পৃথিৱীৰ জলবায়ু আৰু জলবায়ুৰ পৰিৱৰ্তন

-অনুশীলন-

১. বিবিধ পচন্দৰ প্ৰশ্ন (Multiple choice questions) 

(ক) তলৰ কোনটো কোপেনৰ 'A' প্ৰকাৰৰ জলবায়ুৰ কাৰণে গ্ৰহণযোগ্য ? 

(১) ১২ মাহে অধিক বৰষুণ ।

(২) আটাইতকৈ শীতল মাহটোৰ গড় উত্তাপ ০° ছেলছিয়াছৰ ওপৰত থাকে ।

(৩) ২১ মাহ ভিতৰত, প্ৰত্যেক মাহৰে গড় উত্তাপ ১৮° ছে.ৰ ওপৰত থাকে। 

(৪) প্ৰত্যেক মাহৰ উত্তাপ ১০° ছে.ৰ তলত থাকে।

উত্তৰঃ (৩) ২১ মাহ ভিতৰত, প্ৰত্যেক মাহৰে গড় উত্তাপ ১৮° ছে.ৰ ওপৰত থাকে। 


(খ) কোপেনৰ জলবায়ুৰ শ্ৰেণীবিভাজনক কোৱা হ'য়ঃ

(১) ব্যৱহাৰিক (Applied)  (২) প্ৰণালীৱদ্ধ (Syetematic) 

(৩) জন্মভিত্তিক বা সৃষ্টিধৰ্মী (Genetic)  (৪) দৃষ্টভিত্তিক বা দেখি ধাৰণা কৰা বিধৰ (Empirical) 

উত্তৰঃ  (৪) দৃষ্টভিত্তিক বা দেখি ধাৰণা কৰা বিধৰ (Empirical)।


(গ) কোপেনৰ পদ্ধতি মতে, ভাৰতৰ অধিক অঞ্চলক ভাগ কৰা হৈছে তলৰ কোনটোৰে ঃ

(১) 'AF'  (২) 'BSH'  (৩) 'CFD'  (৪) 'AM' 

উত্তৰঃ (৪) 'AM'  


(ঘ) তলত দিয়াবোৰৰ কোনটো বছৰত গোলকীয় উত্তাপ বেছি আছিল? 

(১) ১৯৯০  (২) ১৯৯৮  (৩) ১৮৮৫  (৪) ১৯৫০

উত্তৰঃ  (২) ১৯৯৮ 


(ঙ) তলৰ চাৰিটা গোটৰ কোনটোৱে আৰ্দ্ৰ অৱস্থা বুজায় ? 

(১) A-B-C-D-E

(২) A-C-D-E

(৩) B-C-D-E

(৪) A-C-D-F

উত্তৰঃ (২) A-C-D-E


২. ৩০ টা শব্দৰ ভিতৰত তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ।

(ক) কোপেনে জলবায়ুক শ্ৰেণীবিভাগ কৰিবলৈ, জলবায়ুৰ কোন দুটা উপাদান ব্যৱহাৰ কৰিছিল ? 

উত্তৰঃ কোপেলৰ পৃথিৱীৰ জলবায়ু সম্পৰ্কীয় শ্ৰেণী বিভাগটো বিস্তাৰিত ভাবে গ্ৰহণযোগ্য আৰু ই নিৰীক্ষনমূলক শ্ৰেণীবিভাগৰ অন্তৰ্গত। তেওঁ জলবায়ুক শ্ৰেণী বিভাগ কৰিবলৈ লওতে ব্যৱহাৰ কৰা জলবায়ুৰ উপাদান দুটা আছিল উত্তাপ আৰু বৃষ্টিপাত। এই দুবিধ উপাদানৰ কেইটামান তেওঁ নিৰ্দিষ্ট কৰি লৈছিল আৰু তাক উদ্ভিদৰ বিতৰণৰ লগত সম্পৰ্ক স্থাপন কৰিছিল। তাৰ পিছত এই মানবোৰৰ সহায়ত তেওঁ জলবায়ুৰ শ্ৰেণী বিভাগ কৰিছিল।


(খ) জলবায়ুৰ সৃষ্টিধৰ্মী শ্ৰেণীবিভাগটো (genetic) কি ধৰণে দৃষ্টধৰ্মী (empirical) শ্ৰেণীবিভাগৰ পৰা পৃথক ? 

