অনুৰাধা দাসৰ গীত | Anuradha das Assamese Song | অনুৰাদা দাসৰ অসমীয়া গীত সমূহ

ফাগুনৰে উতলা বা

 

ফাগুলৰে উতলা বা

গুচি যা গুচি যা গুচি যা

নজগাবি ফুল কলি

উতলা তোৰ পাখি মেলি

হালি জালি হৈ মতলিয়া ।

 

পলাশৰে ৰঙা ফুলে

নাহৰৰ কুঁহিপাতে

কাকনো বিচাৰে ঐ

সপোনৰ আঁৰে আঁৰে

হিয়াখনি কৰি ৰঙচুৱা ।

 

লুইতৰ সিপাৰতে

চেনায়ে ৰৈয়ে আছে

মৰমেৰে বতৰাটি

বোকোচাত তুলি লৈ

হিয়াখনি কৰি ৰঙচুৱা ।