰুৱা সাপ, ভেকুলী, ঘাঁহ আদিৰ অসংখ্য প্রজাতি থকাৰ কথা আমি

জানো। তেনেকৈ একোটা গোত্ৰত অনেক গণ আৰু একোটা গণত অনেক প্রজাতি থাকিব পাৰে।


(গ) পৰিৱেশ সম্পৰ্কীয় বৈচিত্র্য: একোটা দেশৰ আয়তন আৰু অৱস্থান চাই অসংখ্য ধৰণৰ পৰিৱেশতন্ত্র থাকিব

পাৰে। আমাৰ দেশত যেনেকৈ বৃষ্টি অৰণ্য, পার্বত্য অৰণ্য, সমতলৰ অৰণ্য, মৰুভূমি, মেঙ্গগ্রস্, জলাভূমি, ঘাঁহনি,

সাগৰৰ দাঁত কাষৰিয়া অঞ্চলৰ লবণাক্ত জলাভূমি আদিৰ সকলোৱেই একো একোটা পৰিৱেশতন্ত্র সৃষ্টি কৰে। সৰু

দেশ একোটাত ইমান বিভিন্ন ধৰণৰ পৰিবেশতন্ত্র দেখা নাযায়।


একো একোটা পৰিৱেশতন্ত্র গঠন হওঁতে লক্ষ লক্ষ বছৰ লাগি যায় কিন্তু আমাৰ অপকৰ্মৰ ফলত এশ বা দুশ বছৰত

এনে একোটা পৰিবেশতন্ত্র ধ্বংস হৈ যাব পাৰে। পৰিবেশতন্ত্র ধ্বংসৰ মূল কাৰণ প্ৰজাত ধ্বংস। মানুহে বাছি বাছি

প্রজাতি ধ্বংস কৰে নিজৰ প্ৰয়োজন পূৰাবৰ বাবে। একোটা প্রজাতি ধ্বংস হ'লে লগতে অনেক প্রজাতিও ধ্বংসৰ

মুখত পৰে আৰু ক্রমে ক্রমে সম্পূর্ণ একোটা পৰিৱেশতন্ত্র লুপ্ত হৈ পৰে। জৈৱ বৈচিত্র্যই আমাৰ আৰু সমগ্ৰ প্ৰাণী

আৰু উদ্ভিদৰ জীয়াই থকাৰ সমল যোগায়। আমাৰ কৃষি আৰু অন্যান্য উৎপাদন সম্পর্কীয় ব্যৱস্থা ভাঙি পৰিব যদি

জৈৱ বৈচিত্র্য নষ্ট হৈ যায়।


২। পৰিৱেশতন্ত্রত প্রজাতি বৈচিত্র্যৰ গুৰুত্ব সম্পর্কে লিখা।


উত্তৰঃ এটি পৰিবেশতন্ত্রক সুস্থভাৱে পৰিচালিত হ'বলৈ প্ৰজাতিৰ বৈচিত্র্যৰ ওপৰত নিৰ্ভৰশীল হয় নে নহয় এইটো

অধ্যয়নৰ প্ৰচেষ্টা কৰা হৈছে। এটি পৰিৱেশতন্ত্র কিমান দূৰ স্থায়ী ইয়াৰ উৎপাদন ক্ষমতা কিমান পুনগঠন ক্ষমতা

কিমান, ই অন্য ঠাইৰ প্ৰজাতি বসতি কৰিবৰ প্ৰচেষ্টা কৰিলে কিমান দূৰ বাধা দিব পাৰে ইত্যাদিৰ ওপৰত

পৰিৱেশতন্ত্ৰৰ স্থায়িত্ব নিৰ্ভৰ কৰে। David Tilman ৰ এটি পৰীক্ষাৰ পৰা জনা গৈছে যে পৰিৱেশতন্ত্র যিমানেই

প্রজাতিত চহকী হ'ব, সিমানেইই স্থায়ী হ'ব অর্থাৎ তাৰ সামূহিক জীৱ-ভৰ উৎপাদন ক্ষমতা স্থিৰ থাকিব। আমি

এতিয়াও নাজানো প্রজাতি বৈচিত্র্য পৰিৱেশতন্ত্ৰৰ বাবে কিমান সুফল প্রদান কৰে কিন্তু আমি নিশ্চিত যে