উত্তৰঃ পৃথিৱীৰ জলবায়ু এনেকুৱা এটা বস্তু যি অতি বিস্তৃত আৰু পৰিবৰ্তনৰ পাৰ্থক্য সহজে গম পোৱা নাযায়। জলবায়ুৰ সৃষ্টধৰ্মী শ্ৰেণী বিভাগটো নিৰ্ভৰ কৰে জলবায়ুৰ কাৰকবোৰৰ ওপৰত। কোনো এক অঞ্চলৰ জলবায়ুৰ কাৰকবোৰ অন্য এক অঞ্চলৰ কাৰকবোৰৰ লগত একে হোৱা দেখা নাযায়। সেয়ে এনে ভিন্নতাৰ বাবে জলবায়ু ভিন্নতা দেখা যায়। আনহাতে দৃশ্য ধৰ্মী শ্ৰেণীবিভাগটো নিৰ্ভৰ কৰে তথ্য সংগ্ৰহৰ ওপৰত। বিশেষকৈ উষ্ণতা আৰু বৃষ্টিপাতৰ ওপৰত নিৰ্ভৰ কৰি ইয়াক শ্ৰেণীবিভাগক কৰা হৈছে। কোপনে নামৰ বিজ্ঞানীজনে তেওঁৰ জলবায়ুৰ শ্ৰেণী বিভাগটোত এই দৃশ্য ধৰ্মী শ্ৰেণী বিভাগ কৰিছে। তেওঁ উত্তাপ আৰু বৃষ্টিপাতৰ সংমিশ্ৰন ঘটাই কেইটা মান মান নিৰ্দিষ্ট কৰি লৈছিল আৰু তাক উদ্ভিদৰ বিতৰণৰ লগত সম্পৰ্ক স্থাপন কৰি, সেই মানবোৰৰ সহায়ত জলবায়ুৰ শ্ৰেণীবিভাগ কৰিছিল।


(গ) কোনো প্ৰকাৰৰ জলবায়ুত উত্তাপৰ পৰিসৰ আটাইতকৈ কম ? 

উত্তৰঃ কোপেনৰ জলবায়ুৰ শ্ৰেণীবিভাগৰ মতে- E (মেৰু দেশীয় জলবায়ু) প্ৰকাৰৰ জলবায়ুত উত্তাপৰ পৰিসৰ আটাইতকৈ কম। এই প্ৰকাৰৰ জলবায়ু ৭০° অক্ষৰেখাৰ পৰা মেৰু বিন্দুলৈ পোৱা যায়। এই প্ৰকাৰটো দুটা ভাগত বিভক্ত কৰা হৈছে তুন্দ্ৰা আৰু বৰফস্তুপ। এই জলবায়ুৰ প্ৰভাৱত থকা অঞ্চল বিলাক বছৰৰ সকলো সময়তে বৰফে ঢাকি ৰাখে। উত্তাপৰ পৰিসৰ তেনেই নগন্য হোৱা বাবে এই অঞ্চল সমূহত অধঃক্ষেপনৰ পৰিমাণো অতি কম। 

(ঘ) সৌৰচেকা (Sunspots) বৃদ্ধি হ'ল কোন প্ৰকাৰৰ জলবায়ুৰ অৱস্থা দেখা যায় ? 

উত্তৰঃ পৃথিৱীৰ জলবায়ুৰ পৰিবৰ্তন হোৱাৰ বহুতো কাৰন আছে। সেইবোৰৰ ভিতৰত সৌৰচেকা এটা কাৰক বুলি জ্যোতিষী মহলে মত দাঙি ধৰিছে। এইবোৰ কলা আৰু শীতল চেকা, যিবোৰ চক্ৰাকাৰ গতিত কম বেছি হয়। বতৰ বিজ্ঞানী কিছুমানৰ মতে সৌৰচেকাৰ পৰিমান বৃদ্ধি হলে পৃথিৱীত শীতল, আৰ্দ্ৰ আৰু অধিক ধুমুহা বতৰৰ উৎপত্তি হয় বুলি মত আগবঢ়াইছে।


