সাগৰীয় পানী গতি 

-অনুশীলন-


১. বিবিধ পচন্দৰ প্ৰশ্ন (Multiple choice questions) 

(ক) সাগৰীয় পানীৰ তল-ওপৰ গতিক কোৱা হয় ঃ 

(১) জোৱাৰ -ভাটা     (২) সোঁত 

(৩) ঢৌ    (৪) এটাও নহয়

উত্তৰঃ (১) জোৱাৰ -ভাটা।


(খ) বাসন্তি জোৱাৰ তলৰ কোনটোৰ কাৰণে হয় ঃ

(১) সূৰ্য আৰু চন্দ্ৰই একেফালে থাকি পৃথিৱীক টনা ফলত 

(২) সূৰ্য আৰু চন্দ্ৰই   বিপৰীত দিশৰ পৰা পৃথিৱীক টনাৰ ফলত 

(৩) উপকূলৰ ভাঁজৰ কাৰণে (Indention in the coast line) 

(৪) এটাও নহয় 

উত্তৰঃ (১) সূৰ্য আৰু চন্দ্ৰই একেফালে থাকি পৃথিৱীক টনা ফলত।


(গ) পৃথিৱী আৰু চন্দ্ৰৰ মাজত দূৰত্ব আটাইতকৈ কম হয় তলৰ কোনটোত 

(১) পৰম দূৰত্ব (Aphelion)     (২) নিম্নতম দূৰত্ব (Perigee) 

(৩) অধম দূৰত্ব (Perihelion)   (৪) অধিক দূৰত্ব (Apogee) 

উত্তৰঃ   (২) নিম্নতম দূৰত্ব (Perigee)।


(ঘ) পৃথিৱী পেৰিহিলিয়ন অৱস্থা পায় তলৰ কোনটো মাহত ঃ

(১) অক্টোবৰ    (২) ছেপ্তেম্বৰ

(৩) জুলাই    (৪) জানুৱাৰী

উত্তৰঃ (৪) জানুৱাৰী।


২. ৩০ টা শব্দৰ ভিতৰত প্ৰশ্নবোৰৰ উত্তৰ দিয়া ।

(ক) ঢৌবোৰ কি ? 

উত্তৰঃ সাগৰৰ পানী গতিশীল। এই গতি দুই ধৰনৰ অনুভূমিক আৰু উলম্বিক গতি। অনুভূমিক গতি সাগৰীয় সোঁত আৰু ঢৌ বুলিও জনা যায়। আচলতে সাগৰত যেতিয়া ঢৌৰ সৃষ্টি হয় তেতিয়া গোটেই পানীভাগে গতি নকৰে। কেৱল পানীৰ পৃষ্ঠভাগৰ পৰিৱেশটোহে আগৰফালে গতি কৰে। ঢৌবোৰৰ সৃষ্টিত প্ৰধানকৈ বতাহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সাগৰৰ যিবোৰ অঞ্চলত বতাহৰ প্ৰভাৱ বেছি আৰু মুকলি সমুদ্ৰত ঢৌবোৰে তীব্ৰ বেগত গতি কৰা পৰিলক্ষিত হয়। আৰু উপকূলত ইয়াৰ জোৰ কমি যায়।


(খ) সাগৰৰ ঢৌবোৰে শক্তি কেনেকৈ লাভ কৰে ? 

উত্তৰঃ ঢৌবোৰ হল সাগৰৰ পানীৰ অনুভূমিক গতি। আচলতে ঢৌবোৰ এক শক্তি, যিয়ে পানীৰ ওপৰেৰে গতি কৰে। সমুদ্ৰ পৃষ্ঠৰ ওপৰৰ পানীভাগত সৰু বৃত্তাকাৰ গতিত পানীৰ কণিকাবোৰে গতি কৰা এক প্ৰক্ৰিয়া। সাগৰৰ ঢৌবোৰক শক্তি যোগান ধৰে তাত প্ৰৱাহিত বতাহে। বতাহে ঢৌক গতি কৰিবলৈ বাধ্য কৰায়।


(গ) জোৱাৰৰ কি ?

