জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ

    জনসংখ্যাৰ ক্ষেত্ৰত চীন দেশৰ পিছতে ভাৰতৰ স্থান ।  ভাৰত পৃথিৱীৰ দ্বিতীয় জনবহুল দেশ । এই দেশৰ জনগাঁথনি মন কৰিবলগীয়া কাৰণ ইয়াত বিভিন্ন জনগোষ্ঠীৰ লোকৰ সংমিশ্ৰণ ঘটিছে । মূলত ঃ অষ্ট্ৰ- এছীয়, মংগোলয়ী আৰ্য আৰু দ্ৰাবিড়ীয় জনগোষ্ঠী লোকে্ ভাৰতবৰ্ষত পুৰণী কালৰেপৰাই বসবাস কৰি আহিছে । নানা জাতি - উপজাতিৰ, সম্প্ৰদায় ভাষা -সংস্কতি আৰু ধৰ্মৰ লোকে এই  দেশত একেলগে বাস কৰাৰ ফলস্বৰূপে তেওঁলোকৰ মাজত সামাজিক সম্পৰ্ক গঢ় লৈ উঠেছে । ভিন্ন জনগোষ্ঠী মাজৰ পাৰস্পৰিক সংমিশ্ৰণৰ ফলত গঢ়ি উঠা এনে সামাজিক সম্পৰ্কৰ বাবেই আজি এখন বাচিত্ৰ্যময় বৃহৎ ভাৰতীয় সমাজ সৃষ্টি হৈছে ।


    ইতিমধ্যে উল্লেখ কৰা হৈছে যে জনসংখ্যাৰ হিচাপত পৃথিৱীৰ ভিতৰতে ভাৰতবর্ষ এখন দ্বিতীয় জনবহুল দেশ । লােকপিয়ল মতে , ২০১১ চনত ভাৰতৰ জনসংখ্যা হৈছে । ১,২১০,৭২৬,৯৩২ জন । এই জনসংখ্যা পৃথিৱীৰ মুঠ জনসংখ্যা প্রায় ১৭.৫ শতাংশ । বিশেষভাৱে মন কৰিবলগীয়া কথাটো হৈছে যে ভাৰতৰ মাটিকালি পৃথিৱীৰ মুঠ মাটিকালিৰ মাত্র ২.৪ শতাংশ , কিন্তু ইয়াত বাস কৰে পৃথিৱীৰ মুঠ জনসংখ্যা প্রায় ১৭.৫ শতাংশ লােকে । ইয়াৰ বিপৰীতে পৃথিৱীৰ ৭.২ শতাংশ মাটিকালিৰে আমেৰিকা যুক্তৰাষ্ট্ৰত কেৱল পৃথিৱীৰ মুঠ জনসংখ্যাৰ ৪.৫ শতাংশ লােকে বসবাস কৰে ।


    জনসংখ্যা পৰিৱৰ্তনশীল । সময়ৰ লগে লগে জনসংখ্যা হ্রাস - বৃদ্ধি হৈ থাকে ৷ ভাৰতৰ জনসংখ্যাৰাে পৰিৱৰ্তন হ'ব লাগিছে । যােৱা কুৰি শতিকাৰ আৰম্ভণিৰ পৰা চলিত শতিকাৰ ২০১১ চনলৈকে ভাৰতৰ জনসংখ্যা বহুগুণে বৃদ্ধি পাইছে । চিত্র ৩.০৭ আৰু তালিকা ৩.১ ত ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ তথ্য দিয়া হৈছে । তথ্যসমূহৰ পৰা দেখা গৈছে যে ১৯০১ চনত ভাৰতৰ জনসংখ্যা আছিল ২৩.৮৪ কোটি । এই জনসংখ্যা দ্রুতগতিৰে বৃদ্ধি হৈ ২০১১চনত  হ'লগৈ ১২১ কোটি । অৱশ্যে তালিকা ৩.১ ৰ পৰা দেখা গৈছে যে কেৱল ১৯১১-২১ চনৰ । দশকটোৰ ভিতৰত জনসংখ্যা বৃদ্ধি হােৱাৰ বিপৰীতে জনসংখ্যা সামান্যভাৱে হাস পাইছিল । ১৯৩১ চনৰ পৰা পুনৰ দেশৰ জনসংখ্যা ক্রমাগতভাৱে বৃদ্ধি হৈছে । তালিকা ৩.১ ত উল্লেখ মতে , ১৯০১ চনৰপৰা ১৯১১ চনৰ ভিতৰত দেশত মুঠ ১.৩৭ কোটি জনসংখ্যা বৃদ্ধি পাইছে । এই বৃদ্ধি প্রতিটো দশকত চকুত লগাকৈ ঘটিছে । উদাহৰণস্বৰূপে , ১৯৬১-৭১ দশকত ১০.৯০ কোটি জনসংখ্যা বৃদ্ধি হৈ ২০০১-১১ দশকটোত দেশত মুঠ ১৮.১৫ কোটি জনসংখ্যা যােগ হৈছে । প্ৰতিটো দশকত দেশৰ জনসংখ্যাৰ লগত বৃহৎসংখ্যক জনসংখ্যা যােগ হৈ থকা কথাটো অতি চিন্তনীয় । জনসংখ্যা অধিক মাত্রা বৃদ্ধি হােৱাৰ লগে লগে জনসংখ্যা ঘনত্বও বাঢ়ি যাব লাগিছে ( তালিকা -৩.১ ) । ১৯০১ চনত দেশত জনসংখ্যা ঘনত্ব আছিল প্রতি বর্গ কিলােমিটাৰত মাত্র ৭৭ জন । এই ঘনত্ব বাঢ়ি গৈ ১৯৭১ চনত হ’ল প্রতি বর্গ কিলােমিটাৰত ১৭৭ জন আৰু অতি সম্প্রতি ২০১১ চনত হ’লগে প্রতি বর্গ কিলােমিটাৰত ৩৮২ জন ।

