সৌৰ বিকিৰণ, তাপৰ ভাৰসাম্যতা আৰু উষ্ণতা 

-অনুশীলন-

১। বিবিধ পচন্দৰ প্ৰশ্নবোৰঃ

(ক) ২১ জুনৰ দিনা দুপৰীয়া সূৰ্য লম্বমান হয় ঃ

১) বিষুৱত                                      ২) ২৩.৫° দক্ষিণ অক্ষৰেখাত 

৩) ২৩.৫° উত্তৰ অক্ষৰেখাত      ৪) ৬৬.৫° উত্তৰ অক্ষৰেখাত 

উত্তৰঃ ৩) ২৩.৫° উত্তৰ অক্ষৰেখাত।


(খ) নিম্নলিখিত মহানগৰৰসমূহৰ, ভিতৰত কোনখনত দিনবোৰ দীঘল ? 

১) তিৰুৱনন্তপুৰম্                                      ২) চণ্ডীগড় 

৩) হায় দৰাবাদ                                          ৪) নাগপুৰ 

উত্তৰঃ (১) তিৰুৱনন্তপুৰম।


(গ) বায়ুমণ্ডল প্ৰধানকৈ তপত হয়,

১) হ্ৰস্ব তৰংগ সূৰ্য বিকিৰণৰ দ্বাৰা 

২) প্ৰতিফত সৌৰ বিকিৰণৰ দ্বাৰা 

৩) দীৰ্ঘ তৰংগৰ পাৰ্থিৱ বিকিৰণৰ দ্বাৰা 

উত্তৰঃ ৩) দীৰ্ঘ তৰংগৰ পাৰ্থিৱ বিকিৰণৰ দ্বাৰা। 


৪) সিঁচৰখিত স্তম্ভ দুটাৰ পৰা শুদ্ধ জোট বনোৱা ঃ 

 ১) আতপন 



২) এল্বিডো 

 ৩) সমোষ্ণ ৰেখা 


৪) বাৰ্ষিক পৰিসৰ

 (ক) আটাইতকৈ গৰম আৰু চেঁচা মাহবোৰৰ মাজত গড় তাপমাত্ৰাৰ পাৰ্থক্য 

(খ) সমান তাপবিশিষ্ট ঠাইবোৰ লগ লগোৱা ৰেখা ।

(গ) পৃথিৱীলৈ অহা সৌৰ বিকিৰণ 

(ঘ) এটা পদাৰ্থৰ দ্বাৰা প্ৰতিফলিত হোৱা দৃশ্যমান পোহৰৰ শতাংশ


(ঙ) উত্তৰ গোলাৰ্দ্ধত উপক্ৰান্তীয় অঞ্চলত পৃথিৱীয়ে আটাইতকৈ বেছি উত্তাপ অনুভৱ কৰে, আনকি বিষুৱতকৈও বেছি হোৱাৰ মুখ্য কাৰণ হ'ল -

১) বিষুৱীয় অঞ্চলতকৈ, উপক্ৰান্তীয় অঞ্চলত ডাৱৰৰ আৱৰণ কমকৈ থাকে বাবে । 

২) বিষুৱতকৈ, উপক্ৰান্তীয় অঞ্চলত গ্ৰীষ্ম কালত দীৰ্ঘদিন থাকে বাবে ।

৩) বিষুৱীয় অঞ্চলতকৈ, উপক্ৰান্তীয় অঞ্চলত এক বৰ্দ্ধিত ''সেউজ গৃহ প্ৰভাৱ'' আছে বাবে ।

৪) বিষুবীয় অৱস্থানতকতৈ, উপক্ৰান্তীয় অঞ্চলবোৰ মহাসাগৰীয় অঞ্চল নিকটত অৱস্থিত বাবে । 


২) ৩০ টামান শব্দেৰে নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ লিখা -

