মানৱ সম্পদ উন্নয়ন | অধ্যায় ৩ | Chapter 3 | Class 12 Geography solution Assamese | HS 2nd Year Geography Notes 

 মানৱ সম্পদ উন্নয়ন 

অধ্যায় ৩

_____________________________


১) উপযুক্ত উত্তৰটো বাছি উলিওৱা 

i) ২০০৫ চনৰ বিশ্বৰ মানৱ সম্পদ উন্নয়নৰ প্ৰতিবেদনৰ সুচকাংকমতে ভাৰতবৰ্ষৰ স্থান   হ'ল

(ক) ১২৬

(খ) ১২৭

(গ) ১২৮

(ঘ) ১২৯

উত্তৰঃ (খ) ১২৭ ।

ii) ভাৰতবৰ্ষৰ মানৱ সম্পদ উন্নয়ন সুচকাংক অনুসৰি কোনখন প্ৰদেশৰ স্থান শীৰ্ষত ?

(ক) তামিলনাডু 

(খ) পঞ্জাব 

(গ) কেৰালা

(ঘ) হাৰিয়ানা

উত্তৰঃ (গ) কেৰালা।

iii) ভাৰতবৰ্ষৰ কোনখন প্ৰদেশত ২০০১ চনৰ পিয়লি অনুসৰি মহিলাৰ সাক্ষৰতাৰ হাৰ সৰ্বনিম্ন ?

(ক) জন্মু আৰু কাশ্মীৰ 

(খ) পঞ্জাব 

(গ) ঝাৰখণ্ড 

(ঘ) বিহাৰ

উত্তৰঃ (ঘ) বিহাৰ।

iv) ভাৰতবৰ্ষৰ কোনখন প্ৰদেশত ০-৬ বছৰৰ বিতৰত নাবালিকা শিশুৰ লিংগৰ হাৰ সৰ্বনিম্ন ?

(ক) লাক্ষাদ্বীপ 

(খ) হাৰিয়ানা 

(গ) পঞ্জাব

(ঘ) হিমাচল প্ৰদেশ

উত্তৰঃ (গ) পঞ্জাব।

v) ভাৰতবৰ্ষৰ কোনখন কেন্দ্ৰীয়শাসিত অঞ্চলৰ শিক্ষিতৰ হাৰ সৰ্বাধিক ?

(ক) লাক্ষাদ্বীপ 

(খ) চণ্ডীগড়

(গ) দমন আৰু দিউ

(ঘ) আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ

উত্তৰঃ (খ) চণ্ডীগড়।

২) তলত দিয়া প্ৰশ্নবোৰ ৩০ টামান শব্দৰ ভিতৰত উত্তৰ দিয়া ।

i) মানৱ উন্নয়নৰ সুত্ৰটো কি লিখা ।

উত্তৰঃ ডাৰউইনৰ, মতে মানৱ সভ্যতা এইকাৰণে ইমান বিকশিত যে মানুহ আটাইতকৈ বুধিয়ক প্ৰাণী, আটাইতকৈ যুক্তিসঙ্গত যে সকলো পশুক চেৰ পেলাই আগবাঢ়ি যাব পাৰিলে। প্ৰকৃতিৰ লগত যি সংঘৰ্ষ এই সংঘৰ্ষত মানুহে আটাইতকৈ বিজয়ী প্ৰাণী। ''অযোগ্য ভোগ্য বসুন্ধৰা''।

    কিন্তু কথাটো ওলোটা। ডাৰউইন নিজেই এই সূত্ৰটোৰ বাবে অযোগ্য আছিল। সাধাৰণ মানুহ এটাইও এই সূত্ৰটো নাকচ কৰিব পাৰে। আচলতে হ'ব লাগে ''অযোগ্য ভোগ্য বসুন্ধৰা'' যি প্ৰাকৃতিক ভাৱে অযোগ্য হৈ জন্ম গ্ৰহণ কৰে সিহে নিজকে বিকাশ ঘটাব পাৰে।

    নতুন ধাৰণা মতে সকলো প্ৰাণীৰ ভিতৰত মানুহৰ সন্তানেই অসহায় হিচাপে জন্ম গ্ৰহণ কৰে। যাৰ ঘৰত পোহনীয়া জীৱ জন্তু আছে সেইসকলে ভালকৈ বুজিব পাৰিব। যদি পিতৃ-মাতৃ নাথাকে এটি শিশুৱে প্ৰকৃতিৰ লগত যুঁজ কৰিব নোৱাৰে। মানুহৰ শিশু এটি ডাঙৰ হৈ বোধগম্য হবলৈ আনৰ পৰিচৰ্যাৰ প্ৰয়োজন হবই। নহলে শিশুটি জীয়াই থাকিব নোৱাৰে।

ii) উত্তৰ ভাৰতৰ প্ৰদেশবোৰৰ অধিকাংশতেই মানৱ সম্পদ  উন্নয়নৰ হাৰ নিম্নমানৰ কিয়?  দুটা কাৰণ  কৰা ।

