মিচিংসকল


    অসমৰ দ্বিতীয় সর্ববৃহৎ জনজাতীয় জনগােষ্ঠীটো হ’ল মিচিং। মিচিংসকলক ‘মিৰি নামেৰেও জনা যায়। ভাৰতবৰ্ষৰ সংবিধানত মিচিংসকলক অসমৰ অনুসূচীত ভৈয়াম জনজাতি হিচাবে ‘মিৰি নামেৰে চিহ্নিত কৰিছে। মিৰি শব্দৰ ব্যৱহাৰ মিচিংসকলে নিজে নকৰে। “মিৰি’ শব্দৰ ব্যৱহাৰ মিচিংসকলে সমাজৰ এক শ্ৰেণীৰ মিলু বা পুৰােহিতৰ ক্ষেত্ৰতহে কৰে। এই শব্দৰ প্ৰয়ােগ পঞ্চদশ শতিকাত পােন প্রথম বাবৰ বাবে নৱ-বৈষব ধৰ্মৰ প্ৰৱর্তক শংকৰদেৱে কৰিছিল বুলি কোনাে কোনােৱে কয় যদিও বুৰঞ্জীৰ মতে শঙ্কৰদেৱৰ আগৰ পৰাই মিৰি শব্দৰ ব্যৱহাৰ আছিল। পৰৱৰ্তী কালত ইংৰাজসকলেও একে শব্দকে ব্যৱহাৰ কৰি লেখা-মেলা কৰিছিল। বহল অর্থত তেওঁলােকে নিজকে ‘তানি’ বুলি পৰিচয় দিয়ে। তানি’ শব্দৰ অৰ্থ মানুহ বা মানৱ। 

    মিচিংসকলৰ পূর্ব বাসস্থান হিচাপে তাসমৰ উত্তৰলানি পাহাৰকে চিহ্নিত কৰা হৈছে। বর্তমানৰ তাৰুণাচলৰ আবৰ পাহাৰৰ পৰাই সুচল জীৱিকাৰ সন্ধানত মিচিংসকল অসমৰ সমতললৈ নামি আহিছিল। মিচিংসকলৰ এই আগমণৰ সময়ক লৈ পণ্ডিতসকলৰ মাজত দ্বিমত আছে। কোনাে কোনাে বুৰঞ্জীবিদৰ মতে অসমত আহােম বাজবংশ প্রতিষ্ঠা অর্থাৎ ১২ শ শতিকাৰ আগৰে পৰাই মিচিংসকল সভ্যতাৰ সংস্পৰ্শলৈ আহি অসমৰ সমতল অঞ্চলত বসবাস কৰি আছিল।

    মিচিং জনগােষ্ঠীৰ মাজত কেইবাপ্ৰকাৰে বিবাহ সম্পাদিত হয়। বংশ বা গােত্র গণনা পুৰুষৰ ফালৰ পর্ব করা হয়। মানে বিচৰা জীৱন-সংগী বিচৰাত ডেকা-গাভৰুসকলৰ মাজত স্বাধীনতা আছে। বিয়াৰ পাছত দুয়াে পক্ষৰ ফালৰ পৰা অনুমােদন জনালেই সকলাে মীমাংসা হয়। কিন্তু বিয়া একেটা কুলৰ মাজত সম্পাদিত নহয়। কুল বিচাৰত উচ্চ - নীচৰ বিচাৰ বা ভাৱ নাথাকে। থাকে মাথোঁ মিতিৰ সম্বন্ধহে। কৃযিয়েই মিচিংসকলৰ জীৱিকাৰ সম্বল। বছৰত প্ৰধানতঃ দুবিধ ধান খেতি আহু আৰু শালি হয়। ধান খেতিৰ উপৰিও মিচিংসকলে মাহ, সৰিয়হ, বিবিধ আলু, কচু, আদা, জলকীয়া আদিৰ খেতি কৰে।

    মিচিং গাঁওবিলাকত শান্তি-সম্প্ৰীতি ৰজাই ৰাখিবৰ বাবে একোজন গাঁওবুঢ়া থাকে। কোনো এজন ব্যক্তিয়ে অপৰাধ কৰিলে 'কৌবাং' বা মেল পাতি গাঁওবুঢ়া তত্ত্বাৱধানত দোষীৰ বিচাৰ কৰা হয়। ক্ষমাৰ অযোগ্য দোষীক বৰ্জন বা সমাজছ্যুত কৰাৰ নিয়মো প্ৰচলিত হৈ আহিছে। এনে কৌবাং বা বিচাৰ মুৰংঘৰ নতুবা গাওঁবুঢ়াৰ চোতালত পতা হয়।

    মিচিংসকলৰ সাংস্কৃতি পৰিচয় পোৱা যায় জাতীয় সাজ-পাৰত পুৰুষসলৰ বাবে পৰম্পৰাগত মিবু গালুগ, গনৰ, উগন, টঙালি, দুমৌৰ আদি আছে। তেনেকৈ মহিলাৰ বাবে দিহা-মেখেলা, ৰিবি-গাচেঁ আদি থকাৰ উপৰিও আ-অংকাৰো দেখা যায়। প্ৰচলিত আছে যে  মিচিং তিৰোতাই তাঁতশালত সপোন সৰগ ৰচনা কৰিব পাৰে। বনৰ চৰাই, হৰিণা, মাছ আদিৰ ৰূপ-ছায়াও বন্দী হয মিচিং শিপিনীৰ নিপুণ হাতত। তাঁতশালৰ কাপোৰৰ উপৰিও বিখ্যাত গাদু বা মিৰিজিম মিচিংসকলৰ জাতীয় সম্বল। 