(ক) পৃথিৱী গ্ৰহত, সময় আৰু ঠাই সপেক্ষে, কেনেদৰে অসমান তাপৰ বিতৰণে বতৰ আৰু জলবায়ুৰ তাৰতম্য কৰে বৰ্ণনা কৰা । 

উত্তৰঃ পৃথিৱীৰ আকৃতি গোলকীয় যাক আমি জিয়ইড বুলি কওঁ। ইয়াৰ আকৃতি এনেকুৱা হোৱা বাবে সূৰ্য্যৰ পৰা অহা তাপ শক্তি পৃথিৱী পৃষ্ঠৰ সকলো ঠাইতে সমানে বিতৰন নহয়। সেইবাবে যিবোৰ অঞ্চলত সৌৰশক্তি বেছিকৈ অনুভূত হয়, সেইবোৰ অঞ্চলত বতৰৰ অৱস্থান সমূহ যেনে উত্তাপ বেছি, বাষ্পীভৱন বেছি অথবা বৰষুণ আদি হব পাৰে। এইবোৰ ক্ৰিয়া বহুবছৰ ধৰি অব্যাহত থাকিলে জলবায়ু গঠন হব পাৰে। আনহাতে যিবিলাক ঠাইত সৌৰশক্তিৰ পৰিমাণ কম তেনে ঠাইত বতৰৰ উপাদানবোৰৰ তাৰতম্য যথেষ্ট কম।

    পৃথিৱীখনে যিহেতু সূৰ্য্যৰ চাৰিওফালে ঘূৰি থাকে, সেয়ে কেতিয়াবা সূৰ্য্যৰ ওচৰ চাপে আৰু কেতিয়াবা দূৰলৈ গুচি যায়। এইদৰে সূৰ্য্যৰ ওচৰ পালে উত্তাপ কিছু বেছি লাভ কৰে আৰু দূৰলৈ গলে উত্তাপৰ পৰিমাণ অলপ কমকৈ পায়। এনেকুৱা তাপৰ তাৰতম্যৰ ফলতো পৃথিৱী পৃষ্ঠৰ ওপৰত বতৰ আৰু জলবায়ুৰ তাৰতম্য দেখিবলৈ পোৱা যায়।


(খ) পৃথিৱীপৃষ্ঠত উত্তাপৰ বিতৰণ নিয়ন্ত্ৰণ কৰা কাৰকবোৰ কি কি ? 

উত্তৰঃ কোনো এখন ঠাইৰ বায়ুৰ উত্তাপত, প্ৰভাৱ বিস্তাৰ কৰে ঠাইখনৰ অক্ষাংশ, ঠাইখনৰ উচ্চতা, সমুদ্ৰৰ পৰা দূৰত্ব, বায়ুপুঞ্জৰ প্ৰভাহ, গৰম আৰু চেঁচা সমুদ্ৰ সোঁতৰ উপস্থিতি, স্থানীয় বিভিন্ন দিশ ইত্যাদি কাৰকসমূহে।

অক্ষাংশঃ কোনো এখন ঠাইৰ উত্তাপ নিৰ্ভ কৰে আতপনৰ পৰিমানৰ ওপৰত। পূৰ্বতে বৰ্ণনা কৰি অহা হৈছে যে, অক্ষাংশ অনুযায়ী আতপনৰ পৰিমাণ বিভিন্ন হয় সেয়েহে উত্তাপৰ পৰিমাণো সেই অনুসৰি বিভিন্ন হোৱা দেখা যায়।

উচ্চতাঃ নিম্নস্তৰৰ পৰা হোৱা পাৰ্থিব বিকিৰণৰ বাবে বায়ুমণ্ডল পৰোক্ষভাৱে উত্তাপিত হয়। সেইকাৰণে, সমুদ্ৰ-পৃষ্ঠৰ নিকটৱৰ্তী ঠাইবিলাকে সু-উচ্চতম অঞ্চলত অৱস্থিত ঠাইবোৰতকৈ বেছি উত্তাপ লিপিবদ্ধ কৰে। অন্য অৰ্থত কবলৈ হলে যিমানেই ওখ ঠাইলৈ উঠা যায়, সিমানেই তাপৰ পৰিমাণ কমি যায়। উচ্চতা অনুযায়ী উত্তাপ কমি যোৱা হাৰক স্বাভাৱিক লেপ্চ হাৰ বোলা হয়।

