শিল

পৃথিৱীৰ খোলাটোৰ এক প্ৰধান উপাদান হ'ল শিল। শিলেৰে গঠিত বাবে এই স্তৰটোক শিলামণ্ডল বোলা হয়। সাধাৰণতে আমি বসবাস কৰা পৃথিৱীৰ উপৰিভাগৰ গোটা আৰু আপিক্ষিকভাৱে টান পদাৰ্থবোৰকে শিল বোলা হয়। শিলসমূহ ভিন ভিন মণিকেৰে গঠিত। কিছুমান শিলত মণিক কেবাবিধো থকে আৰু আন কিছুমান শিলত এবিধ বা দুবিধ মানহে মণিক থাকে। শিলত থকা মণিকৰ বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি শিলৰ আকাৰ-আকৃতি, ৰং, কঠিনতা আদিৰ তাৰতম্য হয়। শিলত থকা ৰাসায়নিক পদাৰ্থবোৰৰ ভিতৰত 一অম্লজান, ছিলিকন, এলুমিনিয়াম, লো, কেলছিয়াম, ছ'ডিয়াম, পটাছিয়াম, কাৰ্বন, ছালফাৰ আদি প্ৰচুৰ পৰিমাণে পোৱা যায়। ইয়াৰ উপৰিও শিলত কিছু পৰিমাণে তাম, সীহ, দস্তা আদি ধাতুও পোৱা যায়।

শিলবোৰ সাধাৰণতে ভিন ভিন ধৰণে উৎপত্তি হয়।  উৎপত্তি  অনুযায়ী শিলক তিনি প্ৰকাৰে ভাগ কৰিব পাৰি। এই তিনি প্ৰকাৰৰ শিল হ'ল 一ক) আগ্নেয় শল, খ) গেদীয় শিল, গ) ৰূপান্তৰিত শিল।

শিলৰ এই শ্ৰেণীবিভাজন তলৰ তালিকাৰ জৰিয়তে দেখুওৱা হ'ল 一

শিল

আগ্নেয় শিল

    অন্তৰ্ভেদী

    বহিৰ্ভেদী

গেদীয় শিল 

ৰূপান্তৰিত শিল


আগ্নেয় শিলঃ

পৃথিৱীৰ অন্তৰ্ভাগত থকা গলিত , উত্তপ্ত পদার্থসমূহক মেগমা বােলা হয় । এনে মেগমা ভূ - পৃষ্ঠলৈ ওলাই আহিব নােৱাৰি কালক্ৰমত তাপ বিকিৰণ কৰি শীতল হৈ শিলত পৰিণত হয় । এনে ধৰণে গঠন হােৱা শিলক অন্তর্ভেদী আগ্নেয়শিল বােলা হয় । আনহাতে কেতিয়াবা কিছুমান প্রাকৃতিক কাৰণত পৃথিৱীৰ খােলাটোত ফাট মেলিলে সেইফালেদি মেগমা বাহিৰলৈ ওলাই আহি লাভা হিচাপে ভূপৃষ্ঠত জমা হয় । এইবােৰ বায়ুৰ সংস্পৰ্শলৈ অহাৰ ফলত তাপ বিকিৰণ কৰি গােট মাৰি টান হৈ যি শিলৰ সৃষ্টি হয় তাক বহির্ভেদী আগ্নেয়শিল বােলা হয় । পৃথিৱীত আগ্নেয়শিলৰ প্রথমতেই সৃষ্টি হৈছিল বাবে এই শিলক প্রাথমিক শিল বুলিও জনা যায় । এই শিলত সাধাৰণতে সােণ , ৰূপ , সীহ , দস্তা আদি মূল্যৱান ধাতুও পােৱা যায় । বেল্ট , গ্রেণাইট , গেব্র ’ , বেথলিথ আদি আগ্নেয় শিলৰ উদাহৰণ। আমাৰ উত্তৰ-পূব ভাৰতত থকা খাছিয়া, জয়ন্তীয়া আৰু নীলাচল পাহাৰত থকা শিলাখণ্ড আগ্নেয়শিলৰ উদাহৰণ। 


গেদীয় শিলঃ

পৃথিৱীৰ উপৰিভাগত থকা আগ্নেয় শিল কালক্ৰমত শীত, তাপ, বতাহ, বৰষুণ আদিৰ ভৌতিক, ৰাসায়নিক ক্ৰিয়া আৰু উদ্ভিদৰ জৈৱিক ক্ৰিয়াৰ ফলত দুৰ্বল হৈ ভাঙিবলৈ ধৰে।  পিছত এই ভগা অংশবিলাক বতাহ , নৈ , হিমবাহ আদিয়ে কঢ়িয়াই নি সাগৰ , হ্রদ বা আন নিম্ন অংশত তৰপে তৰপে জমা কৰে । এইদৰে যেতিয়া গেদবােৰ বছৰ বছৰ ধৰি জমা হয় , তেতিয়া এহাতে ওপৰৰ গেদৰ প্রচণ্ড চাপ , তাপ আৰু পানীত মিহলি হৈ থকা লাে , চূণ আদিৰ ক্ৰিয়াৰ ফলত গেদবােৰ কঠিন হ’বলৈ ধৰে । এইদৰে কঠিন হৈ যি শিলৰ সৃষ্টি হয় তাক গেদীয় শিল বােলে । তদুপৰি স্তৰে স্তৰে এই শিল গঠিত হয় বাবে ইয়াক স্তৰীভূত শিলও বােলা হয় । কয়লা , চুণশিল , কংলােমাৰেট আদি গেদীয় শিলৰ উদাহৰণ । আমাৰ উত্তৰে হিমালয় পর্বত থকা শিলাখণ্ড গেদীয় শিল ।


ৰূপান্তৰিত শিলঃ

আগ্নেয় আৰু গেদীয় শিল যদি বহুদিন ধৰি অধিক চাপ আৰু তাপৰ প্ৰভাৱত থাকে তেন্তে তাৰ ভৌতিক আৰু ৰাসায়নিক পৰিবৰ্তন হৈ এক নতুন শিলৰ সৃষ্টি হয়। এনে শিলক ৰূপান্তৰিত শিল বোলে। তলৰ তালিকাত আগ্নেয় আৰু গেদীয় শিলৰ পৰা চাপ আৰু তাপৰ ফলত কি কি ৰূপান্তৰিত শিলৰ সৃষ্টি হৈছে তাক দেখুওৱা হৈছে।

 

আগ্নেয় আৰু গেদীয় শিল

 

ৰূপান্তৰিত শিল

আগ্নেয় শিল মাইকা

গ্ৰেণাইত

গেদীয় শিল চূণশিল

বালিশিল

বোকাশিল

চিষ্ট

নিছ

মাৰ্বল

কোৱাৰ্টযাইট

শ্লেট


Type Nayan Moni Deka