৩.  ১৫০ টা শব্দত তলৰবোৰৰ উত্তৰ দিয়া । 

(ক) 'A' আৰু 'B' প্ৰকাৰৰ জলবায়ুৰ অৱস্থাৰ তুলনা কৰা । 

উত্তৰঃ কোপনে পৃথিৱীৰ জলবায়ুক শ্ৰেণীবিভাগ কৰিব লওঁতে পাঁচটা প্ৰধান জলবায়ুৰ ভাগ নিৰ্দিষ্ট কৰি লৈছিল। সেই পাঁচটা ভাগক A,B,C,D আৰু E আখৰেৰে নামাকৰন কৰিছিল।

তলত 'A' আৰু 'B' প্ৰকাৰৰ জলবায়ুৰ অৱস্থাৰ তুলনা কৰা হল-

'A' জলবায়ুঃ 'A' জলবায়ুটো হল ক্ৰান্তীয় আৰ্দ্ৰ জলবায়ু। এই প্ৰকাৰৰ জলবায়ু কৰ্কট ক্ৰান্তী আৰু মকৰ ক্ৰান্তীৰেখাৰ মাজত অৱস্থিত। অৰ্থাৎ উত্তৰ আৰু দক্ষিণ অক্ষৰেখাৰ মাজৰ অঞ্চল সমূহত 'A' জলবায়ু বিৰাজ মান। এই অঞ্চল সমূহত সূৰ্য্যৰ ৰশ্মি গোটেই বছৰে পোন হৈ পৰে। ইয়াৰ উপৰিও এই অঞ্চলটো আন্তক্ৰান্তীয় মিলন অঞ্চল হোৱা হেতুকে জলবায়ু গৰম আৰু সেমেকা বাৰ্ষিক বৰষুণৰ পৰিমান বহুত বেছি।

'A' জলবায়ুক তিনিটা ভাগত ভাগ কৰা হৈছে। সেইকেইটা হল-

(i) Af ক্ৰান্তীয় সেমেকা জলবায়ু 

(ii) Am ক্ৰান্তীয়  মৌচুমী জলবায়ু 

(iii) Aw ক্ৰান্তীয় আৰ্দ্ৰ আৰু শুকান জলবায়ু 

(i) Af প্ৰকাৰৰ জলবায়ু বিষুৱ ৰেখাৰ আশে পাশে পোৱা যায়। প্ৰধান অঞ্চল বোৰ হল- দক্ষিন আমেৰিকাৰ আমাজান অৱবাহিকা, আফ্ৰিকাৰ পশ্চিম বিষুৱীয় অঞ্চল আৰু পূৱ ভাৰতীয় দ্বীপসমূহ।

(ii) AM প্ৰকাৰৰ জলবায়ু প্ৰভাৱিত অঞ্চল সমূহ হল ভাৰত উপ মহাদেশ, দক্ষিন আমেৰিকাৰ উত্তৰ পূৱ অংশ আৰু উত্তৰ অষ্ট্ৰেলিয়া।

(iii) Aw প্ৰকাৰৰ জলবায়ু বিদ্যামান হয় Af প্ৰকাৰৰ জলবায়ুৰ উত্তৰ আৰু দক্ষিনৰ অঞ্চলবোৰত।

'B' জলবায়ুঃ কোপেনৰ মতে B জলবায়ুটো একেবাৰে শুকান। এই জলবায়ুৰ এটা প্ৰধান বৈশিষ্ট হল বৰষুণৰ পৰিমান অতি কম যাৰ ফলত গছ-গছনি গজিব নোৱাৰে। পৃথিৱীৰ এক বৃহৎ অঞ্চলত এই প্ৰকাৰৰ জলবায়ু বিৰাজমান। ইয়াৰ অৱস্থান হল বিষুৱ ৰেখাৰ উত্তৰফালে আৰু দক্ষিনফালে ১৫°-১৬° অক্ষৰেখাৰ মাজত মাহাদেশৰ ভিতৰুৱা অঞ্চল সমূহত যত সাগৰীয় আৰ্দ্ৰ বায়ুৰ প্ৰভাৱ নাথাকে আৰু যিবোৰ অঞ্চলক পৰ্বত পাহাৰে আৱৰি ৰাখিছে তেনেবোৰ অঞ্চলত B প্ৰকাৰৰ জলবায়ুৰ অৱস্থান দেখা যায়।