    মিচিংসকলে মহাপুষীয়া, শৈৱ, শাক্ত, তান্ত্ৰিক আৰু বিশেষকৈ কেৱলীয়া বা ৰাতি সেৱা ধৰ্ম পন্থা অৱলম্বন কৰা দেখা যায় যদিও স্বধৰ্ম হিচাপে 'দঞি-পাল' মিচিংসকলৰ মূলধৰ্ম। লোকৰ-বিশ্বাসত মিচিংসকলৰ অত্যন্ত বিশ্বাসী। কুকুৰাক সততেই বিপদৰ-আপদৰ ৰক্ষা কবচ হিচাপে  বিশ্বাস কৰে। ধৰ্মীয় উৎসৱ দবুৰ পূজা তাৎপৰ্যপূৰ্ণ। বিভিন্ন দেৱতাৰ তুষ্টৰ অৰ্থে দবুৰত পূজা আগবঢ়োৱা হয় ঘৰখনৰ শুচি-অশুচি আৰু উন্নতিত দেৱতাৰ কোপ দৃষ্টি থকা বুলি বিশ্বাস কৰে। জন্মৰে পৰা মৃত্যুলৈকে জীৱনোটোক দঞি-পল বা সূৰ্য-চন্দ্ৰই পৰিচালনা কৰে বুলি মিচিংসলৰ বিশ্বাস আছে।

    মিচিংসকলে জাতীয় উৎসৱ আলি-আঃয়ে লৃগাঙাৰ উপৰিও মাঘ বিহু, বহাগ বিহু আৰু কাতি বিহুপালন কৰে। এই উৎসৱৰ লগত তানি বঙহৰ চলুং, মপিন উৎসৱৰ সামঞ্জস্য আছে। মিচিংসকলৰ কৃষি উৎসৱ আলি-আঃয়ে লৃগাং তিনিটা পদৰ সমষ্টি। আলি, আঃয়ে আৰু লৃগাং। আলি মানে মাটিৰ তলত হোৱা বীজ, আঃয়ে হ'ল গা-গছৰ  ওপৰত হোৱা ফল বা গুটি লৃগাং শব্দৰ অৰ্থা ৰোপণ কাৰ্যৰ শুভাৰম্ভ। আৰ্থাৎ বীজ-গুটি ৰোৱা কাৰ্যৰ শুভাৰম্ভ। সেয়েহে ফাগুন মাহৰ প্ৰথম বুধবাৰৰ দিনা এই উৎসৱৰ আৰম্ভণি হৈ আহিছে। এই দিনটোৰ হিচাপে ৰাখিয়েই বীজ ৰোপণৰ শুভাৰম্ভ কৰে। পুৰাং আপি ন বা টোপোলা ভাতৰ লগত দিনচান, ঙচান অৰ্থাৎ শুকান মাছ, মঙৰ আৰু আপঙেই এই উৎসৱৰ প্ৰধান খাদ্য। আপং মিচিংসকলৰ চিৰাচৰিত পানীয় দ্ৰব্য। আলি-আঃয়ে লৃগাঙৰ দিনা আপং আৰু লৃগাঙৰ উপাদান প্ৰথম দেৱতা, ডা-ডাঙৰীয়ালৈ গৃহস্থই উছৰ্গা কৰে। গুমৰাগৰ নৃত্য আৰু গীতে মিচিংসকলৰ ঐতিহ্য আৰু শান্তিপ্ৰিয়তাৰ পৰিচয়কে বহন কৰে। মাঘ বিহু, বহাগ, বিহু আৰু কাতি বিহুক মিচিংসকলে পৰম্পৰাগতভাৱেই পালন কৰে।

    মিচিং ভাষা লোক-সাহিত্যৰ দিশত অত্যন্ত চহকী। অলিখিত ৰূপত বছৰ বছৰ ধৰি চলি অহা গীত- মাতবোৰক সম্প্ৰতি লিখিত ৰূপ দিয়াৰ প্ৰয়াস কৰা হৈছে। মিচিং ভাষা চীন-তিব্বতীয় ভাষাৰ-পৰিয়ালৰ তিব্বত-বৰ্মী শাখাৰ অন্তৰ্গত। অধ্যাপক নাহেন্দ্ৰ পদুনে মিচিং ভাষাৰ বিকাশৰ স্তৰক ঘাইকৈ তিনিটাভাগত ভাগ কৰি আলােচনা আগবঢ়াইছে। ভাগ তিনিটা হ’ল আদি স্তৰ, মধ্য স্তৰ আৰু আধুনিক ঔৰ। আদি স্তৰত মি বা আঃবাঙৰ স্তুতিমূলক গীত-মাত আৰু লােক- কথাবােৰ পৰে। এইবােৰ আদিম মিবুসকলৰ মুখে মুখে শুৰৰ পৰা ১৮৮৬ চন পর্যন্ত। এইবােৰৰ লিখিত ৰূপ নাছিল। পুৰােহিত বা এই শ্ৰেণীৰ গীত-মাতবােৰ কাল বাগৰি আহি আছিল। পৰৱৰ্তী কালত আঃবাং আৰু পৌৰাণিক গীতবােৰক সংগ্রহ কৰি লিখিত ৰূপ দিয়াৰ ক্ষেত্ৰত ১৯৬৪ চনত প্ৰকাশ কৰা সুৰেণ দলেৰ ‘লেকে নিঃতম খন উল্লেখযােগ্য। মধ্য স্তৰক ১৮৮৬ চনৰ পৰা ১৯৮৬ চনলৈ সামৰিব পাৰি। মধ্য ঔৰক দুটা ভাগত ভগাব পাৰি। ইয়াৰে এটা ভাগক মিছনেৰি ঔৰ আৰু আনটো ভাগক মিচিং ভাষাৰ সম্পৰীক্ষাৰ স্তৰ বা যুগ বুলিও অভিহিত কৰিব পাৰি । সম্প্রতি মিচিং ভাযাত কবিতা, গল্প, নাটক, উপন্যাস, ব্যাকৰণ, অভিধান আদি ৰচনা কৰি কবি, গল্পকাৰ , নাট্যকাৰ আৰু ঔপন্যাসিকসকলে ভাষা সাহিত্যৰ বিকাশত গুরুত্বপূর্ণ অৰিহণা আগবঢ়াইছে। 

