মানুহৰ স্বাস্থ্য আৰু ৰোগ | অধ্যায় ৮ | Chapter 8 | Class 12 Biology Solution Assamese Medium | HS 2nd Year Biology Assam | Human Health And Disease Chapter Answer

মানুহৰ স্বাস্থ্য আৰু ৰোগ

প্ৰশ্নমালা

 অতি চমু প্রশ্নোত্তৰ:

শূন্যস্থান পূৰণ কৰা: (১ নম্বৰ)


১। মানুহৰ দেহৰ তেজ চলালচ প্রক্রিয়া                  য়ে আৱিষ্কাৰ কৰিছিল।


উত্তৰঃ উইলিয়াম হার্ভে।


২। টাইফয়েড জ্বৰ নিৰ্ণয় কৰিব পাৰে                টেস্টেৰে।


উত্তৰঃ উইডাল পৰীক্ষা।


৩। চর্দী এটা                  বেমাৰ।


উত্তৰঃ ভাইৰাছজনিত।


8। গোধ বেমাৰ হয়               ৰ পৰা।


উত্তৰঃ উইচেৰিবিয়া বা শ্লীপদ কৃমি।


৫। AIDS               পৰীক্ষাৰ সহায়ত ধৰা পেলাব পাৰি।


উত্তৰঃ এলিচা।


৬। মৰফিনৰ                 কৰি হিৰ ইন পাব পাৰি।


উত্তৰঃ এচিটাইলেচন।


৭। কোকেইনে               নামৰ স্নায়ু পৰিবাহকৰ সঞ্চালনত ব্যাঘাত জন্মায়।


উত্তৰঃ ডোপামিন।


শুদ্ধ নে অশুদ্ধঃ


১। জিনীয় ৰোগবোৰ জন্মগত।


উত্তৰঃ শুদ্ধ।


২। AIDS এটা অসংক্রমিত ৰোগ।


উত্তৰঃ অশুদ্ধ।


৩। টাইফয়েড হয় ভাইৰাছৰ দ্বাৰা।


উত্তৰঃ অশুদ্ধ।


8। সাধাৰণ পানী লগাত হাওঁফাওঁ সংক্রামিত হয়।


উত্তৰঃ অশুদ্ধ।


৫। এজন সুস্থ মানুহে এছকাৰিছৰ সংক্ৰমণ তেজ গ্রহণ কৰিলে হ'ব পাৰে।


উত্তৰঃ অশুদ্ধ।


৬। এইচ আই ভিৰ অণু প্রতিকৃতিকৰণ হৈছে RNAΙ


উত্তৰঃ শুদ্ধ।


অতি চুটি উত্তৰৰ প্ৰশ্নঃ (১ নম্বৰৰ)


১। 'স্বাস্থ্য' কি?


উত্তৰঃ জীৱবিজ্ঞানীসকলৰ মতে স্বাস্থ্য হৈছে মানুহৰ সবল শাৰীৰিক, মানসিক আৰু সবল দিশ।


২। কেনেকৈ সুস্বাস্থ্য ধৰি ৰাখিব পাৰি?


উত্তৰঃ সুস্বাস্থ্য ধৰি ৰাখিবলৈ হ'লে সন্তুলিত আহাৰ, চাক-চিকুণতা, দৈনন্দিন ব্যায়ামৰ লগতে সজাগতাৰো প্ৰয়োজন।


৩। ৰোগ কি?


উত্তৰঃ ৰোগ হৈছে আমাৰ দেহৰ এটা অসন্তুলিত অৱস্থা, যিয়ে আমাৰ শৰীৰৰ স্বাভাৱিক অৱস্থাত ব্যাঘাত জন্মায়।


৪। টাইফয়েড ৰোগ কৰা বেক্টেৰিয়াটোৰ জীৱ বৈজ্ঞানিক নাম লিখা।


উত্তৰঃ চালমোনেলা টাইফি।


৫। মেৰী মোলনক কিয় টাইফয়েড মেৰী বুলি উপনামেৰে জনাজাত আছিল?


