বায়ুমণ্ডলত পানীৰ স্থিতি

-অনুশীলন-

১. বিবিধ পচন্দৰ প্ৰশ্ন (Multiple choice questions)

(ক) তলৰ কোনটো বায়ুমণ্ডলৰ উপাদান মানুহৰ বাবে আটাইতকৈ প্ৰয়োজনীয় ? 

(১) জলীয় বাষ্প                          (২) নাইট্ৰজেন 

(৩) বাষ্পীভৱন                           (৪) অধঃক্ষেপ 

উত্তৰঃ (১) জলীয় বাষ্প।

(খ) তলত উল্লেখ কৰা কোনটো প্ৰক্ৰিয়াৰ  দ্বাৰা জলীয়া বস্তু বাষ্পলৈ ৰূপান্তৰিত হয় ? 

(১) ঘনীভৱন                                  (২) স্বাস-প্ৰশ্বাস 

(৩) বাষ্পীভৱন                              (৪) অধঃক্ষেপ

উত্তৰঃ (৩) বাষ্পীভৱন

(গ) বায়ুৱে যেতিয়া ইয়াৰ পূৰ্ণ ধাৰণ ক্ষমতাৰ জোখেৰে জলকণা ধৰি ৰাখে তেতিয়া তাক কোৱা হয় -

(১) আপেক্ষিক আৰ্দ্ৰতা                  (২) নিৰ্দিষ্ট আৰ্দ্ৰতা  

(৩) পূৰ্ণ আৰ্দ্ৰতা                               (৪) পৰিগৰ্ভিত বায়ু 

উত্তৰঃ (১) আপেক্ষিক আৰ্দ্ৰতা।

(ঘ) তলৰ কোনটো মেঘ আকাশৰ আটাইতকৈ বেছি উচ্চতাত থাকে ? 

(১) অলকমেঘ                                      (২) স্তৰমেঘ 

(৩) ঝঞ্জামেঘ                                      (৪) পুঞ্জমেঘ 

উত্তৰঃ (১) অলকমেঘ।

২. তলৰ প্ৰশ্নসমূহৰ উত্তৰ প্ৰায় ৩০ টা শব্দৰ ভিতৰত লিখা । 

(ক) তিনি প্ৰকাৰৰ অধঃক্ষেপৰ নাম লিখা 

উত্তৰঃ বায়ুমণ্ডলত থকা জলীয় বাষ্প বিলাক ঘনীভৱন প্ৰক্ৰিয়াৰ ফলত ঘনীভূত হৈ জলকনালৈ পৰিনত হয়। জলকনাবোৰ আকাৰত কিছু ডাঙৰ হলে মাধ্যাকৰ্ষন বলৰ প্ৰভাৱত ভূ-পৃষ্ঠত আহি পৰেহি। যাক আমি অধঃক্ষেপন বুলি কওঁ।

তিনি প্ৰকাৰৰ অধঃক্ষেপৰ নাম হ'ল-

(i)তুষাৰ পাত

(ii) বৰষুণ

(iii)শিলাবৃষ্টি

(i) সাধাৰনতে জলীয় বাষ্প ঘনীভৱন হোৱাৰ পিছত সৰু সৰু পানীৰ টোপাল হিচাপে ভূপৃষ্ঠালৈ নামি অহ প্ৰক্ৰিয়াক বৰষুণ বুলি কওঁ।

(ii) ঘনীভূত হোৱা জলীয় বাষ্প বোৰ যেতিয়া ০° ছেণ্টীগ্ৰেডতকৈ কম উত্তাপৰ মাজেৰে পাৰ হৈ আহে তেতিয়া সেই অধঃক্ষেপ বৰফকনাৰূপে ভূ-পৃষ্ঠলৈ নামি আহে আৰু ইয়াকে তুষাৰ পাত বোলে।

(iii) কেতিয়াবা বৰষুনৰ টোপালবোৰ কিছুমান গোলাকৃতিৰ কঠিন বৰফৰ টুকুৰালৈ ৰূপান্তৰিত হৈ ভূ-পৃষ্ঠত পৰেহি আৰু তেনে অধঃক্ষেপনক শিলাবৃষ্টি বুলি কোৱা হয়।