    মিচিং সমাজ সু-শৃংখলিত সমাজ। ইয়াৰ প্ৰধান কাৰণ হৈছে শ্রেণী-বৈষম্যহীনতা। পুৰুষৰ দৰেই মিচিং মহিলাইও কৃষি-কর্ম, গৃহ-কর্মাদিত সমানভাৱেই অংশ গ্রহণ কৰে। কেতবােৰ সমুহীয়া কাম-কাজতাে মিচিং মহিলাই অংশ গ্রহণ কৰে।

     মিচিং সমাজৰ বহুসংখ্যক ব্যক্তিয়ে অসমীয়া জাতীয় জীৱনলৈ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়াই স্মৰণীয় হৈ আছে। তলত তাৰে কেইগৰাকীমানৰ বিষয়ে চমুকৈ উল্লেখ কৰা হ'ল— 

সু-সাহিত্যিক ভৃগুমুনি কাগয়ুং

    ভৃগুমুনি কাগয়ু ও পূর্ব-পুৰুষৰ নাম আছিল কাতং। কাতঙৰ তিনিজন পুত্র সন্তান-ক্রমে তামন, খহুৱা আৰু কুশবাম। খহুৱাৰ ঔৰসত য়াবৰীৰ গৰ্ভত ভৃগুমুনিব জন্ম হয় ১৯৩২ চনৰ অক্টোবৰ মাহৰ কোনাে এক শুভ মুহূর্তত আলিমূৰ গাঁৱত। ভৃগুমুনি কাগওে তেওঁৰ শৈশৱ আলিমূৰ গাঁৱতে পাৰ কৰিছিল।

     ভৃগুমুনি কাগয়ুণ্ডে গরবে ৫৮ নং আলিমুৰ প্রাথমিক বিদ্যালয়ত প্রাথমিক শিক্ষা গ্রহণ কৰিছিল। যােৰহাট চৰকাৰী বহুমুখী ল’বা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা তেওঁ ১৯৫৮ চনত অৱতীৰ্ণ হৈ প্রবেশিকা পৰীক্ষাত উত্তীর্ণ হয়। ভৃগুমুনি কায়ং আছিল সৰুৰে পৰা আত্মনিৰ্ভৰশীল। পিতৃ বিয়ােগ। পিছত পঢ়াৰ খৰচ তেওঁ নিজে উলিয়াই লৈছিল। সেয়ে দিনৰ ভাগত নিজে অর্থ-উপার্জনৰ উদ্দেশ্যে বিভিন্ন প্রতিষ্ঠানত কাম কৰিছিল আৰ ৰাতিৰ ভাগত কলেজত পঢ়িছিল। এনেদৰে পঢ়িয়ে তেওঁ যােৰহাট জে বি কলেজৰ পৰা তাই. এ. আ বি বৰৱা কলেজ, গুৱাহাটীৰ পৰা ১৯৮৭ চনত স্নাতক ডিগ্রী লাভ কৰে। তদুপৰি কাগয়ুঙে ১৯৯২ চনত মহীশূৰৰ Institute of Indian Language-ত মিচিং প্রাপ্ত বয়স্কঃ পাঠ্যপুথি প্রণয়নৰ বাবে প্রশিণ গ্রহণ কৰে। এই প্রতিষ্ঠানতে তেওঁ ভাষা বিষয়ক প্রশিক্ষণ গ্রহণ কৰিছিল। 

    হাইস্কুলত পঢ়ি থাকোতেই কাগয়ুঙে অসমৰ প্রথম শহীদ সাংবাদিক কমলা শইকীয়াৰ লগ হৈ ১৯৫২ চনত দিখৌমুখ এম.ই. স্কুল প্ৰতিষ্ঠা কৰে। এই বিদ্যয়খনত তেওঁ বিনা বেতনে শিক্ষকতাৰ সেৱা আগবঢ়াইছিল।

    ইয়াৰ পিছত ১৯৫৮ চনত যোৰহাট ভকেশ্বনেল কলেজিয়েট হাইস্কুল (Vocational Collegiate High School, Jorhat)-ত এগৰাকী শিক্ষক হিচাপে যোগদান কৰে। একে সময়তে Jorhat industrial Institute-ৰ Instructor পদত কিছু দিন চাকৰি কৰে। ভৃগুমুনি কাগ্য়ঙে যোৰহাট চৰকাৰী বহুমুখী ল'ৰাৰ বছৰ শিক্ষাকতাৰ চাকৰি কৰে। তেওঁ স-সন্মানে অৱসৰ গ্ৰহণ কৰে ১৯৯০ চনত।

    ভৃগুমুনি কাগয়ুঙৰ কবিতা ৰমন্যাস আৰু আনুনিকতাৰ মিশ্ৰিত ৰূপ। এফালে ৰমন্যাসবাদৰ ভাবানুতা আৰু কল্পনাপ্ৰিয়তা আৰু আনফালে  আধুনিক বাস্তাৱতা আৰু বস্তুনিষ্ঠতাৰ প্ৰকাশ তেওঁৰ কবিতাৰ মান কৰিবলগীয়া দিশ। দেশপ্ৰেম, ৰোমান্টিকতা, ইতিহাস চেতনা, মাৱনবোধ আৰু সমাজৰ  প্ৰতি দায়ৱদ্ধতা ভৃগুমুনি কাগয়ুঙৰ কবিতাৰ প্ৰধান বিশেষত্ব। ঐতিহ্য চেতনা আৰু মানৱতাবোধ তেওঁৰ কবিতাৰ প্ৰণবস্তু স্বৰূপ।

