বংশগতি তত্ত্ব আৰু প্ৰকাৰণ | অধ্যায় ৫ | Chapter 5 | Class 12 Biology Solution Assamese Medium | HS 2nd Year Biology Assam | Principles of inheritance and variation Chapter Answer
বংশগতি তত্ত্ব আৰু প্ৰকাৰণ
প্ৰশ্নমালা
অতি চমু প্রশ্নোত্তৰঃ
শূন্যস্থান পূৰণ কৰা:
১। মেণ্ডেলীয় ক্রচত প্রথম সংকৰ জনুৰ ______বোলে।
উত্তৰঃ F1 জনু।
২। গ্ৰেগৰ মেণ্ডেলে সংকৰণ পৰীক্ষা কৰিছিল ______ত।
উত্তৰ: মটৰ মাহ।
৩। বিষমযুতক পিতৃয়ে _______ধৰণৰ জননকোষ উৎপাদন কৰে।
উত্তৰঃ দুই।
৪। যিবিলাক বিপৰীত চৰিত্ৰৰ জিনে জোৰা পাতে সেই বিলাকক বোলে।
উত্তৰঃ বিষমযুতক।
৫। মেণ্ডেলী কাৰকসমূহক বর্তমান________বোলা হয়।
উত্তৰঃ জিন।
৬। দৈহিকভাবে থকা দুটা জিন ক মৰগেনে_______বুলি নামাকৰণ কৰিছিল।
উত্তৰঃ সহলগ্নতা।
৭। কাঁচিকোষ বক্তশূন্যতা সৃষ্টি কৰে______যে গ্লোটামিক এচিড______।
উত্তৰঃ ভেলাইলনে, আতঁৰাই।
৮। ফেলাইলকেট' নিউৰিয়াৰ ফলত মগজুৰ মানসিক_______সৃষ্টি হয়।
উত্তৰঃ মন্থৰতা।
৯। টাৰনাৰ ছিনড্ৰম মাইকী মানুহৰ এটা_______ক্রম 'জ'ম নথকাৰ ফলত হয়।
উত্তৰঃ যৌন।
১০। স্বাভাৱিক মানুহৰ কোষত মুঠ_______ক্রম 'জ'ম থাকে।
উত্তৰ: 46
১১। XO_______ছিনড্রম বোলা হয়।
উত্তৰঃ টার্নাব।
১২।_______য়ে লিংকেজ (সংলগ্নতা) শব্দটো প্রথম আগবঢ়ায়।
উত্তৰঃ ম'ৰগান।
১৩। অতিৰিক্ত X-ক্ৰমজ'ম এডাল যুক্ত হোৱা কাৰণে যি জিনীয় অস্বাভাৱিকতাই দেখা দিয়ে তাক_______টিনড্র'ম বোলে।
সত্য বা অসত্য (এক নম্বৰ):
১। 9:3:3:1 এটি মেণ্ডেলীয় দ্বি-সংকৰ অনুপাত।
উত্তৰঃ সত্য।
২। এজোৰ জিনৰ দুটা এলিল সমযুতক ক্ৰম 'জ 'মৰ সমযুতক স্থানত অৱস্থান কৰে।
উত্তৰঃ সত্য।
৩। হুগ' ডি ভ্ৰাইছে বংশগতিৰ ক্ৰম 'জ'ম তত্ত্ব দাঙি ধৰিছিল।
উত্তৰঃ অসত্য।
৪। স্ত্রী বিষমজননকোষী যৌন ক্রম'জ'ম গৰুত পোৱা যায়।
উত্তৰঃ সত্য।
৫। কাঁচিকোষ বক্তশূন্যতাত গ্লুটামিক এচিডৰ পৰিৱৰ্তে ছেৰিণ হিম'গ্ল'বিনৰ শিকলীৰ ষষ্ঠ স্থানত থাকে।
উত্তৰঃ অসত্য।
৬। ফৰিং এটা উদাহৰণ য'ত XO প্ৰকাৰৰ যৌন নিৰ্ণয় কৰা হয়।
উত্তৰঃ সঁচা।
৭। মটৰ মাহত চেইৰ সেউজীয়া বংটো হালধীয়া বৰণৰ ওপৰত প্ৰভাৱী
উত্তৰঃ মিছা।
অতি চমু উত্তৰৰ প্ৰশ্ন:
১। কোনে মেণ্ডেলৰ পৰীক্ষাৰ ফলাফল পুনৰাৰিস্কাৰ কৰিছিল?
উত্তৰ: হিউগো দ্য গ্রিন্থ, কার্ল কবেণছ আৰু ছেবমেক্।
২। বংশাৱলী বিচাৰ মানে কি?
