বতাহৰ নামকৰণ আৰু ইয়াৰ জোখ | বায়ুমগুলঃ গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ | দ্বিতীয় অধ্যায় | ভূগোল নৱম শ্ৰেণী পাঠ্যপুথি |  Class 9  geography | Chapter 2

     উল্লেখনীয় যে বতাহৰ নামকৰণ প্ৰবাহ - দিশ  অনুযায়ী কৰা হয় । অৰ্থাৎ যি দিশৰ পৰা বতাহ বলে সেই দিশৰ নাম অনুসৰি বতাহৰ নাম দিয়া হয় ।  উদাহৰণ স্বৰূপে পশ্চিম দিশৰ পৰা প্ৰবাহিত  বায়ুক পশ্চিমা বতাহ  উত্তৰ - পূব  দিশৰ পৰা বলা বতাহক উত্তৰ - পূব  বতাহ বোলে ।  যি অঞ্চলৰ ওপৰেদি বতাহ বলে, বায়ুৰাশিয়ে সেই অঞ্চলৰ উষ্ণতা, আৰ্দ্ৰতা আদি ভৌতিক ধৰ্মবোৰ সংগ্ৰহ কৰে । সেয়ে সমুদ্ৰৰ ওপৰেদি প্ৰবাহিত বায়ুৰাশিত প্ৰচুৰ পৰিমাণে জলীয়বাষ্প থাকে । আনহাতে ক্ৰান্তীয় মৰুভূমিৰ ওপৰেদি প্ৰবাহিত বায়ুৰাশি শুকান আৰু উষ্ণ হয় । ভূ- পৃষ্ঠৰ যি দিশৰ পৰা বতাহ  আহে তাক পৱনমুখী আৰু যি দিশলৈ বলে তাক পৱনবিমুখ বোলা হয় ।

    বতৰ অধ্যয়নত বতাহৰ গতিবেগ আৰু দিশ জ্ঞান থকাটো অত্যন্ত জৰুৰী । এখন ঠাইৰ বতাহৰ দিশ অৱশ্যে ডাৱৰ, ধোঁৱাৰ, পানীৰ ঢৌ ইত্যাদি গতিৰ পৰাই জানিব পাৰি ।  কিন্তু উইগু ভেন নামৰ যন্ত্ৰ এটাৰ সহায়ত বতাহৰ সঠিক দিশ নিৰ্ণয় কৰিব পাৰি । বতাহৰ দিশ সাধাৰণতে চুম্বকীয় উত্তৰ দিশৰ পৰিপ্ৰেক্ষিতত ডিগ্ৰীত প্ৰকাশ কৰা হয় । উদাহৰণস্বৰূপে এখন ঠাইত বতাহ চুম্বকীয় উত্তৰ দিশত বলিলে ইয়াৰ দিশ হব আৰু একেবাৰে পূবত বলিলে ইয়াৰ দিশ হব ৯০। বতাহৰ গতিবেগ এনিমমিটাৰ নামৰ যন্ত্ৰ এটাৰ দ্বাৰা জোখা হয় । আজিকালি অৱশ্যে বহুধৰণৰ এনিম মিটাৰ যন্ত্ৰ ওলাইছে । ইয়াৰে এনিম গ্ৰাম নামৰ যন্ত্ৰটোৰ দ্বাৰা স্বয়ংক্ৰিয়ভাৱে বতাহৰ দিশ আৰু গতিবেগ লিপিবদ্ধ হয় । উল্লেখযোগ্য যে ১৮০৫ চনতে বৃটিছ বিজ্ঞানী  চাৰ ফ্ৰেঞ্চিচ বিউফৰ্টে প্ৰস্তুত কৰা ০-১২নম্বৰ স্কেলৰ সহায়ত বতাহৰ গতিবেগ মান অনুযায়ী ইয়াৰ প্ৰকৃতি আৰু প্ৰভাৱ জানিব পাৰি । ইয়াকে বিউফৰ্ট স্কেল বুলি কোৱা হয় । আন এটা জানিবলগীয়া কথা হল বতাহৰ গতিবেগ নট (Knot)ত প্ৰকাশ কৰা হয় । বতাহৰ গতিবেগ এক নট মানে প্ৰতি ঘন্টাত ১নটিকেল মাইল । অৰ্থাৎ প্ৰতি ঘন্টাত ১.৮৫৪ কিলোমিটাৰ বা প্ৰতি মিনিটত ৩০.৯ মিটাৰ ।

Type Sumit Patar

Social Science Geography 9,