     ভৃগুমুনি কাগয়ুঙৰ কবিতা ৰমন্যাস আৰু আধুনিকতাৰ মিশ্রিত ৰূপ। এফালে ৰমন্যাসবাদৰ ভাবানুতা আৰু কল্পনাপ্রিয়তা আৰু আনফালে আধুনিক বাস্তৱতা আৰু বস্তুনিষ্ঠতাৰ প্ৰকাশ তেওঁৰ কবিতাৰ মন কৰিবলগীয়া দিশ। দেশপ্রেম, ৰােমাণ্টিকতা, ইতিহাস চেতনা, মানৱতাবােধ আৰু সমাজৰ প্রতি দায়ৱদ্ধতা ভৃগুমুনি কাগয়ুঙৰ কবিতাৰ প্ৰধান বিশেষত্ব। ঐতিহ্য চেতনা আৰু মানৱতাবােধ তেওঁৰ কবিতাৰ প্রাণবস্তু স্বৰূপ।

     ভৃগুমুনি কাগয়ুঙে অসমীয়া ভাষাৰ লগে লগে মিচিং ভাষাটো কবিতা লিখিছিল। কাগয়ুঙৰ বিভিন্ন সময়ত লিখা মিচিং কবিতাৰ সংকলনখন হ’ল ‘কঃকাং মৌতম্ দঃঞিং'। 

    তেওঁৰ ৰচিত আৰু সম্পাদিত গ্রন্থৰ সংখ্য মুঠ ২৭-খন। তেওঁ ৰচনা কৰা প্ৰৱন্ধ সমূহৰ ভিতৰত ‘আৱেগিক ঐক্য সাধনত শ্ৰীমন্ত শংকৰদেৱ’, ‘আঞ্চলিক ভাষা বনাম ত্রিভাষা’, ‘মিচিং কৃষ্টিৰ চমু আভাস’, ‘ভাষা আৰু শিক্ষাৰ ভূমিকা’, ‘মিচিং শব্দকোষ', ‘মিচিং লােজন’ আৰু ভৃগুমুনি কাগয়ুঙৰ মিচিং জন 

জীৱনঃ চিন্তা-বিচিত্রা' ইত্যাদি।

     ভৃগুমুনি কাগয়ুং এগৰাকী কৃতীমান লেখক আৰু লােক-সংস্কৃতিৰ প্রসিদ্ধ গৱেষক। অসমীয়া আৰু মিচিং ভাষা-সাহিত্য-সংস্কৃতিৰ গভীৰ অধ্যয়ন আৰু চর্চা তেওঁৰ জীৱনৰ ব্ৰত আছিল। ইয়াৰ বাহিৰেও তেওঁৰ প্রায় পাঁচশৰাে অধিক গৱেষণামূলক আৰু চিন্তাগধুৰ প্ৰৱন্ধ বিভিন্ন কাকত-আলােচনী আদিত সিচৰতি হৈ আছে ।

      ২০১১ চনৰ ২৭ মার্চত এইগৰাকী মনীষী, সু- সাহিত্যিক আৰু প্ৰসিদ্ধ কবি ভৃগুমুনি কাগয়ুঙৰ পৰলােকগামী হয়। 

শ্বহীদ কমলা মিৰি

     নিজৰ দেশমাতৃক পৰাধীনতাৰ কবলৰ পৰা মুক্ত কৰিবলৈ যিসকলে জীৱনকো তুচ্ছ জ্ঞান কৰি জলাঞ্জলি দি গ'ল , সেইসকল নমস্য ব্যক্তিক সমাজত দেৱতাৰ আসনত স্থান দি পূজা কৰা দেখা যায় । দেশমাতৃক স্বৰ্গতকৈও শ্রেষ্ঠ বুলি জ্ঞান কৰা তেনে মহান শহীদসকলৰ অনবদ্য অৱদান উত্তৰ পুৰুষৰ বাবে অফুৰন্ত প্রেৰণাৰ উৎস হৈ পৰে। তেনে ব্যক্তিসকলৰ ভিতৰত অন্যতম আছিল কমল চন্দ্র লইং; যি কমলা মিৰি নামেৰে পৰিচিত।

     ১৮৯৪ চনৰ শিৱসাগৰ জিলাৰ (বর্তমান গােলাঘাট জিলা) ৰঙামাটি মৌজাৰ অন্তৰ্গত ওপৰ টেমেৰা গাঁৱত কমলা মিৰিৰ জন্ম হৈছিল । ওপৰ টেমেৰা কালক্ৰমত কেইবাখনাে গাঁৱত বিভক্ত হ'ল আৰু কমলা মিৰি জন্ম হােৱা গাঁওখনক এতিয়া গুলুং টেমেৰা নামেৰেহে জনা যায়। কমলা মিৰিৰ পিতৃৰ নাম আছিল চিকৌ লইং আৰু মাতৃৰ নাম আছিল মংগলী ইং। সেই সময়ত ওপৰ টেমেৰা গাঁৱত কোনাে শিক্ষানুষ্ঠান নথকাত কমলা মিৰিয়ে আনুষ্ঠানিক শিক্ষা গ্রহণ কৰিবৰ বাবে ভােলাগুৰিলৈ ঢাপলি মেলিছিল আৰু তেতিয়াৰ পৰাই বৰেণ্য মুক্তিযােদ্ধা আপিৰাম গগৈৰ লগত বন্ধুত্ব স্থাপন হ'ল বুলি জনা যায়। কোনাে কোনােৱে আকৌ সােণাৰাম মিত্র নামৰ এজন বাংলা জনা লােকৰ পৰা কমলা ইঙে শিক্ষা গ্রহণ কৰিছিল বুলি ক'ব খােজে।

     মহাত্মা গান্ধীৰ নেতৃত্বত হােৱা স্বাধীনতা আন্দোলনে ভাৰতবৰ্ষৰ চুকে-কোণে দেশপ্রেমৰ জোৱাৰ বিয়পাই পেলাইছিল। সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসম তথা গােলাঘাট জিলাৰ (সেই সময়ত শিৱসাগৰ জিলা) কমলা মিৰি আৰু তেওঁৰ সতীর্থ মিচিং ডেকাসকলকো দেশপ্রেমৰ সেই অমৰ বাণীয়ে উদ্বেলিত কৰিছিল। সেই আমৰ বাণীৰ দ্বাৰা উদ্বুদ্ধ হৈ এজন-দুজনকৈ শত-সহস্র মিচিং ডেকা আগবাঢ়ি আহিছিল। 