B জলবায়ু অৰ্থাৎ শুকান জলবায়ু দুটা ভাগত ভগোৱা হৈছে, যেনে-

(i) ষ্টেপি বা আৰ্দ্ধ মৰু জলবায়ু

(ii) মৰুময় জলবায়ু ওপৰৰ ভাগ দুটাক পুণৰ দুটাকৈ ভাগ কৰা হৈছে-

(i)    (a) উপক্ৰান্তীয় ষ্টেপি (b) উপক্ৰান্তীয় মৰুভূমি

(ii)   (a) মধ্য অক্ষৰৈখিক ষ্টেপি (a) মধ্য অক্ষৰৈখিক মৰুভূমি

ওপৰৰ আলোচনাৰ পৰা দেখা গল যে 'A' প্ৰকাৰ জলবায়ুত উত্তাপৰ পৰিসৰ তেনেই নগন্য আৰু বৰষুনৰ পৰিমান যথেষ্ট বেছি। আনহাতে 'B' প্ৰকাৰৰ জলবায়ু শুকান জলবায়ু বাৰ্ষিক উত্তাপ অথবা দৈনিক উত্তাপৰ পৰিসৰ বহু বেছি তাৰ বিপৰীতে বৰষুনৰ পৰিমান তেনেই কম।


(খ) 'C' আৰু 'B' প্ৰকাৰৰ জলবায়ুত কি ধৰণৰ উদ্ভিদ দেখা যায়? 

উত্তৰঃ 'C' প্ৰকাৰৰ জলবায়ুৰ এটা প্ৰধান বৈশিষ্ট্য হল শীতল মাহৰ গড় উত্তাপ ১৮° ছেলছিয়াছৰ বেছি নহয় আৰু ৩° ছেলছিয়াছৰ কম নহয়। এনে ধৰণৰ জলবায়ুক গৰম সমমণ্ডলীয় জলবায়ু বোলা হয়। আনহাতে 'A' প্ৰকাৰৰ জলবায়ু হল শীতল মাহটোৰ গড় উত্তাপ ১৮° ছেলছিয়াছ বা তাৰ ওপৰত থাকে। এনে ধৰণৰ জলবায়ু ক্ৰান্তীয় অঞ্চলত বিৰাজমান।

এতিয়া দেখা গল 'A' প্ৰকাৰৰ জলবায়ুত শীতল মাহৰ গড় উত্তাপ ১৮° ওপৰত থাকে আনহাতে C প্ৰকাৰৰ জলবায়ুত শীতল মাহৰ গড় উত্তাপ ১৮° তলত আৰু ৩°ছেৰ ওপৰত। এনে ভিন্ন প্ৰকাৰ জলবায়ুত স্বাভাৱিকতে ভিন্ন উদ্ভিদ দেখিবলৈ পোৱা যাব।

'A' প্ৰকাৰ জলবায়ু অঞ্চলত যথেষ্ট বৰষুণ আৰু উত্তাপৰ পৰিমান বেছি হোৱা বাবে চিৰ সেউজীয়া হাবি, লতা পাতৰ ঘন অৰণ্যৰ ভৰপুৰ, আনহাতে যিবিলাক অঞ্চলত বৰ্ষা বা আৰ্দ্ৰ চুটি আৰু শুকান ঋতু বৰ দীঘল তেনেবোৰ অঞ্চলত পৰ্ণপাতী উদ্ভিদৰ লগতে বিস্তৃত ঘাঁহনি বিৰাজমান। আনহাতে 'C' প্ৰকাৰ জলবায়ুত উত্তাপৰ পৰিমানকম বাৰ্ষিক বৰষুণৰ পৰিমাণ কম হোৱা বাবে সৰল বৰ্গীয় উদ্ভিদৰ লগতে ঘাঁহজাতীয় উদ্ভিদ বিৰাজমান। ইয়াৰ উপৰিও কিছু কিছু অঞ্চলত পৰ্ণপাতী উদ্ভিদ দেখিবলৈ পোৱা যায়।


