পৰিৱেশৰ উপাংশসমূহ (Components)
পৰিৱেশ দুই প্ৰকাৰৰ বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে। তাৰ ভিতৰত প্ৰাকৃতিক পৰিৱেশ যিসমূহ উপাদানৰ দ্বাৰা গঠিত সেইবোৰক আকৌ দুই ধৰনে ভাগ কৰা হৈছে一 ১) জৈৱিক উপাংশ (biotic component) আৰু ২) অজৈৱিক উপাংশ (abiotic component)। প্ৰাকৃতিক পৰিৱেশ, স্বাভাৱিকভাৱে সৃষ্টি হোৱা এক অৱস্থা বা পৰিস্থিতি এই 'অৱস্থা' সৃষ্টি কৰা সমল বা উপাদানবোৰেই হ'ল উপাংশ। (চিত্ৰ-৪.২ চোৱা)
১) জৈৱিক উপাংশঃ
পৰিৱেশত থকা আটাইবোৰ প্ৰাণী, উদ্ভিদ, ভেঁকুৰ, বেক্টেৰিয়া আদি জৈৱিক উপাংশৰ ভিতৰত পৰে। এই সকলোবোৰ জীৱ মণ্ডলতহে পোৱা যায়। জলমণ্ডল, স্থলমণ্ডল আৰু বায়ুমণ্ডলক সামৰি প্ৰাণী জগত আৰু উদ্ভিদ জগত বৰ্তি থকা স্তৰটোৱে হ'ল জীৱমণ্ডল ( Biosphere)। ইয়াৰ বিস্তৃতি সাগৰ তলিৰ কিছু ওপৰৰ পৰা আৰম্ভ কৰি ভূপৃষ্ঠৰ ওপৰৰ বায়ুমণ্ডল এটা সীমালৈ প্ৰায় ২৪ কিলোমিটাৰ জোৰা (চিত্ৰ-৪.৩(ক) আৰু ৪.৩ (খ)।
এই স্তৰতেই প্ৰকাণ্ড জন্তু, উদ্ভিদ, অন্যান্য প্ৰাণী, ক্ষুদ্ৰাতিক্ষুদ্ৰ অনুজীৱ, বেক্টিৰিয়া আদি সকলোবোৰ থাকে। অৰ্থাৎ জলভাগ, স্থলভাগ আৰু বায়ু মণ্ডলত থকা সকলোবোৰ জৈৱিক উপাদানৰ দ্বাৰাই জৈৱিক উপাংশ গঠিত (চিত্ৰ ৪.৪)। এটা সুন্দৰ পৰিৱেশ গঢ়ি উঠিবলৈ হ'লে তাৰ উপাদানসমূহ যিমানেই ক্ষুদ্ৰ বা বৃহৎ নহওক লাগিলে, কোনোটোৱেই অলাগতিয়াল নহয়। জৈৱিক উপাংশৰ সকলো উপাদানে এটাৰ ওপৰত আনটো নিৰ্ভৰ কৰি পৰিৱেশত বাচি থাকে। উদাহৰণস্বৰূপে সেউজীয়া উদ্ভিদে সৌৰশক্তি (সূৰ্যৰ তাপ, পোহৰ) ৰ সহায়ত জীয়াই থাকে। তৃণভোজী প্ৰাণীয়ে ইহঁতক খাদ্য হিচাপে গ্ৰহণ কৰে। সেইপ্ৰাণীক মাংসাহাৰী প্ৰাণীয়ে খায়। যেনে গৰু, ছাগলী, হৰিণা আদি ভক্ষণ কৰে। উদ্ভিদে, তৃণভোজী আৰু মাংসাহাৰীৰ মৃত্যু হ'লে জীৱাণুয়ে পচাই মাটিত মিলাই দিয়ে। ইয়াৰ পৰা বুজা গ'ল যে একে পৰিৱেশত থকা সকলোবোৰ উপদানে পৰস্পৰ সম্পৰ্কৰ জৰিয়তে একেলগে জীৱন নিৰ্বাহ কৰে। এনেদৰে এটা জীৱন চক্ৰ চলি থাকে। ইয়াক পৰিস্থিতিতন্ত্ৰ ( Ecosystem) বোলে (চিত্ৰ ৪.৫)।