    কমলা মিৰিৰ নেতৃত্বতেই মহুৰা মৌজাৰ বংকুৱাল অঞ্চলতাে বিকাৰাম মিৰি, বেজিয়া লইং, ভুটাই লইং, ধাতুৰাম পেও, বােন্দা লইং, শম্ভুৰাম মিৰি আদিয়ে স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিছিল।

     সেই সময়ত বেল-মটৰৰ কথা বাদেই বাট-পথ আদিও সুচল নাছিল। গােলাঘাটলৈ ওপৰ টেমেৰাৰ পৰা কুৰি মাইলতকৈ অধিক দূৰত্বৰ ৰাষ্টা খােজ কাঢ়িয়েই যাব লগা হৈছিল। তেতিয়াৰ ইমান দুর্গম বাট অতিক্ৰম কৰি কেন্দ্রীয় কমিটিৰ লগত যােগাযােগ কৰাটো অতি দুঃসাহসৰ কাম আছিল। কিন্তু দেহৰ ৰন্ধ্রে রন্ধ্রে, তেজৰ সিৰাই সিৰাই প্রবাহিত হৈ থকা দেশপ্রেমৰ বাবে তেনেধৰণৰ কষ্টবােৰ যেন। কোনাে বিশেষ কথা নাছিল।

     সেই সময়ত ওপৰ টেমেৰাৰ পৰা আৰম্ভ কৰি গেলাবিলৰ উত্তৰ অংশৰ গাঁওসমূহত কানি, ভাং আদি মাদক দ্রব্যৰে ভৰপূৰ হৈ আছিল। বিশেষকৈ কানীয়াৰে ভৰি থকা ওপৰ টেমেৰা গাঁৱত কানীয়াৰ সঁচ নাইকীয়া কৰাটো কমলা মিৰি আৰু তেওঁৰ সহযােগীসকলৰ কৃতিত্ব বুলি বয়ােজ্যেষ্ঠ লােকসকলে আজিও স্বীকাৰ কৰে।

    মতাত্মা গান্ধীৰ তেনৃত্বত ১৯৪২ চনত আঠ আগষ্টত মুম্বাইত বহা 'অল ইণ্ডিয়া কংগ্ৰেছ কমিটি'ৰ সিদ্ধান্ত  মৰ্মে ব্ৰিটিছৰ বিৰুদ্ধে ভাৰত-ত্যাগ আন্দোলন ঘোষণা কৰা হয় আৰু ৯ আগষ্ট তাৰিখে মহাত্মা গান্ধী, জৱাহৰলাল নেহেৰু আদি অনেক নেতাৰ  বৃটিছ চৰকাৰে কৰায়ত্ত কৰি জেলকৈ প্ৰেৰণ কৰে কৰে। তেতিয়া কমলা মিৰিৰ সভাপতিত্বত ১৮/০৮/১৯৪২ তাৰিখে ৰঙামাটি মৌজাৰ ওপৰ টেমেৰা গাঁৱত শান্তি সেনাৰ দল গঠন কৰি ওঠৰজনীয়া এটি দলক গোলাঘাটত পিকেটিং কৰিবলৈ নিৰ্বাচিত কৰে। সভাৰ সিদ্ধান্ত অনুসৰি কমলা মিৰিয়ে মূল নেতৃত্ব লোৱাৰ উপৰি সোনধন পেগু, মালিধৰ পেগু, বলোৰাম লাই (চেক্ৰেটেৰী), বেপুং পাটৰী (নায়ক), জামৰন মৰাং, কৰ্দ্দিক মৰাং, বোম্বা বৰি, ফেদলা লইং, ঠগি বগি, বেলেম লাইং, মেকনা লইং বুবা বৰি, দচয়া বৰি, কোমল লইং, এলোক পাঠৰী, ন্দীৰাম লইং, তেতুং বৰিয়ে শান্তি সেনাৰ কাম কৰিবলৈ সংকল্পবদ্ধ হয়।

    খ্রীষ্টীয় ১৯৪২ চনৰ ছেপ্তেম্বৰ মাহৰ শেষৰ ফালে গােলাঘাটত কংগ্ৰেছৰ কাৰ্যালয়ত বিপ্লৱৰ বা বাতৰি ল'বলৈ যাওঁতে কমলা মিৰিকে আদিকৰি তেওঁৰ সহকর্মীসকলক বৃটিছ চিপাহীয়ে বন্দী কৰে। একে বছৰে আঠ অক্টোবৰ তাৰিখে গােলাঘাটৰ সেই সময়ব দণ্ডাধীশ আশু দত্তই বন্দীসকলৰ বিচাৰ কৰি প্রত্যেককে আঠ মাহকৈ কাৰাদণ্ড দি যােৰহাটৰ কেন্দ্রীয় কাৰাগাৰলৈ প্ৰেৰণ কৰে। কাৰাগাৰত তেওঁ গােপীনাথ বৰদলৈ, ফকৰুদ্দিন আলি আহমেদ, মহম্মদ তৈয়বুল্লা, অমিয় কুমাৰ দাস, হেম বৰুৱা আদি নেতাসকলক লগ পায়। কাৰাগাৰৰ ভিতৰত গােপীনাথ বৰদলৈৰ ওচৰত কমলা মিৰিয়ে হিন্দী শিকিছিল আৰু যতবত কপাহী সূতা কাটিছিল। কাৰাগাৰৰ বন্দী জীৱন কটোৱাৰ সময়তে কমলাৰ স্বাস্থ্য ভাগি আহিবলৈ লােৱাত কাৰাগাৰ হস্পিতালত ভর্তি কৰােৱা হৈছিল। এইজনা মহান দেশপ্রেমিকে ১৯৪৩ চনৰ ২২ এপ্রিলৰ দোভাগ নিশা চাৰে বাৰ বজাত সকলােকে কন্দুৱাই এই পৃথিৱীৰ পৰা মেলানি মাগিলে। 