উত্তৰঃ পিতৃ-মাতৃৰ বংশাৱলী অধ্যয়ন মেণ্ডেলীয় পদ্ধতি অনুসৰি কৰিলে সন্তান জন্মৰ পূর্বে পিতৃ-মাতৃৰ বংশৰ কোনো দুৰাৰোগ্য বংশগতিৰ লগত জড়িত কোনো ৰোগ সন্তানত দেখা দিব পাৰে নে নোৱাৰে আগতেই ক'ব পৰা যায়।
৩। মেণ্ডেলৰ একসংকৰ অনুপাত কি?
উত্তৰঃ মেকেণ্ডলৰ এক সংকৰ অনুপাত হ'ল 3:1।
৪। মেণ্ডেলে কিমানযোৰ পৰস্পৰ বিৰোধী চৰিত্ৰ মটৰ মাহত দেখিছিল?
উত্তৰঃ সাত জোৰ।
৫। পুং বিষম জননকোষী কি?
উত্তৰঃ মানুহকে ধৰি স্তন্যপায়ী প্রাণীৰ লিঙ্গ নিৰ্দ্ধাৰণ প্ৰক্ৰিয়াত দুই ধৰণৰ জননকোষ যেনে XO বা XY থাকে। ইয়াকে পুং বিষমজননকোষী বোলা হয়।
৬। দুই ধৰণৰ উৎপৰিৱৰ্তনৰ নাম লিখা।
উত্তৰঃ ক্রম'জ'ম উৎপৰিৱর্তন আৰু জিন উৎপবিবর্তন বা পইন্ট মিউটেছন।
৭। কোনে সংলগ্নতা নামাকৰণ কৰিছিল?
উত্তৰঃ মৰগেনে।
৮। AB ৰক্তদলৰ জনুৰূপ কি লিখা।
উত্তৰঃ LALB
৯। সহ-প্রবলতা কি?
উত্তৰঃ জীৱৰ কোনো কোনো চৰিত্ৰৰ ক্ষেত্ৰত প্ৰথম অপত্য সংকৰ ব্যক্তিবোৰে বিষমযুতক অৱস্থাত পিতৃ-মাতৃৰ প্রভাৱী আৰু অপ্রভারী দুয়োটা লক্ষণেই একেলগে প্রকাশ কবে। ইয়াক সহ-প্রভাবিতা বোলে।
১০। কোন জিন সমূহ পুনঃ সংযোজন কম হোৱা দেখুৱায়?
উত্তৰঃ সহলগ্ন হোৱা জিনে।
১১। কাক বংশগতিবিদ্যাৰ জনক বোলা হয়?
উত্তৰ: গ্ৰেগৰ জোহান মেন্ডেল।
১২। হলেন্ড্রিক জিন কোনবিলাক?
উত্তৰঃ যিবিলাক জিন-ক্ৰমজমত থাকে আৰু কেৱল মাত্ৰ পুৰুষ লক্ষণৰ লগত জড়িত সেই বিলাকক হলেন্ড্রিক জিন বোলে।
১৩। বিন্দু উৎপৰিৱৰ্তনৰ সংজ্ঞা দিয়া।
উত্তৰঃ যিবিলাক উৎপৰিৱৰ্তন কেৱল জিনত হয় আৰু জিনৰ অণুৰ ভৌতিক বা ৰাসায়নিক পৰিৱৰ্তন আনে সেইবিলাক উৎপৰিবৰ্তনক বিন্দু উৎপৰিৱৰ্তন বোলে।
১৪। দুই ধৰণৰ স্বহলগ্নতা কি কি লিখা।
উত্তৰঃ সম্পূর্ণ সহলগ্নতা আৰু অসম্পূর্ণ সহলগ্নতা।
১৫। স্ত্রী বিষমজননকোষী মানে কি?
উত্তৰঃ স্ত্রী প্রাণীৰ দ্বাৰা লিঙ্গ নিৰ্দ্ধাৰণ ক্ষেত্ৰত দুই ভিন্ন প্ৰকাৰৰ জননকোষ প্রস্তুত হয়। ইয়াৰ লগত সংগতি ৰাখি ক্রম 'জম দুটাক Z আৰু W ক্রম'জ'ম বোলা হয়। এনে চৰিত্ৰক স্ত্রী বিষমজননকোষী বোলা হয়।
১৬। ফ্রেমছিফট উৎপৰিৱৰ্তন কাক বোলে?
উত্তৰঃ যেতিয়া এটি ৰক্ষাৰকযোৰ আঁতৰোৱা বা যোগ কৰা হয় তেতিয়া তাৰ ফলত এমিন' এচিডৰ গঠনৰ পৰিৱৰ্তন হয়। ইয়াক ফ্রেমছিফ্ট উৎপৰিবর্তন বোলে।
১৭। কোন মেণ্ডেলীয় "বিজুতিক" ৰাজবংশীয় ৰোগ বোলা হয়?
উত্তৰঃ হিম ফিলিয়া।
১৮। কোনটোক প্রভাবী লক্ষণ বোলা হয়?
