স্বৰ্গাৰোহণ । অধ্যায় ৩০ । Chapter 30 | Class 4 Ramayana Sadhu Question and Answer Assam Sankardev School | Class 4 Ramayana Sadhu  Solution Assam Sankardev School | Class 4 Ramayana Sadhu  Suggestion and notes Sankardev School | চতুৰ্থ মান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ সহায়িকা । ৰামায়ণৰ সাধু চতুৰ্থ মান শ্ৰেণীৰ প্ৰশ্ন আৰু উত্তৰ


অধ্যায় ৩০


স্বৰ্গাৰোহণ


অনুশীলনীঃ


(১) অশ্বমেধ যজ্ঞৰ উদ্দেশ্য কি আছিল ?

উত্তৰঃ অশ্বমেধ যজ্ঞৰ উদ্দেশ্য হ'ল আগৰ কালত ৰজাই নিজৰ সাম্ৰাজ্যৰ সংগঠনৰ বাবে অশ্বমেধ যজ্ঞৰ কৰিছিল।


(২) প্ৰজাই ৰামক কি অনুৰোধ কৰিছিল ?

উত্তৰঃ প্ৰজাই ৰামক ''সীতা মাতৃ পৰম পৱিত্ৰ | আপুনি তেওঁক গ্ৰহণ কৰক বুলি অনুৰোধ কৰিছিল।


(৩) সীতাই নিজৰ জীৱন-লীলা কিদৰে শেষ কৰিছিল ?

উত্তৰঃ সীতাই নিজৰ জীৱন-লীলা এনেদৰে শেষ কৰিলে যে যদি মই মন-বচন-কৰ্মেৰে পতিব্ৰতা হওঁ তেনেহ'লে  পৃথিৱী মাতৃয়ে মোক ঠাই দিয়ক। সীতাই এইবুলি কোৱাৰ লগতে বসুমতীয়ে ফাট মেলিলে আৰু সীতাক লগত লৈ গ'ল এনেদৰে জীৱন-লীলা শেষ কৰিছিল।


(৪) ৰামে নিজৰ সাম্ৰাজ্যৰ কি ব্যৱস্থা কৰিলে ?

উত্তৰঃ ৰামে নিজৰ সাম্ৰাজ্যৰ আঠ ভাগ কৰি সেইবোৰ লৱ, কুশ, ভৰত, শত্ৰুঘ্নৰ পুত্ৰসকলৰ মাজত ভগাই দিলে।


(৫) ৰামে তিনিজওজন ভায়েকৰ লগত কিদৰে স্বৰ্গাৰোহণ কৰিলে ?

উত্তৰঃ ৰামে তিনিজওজন ভায়েকৰ লগত সৰযু নদী পাৰলৈ গ'ল । তাত প্ৰজাই তেওঁলোকক অভিনন্দন জনালে । তাৰ পাছত চাৰিও ভ্ৰাতৃ সৰযু নদীৰ পানীত নামিল আৰু এজন এজনকৈ অদৃশ্য হৈ গ'ল এনেদৰে স্বৰ্গাৰোহণ কৰিলে ।


Apurba Kakati