মোগলৰ প্ৰশাসনিক ব্যৱস্থা ঃ

বৰ্তমান ভাৰতৰ প্ৰশাসনিক ব্যৱস্থাৰ ইতিহাস অধ্যয়ন কৰলে এটা কথা স্পষ্ট হয় যে এই প্ৰশাসনিক ব্যৱস্থা একেদিনাই গঢ়ি উঠা নাই। অতীজৰে পৰা ভাৰতত ৰাজত্ব কৰা ৰজাসকলৰ প্ৰশাসনিক ব্যৱস্থাৰ ইতিবাচক দিশসমূহৰ ই এক সুনিৰ্দিষ্ট সংযোজন। বৰ্তমান ভাৰতৰ প্ৰশাসনিক ব্যৱস্থাত ইংৰাজী শাসন ব্যৱস্থাৰ নীতিসমূহৰ ব্যাপক প্ৰয়োগ ঘটা দেখা যায়। মোগল সম্ৰাটসকলৰ শাসন ব্যৱস্থাৰ কিছু প্ৰভাৱ বৰ্তমানৰ শাসন ব্যৱস্থাত নপৰা নহয়। মোগলসকলৰ শাসন ব্যৱস্থাৰ বিষয়ে আলোচনা কৰিলে এই কথাৰ উমান পোৱা যাব। অৱশ্যে এইখিনিতে কোৱা উচিত হ'ব যে মোগল শাসন ব্যৱস্থা আকৌ ছেৰছাহৰ শাসন ব্যৱস্থাৰ দ্বাৰা যথেষ্ট প্ৰভাৱিত হৈছিল।

আহাঁচোন এতিয়া আমি মোগল শাসন ব্যৱস্থাৰ বিষয়ে থোৰতে কিছু কথা জানি লওঁ। বাবৰে স্থাপন কৰা মোগল সাম্ৰাজ্যৰ ভেটি সুদৃঢ় কৰিছিল সম্ৰাট আকবৰে। প্ৰকৃততে মোগল শাসন ব্যৱস্থা আৰবীয়, পাৰ্চী আৰু স্থানীয় ভাৰতীয় শাসন ব্যৱস্থাৰ সংমিশ্ৰণ। মোগল সম্ৰাটসকল আছিল শাসনৰ সৰ্বময় শক্তি। তেওঁলোকৰ শাসনৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব নোৱাৰিছিল বৰং বিদ্ৰোহহে হৈছিল। সম্ৰাটক পৰামৰ্শ দিবলৈ এখন সভা আছিল। কেন্দ্ৰীয় শাসন, প্ৰাদেশিক শাসন, সামৰিক শাসন, বিচাৰ ব্যৱস্থা, কৰ-কাটলৰ ব্যৱস্থা, মনচবদাৰী প্ৰথা আদি সু-শৃঙ্খল ব্যৱস্থা যোগেদি মোগল সম্ৰাটসকলে সু-বিশাল সাম্ৰজ্যখন নিয়াৰিকৈ শাসন কৰিছিল। কেন্দ্ৰীয় শাসনত ৰজাৰ পিচতে এখন মন্ত্ৰীসভা আছিল। আজিকালিৰ মন্ত্ৰীৰ নিচিনা সেই কালৰ মন্ত্ৰীসকলৰ ক্ষমতা নাছিল। বৰং তেওঁলোকক মন্ত্ৰী নুবুলি সচিব বোলাহে যুগুত হ'ব। মন্ত্ৰীসকলৰ ভিতৰত ৱকিল বা ৱাজী, দেৱান, মীৰবকট, মীৰ চামান, সদৰ উচ-চুদুৰ আছিল প্ৰধান। ৱাজীৰ আছিল সাম্ৰাজ্যৰ ৰাজহ বিভাগৰ মুৰব্বী বিষয়া। অন্যহাতে কেন্দ্ৰীয় আয়-ব্যয়ৰ হিচাব ৰখা দায়িত্ব দিৱানৰ ওপৰত ন্যস্ত আছিল। সামৰিক বিভাগৰ মুখ্য বিষয়া আছিল মীৰবকট। প্ৰদেশবোৰৰ শাসন কাৰ্য কেন্দ্ৰীয় শাসনৰ দৰেই পৰিচালনা কৰা হৈছিল। প্ৰদেশৰ শাসনকৰ্তা চুবেদাৰৰ তলত দিৱান, ফৌজদাৰ আৰু ফটোৱাল নামৰ একোগৰাকী বিষয়া আছিল। ৰাজহ ব্যৱস্থাৰ বিচাৰ দিৱানসকলে আৰু ফৌজদাৰী বিবাদৰ বিচাৰ ফৌজদাৰ আৰু ফটোৱালসকলে কৰিছিল। মোগল শাসন ব্যৱস্থাত সম্ৰাট আৰু প্ৰজাৰ মাজত প্ৰত্যক্ষ সম্পৰ্ক নাছিল। সমাজত তিনি শ্ৰেণীৰ লোক আছিল一অভিজাত, মধ্যবিত্ত আৰু সাধাৰণ শ্ৰেণী। মোগল ৰাজত্ব কালত বিচাৰ ব্যৱস্থাৰ সু-শৃঙ্খল নীতি নাছিল। সুকীয়া বিচাৰালয়ো নাছিল। সম্ৰাটেই আছিল শাসন আৰু বিচাৰৰ কেন্দ্ৰ। বিচাৰ ব্যৱস্থা পৰিচালিত হৈছিল কোৰাণৰ নীতি-নিৰ্দেশনা মতে। প্ৰদেশবোৰৰ শাসনকৰ্তা চুবেদাৰসকলৰ বিচাৰৰ ক্ষমতা আছিল অতি কম। বেছি ভাগ ক্ষেত্ৰতে চুবেদাৰসকলে যিকোনো বিচাৰ নিষ্পত্তিৰ বাবে সম্ৰাটৰ ওচৰলৈ পঠিয়াইছিল। গাঁও পৰ্যায়ত মোকৰ্দমা নিষ্পত্তি হৈছিল। গাওঁ পঞ্চায়ত পৰ্যায়ত পঞ্চায়তে বাছি দিয়া লোকৰ দ্বাৰা বিচাৰ কাৰ্য সমাপন কৰা হৈছিল।

