বতাহৰ উৎপত্তি আৰু ইয়াৰ গতিৰ কাৰকসমূহ 

  বতাহ বা বায়ুপ্রবাহৰ উৎপত্তি মূলতঃ বায়ুমণ্ডলৰ উত্তাপৰ তাৰতম্য আৰু ইয়াৰ লগত ওতঃপ্রােতভাৱে জড়িত বায়ুমণ্ডলীয় চাপৰ ওপৰত নিৰ্ভৰ কৰে । আমি জানাে যে সূৰ্যৰ ৰশ্মিৰ দ্বাৰা ভূ - পৃষ্ঠৰ সকলাে ঠাই সমানে উত্তাপিত নহয় । বিষুৱ  অঞ্চলত সূৰ্যৰ ৰশ্মি লম্বভাৱে পৰে বাবে তাত উষ্ণতা সর্বাধিক হয় । আনহাতে মেৰুৰ ফাললৈ সূৰ্যৰ ৰশ্মি ক্রমান্বয়ে হেলনীয়াকৈ পৰাৰ বাবে উষ্ণতাও হ্রাস পায় । আমি জানাে যে বায়ুৰ উষ্ণতা বৃদ্ধি পালে ই পাতল হৈ ওপৰলৈ গতি কৰে আৰু সেই ঠাইত এক নিম্ন চাপৰ সৃষ্টি হয় । ইয়াৰ ফলস্বৰূপে তুলনামূলকভাৱে কম উষ্ণতা বিৰাজ কৰা উচ্চ চাপ অঞ্চলৰ পৰা নিম্নচাপ অঞ্চললৈ বায়ু প্রবাহিত হয় , অর্থাৎ অনুভূমিক বায়ুৰ ঘনত্বৰ পৰিবর্তন বা চাপৰ তাৰতম্যৰ বাবে চাপনতিৰ ( Pressure Gradient ) সৃষ্টি হৈ বায়ুপ্রবাহ আৰম্ভ হয় । এই প্রবাহ সদায় আপেক্ষিকভাৱে উচ্চ চাপ অঞ্চলৰ পৰা নিম্নচাপ অঞ্চললৈ , অর্থাৎ চাপনতিৰ দিশত হয় ( চিত্র ২.৬ ) । অৱশ্যে বতাহৰ গতিবেগ চাপতি শক্তিৰ ওপৰত নিৰ্ভৰ কৰে । মন কৰিবলগীয়া যে বিষুৱ অঞ্চলত ভূ - পৃষ্ঠৰ পৰা উষ্ণ বায়ু ওপৰলৈ উঠে , আৰু ওপৰেদি উচ্চ অক্ষাংশৰ পিনে গতি কৰি মেৰু অঞ্চলত নিম্নগামী হয় । আকৌ সেই বায়ু বায়ুমণ্ডলৰ নিম্ন স্তৰেদি মেৰু অঞ্চলৰ পৰা বিযুৱ অঞ্চললৈ চেঁচা বায়ু হিচাপে গতি কৰে ।

    কোনাে এখন ঠাইৰ বায়ুপ্রবাহ আৰু ইয়াৰ বৈশিষ্ট্য বহু কাৰকৰ ওপৰত নিৰ্ভৰ কৰে । অৱশ্যে তলত উল্লেখ কৰা চাৰিটা প্রতিক্রিয়াশীল শক্তিয়ে বায়ুপ্রবাহক বিশেষভাৱে নিয়ন্ত্রণ কৰে । দৰাচলতে এই চাৰি শক্তিয়েই বায়ুপ্রবাহৰ দিশ আৰু গতিবেগ নির্ধাৰণ কৰে । সেয়ে যি কোনাে এখন ঠাইৰ বায়ুপ্রবাহত প্রভাৱ বিস্তাৰ কৰা সেই প্রধান শক্তি বা কাৰক কেইটা হ'ল— 

(১) চাপনতি শক্তি  ( Pressure Gradient Force )

( ২ ) মাধ্যাকর্ষণ শক্তি ( Gravitational Force ) 

( ৩ ) অপকেন্দ্রিক শক্তি ( Centrifugal Force ) 

( ৪ ) ঘর্ষণ শক্তি ( Frictional Force ) 

