ভূ-আকৃতি আৰু বিকাশ 

-অনুশীলন-


১। বহু পচন্দৰ প্ৰশ্নবোৰ ঃ

(i) ভূ-গঠনৰ কোনটো পৰ্যায়ত নিম্নমুখী খনন কাৰ্য অধিক ? 

(ক) তৰুণ  অৱস্থা                      (গ) প্ৰৌঢ় অৱস্থাৰ আগভাগত 

(খ) প্ৰৌঢ় অৱস্থা শেষভাগত     (ঘ) বৃদ্ধ অৱস্থাত 

উত্তৰঃ (ক) তৰুণ অৱস্থা।


(ii) বেদিকা বা ষ্টেপ থকা ঢালৰ সৈতে গভীৰ উপত্যকাক কোৱা হয় 

(ক) U-আকৃতিৰ উপত্যকা     (গ) অন্ধ উপত্যকা (Blind Valley) 

(খ) খাত (Gorge)                      (ঘ) কন্দৰ (Canyon) 

উত্তৰঃ (ঘ) কন্দৰ।


(iii) ভৌতিক বিচূৰ্ণীভৱন প্ৰক্ৰিয়াতকৈ ৰাসায়নিক বিচূৰ্ণীভৱন প্ৰক্ৰিয়া তলৰ কোনটো অঞ্চলত অধিক ? 

(ক) আৰ্দ্ৰ অঞ্চলত (Humid region)  

(গ) মৰু অঞ্চল (Arid region) 

(খ) চূনশিল অঞ্চল (Limestone region)  

(ঘ) তুষাৰ আবৃত অঞ্চল (Glacier region) 

উত্তৰঃ (ক) আৰ্দ্ৰ অঞ্চলত।


(iv) তলৰ কোনটো বাক্যই 'লেপ (Lapies)' সংজ্ঞাটো অতি ভালকৈ বুজাব পাৰিছে ? 

(ক) সৰুৰ পৰা মধ্যমীয়া জোখৰ অগভীৰ নিম্নভাগ । 

(খ) এটা ভূ-অবয়ব যাৰ মুখখন ওপৰৰ ফালে কম বেছি পৰিমাণে বৃত্তাকাৰ আৰু তলৰ ফালে চুপি আকৃতিৰ। 

(গ) উপৰিভাগৰ পৰা পানী জিপ-জিপকৈ (dripping) সৰকি যোৱাৰ ফলত সৃষ্টি হোৱা ভূ-অবয়ব ।

(ঘ) তীক্ষ্ণ পিনকোন (জোঙা ভূ-অবয়ব) (Pinnacles), গাত (grooves) আৰু শৈলশিৰা (ridges) থকা অসমান ভূ-পৃষ্ঠ ।

উত্তৰঃ (ঘ) তীক্ষ্ণ পিনকোন (জোঙা ভূ-অবয়ব) (Pinnacles), গাত (grooves) আৰু শৈলশিৰা (ridges) থকা অসমান ভূ-পৃষ্ঠ ।


(v) গভীৰ, দীঘল আৰু বহল গাত বা মূৰৰফালে আৰু দই কাষে, থকা বৰ থিয় উচ্চ বেৰযুক্ত দ্ৰেণীক কোৱা হয় ।

(ক)  চাৰ্ক (Cirque)  (গ) পাৰ্শ্ব গ্ৰাৱ 

(খ) হিমবাহৰ উপত্যকা (Glacial valley)   (ঘ) এস্কাৰ (esker)

উত্তৰঃ (ক)  চাৰ্ক (Cirque) 


২। ৩০ টা শব্দৰ ভিতৰত তলৰবোৰৰ উত্তৰ লিখা ।

(i) শিলাময় ঠাইত হোৱা ভিতৰমুখী ভাঁজ (incised meanders) আৰু পলসুৱা সমভূমিত হোৱা ভাঁজে কি সূচায় ?