মিচিং সংস্কৃতিৰ পিতৃপুৰুষ ঐৰাম বৰি 

    মিচিং সংস্কৃতিৰ পিতৃপুৰুষ ঐবাম বৰিৰ জন্ম হৈছিল ব্রিটিছ প্রশাসনৰ ‘নেফা’ ( NEFA )-ৰ অন্তৰ্গত অয়ান গাঁৱত ১৮৭৭ চনত। বৰিদেৱৰ পিতৃ-মাতৃৰ নাম আছিল তাকিৰ বৰি আৰু মঙলী বৰি।

     সেই সময়ত গাঁওখনৰ আশে-পাশে বিদ্যালয় নাছিল। তেওঁ নিজা গাঁৱৰ পৰা ত্রিছ-পইত্রিশ কিলােমিটাৰ নামনিৰ পুৰণা মুর্কংচেলেকৰ অন্তৰ্গত মেচাকী প্রাথমিক বিদ্যালয়ত চতুর্থ শ্রেণীলৈকে অধ্যয়ন কৰে।

     ঐৰাম বৰিদেৱে ইতিহাসৰ বুকুত বিলীন হৈ যাব ধৰা বর্ণাঢ্য মিচিং কৃষ্টি- সংস্কৃতি সংৰক্ষণৰ কাম ১৯৫০ চনৰ বহু আগৰ পৰাই আৰম্ভ কৰিছিল। ১৯৫২ চনৰ পৰা কৃষ্টিপ্রাণ এচাম যুৱক-যুৱতীক লগত লৈ মিচিব মূল্যৱান ঐ নিঃতম, চৌল্লয়া, লৌৰৌলি, ললে, কাবান, তৌবঃ তৌকাং, বৃনি, মিবু আঃবাং ইত্যাদিবােৰৰ প্রণালীবদ্ধ চর্চা, সংৰক্ষণ আৰু সংবর্ধনৰ কামত হাতে-কামে লাগে। তেওঁৰ লগত সহযােগ কৰা পােন্ধৰগৰাকীৰাে অধিক ডেকা-গাভৰুৰ দল আছিল। বৰিদেৱৰ এই সাংস্কৃতিক দলটিয়ে জোনাই, পাচিঘাটৰ পৰা আৰম্ভ কৰি গুৱাহাটী, যোৰহাট, ডিব্ৰুগড়, মাজুলীলৈকে লোককৃষ্টি প্ৰদৰ্শন কৰি মিচিঙৰ স্বকীয় শৈলীৰে ভৰা বৰ্ণাঢ্য কৃষ্টি-সংস্কৃতিৰ প্ৰৰ ঘটালে। স্মৰ্তব্য যে মিচিং সংস্কৃতিৰ সাধক বৰিদেৱে পাঁচগৰাকী যুৱতীৰ সহযোগত প্ৰণালীবদ্ধভাৱে লৃলাং-লঃলে, গুমৰাগ নৃত্যৰ উপস্থাপন কৰি মিচিং কৃষ্টি নতুন মাত্ৰা প্ৰদান কৰালে। তদুপৰি তাহানিৰ মুৰ্কংচেলেক অঞ্চলৰ পিছ পৰা মিচিং গাঁওসমূহত বৰিয়ে পঢ়া-শুনা, পৰিষ্কাৰ - পৰিচ্ছন্নতা, গ্ৰাম্য সমাজত আন্তঃসহযোগিতাৰে কৰ্ম সম্পাদন কৰা, প্ৰচলিত হৈ থকা সমাজিক ব্যাধিসমূহ দূৰ কৰা ইত্যাগিবোৰৰ উপৰিও উচ্চ-নীচৰ বিচাৰ নকৰাকৈ গ্ৰাম্য সমাজথন সুস্থ-সবল ৰূপত জীয়াই ৰখা আদি নানা দিশত কৰ্ম-আঁচনি গ্ৰহণ কৰাৰ ক্ষেত্ৰত আগভাগ লৈাছিল। তেওঁ 'অয়ান অঞ্চল সংস্কাৰ আৰু উন্নয়ন সভা'ৰ পৰা আদি কৰি 'ভাৰতৰ স্বাধীনতা সংগ্ৰাম 'লৈকে বহু মূল্যৱান কৰ্ম ৰূপায়ণ কৰি গ'ল।

    তাহানিৰ 'নেফা' প্ৰশাসনৰ বিষয়া আৰ্নল্ড চাহাব আৰু মাথুৰ চাহাবৰ পৰিকল্পনাত, ঐৰাম বৰিৰ নেতৃত্বত অয়ান চাৰিফালে পৰা চিৰাং-ব্ৰহ্মপুত্ৰলৈ স্থানীয় ৰাইজে পথ এটি নিৰ্মাণ কৰে। ১৯৫৮ চনত 'নেফা' প্ৰশাসনে উক্ত পথছোৱাৰ শেষাংশত মিলিত চিয়াং-ব্ৰহ্মপুত্ৰ ঘাইখন 'ঐৰাম ঘাট' নামেৰে নামকৰণ কৰে। ১৯৫৮ চনত 'নেফা' প্ৰশাসনে উক্ত পথছোৱাৰ শেষাংশত মিলিত চিয়াং-ব্ৰহ্মপুত্ৰৰ ঘাটখন 'ঐৰাম  ঘাট' নামেৰে নামকৰণ   কৰে। বৰ্তমানেও অয়ান চাৰিআলিপৰা দক্ষিণ-পূ'লে বৰিদেৱৰ কৰ্ম-সংস্কৃতিৰ চানেকিক 'ঐৰাম ঘাট' নামটোৱে জীৱন্ত ৰূপত জিলিকাই ৰাখিছে।

