মৌচুমী বতাহঃ- 
ভাৰতৰ জলবায়ুত মৌচুমী বতাহৰ প্ৰভাৱ যথেষ্ট । বছৰৰ ভিন ভিন ঋতুত বিশেষকৈ গ্রীষ্ম আৰু শীতকালত মৌচুমী বতাহ বলে । গ্রীষ্মকালত দক্ষিণ - পশ্চিম মৌচুমী বতাহ আৰু শীতকালত উত্তৰ - পূব মৌচুমী বতাহ প্ৰৱাহিত হয় । দক্ষিণ - পশ্চিম মৌচুমী বতাহ আৰৱ সাগৰৰ ওপৰেদি প্রবাহিত হৈ ভাৰতত সােমায় । এই বতাহ দক্ষিণ - পশ্চিম দিশৰ পৰা অহাৰ বাবে ইয়াক দক্ষিণ - পশ্চিম মৌচুমী বতাহ বােলে । আৰৱ সাগৰৰ পৰা যথেষ্ট পৰিমাণে জলীয়া ভাপ কঢ়িয়াই অনা এই বতাহে প্রথমে পশ্চিমঘাট পর্বতত বাধা পায় । তেতিয়া ই 

ওপৰলৈ উঠি শীতল হয় আৰু বৰষুণ দিয়ে । এইদৰে শশ্চিম উপকূল অঞ্চলৰ কংকন আৰু মালাৱাৰ উপকূলত বছৰি ৩০০ চেন্টিমিটাৰতকৈ অধিক বৰষুণ হয় । এই বায়ুৰে এটা অংশ পশ্চিমঘাট পৰ্বত পাৰ হৈ বংগোপসাগৰৰ ফালে আগবাঢ়ে । বংগোপসাগৰৰ ওপৰেদি আহোঁতে পুনৰ অধিক জলীয় ভাপ আহৰণ কৰি ই অসম তথা উত্তৰ- পূৰ্বাঞ্চলত প্ৰৱেশ কৰে । এই বতাহে মেঘালয় মালভূমিত বাধাপ্ৰাপ্ত হৈ প্ৰচুৰ বৰষুণ দিয়ে । এনেকৈয়ে মেঘালয়ৰ চেৰাপুঞ্জীত বছৰি প্ৰায় ১,২৫০ চেন্টিমিটাৰ পৰ্যন্ত বৰষুণ হয় । এই দক্ষিণ - পশ্চিম মৌচুমীৰ প্ৰভাৱতে অসম আৰু হিমালয়ৰ নামনি অঞ্চলত যথেষ্ট বৰষুণ হয় ।

আনহাতে, উত্তৰ- পূব মৌচুমী বতাহ শীতকালত বলে । এই বতাহ মধ্য এছিয়াৰ পৰা উত্তৰ- পূব দিশেৰে ভাৰতলৈ প্ৰৱাহিত হয় বাবে ইয়াক উত্তৰ- পূব মৌচুমী বতাহ বোলে । উত্তৰৰ হিমালয় পৰ্বতে এই চেচাঁ বতাহ অহাত বাধা দিয়াৰ ফলত ভাৰতত প্ৰচগু শীত অনুভৱ নহয় । ইয়াৰে এটা অংশ অৱশ্যে হিমালয় অঞ্চল পাৰ হৈ ভাৰতত প্ৰৱেশ কৰে । স্থলভাগৰ পৰা অহা বাবে এই বতাহ শুকান । সেয়েহে ইয়াৰ ফলত বৰষুণ নহয় । কিন্তু , এই বতাহ বংগোপসাগৰৰ ওপৰেদি অগ্ৰসৰ হওঁতে ই কিছু জলীয় ভাপ আহৰণ কৰে । জলীয় ভাপযুক্ত এই বতাহ আহি যেতিয়া পূৰ্বঘাট পৰ্বতত ঠেকা খায় তেতিয়া ভাৰতৰ পূব উপকূলত বিশেষকৈ কৰমগুল উপকূলত বৰষুণ হয় ।

Type Sumit Patar 
Class 9 Social Science Geography