(গ) সেউজগৃহ গেছ' বুলিলে কি বুজা ? এই বােৰ গেছৰ এখন তালিকা বনোৱা । 

উত্তৰঃ বায়ুমণ্ডলত বিভিন্ন প্ৰকাৰৰ গেছ থকাৰ কথা আমি জানি আহিছো। এই গেছবোৰৰ প্ৰত্যেকৰে নিজা নিজা কাম আছে। বায়ুমণ্ডলৰ বিভিন্ন গেছৰ ভিতৰত যি বিলাক গেছে পৃথিৱীৰ পৰা উভতি যোৱা দীঘল তৰংগৰ পোহৰ শোষন কৰি লয় আৰু বায়ুমণ্ডলক উত্তাপিত কৰে তেনেবোৰ গেছকেই সেউজ গৃহ গেছ বোলা হয়। যি পদ্ধতিত বায়ুমণ্ডল উত্তাপিত হয় তাক সমূহীয়াকৈ সেউজগৃহ ফল বোলা হয়।

পৃথিৱীয়ে ইয়াৰ প্ৰয়োজনীয় উত্তাপ সদায় সূৰ্য্যৰ পৰা অনবৰত পায় আহিছে। সূৰ্যৰ ৰশ্মি পৃথিৱী পৃষ্ঠত পৰে আৰু পৃথিৱীপৃষ্ঠ গৰম হোৱাৰ পাছত ই পুনৰ বায়ুমণ্ডললৈ বা মহাকাশলৈ উভতি যায়। এই উভতি যোৱা অৰ্থাৎ প্ৰতিফলিত ৰশ্মিৰ দ্বাৰা বায়ুমণ্ডল উত্তাপিত হয়। বিভিন্ন পৰীক্ষাৰ পৰা জানিব পৰা গৈছে যে বায়ুমণ্ডলৰ কিছুমান বিশেষ গেছে প্ৰতিফলিত গেছক অধিক ওপৰলৈ যাব নিদি শোষন কৰি ৰাখে। এই বিশেষ গেছ বোৰৰ নামেই সেউজ গৃহ গেছ।

বায়ুমণ্ডলত পোৱা প্ৰধান সেউজগৃহ গেছবোৰ হল-

(i) কাৰ্বন-ডাই-অক্সাইড

(ii) ক্লোৰোফ্লৰোকাৰ্বন

(iii) মিথেন

(iv) নাইট্ৰাছ অক্সাইড

(v) অজ'ন

(vi) নাইট্ৰিক অক্সাইড

(vii) কাৰ্বন মনোক্সাইড্

ওপৰত উল্লেখ কৰা সেউজ গৃহ গেছবোৰ প্ৰাকৃতিক ভাৱে মানৱ সমাজৰ বিভিন্ন ক্ৰিয়া-কৰ্মৰ বাবহে সেউজগৃহ গেছবোৰত সৃষ্টি হয় এই গেছ বোৰ বায়ুমণ্ডলত অধিক পৰিমানে জমা হোৱাৰ ফলত বায়ুমণ্ডল তথা জলবায়ুৰ ওপৰত এক বিৰাট কু-প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। যাৰ ফলত জলবায়ুৰ পৰিবৰ্ত্তন হব ধৰিছে আৰু গোটেই বিশ্বৰ বায়ুমণ্ডল উত্তাপিত হব লাগিছে। যাক কোৱা হয় গোলকীয় উত্তাপ বৃদ্ধি।

 

প্ৰকল্প প্ৰস্তুতকৰণৰ দিহা (Project Word) সম্পৰ্কত, জলবায়ুৰ পৰিৱৰ্তন সম্পৰ্কে খৱৰ সংগ্ৰহ কৰা । 


Type :  Priyam Jyoti Patar

Answered By : Leena Kakati

Post ID : DABP005454