চাপতি শক্তিঃ ভূ - পৃষ্ঠত থকা বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ বাবে উদ্ভৱ হােৱা শক্তিয়ে মূলতঃ বায়ুপ্রবাহৰ সৃষ্টি কৰে । ইয়াকে চাপতি শক্তি ( Pressure Gradient Force ) বােলা হয় । আচলতে দুখন ঠাইৰ মাজৰ বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ হাৰকে চাপনতি বােলে । গতিকে চাপনতিৰ বাবে সৃষ্টি হােৱা শক্তিৰ মান নির্ভৰ কৰিব ঠাই দুখনৰ মাজত থকা চাপৰ পাৰ্থক্য আৰু দূৰত্বৰ ওপৰত । ঠাই দুখনৰ মাজত চাপৰ পার্থক্য বেছি ( অর্থাৎ চাপনতি বেছি থিয় ) হলে বায়ুপ্রবাহৰ গতিবেগ বেছি হয় । কিন্তু দূৰত্ব বেছি হ'লে গতিবেগ হ্রাস পায় । আকৌ যিহেতু বায়ু সদায় উচ্চ চাপ ( অধিক ঘনত্ব ) অঞ্চলৰ পৰা নিম্নচাপ ( নিম্ন ঘনত্ব ) অঞ্চললৈ বলে , সেয়ে দুখন ঠাইৰ মাজত থকা চাপনতিয়ে বায়ুপ্রবাহৰ দিশাে নির্ণয় কৰে । যি দিশত চাপ হ্রাস পায় , সেই দিশতেই চাপনতিৰ জোখ লােৱা হয় । অর্থাৎ এখন অঞ্চলৰ চাপতি অধ্যয়ন কৰিলেই তাত বিৰাজ কৰা বতাহৰ দিশ আৰু গতিবেগ সম্পর্কে সহজে জানিব পাৰি । এখন অঞ্চলৰ চাপনতিৰ মান বেছি হ'লে বতাহৰ গতিবেগ বৃদ্ধি হােৱাৰ উপৰি তাত এক অস্থিৰ বায়ুমণ্ডলীয় অৱস্থা বিৰাজ কৰে । আনহাতে , চাপনতিৰ মান একেবাৰে কম হলে তাত বায়ুপ্রবাহ প্রায় শূন্য হয় আৰু বায়ুমণ্ডলীয় অৱস্থাও শান্ত হয় । বহু ঠাই জুৰি এনে অৱস্থা বিৰাজ কৰিলে সেই অঞ্চলৰ সমচাপ মানচিত্রত সমচাপ ৰেখা ( সমান বায়ু চাপ থকা ঠাই সংযােগী ৰেখা ) ( Isobar ) প্রায় একেবাৰে দেখা নাযায় । 

        উল্লেখযােগ্য যে উষ্ণতাৰ তাৰতম্যই সৃষ্টি কৰা বায়ুমণ্ডলীয় চাপৰ প্ৰভাৱ পৃথিৱীৰ সকলাে ঠাইতে একে নহয় । উদাহৰণস্বৰূপে , এখন ঠাইৰ বায়ুপ্রবাহত দৈনিক উষ্ণতাৰ তাৰতম্যই সৃষ্টি কৰা চাপৰ পার্থক্যৰ প্ৰভাৱ তেনেই সীমিত । কিন্তু অক্ষাংশভিত্তিত থকা উষ্ণতাৰ পার্থক্যই সৃষ্টি কৰা বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ প্ৰভাৱ এই ক্ষেত্ৰত বহুগুণে বেছি ।