তালিকা ৩.১ঃ ভাৰতৰ জনসংখ্যা বৃদ্ধি ( ১৯০১- ২০১১)


বছৰ

জনসংখ্যা (কোটি হিচাপত)

জনসংখ্যা বৃদ্ধি(+)বা হ্ৰাস (-) (কোটি হিচাপত)

জনসংখ্যা ঘনত্ব (সনসংখ্যা প্ৰতি বৰ্গ কিঃ মিঃ ত)

১৯০১

১৯১১

১৯২১

১৯৩১

১৯৪১

১৯৫১

১৯৬১

১৯৭১

১৯৮১

১৯৯১

২০০১

২০১১

২৩.৮৪

২৫.২১

২৫.১৩

২৭. ৯০

৩১. ৮৭

৩৬.১১

৪৩. ৯২

৫৪. ৮২

৬৮.৩৩

৮৪. ৬৪

১০২.৮৭

১২১.০৭

-

+১.৩৭

__  ০.০৮

+২.৭৭

+৩.৯৭

+৪.২৪

+৭.৮১

+১০.৯০

+১৩.৫১

+১৬.৩১

+১৮.২৩

+১৮.১৫

৭৭

৮২

৮১

৯০

১০৩

১১৭

১৪২

১৭৭

১১৬

১৬৭

৩২৫

৩৮২

    ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ তথ্যসমূহৰ পৰা এই কথা পৰিষ্কাৰ হৈ পৰিছে যে দেশখনত অভাৱনীয়ভাৱে জনসংখ্যা বৃদ্ধি হৈ আছে আৰু ই দেশৰ এক জ্বলন্ত সমস্যাৰূপে দেখা দিছে । জনসংখ্যা বৃদ্ধিৰ প্ৰধান কাৰণ হৈছে জন্ম - মৃত্যুৰ হাৰ আৰু জনপ্রব্রজন । জন্মৰ হাৰ মৃত্যুৰ হাৰতকৈ বেছি হ'লে জনসংখ্যা বৃদ্ধি পায় । সেইদৰে দেশলৈ জনপ্ৰব্ৰজন হােৱাৰ ফলতাে জনসংখ্যা বৃদ্ধি পায় । ভাৰতবৰ্ষত এই দুয়ােটা কাৰণতে জনসংখ্যা অধিক হাৰত বৃদ্ধি পাব লাগিছে । 

    ভাৰতবৰ্ষৰ সকলাে অঞ্চলতে জনসংখ্যা সমান নহয় । কোনাে ঠাই বা অঞ্চলত জনবসতি ঘন অর্থাৎ জনসংখ্যা বেছি আৰু কোনাে ঠাইত জনবসতি সেৰেঙা , অর্থাৎ জনসংখ্যা কম । এখন ঠাইত জনবসতি বেছি হ'লেই সেই ঠাইৰ জনসংখ্যা ঘনত্ব বেছি হয় । ঠিক সেইদৰে কোনাে ঠাইত জনবসতি কম হলে সেই ঠাইৰ জনসংখ্যা ঘনত্ব কম হয় । ২০১১ চনৰ লােকপিয়ল মতে গড় হিচাপে ভাৰতবৰ্ষৰ জনসংখ্যা ঘনত্ব হৈছে প্রতি বর্গ কিলােমিটাৰত ৩৮২ জন অর্থাৎ প্রতি বর্গ কিলােমিটাৰ মাটিকালিত গড়ে ৩৮২ জন লােকে বাস কৰে ( তালিকা ৩.১ ) ।

