অনুপম শইকীয়াৰ গীত | Anupam Shaikia Assamese Song | অনুপম শইকীয়া অসমীয়া গীত সমূহ 


জেতুকা জেতুকা দুহাতত

 

 

জেতুকা জেতুকা দুহাতত জেতুকা

কমুৱা তুলা যেন মন

হিয়াৰ দলিচাত মৰমৰ গামোচা

দুগালত নধৰে ৰং

সপোন লাহিকৈ নামিলে পদুলিত

উলাহত উৰিলে মন

পাখি লাহি গাভৰু মন ।।

জেতুকা জেতুকা....

মৰম আকলুৱা মন আলসুৱা

মৰমে বান্ধিলে প্রেমৰে ৰং

দুখনি হিয়াৰে সঁচা মিলন

সৰগী সুখেৰে ভৰিলে মন ।

নুবুজা নুবুজা যদিহে নুবুজা

বুজাব নোৱাৰো মন

মনে কৰে কিবাখন

হিয়া মন উচাটন ।

ভাৰিছো শুনিছো দুচকুত ৰাখিছো

সাঁচিছো গোপনে অযুত মৰম

সপোনে সোঁৱৰাই সৃষ্টিৰে ৰং

তোমাৰে দুচকুৰ সজল বৰণ

নেভাবা নেভাবা যদিহে নেভাবা

মোৰে কুমলীয়া মন মনে কৰে

কিবাখন হিয়া তোমাতেই মগন ।

জেতুকা জেতুকা....