মৃত্তিকা ( Soils)

 মাটি বা মৃত্তিকা হৈছে প্রাকৃতিক পৰিৱেশৰ অন্যতম প্রধান উপাদান । ই জৈৱ আৰু অজৈৱ পদাৰ্থৰে গঠিত । মৃত্তিকা জীৱৰ জীৱন ধাৰণৰ বাবে অতি প্রয়ােজনীয় উপাদান । ই এক মূল্যৱান প্রাকৃতিক সম্পদ । ভূ - পৃষ্ঠৰ বিভিন্ন স্থানত ভিন ভিন প্ৰকাৰৰ মৃত্তিকা পােৱা যায় । সাৰুৱা মৃত্তিকা বিশেষকৈ কৃষিৰ বাবে উপযােগী । বিভিন্ন কাৰকৰ দ্বাৰা মৃত্তিকা গঠন হয় । মৃত্তিকা গঠনৰ প্ৰধান কাৰকবােৰ হৈছে— মূল পদার্থ , জলবায়ু , জৈৱিক প্রক্রিয়া ( Organic process ) , ভূ-প্রকৃতি আৰু সময় । অন্য অর্থত ক'বলৈ গ'লে এই কাৰবােৰৰ ক্রিয়া - প্রক্রিয়াৰ ফলত মৃত্তিকাৰ সৃষ্টি হয় ।

     অসমৰ মৃত্তিকা গঠনৰ ক্ষেত্ৰতাে মূল পদার্থ ( ভূ - তাত্ত্বিক গঠন ) , জলবায়ু , জৈৱিক প্রক্রিয়া , ভূ - প্রকৃতি আৰু সময়ৰ প্ৰভাৱ আছে । এই কাৰকসমূহৰ ক্রিয়া - প্রক্রিয়াৰ ফলত অসমৰ পাহাৰৰ পাদদেশ , মালভূমি , সমভূমি আৰু প্লাৱনভূমি অঞ্চলত বিভিন্ন প্রকাৰৰ মৃত্তিকা গঠন হৈছে । অসমত পােৱা মৃত্তিকাবােৰক চাৰিপ্ৰকাৰে ভগাব পাৰি । যেনে— 

( ১ ) পলসুৱা মৃত্তিকা ( Alluvial soil ) , 

( ২ ) গিৰিপদ মৃত্তিকা ( Piedmont soil ) , 

( ৩ ) পাহাৰীয়া মৃত্তিকা ( Hill soil ) আৰু 

( ৪ ) কংকৰ মৃত্তিকা ( Laterite soil ) ।

 ( ১ ) পলসুৱা মৃত্তিকাঃ অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সমভূমি অঞ্চলত বিস্তৃতভাৱে পলসুৱা মাটি পােৱা যায় । নদী আৰু উপনৈবিলাকে কঢ়িয়াই অনা পলস সমভূমিত বছৰ বছৰ ধৰি জমা হােৱাৰ ফলত পলসুৱা মাটি গঠন হৈছে । পলসুৱা মাটি সাধাৰণতে সাৰুৱা । ই দুই প্ৰকাৰৰ যেনে- (ক) নতুন পলসুৱা মাটি আৰু (খ) পুৰণি পলসুৱা মাটি । ইয়াৰ ভিতৰত নতুন পলসুৱা মাটুি প্ৰধানকৈ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী বৰাক নদী আৰু ইহঁতৰ উপনৈবোৰৰ সক্ৰিয় প্লাৱনভূমি আৰু নদী কাষৰীয়া সমভূমি অঞ্চলত পোৱা যায়।এই মৃত্তিকাত  সাধাৰণতে ফছফৰিক এচিড  নাইট্ৰজেন আৰু হিউমাছ প্ৰায় নাথাকে বুুলিলে কব পাৰি । 

