ৎসৱ   

আমাৰ অসমত বিভিন্ন জনগোষ্ঠীৰ লোকে বাস কৰে। এই ভিন ভিন জনগোষ্ঠীসমূহে বিভিন্ন ৎসৱ পালন কৰে। এই জনগোষ্ঠীসমূহ হ'ল-বড়ো, চাহ জনগোষ্ঠী, দেউৰী, তিৱা, সোণোৱাল-কাছাৰী, কাৰ্বি আদি। 

    বিহু অসমৰ জাতীয় উৎসৱ। অসমৰ সকলো জাতি, ধৰ্ম, ভাষাৰ লোকে বিহু পালন কৰে। খেতি-বাতিৰ লগত জড়িত বাবে বিহুক কৃষিভিত্তিক ৎসৱ বুলিও কোৱা হয়। বিহু তিনিটা-ব'হাগ বিহু, কাতি বিহু আৰু মাঘ বিহু।

      চ'তৰ শেষ দিনাখনৰ পৰা ব'হাগ বিহু আৰম্ভ হয়। এই বিহুৰ প্ৰথম দিনা গৰু বিহু। সেইদিনা গৰুৰ গাত মাহ-হালধি ঘঁহে। মাখিয়তী আৰু দীঘলতিৰ পাতেৰে কোবাই পুখুৰী বা নদীৰ পাৰলৈ নি গা ধুৱাই, গাত লাউ, বেঙেনা আদি আগবঢ়ই সিহঁতৰ শ্ৰীবৃদ্ধি কামনা কৰে। গধূলি নতুন পঘাৰে গৰু বান্ধে, ধূনা চাকি জ্বলাই, নতুন বিচনীৰে বিচি ধোঁৱা দিয়ে।

     দ্বিতীয় দিনাৰ পৰা মানুহ বিহু। বিহুত বাহুৱান লয় আৰু আনকো দিয়ে। সৰুৱে ডাঙৰক সেৱা জনাই আশীৰ্বাদ লয়। তদুপৰি হুচৰিৰ দল গৃহস্থৰ ঘৰে ঘৰে গৈ ঢোল, পেঁপা, গগনাৰ সুমধুৰ সুৰ তুলি হুচৰি গাই গৃহস্থৰ মংগল কামনা কৰে। এনেকৈ ৰং-ৰহইছ আৰু উলহ-মালহেৰে পালন কৰা হয় বাবে এই বিহুক ৰঙালী বিহুও বোলে। গৰু বিহুৰ দিনাৰ পৰা আৰম্ভ কৰি এই বিহু সাতদিনলৈ চলে।

     আহিন মাহৰ শেষৰ দিনা কাতি বিহু পালন কৰা হয়। সেইসময়ত পথাৰ সেউজীয়া হৈ থাকে। এই বিহুত গধৃলি পৰত পদূলি আৰু খেতি পথাৰত চাকি-বন্তি জ্বলোৱা হয়। চোতালৰ তুলসীৰ তলত বন্তি জ্বলাই লথিমীক ভঁৰাললৈ অহা বাট দেখুৱীয়। আকাশ বন্তি জ্বলাই লখিমী আগমনৰ আভাস দিয়ে। এই সময়ত মানুহৰ অভাৱ-অনাটন বেছি হয় বাবে এই বিহুক কঙালী বিহুও বোলে।

      পুহ মাহৰ সংক্ৰান্তিৰ দিনা মাঘ বিহু পালন কৰা হয়। পথাৰৰ সোণ বৰণীয়া লখিমী আহি মানুহৰ ভঁৰাল উপচি থাকে বাবে এই সময়ত দুখীয়া লোকৰো অভাৱ গুচে। সকলোৰে খাদ্য় উভৈনদী হয়। সেয়েহে এই বিহুক ভোগালী বিহু বোলে। এই বিহুত উৰুকাৰ নিশা সমূহীয়াকৈ ভোজ-ভাত খায়। তদুপৰি গুৰু ভকতক মাতি আনি নানা তৰহৰ পিঠা, লাৰু, দৈ, চিৰা, সান্দহ আদি খুৱাই আশীৰ্বাদ লয়। ম'হ যুঁজ, কুকুৰা যুঁজ, কড়ি খেল, দবা খেল আদি অনুষ্ঠিত কৰি ভোগালী বিহুৰ ৰং চৰোৱা হয়।