উত্তৰঃ সাগৰৰ পানীৰ উলম্বিক গতিক জোৱাৰ ভাটা বোলে। অৰ্থাৎ সাগৰৰ পানীৰ পৃষ্ঠা সময়ে সময়ে উলম্বিক ভাবে উঠা নমা কৰা কাৰ্য্য ক জোৱাৰ ভাটা বোলা হয়। পৃথিৱীৰ ওপৰত সূৰ্য আৰু চন্দ্ৰৰ আকৰ্ষণ থাকে। এই আকৰ্ষণৰ ফলত পৃথিৱীৰ পৃষ্ঠৰ জলভাগ আকৰ্ষিত হয়। পানী এই ঢৌ বোৰক জোৱাৰ বোলা হয়। চন্দ্ৰ আৰু সূৰ্যৰ আকৰ্ষণৰ উপৰিও পৃথিৱীৰ বিঃকেন্দ্ৰিক শক্তিৰ ফলতো পৃথিৱী পৃষ্ঠৰ পানীভাগত ঢৌৰ সৃষ্টি হয়।


(ঘ) জোৱাৰ কেনেকৈ সৃষ্টি কেনেকৈ হয় ? 

উত্তৰঃ জোৱাৰ সৃষ্টি হোৱাৰ প্ৰধান কাৰন হল চন্দ্ৰৰ আকৰ্ষণ আৰু কিছু পৰিমানে সূৰ্যৰ আকৰ্ষণ। এই দুটা কাৰকৰ উপৰিও পৃথিৱীৰ বহিঃকেন্দ্ৰিক শক্তি। এই শক্তিয়ে মাধ্যাকৰ্ষন শক্তিৰ লগত সমতা ৰক্ষা কৰি চলে। মাধ্যকৰ্ষন আৰু বহিঃকেন্দ্ৰিক শক্তিৰ কাৰনে পৃথিৱীত দুটা ডাঙৰ জোৱাৰ উঠে। পৃথিৱীৰ যিটো ফাল চন্দ্ৰৰ ফালে পৰে তাত ডাঙৰ জোৱাৰৰ উৎপত্তি হয় চন্দ্ৰৰ আকৰ্ষণৰ বাবে আৰু তাৰ বিপৰীতে পালেও কিছু ডাঙৰ জোৱাৰ উঠে পৃথিৱীৰ বহিঃকেন্দ্ৰিক বলৰ প্ৰভাৱত।


(ঙ) জোৱাৰ কেনেকৈ জলপৰিৱহণৰ লগত সম্পৰ্কিত ? 

উত্তৰঃ জোৱাৰে বিভিন্ন ধৰনে জলপৰিবহনৰ লগত সম্পৰ্ক থকা দেখা যায়। সাগৰৰ পানীত কেতিয়া জোৱাৰ হব বা ভাটা হব তাক সঠিক কৈ অনুমান কৰিব পাৰি উপকুল অঞ্চলত একেকুৱা কিছুমান বন্দৰ বা পোতাশ্ৰয় আছে যি বোৰৰ পথত বালিচৰ আছে বা পানী অগভীৰ যিয়ে নৌ-জাহাজৰ প্ৰৱেশত বাধাৰ সৃষ্টি কৰে। জোৱাৰ সৃষ্টি হলে বালিচৰত পানীৰ গভীৰতা বাঢ়ে যাৰ ফলত নৌকা বা জাহাজবোৰ বহু ভিতৰলৈ সোমাই যোৱাত সুবিধা হয়।


৩. ১৫০ টা শব্দ ভিতৰত তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ।

(ক) সাগৰীয় সোঁতে উত্তাপত কেনেকৈ প্ৰভাৱ পেলায় ? ই কেনেকৈ উত্তৰ-পশ্চিম ইউৰোপৰ উপকূলীয় অঞ্চলত প্ৰভাৱ পেলাইছে ? 