পৰিৱেশতন্ত্ৰৰ জৈৱ বৈচিত্র্য আমাৰ জীয়াই থাকিবৰ বাবে অতি প্রয়োজন। আমি দৈনন্দিন জীৱনত কিমান ধৰণৰ

প্ৰজাতিৰ ওপৰত নিৰ্ভৰ কৰো এবাৰ ভাবি চোৱা। আমি কি কি বস্তু খাওঁ, কি পিন্ধো, কিহেৰে ঘৰ সাজো, আমাৰ ঘৰ

আৰু বাহিৰত কি কি সৰঞ্জাম ব্যৱহাৰ কৰো আদি বিচাৰ কৰিলে বুজিব পাৰিবা যে এই সকলোবোৰ উৎপাদন কৰে

বিভিন্ন প্রজাতিয়ে। আমাৰ কৃষি উৎপাদন, খেতি পথাৰ ৰক্ষা কৰা আদিত কিমান ধৰণৰ পতঙ্গই আমাক সহায়

কৰে জানিলে আচৰিত হ'বা। আমাৰ খেতি মাটিৰ উৰ্বৰা শক্তি বজায় ৰাখিবলৈ অজস্ৰ ধৰণৰ জীৱাণুয়ে আমাৰ

সহায় কৰে। আমি নাজানো অনেক প্রজাতি চিৰদিনৰ বাবে ধ্বংস কৰি পেলাইছো। এটা প্রজাতি জীয়াই থাকিলে

ক্রমবিবৰ্তনৰ ফলত অন্য প্ৰজাতিৰ সৃষ্টি হয়। আদিতে পৃথিৱীত ইমান প্রজাতি নাছিল। ক্রমবিৱৰ্তনৰ ফলত আজি

আমাৰ প্ৰয়োজনত লগা অসংখ্য প্রজাতি সৃষ্টি হৈছে। আজিৰ প্ৰজাতিসমূহ ধ্বংস নোহোৱাকৈ ৰাখিলে ভবিষ্যতে

অধিক গুণসম্পন্ন অনেক প্ৰজাতিৰ সৃষ্টি হ'ব পাৰে। আৰু এটা মনত ৰখা উচিত যে একোটা প্রজাতিক আশ্ৰয় কৰি

অন্য অনেক প্রজাতি যেনে পোক-পৰুৱা, চৰাই, কীট, লতা জাতীয় আৰু পৰবাসী উদ্ভিদ আদি জীয়াই থাকে।

তেনে একোটা প্রজাতিক আশ্ৰয় কৰি অন্য অনেক প্রজাতি যেনে পোক-পৰুৱা, চৰাই, কীট, লতা জাতীয় আৰু

পৰবাসী উদ্ভিদ আদি জীয়াই থাকে। তেনে একোটা প্রজাতি সম্পূর্ণ ধ্বংস হ'লে এই সকলো বিলাকো ধ্বংস হয়।

আমাৰ পৰিৱেশতন্ত্ৰত থকা সকলো প্রজাতি কোনো নহয় কোনো ভাবে আমাক সহায় কৰে। এটি পৰিৱেশতন্বত

সকলো প্রজাতি এটি বৃহৎ খাদ্য জালত আৱদ্ধ।


৩। বিদেশী প্রজাতি কোনো অঞ্চলত আনি প্ৰৱৰ্তন কৰা কিয় বিপদজনক?


উত্তৰঃ বিদেশৰ পৰা যেতিয়া কোনো প্রজাতি আনি দেশত স্থাপন কৰা হয় তেতিয়া নানা প্রতিক্রিয়াই দেখা দিব

পাৰে। যেনে - জীৱটোৰ বৰ্তমান দেশত তাৰ স্বাভাৱিক প্রতিযোগী নাথাকে, তাক আক্ৰমণ কৰা বীজাণু, কীট, পলু

আদি নাথাকিব পারে গতিকে ইয়াৰ প্ৰচণ্ডভাৱে বৃদ্ধি হ'বলৈ ধৰে। ফলত স্থানীয় প্ৰজাতিৰ ওপৰত আধিপত বিস্তাৰ

কৰিবলৈ সক্ষম হয়।


8। আবাসভূমি খণ্ড বিখণ্ড হ'লে কেনেকৈ জৈৱ বৈচিত্র্য হ্রাস হয়?