সমুদ্ৰৰ পৰা দূৰত্বঃ আন এটা কাৰক যিয়ে উত্তাপত প্ৰভাৱ পেলায় সেয়া হল, কোনো এখন ঠাই, সাগৰৰ পৰা কিমান ওচৰ বা দূৰত অৱস্থান কৰিছে তাৰে ওপৰত। স্থলভাগৰ তুলনাত সমুদ্ৰৰ জলভাগ লাহে-ধীৰে উত্তাপিত হয় আৰু তাপো ধীৰ গতিত এৰে। স্থলভাগ সোনকালে গৰম হোৱাৰ লগতে চেঁচাও হয়। সেয়েহে স্থলমণ্ডলতকৈ সাগৰৰ জলভাগত তাপৰ তাৰতম্য কম। সমুদ্ৰৰ নিকটত অৱস্থান কৰা ঠাইবোৰত, জল আৰু স্থলবতাহৰ মধ্যস্থতাকৰী প্ৰভাৱে, উত্তাপ প্ৰশমিত কৰি ৰাখে।

বায়ুপুঞ্জ আৰু সমুদ্ৰ সোঁতঃ স্থলবতাহ আৰু জলবতাহৰ লেখীয়াকৈ বায়ুপুঞ্জৰ প্ৰবাহে উষ্ণতাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। এখন ঠাইৰ ওপৰেৰে উষ্ণ বায়ুপুঞ্জ প্ৰবাহিত হলে, ঠাইখনৰ উষ্ণতা বৃদ্ধি হোৱা বুজায় আৰু চেঁচা বায়ুপুঞ্জ ৰাশিৰ প্ৰবাহে অঞ্চলবোৰৰ উষ্ণতা নিম্নগামী কৰে।

তাপ বিতৰণঃ গোলকীয় উষ্ণতাৰ বিতৰণৰ বিষয়ে ভালদৰে জ্ঞান লভিবলৈ হলে, জানুৱাৰী আৰু জুলাই মাহৰ তাপৰ বিতৰণ সম্পৰ্কে অধ্যয়ণ কৰিলেই যথেষ্ট। সাধাৰণতে সমোষ্ণ ৰেখাৰ সহায়েৰে।


(গ) ভাৰতবৰ্ষত কেৱল মে' মাহতহে দিনৰ ভাগত উত্তাপ আধিক হয় আনহাতে কৰ্কট সংক্ৰান্তিৰ পিছত কিয় নহয় ? 

উত্তৰঃ প্ৰচলিত বতাহ বা বায়ুপুঞ্জই কোনো এক অঞ্চলৰ উত্তাপ নিয়ন্ত্ৰন কৰা দেখা যায়। ভাৰত বৰ্ষত মৌচুমী বায়ুৰ যথেষ্ট প্ৰভাৱ আছে। এই বতাহ গ্ৰীষ্ম কালত অৰ্থাৎ জুন-জুলাই-আগষ্ট মাহত ভাৰত মহাসাগৰৰ পৰা ভাৰতৰ ওপৰৰে চাইবেৰিয়ালৈ গতি কৰে। মে মাহলৈকে ভাৰতত বৰষুন নহয় বাবে উত্তাপ যথেষ্ট বৃদ্ধি পায়। কিন্তু ইয়াৰ পিছত ভাৰতবৰ্ষত যথেষ্ট বৰষুণ হয়, যিয়ে বাঢ়ি অহা উত্তাপৰ পৰিমাণ হ্ৰাস কৰে। সেয়ে কৰ্কট সংক্ৰান্তিৰ পিছত উত্তাপ অধিক হোৱা পৰিলক্ষিত নহয়।


(ঘ) বাৰ্ষিক উত্তাপৰ পৰিসৰ, চাইবেৰিয়াৰ সমভূমিত কিয় বেছি হয় ?