উত্তৰঃ যিটো F1 জনুত প্রকাশ পায়।
১৯। উৎপৰিৱৰ্তনকাৰী কোন বিলাক?
উত্তৰঃ কিছুমান বাসায়নিক পদার্থ, অতি বেগুনী ৰশ্মি আদি প্রয়োগ কৰি উৎপৰিৱৰ্তন কৰাব পাৰি। এনে দ্রব্যক উৎপৰিৱৰ্তনকাৰী বোলা হয়।
২০। ব্যক্তরূপ কি?
উত্তৰঃ যি চৰিত্ৰ দেখা যায় তাক ব্যক্ত ৰূপ বোলে। ই সেই জীৱৰ জিনীয় ৰূপতকৈ বেলেগ হ'ব পাবে।
চমু প্রশ্নোত্তৰঃ
১। তলত দিয়া সমূহৰ পার্থক্য লিখা।
উত্তৰঃ (ক) এক-সংকৰ ক্ৰছঃ এনে প্রজাতিব মাত্র এযোৰ বিপৰীতধৰ্ম চৰিত্ৰৰ বংশগতিৰ ধাৰা নিৰ্ণয় কৰিবলৈ দুটা জীৱৰ ওপৰত কৰা সংগম পৰীক্ষা। এনে পৰীক্ষাৰ দ্বিতীয় অপত্য জনুত প্রভাৱী আৰু অপ্ৰভাৱী কাৰকৰ ব্যক্ত ৰূপ সদায় 3:1 অনুপাতত প্রকাশ পোৱা দেখা যায়।
দ্বি-সংকৰ ফ্ৰছঃ একে প্রজাতিৰ দুযোৰ বিপৰীতধর্মী চৰিত্ৰৰ বংশগতি নির্ণয় কৰিবলৈ দুটা জীৱৰ ওপৰত পৰা সংগম পৰীক্ষা। এনে পৰীক্ষাৰ দ্বিতীয় অপত্য জনুত দেখা যায় যে চাৰিটা পুনৰবিন্যাস হৈ 9:3:3:1 অনুপাতত ব্যক্ত ৰূপ প্রকাশ পায়।
(খ) সংকৰঃ দুটা বেলেগ অথচ বিশুদ্ধ চাৰিত্রিক বৈশিষ্ট্য থকা জীৱৰ মাজত সংগম ঘটাই পোৱা অপত্য জীৱক সংকৰ জীৱ বোলা হয় আৰু যি সংগম পৰীক্ষাৰ দ্বাৰা সংকৰ সৃষ্টি কৰা তাক সংকৰ পৰীক্ষা বা সংকৰণ পৰীক্ষা বোলা হয়।
(গ) প্রভাৱী আৰু অপ্ৰভাৱী: দুটা বিপৰীত বৈশিষ্ট্যৰ জীৱৰ মাজত সংগম ঘটালে প্রথম অপত্য বংশত দুটা বৈশিষ্ট্যৰ এহাহে প্রকাশ পায় আৰু আনটো বৈশিষ্ট্য অপ্রকাশিত থাকে। যিটো বৈশিষ্ট্য প্রকাশ পায় তাক প্রভাবী আৰু যিটো প্রকাশ নাপায় তাক অপ্রভাৱী বৈশিষ্ট্য বোলা হয়। ওখ আৰু চাপৰ একে প্ৰজাতিৰ দুজোপা উদ্ভিদৰ মাজত সংগম ঘটালে প্রথম অপত্য বংশৰ উদ্ভিদ কেৱল ওখ হ'ব; কাৰণ, ওখ হোৱা বৈশিষ্ট্য প্ৰভাৱী আৰু চাপৰ হোৱা বৈশিষ্ট্য অপ্রভাবী।
(ঘ) সমযুতক বা সমযুগ্মজাতক আৰু বিষম যুতক বা অসম যুগ্মজাতক: দুটা সমগুণ থকা জীৱৰ সংগমৰ ফলত উৎপন্ন হোৱা অপত্য জীৱক সমযুতক বোলা হয়. আকৌ দুটা অসম গুণৰ জীৱনৰ মিলনত উৎপন্ন অপত্য জীৱক বিষমযুতক বোলা হয়। সমযুতক দুটা ওখ গছৰ সংগমত উৎপন্ন জাতকৰ জিনত দুটা এলিল (T আৰু T) একে হ'ব। আনফালে ওখ আৰু চাপৰ গছৰ সংগম উৎপন্ন জাতকৰ জিনৰ এলিল দুটা বেলেগ (Tআৰঃ) হ'ব। TT, tt, RR, rr ইত্যাদি এলিল থাকিলে সমযুতক আৰু ইত্যাদি এলিল থাকিলে বিষমযুতক বোলা হয়।