উত্তৰঃ যেতিয়া জীৱৰ বৃক্ষ আৱাসভূমি খণ্ডিত হয় তেতিয়া জীৱৰ বিচৰণৰ ঠাই সীমিত আহে। পৰ্য্যাপ্ত খাদ্য বস্তুৰ

নাটনী হয় আৰু মানুহৰ চিকাৰ হয়। খণ্ড বিখণ্ড হ'লে মানুহৰ কাৰ্য্যকলাপ বৃদ্ধি পায়, নতুন নতুন জনবসতি সৃষ্টি

হয় আৰু তাৰ ফলা অধিক বন ধ্বংস হয় আৰু লগে লগে বন্য জীৱৰ পৰিৱেশ আৰু অধিক বেয়া হয়। ফলত বন্য

জীৱ উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতিৰ সংখ্যা কমি আহে।


৫। সহ বিলুপ্তিৰ সংজ্ঞা দিয়া।


উত্তৰঃ যেতিয়া এটা প্রজাতি বিলুপ্ত হয় তেতিয়া তাৰ সহায়ত জীয়াই থকা অনেক প্রজাতিৰ বিলুপিত ঘটে।


৬। অন্যস্থানত সংৰক্ষণত প্রাণী উদ্যান আৰু উদ্ভিদ উদ্যানৰ গুৰুত্ব বর্ণনা কৰা।


উত্তৰঃ যেতিয়া কোনো প্রাণী বা উদ্ভিদ নিজৰ স্বাভাৱিক পৰিৱেশত জীয়াই ৰখা সম্ভৱ হৈ উঠা নাই তেতিয়া তাক

আনি প্রাণী উদ্যান বা উদ্ভিদ উদ্যানত সংৰক্ষণ কৰাকে অন্যস্থানত সংৰক্ষণ কৰা বুজায়। এনেকুৱা উদ্যানত

এনে প্রাণী বা উদ্ভিদক সংৰক্ষণৰ উপযুক্ত বাতাবৰণ যোগান ধৰা হয় আৰু এই বিলাকৰ প্ৰজননৰ জৰিয়তে সংখ্য়া

বৃদ্ধি কৰা হয়।


৭। সংৰক্ষিত অঞ্চলৰ সংজ্ঞা দিয়া।


উত্তৰঃ সংৰক্ষিত অঞ্চল মানে এটুকুৰা সুনির্দিষ্ট ভৌগোলিক স্থান য'ত প্রজাতি বৈচিত্র্য ৰক্ষা কৰিবলৈ কিছুমান

নিয়ম বান্ধি দিয়া হৈছে। ইয়াৰ ফলত এই অঞ্চলত থকা প্রাণী আৰু উদ্ভিদৰ কোনেও ক্ষতি কৰিব নোৱাৰে। প্ৰাণী

আৰু উদ্ভিদৰ প্ৰজাতিসমূহে স্বাভাৱিক পৰিবেশত জীয়াই থাকি পৰিৱেশৰ লগত খাপ খুৱাই স্বাভাৱিকভাৱে বিৱৰ্তন

হৈ থাকিবৰ সুযোগ পায়।


৮। ৰাষ্ট্ৰীয় উদ্যান কি?


উত্তৰঃ জীৱ-জন্তু, উদ্ভিদ, প্রাকৃতিক তথা ঐতিহাসিক স্বাৱৰ-অস্থাৱৰ জাতীয়তাবোধৰ প্ৰমূল্য থকা যিকোনো

সম্পদ সংৰক্ষণৰ বাবে আইনৰ দ্বাৰা সুৰক্ষিত একোটা সংৰক্ষিত বৃক্ষ বনাঞ্চলক ৰাষ্ট্ৰীয় উদ্যান বোলা হয়।

অসমত দুটা ৰাষ্ট্ৰীয় উদ্যান আছে- (ক) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু (খ) মানস ৰাষ্ট্ৰীয় উদ্যান (ব্যাঘ্র প্রকল্প)


Type Himanku Bora


New Update 2026