উত্তৰঃ পৃথিৱী পৃষ্ঠত উত্তাপ কৰবাত কম আৰু কৰবাত বেছি হোৱা দেখা যায়। এনে ভিন্নতাৰ বাবে কিছুমান কাৰক জগৰীয়া। যিবোৰক উত্তাপ নিয়ন্ত্ৰণ কৰা কাৰক বুলি জনা যায়। এই কাৰক বোৰৰ ভিতৰতে এটা হল সমুদ্ৰৰ পৰা দূৰত্ব। অৰ্থাৎ বৃহৎ জলভাগ বা মহাসাগৰৰ উপকুলৱৰ্তী অঞ্চলত উত্তাপৰ পৰিমাণ কম। উপকুলৰ পৰা যিমানে মহাদেশৰ মাজভাগলৈ সোমাই যোৱা হয়, সিমানেই উত্তাপৰ পৰিসৰ বেছি অনুভৱ হয়। এচিয়া মহাদেশৰ চাইবেৰিয়াৰ ক্ষেত্ৰত ঠিক তেনে দেখা যায়। ই মহাসাগৰৰ পৰা বহু দূৰত্বত অৱস্থিত হোৱা বাবে গৰমৰ দিন বোৰত যথেষ্ট গৰম আৰু শীতৰ দিনবোৰত যথেষ্টশীত অনুভৱ হয়। অৰ্থাৎ বাৰ্ষক উত্তাপৰ পৰিসৰ চাইবেৰিয়াৰ সমভূমিত বেছি পৰিলক্ষিত হয়।


৩) নিম্নলিখিত প্ৰশ্নসমূহৰ উত্তৰ ১৫০ টামান শব্দেৰে লিখাঃ

(ক) অক্ষৰেখা আৰু পৃথিৱীয়ে নিজা অক্ষত হালি  আবৰ্ত্তন কৰা বাবে, পৃথিৱীপৃষ্ঠই লাভ কৰা বিকিৰণৰ পৰিমাণৰ ওপৰত কিয় প্ৰভাৱ পৰে ? 

উত্তৰঃ পৃথিৱীয়ে যিমান শক্তি আহৰন কৰে সেই সকলোবোৰ সূৰ্য্যৰ পৰাই পাই আহিছে। সূৰ্যৰ পৰা পোৱা তাপ শক্তি কিন্তু পৃথিৱী পৃষ্ঠই সমান ভাবে একেসময়তে লাভ নকৰে। ইয়াৰ মূল কাৰন হল পৃথিৱীৰ আকৃতি। পৃথিৱীখনৰ আকৃতি গোলকীয় যাক কোৱা হয় জিয়ইড। পৃথিৱীৰ আকৃতি এনে হোৱা বাবে একে সময়ত প্ৰেৰন কৰা সৌৰ ৰশ্মি পৃথিৱীখনৰ ওপৰত সমান ভাবে নপৰে। কৰবাত লম্বভাবে,কৰবা হেলনীয়াভাবে আৰু হয়তো কৰবাত একেবাৰে নপৰা দেখা যায়। যাৰ ফলত পৃথিৱী পৃষ্ঠত ভিন্ন পৰিবেশ বিৰাজ কৰে।