উত্তৰঃ নদীৰ গতি পথৰ প্ৰথম অৱস্থাত ই কঠিন শিলাময় ভূমিৰ মাজেৰে অতিবাহিত কৰি আহি সমতল ভূমিত প্ৰৱেশ কৰে। শিলাময় অংশত অৰ্থাৎ পৰ্বত্য অঞ্চলত শিলাবোৰ অতি কঠিন হোৱা বাবে নদীৰ প্ৰধান কাম হল অৱতল খনন কিয়নো এই সময়ছোৱাত বন্ধুৰতা ৰ ঢাল অতি বেছি হোৱা বাবে পাৰ্শ খননৰ দ্বাৰা ভাঁজৰ সৃষ্টি কৰে। এতিয়া দেখা গল শিলাময় ঠাইৰ ভিতৰমুখী ভাঁজে অঞ্চলটো কঠিন্যতা আৰু ভূমিৰ ঢাল বেছি বুজায় আনহাতে পলসুৱা সমভূমিৰ ভাঁজে ঠাইখিনিৰ মাটিৰ কোমলতা আৰু মাটি ঢালৰ পৰিমান কম সূচায়।


(ii) অন্তৰ্নিহীত উপত্যকা বা উভালাচ (Valley Sinks বা Uvalas) ৰ ক্ৰমবিকাশৰ সম্পৰ্কে ব্যাখ্যা কৰা ।

উত্তৰঃ ভূমিগত জলৰ দ্বাৰা বিশেষকৈ চূনশিল, ডলমাইট আদিৰ প্ৰধান্য অঞ্চলত অনেক ভূ-অৱয়বৰ সৃষ্টি কৰে। তেনে এবিধ ভূ-অৱয়বৰ নাম হল অন্তৰ্নিহীত উপত্যাকা বা উভালাচ

ভূ-পৃষ্ঠাৰ প্ৰৱাহমান পানী যেতিয়া নিপাত নাইবা দ্ৰবন গৰ্তৰে সোমাই ভূমিগত জল হিচাপে কিছুদূৰ প্ৰাৱাহিত হৈ পুনৰ কোনো খোলা গুহাদ্বাৰেৰে পুনৰ ভূ-পৃষ্ঠলৈ ওলাই আহে। ভূমিগত জলহিচাপে প্ৰবাহিত অংশ খিনি কিবা কাৰনত খহি পৰে নতুবা পদাৰ্থৰ স্খলনৰ দ্বাৰা ঘোল ৰন্ধ্ৰ বোৰ মিলিত হয়, তেতিয়া সেই অঞ্চল তুলনা মূলক ভাৱে দীঘল আৰু ঠেক খাতৰ সৃষ্টি কৰে। এনেবোৰ ঠেক উপত্যকাক অন্তৰ্নিহিত উপত্যকা বা উভালাচ বোলা হয় অৰ্থাৎ উভালাচবোৰ এনেকৈয়ে বিকশিত হয়।


(iii) চূনশিল অঞ্চলত পানীৰ ভূমিতল গতি, পৃষ্ঠ গতিতকৈ অধিক পৰিমাণে হয়, কিয় ? 

উত্তৰঃ চূণশিল অঞ্চলত গলন প্ৰক্ৰিয়া অধিক ক্ষিপ্ৰ হোৱা পৰিলক্ষিত হয়। সেই বাবে তেনেবোৰ অঞ্চলত পানীৰ ভূমিতল গতি পৃষ্ঠ গতিতকৈ অধিক পৰিমানে হয়। আনহাতে চূণশিল অঞ্চলত পানীৰ ঢাল যথেষ্ঠ বেছি হোৱা বাবে পানীৰ গতি বেছি হয়। ইয়াৰ বিপৰীতে পৃষ্ঠ জল প্ৰৱাহিত হোৱা অঞ্চলত মাটিৰ ঢাল কম হোৱা হেতুকে পানীৰ গতি কম।

ভূমিগত জলক গলন প্ৰক্ৰিয়াই পানীৰ গতিত সহায় কৰাৰ বিপৰীতে পৃষ্ঠ জলক বিভিন্ন ধৰনৰ জাৱৰ গছবনে প্ৰবাহিত পানীৰ গতিক বাধা প্ৰধান কৰে বাবে পৃষ্ঠ গতি কিছু লেহেমিয়া হোৱা দেখা যায়।


(iv) হিমবাহৰ উপত্যকাবোৰত বহুতো দীঘলভাৱে গঠিত হাৱা অৱক্ষেপিত গঠন (linear depositional forms) দেখা যায় । সিহঁতৰ অৱস্থানিক নামবোৰ লিখা । 