উত্তৰঃ মেৰী মেলন এগৰাকী ৰান্ধনী আছিল আৰু নিজে টাইফয়েড ৰোগৰ বাহক আছিল। তেওঁ বহু বছৰ ধৰি নিজে ৰন্ধা খাদ্যৰ জৰিয়তে টাইফয়েড বেমাৰ বিয়পাইছিল।


৬। এজন সুস্বাস্থ্যবান লোক কেনেদৰে টাইফয়েড জ্বৰৰ দ্বাৰা আক্ৰান্ত হ'ব পাৰে?


উত্তৰঃ খাদ্যবস্তু বা পানীৰ সৈতে এই বীজাণু ক্ষুদ্রান্তত প্ৰৱেশ কৰি শেষত তেজ প্ৰৱাহৰ দ্বাৰা বিভিন্ন অংগলৈ প্রবাহিত হয়।


৭। মানুহৰ দেহত নিউমোনিয়া সৃষ্টি কৰা বেক্টেৰিয়াৰ নাম লিখা।


উত্তৰঃ স্ট্রেপ্টোক্কাছ নিউমোনি।


৮। কেনেটো প্ৰকাৰৰ মেলেৰিয়া মানুহৰ বাবে প্ৰাণনাশক?


উত্তৰঃ মেলিগনেন্ট মেলেৰিয়া।


৯। কৰঙনৰ চুক আৰু ছালৰ ভাজত বিংৱৰ্ম সংক্রমণ বেছিকৈ হোৱা দেখা যায় কিয়?


উত্তৰঃ খৰ বা ৰিংৱৰ্ম হৈছে আমাৰ দেহত ভেঁকুৰৰ সংক্ৰমণৰ দ্বাৰা হোৱা ৰোগ। উষ্ণতা আৰু সেমেকা অৱস্থাই এই দুই ভেঁকুৰৰ বৃদ্ধিত অহিৰণা যোগায় যিহেতু কৰঙনৰ চুক বা ছালৰ ভাঁজ এই অঞ্চলবোৰ সাধাৰণতে সেমেকা হৈ থাকে; সেয়ে ইয়াত ৰিংৱৰ্ম সংক্রমণ বেছিকৈ হয়।


১০। সাপে কামোৰাৰ চিকিৎসাত কোনটো প্ৰকাৰৰ অসংক্ৰাম্যতা লোৱা হয়?


উত্তৰঃ অভিযোজিত অসংক্রাম্যতা।


১১। অংগ স্থাপন অগ্রাহ্যকৰণৰ বাবে কোনটো প্ৰকাৰৰ অসংক্ৰাম্যতা দায়ী?


উত্তৰঃ অভিযোজিত অসংক্রাম্যতা।


১২। AIDS সৃষ্টিকাৰী ভাইৰাছটো কি? ই কোন শ্ৰেণীৰ অন্তৰ্গত?


উত্তৰঃ AIDS সৃষ্টিকাৰী ভাইৰাছটো হৈছে HIV ভাইৰাছ। ই RNA ভাইৰাচ ৰিত্ৰোভাইৰাচৰ অন্তৰ্গত।


১৩। কেঞ্চাৰ বা কৰ্কটৰোগ কি?


উত্তৰঃ কর্কট এবিধ অতি ভয়ানক ৰোগ আৰু ই পৃথিৱীত মানুহৰ জীৱন হানিৰ অন্যতম কাৰণ।


১৪। স্পর্শ দমন মানে কি লিখা।


উত্তৰঃ কোষবোৰে পৰস্পৰৰ সংস্পৰ্শত থাকি অনিয়ন্ত্রিত বৃদ্ধি দমন কৰা লক্ষণকে স্পৰ্শ দমন বোলে।


১৫। কেইটামান ৰাগিয়াল বস্তু, যাৰ সহজে অপব্যবহাৰ হয়, নাম লিখা।


উত্তৰঃ 'অপিঅইড, কেন্নাবিনইড আৰু কোকা এলকালইড জাতীয় ৰাগিয়াল বস্তুবোৰ সহজে অপব্যৱহৃত হয়।


১৬। মৰফিন উলিওৱা উদ্ভিদবিধৰ নাম লিখা।


উত্তৰঃ পপি উদ্ভিদৰ দেহৰ পৰা মৰফিন উলিয়াব পাৰি।


১৭। হিৰ ইনৰ প্ৰভাৱ লিখা।


উত্তৰঃ হিৰ'ইনৰ কু-প্ৰভাৱে মানুহক বিমর্ষ কৰে আৰু দৈহিক কাৰ্য্যবোৰ লেহেম কৰে।


১৮। কেন্নাবিনইডবোৰ কি?