(ঙ) ব্যক্তিৰূপ আৰু জিনীয় ৰূপঃ জীৱৰ বৈশিষ্ট্যৰ বাহ্যিক প্রকাশক ব্যক্তিৰূপ বোলা হয়. যেনে, এজোপা বিশুদ্ধ ওখ আৰু এজোপা বিশুদ্ধ চাপৰ গছৰ মাজত সংগমৰ ফলত যি সংকৰ সৃষ্টি হ'ব তাৰ ব্যক্তৰূপ হ'ব ওখ। কিন্তু তাৰ জিনীয় ৰূপ হ'ব It। অর্থাৎ প্রভাৱী কাৰকে (T) অপ্ৰভাৱী কাৰকক (1) ব্যক্ত হ'ব দিয়া নাই যদিও অপ্রভাৱী কাৰক নষ্ট হৈ যোৱা নাই। সেই কাৰণে ব্যক্তরূপ আৰু জিনীয় ৰূপ একে গছৰ ভিন্ন হ'ব পাৰে।
(চ) পুংবিষমজননকোষী স্ত্রীবিষমজননকোষী: যিবিলাক পুং প্রাণীৰ জননকোষ x-ক্রম'জ'ম যুক্ত আৰু কিছুমানৰ y-ক্রম'জম যুক্ত সেইবিলাকক পুংবিষমজননকোষী বোলা হয়। যিবিলাক স্ত্রী প্রাণীৰ জননকোষ দুইপ্ৰকাৰৰ সেইস্ত্রী প্রাণীবিলাকক স্ত্রীবিষমজননকোষী বোলে।
(ছ) লিঙ্গ ক্রম 'জ'ম আৰু দৈহিক ক্রম'জ'ম: যিবিলাক x- ক্রম'জ'ম যেনে-ক্রম'জ'ম লিঙ্গ নির্ধাৰণৰ ক্ষেত্ৰত জড়িত তাক লিঙ্গ ক্রম'জ'ম বোলে। বাকী ক্র'ম'জম সমূহক দৈহিক ক্রম 'জ'ম বোলে।
২। সহলগ্নতা কাক বোলে?
উত্তৰঃ ক্ৰম'জ 'ম জিনবিলাক এটাৰ লগত আনটো লাগি থাকে আৰু সেইবাবে জননকোষ সৃষ্টিৰ সময়ত একোটা ক্রম'জ 'মৰ সকলো জিন এটা জনুৰ পৰা অন্য জনুলৈ একেলগে লগলাগি যাব বিচাৰে। এনে পৰিঘটনাক সংলগ্নতা বোলা হয়।
৩। মেণ্ডেলে তেখেতৰ পৰীক্ষাৰ বাবে মটৰ মাহৰ গছ বাছি লৈছিলনে?
উত্তৰঃ (ক) মটৰ মাহ একবর্ষজীবী আৰু সহজতে ইয়াক কম মাটিত বা মাটিৰ পাত্ৰত খেতি কৰিব পাৰি।
(খ) জীৱনকাল চুটি বাবে কম সময়ত পৰীক্ষাৰ ফলাফল পোৱা যায়।
(গ) ফুলবিলাক উভয়লিঙ্গ হোৱাৰ বাবে স্ব-পৰাগনত বাধা নহয়।
(ঘ) ফুলৰ গঠন সৰল আৰু আকাৰত ডাঙৰ হোৱাৰ বাবে কৃত্রিমভাৱে পৰাগযোগ ঘটাব পৰা যায়।
(ঙ) বিভিন্ন প্ৰকাৰৰ চৰিত্ৰ মটৰ মাহত পোৱা যায়।
(চ) অপত্য সংকৰবিলাক উৰ্বৰ হয় বাবে এই বিলাকৰ মাজত সংগম কৰাব পৰা যায়।
৪। সহ-প্রভাৱীতাৰ সংজ্ঞা দিয়া।
উত্তৰঃ উদাহৰণ হিচাপে বগা গৰু আৰু ৰঙচুৱা গৰুৰ মাজত সংকৰণ ঘটালে পোৱালিৰ নোমৰ বং বগাও নহয় আৰু ৰঙচুৱাও নহয়। উভয় চৰিত্ৰ প্ৰকাশ কৰাৰ বাবে নোম মুগা দেখা যাব। ইয়াত বগা আৰু ৰঙচুৱা চৰিত্ৰ সহ-প্রভাবী।
৫। উৎপৰিৱৰ্তন কি?