(২) গিৰিদপ  মৃত্তিকাঃ পুৰণি পলসুৱা মাটি বিশিষকৈ কোকৰাঝাৰ বৰপেটা নলবাৰী কামৰূপ  দৰং শোণিতপুৰ লখিমপুৰ  আৰু ধেমাজি  জিলাৰ উত্তৰ অংশৰ গিৰিপদ  ইঅঞ্চল আৰু দক্ষিণ ব্ৰহ্মপুত্ৰ পাৰৰ নতুন পলসুৱা  মাটিৰ মাজৰ ঠেক অঞ্চলটোৰ  এই মৃত্তিকা পোৱা  যায় । সেইদৰে ব্ৰহ্মপুত্ৰ দক্ষিণ  পাৰৰ জিলাকেইখনত দক্ষিণৰ পাহাৰীয়া মাটি আৰু ব্ৰহ্মপুত্ৰৰ পাৰৰ নতুন পলসুৱা মাটিৰ মাজৰ ঠেক অঞ্চলটোত এই মৃত্তিকা পোৱা যায়।  নগাওঁ জিলাৰ কপিলী  নৈৰ সমভূমি অঞ্চটোৰ কিছু বিস্তৃতভাৱে এই পুৰণি পলসুৱা মাটি দেখা যায় । সাধাৰণতে পুৰণি পলসুৱা মাটিৰ স্তৰ ডাঠ আৰু দেখাত মুগা বৰণীয়া । এই মাটি কম- বেছি পৰিমাণে অম্লীয় আৰু ই সূক্ষ্মৰ  পৰা মোটা দানাযুক্ত  পলসৰে গঠিত ।

     গিৰিপদ মৃত্তিকা  ব্ৰহ্মপুত্ৰ উপত্যকা উত্তৰৰ হিমালয়  পাদদেশৰ  ঠেক গিৰিপদ  অঞ্চলত পোৱা যায় ।  গিৰিপদ অঞ্চলটো ডাৱৰ  আৰু তৰাই অঞ্চলৰ দ্বাৰা গঠিত।  অসম- অৰুণাচল প্ৰদেশৰ সীমাত পূবা - পশ্চিমাকৈ বিস্তৃত হৈ থকা ঠেক ভাবৰ অঞ্চটোৰ  ভালেমান পলস  শংকুৰ  দ্বাৰা গঠিত হৈছে আৰু ইয়াৰ মৃত্তিকা অমিশ্ৰিত  শিল বালি আৰু বোকাৰে গঠিত এই মৃত্তিকাৰ ডাঠ স্তৰ আছে ।  আনহাতে ভাবৰ অঞ্চটোৰ  দক্ষিৰ তৰাই অঞ্চলৰ  মৃত্তিকা পানীৰে সংপৃক্ত  হৈ থাকে আৰু ইয়াত ওখ ঘাঁহ জাতীয় উদ্ভিদ যায় । 