পদ্মশ্ৰেী যাদৱ পায়েং

    গছ থাকিলেহে মানুহ থাকিব। অর্থাৎ গছ আৰু মানুহৰ মাজত এবাব নােৱৰা সম্পর্ক। এই মহাজগতৰ প্রাকৃতিক পৰিৱেশ ৰক্ষা কৰাৰ ক্ষেত্ৰত মানুহৰ অতি গুরু দায়িত্ব আছে। ইয়াৰ বাবে লাগে সদিচ্ছা আৰু পৰিৱেশ ৰক্ষাৰ প্রবল হেঁপাহ। এই গুৰু দায়িত্ব বহন কৰি সমগ্র পৃথিৱীৰ মানৱ সমাজক প্রকৃতি ৰক্ষাৰ নির্বাক বাণী প্রদান কৰিবলৈ আগবাঢ়ি আহিল যােৰহাটৰ ককিলামুখৰ ১ নং মিচিং গাঁৱৰ নিবাসী মাত্র দশম শ্রেণীলৈকে পঢ়া শ্ৰীযাদৱ মােলাই পায়েঙ। ১৯৭৯ চনত গছ ৰুবলৈ আৰম্ভ কৰা যাদৱ পায়েঙে যােৱা প্রায় চল্লিশটা বর্য কেৱল গছ ৰুইছে আৰু সেইবােৰ লালন-পালন কৰিছে। লগতে মােলাই কাঠনিত বাস কৰা আৰু চৰিবলৈ অহা জীৱ-জন্তু, চৰাই- চিৰিকতিসমূহাে তেওঁ পালন কৰিছে। প্রকৃতিপ্রেমী আৰু পৰিৱেশকর্মী ভাৰতব ‘ অবণ্য মানৱ ’ যাদৱ পায়েঙৰ অসমৰ তেতিয়াৰ শিৱসাগৰ আৰু বৰ্তমানৰ যােৰহাট জিলাৰ ককিলামুখৰ বৰঘােপ গাঁৱত জন্ম হৈছিল ১৯৫৯ চনৰ ৩০ অক্টোবৰত। ব্ৰহ্মপুত্ৰৰ ত্ৰাসত বাসস্থান সলনি কৰিবলগীয়া হােৱাত বর্তমান ককিলামুখৰে ১ নং মিৰি গাঁৱত থিতাপি লয়। তেওঁৰ পিতৃৰ নাম লক্ষীবাম পায়েং আৰু মাতৃৰ নাম আফুলী পায়েং। পিতৃ-মাতৃৰ ১১-টা সন্তানৰ ভিতৰত যাদৱ পায়েং তৃতীয় সন্তান। দিচৈ কাষৰ ব্ৰাহ্মণ গাঁৱৰ যদুনাথ বেজবৰুৱাৰ তত্ত্বাৱধানত যাদৱ পায়েঙে ৯০ নং বালি গাঁও প্রাথমিক বিদ্যালয়ত শিক্ষাৰ পাতনি মেলিছিল। তেওঁৰ পৰাই পায়েঙে পৰিৱেশ সংৰক্ষণ আৰু জীৱ-জন্তুৰ প্রতি প্রীতিৰ মনােভাৱৰ আদিপাঠ গ্রহণ কৰিছিল। দশম শ্রেণীলৈকে পঢ়া পায়েঙে প্ৰৱেশিকা পৰীক্ষা নিদিয়াকৈয়ে ঘৰলৈ উভতি আহিছিল। ঘৰলৈ উভতি আহি দেখে যে ঔনা চাপৰি ব্ৰহ্মপুত্ৰৰ বানে পেলাই থৈ যোৱা বলুকাত প্ৰখৰ ৰ'দত সাপ-বেঙেকে  আদিকৰি  সৰু-সুৰা সজস্ৰ জীৱ- জন্তু মৃত্যু মুখত পৰিছে। তেতিয়াই প্ৰখৰ খৰাঙত মৃত্যুৰ ক্ষণ গণি থকা অসহায় এপাল সাপ তেওঁৰ দৃষ্টিগোচৰ হ'ল। দৰকী হূদয়ৰ গৰাকী পায়েঙে সাপবোৰ ৰক্ষা কৰাৰ নিমিত্তে ওচৰ-পাজৰৰ গাঁৱৰ বয়োজ্যেষ্ঠ সকলৰ  পৰা পৰামৰ্শ লৈ ৫০-জোপা বাঁহ ৰোপণ কৰিছিল । তাৰ পিছত গছ ৰুবলৈ আৰম্ভ কৰা যাদৱ পায়েঙে বিশাল কাঠনি গঢ়ি তুলিলে। যাক আজি বিশ্বই 'মোলাই কাঠনি' বুলি চিনি পায়। এই লোলাই কাঠনি বৰ্তমান নৱগঠিত মাজুলী জিলাৰ ঔনা বা অৰুণা চাপৰিৰ দাঁতিত অৱস্থিত। যোৰহাটৰ ককিলামুখৰ পৰা গ'লে ব্ৰহ্মপুত্ৰৰ এৰাসুঁতি পাৰ হৈ যাব লাগেছ; আনহাতে মাজুলীয়েদি গ'লে বৰনৈ পাৰ হৈ মোলাই কাঠনি পায়।