    পৃথিৱীৰ আকৃতি গোলকীয় হোৱা হেতুকে ই যেতিয়া আৱৰ্তন কৰি থাকে তেতিয়া মাজৰ অংশটোৱে অৰ্থাৎ বিষুবীয় অঞ্চলত সূৰ্য্যৰ ৰশ্মি বছৰৰ সকলো সময়তে লম্বভাৱে পৰে বাবে উত্তাপৰ মাত্ৰা বেছি। আনহাতে বিষুৱৰ পৰা যিমানে মেৰু অঞ্চললৈ গতি কৰা হয় সূৰ্য্যৰ ৰশ্মি ক্ৰমে হেলনীয়া হৈ গৈ মেৰু বিন্দুত কেতিয়াবা একেবাৰে নাইকিয়া হৈছেগৈ। যাৰ ফলত সেইবোৰ অঞ্চলত পৃথিৱী পৃষ্ঠই লাভ কৰা বিকিৰনৰ পৰিমান তেনেই কম বা শূণ্য।

পৃথিৱী পৃষ্ঠই লাভ কৰা বিকিৰণৰ পৰিমাণ সূৰ্য্যৰ উপস্থিতিয়েও নিৰ্ণয় কৰে। পৃথিৱীয়ে নিজ অক্ষত হালি আৱৰ্তন কৰি থাকোতে ইয়াৰ বিষুৱীয় অঞ্চলত সূৰ্য্যৰ উপস্থিতি বহুসময় থাকে, সেয়ে পৃথিৱীয়ে বেছি পৰিমাণৰ সৌৰশক্তি বা ৰশ্মি লাভ কৰাটো স্বাভাৱিক। আনহাতে দুই মেৰুৰ দিশত সূৰ্যৰ উপস্থিতি ক্ৰমেকম দেখা যায়। যাৰ ফলত সেইবোৰ অঞ্চলত পৃথিৱী পৃষ্ঠই লাভ কৰা বিকিৰনৰ পৰিমান কম।


(খ) পৃথিৱীৰ বায়ুমণ্ডল পদ্ধতিটোৱে কি কি পিক্ৰিয়াৰ প্ৰয়োগেৰে উত্তাপৰ ভাৰসাম্য ৰক্ষা কৰি আছে ? 

উত্তৰঃ সূৰ্য্যৰ পৰা পৃথিৱীলৈ অহা ৰশ্মি আহোতে হ্ৰস্ব তৰংগ ৰূপত আহে। এই সৌৰ ৰশ্মিয়ে পৃথিৱীপৃষ্ঠ উত্তপ্ত কৰি তোলে। পৃথিৱীপৃষ্ঠ উত্তপ্ত হোৱাৰ পাছত ই বিকিৰণ ক্ষম হয় আৰু বায়ুমণ্ডললৈ তাপ শক্তি বিকিৰন কৰে। এই বিকিৰন তাপ দীৰ্ঘ তৰংগ ৰূপত গুচি যায়।

দীৰ্ঘ তৰংগ ৰূপে তাপ বিকিৰন হোৱা তাপৰ কিছু অংশ বায়ুমণ্ডলৰ গেছ প্ৰধানকৈ কাৰ্বন ডাই অক্সাইড আৰু অন্যান্য সেউজ গৃহ গেছে শোষন কৰি লয়। এনেদৰে সূৰ্যৰ পৰা অহা তাপ শক্তি পৃথিৱী আৰু বায়ুমণ্ডলে বিকিৰন কৰাৰ ফলত পৃথিৱীপৃষ্ঠ আৰু বায়ুমণ্ডলত তাপৰ এক ভাৰসামেয অৱস্থা দেখিবলৈ পোৱা যায়।

ধৰা হল, বায়ুমণ্ডলৰ ঊৰ্ধতন অংশত সৌৰ বিকিৰন অথবা আতপনৰ পৰিমান শতকৰা ১০০ ভাগ। বায়ুমণ্ডলৰ মাজেৰে আহোতে ই সিচৰিত অৱস্থাত আহে, তেতিয়া কিছু অংশ শোষন হয়, কিছু প্ৰতিফলিত হয় আৰু বাকী ৰৈ যোৱা অংশখিনিহে পৃথিৱীপৃষ্ঠ পায়। পৃথিৱী পৃষ্ঠ পোৱাৰ আগতেই প্ৰায় ৩৫ একক মান প্ৰতিফলিত হৈ মহাকাশলৈ উভটি যায়। ইয়াৰ মাজৰ পৰা ডাৱৰৰ ঊৰ্ধতন অংশৰ পৰা ২৭ একক মান প্ৰতিফলিত হয়।