উত্তৰঃ কেন্নাবিনইডবোৰ হৈছে কিছুমান ৰাসায়নিক দ্ৰব্যৰ সমষ্টি; যিবোৰে প্ৰধানতে মগজুত থকা কেন্নাবিনইড গ্রাহকৰ লগত ক্রিয়া কৰে। উদাহৰণস্বৰূপে - ভাং।


ৰচনাধৰ্মী প্রশ্নোত্তৰ:

১। স্বাস্থ্যক প্ৰভাৱিত কৰি ৰোগৰ সৃষ্টি কৰা তিনিটা দিশৰ উল্লেখ কৰা।

উত্তৰঃ স্বাস্থ্যক অৱনমিত কৰা দিশ কেইটা হৈছে-

(ক) বংশগতিময় বৈষ্যমতা।

(খ) কোনো ৰোগৰ দ্বাৰা আক্ৰান্ত হোৱা।

(গ) জীৱন ধাৰণৰ ধাৰা লগতে খাদ্য আৰু পানীয় গ্রহণ, দৈহিক পৰিশ্ৰম আৰু বিশ্রাম, সুঅভ্যাস থকা-নথকা আদি।

২। মানুহৰ মেলেৰিয়া কি কি বিভিন্ন প্রজাতিয়ে সৃষ্টি কৰে?

উত্তৰঃ মেলেৰিয়া সৃষ্টিকাৰী তিনিটা প্ৰজাতিৰ আদ্যপ্রাণী হৈছে প্লাজমডিয়াম ভাইভেক্স, প্লাজমডিয়াম মেলেৰি আৰু প্লাজমডিয়াম ফেলচিপেৰাম।

৩। মেলেৰিয়া পৰজীৱীটোৰ জীৱনচক্ৰ চিত্ৰৰ সহায়ত দর্শোৱা।

উত্তৰঃ মেলেৰিয়া পৰজীবীটোৱে জীৱন চক্ৰ সম্পূৰ্ণ কৰিবৰ বাবে দুটা পোষক - মানুহ আৰু মহৰ দৰকাৰ। তলৰ চিত্ৰত ইয়াৰ জীৱন চক্ৰটো দেখুওৱা হ'ল-



৪। এমিবিয়াছিছ ৰোগ সৃষ্টিকাৰী প্ৰাণীটোৰ নাম লিখা। এই ৰোগৰ লক্ষণসমূহ লিখ। 

উত্তৰঃ এন্টামিবা হিষ্টলিইটিকা নামৰ আদ্য প্ৰাণীৰ অন্তৰ্গত প্রাণীটোৱে এমিবিয়াছিছ ৰোগৰ সৃষ্টি কৰে।

এই ৰোগৰ লক্ষণসমূহ হ'ল - কৌষ্টকাঠিন্য, পেটৰ বিষ, শিৰামূৰী, শৌচৰ লগত শ্লেষ্মা আৰু চেকুৰা তেজ নিঃসৰণ।


৫। এন্টিবডি অণু এটাৰ গঠন বর্ণনা কৰা।

উত্তৰঃ এন্টিবডি অণু গঠন:

(ক) প্রতিটো ইমিউন 'প্ল'বুলিন অণুৰ 4 ডাল প'লিপেপ্টাইড শিকলি থাকে। অর্থাৎ, 2H বা গধুৰ শিকলি 2 আৰু L ডাল বা চুটি শিকলি।

(খ) এই Y-আকৃতিৰ অণুৰ মূৰবিলাক এন্টিজেন-এন্টিবডি যৌগ গঠন কৰা বিশেষ এন্টিজেনৰ সতে বন্ধা থাকে।