(খ) আপেক্ষিক আৰ্দ্ৰতা কি বাখ্যা কৰা ।

উত্তৰঃ বায়ুমণ্ডলত থকা জলীয় বাষ্পক আৰ্দ্ৰতা বোলা হয়। বায়ুত থকা এই আৰ্দ্ৰতাক বিভিন্ন প্ৰকাৰে প্ৰকাশ কৰিব পাৰি। বায়ুত থকা প্ৰকৃত পৰিমানৰ জলীয় অঞ্চলতে সমান নহয়। অৰ্থাৎ পৃথিৱী পৃষ্ঠত ঠায়ে ঠায়ে পূৰ্ণ আৰ্দ্ৰতা বেলেগ হয়। সেয়ে এক নিৰ্দিষ্ট উত্তাপত বায়ুৰ জলীয় বাষ্প ধাৰনৰ পূৰ্ণ ক্ষমতাৰ জোখাৰে থকা জলীয় বাষ্পৰ শতাংশ পৰিমানকে সেই বায়ুৰ আপেক্ষিক আৰ্দ্ৰতা বোলা হয়।


(গ) উচ্চতাৰ লগে লগে বায়ুৰ জলীয় বাষ্প কিয় হ্ৰাস পায় ?

উত্তৰঃ পৃথিৱী পৃষ্ঠৰ পৰা আমি যিমানে ওপৰলৈ যাওঁ সিমানেই বায়ুমণ্ডল পাতল হৈ পৰে বায়ুমণ্ডলৰ নিম্নস্তৰত ইয়াৰ আটাইবোৰ উপাদানৰ পৰিমান বেছিকৈ থাকে আৰু উচ্চতা বঢ়াৰ লগে লগে এইবোৰৰ পৰিমান ক্ৰমে কমি যায়। এতিয়া দেখা গল বায়ুমণ্ডলৰ নিম্নস্তৰত বায়ু ঘনত্বও বেছি। সেয়ে এনে ধৰনৰ বায়ুৰ জলীয় বাষ্প ধাৰন ক্ষমতা বেছি আৰু ওপৰলৈ বায়ুমণ্ডলৰ ঘনত্ব পাতল হোৱা হেতুকে বায়ুৰ জলীয় বাষ্প ধাৰন ক্ষমতা কম। সেয়ে উচ্চতাৰ লগে লগে বায়ুৰ জলীয় বাষ্প হ্ৰাস পায়।


(ঘ) মেঘ কেনেকৈ সৃষ্টি হয় ? শ্ৰেণীবিভাজন কৰা ।

উত্তৰঃ বায়ুত থকা জলীয় বাষ্পবোৰ ঘনীভূত হৈ কিছুমান সূক্ষ্ম পাতল জলকনা বা বৰফৰ স্ফটিকৰ সমষ্টি হৈ বায়ুমণ্ডলৰ বিভিন্ন উচ্চতাত ভাহি থাকে। এইবোৰকে আমি মেঘ বুলি কওঁ অথবা এই জলকনাবোৰে মেঘৰ সৃষ্টি কৰে।

মেঘ বিলাক ভূ-পৃষ্ঠৰ বিভিন্ন উচ্চতাত গঠন হয় আৰু আকৃতিও বেলেগ বেলেগ। সেয়ে মেঘ-বিলাকৰ উচ্চতা, বিস্তৃতি, ঘনত্ব আৰু স্বচ্চতাৰ ওপৰত নিৰ্ভৰ কৰি চাৰিটা ভাগত ভগাব পাৰি। সেই কেইটা হল-

(i) অলকমেঘ

(ii) পঞ্জমেঘ

(iii) স্তৰমেঘ

(iv) ঝঞ্জামেঘ


৩. তলৰ প্ৰশ্নসমূহৰ উত্তৰ প্ৰায় ১৫০ টা শব্দ ভিতৰত লিখা ।

(ক) পৃথিৱীত অধঃক্ষেপ বিতৰণৰ মূল বৈশিষ্ট্যসমূহ আলোচনা কৰা ।

উত্তৰঃ পৃথিৱীয়ে ইয়াৰ প্ৰয়োজনীয় সকলোখিনি শক্তি সূৰ্যৰ পৰাই আহৰন কৰে। সূৰ্যৰ তাপ বা ৰশ্মিয়েই পৃথিৱীৰ সকলো শক্তিৰ মুল উৎস। সেয়ে পৃথিৱী পৃষ্ঠৰ বতাহ, বৰষুন, উত্তাপৰ পৰিমান আদি সকলোবোৰ সূৰ্য্যৰ ৰশ্মিৰ পৰিমানৰ ওপৰত নিৰ্ভৰ কৰে। সূৰ্য্যৰ ৰশ্মি পৃথিৱী পৃষ্ঠৰ সকলো ঠাইতে একে সময়তে সম ভাবে নপৰে বা সমান ভাৱে বিতৰণ নহয়। সেয়ে এনে বৈসম্যৰ বাবে পৃথিৱী পৃষ্ঠত অনেক বৈষম্য দেখিবলৈ পাওঁ।