উত্তৰঃ শগতি দ্রব্যৰ অৰ্থাৎ জিনৰ বা DNA ৰ হঠাতে হোৱা পৰিবৰ্তন। যাৰ ফলত জীৱৰ ব্যক্তিরূপ পৰিৱৰ্তন হয় আৰু বংশগতিৰ লক্ষণবোৰৰ নতুন বিন্যাস ঘটে। যদি এনে পৰিৱর্তন স্থায়ী হয় তেতিয়া বংশানুক্রমে এনে পৰিবৰ্তন এটা পুৰুষৰ পৰা অন্য পুৰুষলৈ যায়। উৎপৰিৱৰ্তন দুই ধৰণৰ ক্ৰ'মজ 'মীয় উৎপৰিৱৰ্তন আৰু বিন্দু উৎপৰিৱৰ্তন। ক্রম 'জমীয় উৎপৰিৱৰ্তন ক্ৰম'জ'মৰ আৰু বিন্দু উৎপৰিৱৰ্তন জিনৰ বংশগতিৰ ফলত হয়।
৬। বহুগুণতা কি?
উত্তৰঃ যদি কোষ বিভাজনৰ টেল'ফেজ দশাৰ পিছত কোষপ্রৰস বিভাজন নহয় তেতিয়া কোষত ক্রম 'জমৰ সংখ্যা বৃদ্ধি হয়। ইয়াকেই বহুগুণতা বোলা হয়। উদ্ভিদৰ ক্ষেত্ৰত এনে পৰিঘটনা প্রায়ে দেখা যায়। কোষপ্রৰস বিভাজন নহ'লে ক্রম'জম সংখ্যা কোষত দুক্ষণ থাকে (2n)। গতিকে এনে জননকোষৰ লগত এগুণ ক্রম'জম থকা জননকোষ লগ লাগে, তেতিয়া ক্রম 'জম সংখ্যা তিনিগুণ (3n) হয় গৈ। এনেকৈ উদ্ভিদ কোষত ক্রম'জম সংখ্যা 4n, Sn, 6n, 8n ইত্যাদি হ'ব পাৰে। আমি খেতি কৰা অনেক উদ্ভিদৰ এনে বহুগুণতা থাকে। যেনে, ঘেঁহুৰ তিনিটা (2n=14,'4n=28, 6n = 42, কপাহৰ (2n = 26, 4n=52)। বহুগুণতা থকা অর্থনৈতিক উদ্ভিদৰ অনেক গুরুত্ব আছে।
৭। কি চৰ্ত্তত স্বতন্ত্র বিন্যাস সূত্র পালিত হয় আৰু কিয়?
উত্তৰঃ স্বতন্ত্র বিন্যাস সূত্র অনুসৰি, দুযোৰ বা ততোধিক বিপৰীতধর্মী লক্ষণ বিশিষ্ট জীৱৰ মাজত সংকৰণ ঘটালে F1 জনুত প্ৰজনকৰ লক্ষ্যবোৰৰ কাৰকসমূহ একেলগে থাকি যদিও জননকোশ সৃষ্টিৰ সময়ত ইহঁতে পৰস্পৰে পৰস্পৰৰ পৰা পৃথক হৈ স্বাধীনভাৱে যিকোনো বিপৰীত লক্ষণৰ কাৰকৰ লগত সম্ভাব্য সকলো প্ৰকাৰে জননকোষলৈ সঞ্চাৰিত হয়।
স্বতন্ত্র বিন্যাসৰ মূল কথা হ'ল- যেতিয়া এটা সংকৰণত দুযোৰ চৰিত্ৰ সংযোজিত হয়, এযোৰ চৰিত্ৰৰ পৃথকীকৰণ আনযোৰ চৰিত্ৰৰ ওপৰত নিৰ্ভৰশীল নহয়, নাইবা ই স্বাধীনভাৱে পৃথক হয়।
৮। সুৰুষে কেতিয়াও হিম ফিলিয়াৰ জিন ল'ৰা সন্তানক নিদিয়ে। কিয়?