(গ) প্রতিটো এন্টিজেনৰে এন্টিজেনিক ফল নির্ধাৰণৰ ক্ষমতা থাকে, যিটোৱে বিশেষ এন্টিব'ডিৰ লগত মিলিব নে নাই সেইটো নির্ধাৰণ কৰে।

(ঘ) এণ্টিব 'ডিসমূহ কোষাৱৰণৰ লগত লাগি থাকিব পাৰে বা মুক্ত হৈ থাকিব পাৰে।

(ঙ) ইমিউন'গ্লবুলিনসমূহক এইদৰে শ্ৰেণীবিভাগ কৰা হৈছে - IgA, IgD, IgE, IgG




৬। অসংক্রাম্যতা কি? DNA পুনৰ যোজন প্রক্রিয়াই কেনেদৰে অধিক অসংক্রাম্যতাত সহায় কৰে?

উত্তৰঃ শৰীৰে নিজ ব্যৱস্থাপনাৰ ৰোগ সৃষ্টিকাৰী বীজাণু প্রতিহত কৰিব পৰা সক্ষমতাকে অসংক্রাম্যতা বোলে।

DNA পুনৰ যোজন প্ৰক্ৰিয়াৰ দ্বাৰা বেক্টেৰিয়া আৰু ইষ্টত জীৱাণু-এন্টিজেনিক পলিপেপ্টাইড উৎপন্ন কৰিব পাৰি। উক্ত প্ৰক্ৰিয়াৰ দ্বাৰা ছিটা তৈয়াৰ কৰিলে ব্যাপক উৎপাদন তথা সহজলভ্য হয়। উদাহৰণস্বৰূপে তৈয়াৰ হয়। হেজাটাইটিজ B ছিটা ইষ্টৰ পৰা

৭। এইডছৰ প্ৰতিৰোধৰ ওপৰত এটা টোকা লিখা।

উত্তৰঃ বৰ্তমানলৈ কোনো ধৰণৰ ৰাসায়নিক ঔষধ ওলোৱা নাই যাৰদ্বাৰা নেকি এইডছ ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি। প্ৰতিৰোধেই ইয়াৰ একমাত্র উপায়। ইয়াক

প্রতিৰোধ কৰিবলৈ হ'লে-


(ক) যৌন কাৰ্যৰ সময়ত কনডম ব্যৱহাৰ কৰিব লাগে।


(খ) তেজ গ্রহণ কৰিবলগীয়া হ'লে সতর্ক হ'ব লাগে যাতে কোনো এইডছ ৰোগীৰ পৰা তেজ গ্রহণ কৰা নহয়। এইডছ ৰোগীয়ে ব্যৱহাৰ কৰা বেজী আদি ব্যৱহাৰ কৰিব নালাগে।

(গ) এইডছ ৰোগত আক্রান্ত মাতৃয়ে ল'ৰা-ছোৱালী জন্ম দিব নালাগে।

৮। কেঞ্চাৰ ৰোগৰ কাৰকসমূহৰ বিষয়ে লিখা।

উত্তৰ: বৰ্তমান অৱস্থাত কৰ্কট ৰোগৰ প্ৰকৃত কাৰণ জনা নাযায় যদিও কৰ্কট ৰোগ হ'ব পৰা বিভিন্ন কাৰণসমূহ উল্লেখ কৰা হ'ল।

(ক) ধূমপান আদি কৰিলে কৰ্কট ৰোগ হ'ব পাৰে।

(খ) কেতবোৰ ৰঞ্জক, ৰাসায়নিক পদার্থ, গধূৰ ধাতু, বেছি সময় ৰঞ্জন ৰশ্মি আৰু ৰ'দৰ দ্বাৰা প্ৰভাৱিত হোৱাটোও এই বেমাৰৰ কাৰণ হ'ব পাৰে।

(গ) প্রদূষিত বায়ু, এলক'হল আদিৰ কাৰণে কৰ্কট ৰোগ হ'ব পাৰে।

(ঘ) ভাইৰাছৰ কাৰণে কৰ্কট ৰোগ হ'ব পাৰে।

৯। কেঞ্চাৰাচ বৃদ্ধি কেনেকৈ হয়?