উত্তৰঃ হিমবাহে ইয়াৰ গতি পথত বা উপত্যাকাবোৰত অনেক ধৰনৰ ভূ-অৱয়বৰ সৃষ্টি কৰে। সেই অৱয়ববোৰৰ ভিতৰত দীঘলভাৱে গঠিত হোৱা অৱক্ষেপিত গঠন বোৰৰ নাম আৰু সেইবোৰৰ অৱস্থান তলত উল্লেখ কৰা হল-

(ক) প্ৰান্ত গ্ৰাৱঃ এই অৱক্ষেপিত গঠনবোৰ হিমবাহৰ অন্তিম অৱস্থাত দেখিবলৈ পোৱা যায়।

(খ) পাৰ্শ্বীয় গ্ৰাৱঃ হিমবাহৰ লগত থকা আৱৰ্জনা বা গেদবোৰ যেতিয়া ইয়াৰ গতিপথৰ দুয়ো কাষে জমা কৰে, তেনে অৱক্ষেপিত গঠনবোৰক পাশ্বীয় গ্ৰাৱ বোলে।

(গ) ভূমি গ্ৰাৱঃ হিমবাহে যেতিয়া গেদবোৰ তাৰ গতিপথৰ ভূমি ভাগত অৱক্ষেপন কৰে তেতিয়া সেই গঠনক ভূমি গ্ৰাৱ নাম দিয়া হয়।

(ঙ) মধ্যগ্ৰাৱঃ কেতিয়াবা দুয়োফালৰ পৰা প্ৰৱাহিত দুটা হিমবাহ লগ লাগি একেলগে প্ৰৱাহিত হব ধৰে, তেনেকুৱা অৱস্থাত ইহঁতৰ মিলিত অংশ মাজ, ভাগত গেদ জমা হোৱা পৰিলক্ষিত হয়। তেনে গেদ বা গ্ৰাৱক মধ্যগ্ৰাৱ বোলা হয়।


(v) মৰুভমি অঞ্চলত বতাহে কেনেকৈ তাৰ কাৰ্য সম্পাদন কৰে ? খনন কাৰ্যৰ দ্বাৰা সৃষ্টি কৰা মৰুভূমি অঞ্চলৰ ভূ-অবয়ববোৰৰ কাৰণে বতাহেই একমাত্ৰ দায়ী কাৰক নেকি ?

উত্তৰঃ মৰুভূমি অঞ্চলত ভৌতিক আৰু ৰাসায়নিক বিচূৰ্নীভৱন দুয়োবিধেই যথেষ্ট সক্ৰিয় সেয়ে তাৰ বালিময় পৰিবেশত বতাহে খনন, পৰিবহন আৰু অৱক্ষেপন আটাইকেইটা কাৰ্য সম্পাদন কৰে। মৰুভূমি অঞ্চলত বতাহে প্ৰধানকৈ তলত উল্লেখ কৰা তিনিধৰনে কাৰ্য সম্পাদন কৰা পৰিলক্ষিত হয়-

(ক) অৱনমন

(খ) অপঘৰ্ষন

(গ) জোৰে খুন্দা বা সংনিঘৰ্ষণ

(ক) অৱনমনঃ ই এনে এক প্ৰক্ৰিয়া যাৰ ফলত বতাহৰ লগত বালিবোৰ এঠাইৰ পৰা অন্য ঠাইলৈ বতাহৰ গতি অনুসৰি গতি কৰা পৰিলক্ষিত হয়।

(খ) অপঘৰ্ষনঃ বতাহৰ লগত গতি কৰা বালিবোৰে ইয়াৰ গতিপথত থকা ওখ ঠাই বা পৰ্বত পাহাৰ আদিত অনবৰত খুন্দিয়াই থকাৰ ফলত সেই ওখ ঠাইবোৰ নিম্ন ভূমিলৈ পৰিনত হয়। এনে কাৰ্যক অপঘৰ্ষণ বোলা হয়।