অসমত আমি যিদৰে বিভিন্ন উৎসৱ পালন কৰোঁ সেইদৰে আমাৰ দেশ ভাৰতবৰ্ষৰ আন আন প্ৰদেশতো বিভিন্ন নামেৰে বিভিন্ন ৎসৱ পালন কৰা হয়। কিছুমান ৎসৱ সাধাৰণতে ঋতুৰ ওপৰত, কিছুমান ৰীতি-নীতি তথা ধৰ্মৰ ওপৰত, কিছুমান কৃষিৰ ওপৰত নিৰ্ভৰ কৰি অনুষ্ঠিত কৰা হয়। এই ৎসৱবোৰৰ ভিতৰত কেৰেলা ৰাজ্য়ত 'ওনাম ৎসৱ', তামিলনাডুত 'পোংগল ৎসৱ', উৰিষ্য়াত 'পৌষ সংক্ৰান্তি', পশ্চিমবংগত 'নববৰ্ষ', পঞ্জাৱত 'বৈশাখী', বিহাৰত ' চট্ পূজা' আৰু মহাৰাষ্ট্ৰত 'গণেশ চতুৰ্থী' আদি ৎসৱ পালন কৰে। ইয়াৰ উপৰি ভাৰতবৰ্ষৰ প্ৰায় সকলো ৰাজ্য়তে ৰাখীবন্ধন, ঈদ, বৰদিন, দূৰ্গাপূজা, দেৱালী, সৰস্বতী পূজা আদি ৎসৱ অনুষ্ঠিত হয়। এই সকলোবোৰ  ৎসৱে আমাৰ মাজত ভাতৃত্ববোধ, ৰাষ্ট্ৰীয়  এক্য় আৰু সংহতি বঢ়োৱাত অৰিহণা যোগায়।

  কেইটামান ৎসৱৰ বিষয়ে জানি লওঁ আহা-

ওনাম ৎসৱ

   ওনাম ভাৰতৰ দক্ষিণ-পশ্চিম প্ৰান্তত অৱস্থিত কেৰেলা ৰাজ্য়ৰ এটা প্ৰধান ৎসৱ। ওনাম ৎসৱৰ দিনা ৰাতিপুৱা সৰু সৰু ল'ৰা-ছোৱালীয়ে গীত গাই গাই ফুল বুটলিবলৈ ওলাই আহে। শাওণ-ভাদ মাহৰ শস্য় চপোৱাৰ পাছত এই ৎসৱ অনুষ্ঠিত হয়। ওনাম ৎসৱ দহদিন ধৰি চলে। ওনাম ৎসৱৰ লগত 'কাইকোট্টিকালি' নাচ আৰু 'ভেলুমকালি' নাওখেলৰ সম্পৰ্ক এৰাব নোৱাৰা। এই ৎসৱত কেৰেলাৰ সকলো শ্ৰেণীৰ লোক জড়িত হৈ পৰে। ওনাম এটি ধৰ্ম নিৰপেক্ষ লোক ৎসৱ। হিন্দু, মুছলমান আৰু খ্ৰীষ্টান আটায়ে সমান আগ্ৰহেৰে এই ৎসৱ পালন কৰে। 

পোংগল  ৎসৱ

      পোংগল ৎসৱ তামিলনাডুত উদ্যাপন কৰা হয়। ই এক কৃষিভিত্তিক ৎসৱ। পোংগল ৎসৱক অসমৰ ভোগালী বিহুৰ লগত তুলনা কৰিব পাৰি। সেইদিনা সকলোৱে নিজৰ ঘৰ-দুৱাৰ চাফ্-চিকুণ কৰে আৰু জাবৰ-জোঁথৰ এঠাইত গোট খুৱাই জমা কৰে। ৰাতি সমূহীয়াভাবে আহাৰ গ্ৰহণ কৰাৰ পাচত ৰাতিপুৱা মাঘ বিহুৰ মেজিৰ দৰে জুই জ্বলাই দিয়ে। এই  ৎসৱত সকলোৱে লগ হৈ ঢোল বজাই আনন্দ কৰে।