উত্তৰঃ ককৰ্ট আক্রান্ত কোষত কোষৰ বৃদ্ধি নিয়ন্ত্রণ ভাঙি যাৰ ফলত কোষৰ দ্রুত বৃদ্ধি আৰু বিভাজন হয় আৰু সমীপবর্ত্তী স্বাভাৱিক কলা বা কোষক আক্ৰমণ কৰি ক্ষতি সাধন কৰে। ইয়াৰ অতি সক্রিয় বিভাজন আৰু বৃদ্ধিয়ে স্বাভাৱিক কোষৰ বৃদ্ধিত বাধা দিয়ে আৰু ইয়াৰ পৰা খহি পৰা কোষ তেজেৰে আন ঠাইলৈ যায়। য'ত ই থিতাপি লয়। তাতেই নতুন টিউমাৰৰ সৃষ্টি কৰে।

১০। কোনবিধ গছৰ পৰা কোকেইন পোৱা যায়? খেলুৱৈসকলে কিয় এইবিধ ড্রাগর প্রতি আসক্ত হয়? অতিমাত্রা কোকেইন সেৱনৰ প্ৰভাৱ লিখা।


উত্তৰঃ কোকা উদ্ভিদৰ পৰা কোকা এলকালইড বা কোকেইন পোৱা যায়।

খেলুৱৈসকলক এইবিধ দ্ৰৱ্যৰ প্ৰতি বেছিকৈ আসক্ত হোৱা দেখা যায়; কিয়নো, কোকেইনে কেন্দ্রীয় স্নায়ুতন্ত্রক উত্তেজিত কৰি উদ্মাদনা আৰু অতিৰিক্ত উৎসাহ যোগান ধৰে, যাৰ ফলত কার্যক্ষমতা বৃদ্ধি পায়। অতিমাত্রা কোকেইন সেবনে ভ্ৰমৰ সৃষ্টি কৰে।


ৰচনাধৰ্মী প্রশ্নোত্তৰ (বৰ্ণনামূলক):


১। মেলেৰিয়াৰ পৰজীৱীবোৰ কোনটো স্তৰত সংক্রমিত হয়? মেলেৰিয়া পৰজীৱীবিধৰ জীৱন চক্ৰ চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ মেলেৰিয়াৰ পৰজীৱীবোৰ স্পৰ'জ 'ইট স্তৰত সংক্রমিত হয়।

মেলেৰিয়া পৰজীৱীবোৰে জীৱন চক্ৰ সম্পূৰ্ণ কৰিবৰ বাবে দুটা পোষক - মানুহ আৰু মহৰ দৰকাৰ। মাইকী এনোফিলিচ মহ হৈছে ইয়াৰ বাহক। এই মহে আক্রান্ত ব্যক্তিৰ তেজ গ্ৰহণ কৰি মানুহক কামুৰিলে এই পৰজীৱী সহজে তেজত সোমাই পৰে আৰু স্পৰ'জ'ইট স্তৰৰ পৰজীৱীবোৰে যকৃতত প্ৰৱেশ কৰি বংশ বৃদ্ধি কৰি তেজৰ লোহিত ৰক্ত কণিকাক আক্রমণ কৰে। এই আক্রান্ত RBC বা লোহিত ৰক্ত কণিকাবোৰ ভাঙি যায় আৰু বিষাক্ত পদার্থ নিঃসৰণ কৰে যাক হিম জইন বোলে, যিয়ে প্রতি তিনি-চাৰি দিনৰ মূৰত তীব্ৰ জ্বৰ আৰু জাৰৰ সৃষ্টি কৰিব পাৰে। মেলেৰিয়াত ভোগা ব্যক্তিৰ তেজ গ্রহণ কৰা মহৰ দেহলৈ ইয়াৰ বীজাণু সোমাই পৰে আৰু পৰৱৰ্তী পৰ্য্যায়ৰ বৃদ্ধি আৰু বিকাশ সাধন কৰে আৰু বিভিন্ন দশা পাৰ ৰৈ স্প'ৰজ'ইট হিচাপে মহৰ লালটি গ্রন্থিত আশ্রয় লৈ থাকে। এই মহে কামুৰিলে কামোৰা ব্যক্তিজন মেলেৰিয়াত ভোগে।



