মানৱ প্ৰজনন | অধ্যায় ৩ | Chapter 3 | Class 12 Biology Solution Assamese Medium | HS 2nd Year Biology Assam | Human Reproduction

মানৱ প্ৰজনন

  প্ৰশ্নমালা

(ক) অতি চমু প্রশ্নোত্তৰ:

খালী ঠাই পুৰ কৰা:

১। জনন কোষৰ সৃষ্টি হোৱা প্রক্রিয়াটোক ______বোলে।

উত্তৰঃ জনন কোষৰ উৎপত্তি।

২। স্তন্যপায়ীৰ শুক্রাশয়বোৰ উদৰ গহ্বৰৰ বাহিৰৰ চৰ্মখোটালী এটাৰ বাহিৰত থাকে যাক ______বোলা হয়।

উত্তৰঃ বৃষণকোষ বা স্ত্র'টাম।

৩। বিকশিত ফলিকুলৰ পৰা এটা ডিম্ব ওলাই অহা প্রক্রিয়াটোক ______বোলে।

উত্তৰঃ ডিম্বক্ষবণ।

৪। ডিম্বাণু ক্ষৰণত সহায় কৰা হ'মনবিধ হৈছে______।

উত্তৰ: LH বা লিউটেনাইজিং হ'মন।

৫। এটা স্ত্রী আৰু এটা পুং জননকোষৰ মিলনক______বোলে।

উত্তৰঃ নিষেচন।

৬। ______য়ে প্রথম মিঅ'ছিছ বিভাজনৰ দ্বাৰা দ্বিতীয় শুক্রকোষৰ সৃষ্টি কৰে।

উত্তৰঃ প্রাথমিক শুক্রকোষ।

৭। যোজনকোষ বিভাজিত হৈ ______গঠন কৰে যাক স্থান কৰা হয় জৰায়ুত।

উত্তৰঃ ভ্রূণ।

৮। ভ্রূণ আৰু মাতৃৰ জৰায়ুৰ মাতৃৰ জৰায়ুৰ মাজত সংযোগ স্থাপন কৰা অংশটোক ______বোলে।

উত্তৰঃ অমৰা।

৯। যোজন কোষৰ পৰা ব্লাষ্টুলা হোৱা প্রক্রিয়াটোক______বোলে। 

উত্তৰঃ বিদলন।


১০। মানুহৰ স্ত্ৰীৰ গৰ্ভবধি কাল______।

উত্তৰঃ ন মাহ।

১১। স্ত্রী ঋতুচক্র বন্ধ হৈ যোৱাকে বোলে।

উত্তৰঃ বজঃ অবসান।

১২। প্রজেষ্টেৰ'ন নিঃসৰণ কৰে______।

উত্তৰঃ পীতপিণ্ডই।

১৩। ৰজঃচক্ৰৰ নিঃসৰিত দশাটোক -বুলিও কোৱা হয়।

উত্তৰঃ পীত দশা।

১৪। প্রতিটো ডিম্ব শ্রোণী আৱৰণ আৰু জৰায়ুৰ আৱৰণৰ লগত______ৰে সংযোজিত হৈ থাকে।

উত্তৰঃ লিগামেন্ট।

১৫। শুক্রাণুৰ শিৰটো ______ৰে গঠিত।

উত্তৰঃ উৎসেচকেবে।

১৬। ______এটা জৰায়ুজ প্ৰাণীৰ উদাহৰণ।

উত্তৰঃ স্তন্যপায়ী (মানুহ, বান্দৰ)।

১৭। পুংজনন কোষ আৰু স্ত্রীজনন কোষৰ মিলনক ______বোলে।

উত্তৰঃ নিষেচনষ।

১৮। কোষক পুষ্টি যোগান ধৰাই হ'ল চাৰৰ্ট'ৰিল কোষবোৰ কাৰ্য্য। ১৮।

উত্তৰঃ পুংজনন কোষ বা শুক্রাণু।

শুদ্ধ নে অশুদ্ধ:


১। মানুহে ওভ ভিভিপেৰাচ) মাতৃদেহৰ ভিতৰত কণীৰ বিকাশ হৈ পিছত সন্তান জন্ম দিয়ে

উত্তৰঃ অশুদ্ধ।

২। শুক্রজনি নলীবোৰৰ মাজৰ অন্তৰ্বতী স্থানত লেইদিগ কোষবোৰ থাকে।

উত্তৰঃ শুদ্ধ।

৩। ডিম্বাশয়ৰ ওচৰতে থকা ফেল পিয়ান নলীৰ চুপী আকৃতিৰ অংশটোক যোজক বোলে।

উত্তৰঃ অশুদ্ধ।

৪। দ্বিতীয়ক শুক্রকোষত এগুণাত্মক ক্র'ম'জম থাকে।

উত্তৰঃ শুদ্ধ।

৫। শুক্রাণুজনন কোষবোৰ মাইট ছিছ প্ৰক্ৰিয়াৰে বিভাজিত হয়।

উত্তৰঃ শুদ্ধ।

৬। GnRH এবিধ পিটুইটাৰীৰ আগভাগৰ পৰা ওলোৱা হ'মন।

উত্তৰঃ অশুদ্ধ।

৭। প্রাথমিক অণ্ডকোষৰ ফলিকুলক গ্রেফিয়ান ফলিকুল বুলিও জনা যায়।

উত্তৰঃ অশুদ্ধ।

৮। মানুহৰ পুৰুষৰ দেহত XY যৌন ক্রম 'জোম থাকে।

উত্তৰঃ সঁচা।

৯। মৰুলাৰ পাৰ ব্লাষ্ট চিষ্ট গঠন হয়।

উত্তৰঃ সঁচা।

১০। স্ত্রী জনন কোষত এক্র'জোম পোৱা যায়।

উত্তৰঃ মিছা।

(খ) চমু প্রশ্নোত্তৰ:

১। স্ত্রী আৰু পুৰুষৰ প্ৰজননকালৰ বয়সৰ তাৰতম্য লিখা।

উত্তৰঃ পুৰুষদেহত বৃদ্ধকাললৈকে শুক্রাণু জনন কার্য চলি থাকে যদিও পঞ্চাশ বছৰ বয়সৰ ওচৰ পালেই স্ত্রীদেহত ডিম্বাণুজনন ক্রিয়া কমি আহে।

২। মূত্ৰপথিয় কুহৰ কি?

উত্তৰঃ মূত্রাশয়ৰ পৰা উৎপত্তি হোৱা মূত্ৰপথ পুষাংগ বা শিশ্বৰ মাজেৰে বাঢ়ি গৈ বাহিৰলৈ যিটো পথত মুকলি হয় তাক মূত্ৰপথিয় কুহৰ বোলে।

৩। দুটা অতিৰিক্ত পুংলৈংগিক গ্রন্থিৰ নাম লিখা।

উত্তৰঃ এযোৰ শুক্রস্থলী আৰু এযোৰ কন্দমূত্ৰপথিয় গ্রন্থি।

৪। শুক্রীয় জীৱদ্রব্য গঠন হোৱা পদার্থসমূহ লিখা।

উত্তৰঃ অতিৰিক্ত পুংলৈংগকি গ্ৰন্থীবোৰে ক্ষৰণ কৰা পদার্থসমূহক লৈ শুক্রীয় জীৱদ্রব্য গঠিত হয়। ইয়াত যথেষ্ট পৰিমাণে ফুক্ট'জ, কেলচিয়াম আৰু কেতবোৰ বিশেষ উৎসেচক পোৱা যায়।

৫। শুক্ৰক্ষৰণ মানে কি?

উত্তৰঃ স্পাৰ মিঅ'জৈনেচিছ প্রক্রিয়াৰে প্ৰাক শুক্রাণুবোৰ শুক্রাণুত পৰিণত হোৱাৰ পিছত পৈণত শুক্রাণুবোৰে মূৰবোৰ চাৰ্টলী কোষবোৰত গুজি দিয়ে। ইয়াৰ পিছত শুক্রজনি নলীকাবোৰৰ পৰা শুক্রাণুবোৰ উলিয়াই দিয়া হয় যাক শুক্রক্ষৰণ বোলে।

৬। এক্ৰ'জমৰ কাম কি?