উত্তৰ: x-ক্ৰ'মজমৰ 'H' জিন স্বাভাৱিক কিন্তু 'h' জিন পৰাহত। 'h' জিনেই হিম 'ফিলিয়াৰ বাবে দায়ী। পুৰুষৰ যৌন ক্ৰ'মজম xy স্ত্রীৰ xx। পুৰুষ আৰু স্ত্ৰীৰ সঙ্গমৰ ফলত হয় কন্যা সন্তান (xx) নহয় পুত্র সন্তান (xy) হয়। h জিন সদায় -ক্রম'জমৰ লগত থাকে। গতিকে পুৰুষৰ পৰা X ক্ৰম'জমৰ যোগেদি 'h' জিন সদায় কন্যা সন্তানে পায় যিহেতু পুত্র সন্তানে y ক্রম'জম পায়; গতিকে পিতৃৰ পৰা পুত্ৰ সন্তানক 'h' জিন দিব নোৱাৰে। এই ৰোগ মানুহৰ লিংগ সহলগ্ন বংশগতিৰ লগত জড়িত।
৯। ক্রম 'জম বংশগতি সূত্ৰৰ সংজ্ঞা দিয়া।
উত্তৰঃ ক্ৰম'জমৰ লগত মেণ্ডেলৰ কাৰকসমূহৰ সামঞ্জস্য এনে ভাবে প্রকট যে মেণ্ডেলীয় কাৰকবোৰ প্ৰকৃততে ক্ৰম'জ'ম। ইয়াৰ পৰা ছাটনে ক্রম'জ'মৰ বংশগতি সূত্র দাঙি ধৰিছিল। এই সূত্ৰৰ মূলকথা হ'ল ক্রম 'জমক বংশগতিৰ বাহক বুলি ধৰিলে মেণ্ডেলীয় কাৰক পিতৃজনুৰ পৰা অপত্যজনুলৈ কেনেকৈ যায় আৰু অপত্য ব্যক্তিবোৰত চাৰিত্ৰিক লক্ষণবোৰ কেনেকৈ নির্দিষ্ট অনুপাতত পোৱা যায় তাক ব্যাখ্যা কৰিব পৰা যায়। এনেভাবে ব্যাখ্যা কৰিলে মেণ্ডেলীয় কাৰক আৰু ক্ৰম'জ'মৰ মাজত কোনো পার্থক্য নাথাকে, কেবল ক্রম'জমক কাৰক বুলি নধৰি বাহক বোলা উচিত; কাৰণ, ক্ৰম 'জমত কেবাটাও লক্ষণৰ কাৰক থাকে।
১০। মেণ্ডেলৰ বংশগতি সূত্র কি কি?
উত্তৰঃ (ক) প্রভাবী আৰু অপ্ৰভাৱী সূত্রঃ দুটা পৰস্পৰ বিপৰীত লক্ষণযুক্ত (যেনে-ওখ-চাপৰ) দুটা জীৱৰ মাজত সংকৰণ ঘটালে F, জনুত পিতৃজনুৰ (P,) দুটা লক্ষণৰ কেরল এটাহে প্রকাশ পায়। প্রকাশ পোৱা লক্ষণটোক প্রভাৱী আৰু প্রকাশ নোপোৱা বা সুপ্ত অৱস্থাত থকা লক্ষণটোক অপ্ৰভাৱী বা পৰাহত লক্ষণ বোলে।
খ) অন্তৰণ সূত্র বা পৃথকীকৰণ সূত্র বা জননকোষৰ বিশুদ্ধতা সূত্র: কোনো জীৱৰ সংকৰণ পৰীক্ষাৰ F1জনুত প্ৰভাৱী কাৰকৰ উপস্থিতিত অপ্ৰভাৱী কাৰকে লক্ষণ প্রকাশ কৰিব নোৱাৰে যদিও কাৰকটো F2জনুৰ অপত্যৰ দেহ কোষত অন্য কাৰকৰ লগত মিশ্রণ নোহোৱাকৈ আজীবন থাকি যায় আৰু F, জনুৰ জননকোষ সৃষ্টিৰ সময়ত প্রভাবী আৰু অপ্রভাৱী কাৰকসমূহৰ কোনো পৰিৱৰ্তন নোহোৱাকৈ এটাই আনটোৰ পৰা পৃথকহৈ ওলাই আহে। এই সূত্রক জননকোষৰ বিশুদ্ধতা সূত্ৰ বুলিও জনা যায়।
(গ) স্বতন্ত্র বিন্যাস সূত্রঃ এই অনুসৰি, দুযোৰ বা ততোধিক বিপৰীতধর্মী লক্ষণবিশিষ্ট জীৱৰ মাজত সংকৰণ ঘটালে F, জনুত প্ৰজনকৰ লক্ষণবোৰৰ কাৰকসমূহ একেলগে থাকে যদিও জজনকোষ সৃষ্টিৰ সময়ত ইহঁতে পৰস্পৰে পৰস্পৰৰ পৰা পৃথক হৈ স্বাধীনভাবে যিকোনো বিপৰীত লক্ষণৰ কাৰকৰ লগত সম্ভাব্য সকলো প্ৰকাৰে জননকোষলৈ সঞ্চাৰিত হয়। প্ৰজনকৰ বিভিন্ন লক্ষণৰ প্ৰতিযোৰ কাৰক স্বতন্ত্রভাবে অন্তৰিত হয়, এযোৰ কাৰকে অন্যযোৰ কাৰকৰ অন্তৰণ প্ৰভাৱিত নকৰে।
ৰচনাধর্মী প্রশ্নোত্তৰ:
১। মেণ্ডেলৰ স্বতন্ত্র বিন্যাস এক সংকৰ পৰীক্ষাৰ দ্বাৰা ব্যাখ্যা কৰা।
উত্তৰ:
এক-সংকৰণ পৰীক্ষা - ৰঙা আৰু বগা ফুলৰ বংশগতি
ওপৰৰ চিত্ৰত ৰঙীণ আৰু বগা ফুলৰ বিন্যাস দেখুওৱা হৈছে। F1 জনুত প্রভাৱী লক্ষণ - ৰঙচুৱা বৰণ প্ৰকাশ পাইছে আৰু বগা ৰং প্রকাশ নাপাই অন্তর্নিহিত হৈ আছে। কিন্তু F2 জনুত বগা ৰং পুনৰ প্ৰকাশ পাইছে। ইয়াকে কাৰকসমূহৰ অন্তৰণ হয়। ইয়াকেই মেণ্ডেলৰ স্বতন্ত্র বিন্যাস বোলে।
২। মেণ্ডেলৰ স্বতন্ত্র বিন্যাস সূত্রই কি বুজায়?