২। এজন স্বাস্থ্যবান লোকৰ কেনেদৰে নিউমোনিয়া হ'ব পাৰে? নিউমোনিয়াৰ লক্ষণসমূহ লিখা।

উত্তৰঃ ট্রেপট'ক'ক্কাছ নিউমনি আৰু হেম ফিলাছ ইনফ্লুয়েনজি নামৰ বেক্টেৰিয়া দুবিধে মানুহৰ নিউম নিয়া ৰোগৰ সৃষ্টি কৰে। এই বেমাৰৰ বীজাণু উশাহ-নিশাহৰ দ্বাৰা বা বেমাৰীয়ে ব্যৱহাৰ কৰা বাচন-বৰ্তনৰ পৰা সুস্থ মানুহলৈ সংক্রমিত হ'ব পাৰে।

এই ৰোগত সাধাৰণতে হাওঁফাওঁৰ এলভিওলাইবোৰ আক্ৰান্ত হয়। ইয়াৰ লক্ষণসমূহ হ'ল ক্রমে- জ্বৰ, জাৰ, কাহ আৰু মূৰৰ বিষ। অধিক সংক্রমণে ওঁঠ আৰু আঙুলিৰ নখ ছাই বৰণৰ পৰা নীলাগেৰীয়া কৰিব পাৰি।

৩। আমাৰ দেহৰ প্ৰতিৰক্ষা ব্যৱস্থাটো চিত্ৰৰ সৈতে বর্ণনা কৰা।


উত্তৰঃ শৰীৰত ৰোগ সৃষ্টি কৰিব পৰা বা স্বাভাৱিক জীৱন ক্রিয়া বাধাগ্রস্থ কৰিব পৰা বস্তুৰ বৈশিষ্ট্যপূর্ণ আণৱিক গঠনৰ ভৌতিক ৰূপক (বিশেষকৈ উপৰিভাগৰ) এন্টিজেন বা প্রতিজনক বোলা হয়।


শৰীৰত এন্টিজেনৰ সংক্ৰমণৰ প্ৰত্যুত্তৰ হিচাপে তেনে সংক্ৰমণৰ প্ৰতিকাৰৰ কাৰণে B-লিম্ফ ছাইটবোৰে যিবোৰ দ্রব্য (ইমুন 'গ্লবিউলিন) সৃষ্টি কৰে, সেইবোৰক এন্টিবডি বা প্রতিদেহ বোলে।



8। এইডচ সৃষ্টি কৰা বীজাণুৰ নাম লিখা।

উত্তৰঃ এইডচ সৃষ্টি কৰা বীজাণুটো হৈছে HIV ভাইৰাছ (Human Immuno Deficiency) যি ৰিত্ৰোভাইৰাছৰ অন্তগত।

৫। এইচ আই ভি ভাইৰাছৰ সংক্ৰমণ পদ্ধতিটো বর্ণনা কৰা।

উত্তৰঃ এইচ ৰোগ এইচ আই ভি বীজাণুৰ দ্বাৰা যৌন সংস্পর্শ বা তেজৰ সংস্পৰ্শত বিয়পে। মানুহৰ দেহত প্ৰৱেশ কৰাৰ পাছত এইচ আই ভি ভাইৰাছে আক্রমণ কৰে আৰু মেক্ৰ'ফেজত প্ৰৱেশ কৰে। মেক্ৰ'ফেজৰ ভিতৰত, ভাইৰাছৰ RNA ই বিভার্চ ট্রেন্সক্রিপটেজ উৎসচেকৰ সহায়ত অনুকৃত্যায়িত হয় আৰু ভাইৰাছযুক্ত DNA উৎপন্ন কৰে। তাৰ পিছত ভাইৰাছযুক্ত DNA ই পোষক DNA লৈ ৰূপান্তৰিত হয় আৰু ভাইৰাছ অণুৰ সংশ্লেষণৰ নিৰ্দেশনা দিয়ে। একে সময়তে HIV সহায়কাৰী T লিম্‌ফ চাইটত প্ৰৱেশ কৰে। ই অনুকৃত্যায়িত হয় আৰু তাত ভাইৰাছ উৎপন্ন কৰে। এই নতুনকৈ উৎপন্ন হোৱা ভাইৰাছবোৰ তেজত যুক্ত কৰি দিয়া হয়, যাতে দেহৰ অন্য স্বাস্থ্যৱান সহায়কাৰী T লিম্‌ফ 'চাইটসমূহক আক্ৰমণ কৰিব পাৰে। ফলস্বৰূপে, আক্রান্ত ব্যক্তিৰ T লিম্‌ফ চাইসমূহৰ সংখ্যা দ্রুতগতিত হ্রাস পায় আৰু এইদৰেই ব্যক্তি এজনৰ দেহৰ অসংক্রাম্যতা টুটি আহে।