পৃথিৱীত অধঃক্ষেপ বিতৰণৰ মূল বৈশিষ্ট্য সমূহ তলত আলোচনা কৰা হল-

(i) সাধাৰণতে নিৰক্ষীয় অঞ্চলৰ পৰা মেৰু অঞ্চললৈ বৰষুন ক্ৰমান্বেয়ে হ্ৰাস হোৱা দেখা যায়। ইয়াক কাৰণ বিচাৰ কৰিবলৈ দেখিবলৈ পাও যে নিৰক্ষীয় অঞ্চলত সূৰ্য্যৰ ৰশ্মিৰ পৰিমান অৰ্থাৎ তাপ বেছি সেইবাবে বাষ্পীভৱনৰ পৰিমান বেছি, সেয়ে অধঃক্ষেপৰ পৰিমান বেছি আন হাতে মেৰু অঞ্চললৈ ৰশ্মিৰ পৰিমাণ কম বাবে অধঃক্ষেপৰ পৰিমান কম।

(ii) মহাদেশ বোৰতকৈ মহাসাগৰত অধঃক্ষেপৰ পৰিমান বেছি। কিয়নো মহাসাগৰবোৰ বৰষুণৰ প্ৰধান উৎস।

(iii) মহাদেশৰ মাজ ভাগৰ তুলনাত উপকুলীয় অঞ্চলসমূহত বৰষুনৰ পৰিমান বেছি হোৱা পৰিলক্ষিত হয়। উদাহৰনস্বৰূপে ভাৰতৰ উপকুলীয় অঞ্চল আৰু মধ্যভাৰতৰ কথা উল্লেখ কৰিব পাৰি।

(iv) পৃথিৱীৰ উপৰিভাগত প্ৰচলিত বায়ু প্ৰৱাহৰ প্ৰভাৱতওঁ বিভিন্ন অঞ্চলত বৰষুন হোৱা দেখা যায়। পশ্চিমা বায়ুৰ প্ৰভাৱত নিৰক্ষৰেখা উত্তৰে আৰু দক্ষিনে, ৪৫° আৰু ৬৫° উত্তৰ আৰু দক্ষিন অক্ষৰেখাৰ মাজত মহাদেশৰ পশ্চিম প্ৰান্তত বৰষুনৰ পৰিমান বেছি আনহাতে পূৱৰ ফালে ক্ৰমে হ্ৰাস হোৱা পৰিলক্ষিত হয়।

(v) পৰ্বত ৰাশিৰ উপস্থিতিৰ বাবেও অধঃক্ষেপ বিতৰণ অসমান হোৱা দেখা যায়। হিমালয় পৰ্বত মালাৰ দক্ষিণ দিশত মৌচুমী বায়ুৰ প্ৰভাৱত গ্ৰীষ্ম কালত ধাৰাষাৰ বৰষুন হোৱাৰ বিপৰীতে পৰ্বতৰ উত্তৰ ফালে বৰষুণৰ পৰিমান তেনেই কম।

(vi) ঋতুভেদেও পৃথিৱীৰ বিভিন্ন অঞ্চলত বৰষুনৰ বিতৰণ ভিন্ন হোৱা দেখা যায়। উদাহৰণস্বৰূপে গ্ৰীষ্ম ঋতুত ভাৰতবৰ্ষত ধাৰাষাৰ বৰষুন হয় কিন্তু শীত কালত বৰষুনৰ পৰিমান তেনেই কম বা সামান্য পৰিমান হে হয়।


(খ) ঘনীভৱনৰ বিভিন্ন প্ৰক্ৰিয়াবোৰ কি কি ?  নিয়ৰ আৰু হিম সৃষ্টি হোৱা প্ৰক্ৰিয়াটো বাখ্যা কৰা ।

উত্তৰঃ সূৰ্য্যৰ তাপত পৃথিৱী পৃষ্ঠৰ জলৰাশি বাষ্পীভৱন হৈ জলীয় বাষ্পৰ সৃষ্টি কৰে। এই জলীয় বাষ্প বোৰ বায়ুমণ্ডলত ভাহি থাকে। আৰু বিভিন্ন কাৰনত পানীলৈ ৰূপান্তৰিত হয় যাক আমি ঘনীভৱন বুলি কওঁ। এই ঘনীভৱন ক্ৰিয়া সংঘটিত হোৱাৰ প্ৰধান কাৰনসমূহ হল-