কোনো এটা নিদিৰ্ষ্ট পৰিৱেশত থকা সকলো জীৱই ইয়াৰ লগত থকা কাৰোবাৰ সহায়তহে বাচি থকে। এটা নহ'লে আনটো জীয়াই থাকিব নোৱাৰে। এই প্ৰক্ৰিয়াত সেউজীয়া ঘাঁহক উৎপাদক, তৃণভোজী প্ৰাণীসমূহক প্ৰথম উপভোক্তা আৰু মাংসাহাৰী প্ৰাণীক দ্বিতীয় উপভোক্তা বুলি কোৱা হয়। উৎপাদক আৰু উপভোক্তাৰ মৃত্যু হ'লে যি সমূহ জীৱাণুৱে পচন ঘটায় তাক বিয়োজক বোলে। মানুহে উদ্ভিদ আৰু মাংস দুয়োবিধ গ্ৰহণ কৰে বাবে মানুহক সৰ্বভোজী বোলে।
২) অজৈৱিক উপাংশঃ
বায়ু (বায়ুমণ্ডল), মাটি (স্থলমণ্ডল) আৰু পানীয়েই (জলমণ্ডল) হ'ল পৰিৱেশৰ অজৈৱিক উপাংশ (চিত্ৰ ৪.৬)। পৃথিৱীৰ আৱৰি ৰখা বায়ুৰ পাতল আৱৰণটোৱেই হ'ল বায়ুমণ্ডল। এই বায়ুৱেই আমাক সূৰ্যৰ ক্ষতিকাৰক প্ৰখৰ ৰশ্মিৰ পৰা বচায়। প্ৰচণ্ড উত্তাপৰ পৰাও ৰক্ষা কৰে। বায়ুমণ্ডল নহ'লে সূৰ্যৰ ৰশ্মি বাধাহীনভাৱে আমাৰ ওপৰত নপৰিলহেঁতেন নে? বিভিন্ন গেছ, ধুলিকণা আৰু জলীয় ভাপেৰে বায়ুমণ্ডল গঠিত। ইয়াতে ডাৱৰ, নিয়ৰ, কুঁৱলী, হিমকণা, বৰষুণ আদিৰ সৃষ্টি হয়। বায়ুমণ্ডলে বতৰ আৰু জলবায়ুৰ পৰিবর্তন ঘটায়। আমাৰ পৰিৱেশত থকা জীৱজগত বৰ্তি থাকিবলৈ বায়ুমণ্ডল অপৰিহার্য বায়ুমণ্ডলত থকা অক্সিজেন কার্বন-ডাই অক্সাইড, নাইট্রজেন আদি গেছ প্রাণী আৰু উদ্ভিদৰ বাবে লাগতিয়াল। এইবােৰৰ পৰিমাণ অধিকমাত্ৰাত বঢ়া টুটা হলে পৰিৱেশত বিৰূপ প্ৰভাৱ পৰে। বর্তমান কার্বন- ডাই- অক্সাইড গেছ বৃদ্ধি হৈ থকা বাবে পৰিৱেশৰ উত্তাপ বাঢ়িছে। সেয়েহে পৰিৱেশ বিনষ্ট হােৱাৰ উপক্ৰম হৈছে। বায়ুমণ্ডলৰ চাপ আৰুতাপৰ ভিন্নতা অনুযায়ী উদ্ভিদ আৰু প্রাণীয়ে নিজকে খাপ খুৱাইল'বলগীয়া হয়। উদাহৰণস্বৰূপে, মৌচুমী জলবায়ুৰ অন্তৰ্গত হােৱা বাবে অসমত চিৰসেউজীয়া গছৰ অৰণ্য দেখা যায়। দিহিং- পাটকাই বৰ্ষাৰণ্য (জয়পুৰ), সােণাইৰূপাই সংৰক্ষিত বনাঞ্চল আদি এনে ধৰণৰ অৰণ্য। ডাঠ ঘাঁহ বন, ওখ ওখ গছ আৰু অর্কিডৰ (কপৌফুল) বাবে উপযুক্ত পৰিৱেশ ইয়াত আছে। সেইদৰে এই অৰণ্যবােৰ নানা ধৰণৰ জীৱ- জন্তুৰৰ বিচৰণ ভূমি। অর্থাৎ জৈৱিক উপাদানসমূহৰ ওপৰত বায়ুমণ্ডলৰ প্ৰভাৱ যথেষ্ট। কিন্তু বর্তমান, বায়ু প্ৰদূষণৰ বাবে পৰিৱেশত কু- প্ৰভাৱ পৰা দেখা গৈছে। সেয়েহে জীৱ - জগতৰ প্রতি সংকট নামি আহিছে।