 মাধ্যাকর্ষণ শক্তিঃ বায়ুপ্রবাহৰ ক্ষেত্ৰত প্রত্যক্ষভাৱে পৃথিৱীৰ মাধ্যাকর্ষণ শক্তিৰ কোনাে বিশেষ ভূমিকা নাই যেন লাগে । কিন্তু সূৰ্যৰ দৰে পৃথিৱীৰ মাধ্যাকর্ষণেও বায়ুপ্রবাহত এক চালিকা শক্তিৰ কাম কৰে । দৰাচলতে পৃথিৱীৰ চাৰিওফালে আৱৰি থকা সমগ্র বায়ুমণ্ডলখনকেই দেখােন পৃথিৱীৰ মাধ্যাকর্ষণ শক্তিয়ে ধৰি ৰাখিছে । তাৰােপৰি বায়ুৰ ওজন বা চাপ মূলতঃ মাধ্যাকর্ষণ শক্তিৰ ওপৰতেই নিৰ্ভৰ কৰে । আমি জানাে যে বায়ুক আকৃষ্ট কৰি ধৰি ৰখা মাধ্যাকর্ষণ শক্তি যিহেতু উচ্চতাৰ লগে লগে হ্রাস পায় , সেয়ে সাগৰ পৃষ্ঠৰ পৰা উচ্চতা বঢ়াৰ লগে লগে বায়ু পাতল হয় আৰু বায়ুচাপ হ্রাস পায় । এইদৰেই বায়ুমণ্ডলত উচ্চ চাপৰ পৰা নিম্ন চাপলৈ এক উল্লম্বিক বায়ুপ্রবাহাে চলি থাকে । পৃথিৱীৰ উপৰিভাগত থকা বিভিন্ন ভূ - অবয়ৱৰ উচ্চতাৰ তাৰতম্যৰ বাবে এইদৰে চাপৰ পার্থক্য হয় আৰু ইয়াৰ ফলত ভৈয়ামৰ ( উচ্চ চাপ ) পৰা পৰ্বতলৈ ( নিম্ন চাপ ) বায়ু  প্রবাহ চলে । তাৰােপৰি অন্যান্য শক্তিৰ লগতে মাধ্যাকর্ষণ শক্তিৰ বাবে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ প্রবাহিত বায়ুৰ গতি সম্পূর্ণ সৰলৰৈখিক নহৈ কিছু বক্রাকাৰ হয় । 

অপকেন্দ্রিক শক্তিঃ পৃথিৱীয়ে নিজ মেৰুদণ্ডক আশ্রয় কৰি ঘূৰি থকাৰ ( আবর্তন গতি ) বাবে ইয়াৰ কেন্দ্ৰৰ পৰা বহিঃমুখী এক শক্তিৰ উদ্ভৱ হয় । ইয়াকে অপকেন্দ্রিক শক্তি ( Centrifugal Force ) বােলা হয় । এই অপকেন্দ্রিক শক্তিৰ প্ৰভাৱত বতাহৰ গতি দিশৰ কিছু বিক্ষেপন ঘটে । এনে পৰিঘটনাৰ কথা ১৮৪৪ চনত পােন প্রথমে গেপার্ড ডি কোৰিওলিচ নামৰ ফৰাচী গণিতজ্ঞ এজনে উদঘাটন কৰা বাবে এই শক্তিটোক ‘ কোৰিওলিচ বল ’ ( Coriolis Force ) হিচাপে জনাজাত ।

     উল্লেখযােগ্য যে বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ বাবে যেতিয়া উচ্চচাপ অঞ্চলৰ পৰা নিম্নচাপ অঞ্চললৈ বতাহ বলে তেতিয়া এই কোৰিওলিচৰ বলে সেই বতাহৰ দিশ কিছু সলনি কৰে । মন কৰিবলগীয়া যে বতাহৰ লগতে কোৰিওলিচ বলৰ প্ৰভাৱ ভূ - পৃষ্ঠৰ সকলাে চলন্ত বস্তু বা পৰিঘটনাৰ ক্ষেত্ৰতাে একেই । পৃথিৱীৰ আবৰ্তনৰ বাবে সৃষ্টি হোৱা এই বলে উত্তৰ গোলাৰ্ধৰ বায়ু প্ৰবাহক ঘড়ীৰ কাঁটাৰ দিশত সোঁফালে আৰু দক্ষিণ গােলার্ধৰ বায়ুপ্রবাহক ঘড়ীৰ কটাৰ বিপৰীত দিশত বাওঁফালে বিক্ষেপিত কৰে ( চিত্র ২.৭ ) । ইয়াকে ফেৰেলৰ সূত্র ( Ferrell's Law ) বুলি কোৱা হয় । এই সূত্র অনুসৰি উত্তৰ গােলার্ধৰ মেৰুমুখী বতাহ আপেক্ষিকভাৱে উত্তৰ পূবমুৱা হয় । অৱশ্যে কোৰিওলিচ বলৰ মান পৃথিৱীৰ সকলাে ঠাইতে একে নহয় । এই বলৰ মান বিষুৱৰেখাত শূণ্য আৰু ই মেৰুৰফালে ক্রমান্বয়ে বৃদ্ধি পাই অৱশেষত মেৰুত সর্বোচ্চ হয় । অর্থাৎ বিষুৱীয় অঞ্চলৰ বাহিৰে পৃথিৱীৰ যিকোনাে ঠাইৰ বায়ুপ্রবাহক পৃথিৱীৰ আবর্তন গতিয়ে প্ৰভাৱান্বিত কৰে । সেয়ে আমি দেখা বায়ুপ্রবাহ প্ৰকৃততে ঘূর্ণায়মান পৃথিৱীৰ পৰিপ্ৰেক্ষিততহে উদ্ভৱ হৈছে ।  