৬। ককর্টৰোগ কেনেকৈ চিনাক্ত কৰিব পাৰি? কৰ্কট ৰোগ চিকিৎসাৰ বিষয়ে লিখা।

উত্তৰঃ ই এবিধ মাৰাত্মক ৰোগ। এই বেমাৰত শৰীৰৰ যিকোনো অংশত কেতবোৰ অংশত কোষ অস্বাভাৱিকভাবে বৃদ্ধি পায় আৰু সংখ্যাত বাঢ়িবলৈ ধৰে। কোনো কোনো ঠাইত ই টেমুনা হৈ দেখা দিয়ে।

কৰ্কট বেমাৰৰ লক্ষণসমূহ-


(ক) নুশুকুৱা বিধৰ ঘা।


(খ) মানুহৰ বুকুত বা অন্য ঠাইত টেমুনা দেখা দিয়া।

(গ) অস্বাভাৱিক ধৰণৰ ৰক্তক্ষৰণ হোৱা।

(ঘ) হজম কৰাত বা কোনো বস্তু গিলাত বাধা পোৱা।

(ঙ) বন্ধ নোহোৱা কাহ আৰু ডিঙি খেচ-খেচাই থকা।

(চ) শৌচৰ নিয়ম বা প্ৰকৃতিৰ হেৰফেৰ আৰু শৰীৰত থকা তিল বা মাহৰ কোনো পৰিৱৰ্তন।

কৰ্কটৰোগ চিকিৎসা-


কৰ্কট ৰোগী এজনৰ প্ৰথম অৱস্থাত ৰোগটো ধৰা পৰিলে তাক আৰোগ্য কৰিব পাৰি। প্রায় ২০ বিধমান ঔষধ ওলাইছে যদিও এই বেমাৰৰপৰা কিছু পৰিমাণে আৰোগ্য লাভ কৰিব পাৰি দুটা উপায়েৰে-


(ক) অস্ত্রোপচাৰ আৰু

(খ) সোণ, কোবাল্ট, আয়োডিন, ৰেডিয়াম আদিৰ ৰশ্মি বিকিৰণ কৰি।

খুব শক্তিশালী ৰঞ্জন ৰশ্মি বিকিৰণেও সুফল দিয়া দেখা যায়।

৭। বয়সসন্ধি কি? কৈশোৰ আৰু ড্ৰাগছ্যমাদক দ্ৰব্যৰ অপব্যৱহাৰৰ বিষয়ে এখন ৰাম লিখা।

উত্তৰঃ কৈশোৰ বা বয়স সন্ধি হ'ল এটা সময় আৰু প্রক্রিয়া; যাৰ জৰিয়তে শিশুৱে আচৰ আৰু মনৰ বিশ্বাসত পৈণত হৈ সমাজত সক্রিয়ভাৱে অংশ গ্রহণ কৰিব পাৰে। ১২ বছৰৰ পৰা ১৮ বছৰৰ সময়খিনিকে কৈশোৰ বোলা হয়, যি শৈশৱ আৰু প্রাপ্তবয়স্কৰ মাজৰ সেতুবন্ধন।


Type Himanku Bora



New Update 2026