(i) বায়ুৰ উত্তাপ হ্ৰাস। যেতিয়া সেমেকা বায়ু ঠাণ্ডা হয় তেতিয়া ইয়াৰ জলীয় বাষ্প ধাৰন ক্ষমতা হ্ৰাস পায় ফলত অতিৰিক্ত জলীয় বাষ্পখিনি ঘনীভূত হৈ পানীলৈ ৰূপান্তৰিত হয়।

(ii) কেতিয়াবা কেতিয়াবা বায়ুত থকা জলীয় বাষ্প খিনি প্ৰত্যেক্ষভাৱে গোটা আকাৰলৈ ঘনীভূত হৈ পানীলৈ ঘনীভূত হয়।এই প্ৰক্ৰিয়াক উৰ্দ্ধপাতন বোলা হয়।

(iii) মুক্ত বায়ুত থকা কিছুমান সৰু সৰু পদাৰ্থ, যেনে-ধূলিকণা, ধোৱা, মহাসাগৰৰ পৰা অহা লোনৰ সূক্ষ্ম টুকুৰা আদিক কেন্দ্ৰ কৰিও ঘনীভৱন সমঘটিত হয়।

(iv) যেতিয়া সেমেকা বায়ু কোনো ঠাণ্ডা বস্তুৰ সংস্পৰ্শলৈ আহে, তেতিয়াও ঘনীভৱন প্ৰক্ৰিয়া আৰম্ভ হয়।

(v) কেতিয়াবা বায়ুৰ উত্তাপ শিশিৰাংক হৈ হ্ৰাস হলেও ঘনীভৱন হয়। গতিকে দেখা গল ঘনীভৱন বায়ুৰ শীতলীকৰন প্ৰক্ৰিয়া আৰু আপেক্ষিক আৰ্দ্ৰতাৰ ওপৰত নিৰ্ভৰশীল বায়ুৰ উত্তাপ, চাপ আৰু আৰ্দ্ৰতাই ঘনীভৱন প্ৰক্ৰিয়াৰ ওপৰত প্ৰভাৱ পেলায়। ঘনীভৱন প্ৰক্ৰিয়া যিয়েই নহকেঁ উত্তাপ হ্ৰাস হৈ সংঘটিত হোৱা শীতলীকৰণ প্ৰক্ৰিয়াটোৱেই হৈছে ঘনীভৱনৰ প্ৰধান কাৰন।

নিয়ৰ আৰু হিম সৃষ্টিৰ প্ৰক্ৰিয়া-

নিয়ৰঃ পৰিষ্কাৰ আকাশ, শান্ত বায়ু, অধিক আপেক্ষিক আৰ্দ্ৰতা আৰু শীতল দীঘল ৰাতিৰ পৰিবেশত জলীয় বাষ্প বিলাকে ক্ষুদ্ৰ জলকনালৈ ৰূপান্তৰিত হৈ জলবিন্দু ৰূপে কোনো কঠিন বস্তু। যেনে শিল, উদ্ভিদৰ পাত, ঘাহ বন আদি পৃষ্ঠভাগত জমা হৈ থাকে তাকে আমি নিয়ৰ বুলি কওঁ।

হিমঃ বায়ুমণ্ডলত যেতিয়া উত্তাপৰ পৰিমা ০° ছেলছিয়াচতকৈ কম হয় তেতিয়া জলীয় বাষ্পবোৰ হিম কনালৈ ৰূপান্তৰিত। এই হিমকনাবোৰ সুক্ষ্ম বৰফ কনাৰ স্ফটিকৰূপে জমা হয়। হিমকনা গঠন হবলৈ বায়ুমণ্ডলৰ উত্তাপ ০° ছেলছিয়াচতকৈ কম হব লাগিব।


প্ৰকল্প প্ৰস্তুতকৰণ (Project Work) 

বছৰৰ পহিলা জুনৰ পৰা ৩১ ডিচেম্বৰলৈকে বাতৰি কাকত পঢ়ি তাত প্ৰকাশ পোৱা ভাৰতৰ বিভিন্ন ঠাইত অতিমাত্ৰা বৰষুণ হোৱাৰ বাতৰিবোৰ একত্ৰ কৰি এটি টোকা প্ৰস্তুত কৰা ।


Type :  Priyam Jyoti Patar

Answered by : Leena Kakati

Post ID : DABP005453