উত্তৰঃ পৃথিৱীত পৃষ্ঠৰ সকলো অংশতে সূৰ্যৰ তাপ সমানে নপৰে। সেয়ে সূৰ্যৰ তাপৰ ওপৰত নিৰ্ভৰ কৰি কিছুমান অঞ্চল বেছি গৰম হয় আৰু কিছুমান অঞ্চল শীতল হৈয়ে থাকে মহাসাগৰৰ পানীভাগৰ মাজতো এই পৰিঘটনা বিৰাজমান। মহাসাগৰৰ যি বিলাক অঞ্চলত বেছিকৈ সূৰ্যৰ তাপ অনুভূত হয় সেইবোৰ অঞ্চলত পানীভাগ গৰম হৈ উঠে। ফলত ই কোনোৱা দিশত গতি কৰি লয়। যিহেতু সাগৰৰ সোঁত বোৰ একো একোটা বৃহৎ সোঁত, সেয়ে যি অঞ্চলৰ ওচৰৰে ই প্ৰৱাহিত হৈ যায় সেই অঞ্চলৰ উত্তাপৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায়। আনকি সাগৰীয় সোতে কোনো এক অঞ্চলৰ জলবায়ুৰ ওপৰতো প্ৰভাৱ বিস্তাৰ কৰা দেখা যায়। কোনো উপকৃলৰ ওচৰেৰে যদি গৰম সাগৰীয় সোঁত প্ৰৱাহিত হয় তেতিয়া সেই ঠাইৰ উত্তাপ গৰম কৰি তোলে আনকি শীত কালতো ঠাইখনৰ উত্তাপ বঢ়াই ৰাখে। ঠিক তেনেদৰে যদি কোনো উপকূলৰ ওচৰেৰে শীতল সাগৰীয় সোঁত বৈ যায় তেনেহলে সেই ঠাইৰ উত্তাপ গৰমৰ দিনটো শীতল সোঁতৰ প্ৰভাৱত উত্তাপ হ্ৰাস কৰি ৰাখে। সেয়ে কোনো এক অঞ্চলৰ উত্তাপ তথা জলবায়ুৰ ওচৰত সাগৰীয় সোঁতৰ প্ৰভাৱ উল্লেখনীয়।

উত্তৰ পশ্চিম ইউৰোপত সাগৰীয় সোতৰ প্ৰভাৱঃ- ইউৰোপ মহাদেশৰ উত্তৰ-পশ্চিম দিশত থকা বা দেখিবলৈ পোৱা প্ৰধান সাগৰীয় সোঁতটো হল 'North Atlantic Drift । এইটো এটা গৰম পানীৰ সোঁত। উপ-সাগৰীয় সোঁত টোৱে যেতিয়া ইউৰোপৰ পশ্চিম দিশেৰে উত্তৰ দিশলৈ গতি কৰে। তেতিয়া ই সেই অঞ্চলৰ উত্তাপ বঢ়াই তোলে। এই সোঁতটোৰ উপস্থিতিৰ বাবে এই অঞ্চলটো শীতকালটো উত্তাপ যথেষ্ট গৰম অনুভৱ হয়। একে অক্ষাংশ অৱস্থিত উত্তৰ আমেৰিকাৰ পূৱ অংশত যথেষ্ট ঠাণ্ডা অনুভৱ হয়, যি সময়ত আটলাণ্টিকৰ পশ্চিম উপকূলত যথেষ্ট গৰম অনুভৱ হয়। এই অঞ্চলত এই গমৰ সাগৰীয় সোঁতৰ উপস্থিতিৰ বাবে ইংলেণ্ড ত নাতিশীতোষ্ণ জলবায়ু বিৰাজমান। 


(খ) সাগৰীয় সোঁত উৎপত্তি হোৱাৰ কাৰণবোৰৰ কি কি ? 

উত্তৰঃ স্থলভাগৰ ওপৰত থকা নদী বিলাকৰ যি দৰে সোঁত থাকে, ঠিক তেনেদৰে মহাসাগৰৰ পানীবিলাকেও নদীৰ দৰে এক নিৰ্দিষ্ট পথেৰে নিৰ্দিষ্ট দিশে গতি কৰা পৰিলক্ষিত হয়। নদীৰ পানীয়ে গতিকৰে মাটিৰ ঢালৰ বাবে, যিটো নদীবিলাকৰ গতিৰ প্ৰধান কাৰণ বুলি উল্লেখ কৰিব পাৰি। কিন্তু সাগৰীয় সোঁত উৎপত্তি হোৱাৰ কাৰণ বহুতো দেখা যায়। যিবোৰ দুটা ভাগত অন্তৰ্ভূক্ত কৰিব পাৰি।