(৩) পাহাৰীয়া মৃত্তিকা ঃ পাহাৰীয়া মৃত্তিকা সাধাৰণতে অসমৰ দক্ষিণাংশৰ পাহাৰীয়া অঞ্চলত পোৱা যায় ।  এই মৃত্তিকাৰ  উৰ্বৰতা ঠাই ভেদে  বেলেগ বেলেগ ।  নাইট্ৰজেন আৰু  জৈৱিক  পদাৰ্থ  এই মৃত্তিকাত  দুই যথেষ্ট  পৰিমাণে থাকে । প্ৰাকৃতিক  গঠন আৰু ৰাসায়নিক  গুণাগুণৰ ভিত্তিত  এই মৃত্তিকাক দুই প্ৰকাৰে ভগাব পাৰি ,যেনে-  ৰঙা বালিয়া মৃত্তিকা  আৰু ৰঙা পলসুৱা  মৃত্তিকা । ইয়াৰ  ভিতৰত  ৰঙা বালিয়া মৃত্তিকা  বিশেষকৈ  অসম- মেঘালয়  সীমামূৰীয়া অঞ্চল কাৰ্বি  মালভূমি জিমা হাছাও  জিলাৰ  বৰাইল পৰ্বতৰ  দক্ষিণাংশ আৰু কাছাৰ জিলাৰ পূব সীমাৰ কিছু অঞ্চলত পোৱা যায় । এই মৃত্তিকা প্ৰধানকৈ শিলা ক্ষয়প্ৰাপ্ত হৈ উৎপত্তি হৈছে আৰু ইয়াৰ স্তৰ ডাঠ । জৈৱিক পদাৰ্থ মিশ্ৰিত এই মৃত্তিকা মধ্যমীয়াৰ পৰা অধিক পৰিমাণে অম্লীয় । আনহাতে ৰঙা পলসুৱা মৃত্তিকা অসম - অৰুণাচল প্রদেশৰ সীমামূৰীয়া দক্ষিণৰ ঠেক অঞ্চলত আৰু লগতে কার্বি মালভূমি আৰু ডিমা হাছাও জিলাৰ বৰাইল পর্বতৰ দক্ষিণাংশত পোৱা যায় । কিছু পৰিমাণে এই মৃত্তিকা অসম - মিজোৰামৰ সীমামুৰীয়া অঞ্চলতাে পােৱা যায় । এই মৃত্তিকাৰ ডাঠ স্তৰ আছে আৰু ই সুক্ষ্মৰ পৰা মােটা দানাযুক্ত পলসৰ দ্বাৰাই গঠিত । এই মৃত্তিকা সামান্যভাৱে আৰু মধ্যমীয়াভাৱে অম্লীয় আৰু ইয়াত নাইট্রজেন , ফছফৰিক এছিড , হিউমাছ আৰু চূণ অতি কম পৰিমাণে থাকে । 

( ৪ ) লেটেই বা কংকৰ মৃত্তিকাঃ প্রায় সমগ্র ডিমা হাছাও জিলা আৰু কাবি মালভূমিৰ দক্ষিণৰ কিছুমান ঠাইত পােৱা যায় । তাৰােপৰি কাৰ্বি আংলং জিলাৰ হামৰেণ মহকুমাৰ পূৱ সীমান্তত , গােলঘাট জিলাৰ দক্ষিণ সীমান্তত আৰু বৰাক সমভূমিৰ উত্তৰ অংশত থকা বৰাইল পর্বতৰ পাদদেশত এই মৃত্তিকা পােৱা যায় । এই মৃত্তিকা সাধাৰণতে ক'লা বৰণীয়া আৰু ইয়াৰ গঠন প্রধানকৈ বালিঅঁহীয়া । ইয়াত নাইট্রজেন , পটাছ , ফছফৰিক এচিড আৰু চূণ কম পৰিমাণে থাকে । 

অসমৰ মৃত্তিকাত সাধাৰণতে নাইট্রজেন আৰু জৈৱিক পদার্থ পােৱা যায় । ব্রহ্মপুত্র আৰু বৰাক উপত্যকাৰ পলসুৱা মাটি বিশেষকৈ খাদ্য শস্য উৎপাদনৰ বাবে  উপযােগী । এই পলসুৱা মাটিত জৈৱিক সাৰ আৰু জলসিঞ্চন ব্যৱহাৰ কৰি শস্যৰ উৎপাদন বঢ়াব পৰা যায় । ব্রহ্মপুত্র উপত্যকাৰ উজনি অঞ্চলৰ মাটি যথেষ্ট পৰিমাণে ফছফৰাছযুক্ত আৰু অম্লীয় হােৱাৰ ফলস্বৰূপে চাহ খেতিৰ বাবে উপযােগী হৈছে । ইয়াৰ বিপৰীতে ব্রহ্মপুত্র উপত্যকাৰ নামনি অঞ্চলৰ মাটিত ফছফৰাছৰ পৰিমাণ কম হােৱাৰ ফলত এই মাটি চাহ খেতিৰ বাবে সিমান উপযােগী নহয় । ব্ৰহ্মপুত্ৰৰ চৰ অঞ্চলৰ নতুন পলসুৱা মাটি তেলগুটি আৰু মাহ জাতীয় শস্যৰ লগতে ৰবি শস্য উৎপাদনৰ বাবে উপযােগী । অসমৰ পাহাৰীয়া অঞ্চলৰ মাজে মাজে থকা সৰু সৰু নদী - সমতলবােৰৰ পলসুৱা মাটিত ধান আৰু শাক - পাচলিৰ খেতি ভাল হয় । পাহাৰৰ ঢালৰ মাটি ফল - মূলৰ খেতি আৰু ৰােপণ কৃষিৰ বাবে উপযােগী । ভাৰতবৰ্ষৰ অন্যান্য অঞ্চলৰ মৃত্তিকাৰ