বাকী ৬৫ একক শোষন হয়। পৃথিৱীয়ে পাৰ্থিৱ বিকিৰন হিচাবে ৫১ একক বিকিৰন কৰে। ইয়াৰ মাজৰ মহাকাষলৈ প্ৰত্যক্ষ বিকিৰন হয় ১৭ একক আৰু বাকী থকা ৩৪ একক বায়ুমণ্ডলে প্ৰত্যক্ষ শোষন, ৯ একক ঘনীভৱনৰ নিহিত তাপৰ দ্বাৰা। বায়ুমণ্ডললৈ শাসন কৰা ৪৮ একক ও মহাকাশলৈ বিকিৰন হৈ উভতে। এতিয়া দেখা গল পৃথিৱীৰ উভতি যোৱা মুঠ বিকিৰন আৰু বায়ুমণ্ডলৰ পৰা হোৱা বিকিৰন ক্ৰমে ১৭+৪৮=৬৫ একক। অৰ্থাৎ দুয়োটা একক সমান।

এই দৰেই অনাদি কালৰ পৰা পৃথিৱীয়ে সৌৰশক্তি এক নিৰ্দিষ্ট পৰিমানৰ লাভ কৰি আহিছে আৰু পৃথিৱীয়েও এক বিশেষ পদ্ধতিৰে এক নিৰ্দিষ্ট পৰিমানৰ শক্তি বিকিৰন কৰি এক ভাৰসাম্য ৰক্ষা কৰি আহিছে।


গ) ভূভাগৰ - উত্তৰ আৰু দক্ষিণ গোলাৰ্দ্ধত, জানুৱাৰী মাহৰ, গোলকীয় উত্তাপ বিতৰণৰ তুলনা কৰা । 

উত্তৰঃ বিষুৱ ৰেখাৰ পৰা ৯০° উত্তৰ লৈ এই অংশটোক উত্তৰ গোলাৰ্দ্ধ আৰু বিষুৱৰ পৰা ৯০° দক্ষিনলৈ এই অংশটোক দক্ষিন গোলাৰ্দ্ধ বোলা হয়। পৃথিৱীৰ উপৰিভাগত স্থল ভাগ আৰু জলভাগৰ বিতৰন লক্ষ্য কৰিলে আমি দেখিবলৈ পাওঁ উত্তৰ গোলাৰ্দ্ধত স্থলভাগৰ প্ৰাধান্য বেছি। ঠিক তেনেদৰে দক্ষিন গোলাৰ্দ্ধত জলভাগৰ প্ৰাধান্য বেছি।

আমি ইতিমধ্যে পাই আহিছো যেবিলাক অঞ্চলত স্থলভাগৰ প্ৰাধান্য বেছি তেনেবোৰ অঞ্চলত জাৰ-জহৰ পৰিসৰ বেছি আনহাতে জলভাগৰ প্ৰাধান্য অঞ্চলসমৃহত ইয়াৰ পৰিসৰ তেনেই কম।