    বৰ্তমান ১৩৬০ একৰ অৰ্থাৎ ৪০৫০ বিঘা মাটিত মোলাই কাঠনি ব্যাপ্ত। অনাগত পাঁচ   বছৰৰ ভিতৰত ২০০০ একৰ ভূমিলৈ মোলাই কাঠনি বিশাল বিস্তৃত কৰা আঁচনি লৈছে যাদৱ পায়েঙে। পায়েঙৰ মোলাই  কাঠনিৰ বিশাল পৰিয়ালয় ভিতৰত  মূল্যৱান ৰঙা চন্দন, চিচুগছ, হলখ, গমাৰী, তিমাচপা, পমা আদি মূল্যৱান বিৰিখৰ উপৰি বিভিন্ন ধৰণৰ ঔষধি বন-লতাৰে আৱৰা। চাৰিটা ঢেঁকীয়াপতীয়া বাঘ মোলাই কাঠনিৰ প্ৰধান আকৰ্ষণ। বছৰত তিনি-চাৰি মাহৰ বাবে চৰিবলৈ অহা ১১৫ টা হাটী, ৫০০-ৰো অধিক হৰিণা মোলাই কাঠনিৰ সদস্য। কাজিৰঙাৰ পৰা চাৰিবলৈ অহা তিনিটা এশিঙীয়া গঁড় মোলাই কাঠনিৰ আলহী সদস্য। পোনীয়া  বা ঘৰচীয়া জীৱ-জন্তুৰ ভিতৰত ম'ৰ, গৰু, গাহৰি,হাঁহ-কুকুৰা ইত্যাদি। ইয়াৰে ৯০-টা ম'হ, ৫০-টা গৰু-গাই আৰু ১০-টা গাহৰি আছে। বাঘবোৰে পায়েঙৰ পোহনীয়া গৰু-ম'হ ভক্ষণ কৰিলেও তেওঁ তেওঁ বেয়া নাপায়া; কাৰণ সেইবোৰেই বাঘৰ খাদ্য। বৰঞ্চ মানুহে বন-জংঘল ধ্বংশ কৰাৰ ফলত বাঘ, হাতী আদি জন্তুবোৰৰ খাদ্য আৰু চৰণীয়া ঠাইৰ নাটনি হোৱা বাবে তেওঁ মানুহকে দোষাৰোপ কৰিব খোজে। শগুন, শামুকভঙা, বগলী, হুদু, বৰটোকোলা, শাপলী হাঁহ, কাউৰী, কামচৰাই, বাদুলী, কপৌ আদি বিভিন্ন ধৰণৰ পৰিভ্ৰমী চাৰাই-চিৰিকতি পায়েঙৰ মোলাই কাঠনিৰ এৰাব নোৱৰা পৰিয়াল। তেওঁৰ মত-'তেওঁৰ সাক্ষাৎ কৰিবলৈ অহা অভ্যাগসকলে তেওঁক  গামোচা পিন্ধোৱাতকৈ মোলাই কাঠনিলৈ গৈ এজোপা ৰুই দিলে তেওঁ অধিক সুখী হ'ব। পোহনীয়া  গৰু-ম'হৰ বাবদ, তেওঁৰ বছৰি তিনি হাজাৰ টকাকৈ চৰকাৰক কৰ হিচাপে আদায় দিয়ে। 

    পৰিৱেশ ৰক্ষাৰ বাবে যাদৱ মােলাই পায়েঙে ৰূপায়ণ কৰা মহান কর্মৰ প্রতিদান স্বৰূপে ২০১২ চনত নতুন দিল্লীস্থিত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে তেওঁক ভাৰতৰ অৰণ্য মানৱ ( Forest Man of India ) উপাধি প্রদান কৰে । সেই বছৰতে তদানীন্তন ভাৰতৰ ৰাষ্ট্রপতি ড° এ পি জে আব্দুল কালামে ২৫০ লাখ টকাসহ ‘হীৰাখচিত বঁটা প্ৰদান কৰে আৰু লগতে উচ্চ প্রশংসা কৰে। ২০, ২১, ২২ নৱেম্বৰ, ২০১২ চনত পেৰিচৰ U.N. Global Conference ত তেওঁক সম্বৰ্ধনা জনােৱা হয়।

     প্রকৃতিৰ নীৰৱ সাধক যাদৱ পায়েঙক ২০১৫ চনত ভাৰত চৰকাৰে ভাৰতৰ চতুর্থ সর্ব্বোচ্চ অসামৰিক বঁটা পদ্মশ্রী উপাধি প্রদান কৰে। তেওঁ এতিয়ালৈকে চীন, টাইৱান, শ্রীলংকা, আৰবৰ ড’হা, চুইজাৰলেণ্ড, ফ্রান্স, বাংলাদেশ আদি দেশসমূহলৈ নিমন্ত্রিত আৰু সম্বৰ্দ্ধিত হৈছে। 

    ইয়াৰ উপৰিও মিচিং সম্প্রদায়ৰ আৰু বহুতাে পুৰােধ্য ব্যক্তি আছে। উদাহৰণস্বৰূপে মিচিং সমাজৰ প্রথম বন-বিষয়া, মহীচন্দ্ৰ মিৰি যাৰ বাবে কাজিৰঙাই বিশ্ব মানচিত্রত স্থান পাইছিল। তেওঁ কাজিৰঙাৰ গঁড় প্রথম যুক্তৰাষ্ট্রৰ চিৰিয়াখানালৈ পঠাই এটা খৰ্গৰ গঁড়ৰ স্থান কাজিৰঙা বুলি চিহ্নিত কৰিছিল। মিচিংসকলৰ আন এজন উল্লেখযােগ্য ব্যক্তি হ’ল বিশ্ব পাঞ্জা-চেম্পিয়ন ৰাজেন্দ্র কুমাৰ মিলি। ১৯৭৭ চনত কলিকতাত অনুষ্ঠিত ৰাষ্ট্ৰীয় ‘আর্ম ৰেলিং’ প্রতিযােগিতাত যােগদান কৰি ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ খিতাপ অর্জন কৰিছিল। ১৯৭৯ চনত তেওঁ কানাডাৰ এডমন্টনত অনুষ্ঠিত ইন্টাৰনেচনেল আর্ম ৰেলিং’ প্রতিযােগিতাত ভাৰতৰ হৈ খিতাপ অর্জন কৰে । ১৯৮১ চনত ভাৰতৰ কলিকতাত ৱর্ল্ড আর্ম ৰেলিং’ প্রতিযােগিতাত অসম তথা ভাৰতৰ হৈ চূড়ান্ত বিজয়ীৰ খিতাপ অর্জন কৰিছিল।


Type : Priyam Jyoti Patar