 দৰে অসমৰ মৃত্তিকাও কিছুমান প্রাকৃতিক আৰু মানৱ সৃষ্ট কাৰকৰ দ্বাৰা আক্ৰান্ত হৈছে । ইয়াৰ ফলত মৃত্তিকাৰ ভৌতিক আৰু ৰাসায়নিক গুণবােৰ নষ্ট হৈ মৃত্তিকাৰ অৱক্ষয় ( soil degradation ) হৈছে । প্রাকৃতিক কাৰকবিলাকৰ ভিতৰত পাহাৰৰ ঢালত প্রাকৃতিক কাৰণত হােৱা ভূমি ক্ষয় , সমভূমি আৰু নিম্নভূমি অঞ্চলত সৃষ্টি হােৱা জলবন্ধন ( water logging ) সমস্যাই প্রধান । মৃত্তিকাৰ অৱক্ষয়ৰ ক্ষেত্ৰত বর্তমান সময়ত প্রাকৃতিক কাৰকবােৰতকৈ মানৱ সৃষ্ট কাৰকবােৰ বেছি সক্রিয় হৈ পৰিছে । মানৱ - সৃষ্ট কাৰকবােৰৰ ভিতৰত 

( ক ) গছ - গছনি কটাৰ ফলত বৃদ্ধি হােৱা পৃষ্ঠ জলপ্রৱাহৰ দ্বাৰা হােৱা পৃষ্ঠ মৃত্তিকা ( Surface soil ) ক্ষয় , 

( খ ) এঢলীয়া ভূমিত অবৈজ্ঞানিকভাৱে মাটি চহাই খেতি কৰা ,

 ( গ ) পাহাৰীয়া অঞ্চলত কৰা ঝুম খেতি , 

( ঘ ) মানুহৰ বসতি তথা অন্যান্য কার্যৰ দ্বাৰা উদ্ভৱ হােৱা কৃত্রিম জলবন্ধন সমস্যা , আৰু 

( ঙ ) অধিক শস্য উৎপাদনৰ বাবে খেতি - পথাৰত অত্যাধিক মাত্রাত ৰাসায়নিক সাৰ প্রয়ােগ আদিয়েই প্রধান । 

মৃত্তিকাৰ অৱক্ষয় এক জলন্ত সমস্যা । মৃত্তিকা জীৱ - জগতৰ আধাৰ আৰু ই প্রাকৃতিক পৰিৱেশৰ এটি মূল্যৱান উপাদান । মৃত্তিকাই বিভিন্ন প্রজাতিৰ উদ্ভিদ আৰু প্রাণীক জীয়াই ৰাখিছে । খাদ্য শস্য উৎপাদনত মৃত্তিকাই অপৰিহাৰ্য ভূমিকা পালন কৰিছে । সেয়েহে মৃত্তিকা এবিধ অতি মূল্যবান সম্পদ । ইয়াক অৱক্ষয়ৰ পৰা ৰক্ষা কৰি সংৰক্ষণ কৰিবলৈ সকলাে ধৰণৰ প্রচেষ্টা গ্রহণ কৰিব লাগিব ।

Type Sumit Patar

 Class 9 Social Science Georaphy