(গ) জোৰে খুন্দা বা সংনিঘৰ্ষণঃ বতাহৰ লগত পৰিবাহিত পদাৰ্থবোৰৰ মাজত খুন্দা-খুন্দি লাগি আৰু অধিক ক্ষুদ্ৰ কনালৈ ৰূপান্তৰিত হয়। আৰু এই ক্ষুদ্ৰ পাতল কনা বিলাক বতাহৰ লগত বহু দূৰলৈ উৰি যোৱাত সহায় হয়। এই দৰেই মৰুভূমি অঞ্চলত বতাহে নানা কাৰ্য সম্পাদন কৰে।


৩। ১৫০ টা শব্দৰ ভিতলত উত্তৰ দিযা ।

(i) আৰ্দ্ৰ জলবায়ু আৰু শুকান জলবায়ু অঞ্চলত পৃথিৱীৰ উপৰিভাগৰক বিভান্ন আকৃতি প্ৰদান কৰাত বোৱতী পানীয়েই (running water) হ'ল আটাইতকৈ প্ৰভাৱশালী ভূ-আকৃতি (geomorphic) কাৰক । ব্যাখ্যা কৰা ।

উত্তৰঃ আৰ্দ্ৰ জলবায়ু আৰু শুকান জলবায়ু অঞ্চলত পৃথিৱীৰ উপৰিভাগক বিভিন্ন আকৃতি প্ৰদান কৰাত বোৱতী পানীয়েই হল আটাইতকৈ প্ৰভাৱশালী ভূ-আকৃতিক কাৰক। এই কথাষাৰ বিশ্লেষন কৰিলে আমি দেখিবলৈ পাওঁ যে পৃথিৱীৰ যিবিলাক অ
ঞ্চলত বৰষুনৰ পৰমান যথেষ্ট তেনেবোৰ অঞ্চলত বৰষুনৰ পৰা সৃষ্টি হোৱা বিভিন্ন প্ৰকাৰৰ পানীৰ সোঁতে নানা ভূ-অৱয়বৰ সৃষ্টি কৰে।

ভাৰতবৰ্ষৰ দুটা অঞ্চলৰ উদাহৰণ হিচাপে লৈ ওপৰৰ কথাখিনি ব্যাখ্যা কৰিব পৰা যায়। অসম তথা উত্তৰ-পূৱ ভাৰতৰ জলবায়ু আৰ্দ্ৰ আনহাতে উত্তৰ ভাৰত যেনে দিল্লী আদি ৰাজ্যৰ জলবায়ু যথেষ্ট শুকান। এই দুটা অঞ্চল অধ্যয়ন কৰিলে দেখিবলৈ পাম যে, ইয়াত সৃষ্টি হোৱা খনন জনিত আৰু অৱক্ষেপন জনিত অৱয়ববোৰ গঠনত মূখ্য ভূমিকা গ্ৰহন কৰি আহিছে বৰষুন তথা প্ৰৱাহিত হৈ থকা বোৱতী পানীয়ে। অৰ্থাৎ অঞ্চল দুটাৰ উপৰিভাগক বোৱতী পানীয়ে নানা ৰূপ প্ৰদান কৰি আহিছে।

আৰ্দ্ৰ আৰু শুকান অঞ্চলত বৰষুনক বাবে অন্য কাৰক যেনে বতাহ বা হিমবাহৰ প্ৰভাৱ তেনেই নগন্য সেয়ে বতাহ বা হিমবাহৰ জৰিয়তে কোনো ধৰনৰ উল্লেখযোগ্য ভূ-অৱয়ব গঠন হোৱাটো পৰিলক্ষিত নহয়। পাৰ্বত্য অঞ্চলত সামান্য পৰিমানৰ হিমবাহৰ ক্ৰিয়া দেখা যায় আৰু কিছুমান বিশেষ অঞ্চল অতি সামান্য পৰিমানৰ বতাহৰ ক্ৰিয়া দেখা যায়, যদিও সেইবোৰৰ পৰিমান বোৱতী পানীৰ তুলনাত নগণ্য।

গতিকে ওপৰৰ আলোচনাৰ পৰা দেখা গল যে আৰ্দ্ৰ আৰু শুকান জলবায়ু অঞ্চলসমূহত পৃথিৱীৰ উপৰিভাগক বিভিন্ন আকৃতি প্ৰদান কৰাত বোৱতী পানী আটাইতকৈ প্ৰভাৱশালী ভূ-আকৃতিক কাৰক হিচাপে ক্ৰিয়া কৰি আহিছে।


(ii) আৰ্দ্ৰ জলবায়ু আৰু শুকান জলবায়ু অঞ্চলত চূনশিলৰ কাৰ্যকাৰিতা বেলেগ বেলেগ হয় কিয় ? আৰু ইয়াৰ ফলাফলবোৰ কি ?