    ভাৰতবৰ্ষৰ সকলাে ঠাইতে জনবসতি সমান নহয় বাবে জনসংখ্যা ঘনত্বৰ তাৰতম্য হােৱা দেখা যায় । এই কথাৰ পৰা বুজা যায় যে দেশৰ জনসংখ্যা সকলাে ঠাইতে সমান নহয় । সাধাৰণতে যিবিলাক অঞ্চলৰ প্রাকৃতিক পৰিৱেশ অনুকূল নহয় অথবা অর্থনৈতিক অৱস্থা আৰু যাতায়াত ব্যবস্থা উন্নত নহয় সেইবিলাক অঞ্চলতে জনবসতি সেৰেঙা হয় । ভাৰতৰ পশ্চিমাংশত অৱস্থিত ৰাজস্থানৰ খৰাং মৰুভূমি অঞ্চল বসবাসৰ অনুকূল নহয় বাবে তাত জনবসতি তেনেই সেৰেঙা । সেইদৰে উত্তৰৰ বৰফাবৃত হিমালয় পার্বত্য অঞ্চল আৰু দক্ষিণ ভাৰতৰ পশ্চিমঘাট পর্বতৰ মধ্য আৰু দক্ষিণাংশত প্রতিকূল প্রাকৃতিক অৱস্থাৰ কাৰণে জনসংখ্যা ঘনত্ব যথেষ্ট কম । কিন্তু ইয়াৰ বিপৰীতে সাৰুৱা সমতল অঞ্চলত প্ৰধানকৈ সুচল যাতায়াত ব্যৱস্থা আৰু কৃষিকাৰ্যৰ সুবিধাৰ বাবে জনবসতি ঘন । সেয়েহে গংগা - ব্রহ্মপুত্র উপত্যকাকে ধৰি দেশৰ আন আন নদী উপত্যকাসমূহত স্বাভাৱিকতে জনসংখ্যা ঘনত্ব বেছি । এই নদী উপত্যকাসমূহত বিশেষকৈ সাৰুৱা সমতলভূমি , উন্নত যাতায়াত ব্যৱস্থা আৰু অর্থনৈতিক অৱস্থাৰ বাবে জনসাধাৰণৰ জীৱন ধাৰণ সূচল হৈ পৰিছে । এনেবােৰ কাৰণতে নদী উপত্যকাৰ সাৰুৱা সমভূমি অঞ্চলত অধিকসংখ্যক লােকে বসবাস কৰে আৰু ফলস্বৰূপে জনসংখ্যা ঘনত্বও বাঢ়ি যায় । গাঁও আৰু চহৰ অঞ্চলতে জনসংখ্যাৰ বিতৰণৰ তাৰতম্য দেখা যায় । সাধাৰণতে গাঁও অঞ্চলতকৈ চহৰ অঞ্চলত জনসংখ্যা বেছি । সুচল যাতায়াত ব্যৱস্থা , ঔদ্যোগিক উন্নয়ন আৰু নগৰীকৰণৰ ফলত মানুহে অধিক সা - সুবিধা লাভ কৰিব পাৰে বাবেই নগৰ আৰু চহৰ অঞ্চলত স্বাভাৱিকতে জনবসতি অতি ঘন হয় ।

    দেশৰ অঞ্চলভেদে জনসংখ্যাৰ বিতৰণ ভিন ভিন হােৱাৰ লগতে ৰাজ্যসমূহতাে জনসংখ্যাৰ তাৰতম্য দেখা যায় । ভাৰতবৰ্ষৰ ৰাজ্যসমূহৰ জনসংখ্যাৰ হিচাপ তালিকা ৩.২ ত দিয়া হৈছে । তালিকাখনৰ পৰা দেখা গৈছে যে উত্তৰ প্ৰদেশ ৰাজ্যখন ১৯,৯৮,১২,৩৪১ জনসংখ্যাৰে দেশৰ ভিতৰত আটাইতকৈ জনবহুল ৰাজ্য হিচাপে পৰিগণিত হৈছে আৰু এই