উত্তৰঃ এক্ৰ'জমটো উৎসেচকেৰে পৰিপূৰ্ণ হৈ থাকে আৰু ইহঁতে ডিম্বাণু নিষেচনত সহায় কবে।

৭। শুক্রাণুত মাইট'কন্দ্রিয়া কিয় থাকে?

উত্তৰঃ শুক্রাণুৰ মধ্যখণ্ডত অসংখ্য মাইট'কন্দ্রিয়া থাকে, যিবোৰে নিষেচনৰ সময়ত পুচ্ছ সঞ্চালনৰ বাবে শুক্রাণুক আৱশ্যক হোৱা শক্তিৰ সৃষ্টি কৰে।

৮। অতিৰিক্ত পুংজনন নলী আৰু গ্ৰন্থিবোৰৰ কাৰ্য্য পৰিচালিত কৰা হ'ৰ্মনৰ নাম লিখা।

উত্তৰঃ এন্ড্র'জেন।

৯। বীর্য্য কি?

উত্তৰঃ শুক্রাণুৰে সৈতে শুক্রীয় জীৱদ্রব্য লগ হৈ গঠন হোৱা পদার্থখিনিক বীৰ্য্য বোলে।

১০। নাৰীৰ ডিম্বাশয়ত কিয় এক সীমিত সংখ্যক প্রাথমিক ফলিকুল থাকে?

উত্তৰঃ এটা বৃহৎ সংখ্যাৰ প্ৰাথমিক ফলিকূল নাৰীৰ জন্মৰ পৰা যৌবন প্রাপ্তিলৈকে, এই কালছোৱাত ক্রমে অৱক্ষয় হয়। সেয়ে যৌবন প্রাপ্তিৰ সময়ত নাৰীদেহত এক সীমিত সংখ্যক প্রাথমিক ফলিকূলহে (৬০,০০০ ৰ পৰা ৮০,০০০) ৰৈ যায়।

১১। ডিম্বক্ষৰণ বুলিলে কি বুজা?

উত্তৰ: গ্রেফিয়ান ফলিকূলটো ফাটি ডিম্বাশয়ৰ পৰা দ্বিতীয়ক অণ্ডকোষটো ওলাই অহা প্রক্ৰিয়াটোক ডিম্বক্ষৰণ বোলে।

১২। ৰজঃচক্ৰ মানে কি?

উত্তৰঃ প্রাইমেট গ্ৰুপৰ প্ৰাণী যেনে- বান্দৰ, গৰিলা, মানুহ আদিত স্ত্রীদেহত চলি থকা প্রজনন চক্ৰটোক ৰজঃচক্র বোলে।

১৩। কর্পাচ লিউটিয়াম কেনেদৰে গঠন হয়?

উত্তৰঃ ডিম্বাণুক্ষৰণৰ ঠিক পিছতেই আৰম্ভ হোৱা পীত দশাত ডিম্বাণুক্ষৰপৰ পিছত বৈ যোৱা গ্রেফিয়ান ফলিকূলৰ বাকী অংশই পীতপিণ্ড বা কর্পাচ লিউটিয়ামৰ গঠন কৰে।

১৪। ডিম্বাণুৰ নিষেচন নহ'লে পীতপিণ্ডৰ কি হয়?

উত্তৰঃ ডিম্বাণুৰ নিষেচন নহ'লে পীতপিণ্ড নষ্ট হৈ যায় আৰু লগতে এণ্ডমেট্রিয়ামৰ ভংগনৰ ফলত ঋতুস্রাব হয়।

১৫। ৰজঃঅৱসান কি?