উত্তৰঃ চূনশিলৰ কাৰ্যকৰিতা আৰ্দ্ৰ জলবায়ু আৰু শুকান জলবায়ু অঞ্চলত বেলেগ বেলেগ হয়। ইয়াৰ প্ৰধান কাৰক হল- পানীৰ উপস্থিতি। আৰ্দ্ৰ জলবায়ু অঞ্চলত বৰষুনৰ পৰিমান বেছি, কিন্তু শুকান জলবায়ু অঞ্চলত বৰষুনৰ পৰিমান তেনেই সীমিত। সেয়ে দেখা যায় পানীৰ পৰিমান অথবা বৰষুনৰ পৰিমান যিমানে বেছি হব চূনশিলৰ কাৰ্যকাৰিতা সিমানেই বৃদ্ধি পাব। আনহাতে বৰষুনৰ পৰিমান যিমানেই হ্ৰাস পাব চূনশিলৰ বিভিন্ন কাৰ্য কলাপ হ্ৰাস পাব।

চূনশিল অঞ্চলত প্ৰধান আৰু প্ৰায় একমাত্ৰ ভূ-আকৃতিক প্ৰক্ৰিয়া হল দ্ৰৱন বা গলন প্ৰক্ৰিয়া দ্ৰৱন বা গলন ক্ৰিয়া পৃথিৱীৰ সেইবোৰ অঞ্চলত যথেষ্ট বা খৰতকীয়া হোৱা দেখা যায় যিবোৰ অঞ্চলৰ ভূ-পৃষ্ঠৰ শিলা সমূহ চূনশিল জাতীয় আৰু সেই শিলাবোৰত কেলছিয়াম কাৰ্বনেটৰ পৰিমান অধিক পোৱা যায়।

চূনশিল যিহেতু পানীত সহজে দ্ৰৱীভূত হয়, সেয়ে চূনশিলা অঞ্চলত বৰষুন হোৱাৰ লগে লগে কিছু পানী পৃষ্ঠ প্ৰৱাহ হিচাপে বৈ যায় আৰু বেছি ভাগ পানী চূনশিলৰ মাজত সোমাই পৰে ভূমিগত জল হিচাপে। এই ভূমিগত জলে চূনশিলৰ মাজত সোমাই অৰ্থা দ্ৰৱীভূত হৈ ভূ-অৱয়বৰ গঠন কৰে। যিবোৰক ক্ষয়কাৰ্যজনিত আৰু অৱক্ষেপজনিত স্থলাকৃতি এই দুই ভাগত বিভক্ত কৰিব পাৰি। চৃনশিল অঞ্চলত গলন প্ৰক্ৰিয়াৰ ফলত নানাৰ ভূ-অৱয়বৰ সৃষ্টি কৰে। সেইবোৰৰ চমু আভাষ তলত উল্লেখ কৰা হল।

ক্ষয়কাৰ্যজনিত স্থলাকৃতিঃ

(ক) কুণ্ড, (খ) ঘোল ৰন্ধ্ৰ, (গ) লেপিজ, (ঘ) চূনশিলৰ ভেটি, (ঙ) কন্দৰ বা গুহা, (চ) উভালা, (ছ) দোলাইন বা নিপাত গৰ্ত,

অৱক্ষেপজনিত স্থলাকৃতিঃ

(ক) ষ্টেলেকটাইটচ, (খ) ষ্টেলেগ মাইটচ, (গ) স্তম্ভ


(iii) বৰফৰ ক্ৰিয়াৰ ফলত কেনেকৈ উচ্চ পাৰ্বত্য অঞ্চল নিম্ন পাহাৰ আৰু সমতলকৈ ৰূপান্তৰিত হয় আলোচনা কৰা । 