 দশেৰা ৎসৱ
             দশেৰা হ'ল উত্তৰ ভাৰতৰ লোকসকলে পালন কৰা এটা  ৎসৱ। এই দশেৰা ৎসৱ পালন কৰাৰ এটা কাহিনী আছে। ৰামে বনবাসত থকাৰ সময়ত ৰাৱণে সীতাক লঙ্কালৈ হৰণ কৰি নিছিল। ৰামৰ পত্নী সীতাক উদ্ধাৰ কৰিবলৈ ৰাম-ৰাৱণৰ মাজত যুদ্ধ হৈছিল। ৰামে ৰাৱণক যুদ্ধত বৰুৱাই বধ কৰিছিল। ৰামৰ এই জয়ত উল্লাসিত হৈ 
ৎসৱ হিচাপে দশেৰা পালন কৰা হয়।

     এই ৎসৱত ৰামলীলা প্ৰদৰ্শন কৰা হয়। দশমূৰধাৰী ৰাৱণ, কুম্ভকৰ্ণ আৰু মেঘনাথৰ পতিকৃতি সাজি জ্বলাই দিয়া হয়। এই কাৰ্য আমাৰ প্ৰচলিত প্ৰবাদ 'দুষ্টক দমন সন্তক পালন'ৰ এটা ভাল উদাহৰণ।

     এই দশেৰা ৎসৱ পালন কৰাৰ সময়ত পূব ভাৰতত দূৰ্গাপূজা পালন কৰা হয়। এই দূৰ্গাপূজাত দূৰ্গাৰ প্ৰতিমা সাজি পূজা অৰ্চনা কৰা হয়। সকলোৱে নতুন কাপোৰ লয়। আত্মীয় স্বজন, প্ৰতিবেশীক ঘৰলৈ নিমন্ত্ৰণ জনায়। নানা ধৰণৰ মিঠাই প্ৰস্তুত কৰা হয়। শৰৎ কালত এই ৎসৱ পালন কৰা হয়। বিজয়া দশমীৰ দিনা দুৰ্গাৰ প্ৰতিমা নদীত বিসৰ্জন দিয়া হয়।

চট্ পূজা

       চট্ পূজা বিহাৰ আণৰু উত্তৰ প্ৰদেশত ৎসৱ হিচাপে পালন কৰে।চট্ পূজা মূলত সূৰ্য পূজা। আজিকালি অসমতো হিন্দীভাষী লোকসকলে এই ৎসৱ পালন কৰে। মহিলাসকলে এই পূজাত মুখ্য় ভূমিকা পালন কৰে। জনবিশ্বাস আছে যে এই পূজা নিষ্ঠাৰে পালন কৰিলে সূৰ্যৰ উত্তাপত অশুভ শক্ত নাশ হয় আৰু মানুহৰ আশা পূৰণ হয়।

ফাকুৱা বা হোলি ৎসৱ

     ফাকুৱা বা হোলি এক সৰ্বভাৰতীয় ৎসৱ। সাধাৰণতে ফাগুন মাহৰ পূৰ্ণিমা তিথিত এই ৎসৱ পালন কৰা হয়। বিভিন্ন ধৰ্মাৱলম্বী লোকে এই ৎসৱত  অংশ গ্ৰহণ কৰি আনন্দ উপভোগ কৰে। ভাৰতৰ ভিন ভিন ঠাইত হোলি বিভিন্ন ধৰণে পালন কৰা হয়।এই ৎসৱত ৰং-বিৰঙৰ বস্ত্ৰ পৰিধান কৰি ফাকুৰ লগতে ৰং মিহলি পানী এজনে আনজনৰ গালৈ ছটিয়াই বা গাত সানি 'নৃত্য়-গীত' কৰি আনন্দ উপভোগ কৰে। ৰাজস্থানত 'চোং' নামৰ বাদ্য়যন্ত্ৰ বজাই 'নৃত্য়-গীত' পৰিৱেশন কৰি হোলি পালন কৰা হয়। উত্তৰ ভাৰতত ব্ৰজ ধামত ইয়াক হোলি, পশ্চিমবংগত দৌল যাত্ৰা আৰু অসমত দৌল ৎসৱ বুলি কোৱা হয়।