উত্তৰঃ এটা নির্দিষ্ট বয়সৰ পিছত ঋতুচক্র বন্ধ হৈ যোৱা প্ৰক্ৰিয়াটোক ৰজঃঅৱসান বোলে।

১৬। পীতপিণ্ডই ক্ষৰণ কৰা পদার্থবিধৰ নাম লিখা।

উত্তৰঃ পীতপিণ্ডই প্রজেষ্টেৰণ নামৰ হ'ৰ্মণ ক্ষৰণ কৰে।

১৭। নিষেচন কি?

উত্তৰঃ শুক্রাণু এটাৰ ডিম্বাণু এটাৰ সৈতে হোৱা মিলনকে নিষেচন বোলে।

১৮। তুমি মানুহৰ ক্ৰ'মজ 'ম অধ্যয়ন কৰি আছা আৰু দুডাল সাইলাখ একে ক্র'ম'জম পালা। মানুহটোৰ লিংগ কি হ'ব?

উত্তৰঃ যিহেতু দুডাল সাইলাখ একে ক্র'ম'জম পোৱা গৈছে গতিকে মানুহটো স্ত্রী লিংগৰ হ'ব।

১৯। শুক্রাণুত কিমান যৌন ক্র'মজম থাকে?

উত্তৰঃ শুক্রাণু এগুণ ক্ৰ'ম জমযুক্ত অর্থাৎ দেহকোষৰ (2n) আধা (n) সংখ্যক ক্র'ম'জন থাকে।

২০। ব্লাষ্টচিষ্ট বা বীজপুটীত পোৱা কোষৰ দুটা ওৰপ কি কি?

উত্তৰঃ ট্র'ফ'ব্লষ্ট হৈছে বীজপুটীৰ বাহ্যিক আৱৰণ আৰু আভ্যন্তৰীণ কোষ সমষ্টি হৈছে ভিতৰুৱা কোষ সমষ্টি।

২১। এনে এটা অংগৰ নাম লিখা যি দুটা ভিন্ন প্ৰাণীৰ কলাৰ পৰা গঠন হয়?

উত্তৰঃ অমৰা বা প্লেচেণ্টা।

২২। ঋতুচক্রৰ লিউটেল দশা বা ক্ষৰণ স্তৰৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ ক্ষৰণ স্তৰঃ এই স্তৰৰ সময়কাল ১২-১৪ দিন অর্থাৎ এই স্তৰ ঋতুচক্ৰৰ ষোল্ল দিনৰ পৰা আৰম্ভ হৈ ১৪ দিনলৈকে থাকে। এই স্তৰত জৰায়ুৰ এন্ডোমেট্রিয়েল স্তৰৰ বৃদ্ধি হয় আৰু ই ভ্রূণ উপস্থাপনৰ কাৰণে সাজু হয়। গ্রান্থকোষবোৰৰ ক্ষৰণ বাঢ়ি যায়। কর্পাছ লুটিয়ামৰ বৃদ্ধি হয় আৰু ই অধিক প্ৰ'জেষ্টেৰণ হৰম'ন ক্ষৰণ কৰে। তেজত প্ৰ'জেষ্টেৰণ হৰম'নৰ মাত্রা অতিবৃদ্ধিৰ ফলত পিটুইটাৰী গ্রন্থিয়ে উদ্দীপক হৰম'নৰ FSH বা LH ক্ষৰণ বন্ধ কৰি দিয়ে। ফলস্বৰূপে ডিম্বৰ পৰিপক্কতা বা ডিম্ব নিঃসবণ বন্ধ হয়।

২৩। স্ক্র টাম বা বৃষণকোষৰ ভিতৰত শুক্রাশয় থকাৰ ফলত কি সুবিধা হয়?