উত্তৰঃ উত্তৰ ভাৰতৰ প্ৰদেশবোৰৰ অধিকাংশতেই মানৱ সম্পদ নিম্নমানৰ কাৰণ সেই অঞ্চলত বসবাস কৰা লোকসকলৰ শিক্ষা ব্যৱস্থা উন্নত নহয়। আৰু কম সংখ্যক জনবসতি বাস কৰে।

উত্তৰ ভাৰতৰ প্ৰদেশবোৰৰ অধিকাংশতেই মানৱ সম্পদ উন্নয়নৰ হাৰ নিম্নমানৰ হোৱা কাৰণ দুটা হৈছে-

(১) অনুন্নত শিক্ষা ব্যৱস্থা। আৰু 

(২) নিম্নমানৰ জন্মমুৰি আয়।

৩) ১৫০ টামান শব্দৰ ভিতৰত উত্তৰ লিখা-

i) ভাৰতবৰ্ষৰ মহিলা শিক্ষিতৰ স্থানিক আৰ্হি  আলোচনা কৰা আৰু কাৰণ ব্যাখ্যা কৰা ।

উত্তৰঃ শিক্ষাই মানুহক জ্ঞানৰ পোহৰ দিয়ে, প্ৰগতিৰ পথ দেখুৱায়। শিক্ষাই মানুহৰ জীৱন নিয়ন্ত্ৰন কৰে, পৰিচালনা কৰে আৰু ভৱিষ্যতৰ গতি নিৰ্ধাৰন কৰে। এখন দেশৰ ভৱিষ্যত নিৰ্ভৰ কৰে দেশখনৰ শিক্ষা ব্যৱস্থাৰ ওপৰত। সেই শিক্ষা ব্যৱস্থাৰ লগতে বিশেষভাবে গুৰুত্বপূৰ্ণ হৈছে মহিলাসকলৰ শিক্ষা। মহিলাসকলৰ শিক্ষাৰ ওপৰত দেশখনৰ আভ্যন্তৰীন বিকাশ নিৰ্ভৰ কৰে। মহিলাসকল শিক্ষিত হৈ নুঠিলে দেশখন শিক্ষিত হ’ব নোৱাৰে। মহিলাসকল শিক্ষিত হ’লেহে তেঁওলোকৰ মাধ্যমেৰে সমাজৰ আন এটা গোষ্ঠীলৈ শিক্ষা সম্প্ৰসাৰিত হব। মাতৃ হ’ল শিশুসকলৰ প্ৰথম শিক্ষয়িত্ৰী। জন্মৰ পৰা বিদ্যালয়লৈ যোৱা সময়খিনিলৈ শিশুৰ বিকাশৰ ক্ষেত্ৰত মাকৰ ভূমিকা গুৰুত্বপূৰ্ণ। সেয়েহে মাতৃসকলৰ শিক্ষা শিশুৰ বাবে বেছি প্ৰয়োজনীয়। মাতৃয়ে আদৰ্শৰ প্ৰতীক ৰূপে শিশুৰ মনত ধৰা দিয়ে। জাতিৰ পিতা মহাত্মা গান্ধীয়ে কৈছিল, “শিশু শিক্ষাৰ সমস্যা সমাধান কৰিবলৈ হ’লে নাৰী শিক্ষাৰ সমস্যা দূৰ কৰিব লাগিব। যেতিয়ালৈকে আমাৰ দেশত প্ৰকৃত মাতৃ শিক্ষয়িত্ৰী সৃষ্টি নহয় তেতিয়ালৈকে আমি যিমানেই স্কুলত শিক্ষা নিদিও লাগিলে, শিক্ষা ফলপ্ৰসু হব নোৱাৰে বুলি কবলৈ মই কুন্ঠাবোধ নকৰো।” মহিলাসকল সমাজৰ এক অবিচ্ছেদ্য অংগ। পুৰুষে যেনেকৈ সমাজৰ বিকাশত সহায় কৰে তেনেকৈ মহিলাসকলেও সমাজৰ বিকাশত অৰিহনা যোগায়। মহিলাসকল শিক্ষিত হ’লেহে শিশুসকল শিক্ষিত হব আৰু শিশুসকল শিক্ষিত হ’লেহে দেশৰ পৰা নিৰক্ষৰতাৰ দৰে সামাজিক ব্যাধি আঁতৰ হব। পণ্ডিত জৱাহৰলাল নেহেৰুৰ মতে, “এজন ল’ৰাক শিক্ষা দিয়া মানে এজন পুৰুষক শিক্ষা দিয়া আৰু এগৰাকী নাৰীক শিক্ষা দিয়া মানে হ’ল এটা পৰিয়ালক শিক্ষিত কৰি তোলা। ”নাৰী শিক্ষাৰ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত এই কথাষাৰ বিশেষভাৱে প্ৰযোজ্য। শিক্ষাই মনৰ অজ্ঞতা দূৰ কৰি বৌদ্ধিক দিগন্ত মুকলি কৰে৷ জগতৰ সৰ্বতোপ্ৰকাৰৰ মংগলৰ বাবে নিজকে যোগ্যবান কৰি তোলাৰ একমাত্ৰ মাধ্যম শিক্ষা। সু-শিক্ষাই মানুহক পশুত্বৰ পৰা দেৱত্বৰ শাৰীলৈ উন্নীত কৰে। অন্ধৰ লাখুটিস্বৰূপ শিক্ষা,সেয়েহে পুৰুষ নাৰী নিৰ্বিশেষে সকলোৰে বাবে অতি আৱশ্যকীয়।