উত্তৰঃ দ্বি-সংকৰণটোত দেখা যায যে F1 জনুৰ সকলো গছেই ওখ আৰু ঘূৰণীয়া বীজৰ হয় - অর্থাৎ প্রভাৱী লক্ষণ দুটাহে প্রকাশ পায়। এই গছবোৰৰ স্ব-পৰাগনৰ ফলত হোৱা F2 জনুত পিতৃ জনুৰ দুয়ো প্ৰকাৰৰ মিশ্র লক্ষণবিশিষ্ট গছ (ওখ-সোতোৰা; চাপৰ-ঘূৰণীয়া) সম পৰিমাণে পোৱা যায়। ইয়াৰ পৰা বুজা যায় যে 'ওখ-চাপৰ' কাৰকযোৰ আৰু 'ঘূৰণীয়া-সোতোৰা' কাৰকযোৰ পৰস্পৰ স্বতন্ত্ৰ আৰু কাৰক দুযোৰ অপত্য জনুলৈ যাওঁতে প্রত্যেক যোৰেই 'স্বতন্ত্রভাবে বিন্যস্ত' হয়। অর্থাৎ মেণ্ডেলৰ প্রথম সূত্রমতে প্রত্যেক লক্ষণৰ কাৰক দুটাৰ অন্তৰণ হৈ পাছৰ জনুলৈ যাওঁতে প্রত্যেকযোৰৰে যেই কোনো এটা কাৰক পৰৱৰ্তী জনুৰ এটি ব্যক্তিলৈ যায়-আনযোৰ লক্ষণৰ কাৰক কোনটো গৈছে-নগৈছে তাৰ লগত কোনো সম্পর্ক নাথাকে। বিভিন্ন এলিলীয় লক্ষশৰ কাৰকবোৰ এনেকৈ স্বতন্ত্রভাৱে পৰৱৰ্তী জনুত সন্নিবিষ্ট হোৱাক মেণ্ডেলে কাৰকৰ স্বতন্ত্র বিন্যাস হোৱা বুলিছিল। মেণ্ডেলৰ এই অতিৰিক্ত মতবাদটোক পৰৱৰ্তীকালত 'বংশগতিৰ তৃতীয় সূত্র' বা 'মেণ্ডেলৰ স্বতন্ত্র বিন্যাস সূত্র' হিচাপে গ্রহণ কৰা হয়। ইয়াক মেণ্ডেলীয় বংশগতিৰ তৃতীয় সূত্র বুলিও জনা যায়।
৩। সহ-প্রভাবিতা কাক বোলে?
উত্তৰঃ জীৱৰ কোনো কোনো চৰিত্ৰৰ ক্ষেত্ৰত প্ৰথম অপত্য সংকৰ ব্যক্তিবোৰে বিষমযুতক অৱস্থাত পিতৃ-মাতৃৰ প্ৰভাৱী আৰু অপ্রভাৱী দুয়োটা লক্ষণেই একেলগে প্রকাণ কৰে। ইয়াক সহ-প্রভাবিতা বোলে।
সহ প্ৰভাৱিতাৰ উদাহৰণ: গৰু-ম'হ আদি প্ৰাণীৰ ক্ষেত্ৰত সহ প্ৰভাৱিতাৰ উদাহৰণ পোৱা যায়। বগা নোমযুক্ত গৰু আৰু ৰঙচুৱা নোম যুক্ত গৰুৰ মাজত সংকৰণ কৰিলে প্রথম অপত্য পুৰুষৰ (F1) সংকৰ গৰুবোৰৰ নোম মুগা বৰণৰ হ'ব লাগে যদিও নোমৰ বগা আৰু ৰঙা দুয়োটা বৰণেই স্পষ্টভাবে প্রকাশ কৰে। প্রথম অপত্য পুৰুষৰ গৰুবোৰৰ মাজত সংকৰণ ঘটালে দ্বিতীয় অপত্য পুরুষ (F2(F2) ত অসম্পূর্ণ প্ৰভাৱিতাৰ দৰে বগা, মুগা আৰু ৰঙা বৰণৰ ব্যক্ত ৰূপৰ গৰুৰ সংখ্যা ক্রমে 1:2 1 অনুপাতত পোৱা যায়। ই অসম্পূর্ণ প্রভাৱিতাতকৈ পৃথক। অসম্পূর্ণ প্রভারিতায় দুটা লক্ষণৰ মধ্যৱৰ্তী লক্ষণ প্রকাশ পায়। ই এই ক্ষেত্ৰত উভয় চৰিত্ৰ এক নির্দিষ্ট অনুপাতত প্রকাশ পায় অর্থাৎ দুটা চৰিত্ৰ মিহলি হৈ নাযায়।