উত্তৰঃ স্ক্র'টাম বা বৃষণ কোষে শুক্রাশয়ত শুক্রাণুজননৰ বাবে আবশ্যকীয় নিম্ন উষ্ণতা ৰক্ষা কৰাত সহায় কৰে, যিটো দেহৰ স্বাভাবিক উষ্ণতাতকৈ ২-২.৫° ছেঃ কম।

২৪। শুক্রজনি নলীকাত পোৱা দুই ধৰণৰ কোষৰ কাম লিখা।

উত্তৰঃ শুক্রজনি নলীকাত দুই প্ৰকাৰৰ কোষ পোৱা যায়-

(ক) পুংজনন কোষ আৰু (খ) চার্টলী কোষ

(ক) পুংজননকোষ বা শুক্রাণুজনন কোষৰ পৰা শুক্রাণুৰ সৃষ্টি হয় আৰু

(খ) চার্টলী কোষে জননকোষবোৰক পুৰিপুষ্টি যোগায়।

২৫। মানুহৰ জনন কাৰ্য্যৰ লগত জড়িত থকা বিভিন্ন প্রক্রিয়াসমূহৰ নাম লিখা।

উত্তৰঃ মানুহৰ জনন কাৰ্য্যৰ লগত জড়িত বিভিন্ন প্রক্রিয়াসমূহ হ'ল-

(ক) পুং আৰু স্ত্রী জননকোষৰ উৎপত্তি।

(খ) স্ত্রী জনন নলীলৈ শুক্রাণুৰ স্থানান্তৰ বা শুক্রনিক্ষেপ।

(গ) নিষেচন

(ঘ) যোজন কোষৰ পৰা বীজপুটীৰ গঠন আৰু বিকাশ

(ঙ) আবোপণ

(চ) আৰোপণ

(ছ) গর্ভাবধি আৰু

(জ) সন্তান প্রসৰ

২৬। লেইডিগ কোষ কি? ইয়াৰ কাম লিখা।

উত্তৰঃ লেইডিগ কোষবোৰ হৈছে শুক্রজনি নলীকাবোৰৰ বাহিৰে বাহিৰে থকা অন্তর্বীত স্থানত পোৱা কিছুমান

অন্তর্বতী কোষ। এই লেইডিগ কোষবোৰে এণ্ড 'জেন নামৰ শুক্রাশয়ৰ হ'মন সংশ্লেষণ আৰু ক্ষৰণ কৰে।


২৭। ফলিকূল উদ্দীপক হ'মণ (FSH) আৰু লিউটেনাইজিং হ'মৰ্গ (LH) ৰ কাম লিখা।


উত্তৰঃ FSH হ'মর্ণে চার্টলী কোষবোৰৰ ওপৰত ক্ৰিয়া কৰি স্পাৰমিওজেনেছিছ প্রক্রিয়াত সহায় কৰা কিছুমান

কাৰ ক্ষৰম ঘটায়। আনহাতে LH হ'মর্ণে শুক্রাশয়ৰ লেইডিগ্‌ কোষবোৰক উদ্দীপ্ত কৰি এই কোষবোৰত এন্ড্র'জেন

নামৰ হ'মৰ্ণবিধৰ সংশ্লেষণ আৰু ক্ষবণ ঘটায়, যিয়ে শুক্রাজনি নলীত শুক্রাণুজনন হোৱাৰ উদ্দীপনা যোগায়।

২৮। শুক্রাণু এটাৰ শিৰৰ গঠন লিখা।

উত্তৰঃ শুক্রাণুৰ শিৰত এটা দীঘলীয়া আৰু এগুণাত্মক ক্র'ম'জ 'মযুক্ত কোষকেন্দ্র থাকে। ইয়াকে অগ্রভাগক এক্র'জ'ম নামৰ টুপীসদৃশ অংশ এটাই আগুৰি থাকে। এই ক্ৰ'ম'জ 'মটো উৎসেচকেৰে পৰিপূৰ্ণ হৈ থাকে আৰু এই উৎসেচকবোৰে ডিম্বাণু নিষেচনত সহায় কৰে।

২৯। অণ্ডকোষৰ সৃষ্টিৰ সময়ত কোষপ্ৰৰসত অসমান বিভাজন কিয় হয় লিখা।

উত্তৰঃ ডিম্বজনন প্রক্রিয়াত তৃতীয়ক ফলিকূলৰ ভিতৰত থকা প্রাথমিক অণ্ডকোষটো আকাৰত বৃদ্ধি পায় আৰু প্রথম মিঅ'ছিছ বিভাজন সম্পূর্ণ কৰে। ই এটা অসমান বিভাজন কিয়নো, ইয়াৰ অন্তত এগুণাত্মক দুটা কোষ সৃষ্টি হয়, যাৰ এটা ডাঙৰ-দ্বিতীয়ক আণ্ডকোষ আৰু আনটো ক্ষুদ্র আকৃতিৰ মেৰুকায়।

৩০। ৰজঃচক্ৰৰ ফলিকূলীয় দশাত স্ত্ৰীৰ দেহৰ কেনেকুৱা পৰিবৰ্তন হয়?