হােঘর্ষণ শক্তিঃ বায়ুপ্রবাহত ঘর্ষণ শক্তিৰ প্ৰভাৱ অতি গুৰুত্বপূর্ণ । বতাহৰ গতিবেগত ঘর্ষণ শক্তিয়ে ঋণাত্মকভাৱে ক্রিয়া কৰে । বিশেষকৈ অনুভূমিক বতাহে কেনে পৃষ্ঠৰ ওপৰেদি বলে তাৰ ওপৰতেই ঘর্ষণ শক্তিৰ মান নির্ভৰ কৰে । অর্থাৎ যদি ভূ - পৃষ্ঠ পর্বত পাহাৰ - ভৈয়ামৰ খলা - বমাৰে পূৰ্ণ বা গছ - গছনি , সূউচ্চ অট্টালিকা আদিৰে ভৰা হয় , তেতিয়া ঘর্ষণ শক্তি বেছি হয় আৰু তেনে পৃষ্ঠইদি বায়ুপ্রবাহ হলে গতিবেগ যথেষ্ট হ্রাস পায় । সেয়ে ভূ - পৃষ্ঠৰ কিছু ওপৰেদি বায়ু প্রবাহ হলে ঘর্ষণৰ মাত্রা যথেষ্ট হ্রাস পায় আৰু বতাহৰ গতিবেগাে বাঢ়ে । ঠিক সেইদৰে জলপৃষ্ঠ বা বৰফাবৃত ঠাইৰ ওপৰেদি বতাহ বলিলেও ইয়াৰ গতিবেগ ঘর্ষণ শক্তিৰ প্ৰভাৱ যথেষ্ট কম হয় । কিন্তু মন কৰিবলগীয়া যে ঘর্ষণ শক্তিৰ বাবে যে কেৱল বতাহৰ গতিবেগ কমে এনে নহয় , ইয়াৰ বাবে বতাহৰ দিশৰাে কিছু পৰিবর্তন হয় । কাৰণ বতাহৰ গতিবেগ হ্রাস পােৱাৰ লগে লগে বতাহৰ বিক্ষেপণত অৰিহণা যােগােৱা কোৰিওলিচ বলৰ প্ৰভাৱাে কিছু হ্রাস পায় । উপৰােক্ত আলােচনাৰ পৰা বুজা গ'ল যে চাপনতিৰ বাবেই ভূ - পৃষ্ঠত বায়ুপ্রবাহ বা বতাহৰ সৃষ্টি হয় , আৰু এই চাপনতিয়েই প্রথমে বতাহৰ দিশ আৰু গতিবেগ নির্ধাৰণ কৰে । কিন্তু বায়ুপ্রবাহৰ সময়ত পৃথিৱীৰ মাধ্যাকর্ষণ আৰু অপকেন্দ্রিক শক্তি আৰু ঘর্ষণ শক্তিৰ প্ৰভাৱে বতাহৰ দিশ আৰু গতিবেগৰ যথেষ্ট পৰিবর্তন আনে । গতিকে এই চাৰি শক্তিৰ যৌথ ক্ৰিয়াত উদ্ভৱ হােৱা লব্ধ বা পৰিণামী শক্তিয়েহে ( Resultant Force ) প্ৰৱাহিত বায়ুৰ দিশ আৰু গতিবেগ নির্ধাৰণ কৰে । সেইবাবেই এখন ঠাইৰ পৰা আন এখন ঠাইলৈ বলা বতাহৰ গতি সৰলৰেখাৰ সলনি বক্রাকাৰ হয় ।

Type Sumit Patar.

Social Science Geography 9,



Post ID : DABP006614