ভূমি নীতিঃ

প্ৰখমাৱস্থাত মোগলসকলে ভূমি নীতিৰ ক্ষেত্ৰত পূৰ্বৰ চূলতানী আমোলৰ নীতিকে বাহাল ৰাখিছিল। মাটিৰ গৰাকী আছিল ৰজা নিজে। কিছুমান স্বৰ্ত সাপেক্ষে ৰজাই এই মাটিত কৃষকসকলক খেতি কৰিবলৈ অনুমতি দিছিল। কৃষকসকলৰ সতি-সন্ততিয়ে উত্তৰাধিকাৰী সূত্ৰে এই মাটি ভোগ কৰিব পাৰিছিল। এই মাটি প্ৰয়োজন সাপেক্ষে অন্য কৃষককো বিক্ৰী কৰিব পাৰিছিল। অৱশ্যে এই মাটি কৃষি কৰ্মৰ বাবেহে ব্যৱহাৰ  কৰিব লাগিছিল। 'কাননগো' নামৰ এক শ্ৰেণীৰ বিষয়াই এই মাটিবোৰৰ পৰা কৰ-কাটল সংগ্ৰহ কৰছিল। পাছলৈ এইসকল বিষয়া দুৰ্নীতিত লিপ্ত হোৱাৰ উমান পাই সম্ৰাট 

আকবৰে এওঁলােকৰ পৰিৱর্তে কাৰৰি নামৰ এক শ্রেণীৰ নতুন বিষয় নিযুক্তি দিয়ে। আকবৰে তেওঁৰ ৱাজীৰ টোডৰমলৰ হতুৱাই সকলাে আবাদী মাটি জৰীপ কৰােৱাইছিল। জৰীপৰ অন্তত মাটিবােৰৰ গুণানুসৰি চাৰি শ্ৰেণীত বিভক্ত কৰিছিল। এই মাটিবােৰৰ কৰ নিৰূপণ ভিন্ন ভিন্ন আছিল। মাটিৰ গড় উৎপাদনৰ এক-তৃতীয়াংশ কৰ হিচাপে আদায় কৰিছিল। টোডৰমলে এই কৰসমূহ দহ বছৰৰ বাবে নিৰ্ধাৰণ কৰিছিল। কৰসমূহ নগদ ধন নাইবা উৎপাদিত শস্যৰ পৰাও সংগ্রহ কৰা হৈছিল। আকবৰৰ দিনত খেতিয়কসকলৰ উন্নতিৰ বাবে ৰাজভঁৰালৰ পৰা সহজ কিস্তিত আদায় দিব পৰা কিছুমান ঋণ আগবঢ়োৱাৰ ব্যৱস্থা কৰা হৈছিল। তদুপৰি অনাৱশ্যক বুলি ভবা কিছুমান কৰ সম্রাট আকবৰে উঠাই দিছিল।



Class 7 Social Science

Type: Nayan Moni Deka