(ক) মূখ্য শক্তি

(খ) গৌণ শক্তি

(ক) মূখ্য শক্তিঃ সাগৰীয় সোঁত সৃষ্টি কৰাত যিবিলাক শক্তিয়ে মূখ্য ভূমিকা পালন কৰে, সেই সমূহ হল-

(i) সূৰ্য্যৰ উত্তাপ

(ii) বতাহ

(iii) মাধ্যাকৰ্ষন

(iv) কোৰিওলিচ শক্তি


(i)    সূৰ্য্যৰ উত্তাপঃ মহাসাগৰৰ পানীভাগত সূৰ্য্যৰ তাপ সমান নপৰে। কিছুমান অঞ্চল আছে যি বোৰত সূৰ্যৰ তাপ বছৰৰ সকলো সময়তে বেছি পৰে তেনেবোৰ অঞ্চলত পানী ভাগ গৰম হয় আৰু প্ৰসাৰিত হৈ পৰে। এই গৰম আৰু প্ৰসাৰিত পানী ভাগে শীতল আৰু সংকুচিত অঞ্চললৈ গতি কৰে। ইয়াৰ লগে লগে আৰম্ভ হয় পানীৰ গতি অৰ্থাৎ সাগৰীয় সোঁত। গৰম পানীবোৰ শীতল অঞ্চললৈ গতি কৰোতে, সেই খালি ঠাই পুৰ কৰিবলৈ শীতল পানী তালৈ বৈ আহে। এই দৰেই উৎপত্তি হয় গৰম পানীৰ সোঁত আৰু শীতল পানীৰ সোঁত। সূৰ্য্যৰ উত্তাপৰ বাবে সোঁত উৎপত্তি হোৱা পৰিঘটনাটো বিষুৱীয় অঞ্চলত বিৰাজমান

(ii)    বতাহঃ বতাহ আন এক কাৰক যিয়ে সমুদ্ৰত বিশাল সোঁতৰ সৃষ্টি কৰাৰ লগতে বৃহৎ বৃহৎ সামুদ্ৰীক ঢৌৰ সৃষ্টি কৰে। পৃথিৱীৰ উপৰিভাগত আমি কিছুমান স্থায়ী বতাহ দেখিবলৈ পাওঁ। এই স্থায়ী বতাহ বোৰৰ প্ৰভাত সমুদ্ৰত বহুতো সোঁত উৎপত্তি হোৱা দেখা যায়।

(iii)    মাধ্যাকৰ্ষনঃ মাধ্যাকৰ্ষন শক্তিয়ে সমুদ্ৰৰ পানী ভাগকো তলৰ ফালে টানি থাকে, যাৰ ফলত পানীৰ ঢাল সৃষ্টি হয় আৰু এই ঢালৰ বাবে মহাসাগৰত পানীৰ সোঁতৰ উৎপত্তি হয়।

(iv)    কোৰিওলিচ শক্তিঃ পৃথিৱীয়ে ইয়াৰ কক্ষত থাকি যি আহ্নিক গতি কৰি আছে। এই আহ্নিক গতিৰ ফলত থকা বস্তু বিলাকো গতি কৰা পৰিলক্ষিত হয়। সেয়ে আহ্নিক গতিৰ বাবেও মহাসাগৰৰ পানী ভাগে গতি কৰা দেখা যায় অৰ্থাৎ সোঁতৰ সৃষ্টf হয়।


আঁচনিৰ কাম (Project Work) 

(ক) সৰোবৰ বা ডাঙৰ পুখুৰী এটা চোৱা । ঢৌবোৰৰ গতি লক্ষ্য কৰা । শিল এটা পানী ত পেলাই দি, ঢৌবোৰ কেনেকৈ উৎপত্তি হয় লক্ষ্য কৰা ।

(খ) সাগৰীয়া সোঁত দেখুৱা এটা গোলক আৰু এখন মানচিত্ৰ লোৱা । কিয় কিছুমান সোঁত গৰম আৰু কিছুমান সোঁত শীতল আলোচনা কৰা । ঠাইত সোঁতবোৰে কিয় গতি ঘূৰায (deflect) ইয়াৰ কাৰণ পৰীক্ষা কৰা । 


Type :  Priyam Jyoti Patar

Amswered By : Leena Kakati