উত্তৰঃ  ভূ-পৃষ্ঠৰ উপৰিভাগৰ বিভিন্ন স্থানত খনন কাৰ্য সম্পাদন কৰি ভূ-অৱয়বৰ ৰূপান্তৰ কৰা বিভিন্ন কাৰক সমূহৰ ভিতৰত বৰফৰ ক্ৰিয়া বা হিমবাহ এক প্ৰধান কাৰক। এইবিধ কাৰক উচ্চ পাৰ্বত্য অঞ্চল সমূহৰ উপৰিও শীত প্ৰধান অঞ্চল যেনে মেৰু অঞ্চল সমূহত ক্ৰিয়া কৰি নানা সৃষ্টি অৱয়ব কৰা দেখা যায়।

মধ্যাকৰ্ষন শক্তিৰ প্ৰভাৱত ভূমিৰ ঢাল অনুসৰি যেতিয়া বৰফ নামি আহে সেই গতিশীল বৰফক হিমবাহ বোলা হয়। হিমবাহৰ গতি অতি মনথৰ। বিভিন্ন পৰীক্ষাৰ পৰা দেখা গৈছে যে এদিনত মাত্ৰ কেই চেন্টিমিটাৰৰ পৰা কেইবা মিটাৰ মান হব পাৰে। হিমবাহৰ গতি অতি মন্থৰ যদিও ইয়াৰ দ্বাৰা সংঘটিত হোৱা খনন কাৰ্য আৰু অতি ধ্বংসাত্মক।

হিমবাহবোৰ যিহেতু একোটা বৃহৎ খণ্ড সেয়ে সেই খণ্ড বা হিমবাহৰ ওজন কিমান হব অনুমান কৰিলেই গম পোৱা যায়। এনে বৃহৎ ওজনৰ হিমবাহবোৰ যেতিয়া কোনো ভূমিৰ ওপৰেৰে বৈ আহে তেতিয়া সেই অঞ্চলত যথেষ্ট খনন কাৰ্য সম্পাদন কৰে। হিমবাহে সংনিঘৰ্ষন আৰু কৰ্ষন কাৰ্যৰ দ্বাৰা ইয়াৰ গতিপথত থকা পদাৰ্থসমূহ উপত্যাকাৰ তল আৰু পাৰ্শ্বীয় অংশৰে কঢ়িয়াই আনি ঘৰ্ষন আৰু অপষৰ্ষন কাৰ্যৰ দ্বাৰা গতিপথৰ যথেষ্ট ক্ষতি সাধন কৰে হিমবাহৰ ক্ষয়কাৰ্য ইমান ধ্বংসাত্মক যে বিচূৰ্নীভৱন নোহোৱা শিলাখণ্ডও ই ক্ষয় সাধন কৰিব পাৰে।

এইদৰে বছৰৰ পাছত বছৰ ধৰি হিমাবাহৰ ঘৰ্ষন আৰু অপঘৰ্ষন কাৰ্যৰ দ্বাৰা উচ্চ পাৰ্বত্য অঞ্চল নিম্ন পাহাৰ আৰু সমতললৈ ৰূপান্তৰিত কৰা দেখা যায়। হিমবাহৰ গতি অতি মন্থৰ হোৱাৰ লগতে ইহঁতৰ গতিপথ অতিকে চমু সেইবাবে উচ্চ ভূমি সমভূমিলৈ ৰূপান্তৰ হওঁতে বহু সময়ৰ প্ৰয়োজন হয়। ইয়াৰ উপৰিও বৰফ সৃষ্টি তথা বৰফ গলি হিমবাহলৈ ৰূপান্তৰিত হবলৈও উপযুক্ত প্ৰাকৃতিক পৰিবেশৰ অতিকে প্ৰয়োজন। যি বিলাকৰ অবিহনে উচ্চ পাৰ্বত্য অঞ্চল নিম্ন পাহাৰ বা সমতললৈ ৰূপান্তৰিত হোৱাটো সম্ভৱ নহব।


প্ৰকল্প প্ৰস্তুতৰণৰ দিহা (Project Work) 

তোমাৰ অঞ্চলত থকা ভূ-আকৃতি, পদাৰ্থবোৰ আৰু প্ৰক্ৰিয়াবোৰ চিনাক্ত কৰা ।


Type :  Priyam Jyoti Patar

Author - Leena Kakati

Post ID : DABP006632