উত্তৰ আৰু দক্ষিন গোলাৰ্দ্ধত জানুৱাৰী মাহৰ গোলকীয় উত্তাপ বিতৰন লক্ষ্য কৰিলে দেখা পাওঁ, উত্তৰ গোলাৰ্দ্ধত সমোষ্ণ ৰেখাবোৰ বেছি প্ৰকট। উত্তৰ গোলাৰ্দ্ধত স্থলভাগৰ আয়তন দক্ষিন গোলাৰ্দ্ধতকৈ বহুগুনে বেছি। সেয়েহে স্থলাংশ আৰু সমুদ্ৰ সোঁতৰ প্ৰভাৱ বেছি প্ৰকট। এই সময়ছোৱাত সমুদ্ৰৰ ওপৰেৰে সমোষ্ণৰেখাৰ উত্তৰ দিশলৈ বিচ্যুতি ঘটে আৰু মহাদেশৰ ওপৰেৰে দক্ষিণৰ পিনলৈ বিচ্যুতি হয়। এই অৱস্থাটো তলৰ চিত্ৰৰ পৰা স্পষ্টকৈ গম পোৱা যায়। আনহাতে দক্ষিন গোলাৰ্দ্ধত মহাসাগৰৰ প্ৰভাৱ বেছি প্ৰকট। সেয়ে ইয়াক সমোষ্ণ ৰেখাবোৰ কম বেছি পৰিমাণে অক্ষৰেখাৰ সমান্তৰালৈ আছে আৰু উওৰ গোলাৰ্দ্ধত কৈ উত্তাপৰ ব্যতিক্ৰম অনুযায়ী আছে।


আঁচনিমূলক কামঃ 

তুমি বাস কৰা মহানগৰ বা চহৰখনত অৱস্থিত এটা বতৰ নিৰীক্ষণ সম্বন্ধীয় অধ্যয়ন বাচি উলিওৱা । উত্তাপক তথ্যবোৰৰ পৰা জলবায়ু সম্বন্ধক তালিকা প্ৰস্তুত কৰা ঃ

১) নিৰীক্ষণ কেন্দ্ৰৰ উচ্চতা, অক্ষৰেখা টোকা লোৱা আৰু গড় উলিওৱা সময় সীমাৰ গণনাৰ টোকা ল'বা । 

২) উত্তাপৰ লগত জড়িত শব্দৰ সংজ্ঞা তালিকাত দিয়া ধৰণে দিবা । 

৩) মাহেকীয়া উত্তাপৰ দৈনিক গড় গণনা  কৰা । 

৪) এখন গ্ৰাফ চিত্ৰত দৈনিক গড় সৰ্বাধিক, দৈনিকগড় সৰ্বনিম্ন  আৰু গড় উত্তাপ আদিবোৰ চিহ্নিত কৰা । 

৫) বাৰ্ষিক গড় উত্তাপ গণনা কৰা । 

৬) কোনটো মাহত তাপৰ দৈনিক পৰিসৰ সৰ্বোচ্চ আৰু নিম্ন বিচাৰি উলিওৱা । 

৭) এখন ঠাইৰ উত্তাপখিনি নিশ্চিত  কৰা  কাৰক সমূহৰ এখন তালিকা প্ৰস্তুত কৰা আৰু জানুৱাৰী, মে', জুলাই আৰু অক্টোবৰ মাহৰ তাৰতম্য হোৱাৰ সম্ভাব্য কাৰণ বৰ্ণনা কৰা । 

উদাহৰণ ঃ 

নিৰিক্ষণাদগাৰ    ঃ নতুন দিল্লী (চফ্দৰজং) 

অক্ষাংশ   ঃ ২৮°৩৫'' উত্তৰ 

নিৰিক্ষণৰ ওপৰত আধাৰিত  ঃ ১৯৫১ - ১৯৮০ 

সমুদ্ৰ পৃষ্ঠৰ পৰা গড় উচ্চতা ঃ ২১৬ মিটাৰ 


 মাহ

দৈনিক গড়

সৰ্বোচ্চ (০°) ছেন্টিগ্ৰেড 

দৈনিক গড় সৰ্বনিম্ন (০°) ছেন্টিগ্ৰেড 

 সৰ্বোচ্চ লিপিবদ্ধ (০°) 

সৰ্বনিম্ন লিপিবদ্ধ (০°) ছেন্টিগ্ৰেড 

জানুৱাৰী

মে'

২১.১

৩৯.৬

 ৭.৩

২৫.৯

 ২৯.৩

৪৭.২ 

০.৬

১৭.৫ 


Type : Priyam Jyoti Patar

Answered By : Leena Kakati

Post ID : DABP005720