উত্তৰঃ ফলিকুলীয় দশা হৈছে বজঃচক্ৰৰ দ্বিতীয় দশা। এই দশাত ডিম্বাশয় থকা প্রাথমিক ফলিকূলবোৰ লাহে লাহে পৈণত হৈ গ্রেফিয়ান ফলিকুললৈ ৰূপান্তৰিত হয়। একে সময়তে জৰায়ুৰ ভিতৰত আগতে ভাঙি যোৱা এন্ডোমেট্রিয়াম তৰপটোৰ প্ৰচুৰোম্ভকন। প্ৰক্ৰিয়াৰে পুনৰ গঠন হয় আৰু এই গোটেইবোৰ পিটুইটাৰী আৰু ডিম্বাশয়ৰ পৰ ক্ষৰণ হোৱা কেতবোৰ হ'ৰ্মণৰ মাত্ৰাৰ দ্বাৰা আবেশিত আৰু পৰিচালিত হয়।

ৰচনাধর্মী প্রশ্নোত্তৰ

১। শুক্রাশয়ৰ গঠন চিহ্নিত চিত্র আঁকি বর্ণনা কৰা।

উত্তৰ: শুক্রাশয় হৈছে পুংজননতন্ত্ৰৰ মুখ্য অংশ। পুৰুষৰ দেহত এযোৰ শুক্রাশয় পোৱা যায়, যি উদৰ গহবৰৰ

বাহিৰত থকা বৃষণ কোষ বা ক্ৰ'টাম নামৰ চৰ্মখোটালী এটাৰ ভিতৰত থাকে আৰু যিয়ে শুক্রাণুজননৰ বাবে

আৱশ্যকীয় নিম্ন উষ্ণতা ৰক্ষাৰ কৰাত সহায় কৰে। প্রাপ্তবয়স্ক পুৰুষৰ দেহত প্রতিটো শুক্রাশয় ডিম্বাকৃতিৰ,

দৈ ৪-৫ ছে.মি. আৰু প্রস্থ ২-৩ এৰ একোখন ডাঠ আৱৰণীৰে আবৃত। প্রত্যেক প্রায় ২৫০ টা খোটালী থাকে।


এই প্রত্যেকটো খোটালীৰ ভিতৰত ১-৩ টালৈ অধিক কুণ্ডলীযুক্ত শুক্রজনি নল থাকে যাৰ ভিতৰত শুক্রাণুৰ

সৃষ্টি হয়। এই নলীবোৰৰ ভিতৰফালে এটা দুই প্ৰকাৰৰ কোষ - চার্টলী আৰু পুংজনন কোষেৰে গঠিত এটা তৰপ

থাকে। পুংজ কোষবোৰৰ মিঅ'ছিছ বিভাজন হৈ শুক্রাণুৰ সৃষ্টি হয় যাক চার্টলী কোষে পৰিপুস্টি যোগায়।

শুক্রজনি নলীকাবোৰৰ অন্তবর্তী স্থানবোৰত ক্ষুদ্ৰ ৰক্তনলী আৰু অন্তৱৰ্তী কোষ বা লেইদিগ কোষৰ সমষ্টি

থাকে।


তলত শুক্রাশয়ৰ গঠনৰ চিত্ৰ চিহ্নিত কৰি দেখুওৱা হ'ল-

 