৪। প্রমাণ্য সংগমৰ উদ্দেশ্য আৰু ফল সম্পর্কে লিখা।
উত্তৰঃ প্ৰথম অপত্য জনুৰ (F1) জীৱ আৰু পৈতৃক জনুৰ অৰ্থাৎ P- জনুৰ সমযুতক পৰাহত বা দ্বিত্ব পৰাহত লক্ষণযুক্ত ব্যক্তিৰ মাজত কৰা সংকৰণ পৰীক্ষাক প্রমাণ সংগম বোলে। এই সংকৰণ পৰীক্ষাক প্ৰমাণ্য সংগম বুলি কোৱাৰ কাৰণ এয়ে যে - ইয়াৰ দ্বাৰা F1 জনুৰ অপত্য জীৱবোৰ সংকৰ জীৱ নে বিশুদ্ধ বা সমযুতক সেয় প্ৰমাণ কৰিব পাৰি। উদাহৰণস্বৰূপে, মটৰ মাহ উদ্ভিদৰ কাণ্ডৰ দৈৰ্ঘ্যৰ চৰিত্ৰটোন বাবে F1জনুৰ ওখ লক্ষণযুক্ত প্ৰভাৱী ব্যক্ত ৰূপৰ গছবোৰ সংকৰ গছ নে সমযুতৰ ওখ সেয়া প্রমাণ কৰিব পাৰি।
কোনো লক্ষণৰ এজোপা সংকৰ গছৰ (যেনে-Tt) ব্যক্তরূপ সেই লক্ষণৰ বিশুদ্ধ গছৰ (যেনে-Tt) ব্যক্তৰূপৰ সৈতে একে হয়। এতেকে গছজোপা বিশুদ্ধ নে সংকৰ জানিবৰ বাবে তেওঁৰ ধাৰণাসমূহ ওপৰত ভিত্তি কৰি এই প্ৰমাণ্য সংগম পৰীক্ষাৰ আৱতাৰণা কৰিছিল। তেওঁৰ যুক্তি আছিল যে সংকৰ উদ্ভিদৰ কাৰক যোৰে বিষমযুতক (ধৰা -Tt) হোৱাৰ কাৰণে তাৰ লগত পিতৃজনুৰ সমযুতক পৰাহত গছৰ ইতৰ পৰাগণ ঘটালে প্রভাৱী লক্ষণযুক্ত আৰু পৰাহত লক্ষণযুক্ত গছ সম পৰিমাণে (50: 50) পাব লাগে। কিন্তু কাৰকযোৰ সমযুতক ধৰা হ'লে প্রভাৱী লক্ষণ 100% গছত দেখা যাব।
এনে ধৰণে সংগম কৰি মেণ্ডেলে ভবা মতে দুয়োবিধ গছ পাইছিল। তেওঁ এনে সংগম পৰীক্ষণীয় সংকৰ ব্যক্তিৰ প্ৰমাণ্য সংগম হিচাপে ব্যৱহাৰ কৰিছিল।
৫। মানুহৰ আনুবংশিক ৰোগৰ কাৰণ কি কি?
উত্তৰঃ জিন সংহতি, আৰু ক্ৰম 'জমৰ গঠন বা সাংখ্যিক পৰিবৰ্ত্তনৰ কাৰণে হোৱা যিবোৰ অনিয়ম বংশগতভাৱে চলি থাকে সেইবোৰক আনুবংশিক অনিয়ম বা আনুবংশিক ৰোগ বোলা হয়। ইহঁতুক তলত দিয়া পাঁচ প্ৰকাৰত শ্রেণী বিভাজন কৰা হয়।
(ক) জিনৰ উৎপৰিবৰ্ত্তনৰ ফলত হোৱা জিনীয় অনিয়ম।
(খ) দৈহিক ক্রম'জমত থকা প্ৰভাৱী জিনৰ বাবে হোৱা জিনীয় অনিয়ম।
(গ) জিন উৎপাদিত বিপাকীয় দ্রব্যৰ মাজত মিল নোহোৱাৰ বাবে হোৱা বিসংগতি।
(ঘ) দৈহিক ক্ৰম'জমৰ সাংখ্যিক পৰিবৰ্ত্তনৰ বাবে হোৱা বংশগত ৰোগ।
(ঙ) লিংগ ক্ৰম 'জমৰ সাংখ্যিক পৰিবত্তনৰ বাবে হোৱা বংশগত ৰোগ।
Type Himanku Bora
New Update 2026