    নাৰীয়ে ভোগ কৰি অহা নেতিবাচক দিশবোৰৰ বিপক্ষে থিয় হ’বলৈ প্ৰতিগৰাকী নাৰী হ’ব লাগিব উপযুক্ত শিক্ষাৰে শিক্ষিতা। শিক্ষাই দিয়া সজাগতাৰ জৰিয়তে নাৰীয়ে ভোগ কৰিবলৈ ওলাই আহিব লাগিব সাংবিধানিক স্বাধীনতা। প্ৰাপ্ত বয়স্ক শিক্ষা নীতিৰ জৰিয়তে বয়স্ক মহিলাসকলে প্ৰাথমিক শিক্ষা আদিপাঠ লৈ আত্ম-সহায়ক গোটৰ জৰিয়তে অৰ্থনৈতিক ভাৱে স্বাৱলম্বী হোৱাৰ পথ সম্প্ৰতি প্ৰশস্ত হৈছে। কেৱল প্ৰাত্যহিক ঘৰুৱা কামতে নিজক আৱদ্ধ নাৰাখি প্ৰতিগৰাকী নাৰীয়ে স্ব-আৰ্জিত শিক্ষাৰ জৰিয়তে সমজুৱাকৈ শিল্প বাণিজ্যত মনোনিৱেশ কৰিলে অৰ্থনৈতিক স্হিতি সবল হোৱাৰ লগতে সমাজৰো উন্নতি হ’ব। কেৱল পুথিগত শিক্ষাই মূল ভেটি বুলি ভবাৰ দিন এতিয়া উকলিল। শিল্পগতভাৱে আয়ত্ত কৰা হস্তবিদ্যাৰ জৰিয়তে মহিলাসকলেও পুৰুষৰ সমানে আগবাঢ়ি পৰিয়ালৰ ভৰণ-পোষণৰ দায়িত্ব ল’ব লাগিব। প্ৰচাৰ মাধ্যমৰ জৰিয়তে নাৰী শিক্ষাৰ গুৰুত্ব সম্পৰ্কে গাঁৱে-ভূঞে জাগৰণৰ সৃষ্টি কৰাব লাগিব। 

ii) ভাৰতবৰ্ষৰ ১৫ খন ৰাজ্যৰ মানৱ সম্পদ উন্নয়নৰ স্থানিক প্ৰভেদৰ সৃষ্টি কৰা কাৰকবোৰ  ব্যাখ্যা কৰা ।

উত্তৰঃ ভাৰতবৰ্ষৰ ১৫ খন ৰাজ্যৰ মানৱ সম্পদ উন্নয়নৰ স্থানিক প্ৰভেদৰ সৃষ্টি কৰা কাৰকবোৰ হৈছে-

(১) অত্যাধিক জনসংখ্যা।

(২) মূলধন বা পুঁজিৰ অভাৱ।

(৩) দৰিদ্ৰতা।

(৪) নিৰক্ষৰতা।

(৫) অন্ধবিশ্বাস।

(৬) কুসংস্কাৰ।

(৭) বিভিন্ন ধৰণৰ বিষমতা।

(১) অত্যাধিক জনসংখ্যাঃ মানৱ জনসংখ্যাৰ দ্ৰুত বিকাশে শেহতীয়াকৈ উদ্বেগ বৃদ্ধি কৰিছে। ২০৪০ ৰ পৰা ২০৫০ চনৰ ভিতৰত জনসংখ্যা ৮০০ ৰ পৰা ১০১০.৫ কোটিৰ ভিতৰত উপনীত হ'ব বুলি আশা কৰা হৈছে। ২০১৭চনত, ৰাষ্ট্ৰসংঘই মধ্যপ্ৰকাৰ গণনা কৰিছিল, যি ২০৫০ চনত ৯.৮ বিলিয়ন আৰু ২১০০ চনত ১,১২০ নিযুত হ'ব পাৰে। 