২।মানুহৰ স্ত্ৰীজননতন্ত্ৰৰ বৰ্ণনা দিয়া।


উত্তৰঃ স্ত্রীজননতন্ত্ৰ নাৰীদেহৰ শ্রেণি অঞ্চলত থাকে; যি এযোৰ ডিম্বাশয়, জৰায়ু, জৰায়ু গ্রীৱা, যোনি আৰু বাহ্যিক

স্ত্রীজননেন্দ্রিয়বে গঠিত।

ডিম্বাশয় হৈছে প্রধান স্ত্রীজননাংগ। ইস্ত্রীজননকোষৰ সৃষ্টি কৰাৰ লগতে কেইবাবিধো ষ্টেৰইড হ'ৰ্মনৰ উৎপাদন আৰু ক্ষৰণ কৰে। স্ত্রীদেহৰ নিম্ন উদৰভাগৰ দুয়োফালে এযোৰ ডিম্বাশয় থাকে, প্রতিটো প্রায় ২-৪ ছেঃমিঃ দীঘল আৰু লিগামেণ্টৰ সহায়ত শ্ৰোণীবেৰ আৰু জৰায়ুৰ লগত সংলগ্ন। ডিম্বাশয়ৰ সাংগঠনিক দ্রব্য ডিম্বাশয়ী পিঠিকাক আগুৰি এখন পাতল অধিচ্ছদীয় আৱৰণ থাকে। এই পিঠিকা প্রান্তীয় কর্টেক্স আৰু ভিতৰফালে মেডুলা নামৰ দুটা ভাগত বিভক্ত।

ডিম্বাশয়ৰ ওচৰতে থকা ফেল'পিয়ান নলীৰ চুপী আকৃতিৰ আগভাগটোর ইনফাণ্ডিবুলাম বোলে; যাৰ পিছতে থকা ডিম্ববাহী নলীৰ বহল অংশটোক এম্পুলা আৰু শেষৰ অংশটোক যোজক বোলে। ইয়াৰ ঠেক অৱকাশিকা অংশৰ দ্বাৰা নলীডাল জৰায়ুৰ লগত সংলগ্ন হৈছে।

জৰায়ুটোক গর্ভাশয়ও বোলে আৰু ইয়াৰ আকৃতি ওলোটা নাচপতিৰ দৰে, যাক ৩ শ্রোণী অঞ্চলৰ বেৰত থকা লিগামেণ্টেৰে ধৰি ৰখা হয়। এই এটা ঠেক জৰায়ু উ গ্ৰীৱাৰ মাজেৰে যোনিত মুকলি হয়।

বাহ্যিক স্ত্রী জননেন্দ্রিয় গঠিত হোৱা বিভিন্ন অংশবোৰ হৈছে মনচ পিউবিচ, গুরু অধৰোষ্ঠ, লঘু অধৰোষ্ঠ, হাইমেন আৰু ভগশেফ।


তলত স্ত্রীজননতন্ত্ৰৰ চিত্ৰ আঁকি দেখুওৱা হ'ল-



৩। স্তনগ্রন্থিৰ গঠন পৰিষ্কাৰ চিত্ৰৰে সৈতে বৰ্ণনা কৰা।


উত্তৰঃ স্তন্যপায়ী প্রাণী সকলো স্ত্ৰৰ দেহতেই কার্যক্ষম স্তনগ্রন্থি থাকে। স্তনগ্রন্থি হ'ল যুৰীয়া গঠন য'ত গ্রন্থীয় কলা

আৰু কম-বেছি পৰিমাণে চর্বী পোৱা যায়। প্রতিটো স্তনৰ গ্ৰন্থীয় কলাবোৰ ১৫-২০ টা খণ্ডত বিভক্ত, যি কিছুমান

কোষ সমষ্টি কুপিকা বা এলভিওলিৰে গঠিত হয় আৰু এই এলভিওলিৰ কোষবোৰে দুগ্ধ ক্ষৰণ কৰে। এই দুগ্ধ

এলভিওলি গহবৰত সঞ্চিত হৈ থাকে। এলভিওলিবোৰ স্তন নলীকাত মুকলি হয় আৰু প্ৰতিটো খণ্ডৰ নলীকাবোৰ