পৃথিৱীৰ উপৰিভাগ আগুৰি থকা টান খোলা বা স্তৰটোৱেই হৈছে স্থল মণ্ডল (অষ্ম মণ্ড)। এই খোলাটো বিভিন্ন শিল আৰু মণিকৰ দ্বাৰা গঠিত। ওপৰৰ তৰপটো মাটিৰে আবৃত। পৰ্বত-পাহাৰ মালভূমি, সমভূমি, নদী উপত্যকা আদি পৃথিৱীৰ উপৰি ভাগতেই আছে। মানুহক বসবাসৰ বাবে আৰু খেতি কৰিবৰ বাবে মাটিৰ দৰকাৰ। উদ্ভিদ আদি জীয়াই থাকিবলৈও মাটিৰ দৰকাৰ। স্থল ভাগেই আমাক খনিজ সম্পদ আদিও যোগান ধৰে। পৰিৱেশত থকা জৈৱিক উপাদানসমূহ স্থলভাগৰ ওপৰত নিৰ্ভৰশীল। মাটিৰ গঠন, গুণাগু, ঢাল আদিৰ ওপৰত নিৰ্ভৰ কৰি মানুহে খেতি বাতি কৰে। সেইদৰে ঘৰ-দুৱাৰ আদিও সাজি লয়। উদাহৰণস্বৰূপে, সমতলৰ পলসুৱা ভূমিত ধান-মাহ, সৰিয়হ আদি বেছি পৰিমাণে হয় বাবে কৃষিজীৱী মানুহৰ বসতিও বেছি। কাৰ্বি পাহাৰৰ উচ্চ ভূমিৰ ঢালত মানুহে ঝুম পদ্ধতিৰে খেতি কৰে। তাত বসতি পাতল। নৈ কাষৰীয়া অঞ্চলত মিচিংসকলে চাং-ঘৰ সাজি থাকে (চিত্ৰ৪.৭) ব্ৰহ্মপুত্ৰৰ বুকুত থকা মাজুলীৰ পৰিৱেশ স্থানীয় আৰু পৰিভ্ৰমী চৰাইৰ বাবে উপযোগী। তেনেদৰে, লুইতৰ চৰ-চাপৰিসমূহত ঘাঁহ-বন থকা বাবে আৰু মুকলিমূৰীয়া পৰিৱেশৰ বাবে ম'হ-খুঁটিবোৰ আছে। চৰ অঞ্চলত আলু-মূলা আৰু বিভিন্ন শাক-পাচলিৰ খেতি প্ৰচুৰ পৰিমাণে হয়। ইয়াত বাস কৰা কিছুসংখ্যক মানুহে বানপানী আৰু গৰাখহনীয়াৰ সৈতে সহাৱস্থান কৰিবলৈ সাধাৰণভাৱে চালিঘৰ আদি সাজি থাকে। কোনো কোনোৱে স্থানীয়ভাৱে পোৱা খেৰ, বাঁহ, কাঠ আৰু মৰাপাটৰ ঠাৰি আদিও ঘৰ সজা কামত ব্যৱহাৰ কৰা দেখা যায়।পৰিৱেশৰ সৈতে খাপ খাই থাকিবৰ বাবেই মানুহে এনেদৰে ভিন ভিন পদ্ধতি অৱলম্বন কৰে।
পৰিৱেশৰ অজৈৱিক উপাংশৰ ভিতৰত পানী অপৰিহাৰ্য উপাদান। নদ-নদী, হ্ৰদ, সাগৰ, ভূগৰ্ভৰ পানী আদিৰ উৎসই হ'ল জলমণ্ডল। জীয়াই থাকিবলৈ সকলো জীৱকে পানীৰ প্ৰয়োজন। অসমৰ প্ৰধান নদী ব্ৰহ্মপুত্ৰ আৰু বৰাক, ইয়াৰ উপনৈসমূহ, খাল-বিল, পুখুৰী আদিৰ পানীয়ে এই অঞ্চলৰ উদ্ভিদ আৰু প্ৰাণীক জীয়াই ৰাখিছে। পানীৰ প্ৰয়োজন ভিন ভিন জীৱৰ বাবে ভিন ভিন হয়। পানীৰ পৰিমাণ আপাত দৃষ্টিত যথেষ্ট যেনে লাগিলেও পৃথিৱীৰ বহু ঠাইতে ব্যৱহাৰযোগ্য পানীৰ অভাৱ দেখা যায়। জলসিঞ্চন, বিদ্যুৎ উৎপাদান, খোৱাপানী, জলপথ, মাছ-মৰা আদি কামত অসমৰ মানুহে নৈ, বিল, পুখুৰীসমূহৰ পানী ব্যৱহাৰ কৰে। মাছ-কাছ, শিহু, বনৰীয়া হাঁহ, চৰাই আদি ইয়াৰ নদী আৰু জলাশয়বোৰত দেখা যায় (চিত্ৰ ৪.৮)।
Type Nayan Moni Deka
Social Science Class 7