 (২) মূলধন বা পুঁজিৰ অভাৱঃ ক্ষুদ্ৰ ব্যৱসায় বা উদ্যোগসমূহে সন্মুখীন হোৱা এটা সমস্য়া হৈছে, ব্যৱসায়ৰ বাবে প্ৰয়োজন হোৱা পুঁজিৰ অভাৱ। ক্ষুদ্ৰ ব্যৱসায় সমূহৰ বিনিয়োগৰ বাবে প্ৰয়োজন হোৱা পুঁজিৰ মূল উৎস হৈছে বেংকৰ ঋণ। দেখা পোৱা যায় এনে ব্যৱসায় সকলক যি পৰিমাণৰ পুঁজিৰ প্ৰয়োজন হয়, সেই পৰিমাণৰ পুঁজিৰ ঋণ বেংকৰ পৰা লাভ নকৰে। ইয়াৰ ফলত তেওঁলোকে ব্যৱসায়ক যথোচিত আৰ্থিক নিৰাপত্তা প্ৰদান কৰাত ব্যৰ্থ হয়।

(৩) দৰিদ্ৰতাঃ গ্ৰাম্য দৰিদ্ৰতা হ'ল যিসকল দৰিদ্ৰ লোক গাঁও অঞ্চলত বসবাস কৰে । এওঁলোকৰ এক বৃহৎ অংশই ক্ষুদ্র কৃষক । গ্রাম্য অঞ্চলত বিশেষকৈ , এতিয়াও দ্রুতহাৰত জনসংখ্যা বৃদ্ধি , কৰ্ম সংস্থানৰ বিকল্প উৎসৰ অভাৱ , ক্ষুদ্ৰ আকাৰৰ কৃষি ভূমি , ঋণগ্রস্ততা ইত্যাদি বিভিন্ন কাৰণে গ্ৰাম্য দৰিদ্ৰতাৰ ধাৰণাটো অধিক ব্যাপক আৰু গভীৰ কৰি তুলিছে ।

(৪) নিৰক্ষৰতাঃ ভাৰতৰ দৰে উন্নয়নশীল দেশৰ বহুতো লোকে এতিয়াও শিক্ষাৰ পৰা বঞ্চিত হয় আছে। এনে লোক অদূৰদৰ্শী আৰু অন্ধবিশ্বাসৰ বলি হয়। জনসংখ্যাৰ  বৃদ্ধিৰ ফলত   সৃষ্টি হ'ব পৰা সমস্যাৰাজিৰ বিষয়ে এওঁলোক একেবাৰে অজ্ঞ। ফলত কোনো পৰিকল্পনা নকৰাকৈ এনে লোকে যথে মধে সন্তান জন্ম দিয়াৰ ফলত জনবিস্ফোৰণ ঘটে।

(৫) অন্ধবিশ্বাসঃ   যিবোৰ বিশ্বাস বা ধাৰণা যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত নহয় , বিজ্ঞানে যিবোৰ ধাৰণা অসত্য তথা অমূলক বুলি প্ৰতিপন্ন কৰে ,সেয়াই অন্ধবিশ্বাস। অন্ধবিশ্বাস শব্দটোৰ ইংৰাজী প্ৰতিশব্দ "Superstition" শব্দটো লেটিন "Stare" শব্দৰ পৰা উৎপত্তি হৈছে।

(৬) কুসংস্কাৰঃ যিবোৰ নীতি নিয়ম, ব্যৱস্থা, পৰম্পৰা এখন সুস্থ সমাজৰ পৰিপন্থী, সমাজৰ অগ্ৰগতিত গতিৰোধক হৈ থিয় দিয়ে সেইবোৰেই কুসংস্কাৰ। 

(৭) বিভিন্ন ধৰণৰ বিষমতাঃ তিনি প্ৰকাৰৰ বিষমতাৰ নাম হৈছে- (১) জাতি - ধৰ্মৰ বিষমতা,

(২) ভাষিক বিষমতা আৰু (৩) সাংস্কৃতিক বিষমতা।


Question Type: Jyotismita Hazarika 

Answer Type : Pompi Hazarika