স্তননলীত লগ লাগে। অসংখ্য স্তননলী একত্রিত হৈ বহল স্তন কলশিকা গঠন কৰে যি আকৌ দুগ্ধবাহী নলীৰ লগ

লাগে; যাৰ মাজেৰে গাখীৰ স্তনগ্রন্থীৰ পৰা বাহিৰ ওলায়।




৪। শুক্রাণুজনন প্ৰক্ৰিয়াটোৰ বৰ্ণনা কৰা।

উত্তৰঃ যি প্রক্রিয়াৰে শুক্রাশয়ত শুক্রাণুৰ উৎপাদন হয় তাকে শুক্রাণুজনন বোলে।

শুক্রাশয়ব শুক্রজনি নলীকাবোৰৰ ভিতৰফালৰ বেৰত থকা শুক্রাণুজনন কোষবোৰে প্রথমে মাইট চিছ প্ৰক্ৰিয়াৰে

বিভাজিত হৈ ইহঁতৰ সংখ্যা সঠিক কৰে, য'ত প্রতি ডালতেই দ্বিগুণ ক্র'ম 'জম থাকে। পিছত এই কোষবোৰৰ

আকাৰ বৃদ্ধি হৈ প্রাথমিক শুক্রকোষলৈ পৰিৱৰ্তন হয় য'ত সময়ে সময়ে মিঅ'চিছ বিভাজিত সম্পূর্ণ হয়। ফলত

ইয়াত এগুণাত্মক দ্বিতীয়ক শুক্রকোষৰ সৃষ্টি হয়, য'ত ২৩ ডাল ক্র'ম'জম থাকে। এতিয়া এই দ্বিতীয়ক শুক্রকোষৰ

প্রতিটোৱে দ্বিতীয় মিঅ ছিছ বিভাজনৰ দ্বাৰা চাৰিটা সমান এগুণাত্মক প্রাকশুক্রাণু গঠন কৰে, যি

স্পাৰমিওজেনেচিছ প্ৰক্ৰিয়াৰে শুক্রাণুত পৰিণত হয়।


৫। যৌৱনপ্রাপ্তিৰ বয়সত শুক্রাণুজনন প্রক্রিয়াত হ'ৰ্মনৰ ভূমিকা উল্লেখ কৰা।


উত্তৰঃ যৌৱনপ্রাপ্তিৰ বয়সত পুৰুষৰ দেহত জননকোষ উদ্দীপক হ'মর্ণ-বিমোচনকাৰী হ'ৰ্মণ ক্ষৰণৰ মাত্ৰা যথেষ্ট

বৃদ্ধি পায় আৰু ই হাইপ'থেলামাছ অংশৰ পৰা ক্ষৰণ হয়। GnRH ৰ মাত্ৰাধিক পৰিমাণে পিটুইটাৰী গ্ৰন্থিৰ

অগ্রপিণ্ডক উদ্দীপনা যোগায়; ফলত ইয়াৰ পৰা লিউটেনাইজিং হ'মন (LM) আৰু ফলিকূল উদ্দীপক হ'মন

(FSH) নামৰ দুবিধ জননকোখষ উদ্দীপক হ'ৰ্মন ক্ষৰণ হয়। LH হ'ৰ্মণে শুক্রাশয়ৰ লেইদিগ কোষবোৰক উদ্দীপনা

যোগাই কোষত এণ্ড 'জেন নামৰ হ'ৰ্মণৰ সংশ্লেষণ আৰু ক্ষৰণ ঘটায় যিয়ে শুক্রজনি নলীত শুক্রাণুজনন হোৱাৰ

উদ্দীপনা যোগায়। আনহাতে FSH হ'মর্ণে চার্টলীকোষবোৰৰ ওপৰত ক্ৰিয়া কৰি স্পাৰমিঅ'জেনেছিচ্ছ প্রক্রিয়াত

সহায় কৰা কিছুমান কাৰকৰ ক্ষৰণ ঘটায়।



Type Himanku Bora

Post ID : DABP006664


New Update 2026