ঈদ

    সকলো ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদ  ৎসৱ পালন কৰে। ঈদ দুটা-ঈদ-উল-ফিতৰ আৰু ঈদুজ্জোহা।ঈদ-উল-ফিতৰ ৎসৱটো আৰবী কেলেগুাৰৰ ৰমজান মাহৰ ঠিক পিছৰ চাৱাল মাহৰ প্ৰথম দিনা পালন কৰা হয়। সকলোৱে নতুন কাপোৰ পিন্ধি সমূহীয়াকৈ নামাজ পঢ়ে। এই উপলক্ষে ঘৰে ঘৰে নানা ধৰণৰ আহাৰ তৈয়াৰ কৰে। আত্মীয়-স্বজন আৰু প্ৰতিবেশীক ঘৰলৈ নিমন্ত্ৰণ জনায়। ঈদুজ্জোহা আৰবী কেলেগুাৰৰ জিলহজ্ব মাহৰ ১০ তাৰিখে পালন কৰা হয়।

বুদ্ধ পূৰ্ণিমা

         বুদ্ধদেৱ বৌদ্ধধৰ্মৰ প্ৰৱৰ্তক। বুদ্ধদেৱৰ জন্ম,সিদ্ধিলাভ আৰু মৃত্য়ু ব'হাগ মাহৰ পূৰ্ণিমা তিথিতে হৈছিল। সেয়েহে ব'হাগ মাহৰ পূৰ্ণিমাৰ দিনটো এক পৱিত্ৰ দান ৰূপে বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে বুদ্ধপূৰ্ণিমা হিচাপে পালন কৰে। ভাৰতকে ধৰি বিভিন্ন দেশৰ লোকসকলে এই দিনটো ৎসৱ আকাৰে পালন কৰে।

গুৰুনানক জয়ন্তী

       কাতি মাহৰ পূৰ্ণিমা তিথিত গুৰুনানকৰ জন্মদিনটোক শিখ ধৰ্মাৱলম্বী লোকসকলে ৎসৱ হিচাপে পালন কৰে। গুৰুনানক শিখ ধৰ্মৰ প্ৰৱৰ্তক আছিল। সেই দিনাখন শিখ ধৰ্মৰ লোকসকলে শোভাযাত্ৰা কৰি গুৰুৰ নাম কীৰ্তন তৰে। সকলোৱে গুৰুদ্বাৰসমূহত সমৱেত হয় আৰু গুৰুৰ বাণীসমূহ শ্ৰদ্ধা আৰু ভক্তৰে পাঠ কৰে।

বৰদিন

       বৰদিন হ'ল খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে পালন কৰা এটা ৎসৱ। এই ৎসৱ ডিচেম্বৰ মাহৰ ২৫ তাৰিখে যীশুখ্ৰীষ্টৰ জন্মদিনৰ দিনা পালন কৰা হয়। এই ৎসৱত খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে নতুন কাপোৰ লয় আৰু গীৰ্জাত সমূহীয়া প্ৰাৰ্থনা কৰে। এই ৎসৱ উপলক্ষে ৰং-বিৰঙৰ লাইত আৰু পুতলাৰে এজোপা খ্ৰীষ্টমাছ গছ সজাই তোলা হয়। গছজোপাৰ চাৰিওফালে সকলোৱে গোট খাই কেৰল গীত গাই নৃত্য়-গীত কৰিৱেশন কৰে। ইজনে সিজনক শুভেচ্ছা জনায়,ডাঙৰে সৰুক উপহাৰ দিয়ে। সকলোৱে মিলি বিলাসী আহাৰ খায়। এই ৎসৱ নিশা বহুপৰলৈকে চলি থাকে।


  

Type : Bastab Deka

Class 4 Environment SCERT Book