    ৰাজ্যখনে ভাৰতৰ মুঠ জনসংখ্যাৰ ১৬.৪৯ শতাংশ জনসংখ্যা বহন কৰিছে । উত্তৰ প্ৰদেশৰ পিছতে মহাৰাষ্ট্ৰ আৰু বিহাৰে জনসংখ্যাৰ হিচাপত ক্রমে দ্বিতীয় আৰু তৃতীয় জনবহুল ৰাজ্য ৰূপে স্থান লাভ কৰিছে । দেশৰ জনসংখ্যাৰ ০.০১ শতাংশ লােকে অর্থাৎ ৬৪,৪৭৩ জন লােকে বাস কৰা লাক্ষাদ্বীপ ৰাজ্যখন হৈছে ভাৰতৰ আটাইতকৈ কম জনসংখ্যাৰ ৰাজ্য । জনসংখ্যাৰ হিচাপত অসম ৰাজ্যই দেশৰ ২.৫৮ শতাংশ জনসংখ্যা অর্থাৎ ৩,১২,০৫,৫৭৬ জন লােকৰ বাসস্থান হিচাপে চতুর্দশ স্থান অধিকাৰ কৰিছে ( তালিকা ৩.২ ) ।


তালিকা ৩.২ ভাৰতবৰ্ষৰ ৰাজ্যসমূহৰ জনসংখ্যা (২০১১)

 জনসংখ্যা হিচাবত স্থান

 ৰাজ্য় / কেন্দ্ৰেীয় শাসিত অঞ্চল

জনসংখ্যা  

ভাৰতৰ জনসংখ্যা শতাংশ 

১ 

১০

১১

১২

১৩

১৪

১৫

১৬

১৭

১৮

১৯

২০

২১

২২

২৩

২৪

২৫

২৬

২৭

২৮

২৯

৩০

৩১

৩২

৩৩

৩৪

৩৫

উত্তৰপ্ৰদেশ 

মহাৰাষ্ট 

বিহাৰ

পশ্চিমবংগ

অন্ধ্ৰপ্ৰদেশ 

মধ্যপ্ৰদেশ

তামিলনাডু

ৰাজস্থান

কৰ্ণটাক 

গুজৰাট

উৰিষ্যা

কেৰেলা

ঝাৰখগু

অসম

পঞ্জাব

ছত্তিশগড়

হাৰিয়ানা

দিল্লী

জম্মু আৰু কাশ্মীৰ

উত্তৰাখগু

হিমাচল প্ৰদেশ

ত্ৰিপুৰা

মেঘালয়

মণিপুৰ

নাগালেগু

গোৱা

অৰুণাচল প্ৰদেশ

পগিুচেৰী

মিজোৰাম

চগুীগড়

ছিকিম

আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ

দাদ্ৰা আৰু নগৰ হাভেলী

দমন আৰু ডিউ

লাক্ষাদ্বীপ


১৯,৯৮,১২,৩৪১ 

১১,২৩,৭৪,৩৩৩

১০,৪০,৯৯, ৪৫২

৯,১২,৭৬,১১৫

৮,৪৫,৮০,৭৭৭

৭,২৬,২৬,৮০৯

৭,২১, ৪৭, ০৩০

৬,৮৫, ৪৮,৪৩৭

৬,১০,৯৫,২৯৭

৬,০৪,৩৯,৬৯২

৪,১৯,৭৪,২১৮

৩,৩৪,০৬,০৬১

৩,২৯,৮৮,১৩৪

৩,১২,০৫,৫৭৬

২,৭৭,৪৩,৩৩৮

২,৫৫,৪৫,১৯৮

২,৫৩,৫১,৪৬২

১,৬৭,৮৭,৯৪১

১,২৫,৪১,৩০২

১,০০,৮৬,২৯২

৬৮,৬৪, ৬০২

৩৬,৭৩,৯১৭

২৯.৬৬,৮৮৯

২৫,৭০,৩৯০

১৯,৭৮,৫০২

১৪,৫৮,৫৪৫

১৩,৮৩, ৭২৭

১২,৪৭,৯৫৩

১০,৯৭,২০৬

১০,৫৫,৪৫০

৬,১০,৫৭৭

৩,৮০,৫৮১

৩,৪৩,৭০৯

২,৪৩,২৪৭

৬৪,৪৭৩




১৬.৪৯

৯.২৯ 

৮.৫৮

৭.৫৫

৭.০০

৬.০০

৫.৯৬

৫.৬৭

৫.০৫

৪.৯৯

৩.৪৭

২.৭৬

২.৭২

২.৫৮

২.২৯

২.১১

২.০৯

১.৩৮

১.০৪

০.৮৪

০.৫৭

০.৩০

০.২৪

০.২২

০.১৬

০.১২

০.১১

০.১০

০.০৯

০.০৯

০.০৫

০.০৩

০.০৩

০.০২

০.০১


বিঃ দ্ৰঃ বৰ্তমানৰ তেলেঙ্গনা ৰাজ্যখন ২০১১চনত গঠন হোৱা নাছিল বাবে ২০১১ চনৰ লোকপিয়লত উল্লেখ কৰা নাই ।


Type Sumit Patar.

Class 9 Social Science geography